Class 11 Education Important Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

Class 11 Education Important Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.

Class 11 Education Important Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION AND ANSWER

১। শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ শিক্ষা হৈছে অতি ব্যাপক পৰিসৰৰ। ই আমাৰ জীৱনৰ প্ৰতিটো কথাকেই স্পর্শ কৰে। শিক্ষাই মানুহৰ জীৱন নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। ই মানুহক জ্ঞানৰ পোহৰ দি অন্যান্য জীৱ-জন্তুৰ পৰা পৃথক কৰি ৰাখে।

২। শিক্ষা শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হৈছে?

উত্তৰঃ শিক্ষা শব্দটো লেটিন শব্দ ‘E’ আৰু ‘Duco’ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হৈছে।

৩। ‘E’ আৰু ‘Duco’ ৰ অর্থ কি?

উত্তৰঃ E’ ৰ অৰ্থ হৈছে ‘য’ৰ পৰা আৰু ‘Duco’ ৰ অর্থ হৈছে মই আগবাঢ়ো।’

৪। ‘Educare’ ৰ অৰ্থ কি?

উত্তৰঃ ‘Educare’ ৰ অৰ্থ হৈছে ‘বৃদ্ধি কৰা’, বিকাশ কৰা, ‘উন্নতি কৰা’, ‘আগবঢ়া’ ইত্যাদি। শিক্ষাই ব্যক্তিৰ অন্তর্নিহিত, শক্তি সমূহৰ বিকাশ কৰাৰ কথাই বুজোৱা হয়।

৫। শিক্ষা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ শিক্ষা তিনি প্ৰকাৰৰ।

সেইকেইটা হ’ল-

(i) আনুষ্ঠানিক।

(ii) অনানুষ্ঠানিক।

(iii) অনৌপচাৰিক।

৬। পৰিসৰ বুলিলে কি বুজা?

উত্তৰঃ পৰিসৰ বুলিলে সাধাৰণতে আমি পৰিসীমা বুলিয়ে বুজো। পদার্থবিদ্যা, ৰসায়নবিদ্যা আদি বিষয়সমূহক নির্দিষ্ট পৰিসৰ বা পৰিধিৰ মাজত আৱদ্ধ কৰিব পাৰি। 

৭। আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন স্তৰ সমূহ কি কি?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন স্তৰ সমূহ হ’ল- স্নাতকোত্তৰ পৰ্যায়, স্নাতক পর্যায়, উচ্চতৰ মাধ্যমিক, মাধ্যমিক, প্রাথমিক, নিম্ন প্রাথমিক, প্রাক্ প্রাথমিক।

৮। নাগৰিকৰ গুণসমূহ কি কি?

উত্তৰঃ নাগৰিকৰ গুণসমূহ হ’ল- সহযোগিতা, সহিষ্ণুতা, দেশৰ আইন কানুন, ৰীতি-নীতিৰ ওপৰত বিশ্বাস আৰু আনুগত্য, অনুশাসন মানি চলাৰ মানসিকতা আদি আয়ত্ব কৰাৰ ওপৰত প্রাধান্য দিয়া হয়।

৯। সমাজশাস্ত্ৰ বিজ্ঞানৰ ইংৰাজী প্রতিশব্দ কি আৰু এই শব্দটো কোনটো শব্দ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ‘সমাজশাস্ত্ৰ বিজ্ঞানৰ’ ইংৰাজী প্রতিশব্দ হৈছে ‘Sociology’। এই ‘Sociology’ শব্দটো মূলতঃ লেটিন শব্দ ‘Socius’ অর্থাৎ একেলগে থকা (Companion) বা সমাজ আৰু গ্ৰীক শব্দ ‘Logos’ অর্থাৎ জ্ঞান বা ‘Scientific Study’ অর্থাৎ বিজ্ঞান সম্মত অধ্যয়নৰ পৰা উৎপত্তি হৈছে।

১০। সমাজ শাস্ত্র বিজ্ঞান বুলিলে কি বুজা?

উত্তৰঃ যি বিজ্ঞানে সমাজৰ বিষয়ে প্রণালীৱদ্ধ অধ্যয়ন চলায় তেনে বিজ্ঞানক সৰল অৰ্থত সমাজ শাস্ত্র বিজ্ঞান বুলি কোৱা হয়।

১১। অর্থবিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ কি কি?

উত্তৰঃ অর্থবিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হ’ল- শিক্ষা আৰু আর্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অর্থনৈতিক উপকাৰৰ কাৰণে শিক্ষা পৰিকল্পনা- ব্যক্তিগত আৰু সমষ্টিগত, শিক্ষাৰ অৰ্থ যোগান আৰু ব্যয়।

১২। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতা দুটা লিখা?

উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতা দুটা হ’ল-

(i) ব্যক্তিৰ বিকাশ অবিহনে সমাজৰ বিকাশ সম্ভৱ নহয়। সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নির্ভৰশীল।

(ii) ব্যক্তিসম্বন্ধে বিবেচনা সমাজ সম্বন্ধীয় বিবেচনাতকৈ অধিক গুৰুত্বপূর্ণ। সেয়েহে, সমাজৰ বাবে ব্যক্তি আহিলা স্বৰূপ নহৈ ব্যক্তিৰ বাবেহে সমাজ আহিলা স্বৰূপ হোৱা প্রয়োজন।

১৩। সমাজকেন্দ্রিক লক্ষ্যৰ দূর্বলতা দুটা লিখা?

উত্তৰঃ সমাজকেন্দ্রিক লক্ষ্যৰ দূর্বলতা দুটা হ’ল-

(i) ইয়াত ব্যক্তিৰ অস্তিত্ব স্বীকাৰ কৰা নহয়। সেইবাবে ব্যক্তি বিশেষৰ সম্ভাৱনীয়তা সমূহ সম্পূর্ণকৈ বিকাশ হোৱাত প্রয়োজনীয় সুবিধা দিয়াৰ অৱকাশ নাথাকে।

(ii) নিজৰ দেশৰ প্রতি অত্যাধিক প্রেম জগাই তুলিলে চুবুৰীয়া দেশৰ প্রতি হিংসা আৰু বিদ্বেষৰ ভাৱ সৃষ্টি হোৱাৰ আশংকা থাকে।

১৪। অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ বিদ্যালয় মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষভাৱে লাভকৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়।

১৫। আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য লিখা?

উত্তৰঃ আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য হ’ল-

আনুষ্ঠানিক শিক্ষাঅনানুষ্ঠানিক শিক্ষা
(i) পূর্ব পৰিকল্পিত।(i) স্বতঃস্ফূর্ত।
(ii) নির্ধাৰিত সময়সীমা দিয়া থাকে।(ii) নির্ধাৰিত সময়সীমা নাথাকে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top