Class 11 Swadesh Adhyayan Chapter 3 সম্পদ

Class 11 Swadesh Adhyayan Chapter 3 সম্পদ, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 3 সম্পদ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 11 Swadesh Adhyayan Chapter 3 সম্পদ Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 3 সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সম্পদ

Chapter – 3

TEXTUAL QUESTION ANSWER

অনুশীলনী

১। (ক) কুইনাইন দৰব কি উদ্ভিদৰ পৰা আহৰণ কৰা হয়?

উত্তৰঃ কুইনাইনৰ দৰব চিনকোনো উদ্ভিদৰ পৰা আহৰণ কৰা হয়।

(খ) জীৱীয় সম্পদ কি?

উত্তৰঃ যিবোৰৰ প্ৰাণ আছে অৰ্থাৎ জীয়াই আছে যেনে– উদ্ভিদ, জীৱ-জন্তু অণুজীৱ আদিক জীৱীয় সম্পদ বোলে।

(গ) অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে?

উত্তৰঃ অসমত ৰাষ্ট্ৰীয় উদ্যান ৫খন আছে।

(ঘ) অসমত বন্যপ্ৰাণী অভয়াৰণ্য কিমানখন?

উত্তৰঃ অসমত বন্যপ্ৰাণী অভয়াৰণ্য ১৮ খন আছে।

(ঙ) ক্ষয়শীল সম্পদ কাক বোলে?

উত্তৰঃ প্ৰাকৃতি বুকুত পোৱা আৰু ব্যৱহাৰ কৰিলে পৰিমান কমি যোৱা সকলোবোৰ অজৈৱিক সম্পদকে ক্ষয়শীল সম্পদ বোলে।

২। (ক) সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰাকৃতিকভাৱে বা কৃত্ৰিম উপায়েৰে তৈয়াৰ কৰি আমি ব্যৱহাৰ কৰা অথবা ব্যৱহাৰ কৰিব সকলো সামগ্ৰিকেই সম্পদ বোলা হয়। অৰ্থাৎ মানুহে দৈনন্দিন প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰিক সম্পদ বোলে।

(খ) অধ্যাপক জিমাৰমেনে সম্পদৰ সূত্ৰ কেনেদৰে ব্যাখ্যা কৰিছে?

উত্তৰঃ অধ্যাপক জিমাৰমেনৰ মতে, সম্পদে কোনো বস্তু বা পদাৰ্থ নুবুজায় কিন্তু যদি সেই পদাৰ্থ বা বস্তুৰ উপযোগিতা থাকে তেতিয়াহলে তাকেই সম্পদ বোলে।

(গ) মানৱ সম্পদক কিয় সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়?

উত্তৰঃ মানৱসৃষ্ট সম্পদৰ গুণাগুণ আৰু ব্যৱহাৰযোগ্যতা নিৰ্ভৰ কৰে মানুহৰ বুদ্ধি-বৃত্তিৰ বিকাশ আৰু বুদ্ধিমত্ততা প্ৰয়োগৰ ওপৰত। মানুহৰ বুদ্ধি বৃত্তিৰ উৎকৰ্ষতাৰ বাবেই পূৰ্বৰ তুলনাত মানৱসৃষ্ট সম্পদসমূহ অধিক কার্যক্ষম আৰু নিখুঁত হ’বলৈ আৰম্ভ কৰিছে। এটা সময়ত আমাৰ প্ৰয়োজন পুৰাব পৰা কিছুমান সামগ্ৰীৰ কথা মানুহে কল্পনাহে কৰিছিল, কিন্তু বিজ্ঞান আৰু প্রযুক্তি কৌশলৰ সফল প্রয়োগেৰে বৰ্তমান কল্পনাৰ বস্তুবোৰ বাস্তৱত ৰূপায়ণ কৰি সকলোৱে ব্যৱহাৰ কৰিব পৰা কৰি তোলা হৈছে। মানুহৰ এই জ্ঞান, বুদ্ধি আৰু প্ৰয়োগ কৌশলৰ নিপুণতাৰ বাবেই মানুহক সকলোবোৰ সম্পদৰ ভিতৰত সৰ্বোচ্চ স্থান দিয়া হয়।

(ঘ) প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ পাৰ্থক্য কি?

