Class 10 Elective Commerce Chapter 2 ব্যৱস্থাপনা

Class 10 Elective Commerce Chapter 2 ব্যৱস্থাপনা Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 2 ব্যৱস্থাপনা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 2 ব্যৱস্থাপনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

ব্যৱস্থাপনা

Chapter – 2

অধ্যায় – ১ ব্যৱসায় অধ্যয়ন

প্রশ্নাৱলী

১। ব্যৱস্থাপনাৰ সংজ্ঞা লিখা। ব্যৱস্থাপনা কেনেদৰে প্ৰশাসনৰ পৰা পৃথক হয়?

উত্তৰঃ এটা ব্যৱসায় সংগঠনত ব্যৱস্থাপনা বুলিলে এক উমৈহতীয়া উদ্দেশ্য আগত ৰাখি বিভিন্ন লোক আৰু তেওঁলোকৰ কাম কাজসমূহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ এক প্ৰক্ৰিয়াক সূচোৱা হয়। 

ব্যৱস্থাপনা প্রশাসনতকৈ পৃথক হয়। ব্যৱস্থাপনাত সংগঠনটোৰ কাম কাজ সমূহ পৰিচালনা আৰু নিয়ন্ত্রন কৰা হয়। এই ব্যৱস্থা মধ্যম স্তৰৰ ব্যৱস্থাপনা আৰু নিম্ন স্তৰৰ ব্যৱস্থাপনা ৰ এক অংশ য’ত উচ্চ স্তৰৰ ব্যৱস্থাপনাৰ দ্বাৰা প্রস্তুত কৰা আঁচনিসমূহৰ মধ্যমস্তৰৰ ব্যৱস্থাপনা আৰু নিম্নস্তৰৰ ব্যৱস্থাপনা ৰ যোগেদি ৰূপায়ন কৰা হয়। আনহাতে, প্রশাসন ব্যৱস্থাত সম্পূর্ণ সংগঠনটো শাসন কৰা এক প্রক্রিয়া। প্রশাসন উচ্চ স্তৰৰ ব্যৱস্থাপনাৰ এক অংশ য’ত সংগঠনটোৰ বাবে পৰিকল্পনা আৰু আঁচনিসমূহ প্রস্তুত কৰা হয়; যিবোৰ পৰিকল্পনা আৰু আঁচনি মধ্যম স্তৰৰ ব্যৱস্থাপনা ৰ যোগেদি ৰূপায়ন কৰা হয়। 

২। এটা ব্যৱসায় সংগঠনত ব্যৱস্থাপনাৰ গুৰুত্বসমূহ বৰ্ণনা কৰা।

উত্তৰঃ এটা ব্যৱসায় সংগঠনত ব্যৱস্থাপনাৰ গুৰুত্বসমূহ হল- 

(ক) সাংগঠনিক লক্ষ্যত উপনীত হোৱা: (Achievement of organisational goals) ব্যৱসায় সংগঠনৰ উমৈহতীয়া উদ্দেশ্যসমূহ সাধন কৰিবলৈ সংগঠনবোৰৰ কাম কাজসমূহ ব্যৱস্থাপনাই একগোট কৰে। ব্যৱস্থাপনাৰ বিভিন্ন কাৰ্যৰ্যাৱলী আৰু অংশসমূহে পৰিচালক বা ব্যৱস্থাপকসকলক কৰ্মচাৰীসকলৰ কাম কাজসমূহ এক উমৈহতীয়া উদ্দেশ্যৰ সাধনৰ অৰ্থে একগোট কৰে।

(খ) সম্পদৰ প্ৰকাশ্য ব্যৱহাৰ: (Optimum utilisation of resources)ব্যৱস্থাপনাৰ প্রক্রিয়াসমূহে উৎপাদনৰ বিভিন্ন কাৰকসমূহৰ সমুচিত ব্যৱহাৰৰ যোগেদি কমখৰচত অধিক উৎপাদনৰ ওপৰত গুৰুত্ব প্রদান কৰে।

