Class 10 Elective Commerce Chapter 4 বেংকত হিচাপ খোলা পদ্ধতি

Class 10 Elective Commerce Chapter 4 বেংকত হিচাপ খোলা পদ্ধতি Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 4 বেংকত হিচাপ খোলা পদ্ধতি Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 4 বেংকত হিচাপ খোলা পদ্ধতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

বেংকত হিচাপ খোলা পদ্ধতি

Chapter – 4

অধ্যায় – ২ বেংকিং আৰু বিত্ত

প্রশ্নাৱলী

১। এটা বেংক একাউন্ট খোলাৰ প্ৰক্ৰিয়াসমূহ বৰ্ণনা কৰা।

উত্তৰঃ এটা বেংক একাউন্ট খোলাৰ প্ৰক্ৰিয়াসমূহ হল-

১। একাউন্টৰ বাবে আবেদন (Apply for an account) ত ক্লিক কৰিব লাগে আৰু গ্রাহকজনে তেওঁৰ প্রয়োজনীয় বেংক একাউন্টটো বাছনি কৰিব লাগে।

২। আবেদন পত্ৰখনত নাম, ঠিকনা, জন্ম তাৰিখ আৰু অন্যান্য বিতং তথ্য পূৰাব লাগে আৰু ‘submit’ ত ক্লিক কৰিব লাগে।

৩। বিতং তথ্যসমূহ আবেদনকাৰীজনে দাখিল কৰাৰ পিছত বেংকে আবেদনকাৰীজনক বেংক শাখাত উপস্থিত হৈ KYC নথিসমূহ দাখিল কৰিবলৈ আহ্বান কৰে।

৪। বেংকে নথিসমূহ পৰীক্ষণ কৰে।

৫। বেংকে গ্রাহকজনৰ একাউন্ট অনুমোদন কৰে আৰু একাউন্টটো সক্রিয় কৰে।

ভাৰতীয় ৰিজার্ভ বেংকে বাণিজ্যিক বেংকসমূহক বেংক একাউন্ট মুকলিকৰণৰ ক্ষেত্ৰত ‘Know Your Customer’ (আপোনালোকৰ গ্রাহকক জানক) অর্থাৎ KYC-ৰ প্রক্রিয়াসমূহৰ সমাপন কৰাটো বাধ্যতামূলক কৰিছে। ‘KYC অথবা Know Your Customer’ হৈছে গ্রাহকসকলৰ বিষয়ে অৱগত হোৱা এক প্রক্রিয়া। এই প্রক্রিয়াত বেংকসমূহে গ্রাহকসকলৰ পৰিচয় আৰু ঠিকনা সম্পর্কে অৱগত হয়। এই প্রক্রিয়াৰ মূল উদ্দেশ্য হৈছে বেংকৰ সুবিধাসমূহৰ অপব্যৱহাৰ বোধ কৰা। বেংক একাউন্ট মুকলিকৰণৰ ক্ষেত্ৰত KYC প্রক্রিয়াসমূহ বেংকে সমাপন কৰে আৰু সময়ে সময়ে এই প্রক্রিয়াৰ আধুনিকীকৰণ কৰে।

KYC প্রক্রিয়াৰ উদ্দেশ্যে বেংক গ্রাহক এজনে তলত উল্লেখ কর্মী নথিসমূহ দাখিল কৰিব লাগে-

> পৰিচয় প্রমাণ

> ঠিকনাৰ প্রমাণ

> শেহতীয়া ফটোকপি

পৰিচয় প্ৰমাণৰ বাবে: পাছপোর্ট / চালক অনুজ্ঞা পত্র / পান কার্ড / ভোটাৰ পৰিচয় পত্র / আধাৰ কার্ড / ৰেচন কার্ড / কৰ্মচাৰী পৰিচয় পত্র / এনৰেগা শ্রমকার্ড – উল্লেখিত নথিসমূহৰ যিকোনো এখন নথি চৰকাৰী বিষয়াৰ দ্বাৰা পৰীক্ষণ আৰু হস্তাক্ষৰ কৰি দাখিল কৰিব লাগে।

ঠিকনা প্ৰমাণৰ বাবে: পাৰ্ছপোর্ট / চালক অনুজ্ঞা পত্র / ভোটাৰ পৰিচয় পত্র / আধাৰ কাৰ্ড / বিজুলীসেৱা বিল / এল.পি.জি সংযোগ কার্ড (LPG) / লীজ চুক্তি / বেংক একাউন্ট বিবৃতি / এনৰেগা শ্রমকার্ড – উল্লেখিত নথিসমূহৰ যিকোনো এখন নথি চৰকাৰী বিষয়াৰ দ্বাৰা পৰীক্ষণ আৰু হস্তাক্ষৰ কৰি দাখিল কৰিব লাগে।

২। বিভিন্ন ধৰণৰ বেংক হিচাপসমূহ কি কি?

