AHSEC 2020 Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2020 Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Assamese Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ অসমীয়া 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2020 Assamese Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2020 Assamese Question Paper Solved

AHSEC 2020 Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2020 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Assamese Solved Question Paper 2020 Assamese Medium. Access the detailed Class 12 Assamese 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Assamese Old Question Paper Solved, AHSEC Class 12 Assamese Solved Question Paper 2020 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ASSAMESE

2020

ASSAMESE OLD QUESTION PAPER SOLVED

১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবাঃ

(ক) Comedy of Errors’ – ৰ অসমীয়া ভাঙনি ‘ভ্ৰমৰংগ’ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰঃ ‘Comedy of Errors’ ৰ অসমীয়া ভাঙনি ‘ভ্ৰমৰংগ’ ১৮৮৮ চনত প্ৰকাশ পাইছিল।

(খ) কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি?

উত্তৰঃ কথা-কবিতা ঊনবিংশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি।

(গ) ‘এনক আৰ্ডেন’ৰ অনুবাদক গৰাকীৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ‘এনক আৰ্ডেনৰ’ অনুবাদক গৰাকীৰ নাম হ’ল- শ্বেক্সপীয়েৰ।

(ঘ) আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন হ’ল— ‘অমৰকোষ।

(ঙ) কোন দেশৰ প্ৰাচীন নৃপতি সকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল?

উত্তৰঃ প্রাচীন কামৰূপৰ পৰা প্ৰাচীন নৃপতিসকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল।

(চ) সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়?

উত্তৰঃ বৈৰাগী।

(ছ) শীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি?

উত্তৰঃ ‘বাস্তৱ’ শীলভদ্ৰৰ প্ৰথম গল্প সংকলন।

(জ) ভূপেন হাজৰিকাই ‘প্রতিধ্বনি’ ছবিখন কোন জনগোষ্ঠী লোককথাৰ ভেটিত নির্মাণ কৰিছিল?

উত্তৰঃ খাচি জনগোষ্ঠীৰ লোক কথাৰ ভেটি নিৰ্মাণ কৰিছিল।

(ঝ) ‘উপকল্প’ শব্দটোৰ অৰ্থ লিখা।

উত্তৰঃ ‘উপবিধি’।

২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঃ

(ক) “যথা নিযুক্তোহস্মি তথা কৰোমি।”—পদটিৰ অৰ্থ লিখা।

উত্তৰঃ এই সংস্কৃত পদটিৰ অৰ্থ হ’ল— যিদৰে (অৰ্থাৎ যি কামৰ বাবে) নিযুক্ত হৈছোঁ, তাকে কৰিছোঁ।

(খ) কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ কথা কবিতাৰ দুটা বৈশিষ্ট্য হল—

১। চিত্র ধর্মীতাঃ কথা কবিতা চিত্রধর্মীতাৰ ওপৰত প্রতিষ্ঠিত।

২। এটা মাত্ৰ ভাৱ প্ৰধানঃ চনেটৰ দৰে কথা কবিতাতাে এটি মাত্র কেন্দ্রস্থ ভাব থাকে। সেই কেন্দ্রস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তােলা হয়।

(গ) তোমাৰে আনন্দ বৰুৱাই….’ বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্রশস্তি গাইছে?

উত্তৰঃ ‘অসম সংগীত’ নামৰ কবিতাত লক্ষ্মীনাথ বেজবৰুৱাই।

(ঘ) “বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয়ো এই দুটাই।”— লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে?

উত্তৰঃ তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া প্রথম উপদেশ হৈছে সত্য আৰু ধৰ্ম। সমাজ আৰু ব্যক্তি দুয়োটাৰে জীৱন কল্যাণকৰ আৰু সুখদায়ক হ’বলৈ আৰু পাৰত্ৰিক শ্ৰেয়ঃ লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্ৰত্যেক ব্যক্তিয়ে কৰিব লাগে, যি নকৰিলে ব্যক্তি জীৱন আৰু লগে লগে সমাজ জীৱন দুখদায়ক পীড়াজনক আৰু বিশৃঙ্খল হয়, সেই কর্ষণীয় গুণ দুটা হ’ল– সত্য আৰু ধৰ্ম। লেখকে এই দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে।

(ঙ) বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি?

