Class 10 Elective Commerce Chapter 7 বীমা প্ৰতিনিধি

Class 10 Elective Commerce Chapter 7 বীমা প্ৰতিনিধি Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 7 বীমা প্ৰতিনিধি Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 7 বীমা প্ৰতিনিধি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

বীমা প্ৰতিনিধি

Chapter – 7

অধ্যায় – ২ বেংকিং আৰু বিত্ত

প্রশ্নাৱলী

১। বীমা প্রতিনিধি কোন হয়? তেওঁলোকৰ কামকাজসমূহ কি কি?

উত্তৰঃ বীমা প্রতিনিধি হৈছে প্রশিক্ষিত পেছাদাৰী লোক যিয়ে বীমা চুক্তি বন্দোৱস্ত কৰে আৰু বিক্ৰী কৰে। তেওঁলোকে বিভিন্নধৰণৰ বীমাজনিত আৰু বিত্তীয় সেৱা বিক্ৰী কৰে। তেওঁলোক সু- প্রশিক্ষিত হয় আৰু তেওঁলোকৰ বীমা বজাৰ তথা বীমাজনিত আইন কানুন সমূহৰ ওপৰত বিশেষ জ্ঞান থাকে; যাৰ দ্বাৰা তেওঁলোকে বীমা গ্রাহকসকলক আটাইতকৈ উপযোগী বীমা সেৱাবিধ প্রদান কৰে।

তেওঁলোকৰ কামকাজসমূহ হল –

১। এজন বীমা এজেন্টে সঠিক বীমা পৰিধি বাছনি কৰাত সহায় কৰে।

এজন বীমা এজেন্টে তেওঁৰ ওচৰলৈ অহা ব্যক্তি বা মক্কেলজনৰ প্রয়োজনীয়তাসমূহ ভালদৰে শুনিব আৰু বুজিব লাগে। এজেন্টজনক প্রদান কৰা তথ্যপাতিৰ ওপৰত বিশ্লেষণ কৰি এজেন্টজনে মক্কেলজনৰ বাবে সঠিক বীমা আঁচনি বা বীমা পৰিধি নির্ণয় কৰে। এজেন্টজনে মক্কেলজনৰ বীমা প্রয়োজনীয়তাৰ ভিত্তিত বাজেট পৰিকল্পনা কৰে আৰু সেইঅনুযায়ী মক্কেলজনক উপযুক্ত বীমা আঁচনি প্রদান কৰে। এনেক্ষেত্রত মক্কেলজনে সচেতন ভাৱে সঠিক তথ্যপাতি প্রদান কৰিব লাগে কাৰণ এই তথ্য পাতিসমূহৰ ওপৰত ভিত্তি কৰিয়েই সঠিক বীমা আঁচনি প্রস্তুত কৰা হয়। 

২। এজেন্টজনে বীমা আবেদনৰ সমস্ত প্রক্রিয়াত সহায় কৰে। বীমা এজেন্টজনে পৰীক্ষণ কৰে যে বীমা আবেদন পত্রখন সম্পূর্ণৰূপে তথা সঠিক বাৱে পূৰণ কৰা হৈছে নে নাই। যদি মক্কেলজনৰ বীমা আঁচনিৰ পৰিধি সম্পর্কত কিছু প্রশ্ন থাকে; এনেধৰণৰ প্রশ্নসমূহত সঠিক উত্তৰ এজেন্টজনে প্রদান কৰে। ইয়াৰোপৰি এজেন্টজন আবেদনপত্ৰৰ লগত সংলগ্ন কৰিবলগীয়া অন্যান্য নথিপত্র সমূহৰ বিষয়ে জ্ঞাত থাকে। যদি মক্কেলজনে বীমা আঁচনিখন লাভ কৰিবলৈ কোনো ধৰণৰ শাৰীৰিক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হয়; এনেক্ষেত্রত এজেন্টজনে মক্কেলজনক সহায় কৰে। তেওঁলোকে মক্কেলজনৰ হৈ চিকিৎসকৰ ওচৰত সাক্ষাৎকাৰৰ সুবিধা প্রদান কৰে। অর্থাৎ এই সমস্ত সেৱাসমূহ একগোট কৰিলে অনুধাৱন কৰিব পাৰি যে বীমা এজেন্ট এজনৰ ভূমিকা কিমান গুৰুত্বপূর্ণ।

