AHSEC 2022 Education Question Paper Solved | দ্বাদশ শ্ৰেণীৰ শিক্ষা পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 Education Question Paper Solved | দ্বাদশ শ্ৰেণীৰ শিক্ষা পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Education Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ শিক্ষা 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Education Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 Education Question Paper Solved

AHSEC 2022 Education Question Paper Solved | দ্বাদশ শ্ৰেণীৰ শিক্ষা পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Education Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Education 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Education Old Question Paper Solved, AHSEC Class 12 Education Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

EDUCATION

2022

EDUCATION OLD QUESTION PAPER SOLVED

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(a) গুৱাহাটী বিশ্ববিদ্যালয় ______ চনত স্থাপন কৰা হৈছিল।

উত্তৰঃ ১৯৪৮ চনত।

(b) ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা ______ চনত আৰম্ভ হয়।

উত্তৰঃ ১৯৬২ চনত।

(c) বিশ্ব পৰিৱেশ দিৱস ______ তাৰিখে উদযাপন কৰা হয়।

উত্তৰঃ  ৫ তাৰিখে।

(d) এডৰাৰ্ড লী থর্নডাইকে প্ৰৱৰ্ত্তন কৰা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক শিক্ষণৰ ______ তত্ত্ব বুলিও কোৱা হয়।

উত্তৰঃ সংযোগবাদ।

(e) বহু বিকল্প বাছনি প্রশ্নত, এগৰাকী শিক্ষাৰ্থীয়ে _______ পদ্ধতি প্ৰয়োগ কৰি শুদ্ধ উত্তৰটো ৰাছি উলিয়াব পাৰে।

উত্তৰঃ স্বীকৃতি।

(f) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে নির্ণয় কৰোতে সকলো ৰাশি বিচাৰ কৰা হয়।

উত্তৰঃ গড়।

এটা বাক্যত উত্তৰ দিয়াঃ

(g) দূৰ শিক্ষা কি?

উত্তৰঃ অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হল দূৰ শিক্ষা। দুৰ শিক্ষা ব্যৱস্থা হ’ল এনে এক শিক্ষ ব্যৱসহা য’ত শিক্ষার্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে দূৰত্ব শিক্ষা কার্যকৰী কৰিবলৈ হ’লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব।

(h) “অভিজ্ঞতাৰ ফলত নতুন আচৰণৰ শক্তি বৃদ্ধি বা পুৰণি আচৰণৰ শক্তি হ্ৰাস কৰা প্ৰক্ৰিয়াকে শিক্ষণ আখ্যা দিব পাৰি”। এই উক্তিষাৰ কোনে কৈছিল?

উত্তৰঃ হেনৰী স্মিথ।

(i) শিক্ষণৰ মৌলিক অনুবন্ধনবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল?

উত্তৰঃ পাভলভ।

(j) “স্মৃতি হৈছে এক নিখুঁত পুনৰ উদ্দীপন কাৰ্য ______ য’ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয়।” এই উক্তিটো কাৰ?

উত্তৰঃ ষ্টেট। 

(k) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে?

উত্তৰঃ যেতিয়া এজন ব্যক্তিয়ে কোনো হস্তক্ষেপ বা যান্ত্ৰিকতাৰ অবিহনে পৰিৱেশৰ কোনো বিষয়ৰ ওপৰত মনোযোগ প্ৰদান কৰে, তেতিয়া ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোনা হয়।

(l) সমুহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো লিখা।

উত্তৰঃ

2. মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা হ’ল–

১। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন।

২। নেতৃত্বৰ প্ৰশিক্ষণ দিয়া।

3. শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ (ক) বিজ্ঞানক শিক্ষা আৰু সংস্কৃতিৰ মৌলিক উপাদান হিচাপে গ্ৰহণ কৰাঃ বিজ্ঞান শিক্ষাক বিদ্যালয়ৰ এক অবিচ্ছেদ্য অংশ কৰিৰ তুলিব লাগে, সর্বশেষত বিজ্ঞানৰ কিছু অধ্যয়ন বিশ্ববিদ্যালয় স্তৰত ইতিহাস সাহিত্য অথবা সমাজ বিজ্ঞানৰ এটা অংশ স্বৰূপ হব লাগে, আনকি বিজ্ঞান শিক্ষাকো সাহিত্য আৰু সমাজবিজ্ঞানৰ কিছু অংশৰ সংযোজনেৰে অধিক সমৃদ্ধ কৰি তুলিব পাৰি।

(খ) কর্ম অভিজ্ঞতাঃ শিক্ষাক জীৱন আৰু উৎপাদন মুখীতাৰ সৈতে জড়িত কৰিবলৈ সাধাৰণ অথবা বৃত্তীয় সকলো শিক্ষাৰ ক্ষেত্ৰতে কৰ্ম অভিঞ্জতাক এক অবিচ্ছেদ্য অংগ হিচাপে অন্তর্ভুক্ত কৰিব লাগে। আযোগে কর্ম অভিজ্ঞতা সংজ্ঞা দি কয় যে- কম অভিজ্ঞতা হৈছে বিদ্যালয়, ঘৰ, কর্মশালা উদ্যান, উদ্যোগ অথবা অন্য যিকোনো উতপাদনশীল পৰিস্থিতিত উতপাদনৰ কাৰ্য্যৰ সৈতে জড়িত হোৱা বা ভাগ লোৱা। তাই ক্ষেত্ৰত আয়োগে মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাৰ কথা উল্লেখ কৰে।

4. অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য হ’লঃ

(i) অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে জীৱনৰ নানা অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষা প্রক্রিয়া আকাঙ্খা অনুসৰি সম্পূৰ্ণ কৰিবলৈ অসমৰ্থ হোৱা বা বঞ্চিত হোৱা লোকসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰা।

(ii) এনে শিক্ষাৰ পৰিসৰ অতি বিস্তাৰিত প্ৰকৃতিৰ ৷ সমগ্ৰ জীবনজুৰি এনে শিক্ষা প্ৰসাৰিত হৈ আছে।

5. দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা।

উত্তৰঃ দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা হ’ল—

১। ইয়াৰ শিকাৰু সকল সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে।

২। ই শিক্ষাদান আৰু শিক্ষা আহৰণ প্ৰক্ৰিয়াক অনুষ্ঠানভিত্তিক কৰি তোলে।

6. পৰিৱেশ শিক্ষাৰ দুটা নীতি উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশ শিক্ষাৰ দুটা নীতি হ’ল—

১। পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাক নিশ্চয়তা লৈ গতিকৰাত সহায় কৰে। উদাহৰণস্বৰূপে এটা শিশুৱে অতি সহজে বিভিন্ন ৰঙৰ মাজত থকা বৈষম্যৰ বিষয়ে ক’ব নোৱাৰে। কিন্তু বয়সৰ লগে লগে ই বিভিন্ন ৰঙৱে বিষয়ে ভালদৰে ক’ৰ পৰা হয়।

২। পৰিৱেশ শিক্ষাই শিশুক মূৰ্তৰ পৰা বিমূৰ্তলৈ যোৱাত সহায় কৰে। পৰিশেৱত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুৱে নিজস্ব মন্তব্য আগবঢ়াব পাবে।

7. মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ মূল্যবোধ শিক্ষা মূলতেই হৈছে এক শিক্ষা ব্যৱস্থা, যি মানুহৰ মূল আৱেগ অনুভূতিবোৰ প্ৰশিক্ষণ দি তাৰ উন্নত মানৱীয় অৱস্থালৈ ৰূপান্তৰিত কৰে। ইয়াৰ যোগেদি সুস্থ আৰু সৱল ব্যক্তিত্ব গঠন কৰা হয়।

8. পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা পার্থক্যসমূহ হৈছে—

১। পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিকৰূপত হোৱা দেহৰ এক অন্তবর্তী প্রক্রিয়া আনহাতে শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশন কৰা প্ৰতিক্ৰিয়াৰ পৰিণতি।

২। পৰিপক্কতাত পুনৰাবৃত্তিৰ অপ্রয়োজনীয় আনহাতে, শিক্ষত পুনৰাবৃত্তিৰ অতিকৈ প্ৰয়োজন, ই ভুল পৰিমাণ নোহোৱা কৰে।

9. বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা। 

উত্তৰঃ বিস্মৃতিৰ দুটা মানসিক কাৰণ হ’ল—

১। আগ্রহবিহীন শিক্ষণঃ আগ্রহৰ অভাৱ বিস্তৃতিৰ এক প্ৰধান কাৰণ। শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰেগ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে ‘হেৰাই যায়। গতিকে মনোবিদসকলৰ মতে আগ্রহবিহীনভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।

২। দমন কাৰ্যঃ আমাৰ মনৰ এক দমন আৱদমনৰ ক্ষমতা আছে। এইবিধ এক জটিল মানসিক ক্রিয়া। যাৰ দ্বাৰ জীৱনৰ অসম্পূর্ণ কামান-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি, অচেতন মনত দমন কৰি ৰাখে।

10. এজন ব্যক্তিৰ আগ্ৰহক প্ৰভাৱিত কৰিব পৰা দুটা উৎস বা উপাদান উল্লেখ কৰা।

উত্তৰঃ Students Do yourself.

11. মানসিকভাৱে স্বাস্থ্যবান লোক এজনৰ থাকিবলগীয়া দুটা সামাজিক গুণ উল্লেখ কৰা। 

উত্তৰঃ (ক) মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজনৰ সালসলনি কৰাৰ ক্ষমতা আছে।

(খ) মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজনে বন্ধুত্বপূৰ্ণ আৰু সম্প্ৰীতিপূর্ণ আচৰণ কৰে।

12. বাৰংবোৰতা বিভাজন তালিকা শ্ৰেণীকৰণ বা প্রস্তুত কৰোতে তুমি মানি চলিব লগা যিকোনো দুটা স্তৰ উল্লেখ কৰা।

উত্তৰঃ Students Do yourself.

13. তলত দিয়া তথ্যৰাশিৰ পৰা গড় আৰু মধ্যমা নিৰ্ণয় কৰাঃ

48, 45, 92, 56, 68, 85, 72, 74, 64, 90

উত্তৰঃ Students Do yourself.

14. অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা মূল সমস্যা আলোচনা কৰা।

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা মূল সমস্যাসমূহ হ’ল—

(ক) পাঠ্যক্রমঃ আমাৰ দেশত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰচলিত পাঠ্যক্ৰম জীৱনৰ প্ৰয়োজনীয়তাৰ লগত তেনে সম্বন্ধ নাই। এই পাঠ্যক্রমে উচ্চ শিক্ষাৰ কাৰণে প্ৰস্তুত কৰিব পাৰে, কিন্তু জীৱনৰ বাবে নহয়।

(খ) শিক্ষকঃ শিক্ষা কার্যৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে অৰ্থতা সম্পন্ন শিক্ষক মণ্ডলীৰ ওপৰত। কিন্তু অসমৰ মাধ্যমিক স্কুলবোৰৰ এটি প্রধান সমস্যাৰূপে দেখা দিছে— যোগ্য তথা প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ। আনকি প্রশিক্ষণ কলেজবোৰৰ অৱস্থাও বেছিভাগৰে মাধ্যমিক স্কুলৰ দৰেই।

(গ) পৰীক্ষা পদ্ধতিঃ পৰীক্ষাত উত্তীৰ্ণ হোৱাই যেন আমাৰ শিক্ষাৰ মূল উদ্দেশ্য এনে ধাৰণাই আমাৰ মনত সোমাই গৈছে। এইটো হোৱাৰ মূলতে হ’ল পৰীক্ষাৰ ফলাফলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে।

(ঘ) বিদ্যালয়ৰ পুঁজিৰ অভাৱঃ প্রয়োজনী পুঁজিৰ অভাৱে বিদ্যালয়ৰ সাংগঠনিক দিশত প্ৰভাৱ পেলায়। প্রয়োজনীয় সা-সঁজুলিৰ অভাৱে বাহ্যিক দিশত শিক্ষার্থীক আগুৱাই নিয়াত ব্যর্থ হয়।

15. মুক্ত শিক্ষা ব্যৱস্থাৰ চাৰিটা সুবিধা আলোচনা কৰা।

উত্তৰঃ মুক্ত শিক্ষা ব্যৱস্থাৰ চাৰিটা সুবিধাসমূহ হ’ল—

১। পুৰুষ – মহিলা, চাকৰি কৰা নকৰা সকলো ব্যক্তিৰ বাবে শিক্ষালাভৰ সুবিধা তেওঁলোকৰ একেবাৰে ওচৰলৈ লৈ অহা হৈছে।

২। এই শিক্ষা ব্যৱস্থাৰ পৰা ভিতৰুৱা অঞ্চল, পাহাৰীয়া অঞ্চল, গ্ৰাম্যাঞ্চলত থকা লোকেও সুবিধা পায়। বয়সীয়া ব্যক্তিও এই মুক্ত শিক্ষাৰ দ্বাৰা শিক্ষিত হৈ উঠিব পাৰে।

৩। মুক্ত শিক্ষাত খৰচ কম।

৪। এই শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম মূলতঃ চাকৰিৰ লগত জড়িত আৰু বৃদ্ধিমুখী।

16. “শাৰীৰিক শিক্ষাই কেৱল আত্মা বা শৰীৰকেই গাঢ় নিদিয়ে, বৰঞ্চ সম্পূর্ণ ব্যক্তিজনকেই গঢ় নিয়ে।” বাক্যশাৰী ব্যাখ্যা কৰা।

উত্তৰঃ এই বিবৃতিটো জয় বি নেশে দিছিল। তেওঁৰ মতে, শিকাৰ কাৰ্যকলাপৰ প্ৰসাৰৰ জৰিয়তে, শিক্ষাই এক জীৱন্ত আৰু স্বাস্থ্যৰ জীৱনশৈলী বিকাশ আৰু বজাই ৰখাৰ বাবে প্ৰয়োজনীয় প্রতিভা, জ্ঞান, মূল্যবোধ আৰু মনোভাৱৰ প্ৰচাৰ কৰে, লগতে ব্যক্তি আৰু গোট বা দলহিচাপে অসুবিধাৰ মোকাবিলা কৰাত শিক্ষাৰ্থীৰ আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধি কৰে। নিয়মীয়া ব্যায়াম আৰু শাৰীৰিক সক্ৰিয়তাৰ দ্বাৰা পেশী আৰু হাড় শক্তিশালী হয়। ই শ্বাস-প্রশ্বাস আৰু সাধাৰণ সুস্থতা বৃদ্ধি কৰে।

17. অন্তদর্শন শিক্ষণক শৈক্ষিক তাৎপর্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অন্তদর্শন শিক্ষণক শৈক্ষিক তাৎপর্য হ’লঃ 

১। এই পদ্ধতিয়ে ছাত্র-ছাত্রীৰ চিন্তা, যুক্তি, নিৰীক্ষণ ক্ষমতা, সুপ্ত আৰু অন্তর্নিহিত শক্তি আৰু ক্ষমতা বিকাশ সাধনত গুৰুত্ব আৰোপ কৰে।

২। এই পদ্ধতিৰ জৰিয়তে চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধন কৰি যুক্তিসংগত কৰি তুলিব পৰা যায়।

৩। অন্ধ অনুকৰণ, যন্ত্রচালিত বিধৰ পুনৰাবৃত্তিয়ে শিক্ষার্থীৰ সৃষ্টি প্রতিভা বিকাশ কৰিব নোৱাৰে। গতিকে এই পদ্ধতিৰ দ্বাৰা বিষয়বস্তুৰ মাজত থকা সম্বন্ধবিলাক নিৰীক্ষণ কৰি সমস্যা সমাধান কৰিলে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জ্ঞান, বুদ্ধি আৰু চিন্তাশক্তি প্রয়োগ কৰিব পাৰে।

৪। শিক্ষাদান ক্ষেত্রতো শিক্ষকে ছাত্র-ছাত্রীক বিষয়বস্তুৰ সকলো বিষয় বিস্তৃতভাৱে বুজাই দিয়াৰ পৰিৱৰ্তে বিভিন্ন অংশসমূহৰ লগত পৰিচয় কৰি দিব লাগে। তেতিয়াহে ছাত্র-ছাত্রীকে শিক্ষাগ্রহণত সক্রিয়ভাৱে অংশগ্রহণ কৰিব পাৰিব। 

