Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন and select need one.

Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 7 গোষ্ঠী নিৰপেক্ষ আন্দোলন Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্ন

প্রশ্ন ১। গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ ঐতিহাসিক পটভূমি বিশ্লেষণ কৰা।

উত্তৰ :- গোষ্ঠী নিবপেক্ষ আন্দোলন বিশ্বৰ কোনো দেশৰে আভ্যন্তৰীণ ৰাজনৈতিক আন্দোলন নাছিল। এই আন্দোলন আছিল বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত প্রচলিত কূটনৈতিক সম্পর্কৰ ক্ষেত্ৰত দেখা দিয়া এক নতুন সমীকৰণ, পদ্ধতি আৰু বিপ্লৱ। এই আন্দোলনক কূটনৈতিক বিপ্লৱ বুলিও ক’ব পাৰি। এই বিপ্লৱৰ গুৰি ধৰিছিল ব্ৰিটিছ সাম্রাজ্যবাদৰ কৱলৰপৰা সদ্য মুক্তিপ্রাপ্ত দেশ ভাৰতবৰ্ষই। এই আন্দোলনৰ এক ঐতিহাসিক পটভূমি আছিল। প্রথম বিশ্বযুদ্ধৰ সময়ৰপৰাই বিশ্বৰ ৰাজনৈতিক মঞ্চত যিবিলাক ঘটনা-পৰিঘটনা সংঘটিত হৈছিল, এই ঘটনা পৰিঘটনাই এই পটভূমিটো তৈয়াৰ কৰি আনিছিল।

প্রথম বিশ্বযুদ্ধৰ আগতে জার্মানী, অস্ট্রিয়া, হাংগেৰী, ফ্রান্স, ইংলেণ্ড আদি ৰাষ্ট্ৰ বিশ্বৰ বৃহৎ শক্তিৰূপে পৰিগণিত আছিল। যুদ্ধৰ পাছত ব্ৰিটেইনৰ লগতে ছোভিয়েট ৰাচিয়া, ফ্রান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বৃহৎ শক্তিত পৰিগণিত হ’ল। জার্মানী সম্পুর্ণরূপে ধ্বংসপ্রাপ্ত হ’ল, অষ্ট্ৰিয়া, হাংগেৰী বিভক্ত আৰু দুৰ্বল হৈ ‘পবিল। ইংলেণ্ডৰ প্ৰতিপত্তি বহু পৰিমাণে হ্রাস পালে।

প্রথম বিশ্বযুদ্ধৰ শেষত 45 দেশত সংঘটিত হোৱা বলছেভিক বিপ্লবে পৰৱৰ্তীকালত ছোভিয়েট বাচিয়াৰূপে প্ৰতিভাত হৈ বৃহৎ শক্তি হিচাপে পৰিগণিত হ’ল। বিশ্বযুদ্ধৰ পিছৰেপৰা বিশ্ব বাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যন্ত ক্রিয়াশীল হৈ পৰিল। বিশ্বযুদ্ধখনৰ পিছত জাপানবো শক্তি বৃদ্ধি পাবলৈ ধৰে আৰু অতি সোনকালেই বিশ্বৰ এক বৃহৎ শক্তিত পৰিণত হ’ল।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যুদ্ধত লিপ্ত দেশসমূহৰ ভিতৰত কেৱল দুখন দেশহে বৃহৎ ৰাষ্ট্ৰৰ মৰ্যদাৰ গণ্ডী চেৰাই শীৰ্ষ ক্ষমতাৰ অধিকাৰী হ’ল। এই ৰাষ্ট্ৰদুখন হ’ল ছোভিয়েট বাচিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্র।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পূর্ব ইউৰোপত ছোভিয়েট বাচিয়া ৰাজনৈতিক মতাদৰ্শৰ্গত সম্প্ৰসাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰ আদি পুঁজিবাদী শিৱিৰত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত পুঁজিবাদী শিৱিৰত ছোভিয়েটক প্রতিবোধ কৰাব প্রয়োজনতেই শীতল যুদ্ধৰ সূচনা হয়। প্রধানকৈ গ্ৰীচ আৰু তুৰস্কত ছোভিয়েটৰ নেতৃত্বত সাম্ভাৱ্য কমিউনিষ্ট অভ্যুত্থান প্রতিহত কৰাৰ প্ৰয়োজনতেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শীতল যুদ্ধৰ আৰম্ভণি হৈছিল। শীতল যুদ্ধৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয় সামৰিক শক্তি জোঁট তৈয়াৰ কৰাৰ দিশত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত উত্তৰ আটলান্টিক সন্ধি সংগঠন

নামেৰে এটি সামৰিক শক্তি জোঁট সংগঠিত কৰা হয়। ইয়াৰ সদস্য ৰাষ্ট্ৰ হ’ল— ব্রিটেইন, ফ্রান্স, বেলজিয়াম, ডেনমার্ক, আইছলেণ্ড, ইটালী, হলেণ্ড, নবওৱে,পৰ্টুগাল, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰীচ, তুৰষ্ক আদি ৷

