Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভেটি

Join Telegram channel

Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভেটি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভেটি and select needs one.

Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভেটি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভেটি Solutions for All Subject, You can practice these here.

মানসিক জীৱনৰ শাৰীৰিক ভেটি

পাঠ: ৫

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: জ্ঞানেন্দ্ৰিয় বুলিলে কি বুজা ?

উত্তৰ: যিবিলাক ইন্দ্ৰিয়ই বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান সংগ্ৰহ কৰি মস্তিষ্কলৈ প্ৰেৰণা কৰে তাকে জ্ঞানেদ্ৰিয় বোলে । 

চকু,কাণ, নাক,জিভা আৰু ছাল – এই পাঁচোটা ইন্দ্ৰিয়ক জ্ঞানেন্দ্ৰিয় বোলা হয় ।

প্ৰশ্ন ২: স্নায়ু কেইবিধ আৰু কি কি ?

উত্তৰ: স্নায়ু দুবিধ – অন্তৰ্বাহী বা সংবেদন স্নায়ু আৰু বৰ্হিবাহী বা গতিদায়ী স্নায়ু ।

প্ৰশ্ন ৩: স্নায়ুৰ দ্বাৰা – আৰু – যোগাযোগ স্থাপিত হৈছে ।( খালী ঠাই পূৰণ কৰা )

উত্তৰ: স্নায়ুৰ দ্বাৰা ইন্দ্ৰিয় আৰু মস্তিষ্কৰ যোগাযোগ স্থাপিত হৈছে ।

প্ৰশ্ন ৪: কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কেইবিধ আৰু কি কি ? 

উত্তৰ: কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি : (ক) মেৰু-সজ্জা সুষুম্বাতাণ্ড আৰু (খ)মস্তিষ্ক ।

প্ৰশ্ন ৫: মেৰুসজ্জা কাক বোলে আৰু ই কেইডাল হাড়ৰেৰে নিৰ্মিত ?

উত্তৰ: শৰীৰৰ মাজভাগত কঁকালৰ কিছু তলৰ পৰা ডিঙিৰ ওপৰলৈকে সম্প্ৰসাৰিত হৈ কেতবোৰ খণ্ড অস্থিমালা সংযুক্ত  হৈছে । ইয়াকে মেৰুদণ্ড বা ৰাজহাড় বোলে । ই মুঠ টেত্ৰিশ ডাল সৰু সৰু অস্থিৰ দ্বাৰা নিৰ্মিত ।

প্ৰশ্ন ৬: সংবেদন কাক বোলা হয় ?

উত্তৰ: বাহ্যিক পৃথিৱীৰ লগত মনৰ সংযোগ স্থাপন হোৱাৰ যি প্ৰাথমিক আৰু সৰল অৱস্থা তাকেই সংবেদন বোলা হয় ।

প্ৰশ্ন ৭: সংবেদন হ’ল – উদ্দীপনাৰ প্ৰাথমিক স্তৰ । (খালী ঠাই পূৰণ কৰা )

উত্তৰ: সংবেদন হ’ল মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ ।

প্ৰশ্ন ৮: সংবেদন আৰু সংবোধনৰ সম্বন্ধ বুজাই লিখা ।

উত্তৰ: সংবেদনক স্পষ্ট আৰু অৰ্থপূৰ্ণভাৱে ব্যাখ্যা কৰিলেই সংবোধনত পৰিণত হয় । গতিকে দেখা যায় যে দুয়োটাৰে মাজত সম্পৰ্ক অতি ঘনিষ্ঠ ।সংবেদন আৰু সংবোধন দুয়ো ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল । আমাৰ ইন্দ্ৰিয়সমূহ উদ্দীপকে উত্তেজিত কৰিলেহে সংবেদন আৰু সংবোধনৰ সৃষ্টি হ’ব । আকৌ সংবেদন আৰু সংবোধন দুয়োটা   বহিৰ্মুখী ।  দুয়োটাই বাহিৰৰ জগতৰ উদ্দীপকৰ ওপৰত নিৰ্ভৰশীল ।

প্ৰশ্ন ৯: শিশুৰ সংবোধন আৰু মানুহৰ সংবোধন একে ? শিশু সংবোধনৰ ক্ৰমবিকাশৰ সম্বন্ধে লিখা ।

উত্তৰ: শিশুৰ সংবোধন আৰু প্ৰাপ্তবয়স্ক লোকৰ সংবোধন একে নহয় । 

মনোবিদ জেমচৰ  মতে শিশুটিৰ বাবে পৰিৱেশ হ’ল এক অস্পষ্ট, অব্যক্ত  চেতনা । শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি সচেষ্ট হয় । শিশুটিৰ বিভিন্ন অনুভূতিৰ অভিজ্ঞতা হোৱাৰ লগে লগে শিশুৰ অৰ্থহীন সংবেদনবোৰ লাহে লাহে অৰ্থপূৰ্ণ হৈ পৰে ।

প্ৰশ্ন ১০: ভুল সংবোধন কেনেকৈ হয় ? ই কেই প্ৰকাৰৰ ? ভ্ৰান্ত প্ৰত্যক্ষৰ কাৰণবোৰ লিখা ।

উত্তৰ: সংবেদন শুদ্ধকৈ ব্যাখ্যা নহ’লে ভুল সংবোধন সৃষ্টি হয় ।ই দুই প্ৰকাৰৰ – ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষ । ভ্ৰান্ত প্ৰত্যক্ষ কাৰণবোৰ হ’ল –

(ক) দৈহিক কাৰণ : ব্যক্তিৰ দৈহিক অসুস্থতাৰ ফলত ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয় ।

(খ) বস্তুগত কাৰণ : উদ্দীপকৰ আকাৰ,গঠন আদিৰ বাবেও ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয় ।

(গ) মানসিক কাৰণ : প্ৰত্যাশা,উদ্বেগ,ভ্ৰান্ত ধাৰণা, পূৰ্ব ধাৰণা,ভয়,সংস্কাৰ,অন্ধবিশ্বাস, সন্দেহ আদিয়েও ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰে ।

প্ৰশ্ন ১১: শিশুৰ ব্যক্তিত্ব গঠনত অন্তঃস্ৰাৱী স্নায়ুৰ ভূমিকা সম্বন্ধে লিখা ।

উত্তৰ: অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে ব্যক্তিৰ দৈহিক,মানসিক আৰু আৱেগিক দিশৰ প্ৰতিক্ৰিয়া আৰু আচৰণ নিয়ন্ত্ৰণ কৰি ব্যক্তিৰ ব্যক্তিত্ব গঢ় দি তোলে । অন্তঃস্ৰাৱী গ্ৰন্থীসমূহে নিঃসৃত কৰা হৰম’ন ব্যক্তিৰ দেহ-মানসিক বিকাশৰ বাবে    প্ৰয়োজনীয় । এই গ্ৰন্থিসমূহে ক্ষৰণ ক্ৰিয়াৰ ওপৰতে ব্যক্তিৰ দেহৰ গঠন,বৃদ্ধি,ওজন,বুদ্ধি-বৃত্তি,উচ্চতা,আৱেগ- অনুভূতি, প্ৰতিক্ৰিয়া আচৰণ আদি নিৰ্ভৰ কৰে । শিশুৰ দেহ-মনৰ বিকাশ আৰু ইয়াৰ বিভিন্ন প্ৰতিক্ৰিয়া এই গ্ৰন্থিসমূহে নিয়ন্ত্ৰিত কৰে । উদাহৰণস্বৰূপে  থাইৰইড গ্ৰন্থিৰ অতিক্ষৰণ হ’লে ব্যক্তিৰ আচৰণ অনিয়ন্ত্ৰিত হয় ।

প্ৰশ্ন ১২: গ্ৰহনেন্দ্ৰিয়ৰ লগত মস্তিষ্কৰ সম্বন্ধ কি লিখা ।

উত্তৰ: ইন্দ্ৰিয়সমূহক জ্ঞানেন্দ্ৰিয় বা গ্ৰহনেন্দ্ৰিয় বুলি কোৱা হয় । কিয়নো ইন্দ্ৰিয়সমূহে বাহ্যিক জগতৰ বিভিন্ন জ্ঞান লাভ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে । প্ৰত্যেক ইন্দ্ৰিয়ৰ লগতে কিছুমান গ্ৰহণকোষ  থাকে । উদ্দীপকে এই গ্ৰহণকোষবিলাক উত্তেজিত কৰাৰ লগে লগে সংবেদনাবাহী স্নায়ুৱে সেই উত্তেজনা মেৰুদণ্ড বা মস্তিষ্কলৈ অথবা মেৰুদণ্ডৰ মাধ্যমেৰে মস্তিষ্কলৈ প্ৰেৰণ কৰে ।