(গ) অপচয় ৰোধ: (Minimization wastages) ব্যৱস্থাপনাই অনুষ্ঠানটোৰ সম্পদসমূহৰ যথোচিত ব্যৱহাৰৰ যোগেদি অনুষ্ঠানটোৰ দক্ষতা বৃদ্ধি কৰে। ব্যৱস্থাপকসকলে ব্যৱসায়িক সংগঠনটোৰ সম্পদসমূহৰ অপচয় বা অপব্যৱহাৰ ৰোধ কৰি লাভৰ হাৰ বৃদ্ধি কৰে।

(ঘ) কর্তৃত্ব আৰু দায়বদ্ধতাৰ স্পষ্টীকৰণ: (Clarity of authority and Responsibility) ব্যৱস্থাপনাত সংগঠনটোৰ কৰ্মচাৰীসকলক কাম কাজসমূহত নিয়োজিত কৰা হয় তথা তেওঁলোকক তেওঁলোকৰ ভূমিকা সম্পর্কে অৱগত কৰোৱা হয়। ইয়াৰদ্বাৰা ব্যৱসায় সংগঠনটোৰ কৰ্মচাৰীসকলৰ মাজত কর্তৃত্ব আৰু দায়বদ্ধতাৰ স্পষ্টীকৰণ ঘটোৱা হয়। ফলস্বৰূপে কর্মচাৰীসকলে কোনে কি কৰিব আদি সম্পর্কে স্পষ্ট আভাষ লাভ কৰে।

(ঙ) সম্ভৱপূৰ্ণ সাংগঠনিক পদ্ধতি স্থাপন: (Establishing Cordial organisation system) ব্যৱসায়িক সংগঠন এটাত ব্যৱস্থাপনাই কর্মচাৰীসকলৰ কাম কাজসমূহৰ মাজত সমন্বয় সাধন কৰে। ইয়াৰ দ্বাৰা সংগঠনটোত নিয়মানুবর্তিতা আৰু কাৰ্য্যঅনুক্রম সৃষ্টি হয় আৰু কৰ্মচাৰীসকলৰ মাজত একতা আৰু আন্তৰিক সদ্ভাৱ সৃষ্টি হয়।

৩। এটা সংগঠনৰ ব্যৱস্থাপনাৰ স্তৰসমূহ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ এটা সংগঠনৰ ব্যৱস্থাপনাৰ স্তৰসমূহ হ’ল- 

১। উচ্চ স্তৰৰ ব্যৱস্থাপনা (Top level Management): ব্যৱস্থাপনাৰ কাৰ্য্যাৱলীৰ স্তৰসমূহৰ উচ্চ স্তৰৰ ব্যৱস্থাপনাত ব্যৱসায়িক সংগঠনটোৰ প্ৰশাসনিক কাম কাজসমূহ সমাপন হয়। উচ্চ স্তৰৰ ব্যৱস্থাপকসকলৰ কার্যাৱলীসমূহৰ মূলতঃ ব্যৱসায়িক সংগঠনটোৰ উদ্দেশ্যসমূহ প্রস্তুত কৰা, পৰিকল্পনা আৰু আঁচনি প্রস্তুত কৰা, সিদ্ধান্ত গ্রহণ কৰা, কর্মচাৰীসকলৰ কাৰ্য্যসমূহৰ বাবে নীতি নির্দেশনা প্রস্তুত কৰা আৰু ভৱিষ্যতৰ কাৰ্য্যপন্থা নির্ধাৰণ কৰা আদি কামসমূহ অন্তর্গত হয়। এই স্তৰৰ ব্যৱস্থাপকসকলৰ পদসমূহ সাধাৰণ পৰিচালক/ব্যৱস্থাপক, উচ্চপদস্থ বিষয়া, সঞ্চালক, সঞ্চালকমণ্ডলী আদি পর্যায়ৰ হয়।

