Class 11 Geography Important Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.
Class 11 Geography Important Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.
বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত
Chapter: 31
| দশম গোট: প্রাকৃতিক দুর্যোগ আৰু বিপর্যয় |
| IMPORTANT QUESTION AND ANSWER |
১। ১৯৭৭ চনৰ অন্ধ্ৰৰ চক্রবাতত কিমান বেগত বতাহ চলিছিল?
উত্তৰঃ ১৯৭৭ চনৰ অন্ধ্ৰৰ চক্রবাতত ১৭৫ কিলোমিটাৰ বেগেৰে বতাহ চলিছিল।
২। ১৯৭৭ চনৰ চক্রবাতত কিমান জনসংখ্যাৰ মৃত্যু হৈছিল?
উত্তৰঃ ১৯৭৭ চনৰ চক্রবাতত ৫০,০০০ জনসংখ্যাৰ মৃত্যু হৈছিল।
৩। ১৯৯৯ চনৰ প্ৰথম চক্রবাত কিমান তাৰিখে সংঘটিত হৈছিল?
উত্তৰঃ ১৯৯৯ চনৰ প্ৰথম চক্রবাত ১৮ অক্টোবৰত সংঘটিত হৈছিল।
৪। প্ৰথম চক্রবাতত কিমান মানুহৰ মৃত্যু হৈছিল?
উত্তৰঃ প্ৰথম চক্রবাতত প্ৰায় ২০০ জন লোকৰ মৃত্যু হৈছিল।
৫। প্ৰতি কিমান বছৰৰ অন্তৰে অন্তৰে এনেবোৰ চক্রবাতৰ সামগ্রিক প্ৰাৱল্য কিছু হ’লেও বৃদ্ধি পায়?
উত্তৰঃ প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে এনেবোৰ চক্রবাতৰ সামগ্রিক প্ৰাৱল্য কিছু হ’লেও বৃদ্ধি পায়।
৬। পূব উপকূলত শেহতীয়াকৈ সংঘটিত প্রলয়ংকৰী চক্রবাতটোক কি নামেৰে জনা যায়?
উত্তৰঃ পূব উপকূলত শেহতীয়াকৈ সংঘটিত প্রলয়ংকৰী চক্রবাতটোক ওড়িশাৰ অতি চক্রবাত নামেৰে জনা যায়।
৭। বানপানী কিয় সংঘটিত হয়?
উত্তৰঃ উচ্ছেদ, নদীৰ গতিপথ পৰিৱর্তন আদি বিভিন্ন কাৰকৰ বাবে বা এইবোৰ একেলগে হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়।
৮। ভাৰতৰ কিমান শতাংশ ভূমি বানপানীৰ বাবে অধিক কন্যাক্ৰান্ত বুলি বিবেচিত?
উত্তৰঃ ভাৰতৰ প্ৰায় ১২% ভূমি বানপানীৰ বাবে অধিক কন্যাক্ৰান্ত বুলি বিবেচিত।
৯। ভাৰতত বছৰি নিয়মীয়াকৈ কিমান বৰ্গ কিলোমিটাৰ অঞ্চল বানপানীৰ কবলত পৰে?
উত্তৰঃ ভাৰতত বছৰি নিয়মীয়াকৈ ৭৯ হাজাৰ বৰ্গ কি.মি. অঞ্চল বানপানীৰ কবলত পৰে।
১০। বছৰি বানপানীৰ বাবে ভাৰতত প্ৰায় কিমান মানুহৰ হাহাকাৰ অৱস্থা হয়?
