Class 10 Elective Commerce Chapter 6 বিত্তৰ উৎস সমূহ

Class 10 Elective Commerce Chapter 6 বিত্তৰ উৎস সমূহ Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 6 বিত্তৰ উৎস সমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 6 বিত্তৰ উৎস সমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

বিত্তৰ উৎস সমূহ

Chapter – 6

অধ্যায় – ২ বেংকিং আৰু বিত্ত

প্রশ্নাৱলী

১। ব্যৱসায়ৰ বিত্তৰ উৎস সমূহ বুলিলে কি বুজা যায়? ব্যৱসায় এটাক পুঁজিৰ কিয় প্রয়োজন হয়?

উত্তৰঃ বিত্ত মানে হৈছে ব্যৱসায়ৰ বাবে ধনৰ বা মূলধনৰ উৎস বিচাৰ কৰা, উৎসবোৰৰ মাজৰ পৰা উৎকৃষ্ট উৎসবিধ যাৰ দ্বাৰা ন্যূনতম ব্যয়ত অধিকতম লাভ হয় বাছনি কৰা; উৎকৃষ্ট উৎস বিধৰ পৰা ধন বা মূলধন সংগ্ৰহ কৰা, সংগৃহিত ধন বা মূলধন উৎকৃষ্টভাৱে ব্যৱহাৰ কৰা আৰু ৰাহি হোৱা মূলধন নিৰাপদ ভাৱে সংৰক্ষণ কৰা।

ব্যৱসায় এটাক পুঁজিৰ প্রয়োজন হোৱাৰ কাৰণ হল যেতিয়া আমি ব্যৱসায় আৰম্ভ কৰো তেতিয়া প্ৰাথমিক বিনিয়োগৰ প্ৰয়োজন হয়, যেনে যন্ত্ৰপাতি, স্থাপনা, যান্ত্ৰিক উপকৰণ আৰু অন্যান্য সম্পদ।

১। কাৰ্যকৰী পুঁজিৰ প্ৰয়োজন: দৈনিক কার্যক্রম চলাই যাবৰ বাবে পুঁজিৰ প্ৰয়োজন, যেনে মজুদ সামগ্ৰী, বেতন, দৈনিক খৰচ।

২। সম্প্ৰসাৰণ (Expansion): ব্যৱসায়ৰ বৃদ্ধি আৰু সম্প্রসাৰণৰ বাবে পুঁজিৰ প্ৰয়োজন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। বিজ্ঞান আৰু প্ৰযুক্তি উন্নয়ন (Research and Development): নতুন পণ্য বা সেৱা বিকাশ এবং উন্নয়নৰ কাৰণে।

৪। বাজাৰ প্ৰতিযোগিতা (Market Competition): বাজাৰে প্ৰতিযোগিতা ধৰি ৰাখিবলৈ বিনিয়োগৰ প্ৰয়োজন।

৫। বিনিয়োগকৰী সন্তুষ্টি (Investor Satisfaction): বিনিয়োগকাৰীক সন্তুষ্ট ৰাখাৰ বাবে এবং লগৱিভাগী ধৰি ৰখাৰ বাবে নিয়মিত বিনিয়োগ।

২। ব্যৱসায় এটাৰ বাবে উপলব্ধ বিভিন্ন প্ৰকাৰৰ মূলধনসমূহ কি কি? বিভিন্ন প্ৰকাৰৰ মূলধনসমূহৰ মাজৰ পাৰ্থক্যসমূহ বণর্না কৰা।

উত্তৰঃ ব্যৱসায় এটাৰ বাবে উপলব্ধ বিভিন্ন প্ৰকাৰৰ মূলধনসমূহ হল –  

১। স্থায়ী মূলধন।

২। কাৰ্যকৰী মূলধন।

বিভিন্ন প্ৰকাৰৰ মূলধনসমূহৰ মাজৰ পাৰ্থক্যসমূহ তলত বণর্না কৰা হল –

স্থায়ী মূলধনকাৰ্যকৰী মূলধন
স্থায়ী মূলধন হৈছে দীর্ঘম্যাদী সম্পত্তিৰ ওপৰত বিনিয়োগ কৰা মূলধন।কার্যকৰী মূলধন হৈছে প্ৰৱাহমান সম্পত্তিৰ ওপৰত বিনিয়োগ কৰা মূলধন।
ব্যৱসায়ৰ প্ৰতিষ্ঠাপনৰ বাবে স্থায়ী মূলধনৰ আৱশ্যক হয়।কাৰ্যকৰী মূলধন ব্যৱসায়ৰ স্থায়ী সম্পত্তিসমূহ ব্যৱহাৰ কৰিবলৈ তথা দৈনন্দিন কাম-কাজৰ বাবে ব্যৱহৃত হয়।
ব্যৱসায় এটাই স্থায়ী মূলধন বিভিন্ন ধৰণৰ দীর্ঘকালীন বিত্তীয় উৎস যেনে- অংশ পত্র, ঋণপত্র, বেংক আদিৰ পৰা সংগ্ৰহ কৰে।ব্যৱসায় এটাই কার্যকৰী মূলধন বাণিজ্যিক বেংকৰ ঋণ, ব্যৱসায়ৰ লাভ আহৰণ আদি উৎসৰ পৰা সংগ্ৰহ কৰে।
স্থায়ী সম্পত্তিৰ বাবে ব্যৱহৃত স্থায়ী মূলধন সহজেই নগদ ধনলৈ ৰূপান্তৰ নহয়।কাৰ্যকৰী মূলধনৰ বিনিয়োগসমূহ তৰল পৰ্যায়ৰ হয় আৰু সহজেই নগদ ধনলৈ ৰূপান্তৰ হয়।
স্থায়ী মূলধন ব্যৱসায়ৰ প্ৰাৰম্ভণিৰ বাবে আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণৰ উদ্দেশ্যে এবাৰতে সম্পত্তি ক্রয় কৰিবলৈ বিনিয়োগ কৰা হয়।কার্যকৰী মূলধন ব্যৱসায় সংগঠনটোৰ দৈনন্দিন কামকাজ সমূহৰ বাবে প্রয়োজন হয়।
স্থায়ী মূলধনৰ দ্বাৰা দীর্ঘম্যাদী বিনিয়োগ হয়।কার্যকৰী মূলধনৰ দ্বাৰা হ্রস্বম্যাদী বিনিয়োগ হয়; যাৰদ্বাৰা ব্যৱসায়টোৰ দৈনন্দিন কাম- কাজ সমাপন হয়।

