Class 10 Elective Commerce Chapter 1 কোম্পানী ব্যৱসায় Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 1 কোম্পানী ব্যৱসায় Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.
Class 10 Elective Commerce Chapter 1 কোম্পানী ব্যৱসায়
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.
কোম্পানী ব্যৱসায়
Chapter – 1
| অধ্যায় – ১ ব্যৱসায় অধ্যয়ন |
প্রশ্নাৱলী
১। কোম্পানীৰ সংজ্ঞা লিখা।
উত্তৰঃ কোম্পানী প্ৰকাৰৰ ব্যৱসায় বুলিলে আইনৰ দ্বাৰা গঠিত মানুহৰ এক সংগঠন; যি সংগঠনে এক উমৈহতীয়া উদ্দেশ্য ফলপ্ৰসু কৰিবলৈ কাম কৰে। এনে সংগঠন বা কোম্পানীক এক কৃত্রিম ব্যক্তি হিচাবে অভিন্ন কৰা হয় যাৰ এই সংগঠনৰ সদস্যসকলৰ পৰা পৃথক এক আইনী পৰিচয় থাকে। এটা কোম্পানী, কোম্পানী আইন, ২০১৩ (The Companies Act, 2013) ৰ নিয়ম কানুনৰ দ্বাৰা নিয়ন্ত্রিত হয়। মালিকীস্বত্ব হিচাবে কোম্পানী দুই ধৰণৰ হয়, ৰাজহুৱা কোম্পানী আৰু ব্যক্তিগত কোম্পানী।
২। কোম্পানীৰ বিভিন্ন প্রকৃতিসমূহ কি কি?
উত্তৰঃ কোম্পানীৰ বিভিন্ন প্রকৃতিসমূহ হল-
১। কৃত্ৰিম ব্যক্তি।
২। সুকীয়া আইনী পৰিচয়।
৩। স্থায়ী অস্তিত্ব।
৪। উমৈহতীয়া মোহৰ।
৫। সীমিত দেনা।
৬। নিয়ন্ত্ৰণ।
৩। কোম্পানী গঠনৰ বিভিন্ন সুবিধাসমূহ আৰু অসুবিধাসমূহ কি কি?
উত্তৰঃ কোম্পানীৰ গঠনৰ বিভিন্ন সুবিধাসমূহ:
সীমিত দেনা: (Limited liability) যিহেতু কোম্পানীৰ পৰিমাণ অনুযায়ী দেনা সীমিত হয়, গতিকে কোম্পানী লোকচানৰ সন্মুখীন হ’লে তেওঁলোকৰ ধন পৰিশোধৰ বিপদশংকা সীমিত হয়।
অধিক পুঁজি: (More Funds) কোম্পানী এটাই বিভিন্ন উৎসৰ পৰা পুঁজি বা মূলধন সংগ্ৰহ কৰে। ই অংশপত্ৰ ধাৰকসকলৰ পৰা তথা বেংকৰ পৰা ঋণ লৈ পুঁজি গঠন কৰে। এই পুঁজি বা মূলধন কোম্পানীৰ দৈনন্দিন ব্যৱসায়িক কাম- কাজ তথা ভৱিষ্যতৰ প্ৰগতিৰ বাবে ব্যৱহাৰ কৰা হয়।
স্থায়ী অস্তিত্ব: (Perpetual Succesion) কোম্পানী এটাৰ অস্তিত্ব বা স্থিৰতা ইয়াৰ সদস্যসকলৰ আগমন আৰু প্রত্যাগমনৰ ওপৰত নিৰ্ভৰশীল নহয়। যিহেতু কোম্পানী এটা আইনৰ দ্বাৰা গঠন আৰু সমাপ্ত হয়, গতিকে কোম্পানীয়ে ইয়াৰ সদস্যসকলৰ পৰা পৃথক স্থিৰতা লাভ কৰে।
মালিকীস্বত্বৰ হস্তান্তৰ: (Transfer of ownership) কোম্পানী এটাৰ ক্ষেত্রত কোম্পানীটোৰ অংশপত্র ধাৰকসকলে অন্য পক্ষক সহজেই অংশপত্র বিক্ৰী কৰিব পাৰে। গতিকে অংশপত্ৰ ধাৰকসকলে প্রয়োজন অনুসাবে অংশপত্র বিক্ৰী কৰি ধন লাভ কৰিব পাৰে।