উত্তৰঃ বছৰি বানপানীৰ বাবে ভাৰতত প্ৰায় বছৰি কম-বেছি আঢ়ৈ কোটি নাগৰিক হাহাকাৰ অৱস্থা হয়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। বানপানী কি? ভাৰতত বানপানীৰ প্ৰধান অঞ্চলসমূহ আৰু প্ৰতিক্ৰিয়াবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ বানপানী হৈছে এনে প্ৰাকৃতিক দুৰ্ঘটনা, য’ত অতিৰিক্ত বৃষ্টিপাতৰ ফলত নদ-নদী উপচি পৰে, খাল-নলা ভৰি যায়। ভাৰতত এই পৰিস্থিতি প্ৰতি বছৰে নিয়মীয়াকৈ ঘটাই আহে। ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় ১২% অঞ্চল বানপানীৰ প্ৰতি সংবেদনশীল, অৰ্থাৎ প্ৰায় ৪ লক্ষ বৰ্গ কিলোমিটাৰ অঞ্চল বানপানীৰ বিপদত থাকে। ইয়াৰ ভিতৰত গঙ্গা, ব্ৰহ্মপুত্ৰ, মহানদী, কোশী, গোদাবৰী আদিৰ পাৰত থকা ৰাজ্যসমূহ বিশেষকৈ বিহাৰ, পশ্চিমবঙ্গ, অসম, ওড়িশা, পাঞ্জাব, আৰু উত্তৰ প্ৰদেশ বানপানীৰ দ্বাৰা বাৰম্বাৰ ক্ষতিগ্রস্ত হয়। ৭৯ হাজাৰ বৰ্গ কি.মি. পৰিসৰৰ অঞ্চল প্ৰতিবছৰে নিয়মীয়াকৈ বানত নিমজ্জিত হয়। প্ৰায় আঢ়ৈ কোটি মানুহ প্ৰভাৱিত হয় আৰু প্ৰায় ১৫০০ লোক মৃত্যু মুখত পৰে। গৃহহীনতা, খাদ্য সংকট, জলবাহিত ৰোগৰ বিস্তাৰ, শিক্ষাগত সমস্যাসমূহ, আৰু পৰিবহন ব্যৱস্থাৰ ধ্বংস এই দুৰ্ঘটনাৰ গভীৰ প্ৰতিক্ৰিয়া হিচাপে দেখা যায়।
২। ভাৰতত ১৯৯৯ চনৰ ওড়িশাৰ অতিচক্রবাতৰ ঘটনাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ১৯৯৯ চনৰ অক্টোবৰত ওড়িশাত সংঘটিত হোৱা অতিচক্রবাতটো ভাৰতবৰ্ষৰ ইতিহাসৰ অন্যতম ভয়ংকৰ চক্রবাত হিচাপে বিবেচিত। ১৮ অক্টোবৰত গঞ্জাম জিলাত ২০০ কিলোমিটাৰ বেগৰ এক মজলীয়া চক্রবাত উদ্ভৱ হৈছিল, য’ত প্ৰায় ২০০ জন লোকৰ মৃত্যু হয়। এই চক্রবাতটো যেতিয়া সামান্য স্তিমিত হ’ব ধৰিলে, ঠিক তেতিয়াই ২৫ অক্টোবৰত আন্দামান সাগৰত অন্য এক গভীৰ নিম্নচাপ কোষিকা উদ্ভব হয়, যিয়ে ২৬ অক্টোবৰত পোৰ্ট ব্ৰেয়াৰৰ ওচৰচুপৰত চক্রবাতৰ ৰূপ লৈ উত্তৰ-পশ্চিম দিশলৈ অগ্ৰসৰ হয়। ২৭ অক্টোবৰত এই চক্রবাতই অতিচক্রবাতৰ ৰূপ লৈ ২৮ অক্টোবৰৰ দিনা ঘণ্টাত ২৬০ কিলোমিটাৰ বেগেৰে উড়িশাৰ পাৰাদ্বীপ অঞ্চলত প্ৰৱেশ কৰে। ইয়াৰ ফলত উপকূল অঞ্চলসমূহ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। লক্ষাধিক ঘৰ ভাঙি পৰে, লক্ষাধিক মানুহ গৃহহীন হয়, আৰু জনজীৱন, কৃষিভূমি, আৰু প্ৰতিস্থাপন ব্যৱস্থা সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূর্ণ হৈ পৰে। পৰৱৰ্তী তিনি দিন ধৰি ই এক ভয়ংকৰ ধ্বংসৰ ইতিহাস সৃষ্টি কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