৩। ব্যৱসায় এটাৰ বিভিন্ন বিত্তীয় উৎসসমূহ কি কি? বিভিন্ন ধৰণৰ দীর্ঘকালীন বিত্তীয় উৎসসমূহ সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ ব্যৱসায় এটাৰ বিভিন্ন বিত্তীয় উৎসসমূহ দুটা ভাগত ভাগ কৰা হৈছে।

১। দীর্ঘকালীন উৎসসমূহ (Long term sources).

২। হ্রস্বকালীন উৎসসমূহ (Short term sources).

বিভিন্ন ধৰণৰ দীর্ঘকালীন বিত্তীয় উৎসসমূহ সম্পর্কে তলত বর্ণনা কৰা হৈছে —

১। সাধাৰণ অংশপত্র (Equity shares).

২। ঋণপত্র অথবা খত / ঋণ-পত্র (Bonds / debentures).

৩। অগ্রাধিকাৰযুক্ত অংশ পত্র (Preference shares).

৪। সঞ্চিত উপার্জন (Retained earnings).

৫। দীর্ঘকালীন উৎসসমূহ (Long term sources).

১। সাধাৰণ অংশ পত্র (Equity shares): সাধাৰণ অংশপত্ৰ ধাৰণকাৰীসকলে কোম্পানী বা নিগমটোৱে  আহ্বান কৰা লাভ অথবা সম্মুখীন হোৱা লোকচান দুয়োটাৰে অংশ লাভ কৰে। সাধাৰণ অংশপত্ৰ ধাৰণকাৰীসকলক কোম্পানীটোৰ প্রকৃত গৰাকী (Real owner) হিচাবে অভিহিত কৰা হয় কাৰণ তেওঁলোকে ভোটাধিকাৰ লাভ কৰে আৰু কোম্পানীটোৰ লগত জড়িত গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্রহণ কৰাৰ কর্তৃত্ব লাভ কৰে। অংশপত্ৰ ধাৰণকাৰীসকলে তেওঁলোকৰ অংশপত্ৰৰ ওপৰত কৰা বিনিয়োগৰ প্রতিদান হিচাবে লভ্যাংশ (dividend) লাভ কৰে, এই লভ্যাংশ কোম্পানীটোৰ লাভ লোকচান আৰু কোম্পানীটোৰ বিক্ৰয়ৰ সময়ছোৱাত কোম্পানীটোৰ বিক্ৰৰ সময়ছোৱাত কোম্পানীটোৰ মূলধনজনিত লাভ লোকচানৰ ওপৰত নিৰ্ভৰশীল।

২। অগ্ৰাধিকাৰযুক্ত অংশপত্র (Preference shares): অগ্রাধিকাৰযুক্ত অংশপত্র সমূহত বিশেষ বা অগ্রাধিকাৰ জনিত অধিকাৰ থাকে। এনেধৰণৰ অংশ পত্ৰসমূহত এক নির্ধাৰিত হাৰত লভ্যাংশ প্রদান কৰা হয় আৰু এই লভ্যাংশ সাধাৰণ অংশ পত্ৰ ধাৰণকাৰী সকলৰ লভ্যাংশ প্রদানৰ আগত অগ্রাধিকাৰ ভিত্তিত প্রদান কৰা হয়। দ্বিতীয়তে, কোম্পানীটোৰ অৱসান ঘটাৰ ক্ষেত্ৰত অগ্রাধিকাৰযুক্ত অংশপত্ৰ ধাৰণকাৰীসকলক সাধাৰণ ধাৰণকাৰীসকলৰ আগতে মূলধন ফিৰাই দিয়া হয়। অগ্রাধিকাৰযুক্ত অংশপত্র ধাৰণকাৰীসকলৰ ভোটাধিকাৰ নাথাকে।

৩। ঋণপত্র (Debentures): ঋণপত্র হৈছে কোম্পানীৰ সাধাৰণ মোহৰৰ (Common Seal) দ্বাৰা স্বাক্ষৰিত এখন দলিল, যি দলিলত কোম্পানীৰ দ্বাৰা গ্ৰহণ কৰা ঋণৰ স্বীকৃতি দিয়া হয় তথা ঋণ গ্রহণ আৰু আৰু ঋণ ফিবৎ প্ৰক্ৰিয়াৰ বিভিন্ন নীতি নিয়মসমূহ লিপিবদ্ধ কৰা হয়। গতিকে ঋণপত্র হৈছে কোম্পানীৰ দ্বাৰা গ্ৰহণ কৰা ঋণৰ এক প্রমাণপত্র। ভাৰতবৰ্ষত এটা ৰাজহুৱা নিগম বা কোম্পানীয়ে সম্মিলনৰ স্মাৰকলিপিৰ সন্মতি সাপেক্ষে তথা ব্যৱসায় আৰম্ভণিৰ প্ৰমাণপত্ৰ লাভ কৰা পিছত ঋণকৃত মূলধন সংগ্ৰহ কৰিব পাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top