১৯৫৫ চনৰ মে’ মাহৰ ১৪ তাৰিখে ছোভিয়েট ৰাচিয়াই কমিউনিষ্ট দেশসমুহক লৈ ওৱাৰ্শ্ব’ সন্ধি সংগঠন নামেৰে আন এক শক্তি জোট গঠন কৰে। এই শক্তি জোটৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে– ফ্রান্স, ছোভিয়েট ৰাচিয়া, ইটালী, বুলগেৰিয়া, ছেক’শ্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, ৰোমানিয়া, যুগোশ্লাভিয়া আদি।

গতিকে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বৰ দেশসমূহ পৰস্পৰ দুটা বিবাদমান শিৱিৰত ভাগ হৈ পৰে। তেনে অৱস্থাত ভাৰতবৰ্ষই কোনটো শিৱিৰৰ অনুগত হ’ব সেয়া আছিল এক প্রধান আস্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্রশ্ন। ভাৰতবৰ্ষই এই শিৱিৰৰ কোনো এটাতে অন্তৰ্ভুক্ত নহৈ বৰং নিজস্ব ঐতিহাসিক দৰ্শনৰ সহায়ত আৰু নিজৰ বৈদেশিক নীতিৰ পৰিচালনাৰে উক্ত পৰস্পৰ বিৰোধী কোনো এটা শিৱিৰৰ প্ৰতিয়েই কোনো ধৰণৰ শত্রুতা পোষণ নকৰিলে আৰু আনুগত্যও প্ৰকাশ নকৰিলে। নিজ দেশৰ বৈদেশিক নীতি স্বতন্ত্রভাৱে পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা অনুভব কৰি ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ নীতি নিৰ্ধাৰণ কৰিলে। সেই নীতি দ্বি-পাক্ষিক বা বহু-পাক্ষিক বৈদেশিক সম্পর্ক স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত বিশ্ব ৰাজনৈতিক ইতিহাসত পৰিচিত সেয়াই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন। এই আন্দোলনৰ প্ৰতি ভাৰতবৰ্ষৰ লগতে সমসাময়িক বিশ্বৰ বহুতো স্বাধীন ৰাষ্ট্ৰয়ো সমর্থন জনাইছিল। এইটোৱেই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিশেষ ঐতিহাসিক পটভূমি।

প্রশ্ন ২। কি ঐতিহাসিক পৰিস্থিতিত গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল আলোচনা কৰা।

উত্তৰ :- দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছোভিয়েট বাচিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই শীৰ্ষ ক্ষমতাৰ অধিকাৰী দেশৰূপে পৰিগণিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰ আণবিক শক্তিৰ অধিকাৰী দেশৰূপে পৰিগণিত হয়। এই শক্তিৰ সহায় নিজৰ সামৰিক শক্তিৰ পৰিচয় দিয়াৰ লগতে আনকো ভীতি সম্ভ্ৰস্ত কৰি বিশ্ব ৰাজনীতিত নিজৰ আধিপত্য স্থাপন কৰে। ই আছিল বিশ্বৰ বৃহৎ শক্তিসমূহ। মাজত পৰস্পৰ বিৰোধী মতাদর্শ আৰু এই মতাদর্শর সহায়ত নিজ নিজ বৈদেশিক নীতি পৰিচালনা কৰাৰ ফলতেই শীতল যুদ্ধৰ সৃষ্টি হয়।

কেইগৰাকীমান ঐতিহাসিক আৰু বিশ্ব ৰাজনীতিৰ বিশেষজ্ঞৰ মতে ১৯১৭ চন বলছেভিক বিপ্লৱৰ পিছৰপৰাই বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ সূচনা হয়। এই বিপ্লৱৰ ফলতেই ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থা তৈয়াৰ হোৱাৰ লগে লগে ছোভিয়েট” ৰাচিয়াত সেই বিপ্লৱ দমন কৰি তাত পূৰ্বৰ অৱস্থা বাহাল ৰাখিবলৈ ব্রিটেইনে বৈদেশিক সামৰিক হস্তক্ষেপ আৰম্ভ কৰে। ইয়াৰ লগে লগে কমিউনিষ্ট ৰাষ্ট্র ব্যৱস্থা আৰু পুঁজিবাদী ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজত মতাদর্শগত সংঘৰ্ষৰ সৃষ্টি হৈছিল সমূহ পুঁজিবাদী ৰাষ্ট্ৰৰ মাজত এখন সমাজতান্ত্ৰিক ৰাষ্ট্ৰ বৰ্তি থকাটো অতি জটিল ৰাজনৈতিক সমস্যা আছিল। ছোভিয়েট ৰাচিয়াই শিল্প, শিক্ষা, কৃষি, অর্থনীতি, বাণিজ্য আৰু সামৰিক সকলো দিশতে যি ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছিল. সেইবোৰে বিশ্বৰ পুঁজিপতি দেশসমূহক স্তম্ভিত আৰু শংকিত কৰি তুলিছিল। প্রশান্ত মহাসাগবীয় অঞ্চলত ছোভিয়েটৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই হিব’চিমা আৰু নাগাচাকিত আণৱিক বোমা বিস্ফোৰণ ঘটাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰই বিশেষকৈ ইটালী আৰু পশ্চিম জার্মানী আদি যুদ্ধ বিধ্বস্ত ইউৰোপৰ দেশসমূহৰ প্ৰতি মাৰ্ছাল প্লেনব অধীনত আর্থিক সাহায্য দিয়াৰ নীতি লৈ পিছত উত্তব আটলাণ্টিক সামৰিক শক্তি জোঁটৰ গঠন কৰে। ১৯৪৭ চনত মার্কিন যুক্তৰাষ্ট্ৰই মাৰ্ছাল প্লেনৰ জৰিয়তে ব্ৰিটেইন, ফ্রান্স, ইটালী, বেলজিয়াম আৰু পশ্চিম জার্মানী আদি দেশৰ অৰ্থনৈতিক পুনৰ গঠন প্রক্রিয়াক শক্তি প্রদান কৰিবলৈ বহু কোটি ডলাৰৰ আৰ্থিক সাহায্য আগবঢ়াইছিল। এই ব্যৱস্থা কমিউনিষ্ট সম্প্ৰসাৰণে সৃষ্টি কৰা: ভীতি প্রতিহত কৰিবলৈ লোৱা হৈছিল।