উত্তৰঃ প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ পাৰ্থক্য হ’ল—

(i) প্ৰাকৃতিৰ পৰা প্ৰত্যক্ষ ভাৱে পোৱা সম্পদ সমূহক প্ৰাকৃতিক সম্পদ বোলে। আনহাতে প্ৰাকৃতিৰ পৰা পোৱা সম্পদ সমূহ মানুহে নিজৰ বুদ্ধি বৃত্তিৰ দ্বাৰা মানৱ উপযোগী কৰি তোলা সম্পদকে মানৱসৃষ্ট সম্পদ বোলে।

(ii) প্ৰাকৃতিক সম্পদসমূহ ক্ষয়শীল বা পূৰ্ণভাৱ পৰে আনহাতে মানৱসৃষ্ট সম্পদসমূহ ক্ষয়শীল।

৩। (ক) সম্পদক কি কি ধৰণে বিভক্ত কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰীকে সম্পদ বোলে। সম্পদ বহুত ধৰণে ভগাব পাৰি। উৎপত্তি অনুসৰি সম্পদক স্থলজ, জলজ, সৌৰ বায়বীয়, উদ্ভিদ, জীৱ-জন্তু মানৱ আদি ভাগত বিভক্ত। তেনেদৰে উপলভ্য অনুসৰি সম্পদক ক্ষয়শীল আৰু পুনর্ভৱ বা নবীকৰণযোগ্য এই দুটা ভাগত ভগোৱা হৈছে। তদুপৰি ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি সম্পদক ভূমি, মাটি, পানী, জীৱ-জন্তু, খনিজ ধাতৱীয় অধাতৱীয়, সাগৰীয় শক্তি বা ইন্ধন মানৱ সাংস্কৃতি আদি বহুতো ভাগত ভগোৱা হৈছে। ইয়াৰ বাহিৰেও আন এক ধৰণে সম্পদক ভাগ কৰিব পাৰি জীৱীয় আৰু অজীৱীয়।

(খ) জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য হ’ল—

 (i) যিবোৰৰ প্ৰাণ আছে জীৱন-মৃত্যু আছে যিবোৰে অহাৰ খায় বা প্রকৃতিকভাৱে বৃদ্ধি হয় তেনেবোৰ সম্পদেই জীৱীয় সম্পদ।

 আনহাতে যিবোৰৰ প্ৰাণ নাই জীৱন মৃত্যু নাই, যিবোৰ অহাৰ নাখায় বা প্ৰাকৃতিকভাৱে বৃদ্ধি নহয় তেনেবোৰ সম্পদেই অজীৱীয় সম্পদ।

(ii) জীৱীয় সম্পদত উৎপাদক আৰু উপভোক্তা উভয়েই থাকে। জীৱীয় সম্পদৰ উদাহৰণ হল– উদ্ভিদ, জীৱ-জন্তু আৰু উপভোক্তা আদি।

 আনহাতে অজীৱীয় সম্পদক আৰু উপভোক্তা উভয়েই নাথাকে। অজীৱীয় সম্পদ হল মাটি, পানী, খনিজ, সামগ্ৰী ইত্যাদি।

(গ) জীৱীয় সম্পদৰ উৎপাদক আৰু উপভোক্তাবোৰ কোন বিলাক ব্যাখ্যা কৰা।

উত্তৰঃ জীৱীয় সম্পদৰ উৎপাদক বুলিলে সকলো সেউজীয়া উদ্ভিদকে বুজায়। উপভোক্তা সকলক প্ৰাথমিক দ্বিতীয়ক আৰু তৃতীয়ক এই তিনিটা ভাগত ভগাব পাৰি। তৃণভোজী গৰু, ছাগলী, হৰিণ আদি প্ৰাথমিক উপভোক্তা আনহাতে মাংসভোজী জন্তু যেনে– বাঘ, সিংহ, শিয়াল আদি দ্বিতীয়ক উপভোক্তা আনহাতে সকলো ভক্ষণ কৰা জীৱক সৰ্বভোজী অৰ্থাৎ তৃতীয়ক উপভোক্তা বোলা হয়।

(ঘ) ক্ষয়শীল আৰু পুনর্ভৱ শক্তিৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ ক্ষয়শীল আৰু পুনর্ভৱ শক্তিৰ মাজত পাৰ্থক্য হ’ল—

যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পৰিমাণ কমি যায় তাকে ক্ষয়শীল সম্পদ বোলে।

ক্ষয়শীল সম্পদৰ উদাহৰণ হ’ল– খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা ইত্যাদি। 

আনহাতে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰৰ কৰিলেও শেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি তেনে সম্পদক পুনর্ভৱ সম্পদ বোলে।

পুনর্ভৱ সম্পদৰ উদাহৰণ হ’ল সৌৰশক্তি, জলশক্তি, উদ্ভিদ ইত্যাদি।

(ঙ) উদাহৰণসহ শক্তি সম্পদৰ শ্ৰেণীবিভাগৰ কৰা।

উত্তৰঃ শক্তি সম্পাদক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি ক্ষয়শীল আৰু পুনর্ভৱ বা নবীকৰণযোগ্য শক্তি। এবাৰ ব্যৱহাৰ কৰাৰ পিছত যিবোৰ শক্তি সম্পদ চিৰদিনৰ বা নিঃশেষ হৈ যায় তেনে শক্তি সম্পদেই হ’ল ক্ষয়শীল শক্তি সম্পদ। 

