Class 10 Elective Commerce Chapter 10 ধনপ্রাপ্তি আৰু ধন প্রদান

Class 10 Elective Commerce Chapter 10 ধনপ্রাপ্তি আৰু ধন প্রদান Solutions, SEBA Class 10 Banijya Parichoy Question Answer, Class 10 Elective Commerce Chapter 10 ধনপ্রাপ্তি আৰু ধন প্রদান Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 10 SEBA and select needs one.

Class 10 Elective Commerce Chapter 10 ধনপ্রাপ্তি আৰু ধন প্রদান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 10 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Commerce Elective Solutions for All Chapter, You can practice these here.

ধনপ্রাপ্তি আৰু ধন প্রদান

Chapter – 10

অধ্যায় – ৩ হিচাপৰক্ষণ আৰু হিচাপকৰণ

প্রশ্নাৱলী

(ক) অনা লাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ লিখা।

উত্তৰঃ অনা-লাভকাৰী প্ৰতিষ্ঠানৰ অৰ্থ প্রতিষ্ঠানসমূহ লাভ অর্জনৰ বিপৰীতে এনে কিছুমান সামাজিক সমস্যাৰ সমাধান কৰা। এনেসমূহ প্রতিষ্ঠান সামাজিক সেৱা মনোভাৱেৰে গঠিত হয় তথা সমাজৰ কল্যাণৰ অৰ্থে কাম-কাজ কৰা।

(খ) প্রাপ্তি আৰু প্ৰদান হিচাপ কি?

উত্তৰঃ নগদ ধন প্রাপ্তি আৰু নগদ ধন প্ৰদানৰ হিচাপ হৈছে এক প্ৰকাৰৰ হিচাপ য’ত এটা বিশেষ হিচাপকালৰ নগদ ধনৰ হিচাপবহীৰ পৰা নগদ ধন প্রাপ্তি আৰু নগদ ধন প্ৰদানৰ হিচাপসমূহ সংক্ষিপ্ত আকাৰত প্ৰকাশ কৰা হয়। 

(গ) প্রাপ্তি আৰু প্ৰদান হিচাপৰ প্ৰকৃতিসমূহ উল্লেখ কৰা।

উত্তৰঃ প্রাপ্তি আৰু প্ৰদান হিচাপৰ প্ৰকৃতিসমূহ তলত উল্লেখ কৰা হল –

(ক) নগদ ধন হিচাপবহীৰ সংক্ষিপ্ত টোকাবহী: ধন প্রাপ্তি আৰু (Summary of Cash Book): ধন প্ৰদানৰ হিচাপসমূহ নগদ ধন হিচাপবহীৰ সংক্ষিপ্ত টোকাবহী সদৃশ হয়, য’ত প্রাপ্ত কৰা বা লাভ কৰা নগদ ধনসমূহৰ বিষয়ে হিচাপবহীখনৰ বাওঁ অংশত (ডেবিট) আৰু নগদ ধনৰ ব্যয় বা প্ৰদানৰ বিভিন্ন শিতানসমূহৰ বিষয়ে সোঁ অংশত (ক্রেডিট) লিপিবদ্ধ কৰা হয়।

(খ) ৰাজহ আৰু মূলধন দুয়োবিধ প্রকৃতিৰ উপাদান অন্তর্গত কৰে (Records items of both revenue and capital nature): ধনপ্রাপ্তি আৰু ধন প্ৰদানৰ হিচাপ সমূহত বিভিন্নধৰণৰ লেনদেনসমূহৰ ৰাজহ উপাদান আৰু মূলধন উপাদান হিচাপে সুকীয়াকৈ বা ভিন্নভাৱে লিপিবদ্ধ কৰা নহয়। লেনদেনৰ সকলোবোৰ নগদ ধন প্রাপ্তি আৰু প্ৰদানৰ বিষয়ে; ৰাজহ আৰু মূলধন উপাদানবোৰৰ মাজত ভিন্নতা নকৰাকৈয়ে লেনদেনসমূহ লিপিবদ্ধ কৰা হয়।

(গ) বিস্তৃত পৰিধি (Wide coverage): অতীত, বর্তমান আৰু ভৱিষ্যত কালৰ লগত সম্পর্কিত বেংকৰ লেনদেনসমূহৰ সহিতে নগদ ধন প্রাপ্তি আৰু নগদ ধন প্রদানৰ সকলোবোৰ লেনদেন এই হিচাপত অন্তৰ্গত কৰা হয়।

