Class 11 Environmental Studies Important Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা

Class 11 Environmental Studies Important Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Environmental Studies Important Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা Solutions in Assamese and select need one. Class 11 Environmental Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Environmental Studies Important Question Answer in Assamese.

Class 11 Environmental Studies Important Chapter 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Environmental Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Environmental Studies Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 1

গোট – ১: পৰিৱেশ শিক্ষা
IMPORTANT QUESTION AND ANSWER

১। পৰিৱেশৰ অৰ্থ কি?

উত্তৰঃ পৰিৱেশ শব্দৰ অৰ্থ হ’ল- আমাৰ চাৰিওফালৰ অৱস্থা।

২। পৰিৱেশৰ উপাদান কেইটা আৰু কি কি?

উত্তৰঃ পৰিৱেশৰ উপাদান তিনিটা আৰু সেই উপাদান সমুহ হ’ল- অজৈৱিক উপাদান, জৈৱিক উপাদান আৰু শক্তি উপাদান।

৩। অজৈৱিক অথবা ভৌতিক পৰিৱেশক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ অজৈৱিক অথবা ভৌতিক পৰিৱেশক তিনিটা ভাগত ভাগ কৰিব পাৰি।

৪। কিমান শতাংশ পানীহে মানুহৰ পোনপটীয়াভাৱে ব্যৱহাৰৰ বাবে পোৱা যায়?

উত্তৰঃ ১ শতাংশ পানীহে মানুহৰ পোনপটীয়াভাৱে ব্যৱহাৰৰ বাবে পোৱা যায়।

৫। কিমান চনত ছোভিয়েট ইউনিয়নৰ বিলিছিত পোন প্ৰথমবাৰৰ বাবে পৰিৱেশ শিক্ষা বিষয়ত বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহৰ এখন সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৭৭ চনত ছোভিয়েট ইউনিয়নৰ বিলিছিত পোন প্ৰথমবাৰৰ বাবে পৰিৱেশ শিক্ষা বিষয়ত বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহৰ এখন সম্মিলন অনুষ্ঠিত হৈছিল।

৬। পৰিৱেশ শব্দ কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ পৰিৱেশ শব্দ ফৰাছী ভাষাৰ “Environner” শব্দৰ পৰা উৎপত্তি হৈছে।

৭। জৈৱিক উপাদান কাক বোলে?

উত্তৰঃ মানুহ, প্ৰাণী, উদ্ভিদ আদি জীৱিত বস্তুবোৰক জৈৱিক উপাদান বোলা হয়।

৮। পৰিৱেশ শিক্ষাৰ এটি বৈশিষ্ট্য কি?

উত্তৰঃ পৰিৱেশ শিক্ষাৰ এটি বৈশিষ্ট্য হ’ল-

(i) ই বহুমুখী বিষয় আৰু বিভিন্ন শাখাৰ জ্ঞানৰ সংমিশ্ৰণ।

৯। কিমান চনত অনুষ্ঠিত মানৱ পৰিৱেশ সম্পর্কীয় ষ্টকহোম সন্মিলনত পৰিৱেশকেন্দ্ৰিক শিক্ষাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল?

উত্তৰঃ ১৯৭২ চনত অনুষ্ঠিত মানৱ পৰিৱেশ সম্পর্কীয় ষ্টকহোম সন্মিলনত পৰিৱেশকেন্দ্ৰিক শিক্ষাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

১০। বায়ুমণ্ডলক বহলভাৱে কেইটা স্তৰত ভাগ কৰিব পাৰি?

উত্তৰঃ বায়ুমণ্ডলক বহলভাৱে চাৰিটা স্তৰত ভাগ কৰিব পাৰি।

১১। জলমণ্ডলত অন্তর্ভুক্ত জলসম্পদসমূহ কি কি?

উত্তৰঃ জলমণ্ডলত অন্তর্ভুক্ত জলসম্পদসমূহ হ’ল– মহাসাগৰ, সাগৰ, নদ-নদী, হ্রদ, জলাধাৰ, হিমবাহ, মেৰু অঞ্চলৰ তুষাৰ স্তৰ আৰু ভূগর্ভস্থ পানী।

১২। পৃথিৱীৰ মুঠ কিমান শতাংশ ভূ-ভাগ পানীৰে আৱৃত?

উত্তৰঃ পৃথিৱীৰ ভূ-ভাগৰ প্ৰায় ৭১ শতাংশ পানীৰে আৱৃত।

১৩। পৃথিৱীত পোৱা মুঠ পানীৰ পৰিমাণ কিমান?

উত্তৰঃ পৃথিৱীত প্ৰায় ১৪০০ নিযুত কিউবিক কিলোমিটাৰ পানী আছে।

১৪। কিয় মহাসাগৰৰ পানী মানুহৰ ব্যৱহাৰৰ উপযোগী নহয়?

উত্তৰঃ মহাসাগৰৰ পানী লৱণযুক্ত হোৱাৰ বাবে মানুহৰ ব্যৱহাৰৰ উপযোগী নহয়।

১৫। পৃথিৱীৰ মাত্ৰ কিমান শতাংশ পানী নির্মল?

উত্তৰঃ পৃথিৱীৰ মাত্ৰ ৩ শতাংশ পানীহে নির্মল বা মিঠা পানী।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top