আনহাতে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিও নিঃশেষ কৰিব নোৱাৰি তাকে পুনর্ভৱ শক্তি সম্পদ বোলে। 

(চ) অসমত মানৱ সম্পদ বিকাশৰ বাবে কেনে ব্যৱস্থাৰ প্ৰয়োজন বুজাই লিখা।

উত্তৰঃ মানৱ সম্পদৰ মান নিৰূপন কৰা এটা মাপকাঠি হ’ল জনমূৰি বাৰ্ষিক ঘৰুৱা উৎপাদনৰ নিৰিখ। সমগ্র দেশৰ তুলনাত অসমত সাক্ষৰতাৰ হাৰ অতি কম নহয় যদিও কেৰেলা মিজোৰাম আদি ৰাজ্যৰ তুলনাত অসমত সাক্ষৰতাৰ হায় অতি কম। ২০১১-১২ চনত দৰিদ্ৰ সীমাৰ তলত থকা লোকৰ সংখ্যা ভাৰতবৰ্ষত শতকৰা ২১.৯২ ভাগ আছিল। তাৰ বিপৰীতে অসমত তেনে লোকৰ সংখ্যা ৩১.৯৮ শতাংশ এই সমগ্ৰ তথ‍্যই অসমত মানৱ সম্পদৰ বিকাশ যে দেশখনৰ অন্য প্ৰান্তৰৰ তুলনাত কম হাৰত হৈছে সেই কথা স্পষ্ট হৈ পৰে। সেয়েহে ৰাজ্যখনত মানৱ সম্পদ উন্নয়নৰ বাবে শিক্ষা, জনমূৰি আয়, স্বাস্থ্য আদি মণ্ডৰ উন্নতিত বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে।

৪। নিম্নলিখিত বিকল্পবোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা।

(i) তলৰ কোনটো বিভাগত গছ-গছনি অন্তৰ্ভূক্ত নহয়? 

(ক) পুনর্ভৱ সম্পদ। 

(খ) জীৱীয় সম্পদ। 

(গ) ক্ষয়শীল সম্পদ। 

(ঘ) উৎপাদক সম্পদ।

উত্তৰঃ (গ) ক্ষয়শীল সম্পদ।

(ii) নিম্নোক্ত সম্পদৰ ভিতৰত কোনবিধ ক্ষয়শীল সম্পদ? 

(ক) বতাহ শক্তি।

(খ) কয়লা। 

(গ) কৃষিজাত দ্ৰব্য। 

(ঘ) হাঁহ-কুকুৰা।

উত্তৰঃ (খ) কয়লা।

(iii) তলত উল্লেখ কৰা প্ৰাকৃতিৰ কোনবিধ সামগ্ৰীক আমি বৰ্তমান সম্পদ হিচাপে গণ্য নকৰোঁ?

(ক) মানুহ। 

(খ) সূৰ্য্যৰ তাপ। 

(গ) ভূকেন্দ্ৰত থকা নিকেল। 

(ঘ) বেক্টেৰিয়া।

উত্তৰঃ (ঘ) বেক্টেৰিয়া।

(iv) তলৰ কোনবিধ জীৱই মৃত উদ্ভিদ আৰু জীৱ-জন্তু প্ৰাকৃতিত বিলীন হোৱাত মুখ্য ভূমিকা লয়? 

(ক) বাঘ। 

(খ) মানুহ। 

(গ) শগুন। 

(ঘ) বেক্টেৰিয়া।

উত্তৰঃ (গ) শগুন। 

(v) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত লোকৰ শতকৰা হাৰ কিমান?

(ক) ৭২.৯৯ 

(খ) ৭২.১৯

(গ) ৯১.৫৪

(ঘ) ৯৩.৯১

উত্তৰঃ (ক) ৭২.৯৯

অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। পৃথিৱীত কিমান প্ৰজাতিৰ খাদ্যজাত সামগ্ৰী আছে? 

উত্তৰঃ পৃথিৱীত প্ৰায় ৮০,০০০ প্ৰজাতিৰ খাদ্যজাত সামগ্ৰী আছে।

২। জীৱীয় বা জৈৱিক সম্পদক প্ৰধানকৈ দুই ধৰণে সংৰক্ষিত কৰা হয়? 

উত্তৰঃ জীৱীয় বা জৈৱিক সম্পদক প্ৰধানকৈ দুই ধৰণে সংৰক্ষিত কৰা হয়—

 (i) স্বস্থান বা যথাস্থান, সংৰক্ষণ।

(ii) স্থানান্তৰ কৰা সংৰক্ষণ।

৩। ভাৰতত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 

উত্তৰঃ ১৬৬ খন ভাৰতত ৰাষ্ট্ৰীয় উদ্যান আছে।

৪। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি?

