Class 11 Swadesh Adhyayan Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট, স্বদেশ অধ্যয়ন Class 11 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 11 Swadesh Adhyayan Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট Question Answer can be of great value to excel in the examination.
Class 11 Swadesh Adhyayan Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট Notes covers all the exercise questions in HS 1st Year Swadesh Adhyayan Textbooks. The Assam Board Class 11 Swadesh Adhyayan Chapter 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট
Chapter – 2
অনুশীলনী প্রশ্নোত্তৰ
১। চমুকৈ বুজাই লিখা—
(ক) জনসংখ্যাৰ ঘনত্ব: মাটিৰ আৰু মানুহৰ সংখাৰ মাজেৰে এই অনুপাতকে জনসংখ্যাৰ ঘনত্ব বোলা হয়। এটা অঞ্চলৰ জনসংখ্যাক খাদ্য বসতি আদিয়ে যোগান ধৰিবলৈ মাটিৰ এক বিশেষ ক্ষমতা থাকে। এই ক্ষমতা সীমাবদ্ধ। সেই বাবে মাটিৰ তুলনাত সেই অঞ্চলত কিমান মানুহ আছে তাক জোখা হয়।
(খ) লিংগ গাঁথনি: জনসংখ্যাৰ মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰাও এখন দেশৰ জন সংখ্যাৰ পঠনৰ নিৰূপন হয়। এই অনুপাত প্রতি এহেজাৰজন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰা দেখুওৱা হয় আৰু ইয়াক জনসংখ্যাৰ লিংগ অনুপাত বোলে। যেনে- মহিলাৰ সংখ্যা/পুৰুষৰ সংখ্যা X 2000
(গ) বয়সৰ গাঁথনি: এখন দেশৰ জনসংখ্যাৰ বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাৰ বয়সৰ সংৰচনাৰ জানিব পাৰি। জনসংখ্যা গঠনৰ ই এক প্ৰয়োজনীয় সূচক যিহেতু অধিক শিশুৰ হাৰে জন্মৰ হাৰ অধিক হোৱা সূচায় আৰু ৬০ ৰ উপৰৰ কম জনসংখ্যাই মৃত্যুৰ হাৰ বয়স্কসকৰ মাজত অধিক হোৱা সূচায়।
(ঘ) বৃত্তিৰ গঠন: বৃত্তিৰ গাঁথনি হৈছে বিভিন্ন অর্থনৈতিক স্বাধীনতাৰ কার্যত নিযুক্ত থকা লোকৰ সংখা স্বাধীনতাৰ পিছৰে পৰা ৰাজ্যয়খনত চাহ, তেল, অন্যান্য সৰু-সুৰা উদ্যোগৰ, সম্প্রাসাৰণ আৰু কয়লা খনি, ইটা ভাটা, আন নির্মাণ কার্যৰ বৃদ্ধিৰ ফলত ঘৰোৱাৰ প্রয়োজনো বৃদ্ধি হয়। এই প্রয়োজন যে ৮০ শতাংশ লোক বাহিৰৰ।
(ঙ) জনপ্ৰবজন: সমতল ভূমি অসংখ্য নৈৰ পাৰৰ খাৰুৱা কৃষিভূমি সুন্দৰ জলবায়ু উন্নত অন্ত:গাঁথনি আৰু উচ্চ হাৰত নগৰীকৰন এনেবোৰ কাৰণত এখন ঠাইলৈ হোৱা প্ৰয়োজনক জনপ্ৰবজন বোলে।
(চ) কৰ্মঠ জনসংখ্যা: কৰ্মঠ জনসংখ্যা হল বিভিন্ন উৎপাদনমূলক কাম কাজত জড়িত বয়স্ক লোকৰ সংখ্যাই মৃত্যুৰ হাৰ বয়স্কসকলৰ মাজত অধিক অনুপাতে কৰ্মঠ লোকৰ সংখ্যা সন্তোষজনক হুয়াটোকে বুজায়।
২। চমুকৈ উত্তৰ দিয়া—
(ক) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ ৩১, ২০, ৫৫৭৬
(খ) অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক?