২। মধ্যম স্তৰৰ ব্যৱস্থাপনা (Middle level Management): মধ্যম স্তৰৰ ব্যৱস্থাপনাৰ ব্যৱস্থাপকসকলে উচ্চ স্তৰৰ ব্যৱস্থাপকসকল আৰু নিম্ন স্তৰৰ ব্যৱস্থাপকসকলৰ মাজত মধ্যস্থতাকাৰী হিচাবে কাম কৰে। তেওঁলোকে উচ্চ স্তৰৰ বিষয়াসকলৰ নির্দেশনাসমূহ কাৰ্য্যকৰীকৰণৰ বাবে নিম্ন স্তৰৰ ব্যৱস্থাপকসকললৈ প্ৰেৰণ কৰে। এই স্তৰৰ ব্যৱস্থাপকসকলে নিম্ন স্তৰৰ ব্যৱস্থাপকসকলৰ কাম কাজসমূহ নিৰীক্ষণ আৰু নিয়ন্ত্রণ কৰে আৰু তেওঁলোকৰ কাম কাজসমূহৰ প্রতিবেদন উচ্চ স্তৰৰ ব্যৱস্থাপকসকললৈ প্ৰেৰণ কৰে। উচ্চ স্তৰত নির্ধাৰণ হোৱা বিভিন্ন পৰিকল্পনাসমূহৰ আৰু নীতি নির্দেশনাসমূহৰ কাৰ্য্যকৰীকৰণ মধ্যম স্তৰৰ ব্যৱস্থাপকসকলে নিশ্চিত কৰে। মধ্যম স্তৰৰ ব্যৱস্থাপকসকলৰ পদসমূহ বিভাগীয় মুৰব্বী পৰ্য্যায়ৰ হয় নিজ নিজ বিভাগৰ বাবে বিভাগীয় উদ্দেশ্য আক কর্মৰাজি প্রস্তুত কৰে আৰু এইসমূহৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰে। 

৩। নিম্ন স্তৰৰ ব্যৱস্থাপনা (Lower level Management): ইয়াক কাৰ্য্যকৰীকৰণ স্তৰৰ ব্যৱস্থাপনা হিচাবেও অভিহিত কৰা হয় য’ত নিম্ন স্তৰৰ ব্যৱস্থাপকসকলে মধ্যমস্তৰৰ ব্যৱস্থাপক সকল আৰু কৰ্মচাৰী বা বনুৱাসকলৰ মাজত মধ্যস্থতাকাৰী হিচাবে কাম কৰে। এই স্তৰৰ ব্যৱস্থাপকসকলে কর্মচাৰীসকলৰ বা বনুৱাসকলৰ কাম কাজসমূহ নিয়ন্ত্রণ কৰে তথা কর্মচাৰীসকলক নীতি নির্দেশনা প্রদান কৰে। তেওঁলোকে কর্মচাৰীসকলক ব্যৱসায়িক সংগঠনৰ উদ্দেশ্যসমূহ পূৰণ কৰিবলৈ প্রনোদিত কৰে বা উদগনি যোগায় আক তেওঁলোকৰ কাম কাজসমূহ নিৰীক্ষণ কৰে। তেওঁলোকে ব্যৱসায়িক সংগঠনটোৰ দৈনন্দিন কাম কাজসমূহ নিৰ্ধাৰিত সময়ত সমাপন কৰাৰ বাবে কৰ্মচাৰীসকলক উদগনি যোগায়। গতিকে নিম্নস্তৰৰ ব্যৱস্থাপকসকলে কৰ্মচাৰীসকলৰ লগত পোনপটীয়া সংযোগ স্থাপন কৰে আৰু কৰ্মচাৰীসকলৰ বিভিন্ন কর্মজনিত অসুবিধা সমূহৰ সম্পৰ্কে উচ্চপৰ্য্যায়ত অৱগত কৰে। নিম্নস্তৰৰ ব্যৱস্থাপকসকলৰ পদসমূহ পৰিদৰ্শক, নিয়ন্ত্রক তদাৰক আদি পৰ্য্যায়ৰ হয়। এওঁলোকে সংগঠনটোৰ সা-সৰঞ্জাম আদি সমূহ কাৰ্য্যক্ষম কৰি ৰাখে আৰু কাম কাজসমূহ সমাপনৰ ক্ষেত্ৰত সময় আৰু সম্পদৰ অপচয় ৰোধ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে সম্পদৰ যথোচিত ব্যৱহাৰ আৰু কৰ্মচাৰীসকলৰ লগত সু-সম্বন্ধ বজাই ৰাখি কাম কাজসমূহৰ সূচলতা নিশ্চিত কৰে।