ইয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৪৯ চনৰ এপ্রিল মাহৰ ৪ তাৰিখে ওৱাছিংটনত উত্তৰ আটলান্টিক সন্ধি সংগঠন নামে এটি সামৰিক শক্তি জোঁট গঠন কৰে। এই সামৰিক শক্তি জোঁটটোৱে বিশ্বৰ পুঁজিপতি দেশসমূহক সংগঠন কৰে।

 ১৯৫৫ চনৰ মে’ মাহৰ ১৪ তাৰিখে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহক লৈ ওৱাবশ্ব’ সন্ধি সংগঠন গঠন কৰা হয়। ইয়াত এটা কমিনফর্ম অর্থাৎ কমিউনিষ্ট তথ্য সৰবৰাহ কেন্দ্ৰও খোলা হয়।

১৯৪৯ চনৰ আগলৈকে আণৱিক শক্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ একা টিয়া অধিকাৰ আছিল। ১৯৪৯ চনত ছোভিয়েট ৰাচিয়াই আণৱিক বোমা তৈয়াৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই অধিকাৰ খৰ্ব কৰে। সেই বছৰতে চীন দেশত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। প্রশান্ত মহাসগাৰীয় অঞ্চল তথা সুদূৰ প্রাচ্যত সংঘটিত হোৱা এই ৰাজনৈতিক ঘটনাই আমেৰিকাৰ বাবে উৎকণ্ঠাৰ আন এক কাৰণ হৈ পৰে। ১৯৫২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হাইড্ৰজেন বোমা তৈয়াৰ কৰে। তাৰ পিছৰ বছৰত ছোভিয়েট ৰাচিয়াই হাইড্ৰ’জেন বোমা বৈ কৰে।

পৰৱৰ্তীকালত বিশ্বৰ বিভিন্ন দেশত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। ছোভিয়েট ৰাচিয়াই এই দেশবোৰৰ প্ৰাত সমৰ্থন আগবঢ়াৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়াৰ মাজত শীতল যুদ্ধখন অতি তীব্ৰতৰ হৈ পৰে।

গতিকে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত বিশ্বৰ দেশসমূহ পৰস্পৰ দুটি বিবাদমান শিৱিৰত বিভক্ত হৈ পৰে। তেনে অৱস্থাত ভাৰতবৰ্ষৰদৰে সদ্য স্বাধীনতা প্রাপ্ত তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে উক্ত পৰস্পৰ বিৰোধী শিৱিৰসমূহৰ কোনটোত অনুগত হ’ব সেইটো আছিল এক প্রধান আস্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক প্রশ্ন। ভাৰতবৰ্ষই উক্ত শিৱিৰসমূহৰ কোনো এটাতে অন্তর্ভুক্ত নহৈ নিজস্ব ঐতিহাসিক দৰ্শনৰ ভিত্তিত নিজৰ বৈদেশিক নীতি স্বতন্ত্রভাৱে পৰিচালনা কৰাৰ বাবে গোষ্ঠী নিৰপেক্ষ নীতি নির্ধাৰণ কৰে।

 প্রশ্ন ৩। শীতল যুদ্ধ কাক বোলে? কেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিছে ?

