Class 11 Environmental Studies Important Chapter 4 প্রাকৃতিক সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 4 প্রাকৃতিক সম্পদ Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.
Class 11 Environmental Studies Important Chapter 4 প্রাকৃতিক সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.
প্রাকৃতিক সম্পদ
Chapter: 4
| গোট – ১: পৰিৱেশ শিক্ষা |
| IMPORTANT QUESTION AND ANSWER |
১। প্ৰাকৃতিক সম্পদসমূহ কেই প্ৰকাৰ আৰু কি কি?
উত্তৰঃ প্ৰাকৃতিক সম্পদসমূহ দুই প্ৰকাৰ আৰু এই প্ৰকাৰসমূহ হ’ল― নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য।
২। ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূব ভাৰতৰ সকলো বোৱতী নদীৰ উৎস কি।
উত্তৰঃ ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ-পূব ভাৰতৰ সকলো বোৱতী নদীৰ উৎস হ’ল- হিমালয়ৰ হিমবাহ।
৩। অসমৰ সোৱণশিৰি নদীত কিমান শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল?
উত্তৰঃ অসমৰ সোৱণশিৰি নদীত উনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল।
৪। নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া?
উত্তৰঃ নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হ’ল― সৌৰশক্তি, অৰণ্য, বনজ সম্পদ আদি।
৫। ভূ-পৃষ্ঠত কিমান শতাংশ পানী সহজে ব্যৱহাৰযোগ্য?
উত্তৰঃ ভূ-পৃষ্ঠত কেৱল ০.০০৩ শতাংশ পানী সহজে ব্যৱহাৰযোগ্য।
৬। ONGC মানে কি?
উত্তৰঃ ONGC মানে হ’ল তেল আৰু গেছ আহৰণৰ এখন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান।
৭। নৱীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত এটা পাৰ্থক্য লিখা?
উত্তৰঃ নৱীকৰণযোগ্য সম্পদ আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত এটা পাৰ্থক্য হ’ল―
নৱীকৰণযোগ্য সম্পদসমূহ অফুৰন্ত আৰু এইসমূহক এটা নির্দিষ্ট সময়ৰ ভিতৰত পুনৰ সৃষ্টি কৰিব পৰা যায়। আনহাতে, অনবীকৰণযোগ্য সম্পদ সম্পদসমূহ সীমিত পৰিমাণতহে প্রকৃতিত পোৱা যায়।
৮। মেঘালয় কিহৰ বাবে বিখ্যাত?
উত্তৰঃ মেঘালয় ইউৰেনিয়াম, কয়লা আৰু চূণশিলৰ বাবে বিখ্যাত।
৯। খনিজ দ্রব্যসমূহ কেই প্ৰকাৰৰ?
উত্তৰঃ খনিজ দ্রব্যসমূহ তিনি প্ৰকাৰৰ।
১০। অসমত বৰ্তমান কিমান শতাংশ ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ অসমত বৰ্তমান ১২.৮৩ শতাংশ ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰা হৈছে।
১১। অসমৰ কোনটো নদীত উনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল?
উত্তৰঃ অসমৰ সোৱণশিৰি নদীত উনৈশ শতিকাৰ পূৰ্বৰে পৰা সোণ আহৰণ চলি আহিছিল।
১২। আমাৰ দৈনন্দিন জীৱনত সদায়ে ব্যৱহাৰ কৰা খনিজ পদার্থসমূহ কি কি?
উত্তৰঃ আমাৰ দৈনন্দিন জীৱনত সদায়ে ব্যৱহাৰ কৰা খনিজ পদার্থসমূহ হৈছে- লো, কয়লা, জিংক আদি।
১৩। ভূমি ক্ষয়ৰ যিকোনো এটা কাৰণ লিখা?
উত্তৰঃ ভূমি ক্ষয়ৰ যিকোনো এটা কাৰণ হ’ল― লুণীয়াকৰণ, ছডিয়াম, মেগনেছিয়াম আৰু কেলছিয়ামৰ দ্রব্য লৱণ জমা হৈ মাটিৰ উৰ্বৰতাত প্ৰভাৱ।
১৪। পৃথিৱীত থকা জীৱসমূহৰ বাবে অতি প্রয়োজনীয় অক্সিজেন গেছ সালোক সংশ্লেষণৰ জৰিয়তে কি উৎপাদন কৰে?
উত্তৰঃ পৃথিৱীত থকা জীৱসমূহৰ বাবে অতি প্রয়োজনীয় অক্সিজেন গেছ সালোক সংশ্লেষণৰ জৰিয়তে সেউজীয়া উদ্ভিদে উৎপাদন কৰে।
১৫। অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।
উত্তৰঃ অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ’ল- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.