উত্তৰঃ কামৰূপ মেট্ৰ।
(গ) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক?
উত্তৰঃ ডিমা হাছাও জিলাত।
(ঘ) অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি?
উত্তৰঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হল জনপ্ৰবজন।
(ঙ) অসমৰ স্থায়ী জন প্ৰবজনৰ এটা উদাহৰণ দিয়া?
উত্তৰঃ অসমৰ চাহ জনজাতি।
৩। চমুটুকা লিখা:
(ক) জনসংখ্যা বিতৰণ: এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল সাৰুৱা নদী উপত্যকাত কৃষি বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সূচলৰ বাবে জনসংখ্যাৰ হম বিতৰণ হোৱা দেখা যায় আৰু ঘনত্বও অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাৰে জনবসতি ঘন। ইয়াৰ বিশেষকৈ নগৰীয়া অঞ্চল সমূহত অতি ঘন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়ত ব্যৱস্থা উন্নত শিক্ষা স্বাস্থ্য উপাৰ্জনৰ সুযোগ সুবিধা অধিক আৰু সেইবাবে জন প্ৰবজনো অধিক।
(খ) অসমৰ সাক্ষৰতা: শিক্ষাগত অৰ্হতা আৰু শিক্ষিতৰ হাৰ এখন দেশৰ জনসংখ্যাৰ অন্যতম গুৰুত্বপূৰ্ণ সামাজিক বৈশিষ্ট্য ইয়াৰ ওপৰত বিশেষকৈ জনসংখ্যাৰ গুণগত মান নিৰ্ভৰ কৰে। এখন দেশৰ শিক্ষিত জনসংখ্যাৰ অনুপাতক অৰ্থ-সামাজিক উভয় দিশতে উন্নয়নৰ সূচক হিচাপে গ্ৰহণ কৰা হয়। সাক্ষৰতা আৰু শিক্ষাগত অৰ্হতাই জনসাধাৰণৰ জীৱন ধাৰনাৰ মান মহিলাৰ সামাজিক মৰ্যাদা কৰ্মদক্ষতা বৃত্তিৰ গঠন আদিও নিৰূপন কৰে।
৪। অসমৰ জনসংখ্যাক লিংগ আৰু ধৰ্মীয় গাথঁনিৰ বিষয়ে চুমুকৈ লিখা।
উত্তৰঃ লিংগ গাঁথনি: জনসংখ্যাৰ মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰাও এখন দেশৰ জনসংখ্যাৰ গঠনৰ নিৰূপন হয়। এই অনুপাত প্ৰতি আহেজাৰজন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা/পুৰুষৰ সংখ্যা×১০০০ ।
ধর্মীয় গাঁথনি: ভাৰতৰ অন্যান্য প্ৰায়বোৰ ৰাজ্যৰ লেকিয়া অসমতো সংখ্যাগৰিষ্ঠ লোক হিন্দু ধর্মাবলম্বী অৱশ্যে অঞ্চলবিশেষে, বিশেষকৈ অধিক জনবসতিত ঘনত্বযুক্ত জিলাকেইখনত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা আৰু বৃদ্ধিৰ হাৰ অধিক হোৱা দেখা যায় এই জিলাকেইখন হ’ল ধুবুৰী, গোৱালপাৰা, নগাঁও, বৰপেটা আৰু দৰং।
৫। বয়সৰ গাঁথনি বুলিলে কি বুজা? অসমৰ জনসংখ্যাক ২০১১ চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি কেনে ধৰণৰ বুজাই লিখা।
উত্তৰঃ এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়সৰ বয়সৰ গাঁথনি বোলা হয়।