প্ৰশ্ন ১৩: শুদ্ধ আৰু অশুদ্ধ বাছি  উলিওৱা ।

(ক) মনোবিজ্ঞানৰ দৃষ্টিত মানুহ হ’ল এটি মনোদৈহিক জীৱ ।

উত্তৰ: শুদ্ধ ।

(খ) আমাৰ শৰীৰত পাঁচ প্ৰকাৰৰ ইন্দ্ৰিয় আছে ।

উত্তৰ: শুদ্ধ ।

(গ) মস্তিষ্ক হ’ল কেন্দ্ৰীয় স্নায়ুমণ্ডলীৰ সদৰ কাৰ্যালয় ।

উত্তৰ: শুদ্ধ ।

(ঘ) গুৰু- মস্তিষ্কৰ অৱৰণখন হ’ল সকলো বৌদ্ধিক ক্ৰিয়াৰ কেন্দ্ৰস্থল ।

উত্তৰ: শুদ্ধ ।

(ঙ) সমন্বয় কেন্দ্ৰ বা নীৰৱ অঞ্চল হ’ল সংযোগ আৰু সমন্বয় সাধনৰ ঘাইকেন্দ্ৰ ।

উত্তৰ: শুদ্ধ ।

(চ) উৰ্দ্ধ স্বয়ংচালিত স্নায়ুতন্ত্ৰহ হৃদযন্ত্ৰ আৰু পৰিপাকযন্ত্ৰ নিয়ন্ত্ৰণ কৰে ।

উত্তৰ: শুদ্ধ ।

(ছ) মস্তিষ্কৰ আটাইতকৈ বৃহত্তম, জটিল আৰু গুৰুত্বপূৰ্ণ অংশ হ’ল প্ৰমস্তিষ্ক ।

উত্তৰ: শুদ্ধ ।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ 

প্ৰশ্ন ১: জ্ঞানেদ্ৰিয় বুলিলে কি বুজা ? মানসিক জীৱনৰ গঢ় দি তোলাত ইয়াৰ ভূমিকা সম্পৰ্কে লিখা ।

উত্তৰ: যিবিলাক ইন্দ্ৰিয়ই বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান সংগ্ৰহ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে তাকে জ্ঞানেন্দ্ৰিয় বোলে । চকু,কাণ, জিভা আৰু ছাল – এই পাঁচোটা ইন্দ্ৰিয়ক জ্ঞানেন্দ্ৰিয় বোলা হয় ।উদ্দীপকৰ পৰা বিস্তাৰিত হোৱা শক্তি ধৰি ৰাখিবৰ বাবে শৰীৰৰ বিভিন্ন অংশত গ্ৰাহকযন্ত্ৰ হিচাপে কাম কৰা ইন্দ্ৰিয়বোৰ হ’ল – চকু,কাণ, নাক,জিভা,ছাল । এই ইন্দ্ৰিয়সমূহে বাহ্যজগতৰ উদ্দীপক সকলো ধৰণৰ উত্তেজনাক গ্ৰহণ কৰি শৰীৰৰ অভ্যন্তৰ ভাগলৈ অতি বৈজ্ঞানিক পদ্ধতিৰে প্ৰেৰণ কৰে । কিন্তু এই ইন্দ্ৰিয়বোৰৰ প্ৰত্যেকৰ কাৰ্যক্ষমতা ভিন-ভিন ধৰণৰ । চকুৰে দৃষ্টি, কাণেৰে শব্দ,ছালেৰে স্পৰ্শ, জিভাৰে স্বাদ আৰু নাকেৰে ঘ্ৰাণ মাথোন গ্ৰহণ কৰিব পৰা যায় । এই ইন্দ্ৰিয়সমূহে মস্তিষ্কৰ বিশেষ যোগাযোগ স্থাপন কৰে স্নায়ুৰ দ্বাৰা ইন্দ্ৰিয় আৰু মস্তিষ্কৰ এই যোগাযোগ স্থাপিত হৈছে । এই স্নায়ুবোৰ দুবিধ – অন্তৰ্বাহী বা সংবেদন স্নায়ু আৰু বৰ্হিবাহী বা গতিদায়ী স্নায়ু । গ্ৰাহকযন্ত্ৰই লাভ কৰা উদ্দীপনাসমূহ অতি কম সময়তে অৰ্থপূৰ্ণ ভাৱে শৰীৰৰ বিভিন্ন অংশত অনুভৱ কৰোৱাত এই দুয়োবিধ স্নায়ুৰেই বিশেষ ভূমিকা আছে । চকুৰে দেখা দৃশ্যৰ বাহ্যশক্তিক গ্ৰাহকযন্ত্ৰই উদ্দীপকৰ পৰা গ্ৰহণ কৰে । মস্তিষ্কতো বিভিন্ন গ্ৰাহকযন্ত্ৰৰ দ্বাৰা প্ৰেৰিত হোৱা বিবিধ স্নায়ুবিধ শক্তিৰ সোঁত বেলেগ গ্ৰহণ কৰা নিৰ্দিষ্ট অংশ নিৰ্ধাৰিত হৈ আছে । ইয়াক মস্তিষ্কৰ ক্ৰিয়াৰ স্থানীকৰণ বুলি কোৱা হয় ।

চাক্ষুষ সংবেদন কঢ়িয়াই অনা অন্তৰ্বাহী স্নায়ুৰ স্ৰোত এনে নিৰ্দিষ্ট অংশত প্ৰৱেশ কৰে । মস্তিষ্কৰ এই সম্বন্ধে হোৱা প্ৰতিক্ৰিয়াৰ সোঁত বহিৰ্বাহী স্নায়ুৰদ্বাৰা গ্ৰাহকযন্ত্ৰলৈ পুনৰাই প্ৰেৰিত হয় । ফলত চকুত মস্তিষ্কৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত    হয় । এনেকৈ অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুসমূহৰে শৰীৰৰ সকলোবোৰ ইন্দ্ৰিয়ৰ লগত মস্তিষ্কৰ যোগাযোগ স্থাপনত আৰু উদ্দীপক মাত্ৰেই প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাত সহায় কৰে । সেইবাবে শৰীৰৰ বিভিন্ন গ্ৰাহকযন্ত্ৰ আৰু মস্তিষ্কৰ লগত যোগাযোগ স্থাপনকাৰী আৰু অন্তৰ্বাহী স্নায়ুৰ বহিৰ্বাহী দৈহিক কাৰ্যকাৰিতা দ্বাৰা গ্ৰাহক স্নায়ুতন্ত্ৰ গঠিত হৈছে । 

প্ৰশ্ন ২: কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান অংশসমূহ ছবিৰ সহায়ত দেখুওৱা । ইয়াত তিনিটা কাম লিখা ।

উত্তৰ: মনোবিজ্ঞান অধ্যয়নৰ বাবে আমি প্ৰধানকৈ জানিব লাগে মানুহৰ প্ৰধান বা কেন্দ্ৰীক স্নায়ুতন্ত্ৰৰ বিষয়ে । সাধাৰণভাৱে ক’বলৈ গ’লে আমাৰ সকলোবোৰ দৈহিক -মানসিক ক্ৰিয়া আৰু আচৰণৰেই ঘাই নিয়ন্ত্ৰণ কেন্দ্ৰ হৈছে এই স্নায়ুতন্ত্ৰ । প্ৰকৃততে আমাৰ দৈনন্দিন জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতা বা জ্ঞান লাভৰ মূলতে হ’ল আমাৰ গৃহকেন্দ্ৰিয় বা জ্ঞাননেন্দ্ৰিয় ( Sense organs ) সমূহ আৰু কেন্দ্ৰীয় স্নায়ুপ্ৰণালী ( central nervous system ) । কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি । যেনে 

(ক) মেৰু – সজ্জা সুষুম্নাতাণ্ড আৰু

(খ) মস্তিষ্ক ।

(১) প্ৰমস্তিষ্ক (২) মধ্যমস্তিষ্ক,(৩)সেতু মস্তিষ্ক,(৪) মেধা মস্তিষ্ক ।

(ক) মেৰু সজ্জা : শৰীৰৰ মাজভাগত কঁকালৰ কিছু তলৰ পৰা ডিঙিৰ ওপৰলৈকে সম্প্ৰসাৰিত হৈ কেতবোৰ খণ্ড অস্থিমালা সংযুক্ত হৈছে । ইয়াকে মেৰুদণ্ড বা ৰাজহাড় বোলে । মুঠ তেত্ৰিছ ডাল সৰু সৰু অস্থিৰ দ্বাৰা এই ৰাজ হাড়ডাল নিৰ্মিত হৈছে । এই অস্থিমালা কিছুমান আঙুঠিৰ দৰে আৰু ইয়াৰ এটা মূৰ আনটো মূৰত খাপ খাব পৰা বিধৰ । অৱশ্যে এই অস্থিমালা সকলো ঠাইতে সমান আকাৰ নহয় । এই অস্থিমালাৰে গঠিত মেৰুদণ্ডৰ মাজ অংশ সুৰুঙ্গৰ নিচিনা । ইয়াৰ কোমল বগা ৰঙৰ কিছুমান স্নায়ুৰ সমষ্টি একত্ৰ হৈ ওপৰৰ অংশত থকা মস্তিষ্কত প্ৰৱেশ কৰিছে এই মেৰুসজ্জা অৰ্ন্তবাহী আৰু বৰ্হিবাহী স্নায়ুৰ সমষ্টি মাথোন । এই স্নায়ু বিস্তৃত হৈ আমাৰ ইন্দ্ৰিয়,পেশী,গ্ৰন্থি আদিৰ লগত মস্তিষ্কৰ যোগাযোগ ৰক্ষা কৰিছে । মস্তিষ্কৰ নিৰ্দেশত যিবিলাক ক্ৰিয়া সম্পাদিত হয়, সেইবিলাকৰো নিৰ্দেশ গ্ৰহণ কৰে এই মেৰু সজ্জাই ।

