adplus-dvertising

Class 11 Geography MCQ Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন

Class 11 Geography MCQ Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 22 সামুদ্রিক জলৰাশিৰ সঞ্চালন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 22

পঞ্চম গোট: জলমণ্ডল

১। সামুদ্রিক তৰংগ কোনটো কাৰণত সৃষ্টি হয়?

(ক) চন্দ্ৰৰ আকর্ষণ।

(খ) সূৰ্যৰ তাপ।

(গ) বতাহৰ ঘর্ষণ।

(ঘ) ভূমিকম্প।

উত্তৰঃ (গ) বতাহৰ ঘর্ষণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। তৰংগৰ শীৰ্ষ আৰু দ্ৰোণীৰ মাজৰ দূৰত্বক কি বোলে?

(ক) তৰংগ দৈৰ্ঘ্য।

(খ) তৰংগ উচ্চতা।

(গ) তৰংগ কোণাংক।

(ঘ) তৰংগ কাল।

উত্তৰঃ (খ) তৰংগ উচ্চতা।

৩। কিহৰ বাবে জোৱাৰ-ভাটা সৃষ্টি হয়?

(ক) মেঘৰ ঘনত্বত।

(খ) বতাহৰ প্ৰবাহত।

(গ) সূৰ্য আৰু চন্দ্ৰৰ আকর্ষণত।

(ঘ) সোঁতৰ গতিৰ ফলত।

উত্তৰঃ (গ) সূৰ্য আৰু চন্দ্ৰৰ আকর্ষণত।

৪। উপকূলত ঢৌ ভাঙি পৰাৰ ফলত কি হয়?

(ক) ভূমি সৃষ্ট হয়।

(খ) উপকূল ক্ষয় হয়।

(গ) মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।

(ঘ) জোৱাৰ সৃষ্টি হয়।

উত্তৰঃ (খ) উপকূল ক্ষয় হয়

৫। কিউৰোছিও সোঁত কোনটো দেশৰ উপকূলত দেখা যায়?

(ক) ভাৰত।

(খ) চীন।

(গ) জাপান।

(ঘ) কানাডা।

উত্তৰঃ (গ) জাপান।

৬। তৰংগৰ প্ৰাথমিক কাৰক হৈছে—

(ক) চন্দ্ৰ।

(খ) সূৰ্য।

(গ) সোঁত।

(ঘ) বতাহ।

উত্তৰঃ (ঘ) বতাহ।

৭। ‘Surf’ কেতিয়া সৃষ্টি হয়?

(ক) ঢৌ ওপৰলৈ উঠিলে।

(খ) ঢৌ উপকূলত ভাঙি পৰিলে।

(গ) জোৱাৰ আহিলে।

(ঘ) সোঁত উভতি আহিলে।

উত্তৰঃ (খ) ঢৌ উপকূলত ভাঙি পৰিলে।

৮। ৰাছিয়া, কানাডা, চীন, ফ্রান্স প্রভৃতি দেশত জোৱাৰৰ সহায়ত কি উৎপন্ন কৰা হয়?

(ক) বিদ্যুৎ শক্তি।

(খ) সৌৰ শক্তি।

(গ) তাপ শক্তি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বিদ্যুৎ শক্তি।

৯। কানাডাৰ ফাণ্ডি উপসাগৰত পৃথিৱীৰ ভিতৰতে সর্বোচ্চ জোৱাৰ-স্ফীতি কিমান পৰ্যন্ত বৃদ্ধি পায়?

(ক) ১৫ মিটাৰ।

(খ) ১৫ মিটাৰ।

(গ) ১৭ মিটাৰ।

(ঘ) ১৬ মিটাৰ।

উত্তৰঃ (ঘ) ১৬ মিটাৰ।

১০। উষ্ণ সোঁত সাধাৰণতে কোনটো অক্ষাংশত জন্ম লয়?

(ক) উচ্চ অক্ষাংশত।

(খ) মধ্য অক্ষাংশত।

(গ) নিম্ন অক্ষাংশত।

(ঘ) পোলাৰ অঞ্চলত।

উত্তৰঃ (গ) নিম্ন অক্ষাংশত।

১১। ঢৌৰ উচ্চতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) পানীৰ লৱণতা।

(খ) বতাহৰ বেগ আৰু দিশ।

(গ) জোৱাৰ।

(ঘ) চন্দ্ৰ।

উত্তৰঃ (খ) বতাহৰ বেগ আৰু দিশ।

১২। জোৱাৰ-ভাটাৰ কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।ন

১৩। পেৰু সোঁতৰ আন এটা নাম কি?

(ক) হামবল্ট সোঁত।

(খ) আগুলহাছ সোঁত।

(গ) কামছাটকা সোঁত।

(ঘ) লকিউৰোছিও সোঁত।

উত্তৰঃ (ক) হামবল্ট সোঁত।

১৪। উত্তৰ প্ৰশান্ত মহাসাগৰীয় সোঁতৰ আন এটা নাম কি?

(ক) কেলিফৰ্ণিয়া সোঁত।

(খ) পশ্চিমা প্ৰবাহ।

(গ) আগুলহাছ সোঁত।

(ঘ) মৌচুমী সোঁত।

উত্তৰঃ (খ) পশ্চিমা প্ৰবাহ।

১৫। নিৰক্ষৰেখাৰ দক্ষিণ ফালেৰে পূৱৰ পৰা পশ্চিমলৈ বৈ যোৱা এই সোঁতটোৱে প্রায় কি দূৰত্ব অতিক্ৰম কৰে?

(ক) ৩০০০ কিঃ মিঃ।

(খ) ৩২০০ কিঃ মিঃ।

(গ) ৩৩০০ কিঃ মিঃ।

(ঘ) ৩৬০০ কিঃ মিঃ।

উত্তৰঃ (ঘ) ৩৬০০ কিঃ মিঃ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top