অসম ৰাজ্যত ২০১১ চনৰ লোকপিয়ল অনুসৰি ০-৬ বছৰ বয়সৰ শিশুৰ সংখ্যা ২৩, ৬৩, ৪৮৫ আৰু শিশুৰ কন্যাৰ সংখ্যা ২২, ৭৪, ৬৪৫ এই বয়সৰ শিশুৰ সংখ্যা মৰিগাঁও (১৭.১১ শতাংশ) নগাঁও (১৬.২৯), ধুবুৰী (১৮.৮৯) গোৱালপাৰা (১৭.০৩) কৰিমগঞ্জ (১৭.২৫) আৰু দৰঙত (১৬.৮৫) সৰ্বাধিক (অসমত – ১৪.৮৬ শতাংশ) কামৰূপ মেট্ৰ (১০.০০) যোৰহাট (১১.৪৪) আৰু কাছাৰত (১১.৭৯) (২০১১ চনৰ লোকপিয়ল)। মুঠ জনসংখ্যাৰ তুলনাত যি কেইখন জিলাৰ শিশুৰ সংখ্যা অধিক, সেই আটাইকেইখন জিলাতেই জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আৰু জনবসতিৰ ঘনত্ব অধিক। অধিক সংখ্যক শিশুৰ সৈতে বৰ্ধিত জনসংখ্যাৰ এনে বৈশিষ্ট্য সকলোবোৰ উন্নয়নশীল দেশতে পৰিলক্ষিত হয়। আমাৰ ৰাজ্যত ২০১১ চনত লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ ৩৮ শতাংশ সক্ৰিভাৱে উৎপাদনমূলক কাম-কাজত জড়িত। ইয়াকে কৰ্মৰত জনসংখ্যা বুলিব পাৰি। এই কৰ্মঠ জনসংখ্যাৰ অনুপাতে এখন দেশৰ উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ প্ৰভাৱ পেলায়।
৬। অসমৰ জনসংখ্যা বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পৰ্কে বহলাই লিখা।
উত্তৰঃ এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল সাৰুৱা নদী উপত্যকাত কৃষি বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সূচলৰ বাবে জনসংখ্যাৰ সম বিতৰণ হোৱা দেখা যায় আৰু ঘনত্বৰ অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন। ইয়াৰ বিশেষকৈ নগৰীয়া অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ নগৰতে যাতায়ত ব্যৱস্থা উন্নত, শিক্ষা, স্বাস্থ্য, উপাৰ্জনৰ সুযোগ-সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক। এনে কাৰণতে অসমৰ যিবোৰ জিলাত নাগৰিকৰণৰ হাৰ বেছি তেনেবোৰ জিলাত জনসংখ্যাৰ বসতি ঘন।
৭। অসমত জনবসতিৰ ঘনত্ব তুলনামূলক ভাৱে দেশৰ গড় হাৰতকৈ অধিক ইয়াৰ মূল কাৰণ কি?
উত্তৰঃ অসমৰ জনবসতিৰ ঘনত্ব তুলনামূলক ভাৱে দেশৰ গড় হাৰতকৈ অধিক। ইয়াৰ মূল কাৰণ হল— অঞ্চলটোত সমতল ভূমি অসংখ্যা নৈৰ পাৰৰ সাৰুৱা কৃষি ভূমি, সুন্দৰ জলবায়ু, উন্নত অন্ত: গঠিনি আৰু উচ্চ হাৰত নগৰিকৰন।
৮। অসমৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পৰ্কে বহলাই লিখা।
উত্তৰঃ অসমৰ জনসংখ্যাৰ বিতৰনত প্ৰভাৱ পেলোৱা কাৰকসমূহ হল— ইয়াৰ সমতল ভূমি, সাৰুৱা নদী উপত্যকাত কৃষি, বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচল ব্যৱস্থা অসমৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত বাবে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতিৰ ঘন। ইয়াৰ বিশেষকৈ নগৰীয়া অঞ্চলসমূহত অতি খন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ চহৰতে যাতায়ত ব্যৱস্থা উন্নত, শিক্ষা, স্বাস্থ্য, উপাৰ্জনৰ সুযোগ, সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক। অসমৰ যিবোৰ জিলাত নগৰী কৰণৰ হাৰ অধিক তেনেবোৰ জিলাত জনবসতিও ঘন। আনহাতে ডিমহাছাও, কাৰ্বি আংলং আদি পাহাৰীয়া জিলাকেইখনত জনবসতি পাতল। সেইদৰে ধেমাজীত বানপানীৰ প্ৰকোপৰ বাবে জনবসতিৰ বিস্তাৰ সেৰেঙা।