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান ৫ খন আৰু সেই কেইখন হল– 

(i) কাজিৰঙা।

(ii) নামেৰি।

(iii) মানাহ।

(iv) ডিব্ৰু-ছৈখোৱা। আৰু 

(v) ওৰাং।

৫। ভাৰতত মুঠ কেইখন অভয়াৰণ্য আছে?

উত্তৰঃ ভাৰতত মুঠ ৫৪৩ খন অভয়াৰণ্য আছে।

৬। অসমত বন্যপ্ৰাণী অভয়াৰণ্য কেইখন আৰু তাৰে ৫ খনৰ নাম লিখা?

উত্তৰঃ অসমত বন্যপ্ৰাণী অভয়াৰণ্য ১৮ খন আৰু তাৰে ৫ খনৰ নাম হল–

(i) গৰমপানী।

(ii) সোনাই-ৰূপাই।

(iii) দ্বীপৰ বিল।

(iv) পবিতৰা।

(v) নামবৰ।

৭। অসমৰ বাহিৰৰ তথা ভাৰতৰ যিকোনো তিনিখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

উত্তৰঃ (i) সুন্দৰবন (পশ্চিম বংগ)।

(ii) কানহা ৰাষ্ট্ৰীয় উদ্যান (মধ্যপ্ৰদেশ)।

(iii) বৰবেট (উত্তৰাখণ্ড)।

৮। অসমৰ কোনখন জিলাত সৰ্বাধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে?

উত্তৰঃ অসমৰ কাৰ্বি আংলং জিলাত সৰ্বাধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে।

৯। অসমৰ আটাইতকৈ ডাঙৰ আৰু সৰু অভয়াৰণ্যৰ নাম লিখা?

উত্তৰঃ অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্য খনৰ নাম হ’ল মৰাট, লংগি আৰু আটাইতকৈ সৰুখনৰ নাম হ’ল দ্বীপৰ বিল।

১০। অসমৰ এখন পক্ষী অভয়াৰণ্যৰ নাম লিখা?

উত্তৰঃ অসমৰ এখন পক্ষী অভয়াৰণ্যৰ নাম হ’ল দ্বীপৰ বিল।

১১। অসমৰ কোনখন অভয়াৰণ্যত ৰামচৰ ক্ষেত্ৰ হিচাপে তালিকাৰ্ভুক্ত কৰা হৈছে?

উত্তৰঃ দ্বীপৰ বিল।

১২। ১৯৭১ চনত ইৰাণৰ কোনখন চহৰত ৰাষ্ট্ৰসংঘৰ দ্বাৰা আন্তৰ্জাতিক সন্মিলন হৈছিল?

উত্তৰঃ ৰামচৰ চহৰত।

১৩। ভাৰতৰ প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া আৰু ক’ত পোৱা গৈছিল? কোনচনৰ পৰা ইয়াত শোধনাগাৰৰ কাম আৰম্ভ হৈছিল?

উত্তৰঃ ভাৰত প্ৰথম খাৰুৱা তেলৰ সন্ধান ১৮৮৯ চনত ডিগবৈত পোৱা গৈছিল। ১৯০১ চনৰ পৰা ইয়াত শোধনাগাৰৰ কাম আৰম্ভ হৈছিল।

১৪। মানৱ সম্পদ উন্নয়নৰ চৰ্তুস্তম্ভ বুলিলে কি বুজা?

উত্তৰঃ ক্ষমতা, স্থায়িত্ব, উৎপাদন আৰু অধিকাৰ এই চাৰিওটা ধাৰণাকে মানৱ সম্পদ উন্নয়নৰ চৰ্তুস্তম্ভ বোলা হয়।

১৫। ক্ষয়শীল সম্পদ বুলিলে কি বুজা?

উত্তৰঃ ক্ষয়শীল সম্পদ হ’ল সম্পদৰ এক ভাগ। প্ৰাকৃতিত পোৱা সকলোবোৰ অজৈৱিক সম্পদেই হ’ল ক্ষয়শীল সম্পদ। যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত চিৰদিনৰ বাবে নিশেষ হৈ যায় বা ব্যৱহাৰ কৰিলে সম্পদ বিধৰ পৰিমাণ কমি আহে তেনেবোৰ সম্পাদকে ক্ষয়শীল সম্পদ বোলা হয়।

১৬। ক্ষয়শীল সম্পদৰ কেইটামান উদাহৰণ দিয়া?

উত্তৰঃ ক্ষয়শীল সম্পদৰ কেইটামান উদাহৰণ হ’ল– 

খনিজ, তেল, প্ৰাকৃতিক গেছ, কয়লা, পৰমাণু শক্তি সম্ভাৰ যেনে– ইউৰেনিয়াম, হাৰিয়াম ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top