উত্তৰ :- প্রত্যক্ষ সামৰিক সংঘৰ্ষত চামিল নোহোৱাকৈ প্রতিনিয়ত ৰাজনৈতিক মতাদর্শগত সংগ্ৰামত আৰু প্ৰতিৰক্ষামূলক আঁৰু আক্রমণাত্মক দিশত খৰতকীয়াকৈ ব্যৱহাৰ কৰিব পৰাকৈ নিত্য নতুন অস্ত্র-শস্ত্ৰ নিৰ্মাণ কৰি সামৰিক উত্তেজনা আৰু প্রতিযোগিতাত লিপ্ত থকাকে শীতল যুদ্ধ বুলি ক’ব পাৰি। আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ বিশেষজ্ঞ এজনে শীতল যুদ্ধৰ সূত্ৰ এইদৰে নিৰ্ধাৰণ কৰিছে, A state of intensive competition, political, economic and ideological, which yet falls below the threshold of armed conflict between states” প্ৰকৃততে ক’বলৈ গ’লে শীতল যুদ্ধ হ’ল এফালে বিশ্বৰ পুঁজিপতি দেশসমূহৰ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আনফালে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট দেশসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদর্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনা আৰু সংঘর্ষ।

শীতল যুদ্ধ শব্দটোৰ পোন প্ৰথম স্রষ্টা হ’ল ওৱাণ্টাৰ লিপ্‌মেন। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়াৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ইতিহাসত শীতল যুদ্ধ বোলা ব্যাক্যাংশৰ সৃষ্টি কৰিছে। কোনো কোনোৱে এই বাক্যাংশৰ স্ৰষ্টা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ণাড মানেছ বাৰুখৰ নামো ল’ব খোঁজে।

জাকার্টাত অনুষ্ঠিত শীর্ষ সন্মিলনৰ সময়ত বিশ্বত শীতল যুদ্ধৰ অৱসান ঘটিছে। এফালে ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ বিলুপ্তি ঘটাৰ লগতে ভাৰতবৰ্ষ আদি দেশেও আণৱিক অস্ত্র তথা শক্তিৰ অধিকাৰী হোৱাত বিস্তৃত পাৰমাণৱিক যুদ্ধৰ ভয়াবহতা বহু পৰিমাণে কমি আহিছে। ছোভিয়েট ৰাচিয়াৰ বিলুপ্তি ঘটাৰ পিছৰপৰাই বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত একক ৰাজনৈতিক মেঝ-কৰণ ব্যৱস্থাৰ আৰম্ভ হৈছে। এই পৰিণতি আকৌ স্বাধীন আৰু অর্থনৈতিক আৰু সামৰিকভাৱে দুৰ্বল ৰাষ্ট্ৰসমূহৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে। ফলস্বৰূপে বিশ্ব ৰাজনীতিত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব বৃদ্ধি পাইছে। গোষ্ঠী নিৰপেক্ষ আন্দোলনে বিশ্বত সংঘটিত ভালেমান যুদ্ধক বিশ্বযুদ্ধলৈ উন্নীত হোৱাত বাধা প্ৰদান কৰি সেইবিলাকক একোটা নির্দিষ্ট এলেকাত সীমাৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে। মুঠতে ক’ব পাৰি যে শীতল যুদ্ধৰ সৃষ্টি হোৱাৰ পৰিণতিতে বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সূত্ৰপাত হৈছিল আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনে শীতল যুদ্ধ প্রশমিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল।

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৪। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য আৰু আদর্শ সম্পর্কে আলোচনা কৰা।

উত্তৰ :- ভাৰতবৰ্ষই নিজ দেশৰ বৈদেশিক নীতিৰ আধাৰত গোষ্ঠী নিৰপেক্ষ নীতিব লক্ষ্য আৰু আদৰ্শসমূহ গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন চলি থকাৰ সময়তে ৰুচ দেশত ১৯১৭ চনৰ অক্টোৱৰ মাহত সমাজতান্ত্রিক বিপ্লৱ সংঘটিত হৈছিল। তেতিয়াৰেপৰাই বিশ্বৰ প্রধান দেশসমূহ কম-বেছি পৰিমাণে বুটা পৰস্পৰ বিৰোধী ৰাজনৈতিক শিৱিৰত বিভক্ত হৈ পৰিছিল। ব্ৰিটেইন, ফ্রান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি পুঁজিবাদী দেশসমূহ আছিল পুঁজিবাদী শিৱিৰত আৰু আনহাতে সমাজতান্ত্রিক দেশ ছোভিয়েট বাচিয়া আৰু সেই দেশৰ প্রতি অনুগত আৰু সহানুভূতিশীল ৰাষ্ট্ৰসমূহ আছিল সমাজবাদী শিরিবত। ভাবতবর্ষকে ধৰি বশ্বৰ সদ্য স্বাধীন দেশসমূহ উক্ত দুয়োটা শিৱিবৰ কোনো এটাৰে সদস্যভূক্ত নহৈ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত লাহে লাহে অন্য এক তৃতীয় শিৱিৰ গঢ়ি তোলাৰ পাষকতা কৰে।