৩। এজন এজেন্টে বীমাৰ স্বত্ব দাবী কৰাত সহায় কৰে। বীমা স্বত্বদাবীৰ ক্ষেত্রত, বীমা গ্রাহক বা মক্কেলজনে যিজন, এজেন্টৰ পৰা বীমা আঁচনি ক্রয় কৰিছিল তেওঁৰ পৰা সহায় আবেদন কৰিব পাৰে। এনে ক্ষেত্ৰত বীমা এজেন্টজনে বীমা আঁচনিৰ অধীনস্থ বীমা স্বত্ব দাবীৰ সমস্ত প্রক্রিয়াটোত মক্কেলজনক সহায় কৰে। যদি বীমা স্বত্ব দাবী বীমা আঁচনিৰ অন্তৰ্গত বিপদসমূহৰ অধীনস্থ হয়, বীমা এজেন্টজনে মক্কেলজনক বীমা স্বত্বৰ সম্পূর্ণ ধন লাভ কৰাত সহায় কৰে। গতিকে কোনো বিপদৰ সন্মুখীন হ’লে বীমা গ্রাহকজনে বীমা এজেন্টজনৰ সহায়ত সহজেই বীমা স্বত্বধাৰণ লাভ কৰিব পাৰে।

টোকা: বীমা ব্যৱসায়ত বীমা এজেন্টৰ ভূমিকাসমূহ সম্পূর্ণৰূপে বাণিজ্যিক প্রকৃতিৰ হয়। তেওঁৰ মূল ভূমিকাসমূহ হ’ল গ্রাহকক বীমা সম্পর্কে শিক্ষা প্রদান কৰা, বীমা ব্যৱসায়টো প্রনোদিত কৰা তথা বীমা গ্রাহকজনক বীমা আঁচনি ক্রয় কৰা সমস্ত প্রক্রিয়াটোত সহায় কৰা। বীমা এজেন্টজনে বীমা কোম্পানীটোক কোনোধৰণৰ বাধ্যবাধকতা প্রদান কৰিব নোৱাৰে। গতিকে এজেন্টজনে যদি ভুলবশতঃ বীমাৰ ধনৰ কোনোধৰণৰ খেলিমেলি কৰে। বীমা কোম্পানীটোৰে এজেন্টজনক তাৰ বিনিময়ত ধন প্রদান কৰিবলৈ বাধ্য নহয়।)

২। এজন দক্ষ বীমা প্রতিনিধিৰ গুণসমূহ বৰ্ণনা কৰা।

উত্তৰঃ এজন দক্ষ বীমা প্রতিনিধিৰ গুণসমূহ তলত বৰ্ণনা কৰা হল –

১। সততা (Honesty): এজন বীমা এজেন্টৰ সততাই তেওঁক মক্কেলসকলৰ পৰা বা বীমা গ্রাহকসকলৰ পৰা বিশ্বাস আৰু সমীহ আদায় কৰাত সহায় কৰে আৰু যিয়ে তেওঁক বীমা ব্যৱসায়ৰ প্ৰসাৰত সহায় কৰে। আনহাতে যিসকল বীমা এজেন্টে ছলনা বা প্ৰতাৰণাৰ জৰিয়তে বীমা গ্রাহক বা মক্কেলক আকর্ষিত কৰিব চেষ্টা কৰে। তেওঁলোকে একেটা বীমা কোম্পানীৰ লগত দীঘলীয়া সময়ৰ বাবে এজেন্টৰ ভূমিকা পালন কৰিব নোৱাৰে তথা কিছু ক্ষেত্রত জেল হাজোতলৈ যাবলগীয়া হ’ব পাৰে।

২। বীমা সেৱাসমূহৰ বিষয়ে বিস্তৰ জ্ঞান (A wide away of products knowledge): এজন দক্ষ বীমা এজেন্ট বীমা গ্রাহক বা মক্কেলজনৰ প্রয়োজনীয়তা অনুযায়ী বিভিন্নধৰণৰ উপযোগী বীমা আঁচনিৰ বিকল্প প্রদান কৰিব পাৰে।

৩। প্রায়োগিক জ্ঞান (Technical knowledge): এজন দক্ষ বীমা এজেন্টৰ কেনেদৰে বীমা আঁচনি বিক্রী কৰিব লাগে সেই সম্পর্কে যথোচিত জ্ঞান থাকে। এজেন্টজনে তেওঁ বিক্ৰী কৰা বীমা পলিচি বা আঁচনিখনৰ লগত সংগতি থকা আয়কৰ আৰু অন্যান্য আইনী প্রক্রিয়া সম্পর্কে জ্ঞাত হয় তথা বীমা আঁচনিখনৰ বীমা গ্রাহকজনৰ বিত্তীয় সামর্থতা অনুযায়ী উপযুক্ততা নিশ্চিত কৰে। মক্কেল বা গ্রাহকজনৰ প্ৰয়োজনীয়তা পূৰণত প্রাধান্যতা (Puts the needs of the client first) যদি বীমা এজেন্টজনে বীমা গ্রাহকজনৰ প্রয়োজনীয়তা পূৰণৰ পৰিবৰ্তে বীমা সেৱা প্ৰদানৰ বিনিময়ত লাভ কৰিবলগীয়া কমিছনৰ প্রতি অধিক প্রাধান্যতা প্রদান কৰে, তেনে ক্ষেত্রত এজেন্টজনে বীমা ব্যৱসায়ত বেছিদিন টিকিব নোৱাৰে। আনহাতে যিসকল বীমা এজেন্টে গ্রাহকসকলৰ প্রয়োজনীয়তাসমূহ ভালদৰে শুনি আৰু বুজি লৈ গ্রাহকক বীমা সেৱা প্ৰদানৰ বাবে প্রাধান্যতা দিয়ে, তেওঁলোকে গ্রাহকজনৰ পৰা বিশ্বাস আদায় কৰে।