(খ) মস্তিষ্ক ( Brain): মস্তিষ্ক হ’ল কেন্দ্ৰীয় স্নায়ুমণ্ডলীৰ সদৰ কাৰ্যালয় । দেখাত এটা ফুল কবিৰ নিচিনা । কবিৰ ঠাৰিডাল মেৰুমজ্জা আৰু ওপৰৰ ফুল কবিটো হ’ল মস্তিষ্ক । মেৰুসজ্জাৰ ওপৰ ভাগত প্ৰায় অৰ্দ্ধ-গোলাকাৰভাৱে অৱস্থিত 

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰকেই মস্তিষ্ক বোলা হয় । উচ্চ পৰ্যায়ৰ সকলোবোৰ শাৰীৰিক আৰু মানসিক কাৰ্য,বুদ্ধি,চিন্তা,আৱেগ অনুভূতি আদিৰ ই আধাৰ পৰা কেন্দ্ৰস্থলস্বৰূপ । এই মস্তিষ্কৰ পৰাই সংবেদনদায়ক স্নায়ুৰ বৰ্হিজগতৰ পৰা কঢ়িয়াই অনা অনুভূতি আদিৰ অৱশ্যেকীয় ব্যাখ্যা আৰু তাৰ আনুষঙ্গীক প্ৰতিক্ৰিয়া প্ৰেৰিত হয় ।

এখন ডাঠ খোলাৰ দ্বাৰা,আবৃত সক্ৰিয় আৰু উচ্চ শক্তিযুক্ত কিছুমান স্নায়ুৰ সমষ্টি  বুলিও ইয়াক ক’ব পাৰি । এই মস্তিষ্ক ভিন ভিন ক্ৰিয়যুক্ত কেইবাটাও অংশৰ দ্বাৰা গঠিত হৈছে । যেনে – (১) গুৰুমস্তিষ্ক বা প্ৰমস্তিষ্ক ( cerebrum),(২)লঘুমস্তিষ্ক বা অনুমস্তিষ্ক (cerebellum)(৩)মধ্যমস্তিষ্ক (mid brain),(৪) থেলামাছ (Thalamus) 

(৫)অধঃমস্তিষ্ক ( madulla oblongate),(৬)সেতু মস্তিষ্ক ( pons varolli ) (৭) মূৰৰ ছাল ( Cerebral cortex) (৮)ৰাজহাড় গ্ৰন্থি ( Spinal cord ) (৯) শেঙ্গুনীয়া গ্ৰন্থি ( Pituitary Gland) (১০) দেহৰ ( Corpus Callosum)

প্ৰশ্ন ৩: গ্ৰন্থি বুলিলে কি বুজা ? ই কেইপ্ৰকাৰৰ ? অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী  গ্ৰন্থিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ: আমাৰ দেহৰ বিভিন্ন ঠাইত অৱস্থিত কিছুমান ৰস উলিয়াই দিব পৰা আধাৰেই হৈছে গ্ৰন্থিসমূহ । ই দুই প্ৰকাৰৰ অন্তঃস্ৰাৱী বা অনালী গ্ৰন্থি আৰু বহিঃস্ৰাৱী বা সনালী গ্ৰন্থি ।

(ক) বহিঃস্ৰাৱী বা সনালী গ্ৰন্থি : সনালী বা বহিঃস্ৰাৱী দেহৰ অভ্যস্তৰ ভাগৰ পৰা নলী সংযোগ ব্যৱহাৰ যোগেদি তৰল পদাৰ্থ বহিঃভাগলৈ পঠাই দিয়ে । এই গ্ৰন্থিয়ে শৰীৰৰ অলাগতিয়াল পদাৰ্থ বাহিৰলৈ উলিয়াই দি শৰীৰটো সুস্থ ৰাখে । বহিঃস্ৰাৱী গ্ৰন্থি উদাহৰণ হ’ল ঘৰ্মগ্ৰন্থি,লালটি গ্ৰন্থি, মূত্ৰগ্ৰন্থি ,স্তন্যগ্ৰন্থি,পাচক গ্ৰন্থি আদি ।

(খ)অন্তঃস্ৰাৱী বা অনালী গ্ৰন্থি : এই গ্ৰন্থিৰ পৰা ওলোৱা গ্ৰন্থিৰস আমাৰ শৰীৰৰ তেজত মিলি যায় । এই গ্ৰন্থীৰপৰা ওলোৱা গ্ৰন্থিৰসক হৰম’ন বুলি কোৱা   হয় । এই গ্ৰন্থীয়ে ব্যক্তিৰ দৈহিক,মানসিক আৰু আৱেগিক দিশৰ প্ৰতিক্ৰিয়া আৰু আচৰণ নিয়ন্ত্ৰণ কৰে, শোষকগ্ৰন্থি, উপগলগ্ৰন্থি, গলগ্ৰন্থি, গ্ৰীব্ৰাগ্ৰন্থি, অধিবৃক্ব, অগ্নাশয়, ডিম্বাশয়, শুক্ৰাশয়  আদিবোৰ হ’ল অন্তঃস্ৰাৱী গ্ৰন্থিৰ উদাহৰণ ।

প্ৰশ্ন ৪: চমুকৈ লিখা : 

(ক) নিউৰণ

উত্তৰ: নিউৰণৰ কাৰ্যকলাপৰ ভিত্তিত ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে । যেনে – অন্তৰ্মুখী নিউৰণ, বহিৰ্মুখী নিউৰণ  আৰু সংযোজক নিউৰণ ।অন্তৰ্মুখী নিউৰণে সংবেদন কেন্দ্ৰ আৰু ইন্দ্ৰিয়ৰ মাজত সংযোগ স্থাপন কৰে । ই ইন্দ্ৰিয়ৰ পৰা উদ্দীপনা মস্তিষ্ক আৰু মেৰুদণ্ডলৈ বহন কৰি নিয়ে । 

বহিৰ্মুখী নিউৰণে মস্তিষ্ক আৰু মেৰুদণ্ডৰপৰা উদ্দীপনা মাংসপেশীলৈ বহল কৰি আনে । 

(খ) সংবেদনবাহী আৰু শক্তিবাহী 

উত্তৰ: সংবেদনবাহী আৰু শক্তিবাহী স্নায়ুৰ মাজৰ সংযোগ মেৰুদণ্ডত সংঘটিত হয়, মস্তিষ্কত নহয় । বাহ্যিক জগতৰ সংবাদ মেৰুদণ্ডলৈ সংবেদন স্নায়ুৱে কঢ়িয়াই আনে । মেৰুমজ্জাই শক্তিবাহী স্নায়ুৰ সহায়ত যথাযথ সহাৰি জনাই শাৰীৰিক ক্ৰিয়া সম্পাদন কৰে । 

(গ) প্ৰতিবৰ্ত ক্ৰিয়া

উত্তৰ: প্ৰতিবৰ্ত ক্ৰিয়া মেৰুমজ্জাই নিয়ন্ত্ৰণ কৰে । বাহ্যিক জগতৰ উদ্দীপকে আমাৰ শৰীৰত ইন্দ্ৰিয়ৰ সহায়ত যি উদ্দীপনাৰ সৃষ্টি কৰে তাৰ ফলত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাকে প্ৰতিবৰ্ত ক্ৰিয়া বুলি কোৱা হয় । 

(ঘ) প্ৰমস্তিষ্ক 

উত্তৰ: প্ৰমস্তিষ্ক বা গুৰুমস্তিষ্কই সকলো মানসিক আৰু বৌদ্ধিক কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । ই সকলোবোৰ উন্নত আচৰণ আৰু বৌদ্ধিক ক্ৰিয়াৰ পৰিচালনা কেন্দ্ৰস্বৰূপ । এই অংশ আকৌ কেইটামান অঞ্চলত বিভক্ত । বিভিন্ন অঞ্চলত মানসিক কাৰ্যৰ দায়িত্ব বিভাদন আৰু বিতৰণ কৰা হৈছে । দৃষ্টি ,স্পৰ্শ ,গন্ধ ,স্মৃতি আদি বিভিন্ন সামাজিক কাৰ্যকৰণৰ বাবে ভিন ভিন অঞ্চল নিৰ্ধাৰণ কৰা আছে । 

(ঙ)লঘুমস্তিষ্ক

উত্তৰ: গুৰুমস্তিষ্কৰ তলত পাছফালে থকা দুটা গোলাকৃতি সৰু অংশক লঘুমস্তিষ্ক বোলা হয় । ইয়াৰ প্ৰধান কাম হ’ল শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা, স্থিৰতা অৱলম্বন কৰা । শৰীৰৰ সঞ্চালনৰ ক্ষেত্ৰত আৱশ্যক হোৱা নিয়ম বা যথাৰ্থতা নিৰ্ভৰ কৰে এই অংশৰ ওপৰত । মাৰ্জিত চাল-চলন অভ্যাসৰ দ্বাৰা পৰিচালিত কাৰ্য ইয়াৰ দ্বাৰা পৰিচালিত হয় ।