এই তিনিটা শিৱিৰক আকৌ প্রথম বিশ্ব (পুঁজিবাদী শিৱিৰ), দ্বিতীয় বিশ্ব সমাজবাদী শিৱিব) আৰু তৃতীয় বিশ্ব (সদ্য স্বাধীন দেশসমূহ) আদি বুলিও কোৱা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়েৰেপৰা দ্বিতীয় বিশ্বৰ প্ৰভাৱ দ্রুতভাৱে বৃদ্ধি পাই মাহিছিল। পূর্ব ইউৰোপৰ ভালেমান দেশত কমিউনিষ্ট শাসনতন্ত্র প্রতিষ্ঠিত হছিল, ফলত দ্বিতীয় বিশ্বৰ সম্প্ৰসাৰণ ঘটিছিল। ১৯৪৯ চনত চীন দেশত আৰু ১৯৫৯ চনত কিউবাত কমিউনিষ্ট শাসন ব্যৱস্থাৰ প্রবর্তন হোৱাৰ লগে লগে দ্বতীয় বিশ্বৰ পৰিসৰ আৰু শক্তি যথেষ্ট বৃদ্ধি পায়। ইয়াৰ কাৰণ হৈছে সমাজবাদী ৰাষ্ট্রসমূহে ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ বিৰোধিতা কৰি আহিছিল।

গতিকে ক’ব পাৰি যে ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ কৱলৰপৰা স্বাধীনতা লাভ কৰা দেশসমূহক তৃতীয় বিশ্বৰ দেশ বুলি কোৱা হয়। ছোভিয়েট ৰাচিয়াৰ অভ্যুদয়ৰ সময়ৰপৰাই পুঁজিবাদী সাম্রাজ্যবাদী শিৱিৰৰ মাজত চলি অহা ৰাজনৈতিক মতাদৰ্শৰ সংগ্রাম, সংশয়, অবিশ্বাস আৰু সন্দেহৰ ফলত দুয়োটা শৱিবৰ মাজত শীতল যুদ্ধ সৃষ্টি হৈছিল। এই শীতল যুদ্ধক কেন্দ্ৰ কৰি বিশ্বৰ বভিন্ন দেশৰ মাজত এফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে ছোভিয়েট ৰাচিয়াক কেন্দ্ৰ কৰি ৰাজনৈতিক মেঝকৰণ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। উক্ত ৰাষ্ট্রসমূহ নিজ নিজ দেশৰ প্ৰচলিত ৰাজনৈতিক মতাদর্শ অনুযায়ী দুটা শিৱিৰৰ ফ্ কোনো এটা শিৱিৰত সোমাই পৰিছিল। কিন্তু ঔপনিৱেশিকতাবাদ আৰু ৰাম্ৰাজ্যবাদৰপৰা সদ্য স্বাধীন দেশসমূহে উক্ত দুয়োটা শিৱিৰৰপৰা আঁতৰি থাকি নজাববীয়াকৈ গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল।

ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰ আছিল পঞ্চশীল নীতি। এই পঞ্চশীল নীতিৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতবৰ্ষই নিজৰ বৈদেশিক নীতি নিৰ্ধাৰণ কৰি লৈছিল আৰু মূলতঃ ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আৰ্হি আদৰ্শৰ ভিত্তিতেই গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল।

প্রশ্ন ৫। গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলাত ভাৰতবৰ্ষই লোৱা ভূমিকাৰ বিষয়ে উল্লেখ কৰা। 

উত্তৰ :- ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰত গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ আধাৰ আছিল পঞ্চশীল নীতি। ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ প্রতিফলন ঘটিছিল পোনতে ১৯৫৪ চনৰ ২৯ মে’ত স্বাক্ষৰিত ভাৰত-চীন দ্বিপাক্ষিক চুক্তিত। ইয়াৰ পিছত ১৯৫৫ চনৰ ১৭–২৪ এপ্রিলত ইন্দোনেছিয়াৰ বান্দুঙত অনুষ্ঠিত প্রথম আফ্রো-এছীস সন্মিলনৰ বিশ্বশান্তি আৰু সহযোগিতা শীর্ষক ঘোষণা পত্রতো এই নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছিল। এই সন্মিলনত এছিয়াৰ ২৩ খন আৰু আফ্ৰিকাৰ ৬ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল আৰু ভাৰতবৰ্ষৰ পঞ্চশীল নীতিৰ প্ৰতি তেওঁলোকৰ আনুগত্য প্রকাশ কৰিছিল। এই নীতিসমূহ অন্যান্য আফ্রো-এছীয় ৰাষ্ট্ৰৰ দ্বাৰাও সমাদৃত হৈছিল। গতিকে বান্দুং সন্মিলনেই বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি বুলি ক’ব পাৰি।

