Class 11 Education Important Chapter 2 মানৱৰ বিকাশৰ স্তৰ

Class 11 Education Important Chapter 2 মানৱৰ বিকাশৰ স্তৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 2 মানৱৰ বিকাশৰ স্তৰ Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.

Class 11 Education Important Chapter 2 মানৱৰ বিকাশৰ স্তৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

IMPORTANT QUESTION AND ANSWER

১। বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ-কংকালৰ ক্ৰমাগতভাৱে বাঢ়ি যোৱা অৱস্থাকেই বৃদ্ধি (Growth) বোলা হয়।

২। বিকাশ বুলিলে কি বুজা?

উত্তৰঃ বিকাশ বুলিলে দেহৰ আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মক্ষমতা, দৈহিক পাৰদৰ্শিতা আদিক বুজায়। অর্থাৎ ই গুণগত অর্থসূচক।

৩। বৃদ্ধি আৰু বিকাশৰ মাজত এটা পাৰ্থক্য লিখা?

উত্তৰঃ বৃদ্ধি মানুহৰ জীৱনৰ এক সাময়িক প্রক্রিয়া কিন্তু বিকাশ এক জীৱনব্যাপি চলা অবিৰত প্ৰক্ৰিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বিকাশৰ উপাদান কেইটা?

উত্তৰঃ বিকাশৰ উপাদান চাৰিটা।

৫। বিকাশৰ চাৰিটা উপাদানৰ নাম লিখা?

উত্তৰঃ বিকাশৰ চাৰিটা উপাদান হ’ল-

(i) বৃদ্ধি (Growth)।

(ii) সম্পূর্ণতা বা পৰিপক্কতা (Maturity)।

(iii) অভিজ্ঞতা (Experience)।

(iv) সামাজিক প্রদান কার্য বা সামাজিক স্থানান্তৰিতকৰণ (Social transmi-ssion)।

৬। চিন্তাবিদসকলে মানুহৰ জীৱনটোক কেইটা ভাগত বিভক্ত কৰিছে?

উত্তৰঃ চিন্তাবিদসকলে মানুহৰ জীৱনটোক চাৰিটা ভাগত বিভক্ত কৰিছে।

৭। মানুহৰ জীৱনৰ চাৰিটা ভাগসমূহ কি কি?

উত্তৰঃ মানুহৰ জীৱনৰ চাৰিটা ভাগসমূহ হ’ল-

(i) শৈশৱকাল (Infancy)।

(ii) বাল্যকাল (Childhood)।

(iii) কৈশোৰকাল (Adolescence)। আৰু

(iv) প্রাপ্তৱয়স্ক (Adulthood)।

৮। শৈশৱকাল (Infancy) কাক বোলে?

উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ এই সময়ছোৱাক শৈশৱকাল বোলে।

৯। বাল্যকাল কাক বোলে?

উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলে।

১০। বাল্যকালক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ বাল্যকালক দুটা ভাগত ভাগ কৰিব পাৰি।

১১। সমকামিতা কাক বোলে?

উত্তৰঃ বাল্যকালত ল’ৰাই ল’ৰাৰ প্ৰতি আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা-ধূলাৰ মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি তোলে। ইয়াকে সমকামিতা বোলে।

১২। কৈশোৰকাল কাক বোলে?

উত্তৰঃ ১২ বছৰৰ পৰা ১৮ বছৰলৈকে এই সময়ছোৱাক কৈশোৰকাল বোলে।

১৩। কৈশোৰকালক ইংৰাজীত কি বোলে।

উত্তৰঃ কৈশোৰকালক ইংৰাজীত ‘Adolescence’ বোলে।

১৪। বিপৰীত লিংগকামিতা বুলিলে কি বুজা?

উত্তৰঃ কৈশোৰৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বোলা হয়।

১৫। কোনে কৈশোৰকালক ধুমুহা আৰু পীড়নৰ (Storm and stress) সময় বুলি কৈছে?

উত্তৰঃ আমেৰিকাৰ চিন্তাবিদ ষ্টেলি হ’লে (Stanley Hall) কৈশোৰকালক ধুমুহা আৰু পীড়নৰ (Storm and stress) সময় বুলি কৈছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top