(চ) অন্তঃস্ৰাৱী গ্ৰন্থি

উত্তৰ: ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা ।

(ছ) গ্ৰহনেন্দ্ৰিয়

উত্তৰ: উদ্দীপকৰ পৰা বিস্তাৰিত হোৱা শক্তি ধৰি ৰাখিবৰ বাবে শৰীৰৰ বিভিন্ন অংশত গ্ৰাহকযন্ত্ৰ হিচাপে কাম কৰা ইন্দ্ৰিয়বোৰ হ’ল – চকু , কাণ, নাক, জিভা , ছাল । এই ইন্দ্ৰিয়সমূহে বাহ্যজগতৰ উদ্দীপক সকলো ধৰণৰ উত্তেজনাক গ্ৰহণ কৰি শৰীৰৰ অভ্যন্তৰ ভাগলৈ অতি বৈজ্ঞানিক পদ্ধতিতে প্ৰেৰণ কৰে । কিন্তু এই ইন্দ্ৰিয়বোৰৰ প্ৰত্যেকৰ কাৰ্যক্ষমতা ভিন- ভিন ধৰণৰ । চকুৰে দৃষ্টি ,কাণেৰে শব্দ, ছালেৰে স্পৰ্শ, জিভাৰে স্বাদ আৰু নাকেৰে ঘ্ৰাণ মাথোন গ্ৰহণ কৰিব পৰা যায় । এই ইন্দ্ৰিয়সমূহে মস্তিষ্কৰ বিশেষ যোগাযোগ স্থাপন কৰে স্নায়ুৰ দ্বাৰা ইন্দ্ৰিয় আৰু মস্তিষ্কৰ এই যোগাযোগ স্থাপিত হৈছে । এই স্নায়ুবোৰ দুবিধ – অন্তৰ্বাহী বা সংবেদন স্নায়ু আৰু বহিৰ্বাহী বা গতিদায়ী স্নায়ু । গ্ৰাহকযন্ত্ৰই লাভ কৰা উদ্দীপনাসমূহ অতি কম সময়তে অর্থপূৰ্ণভাৱে শৰীৰৰ বিভিন্ন অংশত অনুভৱ কৰোৱাত এই দুয়োবিধ স্নায়ুৰেই বিশেষ ভূমিকা আছে । চকুৰে দেখা দৃশ্যৰ বাহ্যশক্তিক গ্ৰাহকযন্ত্ৰই উদ্দীপকৰ পৰা গ্ৰহণ কৰে । মস্তিষ্কতো বিভিন্ন গ্ৰাহকযন্ত্ৰৰ দ্বাৰা প্ৰেৰিত হোৱা বিবিধ স্নায়ুবিধ শক্তিৰ সোঁত বেলেগ গ্ৰহণ কৰা নিৰ্দিষ্ট অংশ নিৰ্ধাৰিত হৈ আছে । ইয়াক মস্তিষ্কৰ ক্ৰিয়াৰ স্থানীকৰণ বুলি কোৱা হয় । চাক্ষুষ সংবেদন কঢ়িয়াই অনা অন্তৰ্বাহী স্নায়ুৰ স্ৰোত এনে নির্দিষ্ট অংশত প্ৰৱেশ কৰে । মস্তিষ্কৰ এই সম্বন্ধে হোৱা প্ৰতিক্ৰিয়াৰ সোঁত বহিৰ্বাহী স্নায়ুৰ দ্বাৰা গ্ৰাহকযন্ত্ৰলৈ পুনৰায় প্ৰেৰিত হয় । ফলত চকুত মস্তিষ্কৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত হয় । এনেকৈ অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুসমূহৰে শৰীৰৰ সকলোবোৰ ইন্দ্ৰিয়ৰ লগত মস্তিষ্কৰ যোগাযোগ স্থাপনত আৰু উদ্দীপক মাত্ৰেই প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাত সহায় কৰে । সেইবাবে শৰীৰৰ বিভিন্ন গ্ৰাহকযন্ত্ৰ আৰু মস্তিষ্কৰ লগত যোগাযোগ স্থাপনকাৰী আৰু অন্তঃৰ্বাহী স্নায়ুৰ বহিৰ্বাহী দৈহিক কাৰ্যকাৰিতা দ্বাৰা গ্ৰাহক স্নায়ুতন্ত্ৰ গঠিত হৈছে । 

প্ৰশ্ন ৫: সংবেদন বুলিলে কি বুজা ? সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰ: বাহ্যিক পৃথিৱীৰ লগত মনৰ সংযোগ স্থাপন হোৱাৰ যি অতি প্ৰাথমিক আৰু সৰল অৱস্থা তাকে সংবেদন বোলা হয় । অৰ্থাৎ সংবেদন হ’ল মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ । এই উদ্দীপনাৰ আকৌ সৃষ্টি হয় কোনো উদ্দীপকৰদ্বাৰা । উদ্দীপকেই প্ৰাণীৰ দেহত থকা বিভিন্ন ইন্দ্ৰিয়ৰ সংযোগত আহি ইন্দ্ৰিয়ৰ লগত জড়িত স্নায়ুবোৰক উদ্দীপিত কৰি   তোলে । উদ্দীপকে স্নায়ু আৰু মস্তিষ্কৰ সহায়ত বাহ্যিক বস্তু সম্পৰ্কে যি সৰলতম ভাব জগাই তোলে তাকেই সংবেদন বোলা হয় । 

সংবেদনৰ বৈশিষ্ট্যসমূহৰ হ’ল :

(ক) সংবেদন হ’ল জ্ঞানৰ মূল উপাদান । আমি বাস্তৱ জগতৰ বিষয়ে সংবেদনৰ পৰাহে জ্ঞান লাভ কৰোঁ ।

(খ) সংবেদন সহায় উদ্দীপকৰদ্বাৰা সৃষ্টি হয় ।

(গ) সংবেদন হ’ল বস্তুকেন্দ্ৰিক মানসিক অৱস্থা অৰ্থাৎ সংবেদন সহায় বস্তুৰ ওপৰত নিৰ্ভৰশীল ।

(ঘ) সংবেদন মনৰ এক নিষ্ক্ৰিয় অৱস্থা । সংবেদনবোৰ জোৰ কৰি আমাৰ চেতনা ৰাজ্যত উপস্থিত হয় ।

প্ৰশ্ন ৬: সংবেদন কেইপ্ৰকাৰৰ ? জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পাৰ্থক্য লিখা ।

উত্তৰ: সংবেদন পাঁচ প্ৰকাৰৰ । যেনে –

(ক) দৃষ্টি সংবেদন 

(খ) শ্ৰৱণ সংবেদন

(গ) স্বাদগত সংবেদন

(ঘ) ঘ্ৰানগত সংবেদন আৰু

(ঙ)স্পৰ্শগত সংবেদন জৈৱিক সংবেদন পাকস্থলীৰ পেশীসমূহৰ ক্ৰিয়া-প্ৰক্ৰিয়া আৰু দৈহিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হয় আনহাতে পেশীয় সংবেদন মাংসপেশী  আৰু মাংসপেশী তন্ত্ৰসমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই স্নায়ুকোষসমূহত সৃষ্টি কৰা উদ্দীপনাৰ ফলত সৃষ্টি হয় ।

Sl. No.Contents
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Chapter 2মানুহৰ বিকাশৰ স্তৰ
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠন
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষা
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটি
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা

প্ৰশ্ন ৭: সংবোধন কাক বোলে ? সংবেদন বিভিন্ন স্তৰৰ যোগেদি কেনেকৈ গঠন হয় লিখা ।

উত্তৰ: স্পষ্ট আৰু অৰ্থপূৰ্ণ সংবেদনকে সংবোধন বোলে ।

সংবেদন হ’ল মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ । এই উদ্দীপনাৰ আকৌ সৃষ্টি হয় কোনো উদ্দীপকৰদ্বাৰা । উদ্দীপকেই প্ৰাণীৰ দেহত থকা বিভিন্ন ইন্দ্ৰিয়ৰ সংযোগত আহি ইন্দ্ৰিয়ৰ লগত জড়িত স্নায়ুবোৰক উদ্দীপিত কৰি   তোলে । ইয়াৰ পাছত অন্তৰ্বাহী স্নায়ুপ্ৰৱাহৰ মাজেদি সেই উদ্দীপনা বৈ গৈ মস্তিষ্ক পায়গৈ । তেতিয়া এই উদ্দীপনাৰ দ্বাৰা প্ৰসূত এটা স্নায়ুমূলক অনুভূতি বা প্ৰাথমিক বোধ জন্মে । উদ্দীপকে এনেদৰে স্নায়ু আৰু মস্তিষ্কৰ সহায়ত বাহ্যিক বস্তু সম্পৰ্কে যি সৰলতম ভাব জগাই তোলে তাকেই সংবেদন বোলা হয় ।

প্ৰশ্ন ৮: সংপ্ৰত্যক্ষ কাক বোলে ? শিক্ষকে সংপ্ৰত্যক্ষৰ যোগেদি কেনেকৈ শিক্ষণ প্ৰক্ৰিয়া সফল কৰি তুলিব পাৰে লিখা ।