৪। ব্যৱস্থাপক কোন? তেওঁৰদ্বাৰা পালন কৰা বিভিন্ন ভূমিকাসমূহ কি কি?

উত্তৰঃ ব্যৱস্থাপক এজন ব্যক্তি। যিয়ে ব্যৱসায়িক সংগঠনটোৰ বিভিন্ন কাম কাজসমূহৰ মাজত একতাৰ সৃষ্টি কৰি কাম কাজসমূহ এক উমৈহতীয়া উদ্দেশ্যৰ প্রতি নির্দেশিত কৰে। তেওঁ কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ কাম কাজ সমূহৰ মাজত সমন্বয় সাধন কৰি কামসমূহৰ সফল সমাপন নিশ্চিত কৰে। তেওঁ কৰ্মচাৰীসকলৰ ব্যক্তিগত উদ্দেশ্য আৰু ব্যৱসায়িক সংগঠনটোৰ উদ্দেশ্যসমূহৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰে।

তেওঁৰদ্বাৰা পালন কৰা বিভিন্ন ভূমিকাসমূহ তলত উল্লেখ কৰা হৈছে —

১। সিদ্ধান্ত গ্রহণ কৰোতা (Decision Maker): এটা ব্যৱসায়িক সংগঠনৰ বাবে এজন ব্যৱস্থাপকে বহুতো সিদ্ধান্ত গ্রহণ কৰে। ব্যৱস্থাপক জনৰ ব্যৱস্থাপনাৰ স্তৰৰ স্থানৰ ওপৰত ভিত্তি কৰি এনেধৰণৰ সিদ্ধান্তসমূহে সংগঠনটোত হ্রস্বম্যাদী বা দীর্ঘম্যাদী প্রভাৱ পেলায়।

২। সমন্বয় সাধক (Coordinator): ব্যৱস্থাপকজনে ব্যৱসায়িক সংগঠনটোৰ বিভিন্ন কাম কাজসমূহৰ মাজত একতাৰ সৃষ্টি কৰি কাম কাজসমূহ এক উমৈহতীয়া উদ্দেশ্যৰ প্রতি নির্দেশিত কৰে। তেওঁ কর্মচাৰীসকলৰ বিভিন্ন ধৰণৰ কাম কাজ সমূহৰ মাজত সমন্বয় সাধন কৰি কামসমূহৰ সফল সমাপন নিশ্চিত কৰে। তেওঁ কৰ্মচাৰীসকলৰ ব্যক্তিগত উদ্দেশ্য আৰু ব্যৱসায়িক সংগঠনটোৰ উদ্দেশ্যসমূহৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰে। 

