Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

Join Telegram channel

Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ The answer to each chapter is provided in the list so that you can easily browse through different chapters Assam Board HS 1st Year Environmental Studies Chapter 5 পৰিৱেশ প্ৰদূষণ Question Answer.

Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Environment Chapter 5 পৰিৱেশ প্ৰদূষণ Notes for All Subjects, You can practice these here.

পৰিৱেশ প্ৰদূষণ

অধ্যায় – ৫

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

১। পৰিবেশ প্ৰদূষণ মানে কি বুজা ? বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা ৷ 

উত্তৰঃ পৰিবেশ প্ৰদূষণ :- পৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বুলি কোৱা হয় । পৰিবেশ প্ৰদূষণ আধুনিক যুগৰ এক ভয়াবহ সমস্যা । পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু , পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে । ফলস্বৰূপে জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে । স্বাৰ্থপৰ মানুহে নিজৰ অভাৱ পূৰ্ণৰ বাবে পৰিবেশৰ মূল উপাদান বায়ু , পানী , মাটি , প্রাকৃতিক সম্পদ আৰু জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । উন্নয়নশীল দেশসমূহে উন্নতিৰ শিখৰত উঠাৰ তীব্র প্রতিযোগিতাত অৱতীৰ্ণ হৈ প্রাকৃতিক সম্পদ লুণ্ঠনত নামি পৰিছে । ফলস্বৰূপে সমগ্ৰ পৃথিৱীকে পৰিবেশ প্ৰদূষণৰ সমস্যাই আগুৰি ধৰিছে । 

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ’ল– 

(১) পৰিবেশ অনুসৰি— যেতিয়া পৰিবেশৰ বিভিন্ন অংশ প্ৰদূষণত আক্রান্ত হয় তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি — 

(ক) বায়ু প্ৰদূষণ ।

(খ) জল প্ৰদূষণ । আৰু

(খ) ভূমি প্ৰদূষণ ।

(২) প্ৰদূষক অনুসৰি – প্ৰদূষক অনুসৰি প্ৰদূষণ নিন্মোক্ত প্ৰকাৰৰ হ’ব পাৰে – 

(ক) তাপ প্ৰদূষণ ।

(খ) শব্দ প্ৰদূষণ ।

(গ) তেজস্ক্ৰিয় প্ৰদূষণ ।

(ঘ) গোটা আবৰ্জনাৰ প্ৰদূষণ ।

(ঙ) তৈল প্ৰদূষণ ।

(চ) ঔদ্যোগিক প্ৰদূষণ । আৰু

(ছ) সাগৰীয় প্ৰদূষণ ।

২। বায়ু প্ৰদূষণ কি ? বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা । 

উত্তৰঃ বায়ু প্ৰদূষণ :- বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্র অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্রিয়া কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণী জগত আৰু উদ্ভিদ জগতৰ ক্ষতি কৰা এক প্রক্রিয়া । বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক ( জীৱ আৰু উদ্ভিদ ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ । 

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল – 

(ক) ধূলিকণা আৰু জীৱাণু । 

(খ) কার্বন – ডাই – অক্সাইড । 

(গ) ছালফাৰ – ডাই – অক্সাইড । 

(ঘ) কাৰ্বন মন’ক্সাইড । 

(ঙ) হাইড্ৰ’জেন অক্সাইড । 

(চ) নাইট্ৰ’জেন অক্সাইড । 

(ছ) সীহ ইত্যাদি । 

৩। মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্রভাবৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্র , হৃদপিণ্ড আৰু হাওঁফাওঁৰ জটিলতাৰ সৃষ্টি কৰে । তেজৰ হিম’গ্ল’বিনৰ সৈতে CO যুক্ত হৈ কাৰ্বক্সি হ’ম’গ্ল’বিন উৎপন্ন কৰে । এই পদার্থবিধে লোহিত ৰক্তকণিকাৰ ( RBC ) অক্সিজেন বহন কৰে । ক্ষমতা কমাই দিয়ে । SO₂ গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে ; ডিঙিত খচখচনি তোলে আৰু চকু জল জলীয় কৰে । নাইট্ৰ’জেনৰ অক্সাইডে চকু আৰু নাকৰ খচখচনি তোলে । কণিকা জাতীয় প্রদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আবদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে । 

8। জলপ্ৰদূষণ কি ? মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি ? 

