Class 11 Business Studies MCQ Chapter 7 কোম্পানীৰ গঠন

Class 11 Business Studies MCQ Chapter 7 কোম্পানীৰ গঠন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 7 কোম্পানীৰ গঠন Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.

Class 11 Business Studies MCQ Chapter 7 কোম্পানীৰ গঠন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

দ্বিতীয় খণ্ড: কোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ

১। আধুনিক ব্যৱসায়ত কোম্পানী ব্যৱসায় সংগঠন কিয় পচন্দ কৰা হয়?

(ক) কম ধনৰ প্ৰয়োজনৰ বাবে।

(খ) অধিক ধনৰ লগত লগত সুলভ প্ৰযুক্তিৰ বাবে।

(গ) অধিক ধনৰ প্ৰয়োজন, ক্ৰমবৰ্ধমান প্ৰতিযোগিতা আৰু প্রযুক্তিবিদ্যাৰ পৰিৱেশৰ বাবে।

(ঘ) কোম্পানীৰ নৈতিকতাৰ বাবে।

উত্তৰঃ (গ) অধিক ধনৰ প্ৰয়োজন, ক্ৰমবৰ্ধমান প্ৰতিযোগিতা আৰু প্রযুক্তিবিদ্যাৰ পৰিৱেশৰ বাবে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কোম্পানী ব্যৱসায় সংগঠনক বিশেষকৈ কোন ধৰণৰ ব্যৱসায়ৰ বাবে উপযুক্ত বুলি ধৰা হয়?

(ক) ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে।

(খ) মধ্যমীয়া আৰু বৃহৎ আকাৰৰ ব্যৱসায়ৰ বাবে।

(গ) পুৰণি ধৰণৰ ব্যৱসায়ৰ বাবে।

(ঘ) অ-লাভজনক সংস্থাৰ বাবে।

উত্তৰঃ (খ) মধ্যমীয়া আৰু বৃহৎ আকাৰৰ ব্যৱসায়ৰ বাবে।

৩। কোম্পানী গঠনৰ প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হয়?

(ক) কোম্পানীৰ লাভ হোৱাৰ পিছত।

(খ) কোম্পানীৰ লগত কৰ্মচাৰী নিযুক্তিৰ পিছত।

(গ) কোম্পানীৰ ধাৰণা উদ্ভৱ হোৱাৰ সময়ৰ পৰা।

(ঘ) কোম্পানীৰ অংশপত্ৰ বিক্ৰীৰ সময়ত।

উত্তৰঃ (গ) কোম্পানীৰ ধাৰণা উদ্ভৱ হোৱাৰ সময়ৰ পৰা।

৪। কোম্পানী গঠনৰ যি সময়চোৱাৰ ভিতৰত ব্যৱসায় আৰম্ভ হয়, তাক কি বুলি কোৱা হয়?

(ক) কোম্পানী নিবন্ধন পৰ্যায়।

(খ) কোম্পানীৰ আয় পৰ্যায়।

(গ) কোম্পানী গঠনৰ প্ৰক্ৰিয়া।

(ঘ) অংশীদাৰিত্ব পৰ্যায়।

উত্তৰঃ (গ) কোম্পানী গঠনৰ প্ৰক্ৰিয়া।

৫। ‘প্ৰৱৰ্ত্তক’ (Promoter) কাক কোৱা হয়?

(ক) যিসকলে কোম্পানীৰ নাম ৰাখে।

(খ) যিসকলে কোম্পানীৰ বাবে শ্ৰমিক নিযুক্তি কৰে।

(গ) যিসকলে কোম্পানী গঠনত জড়িত থাকে আৰু বিপদ-শংকা বহন কৰে।

(ঘ) যিসকলে কোম্পানীৰ আয় ঘোষণা কৰে।

উত্তৰঃ (গ) যিসকলে কোম্পানী গঠনত জড়িত থাকে আৰু বিপদ-শংকা বহন কৰে।

৬। কোম্পানী গঠনৰ কাৰ্য্যাৱলীত কি ধৰণৰ সমস্যা থাকে?

(ক) সময়ৰ অভাৱ।

(খ) বজাৰৰ অভাৱ।

(গ) জটিলতা, আইন-পন্থা আৰু প্ৰথা অনুসৰণৰ প্ৰয়োজন।

(ঘ) মাত্ৰ এটা অনুমতিৰ প্ৰয়োজন।

উত্তৰঃ (গ) জটিলতা, আইন-পন্থা আৰু প্ৰথা অনুসৰণৰ প্ৰয়োজন।

৭। তলৰ কোনবোৰ কোম্পানী গঠনৰ চাৰিটা পৰ্য্যায়?

