Class 11 Environmental Studies Important Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা

Class 11 Environmental Studies Important Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.

Class 11 Environmental Studies Important Chapter 7 দুর্যোগ ব্যৱস্থাপনাঃ দায়িত্ব আৰু সাৱধানতা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

গোট – ২
IMPORTANT QUESTION AND ANSWER

১। দুর্যোগ মানে কি?

উত্তৰঃ জীৱন আৰু সম্পত্তিত ক্ষতি সাধন কৰা আকস্মিক ঘটনাই হ’ল দুর্যোগ।

২। দুর্যোগ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ দুর্যোগ দুই প্ৰকাৰৰ- প্ৰাকৃতিক দুর্যোগ আৰু মানৱসৃষ্ট দুর্যোগ।

৩। NDMAৰ সম্পূৰ্ণ ৰূপ লিখা?

উত্তৰঃ NDMAৰ সম্পূৰ্ণ ৰূপ হ’ল― National Disaster Management Authority.

৪। বহনক্ষম উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ বহনক্ষম উন্নয়ন বুলিলে সেই উন্নয়নৰ কথা বুজোৱা হয়, যি পৰিৱেশৰ সুৰক্ষা কৰি আৰু প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰি বর্তমান প্ৰজন্মৰ আৱশ্যকতা পূৰণ কৰে, আৰু লগতে ভৱিষ্যৎ প্ৰজন্মেও এই সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ ৰাখে।

৫। দূৰ্যোগৰ সময়ত মোবাইলত কি সংৰক্ষণ কৰি ৰাখিব লাগে?

উত্তৰঃ দূৰ্যোগৰ সময়ত মোবাইলত ট’ল ফ্ৰী নম্বৰ আৰু স্থানীয় সাহাৰ্য্য নম্বৰ সংৰক্ষণ কৰি ৰাখিব লাগে।

৬। কিমান চনত “Our Common Future” ৰিপ’ৰ্ট প্ৰকাশ পাইছিল?

উত্তৰঃ ১৯৮৭ চনত “Our Common Future” ৰিপ’ৰ্ট প্ৰকাশ পাইছিল।

৭। ভাৰতবৰ্ষত কি নামৰ শীর্ষস্থানীয় প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা হৈছিল? 

উত্তৰঃ ভাৰতবৰ্ষত “The National Institute for Disaster Management’ (NIDM) নামৰ এটি শীর্ষস্থানীয় প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা হয়।

৮। কিমান চনত অসমত দুর্যোগ ব্যৱস্থাপনা নিয়মাৱলী প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ২০১০ চনত অসমত দুর্যোগ ব্যৱস্থাপনা নিয়মাৱলী প্রণয়ন কৰা হৈছিল।

৯। দুর্যোগ ব্যৱস্থাপনাক কেই স্তৰত ভাগ কৰিব পাৰি?

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনাক তিনিটা স্তৰত ভাগ কৰিব পাৰি।

১০। ভূমিকম্পৰ সময়ত সুৰক্ষা ল’বৰ বাবে ক’ত থকাৰ উচিত?

উত্তৰঃ ভূমিকম্পৰ সময়ত সুৰক্ষা ল’বৰ বাবে মজবুত টেবুলৰ তলত বা খোলা ঠাইত থকা উচিত।

১১। ভাৰতবৰ্ষৰ কিমান শতাংশ অঞ্চল ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হয়?

উত্তৰঃ ভাৰতবৰ্ষৰ ৬০ শতাংশ অঞ্চল ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হয়।

১২। NDRF-ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ NDRF-ৰ সম্পূৰ্ণ ৰূপ হ’ল- National Disaster Response Force.

১৩। NDRFৰ মুঠ কেইটা বেটেলিয়ান স্থাপন কৰি স্ট্রেটিজিক স্থানসমূহত নিয়োজিত কৰা হয়?

উত্তৰঃ NDRFৰ মুঠ আঠটা বেটেলিয়ান স্থাপন কৰি স্ট্রেটিজিক স্থানসমূহত নিয়োজিত কৰা হয়।

১৪। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে?

উত্তৰঃ প্ৰকৃতিৰ বুকুত অহৰহ ঘটি থকা বিভিন্ন পৰিঘটনা আৰু কাৰকৰ বাবে হঠাতে সৃষ্টি হোৱা যিবোৰ দুর্যোগে জীৱন আৰু সম্পত্তিৰ বহুল পৰিমাণে ধ্বংসৰ সৃষ্টি কৰি জনজীৱনলৈ বিপর্যয় কঢ়িয়াই আনে তাকে প্রাকৃতিক দুর্যোগ বুলি কোৱা হয়।

১৫। গুৱাহাটীৰ বাবে আৰক্ষীৰ ট’ল ফ্রী নম্বৰটো কিমান?

উত্তৰঃ গুৱাহাটীৰ বাবে আৰক্ষীৰ ট’ল ফ্রী নম্বৰটো হ’ল ‘100’

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top