৫। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৃজনাত্মক আৰু গঠনাত্মক ক্ষমতাৰ বিকাশ সম্ভৱ হৈ উঠিব পাৰে।

৬। তদুপৰি শিক্ষা-পৰিৱেশত, এই পদ্ধতিয়ে সমস্যা সমাধানৰ ধাৰণাৰ মনোভাৱ সৃষ্টি কৰিব পাৰে। সেয়ে শিক্ষকে ছাত্র-ছাত্রীক নিজৰ বুদ্ধি-বৃত্তি প্ৰয়োগৰ সুবিধা প্রদান কৰিব লাগে।

৭। শিক্ষণৰ এই পদ্ধতি শিক্ষাৰ সম্পূৰ্ণৰ পৰা আংশিকলৈ নীতিৰ ওপৰত প্রতিষ্ঠিত। গতিকে শিক্ষাৰ্থীক বিষয়বস্তুৰ সামগ্ৰিক ৰূপ বিশ্লেষণ কৰি অংশবোৰৰ আলোচনা কৰা উচিত।

৮। আনহাতে, এই পদ্ধতিয়ে শিক্ষণৰ ‘সংহতি পূর্ণ’ ধাৰণাৰ ওপৰতো নিৰ্ভৰশীল। এই ধাৰণা মতে বিভিন্ন বস্তুৰ মাজত সদায় এটা সমন্বয় পৰিলক্ষিত হয় আৰু এক অন্তর্নিহিত সম্বন্ধ থাকে।

৯। ছাত্র-ছাত্রীয়ে কল্পনা, চিন্তা-শক্তি, বিষয়বস্তুৰ মাজৰ সম্পর্ক চিনাক্তকৰণ, অন্তঃপ্রোক্ষণ দৃষ্টিভংগী বিকাশ কৰিব পাৰে।

১০। শেষত, আমি ক’ব পাৰোঁ যে স্বতন্ত্র চিন্তাশক্তি, যুক্তিযুক্ত ক্ষমতা, সংবোধনাত্মক জ্ঞান আহৰণত এই পদ্ধতিৰ গুৰুত্ব অপৰিসীম।

অথবা 

অনুবন্ধন শিক্ষণৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ অনুবন্ধন শিক্ষণৰ চাৰিটা বৈশিষ্ট্য হ’ল–

(ক) শিকা হৈছে প্ৰাকৃতিক সঁহাৰি আৰু কৃত্রিম উদ্দীপনাৰ মাজত অৱস্থা বা বক্ষনৰ ফলাফল।

(খ) অনুবন্ধন এক যান্ত্রিক প্রক্রিয়া।

(গ) এই শিক্ষাৰ বাবে পুনৰাবৃত্তি প্রয়োজনীয়। 

(ঘ) চৰ্তযুক্ত শিক্ষাত উচ্চবুদ্ধিমত্তাৰ কোনো প্রয়োজন নাই।

18. এজন শিক্ষকে শ্রেণীকোঠাত শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু আগ্রাহ বিকাশ কৰাত কেনেকৈ সহায় কৰিব পাৰে আলোচনা কৰা।

উত্তৰঃ Students Do yourself.

19. তলৰ পৰিস্থিত সমূহত কি কি প্ৰকাৰৰ স্মৃতি ক্রিয়াশীল লিখা। 

(a) ৰচনাত্মক প্ৰশ্নসমূহৰ উত্তৰ কৰোতে।

উত্তৰঃ সক্রিয় স্মৃতি।

(b) গাড়ী চলাওতে।

উত্তৰঃ অভ্যাস স্মৃতি।

(c) গণিতৰ কোনো সমস্যা সমাধান কৰোতে।

উত্তৰঃ তাৎক্ষণিক স্মৃতি।

(d) এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে তেওঁৰ অতীত জীৱনত হোৱা কোনো ঘটনাৰ পুনৰ স্মৰণ কৰা কাৰ্য।

উত্তৰঃ স্থায়ী স্মৃতি।

20. মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্যাবলী আলোচনা কৰা।

উত্তৰঃ ১। সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজি পোৱাত সহায় কৰা।

২। সামাজিক পৰিবেশৰ লগত সুন্দৰ সমায়োজন প্রক্রিয়া সমূহৰ বিষয়ে জনা আৰু বুজতে সহায় কৰে।

৩। ভানসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা।

৪। অতি সুন্দৰ আৰু ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশল সমূহৰ বিষয়ে জনাত সময় কৰা।

অথবা 

মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসমূহ আলোচনা কৰা হ’ল–

১। প্ৰতিৰোধমূলক কাৰ্যঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাম হ’ল ব্যক্তিৰ ক্ষুণ্ণ হোৱাৰ সম্ভাৱনা থকা সকলৰ সমস্যা অনুধাৱন কৰি সমূহ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা।

