Class 11 Environmental Studies Important Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Class 11 Environmental Studies Important Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.

Class 11 Environmental Studies Important Chapter 3 জৈৱ বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 3

গোট – ১: পৰিৱেশ শিক্ষা
IMPORTANT QUESTION AND ANSWER

১। উন্নয়নশীল দেশবোৰৰ প্ৰায় কিমান শতাংশ মানুহে প্রাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ উন্নয়নশীল দেশবোৰৰ প্ৰায় ৮০ শতাংশ মানুহে প্রাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে।

২। জৈৱ-বৈচিত্র্যৰ প্ৰধান তিনিটা স্তৰসমূহ কি কি?

উত্তৰঃ জৈৱ-বৈচিত্র্যৰ প্ৰধান তিনিটা স্তৰসমূহ হ’ল― জিনগত জৈৱ-বৈচিত্র্য, প্ৰজাতিগত জৈৱ-বৈচিত্র্য আৰু পৰিস্থিতিতন্ত্ৰ জৈৱ-বৈচিত্র্য।

৩। অসমত এতিয়া কেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু কেইখন বন্যপ্রাণী অভয়াৰণ্য আছে?

উত্তৰঃ অসমত এতিয়া ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ২২ খন বন্যপ্রাণী অভয়াৰণ্য আছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতত কিমান খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে?

উত্তৰঃ ভাৰতত ৫৩৩ খনতকৈ অধিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে।

৫। বায়’পাইৰেচি বুলিলে কি বুজা?

উত্তৰঃ এখন দেশৰ পৰম্পৰাগত জীৱসম্পদ বিদেশী কোম্পানীয়ে অপব্যৱহাৰ কৰি পেটেন্ট লোৱাৰ পদ্ধতিক বায়’পাইৰেচি বোলে।

৬। কিহৰ পৰা উণৰ কাপোৰ তৈয়াৰ কৰা হয়?

উত্তৰঃ ভেড়াৰ নোমৰ পৰা উণৰ কাপোৰ তৈয়াৰ কৰা হয়।

৭। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি সংৰক্ষণ কৰা হয়?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এছীয় গঁড়, দল হৰিণ, হাতী আৰু বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণ কৰা হয়।

৮। কাৰ পূজাত ধতুৰা ফুল অর্পণ কৰা হয়?

উত্তৰঃ শিৱৰ পূজাত ধতুৰা ফুল অর্পণ কৰা হয়।

৯। কাৰ পূজাত জবা ফুল অর্পণ কৰা হয়?

উত্তৰঃ দেৱী কালী মাতাৰ পূজাত জবা ফুল অর্পণ কৰা হয়।

১০। জৈৱ-বৈচিত্র্যৰ সংৰক্ষণ কেইটা আৰু কি কি?

উত্তৰঃ জৈৱ-বৈচিত্র্যৰ সংৰক্ষণ দুটা আৰু সেইকেইটা হ’ল― অন্তঃ সংৰক্ষণ আৰু বহিঃ সংৰক্ষণ।

১১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ জৰিয়তে কাক সংৰক্ষণ কৰা হৈছে?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ জৰিয়তে এছীয় গড়ক সংৰক্ষণ কৰা হৈছে।

১২। কিহৰ বাবে হাতী, গঁড়, বাঘ আদিৰ নিয়মীয়াকৈ চোৰাং চিকাৰ কৰি থকা হৈছে?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বাবে হাতী, গঁড়, বাঘ আদিৰ নিয়মীয়াকৈ চোৰাং চিকাৰ কৰি থকা হৈছে।

১৩। এন্টিবায়টিক ঔষধ হিচাপে আমি যি পেনিচিলিন দৰব ব্যৱহাৰ কৰো সেই দৰব কিহৰ পৰা তৈয়াৰ কৰা হয়?

উত্তৰঃ এন্টিবায়টিক ঔষধ হিচাপে আমি যি পেনিচিলিন দৰব ব্যৱহাৰ কৰো সেই দৰব ‘পেনিচিলিয়াম’ নামৰ এবিধ ফাংগাছৰ পৰা তৈয়াৰ কৰা হয়।

১৪। বহিঃ সংৰক্ষণৰ এটা উদাহৰণ লিখা।

উত্তৰঃ বহিঃ সংৰক্ষণৰ এটা উদাহৰণ হ’ল― উদ্ভিদ উদ্যান।

১৫। জলবায়ু পৰিৱৰ্তনে কিহত প্ৰভাৱ পেলায়?

উত্তৰঃ জলবায়ু পৰিৱৰ্তনে জৈৱ-বৈচিত্র্য, কৃষি, পৰিস্থিতিতন্ত্র আদিত প্ৰভাৱ পেলায়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top