উত্তৰ: ব্যক্তিমনৰ সঞ্চিত যি অতীত অভিজ্ঞতাৰ উপাদানেৰে বৰ্তমানৰ ইন্দ্ৰিয় অনুভূতিৰ অৰ্থ প্ৰদান কৰা হয় তাকে সংপ্ৰত্যক্ষ বোলে । সংপ্ৰত্যক্ষৰ বেলিকা ব্যক্তিমনৰ পূৰ্বসঞ্চিত জ্ঞান অভিজ্ঞতাৰ উপাদানেহে মুখ্য ভূমিকা গ্রহণ কৰে । সাধাৰণতে যিকোনো অপৰিচিত নতুন বস্তু বা বিষয়কেই আমি পূৰ্ব পৰিচিত জ্ঞানৰ আলমলৈহে বুজিবলৈ চেষ্টা কৰোঁ । সংপ্ৰত্যক্ষৰ ভিত্তিতহে প্ৰত্যক্ষ জ্ঞান বা সংবোধন ব্যক্তি মনত গঢ় লৈ উঠে ।

শিক্ষকে সংপ্ৰত্যক্ষৰ যোগেদি শিক্ষণ প্ৰক্ৰিয়া সফল কৰি তুলিব পাৰে । শিক্ষকৰ শিক্ষাদান কাৰ্যত ছাত্ৰৰ মনত সংপ্ৰত্যক্ষই বিশেষ ভূমিকা বহন কৰে । শ্ৰেণীত শিক্ষকে তত্বমূলক বিষয়ৰ শিক্ষাদানৰ বেলিকা প্ৰত্যক্ষ ইন্দ্ৰিয় অনুভূতি সকলো কথাতে দিয়াতো সম্ভৱ নহয় । তেওঁ নতুন কথা আৰু নতুন ধাৰণা ছাত্ৰসকলক প্ৰদান কৰোতে সেয়েহে ছাত্ৰৰ পূৰ্ব অভিজ্ঞতাৰ লগত নতুন সংযোগ সাধন কৰিব লাগে । শিক্ষাদানৰ প্ৰধান নীতি হ’ব লাগে জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ, সহজৰপৰা কঠিনতলৈ গতি কৰা । পূৰ্ব পৰিচিত বিষয়ৰ লগত সংযোগ সাধন নকৰাকৈ ছাত্ৰক নতুন বিষয় পোনে পোনেই দিবলৈ গ’লে ছাত্ৰই বিষয়বস্তু বুজিবলৈ টান পায় । এনে কাৰণতে উপমা,দৃষ্টান্ত,পূৰ্বপাঠৰ উদ্ধৃতি আদি শিক্ষকে কৌশলেৰে প্ৰয়োগ কৰিব লাগে । শিক্ষাদানৰ বেলিকা এই সংপ্ৰত্যক্ষৰ প্ৰয়োজনীয়তাৰ প্ৰতি দাৰ্শনিক হাৰ্বাটে আমাৰ দৃষ্টি আকৰ্ষণ কৰে । তেওঁৰ মতে ছাত্ৰক দিবলগা প্ৰতিটো পাঠৰ প্ৰস্তুতি পৰ্যায়ত এই সংপ্ৰত্যক্ষৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । ইয়াৰ যোগেদিহে ছাত্ৰৰ মনত পাঠ্য বিষয়ৰ প্ৰতি প্ৰয়োজনীয় প্ৰস্তুতি বা অভিৰোচনৰ সৃষ্টি কৰিব পাৰি ।

প্ৰশ্ন ৯: ‘ইন্দ্ৰিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰমুখ’ – কোনো কি প্ৰসঙ্গত এই কথাষাৰ কৈছিল ? শিশুৰ ইন্দ্ৰিয় প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ।

উত্তৰ: আমি বাহ্য জগতৰ জ্ঞান অভিজ্ঞতা ইন্দ্ৰিয়সমূহৰ দ্বাৰা আহৰণ কৰোঁ । ইন্দ্ৰিয়সমূহ অকামিলা হ’লে জ্ঞান লাভ কৰিব নোৱাৰে আৰু পৰিৱেশ সম্বন্ধে সংবোধন গঢ় লৈ উঠিব নোৱাৰে । মেডাম মন্টেচৰায়ে সেয়েহে ইন্দ্ৰিয়সমূহক জ্ঞান আহৰণৰ দুৱাৰমুখ বুলি অভিহিত   কৰিছে ।

নিচেই শৈশৱকালত শিশুৰ ইন্দ্ৰিয়ৰ ব্যৱহাৰৰ দ্বাৰাহে সিহঁতক বাস্তৱ বস্তুৰ বিষয়ে জ্ঞান দিবলৈ যত্ন কৰিব লাগে । হাতেৰে স্পৰ্শ কৰি, কানেৰে শুনি অভিভাৱকসকলে যত্ন কৰিব লাগে ।

ৰুছো,ফ্ৰৱেল আৰু মন্টেছৰী শিক্ষা ব্যৱস্থা এই নীতিৰ ওপৰত প্ৰতিষ্ঠিত । বিভিন্ন ধৰণৰ স্পৰ্শ, সা-সৰঞ্জাম আৰু খেলনা বস্তুৰ সহায়ত মন্টেছৰী বিদ্যালয়বিলাকত শিশুৰ স্পর্শবোধ, ঘ্ৰাণবোধ, দৃষ্টিবোধ,কৰ্ণবোধ ইত্যাদি জন্মাই নানা বিষয়ৰ শিক্ষা দিয়া হয় । শিক্ষণীয় বিষয়বস্তুক এনেদৰে যিমানদূৰ সম্ভৱ ইন্দ্ৰিয়গ্ৰাহ্য কৰি তুলিব পাৰিলে শিশুৰ বিকাশৰ পথ 

সুগম কৰি তোলা হয় । ইন্দ্ৰিয়ানুভূতিৰদ্বাৰা শিক্ষা যে অধিক স্থায়ী আৰু দৃঢ় হয় সেই কথা দোহাৰিবৰ প্ৰয়োজন নাই । মন্টেছৰীৰ বাহিৰেও অন্যান্য বহুত মনোবিজ্ঞানবিদে,ইন্দ্ৰিয়ানুভূতিমূলক শিক্ষাৰ ওপৰত গভীৰ গুৰুত্ব আৰোপ কৰা 

দেখা যায় । ফ্ৰৱেলৰ কিণ্ডাৰগাৰ্টেন শিক্ষা পদ্ধতিও এই সংবেদন সংবোধন ভেটিৰেই ৰচিত । আধুনিক শিক্ষা ব্যৱস্থাত শিশুৰ ইন্দ্ৰিয়ৰ ব্যৱহাৰ আৰু ইন্দ্ৰিয়ৰ মাধ্যমত শিক্ষাদান বিষয়টোৱে বিশেষ প্ৰাধান্য লাভ কৰা দেখা গৈছে ।

বৰ্তমান শিক্ষাবিদসকলে স্বীকাৰ কৰিছে যে ইন্দ্ৰিয়ানুভূতিৰদ্বাৰা লাভ কৰা সংবোধন হ’ল সকলো জ্ঞান আৰু চিন্তাৰ উপকৰণ । শৈশৱ অৱস্থাতে এই সংবোধনৰ ভাণ্ডাৰ শক্তিশালী কৰি গঢ়ি তুলিব পাৰিলে ভৱিষ্যতে সিহঁতক বিমূৰ্ত জ্ঞান দিবলৈ কোনো কষ্ট কৰিবলগীয়া নহয় ।

প্ৰশ্ন ১০: সংপ্ৰত্যয়ন বুলিলে কি বুজা ? আমাৰ মনত ধাৰণাই কেনেকৈ গঢ় লয় লিখা । সংপ্ৰত্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ।

উত্তৰ:ব্যক্তিমনৰ সঞ্চিত যি অতীত অভিজ্ঞতাৰ উপাদানেৰে বৰ্তমানৰ ইন্দ্ৰিয় অনুভূতিৰ অৰ্থ প্ৰদান কৰা হয় তাকে সংপ্ৰত্যক্ষ বোলে । সংপ্ৰত্যক্ষৰ বেলিকা ব্যক্তিমনৰ পূৰ্বসঞ্চিত জ্ঞান অভিজ্ঞতাৰ উপাদানেহে মুখ্য ভূমিকা গ্ৰহণ কৰে । সাধাৰণতে যিকোনো অপৰিচিত নতুন বস্তু বা বিষয়কেই আমি পূৰ্ব-পৰিচিত জ্ঞানৰ আলম লৈহে বুজিবলৈ চেষ্টা কৰো । উদাহৰণস্বৰূপে ‘দিগন্ত’ সব্দটোৱে এজন লোকৰ তেওঁৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত হয় দেউতাকক নাইবা ভায়েকক নাইবা মৰমৰ বন্ধুজনক অথবা ঘৰৰ কাম কৰা লগুৱাজনক বুজাব পাৰে । ইয়াৰ পৰা বুজা যায় যে সংপ্ৰত্যক্ষৰ  ভিত্তিতহে প্ৰত্যক্ষ জ্ঞান বা সংবোধন ব্যক্তি মনত গঢ় লৈ উঠে ।