উত্তৰঃ জলপ্ৰদূষণ :- পানীত অনিষ্টকাৰী কণা , মৌল বা বীজাণু মিহলি হৈ থাকিলে পানীখিনি প্ৰদূষিত হোৱা বুলি কোৱা হয় ইয়াকে জল প্রদূষণ বোলা হয় ।

মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হল – 

(ক) টাইফইয়– ছেলমনেলা টাইফি ।

(খ) কলেৰা – ভিব্ৰিঅ ‘ কলেৰা ।

(গ) ডিচেন্ট্রি – ছিজেলা ।

(ঘ) ডায়েৰিয়া – ক্রিপ্টছপৰিডিয়াম । 

(ঙ) জিয়াৰডিয়াছিছ – জিয়াৰডিয়া লেম্বলিয়া । 

(চ) ডায়েৰিয়া – ই-কলি ।

(ছ) গেষ্ট্ৰ’এণ্টাৰাইটিছ – বিভিন্ন ভাইৰাছ ।

(জ) পলিঅ’— পলিঅ ‘ ভাইৰাছ । 

ঘৰুৱা বৰ্জিত পদাৰ্থ আৰু অন্যান্য আবর্জনা বা মানুহ জীৱ – জন্তুৰ দ্বাৰা বর্জিত পদার্থ প্রত্যক্ষ বা পৰোক্ষভাবে খোৱা পানীৰ লগত মিহলি হৈ দূষিত হোৱাটো বিশেষকৈ তৃতীয় বিশ্বত পানীৰ গুণাগুণৰ লগত জড়িত অতি সাধাৰণ আৰু বহলভাবে ব্যাপ্ত সমস্যা । বৰ্জিত পদাৰ্থৰ পৰা হোৱা প্ৰদূষণৰ বাবে বেক্টেৰিয়া , ভাইৰাছ , বিভিন্ন পৰজীৱীৰ দৰে আন্ত্ৰিক বীজাণুসমূহ শৰীৰলৈ আহে আৰু এইসমূহৰ পৰা সাধাৰণ গেষ্ট্র’এণ্টাৰাইটিছৰ পৰা গুৰুতৰ আৰু মাৰাত্মক গ্রহণী , কলেৰা বা টাইফইড পর্যন্ত বিভিন্ন ৰোগ হয় । তদুপৰি ঘাঁ , জ্বৰ , মায় কাৰ্ডাইটিছ , মেননজাইটিছ , শ্বাসজনিত ৰোগ আদি হ’ব পাৰে । পানীৰ উৎসত বৈ অহা ঘৰুৱা বৰ্জিত পদার্থ মিহলি হলে এমিবিয়াছিছ , জিয়াৰডিয়াছিছ আদি প্ৰট’জৱাৰ পৰা হোৱা বেমাৰ হয় । 

৫। ভূমি প্ৰদূষণ কি ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? 

উত্তৰঃ ভূমি প্ৰদূষণ :- প্রাকৃতিক কাৰক , মানুহৰ কু – কার্য অর্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় , তাকে স্থল প্রদূষণ বুলি কোৱা হয় ৷ 

ভূমি প্ৰদূষণৰ নিয়ন্ত্ৰণ ব্যৱস্থা :- 

(ক) উদ্যোগৰ বৰ্জিত পদার্থসমূহক মাটিত এৰি দিয়াৰ পূৰ্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে । 

(খ) গোটা আবর্জনাসমূহক উৎসতে জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় হিচাপে ভাগ কৰি ফলপ্ৰসু বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে ৷ 