৩। নেতা (Leader): ব্যৱস্থাপকজনে কর্মচাৰীসকলৰ ওপৰত কর্তৃত্ব খটুৱাই আৰু তেওঁলোকৰ পথপ্রদর্শক হিচাবে ভূমিকা পালন কৰি কৰ্মচাৰীসকলৰ কর্ম লক্ষ্য সমূহ নির্ধাৰিত সময়ত ফলবর্তী কৰাত সহায় কৰে এজন নেতা বা দলপতি হিচাবে ব্যৱস্থাপকজনে কর্মচাৰীসকলক প্রশংসা আৰু পুৰস্কাৰ প্ৰদান কৰি তেওঁলোকৰ কামকাজ সমূহ সমাপনত উদগনি যোগায়। তেওঁৰ অনুচৰ সকলৰ স্বার্থসমূহ প্ৰতিৰক্ষা কৰে আৰু তেওঁলোকে সম্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ সমাধান কৰে।

৪। নিৰীক্ষক (Supervisor): ব্যৱস্থাপকজনে তেওঁৰ নিয়ন্ত্ৰণৰ অধীনৰ কাম কাজসমূহ নিৰীক্ষণ কৰে আৰু কাম কাজসমূহৰ সফল সম্পাদন নিশ্চিত কৰে। তেওঁ সম্পাদিত কার্যাসমহৰ পৰিদর্শন ক্যান্ত পৰীক্ষণ কৰে আৰু প্রয়োজন অনুসাৰে কাম কাজসমূহৰ ভুলসমূহৰ সংশোধন কৰে।

৫। মধ্যস্থতাকৰণ (Mediator): ব্যৱসায়িক সংগঠনটোৰ কাম কাজসমূহ সফলভাৱে চলাই নিবলৈ ব্যৱস্থাপকজনে সংগঠনটোৰ কৰ্মচাৰীসকল আৰু উচ্চপদস্থ বিষয়াসকলৰ মাজত মধ্যস্থতাকাৰী হিচাবে কাম কৰে যাৰদ্বাৰা দুয়োপক্ষৰ স্বাৰ্থ ৰক্ষা হয়। যিকোনো ক্ষেত্ৰৰ বিবাদ বা মতবিৰোধৰ ক্ষেত্ৰত, ব্যৱস্থাপকজনে দুয়োপক্ষৰ হৈ যুক্তিসমূহৰ বিনিময় কৰি তেওঁলোকৰ মাজত থকা বিভেদসমূহ আঁতৰ কৰে আৰু বিবাদৰ সফল নিষ্পত্তি কৰে।

৬। সূচলকাৰী (Facilitator): ব্যৱস্থাপকজনে কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ পালন কৰিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সম্পদসমূহ যোগান ধৰি এজন সূচলকাৰী হিচাবে কাম কৰে। তেওঁ বিভাগীয় মূৰ্বীসকলক বিত্তীয় সম্পদৰ যোগান ধৰে আৰু বিভাগীয় মুৰব্বীসকলে নিজ নিজ বিভাগৰ কৰ্মচাৰীসকলক তেওঁলোকৰ কামসমূহ সমাপনৰ অৰ্থে এনেধৰণৰ বিত্তীয় আৰু অনা বিত্তীয় অনুদানসমূহ প্রদান কৰে।

৫। ব্যৱস্থাপনা কলা নে বিজ্ঞান?

উত্তৰঃ ব্যৱস্থাপনাক কলা আৰু বিজ্ঞান দুয়োটা বিষয় হিচাবে ধৰা হয়। বিজ্ঞান হিচাবে ব্যৱস্থাপনাই গৱেষণাৰ দ্বাৰা সৃষ্ট কিছুমান ধাৰণা, কলা হিচাবে ব্যৱস্থাপনাত কিছুমান ধাৰণাকেন্দ্ৰিক জ্ঞানৰ অনুশীলনৰ জৰিয়তে বিকাশ ঘটোৱা হয়। গতিকে ব্যৱস্থাপনাই কলা তথা বিজ্ঞান দুয়োটা বিষয় অন্তর্ভুক্ত কৰে আৰু জনপ্রিয়ভাৱে ব্যৱস্থাপনাক সামাজিক বিজ্ঞান হিচাবে অভিহিত কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top