Class 11 Environmental Studies Important Chapter 5 পৰিৱেশ প্ৰদূষণ

Class 11 Environmental Studies Important Chapter 5 পৰিৱেশ প্ৰদূষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 5 পৰিৱেশ প্ৰদূষণ Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.

Class 11 Environmental Studies Important Chapter 5 পৰিৱেশ প্ৰদূষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 5

গোট – ১: পৰিৱেশ শিক্ষা
IMPORTANT QUESTION AND ANSWER

১। প্ৰদূষণ শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে?

উত্তৰঃ প্ৰদূষণ শব্দটো লেটিন ভাষাৰ Pollutionem শব্দৰ পৰা আহিছে।

২। কোনটো কালত ফুলৰ ৰেণু উৎপত্তি হোৱাৰ সময়ত বতাহত মিহলি হৈ বায়ু প্রদূষণ হয়।

উত্তৰঃ বসন্ত কালত ফুলৰ ৰেণু উৎপত্তি হোৱাৰ সময়ত বতাহত মিহলি হৈ বায়ু প্রদূষণ হয়।

৩। ইন্ধনত থকা ছালফাৰ উপাদানসাপেক্ষে যান-বাহনৰ পৰা বিভিন্ন পৰিমাণৰ কি নির্গত হয়?

উত্তৰঃ ইন্ধনত থকা ছালফাৰ উপাদানসাপেক্ষে যান-বাহনৰ পৰা বিভিন্ন পৰিমাণৰ ছালফাৰ ডাই অক্সাইড (SO₂) নির্গত হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। জল প্ৰদূষণৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ মানুহ আৰু আন জলজ জীৱৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ পেলাব পৰা পানীৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণৰ পৰিৱৰ্তন।

৫। পানীৰ পৰা হোৱা দুটা ৰোগৰ নাম লিখা।

উত্তৰঃ পানীৰ পৰা হোৱা দুটা ৰোগৰ নাম হ’ল― ডায়েৰিয়া আৰু টাইফইড।

৬। মুখ্য আৰু গৌণ প্ৰদূষকৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ মুখ্য প্ৰদূষক পোনপটীয়াকৈ উৎসৰ পৰা ওলায়। আনহাতে, গৌণ প্ৰদূষক মুখ্য প্ৰদূষকৰ ৰাসায়নিক বিক্ৰিয়াৰে সৃষ্টি হয়।

৭। শব্দ প্ৰদূষণৰ প্ৰাকৃতিক উৎস কি?

উত্তৰঃ শব্দ প্ৰদূষণৰ প্ৰাকৃতিক উৎস হ’ল- ঢেৰেকনি।

৮। সূৰ্যৰ পোহৰত হাইড্ৰ’কার্বন আৰু নাইট্ৰ’জেন অক্সাইডৰ বিক্রিয়া ঘটি কি সৃষ্টি হয়?

উত্তৰঃ সূৰ্যৰ পোহৰত হাইড্ৰ’কার্বন আৰু নাইট্ৰ’জেন অক্সাইডৰ বিক্রিয়া ঘটি পেৰ’ক্সি এচিটাইল নাইট্রেট (PAN) নামৰ গৌণ প্ৰদূষক সৃষ্টি হয়।

৯। ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ হোৱা এটা উৎসৰ নাম লিখা।

উত্তৰঃ ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ হোৱা এটা উৎসৰ নাম হ’ল- গেছ ষ্ট’ভৰ ধোঁৱা।

১০। কিহৰ ফলত যান-বাহনৰ ধোঁৱা প্ৰদূষণ বৃদ্ধি কৰে?

উত্তৰঃ বেয়া ইন্ধন, পুৰণি ইঞ্জিন, বেয়া পথ ব্যৱস্থাৰ ফলত যান-বাহনৰ ধোঁৱা প্ৰদূষণ বৃদ্ধি কৰে।

১১। ৰাসায়নিক প্রকল্প, ধাতৱ পদার্থ নিৰ্মাণকাৰী প্রকল্প, স্পেল্টাৰ, কাগজ কল, সূতা আৰু কাপোৰৰ মিল, পেট্র’লিয়াম শোধনাগাৰ, সাংশ্লেষিক ৰাবাৰ উৎপাদন প্রকল্প আদিৰ দৰে উদ্যোগৰ পৰা কিমান বায়ু প্ৰদূষণ হয়?

উত্তৰঃ ৰাসায়নিক প্রকল্প, ধাতৱ পদার্থ নিৰ্মাণকাৰী প্রকল্প, স্পেল্টাৰ, কাগজ কল, সূতা আৰু কাপোৰৰ মিল, পেট্র’লিয়াম শোধনাগাৰ, সাংশ্লেষিক ৰাবাৰ উৎপাদন প্রকল্প আদিৰ দৰে উদ্যোগৰ পৰা ২০ শতাংশ বায়ু প্ৰদূষণ হয়।

১২। বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ কেই প্ৰকাৰৰ?

উত্তৰঃ বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ দুই প্ৰকাৰৰ।

১৩। মুখ্য প্ৰদূষকৰ উদাহৰণ দিয়া।

উত্তৰঃ মুখ্য প্ৰদূষকৰ উদাহৰণ হ’ল- ছালফাৰৰ অক্সাইড, নাইট্ৰ’জেনৰ অক্সাইড, হাইড্র ‘কার্বন আদি।

১৪। শৌচাগাৰ, বৰ্জিত পদাৰ্থৰ নলা, আৱৰ্জনা আদিৰ পৰা পানীৰ উৎস অতি কমেও কিমান মিটাৰৰ পৰা কিমান মিটাৰৰ আঁতৰৰ উচ্চ ঠাইত থকা উচিত?

উত্তৰঃ শৌচাগাৰ, বৰ্জিত পদাৰ্থৰ নলা, আৱৰ্জনা আদিৰ পৰা পানীৰ উৎস অতি কমেও ১০ মিটাৰৰ পৰা ১৫ মিটাৰৰ আঁতৰৰ উচ্চ ঠাইত থকা উচিত।

১৫। ঘৰুৱা, ব্যৱসায়িক, প্রাতিষ্ঠানিক, কৃষি, খনন আৰু ঔদ্যোগিক কাম-কাজৰ ফলত কি সৃষ্টি হয়?

উত্তৰঃ ঘৰুৱা, ব্যৱসায়িক, প্রাতিষ্ঠানিক, কৃষি, খনন আৰু ঔদ্যোগিক কাম-কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top