(গ) ৰাসায়নিক সাৰৰ পৰিবৰ্ত্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত । 

(ঘ) ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত ।

(ঙ) মাটিত থকা বিষাক্ত ৰাসায়নিক পদার্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচৰ্যা পদ্ধতি অৱলম্বন কৰিব পৰা যায় ৷ 

(চ) ভূমি প্ৰদূষিত কৰাত যিসকল জড়িত সেইসমূহ শাস্তিমূলক ব্যৱস্থা লবৰ বাবে প্ৰয়োজনীয় আইন প্ৰৱৰ্ত্তন কৰা উচিত । 

(ছ) মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত । 

৬। গোটা আৱৰ্জনা কি ? সেইবোৰক কিদৰে ভাগ কৰা হয় ? উদাহৰণ দিয়া । 

উত্তৰঃ গোটা আৱৰ্জনা :- ঘৰুৱা , ব্যৱসায়িক , প্রতিষ্ঠানিক , কৃষি , খনন আৰু ঔদ্যোগিক কাম কাজৰ ফলত গোটা আৱৰ্জনা সৃষ্টি হয় । ব্যৱহাৰৰ অনুপযোগী আৰু অনাৱশ্যকীয় বুলি পেলাই দিয়া এনে আৱৰ্জনাক গোটা আৱৰ্জনা বোলা হয় । 

পেলনীয়া পদাৰ্থৰ বৈশিষ্ট্য আৰু পৰিমানৰ ওপৰত ভিত্তি কৰি তলত দিয়া শ্ৰেণীত ভাক কৰা হৈছে । 

১। নগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ । 

২। শিল্প উদ্যোগৰ পেলনীয়া পদার্থ । 

৩। কৃষি কাৰ্যৰ পেলনীয়া পদার্থ । 

৪। জৈৱ ( অণুজীৱ ) , সম্বন্ধীয় প্ৰদূষণ । আৰু

৫। তেজষ্ক্রিয় পদাৰ্থৰ পেলনীয়া অংশ ।

১। নিগৰ বা পৌৰ এলেকাৰ পেলনীয়া পদার্থ :- নগৰ অঞ্চলত জসংখ্যা দিনকদিনে বাঢ়ি গৈছে আৰু মানুহবিলাকে অপৰিকল্পিতভাৱে ঘৰ সাজি লৈছে । বৰষুণৰ পানী যোৱাৰ বাবে নলা – নর্দমা নাই , নাই মুকলি ঠাই যাৰ ফলত মানুহবিলাকে নিত্য ব্যৱহৃত সামগ্ৰী য’তে – ত’তে পেলাই দিয়ে যাৰ ফলত বৰষুণ এজাক দিলে সেইবিলাক য’তে ত’তে সিচৰিত হৈ মুখ কৰিব নোৱাৰা অৱস্থা হয় । পৌৰ নিগমৰ , জাবৰ পেলোৱা ডাষ্টবিনৰ সুব্যৱস্থা নাই । বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলিথিনৰ কেৰী বেগ । এই পলিথিনৰ পচনক্রিয়া নাই । নলা , নর্দমা আদিত এইবোৰ পেলাই দিয়াৰ ফলত নালা নর্দমা বন্ধ হৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে । 

২। শিল্প উদ্যোগৰ পেলনীয়া পদার্থ :- শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া পানী আৰু অন্য পদাৰ্থবোৰেই মাটি প্রদূষিত কৰে । এই কল কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু অন্যান্য পেলনীয়া পানী আৰু অন্য পদার্থবিলাকে মাটি আৰু পানী প্ৰদূষণ ঘটাই জনজীৱন দুৰ্বহ কৰি তুলিছে । 

