🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Elective Commerce Chapter 5 হস্তান্তৰযোগ্য দলিল

Class 10 Elective Commerce Chapter 5 হস্তান্তৰযোগ্য দলিল Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 5 হস্তান্তৰযোগ্য দলিল Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 5 হস্তান্তৰযোগ্য দলিল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

হস্তান্তৰযোগ্য দলিল

Chapter – 5

অধ্যায় – ২ বেংকিং আৰু বিত্ত

প্রশ্নাৱলী

১। হস্তান্তৰযোগ্য দলিল কি? এনেবোৰ দলিলৰ হস্তান্তৰকৰণৰ প্ৰকাৰসমূহ বর্ণনা কৰা।

উত্তৰঃ বাণিজ্যক লেনদেনত ব্যৱহৃত কিছুমান দলিলক হস্তান্তৰযোগ্য দলিল বোলা হয়। 

হস্তান্তৰ যোগ্য দলিলৰ প্ৰকাৰসমূহ (Types of Negotiable Instrument):

১। প্রতিশ্রুতি পত্র।

২। চেক্ বা ধনাদেশ।

৩। বিনিময় বিল।

২। প্রতিশ্রুতি পত্র কি? প্রতিশ্রুতি পত্ৰ এখনৰ গুৰুত্বপূৰ্ণ প্রকৃতিসমূহ বর্ণনা কৰা।

উত্তৰঃ প্রতিশ্রুতি পত্র হৈছে এখন লিখিত দলিল যিখন দলিলত প্রস্তুতকাৰীজনৰ হস্তাক্ষৰ থাকে আৰু দলিলখনে দলিল গ্রহণকৰোতা বা ধাৰণকাৰীজনক এক নির্দিষ্ট পৰিমানৰ ধন প্রদান কৰিবলৈ চর্তবিহীন প্রতিশ্রুতি প্রদান কৰে।

প্রতিশ্রুতি পত্ৰ এখনৰ গুৰুত্বপূৰ্ণ প্রকৃতিসমূহ তলত উল্লেখ কৰা হ’ল-

১। প্রতিশ্রুতি পত্র লিখিত হয়।

২। এই দলিলে চর্তবিহীন প্রতিশ্রুতি অন্তর্ভুক্ত কৰে।

৩। দলিলখনত দলিল প্রস্তুতকাৰীজনে হস্তাক্ষৰ কৰে।

৪। প্রদেয় ধন নির্দিষ্ট পৰিমাণৰ হয়।

৫। দলিলখনত স্পষ্টভাৱে ধন প্রদানত প্রতিশ্রুতি প্রদান কৰা হয়।

৬। প্রতিশ্রুতি পত্ৰত দুটা পক্ষ থাকে প্রস্তুতকাৰী আৰু গ্ৰহণকাৰী।

৩। বিনিময় বিল কি? বিনিময় বিল এখনৰ গুৰুত্বপূৰ্ণ প্রকৃতিসমূহ বর্ণনা কৰা।

উত্তৰঃ বিনিময় বিল হৈছে চর্তবিহীন নির্দেশনাযুক্ত এখন লিখিত দলিল, যি দলিলত দলিল প্রস্তুতকৰ্তাজনৰ নির্দেশনা অনুযায়ী এজন বিশেষ ব্যক্তিক অথবা দলিল গ্রহণকাৰীজনক এক নির্দিষ্ট পৰিমাণৰ ধন প্রদান কৰা হয়।

বিনিময় বিল এখনৰ গুৰুত্বপূৰ্ণ প্ৰকৃতিসমূহ তলত উল্লেখ কৰা হ’ল-

১। বিনিময় বিল লিখিত হয়।

২। এই দলিলে ধন প্রদানৰ নিৰ্দেশনা অন্তর্ভুক্ত কৰে।

৩। ধন প্রদানৰ নিৰ্দেশনা চর্তবিহীন হয়।

৪। প্রদেয় ধন নির্দিষ্ট পৰিমাণৰ হয়।

৫। বিনিময় বিল প্রস্তুতকাৰীজনক Drawer হিচাবে বিল গ্রহণকাৰীজনক Drawe হিচাবে আৰু যিজন ব্যক্তিক ধন প্ৰদান কৰা হয়। তেওঁক Payee হিচাবে অভিহিত কৰা হয়।

8। চেক্ কি? চেক্ এখনৰ গুৰুত্বপূৰ্ণ প্রকৃতিসমূহ বর্ণনা কৰা।

উত্তৰঃ চেক হৈছে এক ধৰণৰ হস্তান্তৰযোগ্য দলিল যি দলিলে বেংকক Drawer-ৰ একাউন্টৰ পৰা এক নির্দিষ্ট পৰিমাণৰ ধন এজন বিশেষ ব্যক্তি বা দলিল গ্রহণকাৰীজনক প্রদান কৰিবলৈ চর্তবিহীন নির্দেশ প্রদান কৰে।

চেক্ এখনৰ গুৰুত্বপূৰ্ণ প্রকৃতিসমূহ তলত উল্লেখ কৰা হ’ল-

১। চেক্ লিখিত হয় আৰু ইয়াত জমাকাৰী বা Drawee য়ে হস্তাক্ষৰ কৰিব লাগে।

২। ইয়াত এক চর্তবিহীন নির্দেশ থাকে।

৩। চেক গ্রহণকাৰীজন (Payee) এক নির্দিষ্ট ব্যক্তি হ’ব লাগে।

৪। উল্লেখিত ধনৰ পৰিমান নির্দিষ্ট হ’ব লাগে আৰু ধনৰ পৰিমান সংখ্যা আৰু আখৰ দুয়ো ক্ষেত্রতে স্পষ্ট হ’ব লাগে।

৫। চেক সাধৰণতে তিনিটা পক্ষ থাকে।

Drawer: যিজন ব্যক্তিয়ে চেকখন প্রস্তুত কৰে অর্থাৎ যিজন ব্যক্তিয়ে চেকখনত হস্তাক্ষৰ কৰে আৰু বেংকক ধন প্রদান কৰিবলৈ নির্দেশ দিয়ে।

Drawee: হিতাধিকাৰী বা সেইজন ব্যক্তি যাক ধন প্রদান কৰা হয়।

Payee: যিজন ব্যক্তিয়ে ধন লাভ কৰে।

৬। চেক সদায় এক নির্দিষ্ট বেংকলৈ প্ৰেৰণ কৰা হয়।

৭। চেক সদায় দাবী বা চাহিদা অনুযায়ী প্রদেয় হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top