শৈক্ষিক তাৎপৰ্য : শিক্ষকৰ শিক্ষাদান কাৰ্যত ছাত্ৰৰ মনৰ সংপ্ৰত্যক্ষই বিশেষ ভূমিকা বহন কৰে । শ্ৰেণীত শিক্ষকে তত্ত্বমূলক বিষয়ৰ শিক্ষাদানৰ বেলিকা প্ৰত্যক্ষ ইন্দ্ৰিয় অনুভূতি সকলো কথাতে দিয়াটো সম্ভৱ নহয় । তেওঁ নতুন কথা আৰু নতুন ধাৰণা ছাত্ৰসকলক প্ৰদান,কৰোঁতে সেয়েহে ছাত্ৰৰ পূৰ্ব-অভিজ্ঞতাৰ লগত নতুন সংযোগ সাধন কৰিব লাগে । শিক্ষাদানৰ প্ৰধান নীতি হ’ব লাগে জ্ঞান বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ পৰিচিতৰ পৰা অপৰিচিতলৈ,সহজৰ পৰা কঠিনতালৈ গতি কৰা । প্ৰসংগ সংগতি নকৰাকৈ অথবা পূৰ্ব-পৰিচিত বিষয়ৰ লগত সংযোগ সাধন নকৰাকৈ ছাত্ৰক নতুন বিষয় পোনে-পোনেই দিবলৈ গ’লে ছাত্ৰই বিষয়বস্তু বুজিবলৈ টান পায় । এনে কাৰণতে উপমা,দৃষ্টান্ত,পূৰ্বপাঠৰ উদ্ধৃতি আদি শিক্ষকে কৌশলেৰে প্ৰয়োগ কৰিব লাগে । শিক্ষাদানৰ বেলিকা এই সংপ্ৰত্যক্ষৰ প্ৰয়োজনীয়তাৰ প্ৰতি দাৰ্শনিক হাৰ্বাটে আমাৰ দৃষ্টি আকৰ্ষণ কৰে । তেওঁৰ মতে ছাত্ৰক দিবলগা প্ৰতিটো পাঠৰ প্ৰস্তুতি পৰ্যায়ত এই সংপ্ৰত্যক্ষৰ প্ৰতি লক্ষ্যৰাখিব লাগে । ইয়াৰ যোগেদিহে ছাত্ৰৰ মনত পাঠ্য বিষয়ৰ প্ৰতি প্ৰয়োজনীয় প্ৰস্তুতি বা অভিৰোচনৰ সৃষ্টি কৰিব পাৰি ।

প্ৰশ্ন ১১: সংপ্ৰত্যয়নৰ দ্বাৰা মানসিক মিতব্যয় কেনেকৈ হয় ? সংপ্ৰত্যয়নৰ বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰ: সংপ্ৰত্যয়নৰ জৰিয়তে বিভিন্ন সময়ত লাভ কৰা বিভিন্ন জ্ঞান একত্ৰিত কৰা হয় আৰু আনাৱশ্যকীয় বিৱৰণ বৰ্জন কৰি মানসিক মিতব্যয়িতা সাধে বা মানসিক পৰিশ্ৰম লাঘৱ কৰে । 

সংপ্ৰত্যয়নৰ বৈশিষ্ট্যসমূহ :

(ক) সংপ্ৰত্যয়ন কোনো ব্যক্তিয়ে লাভ কৰা সংবোধন অভিজ্ঞতাৰ বিস্তৃতি আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰশীল । সংবোধন যিমানেই প্ৰচুৰ আৰু নিৰ্ভুল হয়, সংপ্ৰত্যয়ন সিমানেই সু-সংগঠিত আৰু গভীৰ হয় ।

(খ) সংপ্ৰত্যয়ন আমাৰ মনৰ জ্ঞান অভিজ্ঞতাসমূহৰ নামকৰণ কৰা এক মানসিক পদ্ধতি মাথোন । এনে নামকৰণৰ যোগেদি আমাৰ মনত কোনো বিষয়ৰ প্ৰতি গঢ়ি উঠা বা ধাৰণা অধিক স্পষ্ট আৰু বাস্তৱ হৈ পৰে । 

(গ) সংপ্ৰত্যয়নৰ যোগেদি মনৰ সঞ্চিত বিস্তৃত জ্ঞান- অভিজ্ঞতা সংক্ষেপকৰণ কৰা হয় ।বিভিন্ন সময়ত লাভ কৰা পৃথক জ্ঞান-অভিজ্ঞতা ইয়াৰ দ্বাৰা একত্ৰিত কৰা হয় ।

(ঘ)সকলো সময়তেই সংপ্ৰত্যয়নৰ বাস্তৱ ভিত্তি নাথাকিব পাৰে । কোনো কোনো সময়ত অবাস্তৱ বস্তু বা বিষয়ৰ প্ৰতিও মনত সংপ্ৰত্যয়ন জন্মে । আমাৰ মনত দৈত্য, পৰী, আদিৰ ধাৰণা এনে ধৰণৰ । 

(ঙ) সংপ্ৰত্যয়ন গুণগত আৰু আকৃতিগত দুয়োবিধৰেই হ’ব পাৰে । মানুহ সম্বন্ধে আমাৰ ধাৰণা শাৰীৰিক অৱয়বৰ পৰাও হ’ব পাৰে নাইবা মানৱীয় গুণ গৰিমা আদিৰ ভিত্তিতো গঢ়ি উঠিব পাৰে ।

(চ) সংপ্ৰত্যয়নে চিন্তাৰ উপকৰণ বা আহিলা হিচাপেহে কাম কৰে । আমাৰ মনৰ চিন্তাৰ নিৰ্দিষ্ট কাৰণ বা লক্ষ্য থকা হেতুকে সংপ্ৰত্যয়নো সেই লক্ষ্য আৰু উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয় ।

(ছ) সংপ্ৰত্যযেন সংবোধনৰ ওপৰত নিৰ্ভৰ কৰে যদিও ই সংবেদনৰ ওপৰত নিৰ্ভৰশীল নহয় । সংবেদনৰ অবৰ্তমানতো পূৰ্ণ সংবোধনৰ সহায় লৈ সংপ্ৰত্যয়ন গঢ়ি উঠিব পাৰে ।

প্ৰশ্ন ১২: শিশুৰ সংপ্ৰত্যয়ন বিকাশ কেনেকৈ সম্ভৱ হয় লিখা । শিক্ষকে শিশুক সংপ্ৰত্যয়ন গঠনত কেনেকৈ সহায় কৰিব পাৰে লিখা ।

উত্তৰ: বিষয়বস্তুৰ কোনো অভিজ্ঞতাৰ পৰাই শিশুৰ সংপ্ৰত্যয়ন গঢ়ি উঠে । শিশুৱে  ক’ৰবাত জন্তু দেখিলে সেইটো কি জন্তু কাৰোবাক সুধি জানি ল’ব পাৰে ।শিশুসকলৰ প্ৰথমতে ঠাইৰ দূৰত্ব সময় আদিৰ ধাৰণা অতি অস্পষ্ট হৈ থাকে । শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে ঠাই আৰু সময়ৰ ধাৰণা মনত গঢ়ি উঠে । যেনে – ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া,ইয়াত তাত আদিৰ ধাৰণা স্পষ্ট হৈ পৰে । শিশুৰ সকলো প্ৰকাৰৰ ধাৰণা লাহে লাহে গঢ়ি উঠে ।

ভাষাৰ বিকাশৰ ওপৰত সংপ্ৰত্যয়ন গঠন ঘাইকৈ নিৰ্ভৰ কৰে । শিক্ষাক্ষেত্ৰত ভাষাক প্ৰয়োগ কৰি শিশুৰ সংপ্ৰত্যয়ন গঠন কৰা উচিত । শিশুকে ছাত্ৰ-ছাত্ৰীৰ মনত নিৰ্ভুল ধাৰণা গঠন কৰাৰ ক্ষেত্ৰত যত্ন ল’ব   লাগে । শিশুৱে বাস্তৱ অভিজ্ঞতাৰ যোগেদি সংপ্ৰত্যয়ন লাভ কৰে । শিক্ষকে কোনো পাঠ আৰম্ভ কৰোতে শিশুৰ পূৰ্ব অভিজ্ঞতাৰ লগত সম্বন্ধ থকা হ’ব লাগে । পাঠদানৰ সময়ত শিক্ষকে চিত্ৰ, আৰ্হি বা মানচিত্ৰ ব্যৱহাৰ নতুবা বিভিন্ন আকৰ্ষণীয় সঁজুলি ব্যৱহাৰ কৰিব লাগে ।

প্ৰশ্ন ১৩: চমুটোকা লিখা :

(ক) অলীক প্ৰত্যক্ষ : মস্তিষ্ক ক্ৰিয়াৰ অস্বাভাৱিকতাৰ হেতুকে কোনো কোনো সময়ত ইন্দ্ৰিয় গ্ৰাহ্য হৈ নুঠা বিষয়ৰো ভুল সংবোধন কৰা হয় । এনে অভিজ্ঞতাক অমূল-প্ৰত্যক্ষ বোলে । অমূল-প্ৰত্যক্ষ বুলি কোৱাৰ কাৰণ হৈছে ইয়াত ইন্দ্ৰিয় অনুভূতি দিব পৰা মূল বিষয়-বস্তু বা উদ্দীপকেই নাথাকে । উদ্দীপকৰ অবৰ্তমানতে ব্যক্তিয়ে তাক অনুভৱ কৰি উঠাৰ ভ্ৰান্তি অনুভৱ কৰে । মস্তিষ্ক স্বাভাৱিক অৱস্থাত নথকা বাবেই এনে   হয় । উদাহৰণস্বৰূপে অত্যাধিক ৰাগীয়াল বস্তু পান কৰিলে, জ্বৰৰ প্ৰকোপ বেছি হ’লে নাইবা মানুহ বলিয়া হ’লে এই অমূল প্ৰত্যক্ষৰ প্ৰভাৱত পৰে । 