(ঘ) অপ্রদত্ত উপাদান বা নগদ ধনবিহীন উপাদানসমূহৰ বৰ্জন (Exclusion of outstanding /no-cashitems): ধন প্রাপ্তি আৰু ধন প্ৰদানৰ হিচাপসমূহে কোনোধৰণৰ অপ্ৰদত্ত আয় বা ব্যয়ৰ উপাদানসমূহ তথা নগদ ধনবিহীন উপাদানসমূহ যেনে- অপ্রদত্ত সদস্যভুক্তি, সম্পত্তিৰ মূল্যৰ অৱক্ষয় বা অপচয় আদি অন্তৰ্গত নকৰে। অনা-লাভকাৰী প্রতিষ্ঠাসমূহে এটা সময়সীমাত প্রাপ্ত আৰু প্ৰদান কৰা সকলোবোৰ নগদ ধনৰ হিচাপসমূহ যথোপযুক্তভাবে ৰাখিব লাগে। ইয়াৰ বাবে এনে প্রতিষ্ঠানসমূহে নগদ ধনৰ হিচাপবহী প্রস্তুত কৰা হয় আৰু এনে হিচাপৰ এক নির্দিষ্ট শিৰোনাম প্ৰদান কৰি কৰি হিচাপসমূহ আগ্রহী পক্ষক প্রদান কৰা হয়। ইয়াৰ দ্বাৰা আগ্রহী পক্ষৰ লোকসকলক এটা বর্ষত প্রতিষ্ঠানটোৱে প্রাপ্ত আৰু প্ৰদান কৰা নগদ ধনৰ বিতং তথ্য প্রদান কৰা হয় আৰু বৰ্ষটোৰ অন্তৰ উদ্বৃত্ত ধনৰ তথ্য প্রদান কৰা হয়।

(ঘ) নগদ ধনৰ হিচাপবহী কি হয়? নগদ ধন হিচাপবহী জাবেদা নে খতিয়ন?

উত্তৰঃ নগদ ধনৰ হিচাপবহী এক ধৰণৰ প্ৰাথমিক প্রবিষ্টি বহী য’ত দিনাংক অনুযায়ী ক্রমানুসাৰে নগদ ধনৰ সকলোবোৰ লেনদেন লিপিবদ্ধ কৰা হয়। নগদ ধন হিচাপবহী খতিয়ন।

(ঙ) নগদ ধন হিচাপবহী আৰু নগদ হিচাপৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ নগদ ধন হিচাপবহী আৰু নগদ হিচাপৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হল—

নগদ ধন হিচাপবহীনগদ ধন হিচাপৰ 
(১) নগদ ধনৰ লেনদেনসমূহৰ হিচাপসমূহ লিপিবদ্ধ কৰিবলৈ এনেধৰণৰ হিচাপবহী ব্যৱহাৰ কৰা হয়।
(১) ই খতিয়নৰ এক হিচাপ।
(২) ই প্রাথমিক প্রবিষ্টি বহী কাৰণ সকলোবোৰ নগদ ধনৰ লেনদেন প্রথমতে নগদ ধনৰ হিচাপবহীত লিপিবদ্ধ কৰা হয়।(২) জাবেদাৰ পৰা নদ ধনৰ হিচাপসমূহ নগদ ধনৰ হিচাপত উল্লেখ কৰা হয়।
(৩) নগদ ধনত হিচাপবহী ব্যৱহাৰ কৰিলে নগদ ধনৰ হিচাপসমূহ জাবেদাত প্রবিষ্টি কৰাৰ প্ৰয়োজন নাথাকে।(৩) লেনদেসমূহ জাবেদাত প্রবিষ্টি কৰিলেও সুকীয়াকৈ নগদ ধনৰ হিচাপ প্রস্তুত কৰাটো প্রয়োজন।

(চ) বিভিন্ন ধৰণৰ নগদ ধন হিচাপবহী সমূহ কি কি?

উত্তৰঃ বিভিন্ন ধৰণৰ নগদ ধন হিচাপবহী সমূহ হল –

১। এক স্তম্ভযুক্ত নগদ বহী (মাথোন নগদ ধনৰ হিচাপ)।

২। দ্বিস্তম্ভযুক্ত নগদ বহী: য’ত-

(ক) নগদ ধন আৰু ধনৰাহি স্তম্ভযুক্ত অথবা।

(খ) বেংক জমাধন আৰু বেংক জমা ধন বাহিৰ স্তম্ভযুক্ত অথবা।

(গ) নগদ ধন আৰু বেংক ধনৰ স্তম্ভযুক্ত।

(৩) ত্রিস্তম্ভযুক্ত নগদ বহী।

(৪) খুচুৰা নগদ বহী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top