৩। কৃষি কাৰ্যৰ পেলনীয়া পদাৰ্থ :- ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে । ফলত অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে কৃষি কাৰ্যত বিভিন্ন পৰিকাৰৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিব লাগে । এই ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ৰাসায়নিক সাৰ , কীট পতঙ্গ নিয়ন্ত্ৰণৰ কাৰণে কীটনাশক ৰোগ নিবাৰণৰ বাবে ৰোগনাশিক আদি প্রধান । এই ৰাসায়নিক দ্রব্যবিলাকে মাটিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট কৰে । জধে-মধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে সাৰৰ লগতে থকা মৌল আৰু মাটিত মৌলৰ লগত বিক্রিয়া ঘটি লৱণযুক্ত হয় আৰু অম্লতা বাঢ়ে । নাইট্ৰজেনযুক্ত সাৰৰ পৰা নাইট্রেট ৰূপত নাইট্ৰ’জেন মাটিৰ তলেদি নিৰ্ধাৰণ পক্ৰিয়াৰে বৰষুণে উঁটুৱাই নি বিল , পুখুৰী আদিত পেলায় । ফলত ই পানীৰ লগত মিহলি হৈ মাত্মক বোমাৰৰ সৃষ্টি কৰে । 

৪। জৈৱ সম্বন্ধীয় প্ৰদূষণ :- বিভিন্ন ৰোগৰ বীজাণু মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে । পেলু আদি পৰজীৱীবোৰে মানুহ , অন্যান্য পৌহনীয়া বা বনৰীয়া পশু – পক্ষীৰ মাটিৰ যোগেদি শৰীৰত প্ৰবেশ কৰে । ৰোগাক্রান্তই ত্যাগ মল মূত্ৰত এই বীজাণুবিলাক মাটিত বহুদিনলৈকে জীৱিত হোৱা শস্য বা ঘাঁহ , বন আদিত সংক্রমিত হয় । শৌচাগাৰ থকা সত্ত্বেও বহুতো মানুহে পৰম্পৰাগত অভ্যাসৰ কাৰণে বাহনি , পথাৰ আদিত মল – মূত্র ত্যাগ কৰে ৷ বৰষুণৰ পানীয়ে সেই মল উটুৱাই লৈ গৈ শস্যৰ পথাৰ আদিত বিয়পাই দিয়ে । পানী শুকাই যোৱাৰ পাছত সেই মলত থকা পেলুৰ কণী, অন্য বীজাণু আদি মাটি ৰৈ যায় । 

৭। গোট আৱৰ্জনা পৰিবেশগত প্রভাব সম্পর্কে আলোচনা কৰা৷ 

উত্তৰঃ গোটা আৱৰ্জনা পৰিবেশগত প্রভাৱসমূহ হ’ল – 

(ক) জাৱৰ পেলোৱা ঠাইখিনি দূষিত হৈ পৰে , যি ঠাইত বেমাৰৰ বীজাণু কঢ়িওৱা এন্দুৰ নিগনি আৰু মাখিয়ে বংশবৃদ্ধি কৰে । 

(খ) অনুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচন হোৱা বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নির্গত হয় । 

(গ) গোটা জাৱৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি মূৰকত মাটি , মুকলি উৎসৰ পানী আৰু ভূ – গৰ্ভৰ পানীত মিহলি হয় । 

(ঘ) গোটা আৱৰ্জনাত বিভিন্ন ধৰণৰ সামগ্ৰী মিহলি হৈ থাকে আৰু এইবোৰক কোনো পৰ্যায়ত পৃথক কৰা নহয় । এই আৱৰ্জনাৰ মাজত উদ্যোগ , চিকিৎসালয় , নাছিং হোম , ঘৰুৱা কাম – কাজ আদিৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদার্থ থাকে । 

(ঙ) আৱৰ্জনাৰ দ’মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে আৰু এইসমূহে ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে । 

(চ) জাবৰ পেলোৱা ঠাইখিনিৰ মাটিৰ ওপৰিভাগত পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্যা বৃদ্ধি কৰে ৷ 

(ছ) আৱৰ্জনা জমা কৰা ঠাইখনৰ ওপচৰ বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত , ইয়াক এৰাই চলিব নোৱাৰে ৷ 

(জ) বৰ্ত্তমান প্রত্যেকৰে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি অনাটো সময়ৰ অপচয় আৰু ইয়াৰ বাবে আৱৰ্জনা সংগ্ৰহৰ খৰচ বাঢ়ে । 

(ঝ) ট্ৰেক্টৰ বা ট্রাকত মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দর্যও নষ্ট কৰে । 

৮। প্রধান সেউজ গৃহ গেছসমূহ কি কি ? সেউজ গৃহ প্ৰভাৱ কি ? 