উত্তৰঃ বিভিন্ন ধৰণৰ বেংক হিচাপসমূহ হল –

১। চাহিদাভিত্তিক জমা হিচাপৰ প্ৰকাৰসমূহ- 

(ক) সঞ্চয়ী হিচাপ।

(খ) চলিত হিচাপ।

২। সময়ভিত্তিক জমা হিচাপৰ প্ৰকাৰসমূহ-

(ক) পৌনঃপৌনিক হিচাপ।

(খ) ম্যাদী বা স্থায়ী হিচাপ।

(৩) সাধাৰণ সঞ্চয়ী জমা হিচাপ।

৪। সাধাৰণ প্ৰবাসী টকা হিচাপ।

৩। চাহিদা ভিত্তিক জমা হিচাপৰ প্ৰকৃতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ চাহিদাভিত্তিক জমা হিচাপৰ দুই প্ৰকাৰৰ-

১। সঞ্চয়ী হিচাপ (Savings Account).

প্রকৃতিসমূহ (Features):

(ক) ক্ষুদ্র সঞ্চয়ৰ বাবে মূলতঃ ব্যৱহৃত হয়।

(খ) ধন অপসৃত কৰা (উঠাই লোৱা) ৰ ক্ষেত্ৰত বাধ্যবাধকতা থাকে।

(গ) বেংক অনুযায়ী ন্যূনতম ধনৰ অবশিষ্ট (Minimum Account Balance) ৰাখিব পাৰি।

(ঘ) জমাধনৰ আমানতৰ ওপৰত সুদ প্রদান।

(ঙ) অভাৰ ড্রাফট (Overdraft) ৰ সুবিধা নাথাকে।

(চ) এ.টি.এম কার্ড (ATM card), নেট বেংকিং (Net Banking) আৰু মোবাইল বেংকিং (Mobile banking) ৰ সুবিধাসমূহ উপলব্ধ হয়।

(ছ) এই একাউন্টৰ দ্বাৰা চেক সংগ্ৰহ কৰিব পাৰি।

২। চলিত হিচাপ (Current Account).

প্রকৃতিসমূহ (Features):

(ক) ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক লেনদেনৰ সুবিধার্থে এনেধৰণৰ বেংক একাউন্ট খোলে।

(খ) ধনৰ অপসৃত চেকৰ দ্বাৰাহে কৰিব পাৰি।

(গ) এনেধৰণৰ একাউন্টত বেংকে জমাধনৰ ওপৰত কোনো ধৰণৰ সুদ প্রদান নকৰে।

(ঘ) যিকোনো সময়তে এনে একাউন্টত ধন জমা কৰিব আৰু আহৰণ কৰিব পাৰি।

(ঙ) এনেধৰণৰ একাউন্টত বেংক গ্রাহকসকলে দুটা বিশেষ সুবিধা লাভ কৰে- 

অভাৰাষ্ট্ৰৰ সুবিধা (Overdraft facility):

এনেধৰণৰ একাউন্টৰ পৰা বেংক গ্রাহকজনে তেওঁৰ একাউন্টত জমা থকা ধনৰ পৰিমানৰ ওপৰঞ্চি ধন উঠাই ল’ব বা মোকলাব পাৰে।

8। সময়ভিত্তিক জমা হিচাপৰ প্ৰকৃতিসমূহ বর্ণনা কৰা।’ 

উত্তৰঃ সময়ভিত্তিক জমা হিচাপ দুই প্ৰকাৰ-

১। পৌনঃপৌনিক হিচাপ (Recurring Account).