(খ)সংপ্ৰত্যয়ন : সংশোধনৰ উন্নত আৰু সু-সংগঠিত মানসিক অৱস্থাক সংপ্ৰত্যয়ন বোলে । সংপ্ৰত্যয়ন মনৰ জ্ঞান অভিজ্ঞতাসমূহ শ্ৰেণীকৰণ আৰু নামাকৰণ কৰা এক মানসিক পদ্ধতি ।

(গ)উদ্দীপক : যিবিলাক বস্তু বা পৰিস্থিতিয়ে ইন্দ্ৰিয়সমূহক উত্তেজিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেইবিলাক বস্তু বা বিষয়ক উদ্দীপক বোলে ।

প্ৰশ্ন ১৪: অমূল প্ৰত্যক্ষ আৰু ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা পাৰ্থক্য লিখা ।

উত্তৰ: ভ্ৰান্ত- প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষৰ মাজত থকা পাৰ্থক্য তলত দিয়া ধৰণে দেখুৱাব পাৰি ।

ভ্ৰান্ত প্ৰত্যক্ষ :

(ক) মস্তিষ্ক ক্ৰিয়াৰ স্বাভাৱিক অৱস্থাতেই এই অভিজ্ঞতা লাভ কৰা হয় ।

(খ) উদ্দীপনাৰ বিষয়বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে ।

(গ) এই অভিজ্ঞতা পোৱাৰ বেলিকা ব্যক্তিৰ দৈহিক আচৰণ স্বাভাৱিক থাকে ।

(ঘ) এই অভিজ্ঞতা সকলো লোকেই অনুভৱ কৰে ।

(ঙ) ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী বিধৰ হ’ব পাৰে ।

অমূল প্ৰত্যক্ষ :

(ক) মস্তিষ্ক ক্ৰিয়াৰ অস্বাভাৱিক অৱস্থাত এই অভিজ্ঞতা লাভ কৰা হয় ।

(খ) উদ্দীপনাৰ বিষয়বস্তু ইন্দ্ৰিয় গ্ৰাহ্য অৱস্থাত নাথাকে ।

(গ) এই অভিজ্ঞতা লাভৰ বেলিকা ব্যক্তিৰ দৈহিক আচৰণ অস্বাভাৱিক অৱস্থাত থাকে । 

(ঘ) এই অভিজ্ঞতা সকলো লোকেই অনুভৱ নকৰে ।

(ঙ) ইয়াৰ প্ৰভাৱ ক্ষণস্থায়ী নহয় ।

প্ৰশ্ন ১৫: (ক) চকু কিদৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত সম্বন্ধযুক্ত দেখুওৱা ।

উত্তৰ: চকুৰ দেখা দৃশ্যৰ বাহ্যিশক্তিৰ গ্ৰাহক যন্ত্ৰই উদ্দীপকৰ পৰা গ্ৰহণ কৰে । অন্তৰ্বাহী স্নায়ুৱে শক্তিৰ স্ৰোত হিচাপে মস্তিষ্কলৈ প্ৰেৰণ কৰে । মস্তিষ্কতো বিভিন্ন গ্ৰাহক যন্ত্ৰৰ দ্বাৰা প্ৰেৰিত হোৱা বিবিধ স্নায়ুৱিক শক্তিৰ সোঁত বেলেগ গ্ৰহণ কৰা নিৰ্দিষ্ট অংশ নিৰ্ধাৰিত হৈ আছে । ইয়াক মস্তিষ্ক ক্ৰিয়াৰ স্থানীকৰণ বুলি কোৱা    হয় । চাক্ষুষ সংবেদন কঢ়িয়াই অনা অন্তৰ্বাহী স্নায়ুৰ সোঁত এনে নিৰ্দিষ্ট অংশত প্ৰৱেশ কৰে । মস্তিষ্কৰ এই সম্বন্ধে হোৱা প্ৰতিক্ৰিয়া সোঁত বহিবাহী স্নায়ুৰ দ্বাৰা গ্ৰাহক যন্ত্ৰলৈ পুনৰায় প্ৰেৰিত হয় । ফলত চকুত মস্তিষ্কৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত    হয় ।

(খ) গ্ৰহণকেন্দ্ৰীয় সমূহৰ প্ৰয়োজনীয়তা উল্লেখ কৰা ।

উত্তৰ: উদ্দীপকৰ পৰা বিস্তাৰিত হোৱা শক্তি ধৰি ৰাখিবৰ বাবে শৰীৰৰ বিভিন্ন অংশ গ্ৰাহকযন্ত্ৰ হিচাপে কাম কৰা ইন্দ্ৰিয়বোৰ হ’ল – চকু, কাণ, নাক, জিভা, ছাল । এই ইন্দ্ৰিয়সমূহে বাহ্যজগতৰ উদ্দীপক সকলো ধৰণৰ উত্তেজনাক গ্ৰহণ কৰি শৰীৰৰ অভ্যন্তৰ ভাগলৈ অতি বৈজ্ঞানিক পদ্ধতিতে প্ৰেৰণ কৰে । কিন্ত এই ইন্দ্ৰিয়বোৰৰ প্ৰত্যেকৰ কাৰ্যক্ষমতা ভিন- ভিন ধৰণৰ । চকুৰে দৃষ্টি, কাণেৰে শব্দ, ছালেৰে স্পৰ্শ, জিভাৰে স্বাদ আৰু নাকেৰে ঘ্ৰাণ মাথোন গ্ৰহণ কৰিব পৰা যায় । এই ইন্দ্ৰিয়সমূহে মস্তিষ্কৰ বিশেষ যোগাযোগ স্থাপন কৰে স্নায়ুৰ দ্বাৰা ইন্দ্ৰিয় আৰু মস্তিষ্কৰ এই যোগাযোগ স্থাপিত হৈছে । এই স্নায়ুবোৰ দুবিধ – অন্তৰ্বাহী বা সংবেদন স্নায়ু আৰু বহিৰ্বাহী বা গতিদায়ী স্নায়ু । গ্ৰাহকযন্ত্ৰই লাভ কৰা উদ্দীপনাসমূহ অতি কম সময়তে অর্থপূৰ্ণভাৱে শৰীৰৰ বিভিন্ন অংশত অনুভৱ কৰোৱাত এই দুয়োবিধ স্নায়ুৰেই বিশেষ ভূমিকা আছে । চকুৰে দেখা দৃশ্যৰ বাহ্যশক্তিক গ্ৰাহকযন্ত্ৰই উদ্দীপকৰ পৰা গ্ৰহণ কৰে । মস্তিষ্কতো বিভিন্ন গ্ৰাহকযন্ত্ৰৰ দ্বাৰা প্ৰেৰিত হোৱা বিবিধ স্নায়ুবিধ শক্তিৰ সোঁত বেলেগ গ্ৰহণ কৰা নিৰ্দিষ্ট অংশ নিৰ্ধাৰিত হৈ আছে । ইয়াক, মস্তিষ্কৰ ক্ৰিয়াৰ স্থানীকৰণ বুলি কোৱা হয় । চাক্ষুষ সংবেদন কঢ়িয়াই অনা অন্তৰ্বাহী স্নায়ুৰ স্ৰোত এনে নিৰ্দিষ্ট অংশত প্ৰৱেশ কৰে । মস্তিষ্কৰ এই সম্বন্ধে হোৱা প্ৰতিক্ৰিয়াৰ সোঁত বহিৰ্বাহী স্নায়ুৰ দ্বাৰা গ্ৰাহক যন্ত্ৰলৈ পুনৰায় প্ৰেৰিত হয় । ফলত চকুত মস্তিষ্কৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত    হয় । এনেকৈ অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুসমূহৰে শৰীৰৰ সকলোবোৰ ইন্দ্ৰিয়ৰ লগত মস্তিষ্কৰ যোগাযোগ স্থাপনত আৰু উদ্দীপক মাত্ৰেই প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাত সহায় কৰে । সেইবাবে শৰীৰৰ বিভিন্ন গ্ৰাহকযন্ত্ৰ আৰু মস্তিষ্কৰ লগত যোগাযোগ স্থাপনকাৰী আৰু অন্তৰ্বাহী স্নায়ুৰ বহিৰ্বাহী দৈহিক কাৰ্যকাৰিতা দ্বাৰা গ্ৰাহক স্নায়ুতন্ত্ৰ গঠিত হৈছে ।

প্ৰশ্ন ১৬: চমুটোকা লিখা :

(ক)দর্শনেন্দ্ৰিয় :

(খ) শ্ৰৱনেন্দ্ৰিয় বা কাণ :

(গ) স্বাদেদ্ৰিয় বা জিভা :

(ঘ) স্পৰ্শন্দ্ৰিয় বা ছাল :

(ঙ) ঘ্ৰাণেন্দ্ৰিয় বা নাক :

