Class 11 Environmental Studies Important Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা

Class 11 Environmental Studies Important Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.

Class 11 Environmental Studies Important Chapter 2 বাস্তব্য বিদ্যা সম্পৰ্কীয় ধাৰণা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

গোট – ১: পৰিৱেশ শিক্ষা
IMPORTANT QUESTION AND ANSWER

১। বাস্তব্য বিদ্যা কাক বোলে?

উত্তৰঃ উদ্ভিদ, জন্তু, অণুজীৱ আৰু সিহঁতৰ পৰিৱেশৰ মাজৰ আন্তঃসম্পৰ্কক লৈ হোৱা বিজ্ঞানভিত্তিক অধ্যয়নক বাস্তব্য বিদ্যা বোলে।

২। প্রাকৃতিক পৰিস্থিতিতন্ত্র কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ প্রাকৃতিক পৰিস্থিতিতন্ত্র দুটা ভাগত ভাগ কৰিব পাৰি।

৩। যিবোৰ জীৱ-জন্তুৱে পোনপটীয়াভাৱে উৎপাদকবোৰক আহাৰ বা খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক কি বুলি কোৱা হয়?

উত্তৰঃ যিবোৰ জীৱ-জন্তুৱে পোনপটীয়াভাৱে উৎপাদকবোৰক আহাৰ বা খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক তৃণভোজী বা প্রাথমিক উপভোক্তা বুলি কোৱা হয়।

৪। ‘ইকোলজি’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ‘ইকোলজি’ শব্দটো গ্ৰীক শব্দ ‘Oikos’ আৰু ‘Logos’ৰ পৰা উৎপত্তি হৈছে।

৫। প্রাকৃতিক পৰিস্থিতিতন্ত্রৰ দুটা ভাগ কি কি? উদাহৰণ সৈতে লিখা।

উত্তৰঃ প্রাকৃতিক পৰিস্থিতিতন্ত্রৰ দুটা ভাগ হ’ল―

(i) ভূস্থলীয় পৰিস্থিতিতন্ত্র: উদাহৰণ― বনাঞ্চল পৰিস্থিতিতন্ত্র, তৃণভূমি পৰিস্থিতিতন্ত্র, মৰুভূমি পৰিস্থিতিতন্ত্র। 

(ii) জলজ পৰিস্থিতিতন্ত্র: এই পৰিস্থিতিতন্ত্র নির্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্র হ’ব পাৰে। নির্মল জল পৰিস্থিতিতন্ত্র প্রবহমান (মুক্ত প্রবাহৰ ৰূপত, যেনে নদী) অথবা আবদ্ধ জলৰো (lentic) (স্থিৰ ৰূপৰ, যেনে, পুখুৰী, হ্রদ) হ’ব পাৰে।

৬। বৃহৎ উপভোক্তা কাক বোলে?

উত্তৰঃ যিবোৰ জীৱ-জন্তুৱে উৎপাদকসকলৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহাৰ উপভোগ কৰে সিহঁতক বৃহৎ উপভোক্তা বুলি কোৱা হয়।

৭। খাদ্য শৃংখল বুলিলে কি বুজা?

উত্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱা অনুক্রমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়।

৮। Oikos-ৰ অর্থ কি?

উত্তৰঃ Oikos-ৰ অর্থ হ’ল― বাসস্থান।

৯। মৃতদেহ আৰু গেলা-পচাভোগীৰ উদাহৰণ দিয়া।

উত্তৰঃ মৃতদেহ আৰু গেলা-পচাভোগীৰ উদাহৰণ সমূহ হ’ল― গুবৰুৱা পোক, ফুতিপোক, পৰুৱা, কেঁচু আদি।

১০। ক্ষুদ্র উপভোক্তা কাক বোলে?

উত্তৰঃ যিবোৰে গেলি যোৱা বা ভাঙি পৰা মৃত উদ্ভিদ আৰু পৰিৱেশত থকা জৈৱিক বস্তুসমূহৰ পৰা পুষ্টি সংগ্ৰহ কৰে। ইহঁতক পচনকাৰক বা বিয়োজক বা ক্ষুদ্র উপভোক্তা বুলি কোৱা হয়।

১১। বাস্তব্য বিদ্যা পিৰামিড কেই প্ৰকাৰ?

উত্তৰঃ বাস্তব্য বিদ্যা পিৰামিড তিনি প্ৰকাৰ।

১২। পৰিস্থিতিতন্ত্রৰ কেই প্ৰকাৰ আৰু কি কি?

উত্তৰঃ পৰিস্থিতিতন্ত্রৰ দুই প্ৰকাৰ আৰু এই প্ৰকাৰসমূহ হ’ল― প্রাকৃতিক পৰিস্থিতিতন্ত্র আৰু কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্র।

১৩। জনসংখ্যা বুলিলে কি বুজা?

উত্তৰঃ এটা নির্দিষ্ট সময়ত একোটা নির্দিষ্ট এলেকাত বসবাস কৰা একেই প্রজাতিৰ প্রতিটো প্রাণীক লৈ গঠিত গোটক জনসংখ্যা বুলি কোৱা হয়।

১৪। পৌষ্টিক স্তৰ কি?

উত্তৰঃ যিকোনো পৰিস্থিতিতন্ত্রত প্রতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয়।

১৫। সর্বভক্ষী প্ৰাণীয়ে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে?

উত্তৰঃ সর্বভক্ষী প্রাণীয়ে জীৱ -জন্তু, উদ্ভিদ আদি আটাইবোৰকে খাদ্য হিচাপে গ্রহণ কৰে। যেনে- মানুহ, শিয়াল, এন্দুৰ আদি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top