উত্তৰঃ প্রধান সেউজ গৃহ গেছসমূহ হৈছে – কার্বন ডাই – অক্সাইড ( CO₂ ) , মিথেন ( CH₄ ) , নাইট্ৰাছ অক্সাইড ( N₂ O ) , ক্লৰ ফ্লৰ’কাৰ্বন ( CFC ) , জলীয় বাষ্প আৰু অজ’ন । 

সেউজ গৃহ প্ৰভাৱ :- গছ – গছনি বঢ়াবলৈ গ্ৰীণ হাউচৰ প্ৰয়োগ কৰা হয়।শীত প্রধান দেশবোৰত শীত কালত পোহৰ আৰু তাপ গছ – গছনিৰ বৃদ্ধিৰ বাবে যথেষ্ট নহয় ৷ কাচেৰে সজা গ্ৰীণ হাউচে ঘৰৰ ভিতৰত বেলিৰ পোহৰ সোমাব দিয়ে যদিও ইনফ্ৰাৰেড ৰশ্মি ওলাই যোৱাত বাধা দিয়ে । ফলত ঘৰৰ ভিতৰভাগত ক্ৰমশঃ তাপমাত্রা বৃদ্ধি হয় । গ্রীণ হাউচ এফেক্টৰ অৰ্থ হ’ল যে মানুহে সৃষ্টি কৰা কাৰ্বন – ডাই – অক্সাইডে সৃষ্টি কৰা ঢাকনিৰ তলৰ পৰা তাপ ওলাই যাব নোৱাৰি পৃথিৱীৰ উপৰি ভাগত সৃষ্টি কৰা ক্রমবৰ্দ্ধমান উত্তাপ । 

কাৰ্বন – ডাই – অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্রা ক্রমশঃ বৃদ্ধি হ’ব ধৰিছে । তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি হ’লে হিমবাহবোৰ গলিব আৰু সাগৰ মহাসাগৰৰ জলপৃষ্ঠৰৰ উচ্চতা বাঢ়িব । বহুত দ ঠাইৰ পানীৰ তলত ডুবি যাব । সমুদ্র পৃষ্টৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ’ব । এতেকে CO₂ ৰ মাত্ৰা বৃদ্ধি, দ্রুত শিল্পায়ন , অৰণ্য ধ্বংস আৰু জীৱাস্মা যুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপ মাত্রা বৃদ্ধিৰ প্ৰধান কাৰণ । CO₂ ৰ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল’ব লাগিব । 

৯। গোলকীয় উষ্ণায়ন ( গ্ল’বেল ৱামিং ) বুলিলে কি বুজা ? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি :- সেউজ গৃহ প্ৰভাৱৰ বাবে , ভূ – পৃষ্ঠৰ গড় উষ্ণতা প্রায় ১৫° ছেণ্টিগ্রেড হৈ আছে আৰু এই উষ্ণতাত পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকূল । কিন্তু যদিহে সেউজ গৃহ গেছসমূহে এই কাম নকৰে তেন্তে পৃথিৱীৰ অধিক পৰিমাণৰ তাপ পুনৰ আঁতৰি যাব । ইয়াৰ ফলত পৃথিৱীখন শীতল হৈ পৰিব আৰু ইয়াৰ পৰিবেশ হৈ পৰিব জীৱ জীয়াই থাকিব নোৱাৰা । বায়ুমণ্ডলত থকা সেউজ গৃহ গেছসমূহে আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখা বাবে ইয়াত মানুহ আৰু অন্যান্য জীৱসমূহে বৰ্ত্তি থাকিব পাৰিছে । কিন্তু মানুহৰ কাৰ্যকলাপৰ লগতে বিভিন্ন প্রাকৃতিক কাৰণত যোৱা দশককেইটাত সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে । 