২। প্ৰতিকাৰকমুলক কার্যঃ উপযুক্ত সময়ত প্ৰতিৰোধৰ অভাৱত কেতিয়াবা মানসিক অস্বাভাৱিকতাই দেখা দিয়ে। মানসিক ৰোগসমূহ চিকিৎসা কৈশলৰ লগত জড়িত। মানসিক স্বাস্থ্যবিজ্ঞানে কেৱল মানসিক সমস্যাবোৰ উপলব্ধি কৰাতেই নহয়, সেই সমস্যাসমূহ চিকিৎসা কৰাতো সহায় কৰে। মানসিক অসুস্থতাৰ চিনাক্তকৰণ, সেইবোৰৰ প্ৰকৃতি নিৰ্ধাৰণ, সেইবোৰ সমাধানৰ বাবে পৰামৰ্শ দান আৰু মনো চিকিৎসাৰ ব্যবস্থাকৰণ ইত্যাদি আৰোগ্যমূলক ব্যৱস্থা গ্ৰহণত সহায় কৰে।

৩। সংৰক্ষণমূলক কাৰ্যঃ সুস্থ জীৱন-যাপনৰ বাবে কেৱল শাৰীৰিক সুস্থতাই যথেষ্ট নহয়, ভাৰসামা আৰু মানসিক সুস্থতাৰো প্ৰয়োজন। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক ব্যৱস্থাতেও ব্যক্তি তথা সমাজক মানসিক স্বাস্থাৰ গুৰুত্ব অনুভৱ কৰায় সহায় কৰে। মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে ল’ব লগা কৈশলসমূহ আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্ৰদান কৰে। বাক্তিগত আৰু সামাজিক কল্যাণৰ বাবে ই অত্যন্ত জৰুৰী।

৪। নিয়োত্মক দিশঃ যিবিলাক ব্যক্তিয়ে ঘৰ-বাৰী এৰি ঘূৰি ফুৰে কথাৰ আৰু কামৰ লাগ বান্ধ নাথাকে তেনে ব্যক্তিক সচৰাচৰ পাসল বা মানসিক ৰোগী বুলি কোৱা হয়। যদিও প্রকৃততে সমাজৰ আৰু পৰিবেশৰ লগত স্বাভাৱিকভাৱে সমায়োজন কৰিব নোৱাৰি অপ সমায়োজনমূলক আচৰণৰ আশ্ৰয় লোৱা সকলে মানসিক ৰোগীৰ মানসিক অসুস্থতাৰ প্ৰকাৰ আৰু তাৰ কাৰণ নিৰ্ণয় কৰাটোৱেই হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ এক প্ৰধান কাম। উদাহৰণস্বৰূপে, কৈশোৰ কালত বহুত লৰা ছোৱালীয়ে প্ৰদৰ্শন কৰা অপৰাধমূল প্ৰৱণতা অপসময়োজন মাত্রা। এই অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ লৰা-ছোৱালীৰ এক মানসিক ৰোগ বা ব্যাধি। গতিকে এনে ৰোগ বা ব্যাধিৰ প্ৰকৃত কাৰণ আৰু উৎস নির্ণয় কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান দিশ বা কাম।

21. শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা আলোচনা।

উত্তৰঃ শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত পৰিয়ালৰ ভূমিকা—

১। দৈহিক স্বাস্থ্য ৰক্ষাৰ বাবে শিক্ষা প্ৰদানঃ সুস্থ দেহতহে সুস্থ মনৰ জন্ম হ’ব পাৰে সেয়েহে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দৈহিক বিকাশৰ বাবে ব্যৱস্থা ল’ব লাগে।

২। আবেগ-অনুভূতিৰ নিয়ন্ত্রণমূলক শিক্ষা প্ৰদানঃ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৃত্য-গীত, আবৃত্তি, সাহিত্য চর্চা, চিত্রকলা, ভাস্কর্য, শিল্প আদি প্রয়োজনীয় বিষয়সমূহৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰিও ছাত্র- ছাত্রীসকলক ব্যক্তিগত আৰু সামাজিক পৰিস্থিতিত সুখ-দুখ। উপযুক্ত সময়ত প্রকাশ কৰিবলৈ শিকাৰ লাগে।

৩। ক্রিয়াভিত্তিক পাঠ্যক্ৰমত অগ্ৰাধিকাৰঃ ক্রিয়াভিত্তিক আৰু গতিশীল নীতিৰ ওপৰত প্ৰতিষ্ঠিত পাঠ্যক্রমৰ জৰিয়তে শিক্ষা প্ৰদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক প্রয়োজনসমূহ পূৰণ কৰি তেওঁলোকক পৰিবেশৰ লগত সুসমাযোজন কৰাত সহায় কৰিব লাগে।

৪। হস্ত শিল্পৰ শিক্ষা প্ৰদানঃ মাটিৰ কাম, বাঁহ- বেতৰ কাম, কাগজৰ কাম, চিলাইৰ কাম, বাগান পৰিচালনা আদি কামৰ প্ৰশিক্ষণ দিব লাগে যাতে ছাত্র-ছাত্রী সকল প্রায়োগিক জ্ঞান বৃদ্ধি পায়।

৫। শিক্ষা নিৰ্দেশনাৰ ব্যৱস্থা কৰাঃ শিক্ষা নিৰ্দেশনাই ছাত্ৰ-ছাত্ৰীসকলক পৰিস্থিতিৰ লগত সুসমাযোজন কৰাত সহায় কৰিব পাৰে। এনে নির্দেশনা দৈহিক স্বাস্থ্য ৰক্ষামূলক, শৈক্ষিক কৃতিত্বমূলক বৃত্তিমূলক খেলা-ধূলা, কলা-সংস্কৃতি মূলক, অবসৰ সময়ৰ শিক্ষামূলক নেতৃত্বমূলক ইত্যাদি হ’ব লাগে।