উত্তৰঃ বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি পেলালে। যাৰ ফলত চিঠিৰ প্ৰাসঙ্গিকতা কমি গʼল আরু পূৰ্বৰ চিঠিকেন্দ্ৰিক মধুৰতা মানুহৰ মাজত হেৰাই গʼল।

(চ) কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? পৰিচালক গৰাকীৰ নাম লিখা।

উত্তৰঃ কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হল – ‘ৱ’চবিপো’। 

পৰিচালক গৰাকীৰ নাম হল – গৌতম বৰা।

(ছ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি?

উত্তৰঃ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি।

(জ) পদাৰ্থ কণা-ত্বৰক কাক বোলে?

উত্তৰঃ পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢাই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বোলা হয়।

(ঝ) ‘মুকুতা’ আৰু ‘জাংফাই জোনাক’ ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা।

উত্তৰঃ ‘মুকুতা’ – ব্ৰজেন বৰুৱা। আৰু 

‘জাংফাই জোনাক’ – সঞ্জীৱ সভাপণ্ডিত।

৩। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঁ। (যিকোনো এছোৱা)

(ক) “কালৰ পীড়নত আজিৰ অসম জীৰ্ণ – শীৰ্ণ – দীর্ণ।”

উত্তৰঃ “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।” উপৰােক্ত বাক্যৰি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত ‘মােৰ মাতৃমুখ দর্শন’ নামৰ প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

সােণত সুৱগা চৰা অসমী আইয়ে চিৰকাল অসমবাসীক গৌৰৱান্বিত কৰি আহিছে। ইয়াৰ প্রাকৃতিক সৌন্দৰ্য্য, ঐতিহাসিক উৎকর্ষ, প্রাচীন গৰিমাই অসমবাসীক যেন বিশ্ব দৰবাৰত জিলিকাই তুলিছে। চিৰদিন অসমীয়াৰ গৌৰৱৰ ধ্বজা হৈ অহা অসম আজি যেন কালৰ পীড়নত স্নান হৈ যাব ধৰিছে। যুগ-যুগ ধৰি বিভিন্ন জাতি-জনজাতিয়ে অসম মাতৃৰ বুকুত কৰি অহা আঘাতে যদিও অসম মাতৃক জীর্ণ কৰি তুলিছে, তথাপি কেতিয়াও দুর্বল কৰিব পৰা নাই। অসমযাত্রী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে, বৰং যিমানকৈ চকু বহলকৈ মেলে, সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব বুলি কৈ বেজবৰুৱাদেৱে গুৱাহাটীক অসমৰ গৌৰৱৰ চানেকি বুলি শলাগিছে। অর্থাৎ বিদেশীৰ আঘাতত মান হ’ব খোজা অসমী আইৰ ঐতিহ্য, কীর্তিক গুৱাহাটীয়ে নতুনকৈ প্রতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগতে বেজবৰুৱাদেৱে এই বাক্যৰিৰ অৱতাৰণা কৰিছে।

(খ) “___ অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খোজ দিব পৰা নাই।”

উত্তৰঃ “…অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খােজ দিব পৰা নাই।” উপৰােক্ত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্তৰ দ্বাৰা ৰচিত ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা নামৰ পাঠটিৰ অন্তৰ্গত।

অসমীয়া চিনেমাজ গত আজিও আশানুৰূপভাৱে উন্নতিৰ দিশত আগবাঢ়িব পৰা নাই, তাকে বুজোৱাৰ প্ৰসংগত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে।

দীর্ঘদিনীয়া ইতিহাস গৰকি আজিৰ এই অৱস্থাত উপনীত হোৱা অসমীয়া চিনেমাই কিন্তু আজিও আন্তর্জাতিক পর্যায়ত সবলভাৱে নিজৰ আসন দখল কৰিব।