ভাৰতবৰ্ষই ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদ বিৰোধিতাৰ নীতিক বিশ্বৰ ৰাজনৈতিক প্রেক্ষাপটলৈ লৈ যোৱাৰ বাবে বান্দুত পঞ্চশীল নীতিসমূহ সাম্রাজ্যবাদৰ কৱলৰপৰা সদ্য মুক্তিপ্রাপ্ত দেশসমূহৰদ্বাৰা সমাদৃত হৈছিল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষই পূর্ব এছিয়াৰ ইন্দোনেছিয়া আৰু আফ্ৰিকাৰ লিবিয়া, টিউনিছিয়া আদি দেশৰ জনসাধাৰণে সাম্রাজ্যবিৰোধী যি স্বাধীনতা সংগ্রাম চলাইছিল তাত সমর্থন দিছিল। তদুপৰি পেলেষ্টাইনৰ আত্মনিয়ন্ত্ৰাৰ অধিকাৰ সম্পৰ্কত ভাৰতবৰ্ষই নিজৰ সমৰ্থন আৰু সহানুভূতি প্ৰকাশ কৰিছিল। চীনত কমিউনিষ্ট শাসন ব্যৱস্থা প্রতিষ্ঠিত হোৱাৰ লগে লগে ভাৰতে তাৰ প্ৰতি তৎকালেই স্বীকৃতি প্রদান কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে নিজৰ স্বাধীন সত্বাৰ পৰিচয় দাঙি ধৰিছিল। এনেধৰণৰ কাৰ্যৰদ্বাৰা ভাৰতবৰ্ষৰ প্রতি বিশ্বৰ ‘নিপীড়িত জনগণৰ আস্থা বৃদ্ধি পাইছিল। ফলত বান্দুং সন্মিলনত চীন-ভাৰত পঞ্চশীল নীতি সকলো দেশৰদ্বাৰা সমানেই সমাদৃত হৈছিল। গতিকে এই সন্মিলনে গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। 

সদ্য স্বাধীনতাপ্রাপ্ত তৃতীয় বিশ্বৰ দেশসমূহ বহুকাল ধৰি ঔপনিৱেশিক সাম্রাজ্যবাদী শাসন আৰু শোষণৰ কৱলত থকাৰ বাবে সেই দেশসমূহৰ অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অৱস্থা একেবাৰে অনুন্নত হৈ আছিল। গতিকে সাম্রাজ্যবাদৰপৰা মুক্তি লাভ কৰি অর্থনৈতিক পুনগঠন আৰু আনুষংগিক মানৱীয় দিশসমূহৰ সুষম বিকাশ আৰু উন্নয়ন সাধন কৰিবলৈ উক্ত দেশসমূহক প্ৰচুৰ অৰ্থৰ প্রয়োজনে দেখা দিছিল। 

গতিকে সদ্য স্বাধীনতাপ্রাপ্ত ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক অর্থনৈতিক সংহতি আৰু সহযোগিতা অপাৰহাৰ্য আছিল। সেই সংহতি আৰু সহযোগিতাৰ সৃষ্টি কৰিবলৈ অনুন্নত দেশবোৰৰ বাবে এক আস্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়োজনে দেখা দিছিল। গতিকে সদ্য স্বাধীনতাপ্রাপ্ত দেশসমূহৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰয়োজনে দেখা দিছিল। এই অৱস্থাত ইন্দোনেছিয়াৰ প্ৰেছিডেণ্ট চুকার্ণোৰ আতিথ্যত অনুষ্ঠিত হোৱা বান্দুং সন্মিলনত এই ধৰণৰ এটি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তোলাৰ সম্ভাৱনা বাস্তৱত ৰূপায়িত হৈছিল।

প্রশ্ন ৬। বিশ্বত ঔপনিবেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ বিলুপ্তি ঘটোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনে লোৱা ভূমিকাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ:- বিশ্ব ৰাজনীতিত গোষ্ঠী নিবপেক্ষ আন্দোলন সংগঠিত হোৱাৰ লগে লগেই তৃতীয় বিশ্বৰ দেশসমূহত ইয়াৰ ভীষণ প্ৰভাৱ পৰা দেখা গৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি পৰাৰ পিছত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহু দেশ সাম্রাজ্যবাদৰ কৱলৰপৰা মুক্ত আৰু স্বাধীন হৈ পৰে। শীতল যুদ্ধই সৃষ্টি কৰা বিবাদমান শক্তি জোঁটৰ বিপৰীতে এই সদ্য স্বাধীন দেশসমূহে বিশ্বৰাজনীতিত নিজৰ প্ৰভাৱ আৰু প্ৰতিপত্তি স্থাপন কৰিবলৈ চেষ্টা চলাইছিল। উক্ত দেশসমূহে নিজৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, জনস্বাস্থ্য আদি বিভিন্ন দিশৰ বিকাশ ঘটোৱাৰ বাবে এক পাৰস্পৰিক সহযোগিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। লগতে ৰাষ্ট্ৰসংঘ আদি আস্তঃৰাষ্ট্ৰীয় সংগঠনত বৃহৎ শক্তিসমূহৰ প্ৰভাৱ প্রতিপত্তিৰ বিপৰীতে সদ্য স্বাধীনতাপ্রাপ্ত অথচ ৰাজনৈতিক, অর্থনৈতিক, সামৰিক দিশত দুর্বল দেশসমূহে যাতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যুটীয়াভাবে এটা ক্রিয়াশীল গোট হিচাপে কাম কৰিব পাৰে তাৰ বাবে সচেতনতা অৱলম্বন কৰা হৈছিল। বান্দুং সন্মিলন গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ধাৰণাটো সৃষ্টি হোৱাৰ পিছত ইয়াক আনুষ্ঠানিক আৰু সাংগঠনিক ৰূপ দিবলৈ প্রায় সাত বছবতকৈও অধিককাল সময় লাগিছিল। যুগোশ্লাভিয়াৰ ৰাজধানী বেলগ্রেড চহৰত অনুষ্ঠিত হোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলনত এখন ঘোষণাপত্ৰৰ যোগে এলানি ২৭ দফীয়া নীতি নির্দেশনা গ্ৰহণ কৰা হৈছিল। সেই নীতিসমূহৰ কেইটামান প্রধান নীতি হ’ল—