৪। দক্ষ গ্রাহক সেৱা (Good customer service): যিসকল বীমা গ্রাহক প্রয়োজনীয়তা অনুযায়ী সহজেই বীমা এজেন্টৰ সহায় লাভ কৰে, সেইসকল গ্রাহক বীমা এজেন্টজনৰ প্ৰতি সন্তুষ্ট আৰু নিশ্চিত হয়। এনেক্ষেত্রত বীমা এজেন্টজনে গ্রাহকজনৰ অনুসন্ধান আৰু দূৰভাষ সংযোগসমূহৰ যথা সময়ত উত্তৰ প্ৰদান কৰিব লাগে। সজতে বীমা গ্রাহকসকলে অভিযোগ কৰা দেখা যায় যে এবাৰ জীৱন বীমা আঁচনি ক্ৰয় কৰা পিছত গ্রাহকজনৰ কোনোধৰণৰ অনুসন্ধান বা প্রশ্ন থাকিলে তাৰ সুদুত্তৰ তেওঁলোকে লাভ নকৰে। বীমা এজেন্টসকল এইক্ষেত্রত সচেতন হোৱাটো প্রয়োজন।

৩। বিভিন্ন প্ৰকাৰৰ বীমা প্রতিনিধিসকলৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ বীমা প্রতিনিধি সাধাৰণতে দুই প্রকাৰৰ হয়-

১। স্বাধীন এজেন্ট (Independent Agent).

২। নিয়োজিত এজেন্ট (Captive Agent).

১। স্বাধীন এজেন্ট (Independent Agent): স্বাধীন এজেন্ট হৈছে সেইজন বীমা এজেন্ট যিয়ে এটা নির্দিষ্ট বীমা কোম্পানীৰ পৰিবৰ্তে বিভিন্ন ধৰণৰ বীমা কোম্পানীৰ বীমা আঁচনি বা পলিচি বিক্ৰী কৰে। এজন স্বাধীন এজেন্ট বিভিন্ন বীমা কোম্পানীৰ বীমা আঁচনি বিক্ৰী কৰি কমিছন আয় কৰে, আৰু তেওঁ এটা নির্দিষ্ট বীমা কোম্পানীৰ লগত সংযোজিত নহয়।

স্বাধীন বীমা এজেন্ট এজন স্বাধীন বিত্তীয় উপদেষ্টা স্বৰূপ হয়, যিয়ে তেওঁলোকৰ বীমা গ্রাহক বা মক্কেলক এক বিস্তৃত ধৰণৰ বীমা আঁচনিৰ বিকল্প প্রদান কৰে। তেওঁলোকে গ্রাহকজনৰ বিভিন্ন ধৰণৰ বীমা পৰিধিৰ প্রয়োজনীতা সমূহৰ বিষয়ে অৱগত হৈ গ্রাহকজনৰ বাবে উৎকৃষ্ট ধৰণৰ বীমা আঁচনি প্রদান কৰে যি আঁচনিয়ে গ্রাহকজনক উৎকৃষ্ট মূল্যৰ বিনিময়ত উপযুক্ত বীমা পৰিধিৰ আঁচনি প্রদান কবে।

২। নিয়োজিত এজেন্ট (Captive Agent): নিয়োজিত এজেন্ট হৈছে সেইজন বীমা এজেন্ট যিয়ে মাথোন এটা বীমা কোম্পানীৰ বাবে কাম কৰে। নিয়োজিত এজেন্টজনৰ তেওঁ জড়িত থকা বীমা কোম্পানীটোৰে পাৰিশ্রমিক প্রদান কৰে যি পাৰিশ্রমিকত দৰমহা আৰু কমিছন থাকিব পাৰে অথবা মাথোন কমিছন থাকিব পাৰে। নিয়োজিত বীমা এজেন্টজনৰ তেওঁৰ সংযোজিত বীমা কোম্পানীটোৰ বীমা আঁচনি সমূহৰ বিষয়ে সম্যক জ্ঞান থাকে; কিন্তু যিসকল বীমা গ্রাহকক নির্দিষ্ট বীমা কোম্পানীটোৰ আঁচনিসমূহে আকর্ষিত কৰিব নোৱাৰে, তেনেবোৰ গ্রাহকক নিয়োজিত বীমা এজেন্টজনে কোনোধৰণৰ সুবিধা প্ৰদান কৰিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top