বিজ্ঞানীসকলে নির্ণয় কৰিছে যে যোৱা শতিকাৰ প্ৰথম ভাগৰ পৰা এতিয়ালৈকে পৃথিৱীৰ গঢ় উষ্ণতা ০.৩-০.৬২ ছেণ্টিগ্রেড বৃদ্ধি পাইছে । ১৫০ বছৰ পূৰ্বে আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে । ১৭৫০ আৰু ২০০০ চনৰ ভিতৰত কার্বন ডাই – অক্সাইড , মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তা যথাক্রমে ৩১% , ১৭১% আৰু ১৭% বৃদ্ধি পাইছে ( আই পি চি চি , ২০০১ ) । সেউজ গৃহ গেছসমূহে এখন আৱৰণীৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই বোলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি । 

ভূ – পৃষ্ঠৰ উত্তাপ বৃদ্ধি বৰ্তমান সমগ্ৰ মানৱ জাতিৰ বাবেই প্ৰত্যাহ্বান হিচাপে পৰিগণতি হৈছে । ইয়াৰ প্ৰধান ফলাফলসমূহ— 

(ক) ভূ – পৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী ছেণ্টিগ্রেড উষ্ণ হৈ থাকে । এই উষ্ণতা জীৱজগতৰ বাবে অনকূল । 

(খ) জলবায়ুৰ পৰিৱৰ্তন হ’ব ৷ ইয়াৰ ফলত ঠায়ে ঠায়ে বৃষ্টিপাত আৰু তুষাৰপাত অনিয়মীয়া হ’ব । ইয়াৰ উপৰিও বানপানী হৈ কৃষিবিত্তিৰ অৰ্থনীতিৰ দুৰ্বল হ’ব ।

(গ) গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্রভাব বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব ( অহা ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰত ) । ইয়াৰ ফলত নিম্নভূমি দেশবোৰ জলমগ্ন হ’ব । সাগৰীয় পানী বিয়পি পৰি আন পানীৰ উৎসবোৰ নিমখীয়া হ’ব । 

(ঘ) সাগৰীয়া উপকূলীয় অঞ্চলৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব । 

(ঙ) উষ্ণতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট হ’ব । লগে লগে জৈৱ – বৈচিত্ৰতাৰ ভাবুকি হ’ব । 

(চ) সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ বাবে বা – মাৰলি , ঘূর্ণিবতাহ আদি সঘনাই হ’ব । 

(ছ) মানৱ স্বাস্থ্যৰ অৱনতি ঘটিব । উষ্ণ পৰিবেশত বহুতো বীজাণুৱে বংশবৃদ্ধি খৰতকীয়া হ’ব আৰু নতুন নতুন ৰোগৰ বৃদ্ধি হ’ব । 

১০। এচিড বৰষুণ কি ? 

উত্তৰঃ উদ্যোগিক কাম – কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্রধান উৎস । বতাহে যেতিয়া ছালফাৰ ডাই – অক্সাইড আৰু নাইট্ট’জেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বৈ নিয়ে , তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহি ছালফিউৰিক এচিড , নাইট্রিক এচিড , ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে । এই ৰাসায়নিক পদার্থসমূহ সেমেকা ( যেনে এচিড বৰষুণ , তুষাৰ , কুঁৱলী আৰু মেঘাবাষ্প আদি ) আৰু শুকান ( যেনে এচিড ধূলিকণা ) পদাৰ্থৰ ৰূপত ভূ – পৃষ্ঠলৈ নামি আহে । এই গোটেই প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা মিশ্ৰণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top