১৷ সকলো ধৰণৰ ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদক ধিক্কাৰ দিয়া।

২। বিশ্বৰ যিকোনো দেশতে প্রচলিত বর্ণ বৈষম্যবাদক ধিক্কাৰ দিয়া। 

৩। ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ দ্বাৰা পদানত দেশসমূহৰ মুক্তি আৰু স্বাধীনতা দাবী কৰা।

৪। বিশ্বত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণ নিৰঞ্জীকৰণ কৰা।

৫। আলজেয়িা, এংগোলা, কংগো আৰু টিউনিছিয়াৰ স্বাধীনতা সংগ্ৰামৰ প্রতি সমর্থন দিয়া আৰু বিদেশী শক্তিসমূহক নিজ নিজ দেশৰ সামৰিক বাহিনী আঁতৰাই নিবলৈ দাবী কৰা৷

৬। বিশ্বৰ মহাশক্তি জোঁট দুটাক—আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাচিয়াক—–বিশ্ব শাস্তি বিঘ্নিত নকৰিবলৈ সকিয়াই দিয়া।

৭। মুক্ত আৰু স্বাধীনভাবে, কোনো ধৰণৰ বাধা-বিপত্তি নোহোৱাকৈ আৰু ভীতি প্রদর্শন নকৰাকৈ সমান অধিকাৰৰ ভিত্তিত সকলো অনুন্নত দেশবে অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ কাম কৰিবলৈ সুবিধা দিয়া ইত্যাদি।

গোষ্ঠী নিৰপেক্ষ আন্দোলনে প্রধানকৈ সাম্রাজ্যবাদ আৰু ঔপনিৱেশিকতাবাদ তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সংহতি স্থাপন কৰি নিপীড়িত মানুহৰ মুক্তি আৰু স্বাধীনতাৰ পথ মুকলি কৰাত সহায় কৰিছিল। ইয়াৰ লগতে দক্ষিণ আফ্ৰিকাৰ দৰে দেশত থকা বৰ্ণবৈষম্যবাদৰ অবসান ঘটোৱাতো বিশেষ অৰিহণা যোগাইছিল। বিশেষকৈ সদ্য স্বাধীন দেশসমূহৰ অৰ্থনৈতিক পুনৰ গঠনৰ কাম অব্যাহত ৰখা আৰু মানৱ অধিকাৰ ৰক্ষা কৰা আৰু তাৰ সম্প্ৰসাৰণ ঘটোৱাৰ ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা লেখতলবলগীয়া।

প্রশ্ন ৭। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভৱিষ্যৎ সম্পর্কে তুমি কি ভাবা বিতং কৈ আলোচনা কৰা।

উত্তৰ :- গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠিছিল প্রধানকৈ মার্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী আৰু আনফালে ছোভিয়েট ৰাচিয়াৰ নেতৃত্বাধীন সমাজবাদী বিশ্বৰ মাজত সৃষ্টি হোৱা শীতল যুদ্ধক কেন্দ্ৰ কৰি। গোষ্ঠী নিবপেক্ষ আন্দোলন আছিল দুই বিবাদমান দেশৰ মাজত চলা ৰাজনৈতিক-অর্থনৈতিক মতাদর্শগত সংগ্ৰামৰ মাজত গঢ়ি উঠা কূটনৈতিক আন্দোলন।

পুঁজিবাদ সমাজবাদৰ বিকল্প হ’ব নোৱাৰে। ফলত বিশ্বত মানুহৰ ওপৰত মানুহৰ শোষণৰ অন্ত নপৰালৈকে পুঁজিবাদী আৰু সমাজবাদী ৰাজনৈতিক অর্থনৈতিক মতাদৰ্শৰ মাজত দ্বন্দ্ব বিৰোধ আদি চলিয়েই থাকিব। যিহেতু পুঁজিবাদী ব্যৱস্থাই সমাজত শোষণ বঞ্চনাৰ অন্ত পেলাব নোৱাৰে আৰু সেই ব্যৱস্থাৰদ্বাৰা পৰিচালিত ৰাষ্ট্ৰই নিজৰ স্বাৰ্থত সততে পৰৰাষ্ট্ৰ গ্ৰাস কৰা বা পৰৰাজ্যৰ ওপৰত নিজৰ আধিপত্য স্থাপনৰ পন্থা হাতত নোলোৱাকৈ নাথাকে সেয়ে সমাজবাদী আৰু পুঁজিবাদী ৰাজনৈতিক মতাদৰ্শৰ মাজত প্রতিদ্বন্দ্বিতা চলিয়েই থাকিব।

