Class 11 Environmental Studies Important Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.
Class 11 Environmental Studies Important Chapter 6 সামাজিক বিষয় আৰু পৰিৱেশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.
সামাজিক বিষয় আৰু পৰিৱেশ
Chapter: 6
| গোট – ১: পৰিৱেশ শিক্ষা |
| IMPORTANT QUESTION AND ANSWER |
১। ‘Our Common Future’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘Our Common Future’ জি. এইচ. বার্টলেগুএ ৰচনা কৰিছিল।
২। নৱীকৰণযোগ্য শক্তিৰ একোটা উদাহৰণ দিয়া।
উত্তৰঃ নৱীকৰণযোগ্য শক্তিৰ একোটা উদাহৰণ হ’ল- সৌৰ শক্তি।
৩। অনৱীকৰণযোগ্য শক্তিৰ একোটা উদাহৰণ দিয়া।
উত্তৰঃ অনৱীকৰণযোগ্য শক্তিৰ একোটা উদাহৰণ হ’ল- কয়লা।
৪। শক্তিৰ সংৰক্ষণৰ অৰ্থ কি?
উত্তৰঃ শক্তিৰ সংৰক্ষণৰ অৰ্থ হ’ল- শক্তিৰ খৰচ হ্ৰাস কৰি অধিক দক্ষতাৰে ব্যৱহাৰ কৰা।
৫। এন্টার্কটিকাত অজ’ন গেছ কিমান ক্ষয়প্রাপ্ত হৈছে?
উত্তৰঃ এন্টার্কটিকাত অজ’ন গেছ ৩০ শতাংশ ক্ষয়প্রাপ্ত হৈছে।
৬। ৩০ বছৰৰ পিছত স্টেট’স্ফিয়াৰত চি এফ চিৰ বিয়োজন ঘটি কি গেছ উৎপন্ন কৰে?
উত্তৰঃ ৩০ বছৰৰ পিছত স্টেট’স্ফিয়াৰত চি এফ চিৰ বিয়োজন ঘটে আৰু মুক্ত ক্ল’বিন গেছ উৎপন্ন কৰে।
৭। সেউজ গৃহ প্ৰভাৱৰ বাবে ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্রায় কিমান হৈ আছে?
উত্তৰঃ সেউজ গৃহ প্ৰভাৱৰ বাবে ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্রায় ১৫° ছেন্টিগ্রেড হৈ আছে।
৮। কাৰ মতে স্বাস্থ্য হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা।
উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে স্বাস্থ্য হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা।
৯। অজ’ন কি?
উত্তৰঃ অজ’ন এবিধ শেঁতা নীলা বৰণৰ গেছ।
১০। কিমান শতিকাৰ শেষৰ ভাগত বহনক্ষম উন্নয়ন নামৰ আঁচনিসমূহৰ লগতে পৰিৱেশ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা হয়?
উত্তৰঃ কুৰি শতিকাৰ শেষৰ ভাগত বহনক্ষম উন্নয়ন নামৰ আঁচনিসমূহৰ লগতে পৰিৱেশ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰা হয়।
১১। অনুঘটকে আচৰণ কৰি প্ৰত্যেকটো চি এফ চি অণুৱে প্রায় কি অজ’ন অণু ধ্বংস কৰে?
উত্তৰঃ অনুঘটকে আচৰণ কৰি প্ৰত্যেকটো চি এফ চি অণুৱে প্রায় ১০০,০০০ অজ’ন অণু ধ্বংস কৰে।
১২। বিশ্বত বছৰি ১০৯ কিলোগ্রামতকৈ বেছি কি উৎপন্ন কৰা হয়?
উত্তৰঃ বিশ্বত বছৰি ১০৯ কিলোগ্রামতকৈ বেছি চি এফ চি উৎপন্ন কৰা হয়।
১৩। ১৯৬৯ চন আৰু ১৯৮৬ চনৰ মাজত উত্তৰ গোলার্ধত অজ’নৰ পৰিমাণ কিমান শতাংশ হ্রাস পাইছিল?
উত্তৰঃ ১৯৬৯ চন আৰু ১৯৮৬ চনৰ মাজত উত্তৰ গোলার্ধত অজ’নৰ পৰিমাণ ৩ শতাংশ হ্রাস পাইছে।
১৪। বাৰ্টলেণ্ডৰ মতে বহনক্ষম উন্নয়ন কি?
উত্তৰঃ বাৰ্টলেণ্ডৰ মতে বহনক্ষম উন্নয়ন হৈছে এনে উন্নয়ন যি ভৱিষ্যৎ প্রজন্মক তেওঁলোকৰ নিজা প্রয়োজনখিনি আহৰণ কৰিব পৰা সক্ষমতাৰ লগত কোনো আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনসমূহ পূৰণ কৰে।
১৫। পৃথিৱীৰ ভূ-পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈকে অজ’ন বিয়পি থাকে?
উত্তৰঃ পৃথিৱীৰ ভূ-পৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ উচ্চতালৈকে অজ’ন বিয়পি থাকে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.