৬। আত্ম-অনুশাসনৰ ব্যৱস্থা গ্ৰহণঃ অনুশাসনৰ ক্ষেত্ৰত শান্তি প্ৰয়োগৰ যোগেদি অবদমনমূলক নীতি গ্ৰহণ কৰাৰ পৰিবৰ্তে ছাত্ৰ-ছাত্ৰীসকলক আত্ব-অনুশাসনৰ যোগেদি আত্ম উপলব্ধি আৰু আত্ম-নিয়ন্ত্ৰণৰ শিক্ষা প্ৰদান কৰিব লাগে।

৭। পৰীক্ষাৰ সংস্কাৰ সাধন কৰাঃ পৰীক্ষা পদ্ধতিৰ সংস্কাৰ সাধন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক ছাপৰ দ্বাৰা সৃষ্টি হ’ব পৰা ৰোগ মুক্ত কৰাত সহায় কৰা।

৮। ব্যক্তি পাৰ্থকাৰ প্ৰতি সচেতন হোৱাঃ শিক্ষকে প্রতিজন ছাত্র-ছাত্রীকে ব্যক্তিগতভাবে বিচাৰ কৰি তেওঁলোকৰ মাজত থকা সবলতা আৰু দুৰ্বলতাসমূহৰ মূল্যাংকন কৰি সুসমাযোজনত সহায় কৰিব লাগে।

৯। গৃহ আৰু স্কুল পৰিবেশৰ মাজত সমন্বয় ৰক্ষা কৰাঃ ছাত্র-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে সময়ে সময়ে পিতৃ-মাতৃ বা অভিভাবক আৰু শিক্ষকৰ মাতে আলোচনা বিলোচনা হ’ব লাগে।

১০। শিক্ষকৰ ব্যক্তিত্ব আৰু সুমানসিক স্বাস্থ্যঃ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা কৰিবৰ বাবে শিক্ষকজন সু ব্যক্তিত্ব সম্পন্ন তথা মানসিক স্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব। কিয়নো ছাত্র-ছাত্রীসকলে শিক্ষকসকলৰ আচৰণ বহু পৰিমাণে অনুকৰণ কৰে।

22. কেন্দ্রীয় প্ৰৱণতাৰ মাপ বুলিলে কি বুজা? কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হিচাপে মধ্যমাৰ তিনিটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ বেছি সংখ্যা তথাৰাশি আৰু ডাঙৰ অংক থকা সংহতিৰ পৰা গাণিতিক মাধ্য কম সময়ত উলিয়াবলৈ সমান্তৰ মাধ্য ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত ভিত্তিত তথাৰাশিৰ মাজৰ পৰা এটা নির্দিষ্ট অংক গাণিতিক মাধ্য হিচাপে ধৰি লোৱা হয়। 

কেন্দ্রীয় প্ৰৱণতাৰ পৰিমাপ হিচাপে মধ্যমাৰ তিনিটা সুবিধা হৈছে—

(ক) মধ্যমা গড়তকৈ বাহিৰৰ আৰু তীক্ষ্ণ তথ্যৰ দ্বাৰা কম প্ৰভাৱিত হয়।

(খ) যেতিয়া বিতৰণ সমতুল্য নহয় তেতিয়া ই সাধাৰণতে কেন্দ্ৰীয় প্ৰৱণতাৰ পছন্দৰ জোখ হয়।

(গ) গণনা কৰা সহজ।

অথবা 

ভেদ্যতা বা বিচ্যুতিৰ জোখ বুলিলে কি বুজা? চতুৰ্থক বিচ্যুতি পৰিমাপণৰ তিনিটা সুবিধা লিখা।

উত্তৰঃ কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপনৰ যোগেদি সংগৃহীত ৰাশিবোৰক পৰিসাংখ্যিকভাৱে বিশ্লেষণ কৰাটোৱে যথেষ্ট নহয়। কেন্দ্রীয় প্রৱণতাৰ বাহিৰেও ৰাশি বা মানাংকবোৰক অর্থপূর্ণ আৰু তাৎপর্যপূর্ণভাৱে পৰিমাপন কৰাৰ বাবে আন এক পৰিসাংখ্যিক কৌশল প্রয়োগ কৰা হয়। সেয়া হ’ল ভেদ্যতা বা বিচ্যুতি।

চতুৰ্থক বিচ্যুতি পৰিমাপণৰ তিনিটা সুবিধাসমূহ হ’ল–

১। নির্ণয় কৰিবলৈ সহজ আৰু অতি সহজে অর্থ উপলব্ধি কৰিব পাৰি।

২। নিৰ্ভৰযোগ্যতা বেছি।

৩। মধ্যমাৰ লগত এক ওচৰ সম্বন্ধ আছে।

23. বাৰংবোৰতা বহুভূজ কাক বোলে? তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা বাৰংবোৰতা বহুভুজ অংকন কৰাঃ (লেখা কাগজ ব্যৱহাৰ কৰিবা)।

শ্রেণী অন্তৰালবাৰংবোৰতা
60-642
55-593
50-546
45-498
40-4412
35-398
30-346
25-293
20-242
N = 50

উত্তৰঃ সমূহ ৰাশিক যেতিয়া শ্ৰেণী বিভাজনৰ দ্বাৰা দেখুৱাই দিয়া হয়, তেতিয়া তাক সেই শ্ৰেণীৰ বাৰংবাৰতা বুলি কোৱা হয়।

অথবা             

বৃত্ত চিত্ৰ কাক বোলে? এখন প্রাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তিৰ তথ্যসমূহ বৃত চিত্ৰৰ সহায়ত উপস্থাপন কৰা।