বর্তমান সময়ত ছোভিয়েট ৰাচিয়াৰ পতন হৈছে যদিও বিশ্বৰ পুঁজিবাদী সাম্রাজ্যবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সংগঠিত সামৰিক চুক্তিসমূহৰ অস্ত হোৱা নাই, বৰং সেই বিলাকৰ পৰিসৰ আৰু শক্তি বৃদ্ধিহে পাইছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্যবাদী মনোভাব ত্যাগ কৰিবপৰা নাই। বিশ্বব যিকোনো দেশে নিজৰ এভাৱ আৰু প্ৰতিপত্তিৰ সম্প্ৰসাৰণ কৰিব বিচাৰে। আনহাতে আণৱিক শক্তিৰ অধিকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অধিকাৰত ৰাখিব বিচাৰে। শীতল যুদ্ধৰ অৱসান হ’বলৈ হ’লে বিশ্বব সকলো দেশেই নিৰস্ত্ৰীকৰণৰ নীতি মানি ল’ব লাগিব আৰু সেই নীতি সম্পূর্ণভাৱে বলবৎ হ’ব লাগিব। কাৰণ ছোভিয়েট ৰাচিয়াৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ অন্ত পৰিলেও ইয়াৰ অস্ত্র ভাণ্ডাৰ আজিও আছে, নাইবা আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অস্ত্র ভাণ্ডাৰ ধ্বংস কৰা নাই৷

ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ অস্ত হ’লেও বিশ্বত কমিউনিষ্ট বা সমাজবাদী ৰাষ্ট্ৰ আজিও আছে। কিউবা, ভিয়েটনাম, উত্তৰ কোৰিয়া, চীন আদি ভালেমান কমিউনিষ্ট ৰাষ্ট্ৰ বর্তমানেও বিশ্বৰ বহু দুখীয়া আৰু নিপীড়িত দেশৰ মানুহৰ বাবে আদর্শস্বৰূপ হৈ আছে। লেটিন আমেৰিকাৰ দেশে দেশে মানুহে অর্থনৈতিক মুক্তি সংগ্ৰামৰ পথত অগ্ৰসৰ হৈছে আৰু এইবোৰ দেশে মার্কিন সাম্রাজ্যবাদৰ বিৰোধিতা কৰি আহিছে।

বর্তমান ছোভিয়েট ৰাষ্ট্ৰব্যৱস্থাৰ পতন হ’লেও শীতল যুদ্ধৰ কালছোৱাত বৰ্তি থকা দুয়োটা পৰস্পৰ বিৰোধী সামৰিক শক্তি জোঁটৰ পতন ঘটা নাই, বর্তমানো মার্কিন যুক্তৰাষ্ট্ৰই আগৰ দৰেই বা আগতকৈয়ো শক্তিশালী হৈয়ে বৰ্তি আছে। ছোভিয়েট ৰাষ্ট্ৰ ব্যৱস্থাৰ অস্ত পৰাৰ সময়তে ইৰাকে মানৱ বিধ্বংসী অস্ত্র মজুত ৰখা বুলি ভিত্তিহীন অভিযোগ আনি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক শক্তিৰ বলত সেই দেশখন অতি নির্মমভাৱে ধ্বংস কৰি পেলাইছিল। গতিকে মার্কিন যুক্তৰাষ্ট্ৰৰ ফালৰপৰা বিশ্ববাসীলৈ আহিব পৰা বিপদৰ আজিও অন্ত পৰা নাই আৰু সেইবাবে পুনৰ বিশ্বযুদ্ধৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আজিও আছে বুলি ক’ব পাৰি।

বর্তমান জাতীয় মর্যদাৰ প্ৰশ্নই বিশ্বৰ শক্তিশালী আৰু আর্থিকভাবে উন্নত দেশসমূহৰ মাজত পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত প্রতিদ্বন্দ্বিতাৰ ভাৱ জগাই তুলিছে। এই অৱস্থাই সময়ে সময়ে দুই বা ততোধিক ৰাষ্ট্ৰক সামৰিক সন্ধি ঢক্তিৰ মাজেদি অন্যান্য প্রতিসম আৰু প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক সংঘৰ্ষত ॥লপ্ত হ’বলৈ প্ৰৰোচিত কৰিব বুলি ক’ব পাৰি। এনে ধৰণৰ ৰাষ্ট্ৰ জোঁটক নিয়ন্ত্রণ কৰাটো ৰাষ্ট্ৰসংঘৰ প্ৰতি অসম্ভৱ হৈ পৰিব। মার্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা ইৰাক আক্রান্ত হোৱাৰ ঘটনাই বাষ্ট্ৰসংঘৰ ব্যৰ্থতাকে প্রতিপন্ন কৰে। গতিকে এনে অৱস্থাত বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰয়োজনীয়তাই দেখা দিব। অৱশ্যে এই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা থাকিলেও সেই আন্দোলনক সদস্য ৰাষ্ট্ৰসমূহে কিদৰে পৰিচালিত কৰিব তাৰ ওপবতে এই আন্দোলনৰ ভৱিষ্যৎ নির্ভবশীল হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top