উত্তম ব্যৱস্থাপনা: (Better Management) কোম্পানী এটাৰ পুঁজি বা মূলধনৰ পৰিমাণ অধিক বাবে কোম্পানী এটাই সহজেই ব্যৱসায়িক কাম কাজ চলাবৰ বাবে দক্ষ আৰু পেছাগত লোকক নিয়োজিত কৰিব পাৰে তথা তেওঁলোকৰ পৰা উপদেশ গ্রহণ কৰিব পাৰে। ইয়াৰ দ্বাৰা কোম্পানীৰ পৰিচালনা ব্যৱস্থা ফলপ্রসু আৰু উত্তম হয়।
কোম্পানীৰ গঠনৰ বিভিন্ন অসুবিধাসমূহ:
গঠনৰ সমস্যা: (Difficulty in formation) কোম্পানী এটা গঠনৰ ক্ষেত্রত কোম্পানীৰ সদস্যসকলে এক দীঘলীয়া প্রক্রিয়া সমাপন কৰিব লাগে। এই প্রক্রিয়া ব্যয়বহুল হয় আৰু এই প্রক্রিয়াত অত্যাধিক আইনী মেৰপেছ থাকে।
গোপনীয়তাৰ অভাৱ: (Lack of Secrecy) এটা ৰাজহুৱা কোম্পানীয়ে ইয়াৰ বাৰ্ষিক হিচাপ নিকাচ আৰু বার্ষিক প্রতিবেদনসমূহ ৰাজহুৱা ভাৱে প্রকাশ কৰাটো আইনীভাৱে বাধ্যতামূলক, যাতে ৰাইজে এনেবোৰ প্রতিবেদন প্রয়োজন অনুসাৰে নিৰীক্ষণ কৰিব পাৰে। ইয়াৰোপৰি কোম্পানী এটাৰ সিদ্ধান্ত গ্রহণ প্রক্রিয়াত অংশপত্ৰ ধাৰকসকলৰ অংশগ্রহণে কোম্পানীৰ আভ্যন্তৰীণ কাম কাজৰ গোপনীয়তা বজাই ৰখাত প্রভাৱ পেলায়।
সিদ্ধান্ত গ্রহণত বিলম্ব: (Delay in decision making)
কোম্পানী এটাৰ গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্রহণৰ পূর্বে শীর্ষ বিষয়াসকলৰ অনুমোদন প্রয়োজনীয় হয়। কোম্পানীৰ গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ ক্রমোচ্চ গাঁথনিৰ যোগেদি উচ্চস্তৰৰ সঞ্চালকমণ্ডলীৰ ওচৰত অনুমোদনৰ বাবে পঠোৱা হয় আৰু সঞ্চালকমণ্ডলীয়ে তেওঁলোকৰ বৈঠকৰ যোগেদি সিদ্ধান্তসমূহৰ অনুমোদন প্রদান কৰে। সিদ্ধান্তগ্ৰহণৰ প্ৰক্ৰিয়াত যথেষ্ট সময় ব্যয় হয়।
৪। মানুহৰ কোনবোৰ কাম কাজ কোম্পানীৰ বাবে সমাপন কৰাটো সম্ভৱপৰ নহয়?
উত্তৰঃ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ লগত জড়িত থকা কাম কাজসমূহ কোম্পানীৰ বাবে সমাপন কৰাটো সম্ভৱপৰ নহয়।
৫। ব্যক্তিগত মালিকানাধীন প্রতিষ্ঠানৰ পঞ্জীয়নৰ বাবে কিবা বিশেষ আইন থাকে নেকি?
উত্তৰঃ ব্যক্তিগত মালিকানাধীন প্ৰতিষ্ঠানৰ পঞ্জীয়নৰ ক্ষেত্ৰত স্থানীয় পৌৰসভা অথবা পঞ্চায়তৰ দ্বাৰা অনুমোদিত অনুজ্ঞাপত্ৰৰ প্রয়োজন হয়। অন্যহাতে কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্রী বা সেৱাৰ প্ৰকৃতি অনুযায়ী বিভিন্ন আইন-কানুনৰ অধীনত একাধিক পঞ্জীয়নৰ প্ৰয়োজন হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

