Class 10 Elective Commerce Chapter 3 উদ্যমিতা

Class 10 Elective Commerce Chapter 3 উদ্যমিতা Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 3 উদ্যমিতা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 3 উদ্যমিতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

উদ্যমিতা

Chapter – 3

অধ্যায় – ১ ব্যৱসায় অধ্যয়ন

প্রশ্নাৱলী

১।  উদ্যমিতাৰ সংজ্ঞা লিখা।

উত্তৰঃ উদ্যমী বা ইংৰাজী Entrepreneur শব্দটো ফৰাছী শব্দ ‘entreprendre’ ৰ পৰা লোৱা হৈছে যাৰ অর্থ হৈছে কাৰ্যভাৰ গ্ৰহণ কৰা। গতিকে এজন উদ্যমীয়ে (Entrepreneur) গ্রাহক-উপভোক্তাৰ বাবে নতুন সামগ্রী বা সেৱাৰ উদ্ভাৱন কৰি তেওঁলোকক তেনেধৰণৰ সামগ্রী বা সেৱাৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ সাধন কৰিবলৈ ব্যৱসায় এটাৰ কাৰ্যভাৰ গ্রহণ কৰে। উদ্যমীজনে দেশ এখনৰ মজুত সম্পদৰ উপযুক্ত ব্যৱহাৰৰ যোগেদি দেশখনৰ অর্থনৈতিক বিকাশত অৰিহনা যোগায়। জনসংখ্যাৰ দ্রুত বৃদ্ধি আৰু চাকৰিৰ সম্ভাৱনীয়তাৰ ক্ৰমাৎ ত্রাসে মানুহক আত্মনির্ভৰশীল হ’বলৈ অথবা আত্ম সংস্থাপনৰ বিষয়ে ভাবিবলৈ উদগনি যোগাইছে। ভাৰতবৰ্ষৰ দৰে এখন বিকাশশীল দেশৰ বাবে উদ্যমীসকলৰ গুৰুত্ব যথেষ্ট আছে যিসকলে দেশৰ অর্থনৈতিক বিকাশত গুৰুত্বপূর্ণ অৰিহনা যোগায়। উদ্যমিতাৰ ধাৰণা বুলিলে এখন বজাৰত ব্যৱসায়িক সম্ভাৱনীয়তাৰ চিনাক্তকৰণ আৰু নতুন নতুন সামগ্রী বা সেৱাৰ উৎপাদনৰ বাবে সম্পদৰ উপযুক্ত ব্যৱহাৰক বুজায়। এনেধৰণৰ প্ৰক্ৰিয়াত বিপদশংকা থাকে কাৰণ উদ্যমীজনে ব্যৱসায়টোৰ পৰা কোনো ধৰণৰ লাভ আহৰণৰ নিশ্চিতি অবিহনেই ধনৰ বিনিয়োগ কৰে। জে. এ. চুমপীটাৰ (J.A. Schumpeter) ৰ সংজ্ঞা অনুযায়ী উদ্যমী হৈছে “সেইসকল ব্যক্তি যিসকলে প্রযুক্তিগত অথবা সাংগঠনিক নতুনত্বৰ যোগেদি বজাৰ সম্ভাৱনাৰ চিনাক্ত কৰে”।

যিসকল উদ্যমীয়ে নিজৰ সৃষ্টিশীলতাৰ যোগেদি পৰিয়াল এটাত প্রথমবাৰৰ বাবে ব্যৱসায়ৰ আৰম্ভণি কৰে তেওঁলোকক প্রথম প্রজন্মৰ উদ্যমী বোলা হয়। তেওঁলোকে সাধাৰণতে কোনোধৰণৰ উদ্যমিতাৰ পৰিবেশৰ অভাৱৰ বাবে তেওঁলোকৰ নতুন ব্যৱসায়ত যথেষ্ট প্রত্যাহ্বানৰ সম্মুখীন হয়।

২। এটা অর্থনীতিত উদ্যমিতাৰ গুৰুত্ব সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ যিহেতু উদ্যমী সকলে দেশৰ সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ কৰে, গতিকে অর্থনীতিত উৎপাদনশীলতা বৃদ্ধি হয়। বজাৰত নতুন নতুন সামগ্ৰী বা সেৱাৰ যোগানে বজাৰখনৰ বেচা কিনা কাৰ্য্যৰ বিকাশ ঘটায়। ফলস্বৰূপে উদ্যমিতাই অর্থনৈতিক বিকাশত অৰিহনা যোগায়। দেশ এখনৰ অৰ্থনীতিৰ বাবে উদ্যমিতাৰ প্ৰক্ৰিয়াসমূহ যথেষ্ট গুৰুত্বপূর্ণ। 

উদ্যমীজনে দেশ এখনৰ মজুত সম্পদৰ উপযুক্ত ব্যৱহাৰৰ যোগেদি দেশখনৰ অৰ্থনৈতিক বিকাশত অৰিহনা যোগায়। ভাৰতবৰ্ষৰ দৰে এখন বিকাশশীল দেশৰ বাবে উদ্যমীসকলৰ গুৰুত্ব যথেষ্ট আছে যিসকলে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহনা যোগায়। 

৩। উদ্যমী কোন? তেওঁৰ গুণসমূহ কি কি?

উত্তৰঃ উদ্যমী হৈছে “সেইসকল ব্যক্তি যিসকলে প্রযুক্তিগত অথবা সাংগঠনিক নতুনত্বৰ যোগেদি বজাৰ সম্ভাৱনাৰ চিনাক্ত কৰে”।

উদ্যমী গুণসমূহ হল —

১। সৃষ্টিশীলতা।

২। নেতৃত্ব।

৩। বিপদশংকা বহনৰ সক্ষমতা।

৪। সিদ্ধান্ত গ্রহণৰ দক্ষতা।

৫। আশাবাদী।

৬। প্ৰতিশ্ৰুতিবদ্ধ।

৭। ব্যৱস্থাপনাৰ দক্ষতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top