(ক) পৰিকল্পনা, উৎপাদন, বিপণন, বিক্ৰী।

(খ) প্ৰৱৰ্ত্তন, নিবন্ধন, মূলধনৰ বৰঙণি, ব্যৱসায় আৰম্ভণি।

(গ) নাম নিৰ্বাচন, লগতীয়াৰ সন্ধান, লাভ ঘোষণা, কোম্পানী বন্ধ।

(ঘ) উদ্যোগ, বিনিয়োগ, পৰিকল্পনা, উন্নয়ন।

উত্তৰঃ (খ) প্ৰৱৰ্ত্তন, নিবন্ধন, মূলধনৰ বৰঙণি, ব্যৱসায় আৰম্ভণি।

৮। চাৰিটা কোম্পানী গঠন পৰ্য্যায় কেতিয়াবা কোন ধৰণৰ কোম্পানীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়?

(ক) চাৰিটাই কোম্পানী প্ৰকাৰৰ বাবে।

(খ) প্ৰাইভেট কোম্পানীৰ বাবে।

(গ) পাবলিক লিমিটেড কোম্পানীৰ বাবে।

(ঘ) ক্ষুদ্ৰ উদ্যোগৰ বাবে।

উত্তৰঃ (গ) পাবলিক লিমিটেড কোম্পানীৰ বাবে।

৯। প্ৰাইভেট লিমিটেড কোম্পানীত কোন পৰ্য্যায়সমূহ পাৰ হ’লে ব্যৱসায় আৰম্ভ কৰিব পাৰে?

(ক) প্ৰৱৰ্ত্তন আৰু নিবন্ধন।

(খ) মূলধনৰ বৰঙণি আৰু লাভ ঘোষণা।

(গ) নিবন্ধন আৰু কোম্পানী বন্ধ।

(ঘ) নিবন্ধন আৰু লাভ বণ্টন।

উত্তৰঃ (ক) প্ৰৱৰ্ত্তন আৰু নিবন্ধন।

১০। প্ৰাইভেট লিমিটেড কোম্পানীয়ে কোনটো কাম কৰিব নোৱাৰে?

(ক) নিজৰ মূলধন লগাব।

(খ) লোকৰ মাজত অনুষ্ঠান পত্ৰ বিলি কৰা।

(গ) কোম্পানী নিবন্ধন কৰা।

(ঘ) লাভ সংগ্ৰহ কৰা।

উত্তৰঃ (খ) লোকৰ মাজত অনুষ্ঠান পত্ৰ বিলি কৰা।

১১। পাবলিক কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰাৰ আগতে কি কৰিবলৈ বাধ্য হয়?

(ক) ব্যৱসায় পদ্ধতি নিৰ্বাচন।

(খ) অনুষ্ঠান পত্ৰ বনোৱা।

(গ) ন্যূনতম মূলধন বৰঙণি সংগ্ৰহ কৰা।

(ঘ) ব্যৱসায় বন্ধ কৰাৰ প্ৰস্তুতি লোৱা।

উত্তৰঃ (গ) ন্যূনতম মূলধন বৰঙণি সংগ্ৰহ কৰা।

১২। কোম্পানী গঠনৰ প্ৰথম পৰ্য্যায় কোনটো?

(ক) নিবন্ধন।

(খ) মূলধনৰ বৰঙণি।

(গ) ব্যৱসায় আৰম্ভণি।

(ঘ) প্ৰৱৰ্ত্তন।

উত্তৰঃ (ঘ) প্ৰৱৰ্ত্তন।

১৩। কোম্পানী গঠনৰ আৰম্ভণি কিমান জনৰ দ্বাৰা হ’ব পাৰে?

(ক) কেৱল এজন ব্যক্তিৰ।

(খ) কেৱল এজন কৰ্তৃপক্ষৰ।

(গ) এজন ব্যক্তি, এদল ব্যক্তি বা কোনো কোম্পানীৰ দ্বাৰা।

(ঘ) কেৱল চৰকাৰী সংস্থাৰ দ্বাৰা।

উত্তৰঃ (গ) এজন ব্যক্তি, এদল ব্যক্তি বা কোনো কোম্পানীৰ দ্বাৰা।

১৪। যদি কোনো ব্যক্তি বা এদল ব্যক্তিয়ে অথবা কোম্পানীয়ে ব্যৱসায় গঠনৰ বাবে অগ্ৰসৰ হয় তেওঁলোকক কি বুলি কোৱা হয়?

(ক) প্ৰৱৰ্ত্তক।

(খ) সঞ্চালক।

(গ) অংশীদাৰ।

(ঘ) কৰ্মচাৰী।

উত্তৰঃ (ক) প্ৰৱৰ্ত্তক।

১৫। প্ৰৱৰ্ত্তকৰ কোনো বিধিবদ্ধ সংজ্ঞা আছে নেকি?

(ক) আছে।

(খ) নাই।

(গ) ওপৰৰ দুয়োটাই।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top