প্রকৃতিসমূহ (Features):

(ক) এই ব্যৱস্থাৰ মূল উদ্দেশ্য হ’ল জনসাধাৰণৰ মাজত এক নিয়মীয়া সঞ্চয়ৰ আভ্যাস গঢ়ি তোলা।

(খ) ন্যূনতম জমাধনৰ পৰিমাণ মাহেকীয়া কিস্তি হিচাপত বেংক অনুযায়ী ভিন্ন হয়। কিছুক্ষেত্রত ন্যূনতম মাহিলী ১০ টকা জমা কৰিলেও হয়।

(গ) এনেধৰণৰ একাউন্টসমূহ ৬ মাহৰ পৰা ১০ বছৰ পর্যন্ত ম্যাদসীমাৰ বাবে মুকলি কৰিব পাৰি। 

(ঘ) সাধাৰণতে নির্ধাৰিত বা নির্দিষ্ট সময়সীমাৰ পূর্বে বা নির্দিষ্ট সময়সীমাৰ মধ্যমকালত ধন মোকলাব বা অপসৃত কৰিব নোৱাৰি। অন্যহাতে কিছুমান ক্ষেত্ৰত বেংকে জৰিমনাৰ বাবদ নির্দিষ্ট সময়সীমাৰ পূর্বে ধন মোকলোৱা বা আহৰণ কৰা সুবিধা প্রদান কৰে।

২। ম্যাদী বা স্থায়ী জমা হিচাপ (Fixed Deposit Account):

প্রকৃতিসমূহ (Features):

(ক) এই একাউন্টৰ মূল উদ্দেশ্য হৈছে জনসাধাৰণক নির্ধাৰিত সময়ৰ বাবে ৰাহি ধন জমা কৰাৰ সুবিধা প্রদান কৰি উচ্চ হাৰত সুদ আয়ৰ সুবিধা প্রদান কৰা।

(খ) নির্ধাৰিত সময়সীমাৰ পূর্বে জমা ধন মোকলাব নোৱাৰি। কিন্তু জৰুৰীকালীন অৱস্থাত নির্ধাৰিত সময়সীমাৰ পূর্বে বেংকে গ্রাহক সকলক জৰিমনাৰ বাবদ অথবা লাভৰ হাৰ কর্তনৰ বাবদ একাউন্ট বন্ধ কৰি ধন মোকলোৱা বা আহৰণ কৰা সুবিধা প্রদান কৰে।

(গ) জমা ৰখা ধনৰ বিনিময়ত প্রদান কৰা সুদৰ হাৰ জমা ধনৰ পৰিমান অনুযায়ী, সময়সীমা অনুযায়ী আৰু বেংক অনুযায়ী ভিন্ন হয়। সাধাৰণতে অন্যান্য বেংক একাউন্টতকৈ এই একাউন্টত প্রদান কৰা সুদৰ হাৰ অধিক।

(ঘ) এই একাউন্টত ধন জমা এক নির্দিষ্ট সময়সীমাৰ বাবে কৰা হয়, ন্যূনতম মাহৰ পৰা সৰ্বাধিক ১০ বছৰ পর্যন্ত ধন জমা কৰিব পাৰি।

(ঙ) ধন জমাকাৰীক এখন ৰছিদ প্রদান কৰা হয়।

৫। চাহিদা ভিত্তিক জমা হিচাপসমূহ সময়ভিত্তিক জমা হিচাপসমূহতকৈ কিদৰে পৃথক হয়?

উত্তৰঃ চাহিদা ভিত্তিক জমা (Demand Deposit) হৈছে বেংক গ্রাহকজনৰ একাউন্টৰ সেইসমূহ ধন জমা বা আমানত যিসমূহ বেংক গ্রাহকজনে প্রয়োজন অনুসৰি বেংকক আগতীয়াকৈ অৱগত নকৰাকৈয়ে জমা কৰিব পাৰে আৰু উঠাই ল’ব পাৰে। আনহাতে সময় ভিত্তিক জমা (Time deposit) হৈছে বেংক একাউন্টৰ সেইসমূহ ধন জমা বা আমানত ব্যৱস্থা য’ত এক পূর্বনির্ধাৰিত সময়সূচীৰ পূৰ্বে অথবা ধন আহৰণ কৰাৰ (উঠাই লোৱা) জাননী অবিহনে বেংক গ্রাহকজনে জমা কৰা ধন উঠাই ল’ব নোৱাৰে। এইদৰে পৃথক হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top