শ্রেণীছাত্ৰ-ছাত্ৰীৰ সংখ্যা
I50
II40
III35
IV35
V40
Total = 200

উত্তৰঃ ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা (কেন্দ্ৰ) এক নিৰ্দিষ্ট দূৰত্বত (ব্যাসার্ধ) একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে (ল’কাচ) বৃত্ত (ইংৰাজীঃ Circle) বোলা হয়।

24. ‘মাধ্যমিক শিক্ষা আইন, অসম, ১৯৬১’ ৰ দ্বাৰা প্ৰদান কৰা “অসম মাধ্যমিক শিক্ষা বোর্ড’ৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা।

উত্তৰঃ অসম মাধ্যমিক শিক্ষা বোর্ডৰ শক্তি আৰু কাৰ্যসমূহঃ

(ক) বোর্ডে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব।

(খ) পৰীক্ষা এই পাঠ্যক্ৰমৰ আধাৰত অনুষ্ঠিত কৰা হ’ব।

(গ) তেওঁলোকৰ পাঠ্যক্রম সম্পূৰ্ণ কৰা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়া হ’ব।

(ঘ) ফলাফল ঘোষণা কৰা হ’ব।

(ঙ) পৰীক্ষাত সফলতা লাভ কৰা প্ৰমাণপত্ৰ জাৰি কৰা হ’ব।

(চ) নামভৰ্তি আৰু পৰীক্ষাৰ নিয়ম আৰু নিয়মাৱলী পৰিষদে মাচুলৰ গাঁথনিৰ সৈতে নির্ণয় কৰিব।

(ছ) বৃত্তি আৰু পুৰস্কাৰৰ ব্যৱস্থা পৰিষদে নিৰ্ধাৰণ কৰিব আৰু ইয়াক বিতৰণ কৰিব।

(জ) পাঠ্য পুথি আৰু প্ৰসংগ কিতাপ বাছনি কৰা আৰু ইয়াৰ প্ৰস্তুতি আৰু প্ৰকাশন পৰিষদৰ দায়িত্ব হ’ব।

(ঝ) বোর্ডে উচ্চ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতিৰ নিয়ম আৰু নিয়ন্ত্রণ প্ৰস্তুত কৰিব।

(ঞ) বোর্ডে মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ পৰীক্ষা আৰু অধ্যয়ন কৰিব।

অথবা

মাধ্যমিক শিক্ষা সম্পর্কে ১৯৮৬ চনৰ ‘জাতীয় শিক্ষা নীতি’ত উল্লেখ কৰা পৰামৰ্শ সমূহ আলোচনা কৰা।

উত্তৰঃ মাধ্যমিক শিক্ষা হৈছে শিক্ষার্থীসকলক বিজ্ঞান, মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ পৃথক ভূমিকাৰ সম্মুখীন কৰা। এইটো শিশুসকলৰ বাবেও এক উপযুক্ত পর্যায়। বিশেষ প্রতিষ্ঠানৰ জৰিয়তে বা মাধ্যমিক শিক্ষাৰ পুনৰ প্ৰস্তুতকৰণৰ জৰিয়তে বৃত্তিকৰণে, এই পর্যায়ত, অর্থনৈতিক বিকাশৰ বাবে মূল্যৱান মানৱ শক্তি প্রদান কৰিব পাৰে। আযোগে পৰামর্শ দিছিল— 

(ক) অসংৰক্ষিত এলেকাসমূহ কভাৰ কৰিবলৈ মাধ্যমিক শিক্ষাৰ প্ৰৱেশাধিকাৰ বহল কৰা নিশ্চিত কৰাৰ কাৰ্যসূচী।

(খ) অন্যান্য ক্ষেত্ৰত একত্ৰীকৰণৰ কাৰ্যসূচী। 

(গ) নবোদয় বিদ্যালয় স্থাপনৰ কাৰ্যসূচী।

25. জানসংখ্যা শিক্ষা কাক বোলে? শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেধৰণে প্ৰদান কৰিব পাৰি আলোচনা কৰা।

উত্তৰঃ জনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি যাৰ দ্বাৰা ছাত্র-ছাত্রীসকলক এটা পৰিয়ালৰ জনসংখ্যাৰ অৱস্থা সম্পৰ্কে, এটা জাতি বা বিশ্বৰ জনসংখ্যাৰ অৱস্থা সম্পৰ্কে জানিবলৈ দিয়া হয়।

শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা চমুকৈ উল্লেখ কৰা হ’ল—

১। প্রাথমিক বিদ্যালয় কণ কণ ল’ৰা-ছোৱালীবোৰক ‘সৰু পৰিয়াল সুখী পৰিয়াল’ ধাৰণাৰ জ্ঞান প্ৰদান কৰিব লাগে।

২। মজলীয়া বিদ্যালয় পর্যায়ত শিশুসকলক জনসংখ্যা বৃদ্ধিৰ বুৰঞ্জী আৰু অন্যান্য দেশবোৰৰ লগত ইয়াৰ তুলনাৰ বিষয়ে জ্ঞান প্ৰদান কৰিব লাগে।

৩। এই সমস্যাই দেশ এখনৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত কেনে প্রভাৱ পেলায় সেই বিষয়ে ছাত্র-ছাত্রীসকলক বর্ণনা প্ৰদান কৰিব লাগে।