উত্তৰ: (ক) দৰ্শনেন্দ্ৰিয় : চকু আটাইবোৰ ইন্দ্ৰিয়ৰ ভিতৰত শ্ৰেষ্ঠ । কাৰণ ৰং, আকাশ, পোহৰৰ জ্ঞান চকুৰে আমাক দি জ্ঞানাৰ্জনত সহায় কৰে । চকুৰ গঠন প্ৰণালী অন্যান্য ইন্দ্ৰিয়তকৈ জটিল । ই এটা কেমেৰাৰ নিচিনা । বাহিৰৰ বস্তুৰ ছবি ভিতৰত এখন তীক্ষ্ণ অনুভূতিশীল পৰ্দাৰ ওপৰত প্ৰতিফলিত হোৱাৰ ব্যৱস্থা চকুৰ ভিতৰত আছে । 

চকুৰ গোকলৰ বিভিন্ন অংশবোৰ হ’ল-

(ক) বাহিৰৰ বগা আৱৰণ,

(খ) বগা আৱৰণৰ মাজত স্বচ্ছ আৱৰণ,

(গ)স্বচ্ছ আৱৰণৰ তলত থকা স্বচ্ছ জুলীয়া পদাৰ্থ,

(ঘ) ঘূৰণীয়া ক’লা আৱৰণ,

(ঙ) চকুৰ মণি,

(চ) অক্ষিমুকুল বা লেন্স,

(ছ) জুলীয়া পদাৰ্থ ,

(জ) অক্ষিপটল বা ৰেটিনা

(ঝ) ক’লা পৰ্দা,

(ঞ) দৰ্শন স্নায়ু ।

(খ) শ্ৰৱনেন্দ্ৰিয় বা কাণ : আমি কাণেৰে শব্দৰ সংবেদন লাভ কৰোঁ । কাণক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰি । যেনে –

(ক) বাহিৰ কাণ 

(খ) মাজ কাণ ,

(গ) ভিতৰ কাণ চকুৰে দেখা কাণৰ বাহিৰৰ অংশ আৰু কাণৰ বিন্দা বাহিৰৰ কাণৰ ভিতৰত পৰে ।

মাজ কাণৰ ভিতৰত পৰা অংশবোৰ হ’ল –

(ক) কাণৰ পৰ্দা 

(খ) কাণৰ হাড়িয়া বা কৰ্ণকটহ,

(গ) কোমল হাড়ত থকা সুৰুঙা,

(ঘ) সদগৰ আকৃতিৰ হাড়,

(ঙ) নিয়াৰিৰ হাড়,

(চ) খাৰুৱা আকৃতিৰ হাড়,

(ছ) অভ্যন্তৰৰ পৰ্দা । 

ভিতৰত কাণৰ মূল অংশবোৰ তলত দিয়া হ’ল –

(ক) শামুকৰ আগভাগৰ দৰে এটা অংশ ।

(খ) তিনিটা অৰ্ধবৃত্তাকাৰ চক্ৰ ।

(গ) কোকলিয়া বা শামুকদৰে তিনিটা অংশ ।বাহ্যজগতৰ শব্দতৰঙ্গ কাণৰ বিন্ধাৰে ভিতৰলৈ প্ৰৱেশ কৰি কাণৰ পৰ্দাত আঘাত কৰে । এই আঘাতৰ ফলত এক প্ৰকাৰৰ কম্পনৰ সৃষ্টি হয় আৰু সেই কম্পন ক্ৰমে মুদগৰ হাড়, নিয়াৰি হাড় আৰু খাৰুৱা হাড়ৰ মাজেদি গৈ অভ্যন্তৰৰ পৰ্দাত লাগে । ভিতৰৰ কাণত শব্দ কম্পন প্ৰৱেশ কৰাৰ লগে লগে ভিতৰৰ জুলীয়া পদাৰ্থত তৰঙ্গ উঠে আৰু এই তৰঙ্গই স্নায়ুবিলাকক উদ্দীপিত কৰে । উদ্দীপিত স্নায়ুবোৰে তাৰেই বাৰ্তা মস্তিষ্কলৈ লৈ যায় আৰু আমাৰ সংবেদন হয় ।

(গ)স্বাদেন্দ্ৰিয় বা জিভা : বিভিন্ন বস্তুৰ সোৱাদ আমি জিভাৰে ল’ও । জিভাৰ উপৰি ভাগত কিছুমান সৰু সৰু দানাৰ দৰে উন্নত বিন্দু থাকে । এইবোৰক স্বাদবাহী কোষ বোলা হয় । স্বাদবাহী কোষৰ ভিতৰত আকৌ কিছুমান কোষক আছে । এইবোৰক স্বাদকোষক বোলা।  হয় । এই কাৰকবোৰেই স্বাদগ্ৰহণৰ আচল ইন্দ্ৰিয় । আহাৰ খালে সেই আহাৰ জিভাৰ স্বাদকোষ বিলাকৰ পৰা ওলোৱা এবিধ ৰসাল পদাৰ্থৰ লগত মিহলি হৈ যায় । তেতিয়া স্বাদ সম্পৰ্কীয় স্নায়ুত উদ্দীপনাৰ সৃষ্টি হয় স্নায়ুৰ মাজেদি গৈ এই উদ্দীপনা মস্তিষ্ক পালেই আমাৰ স্বাদ সম্পৰ্কীয় সংবেদন হয় ।

থুলমূলকৈ বিভিন্ন স্বাদযুক্ত বস্তুক চাৰিটা ভাগত ভগাব পাৰি । যেনে –

(ক) মিঠা 

(খ)লুণীয়া

(গ)তিতা

(ঘ) টেঙা, জিভাৰ একেবাৰে আগ অংগত মিঠা,তাৰ ওপৰত দুয়োকাষে লুণীয়া,মাজভাগত টেঙা আৰু ভিতৰফালে তিতা অস্বাদ থকা স্বাদকোৰক থাকে ।

(ঙ) স্পৰ্শেন্দ্ৰিয় বা ছাল : ছাল হ’ল আমাৰ আন এটি ইন্দ্ৰিয় । অন্যান্য ইন্দ্ৰিয়ৰ লগত ইয়াৰ এটা পাৰ্থক্য আছে । যেনে আন চাৰিটা ইন্দ্ৰিয় দেহৰ একোটি নির্দিষ্ট অংশত অৱস্থিত কিন্তু স্পৰ্শেন্দ্ৰিয় বা ছালে সৃষ্টি কৰা সংবেদন এক প্ৰকাৰৰ নহয়,চাৰি প্ৰকাৰহে । যেনে – প্ৰকৃত স্পৰ্শ বা চাপৰ সংবেদন,শীতৰ সংবেদন আৰু দুখ যন্ত্ৰণাৰ সংবেদন । ছালৰ মুঠতে তিনিটা স্তৰ আছে । যেনে –

(ক) উপছাল বা মাখিছাল 

(খ)ত্বক

(গ) ছালৰ একেবাৰে তলৰ আৰু চৰ্বিৰে গঠিত স্তৰ ।বাহিৰৰ বিভিন্ন বস্তু ছালত লাগিলে উপছালৰ ওপৰত এটা হেঁচা পৰে । গৰম,চেঁচা ইত্যাদি বস্তুৱে তেতিয়া উপছালৰ তলত থকা ত্বকত উত্তেজনাৰ সৃষ্টি কৰে । এই উত্তেজনা ত্বকত থকা স্নায়ুবোৰে মস্তিষ্কলৈ কঢ়িয়াই লৈ যায় আৰু তেতিয়াই আমাৰ স্পৰ্শ সংবেদন   হয় ।

(ঘ) ঘ্ৰাণেন্দ্ৰিয় বা নাক : নাক এটি ঘ্ৰাণেন্দ্ৰিয় বা কমেন্দ্ৰিয় । ইয়াৰ সহায়ত আমি বস্তুৰ গোন্ধ পাওঁ । নাকৰ অভ্যন্তৰত স্নায়ুকোষৰ গঠিত এখন পাতল আৱৰণ আছে । ইয়াৰ বাহিৰৰ অংশ বতাহৰ সংস্পৰ্শত আহিব পাৰে । এই পাতল আৱৰণত তলত আছে গন্ধ স্নায়ুকোষ । তাৰপৰা স্নায়ুশিৰাবোৰ মস্তিষ্কৰ গন্ধ অনুভূতি কেন্দ্ৰলৈ গৈছে । বতাহৰ কোনো বস্তুৰ বায়বীয় কণা আহি নাকত সোমায় । ইয়াৰ ফলত স্নায়ুকোষত এক প্ৰকাৰ ৰাসায়নিক ক্ৰিয়া ঘটে । গন্ধবাহী স্নায়ুৱে তেতিয়া আৰু সেই উদ্দীপনা মস্তিষ্কলৈ পঠিয়াব আৰু আমি ঘ্ৰাণ সংবেদন পাওঁ । হেনিং নামৰ এগৰাকী মনোবিজ্ঞানিকৰ মতে গোন্ধ ছয় প্ৰকাৰৰ । যেনে –

(ক)মছলাৰ গোন্ধ,

(খ)ফলৰ গোন্ধ,

(গ)ফুলৰ গোন্ধ,

(ঘ)ধূপৰ গোন্ধ,

(ঙ) পচা গোন্ধ,

(চ) পোৰা গোন্ধ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top