৪। জনসংখ্যা বৃদ্ধিয়ে আমাৰ দৈহিক স্বাস্থ্য, প্রাকৃতিক সম্পদ আৰু দেশৰ পৰিৱেশীয় পৰিস্থিতিত কেনে প্রভাৱ পেলায় সেই বিষয়ে ছাত্র-ছাত্রীক জনাব লাগে।

৫। মাধ্যমিক পর্যায়ৰ পৰা যৌন শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশ স্বৰূপে প্ৰদান কৰিব লাগে।

৬। মাধ্যমিক পর্যায়ত ল’ৰা-ছোৱালীসকলক ব্যক্তিগত আৰু সামাজিক জীৱনত জনসংখ্যা বৃদ্ধিৰ ভয়াবহ প্রভাৱৰ বিষয়ে জ্ঞাত কৰিব লাগে।

৭। বিশ্ববিদ্যালয় পর্যায়ত মানুহৰ জৈৱিক পুনৰ উৎপাদনমূলক আচৰণৰ বিষয়ে বিজ্ঞানসন্মত আলোচনা কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।

৮। উচ্চ শিক্ষা পর্যায়ত উচ্চ পর্যায়ৰ আলোচনা, বিশ্লেষণ আৰু গৱেষণামূলক অধ্যয়ন ফলপ্রসূভাৱে সম্পাদন কৰাত গুৰুত্ব দিব লাগে।

অথবা 

মহিলা সাৱলীকৰণ বুলিলে কি বুজা? মহিলা সাৱলীকৰণৰ শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। ভাৰতীয় সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱর্ত আনিবৰ বাবে মহিলাৰ সামৰ্থ বঢ়োৱা প্রক্রিয়াকে “মহিলা সৱলীকৰণ” বুলি কোৱা হয়।

 NEXT PART COMING SOON…

26. শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ গুৰুত্বপূৰ্ণ ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ চৰ্তসমূহ আলোচনা কৰা।

উত্তৰঃ সকলো জীৱই জন্মৰ সময়ত কিছুমান জন্মগত প্রবৃত্তি লৈ আহে যিবোৰ সাধাৰণতে অমার্জিত বা অপৰিশোধিত হৈ থাকে। যি প্ৰক্ৰিয়াৰ মাধ্যমেৰে অভিজ্ঞাতা আৰু জ্ঞানৰ সমাযোজনেৰে বা সহায়েৰে এই চৰিত্ৰ বা সহজাত প্রতিক্রিয়া বা আচৰণ সমূহ পৰিৱৰ্তন বা পৰিশোধন কৰা হয় তাতে শিক্ষণ বোলে।

NEXT PART COMING SOON…

অথবা

শিক্ষণ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি? এডৱাৰ্ড লী থর্নডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতিসমূহ আলোচনা কৰা।

উত্তৰঃ শিক্ষণ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি হ’লঃ শিক্ষণৰ সংযোগবাদ তত্ত্বৰ পৰা উদ্ভৱ হোৱা প্ৰচেষ্টা আৰু ভুল পদ্ধতি আন পদ্ধতি সমূহতকৈ পুৰণি। এই পদ্ধতিত মতে প্রাণীয়ে কোনো নতুন বিষয় বা কৌশল শিকাৰ ক্ষেত্ৰত বহুতো ভুল আৰু প্ৰচেষ্টা আৰু সেইবোৰৰ সংশোধন কার্য অন্তর্ভুক্ত হৈ থাকে। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত যেতিয়া নির্ভুল সংযোগ বা চুক্তি সাধন হয়, তেতিয়াই জীৱই নতুন কৌশল শিকে। অর্থাৎ এই পদ্ধতিমতে প্রাণীয়ে কোনো নতুন কথা শিকাৰ আঁৰত থাকে সি কৰা নেৰা-নেপেৰা প্ৰচেষ্টা আৰু ভুল। প্ৰকৃততে, প্ৰচেষ্টা আৰু ভুলৰ প্ৰক্ৰিয়া অব্যাহত থকা অৱস্থাত ক্ৰমান্বয়ে ভুলৰ পৰিমাণ হ্ৰাস হৈ গৈ থাকে আৰু সেইদৰে সময়ৰ পৰিমাণো কমি গৈ এটা সময়ত নির্ভুলভাৱে সমস্যা সমাধান কৰাটো সম্ভৱ হৈ উঠে। অর্থাৎ বাৰে বাৰে কৰা অভিজ্ঞতাই আমাক শুদ্ধ পথৰ সন্ধান দিয়ে। ব্যক্তিয়ে কোনো এটা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান নৰখাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিলে অৱশেষত তেনে সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হয়। শিক্ষণৰ এই পদ্ধতিটোকে প্রচেষ্টা আৰু ভুল পদ্ধতি বুলি কোৱা হয়।

শিক্ষণৰ প্ৰধান নীতিসমূহ হ’ল—

১। পৰিণাম নীতি। 

2। অনুশীলন নীতি। 

৩। প্ৰস্তুতি নীতি।

৪। ফলাফলৰ নীতি।

27. গড় কাক বোলে? অনুমতি গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰংবোৰতা বিভাজন তালিকাৰ পৰা গড় নির্ণয় কৰাঃ

শ্রেণী অন্তৰালবাৰংবোৰতা
80-843
75-794
70-747
65-698
60-6412
55-597
50-544
45-493
40-442
N = 50

উত্তৰঃ সাধাৰণতে গড় বুলিলে ৰাশিৰ মুঠ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ পোৱা ফলকটোক গড় বুলি কোৱা হয়।

NEXT PART COMING SOON…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top