পৰা নাই। প্রধানকৈ উপযুক্ত প্রযুক্তিবিদ্যাৰ অভাৱে আৰু অপর্যাপ্ত বাজেট এই ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে। হিন্দী ছবিৰ অত্যাধুনিক প্রযুক্তিবিদ্যা তথা এই ছবিসমূহ নির্মাণত কৰা প্ৰচুৰ ব্যয়ৰ ফলত এই ছবিসমূহ সহজে দর্শকৰ মনত আকর্ষণীয় হৈ পৰা দেখা যায়। ইয়াৰ বিপৰীতে হিন্দী ছবিসমূহৰ দৰে অত্যাধুনিক প্রযুক্তিবিদ্যাৰ অভাৱে অসমীয়া ছবিসমূহক দীর্ঘকালৰ পিছত দুর্বল কৰি ৰাখিছে। কিন্তু, বর্তমান সময়ত অসমীয়া ছবিসমূহৰ বহু পৰিমাণে অগ্রগতি হােৱা দেখা যায়। ভৱিষ্যতে ছবি নির্মাতাসকলে দর্শকৰ ৰুচিৰ প্রতি লক্ষ্য ৰাখি উপযুক্ত প্রযুক্তিবিদ্যাৰ প্ৰয়ােগেৰে ছবি নির্মাণৰ পথত আগবাঢ়িলে অসমীয়া ছবিয়েও এদিন আন্তর্জাতিক পর্যায়ত সগৌৰৱে থিয় দিব পাৰিব।

(গ) “আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।”

উত্তৰঃ আমাৰ বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদঘাটনৰ ব্যৱস্থা টোয়েই হ’ল- বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সু-সংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্ত ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হব লাগিব। পর্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসৰণ কৰা, বস্তু বা ঘটনাবোৰৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদিবোৰ হ’ল বিজ্ঞানীৰ কাম।

আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাঁকোতে জুই জ্বলি উঠিছিল। সেই পর্যবেক্ষণৰ পৰৱৰ্তী সময়ত তেওঁ জুই জ্বলা প্রক্রিয়াটো বাৰে বাৰে কৰি চাইছিল। তাৰ পাছত, তেওঁ জুইৰ ধর্ম অধ্যয়ণ কৰিলে আৰু জুইৰ নানা ন ন ব্যৱহাৰ আয়ত্ব কৰিলে। এনেদৰে আদিম মানুহে জুইৰ আৱিস্কাৰ কৰিছিল আরু পাছলৈ জুইৰ ব্যৱহাৰ কৰি খাদ্য বস্তু সিজাই খাইছিল। এই প্রথম বিজ্ঞানী জনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। মাত্র সি বেছি সূক্ষ্ম আৰু অধিক নিঁখুত হৈছে।

আজিৰ বিজ্ঞানী সকলে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ আরু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্র-পাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পর্যবেক্ষণৰ বাবে হাতত এক্স-ৰশ্মিৰ দূৰবীক্ষণ, আলোকীয় বা ৰেডিঅ’ দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও আজিৰ বিজ্ঞানীসকলৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদার্থ কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। মুঠতে বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদ্‌ঘাটনৰ চেষ্টাত আজিৰ বিজ্ঞানী ব্রতী হৈছে।

৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা।

(ক) ‘মগনিয়াৰ’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।

উত্তৰঃ ‘মগনিয়াৰ নামৰ কথা-কবিতাটি কবি যতীন্দ্র নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। এদিনাখন কবি বাটেদি গৈ থাকোতে এটা বুঢ়া বেমাৰীহাড়-ছাল ওলাই শুকাই-খীনাই যােৱা মগনিয়াৰ দেখা পাইছিল। মগনিয়াৰজন আহি কবিৰ কাষতে ৰৈছিলহি। কবিয়ে মগনিয়াৰজনক ভালদৰে পর্যবেক্ষণ কৰি দেখা পাইছিল যে মগনিয়াৰজনৰ ওঁঠ দুটা শেঁতা চকু দুটা ৰঙা আৰু গাত কাপোৰ বুলিবলৈ অলপমান ফটা কাপােৰৰ বাহিৰে আন একোৱেই নাই। কবিৰ নিজ চকুৰ আগতে দৰিদ্ৰতাৰ এনে শােক লগা দৃশ্য দেখা পাই মগনিয়াৰজনৰ বাবে বহুত দুখ লাগিছিল, দুখত পৰি যে কেনেকুৱা হৈছে। কবিয়ে এনেদৰে মগনিয়াৰজনৰ কথা ভাবি থাকোতে মগনিয়াৰজনে তাৰ ওখহা অপৰিষ্কাৰ হাতদুখন মেলি কবিক কিবা এটা দিবৰ বাবে অনুৰােধ কৰিলে। কবিয়ে লৰালৰিকৈ নিজৰ চোলাৰ জেপত হাত সুমুৱাই খেপিয়াই চালে, কিন্তু দুর্ভাগ্যবশতঃ মগনিয়াজনক দিবলৈ কবিয়ে একোকে নাপালে, টকা নাই, ঘড়ী নাই আনকি এখন ৰুমালাে নাই।

কবিয়ে নিজৰ লগত একোকে অনা নাছিল। কবিয়ে নিজৰ পকেটত বস্তু বিচাৰি নােপােৱা স্বত্ত্বেও মগনিয়াৰজনে কিবা এটা পােৱাৰ। আশাত তেতিয়াও কবিৰ ওচৰত হাত পাতিয়েই ৰৈ আছিল আৰু ভোক-পিয়াহে থকা তাৰ দুর্বল শৰীৰটো কঁপিবলৈ ধৰিছিল। মগনিয়াজনৰ এইটো অৱস্থা দেখা পাই কবি আৰু থিৰেৰে থাকিব নােৱৰিলে। তেওঁ তৎক্ষণাত মগনিয়াৰজনৰ হাতত থাপ মাৰি ধৰি কবিয়ে একো দিব নােৱাৰ বাবে তেওঁক খং কৰিবলৈ মানা কৰিলে, কবিৰ ভাষাত— ‘ককাই মােৰ ওপৰত খং নকৰিবা, মােৰ হাতত একোৱেই নাই। তাৰ পিছত মগনিয়াৰজনে আচৰিত ধৰণে এবাৰ কবিলৈ চালে আৰু তাৰ শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে আৰু কবিৰ হাত দুখনতাে নিজৰ হাতেৰে ধৰি অতি কষ্টেৰে কলে—“একো নহয়, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। অর্থাৎ মগনিয়াৰজনে ইয়াকে বুজালে যে কবিয়ে পার্থিব বস্তু একো দিব নােৱাৰিলেও তেওঁ মগনিয়াৰজনক কৰা ব্যৱহাৰৰ যােগেদি নিজৰ মানৱীয় গুণৰ পৰিচয় দিলে। মগনিয়াৰজনৰ কথাৰ পৰা কবিয়ে বুজি পালে যে মগনিয়াৰজনৰ দৰে কবিও একেবাৰে নিম্ন। মগনিয়াৰ জনৰ দৰে তেওঁৰ হাততাে পাৰ্থিৱ বস্তু একো নাই আৰু কবিৰ লগৰীয়া এজনৰ পৰা কবিয়েও এটা আর্শীবাদ পালে।

(খ) জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল চমুকৈ লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাই কর্মময় জীৱন অতিবাহিত কৰি আৰু একাগ্ৰতাৰ দ্বাৰা অসাধাৰণ কমী হ’ব পাৰিছিল। অবিৰামগতিত কাম কৰি তেওঁ আনন্দ পাইছিল। একাগ্ৰতাৰে কাম কৰি কামৰ বাবে তেওঁ প্রশংসা বা মান নিবিচাৰিছিল। ইয়ে প্রকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰত তেওঁ যিমানবিলাক উচ্চ খাপৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে আচৰিত মানিব লাগে। তেওঁ কঠোৰ কৰ্ম শক্তিৰে আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ সংস্কৃত সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগত বিখ্যাত পণ্ডিত মেক্স মূলাৰৰ দৰে লােকেও বিস্ময় মানিছিল। “কর্মহীন হৈ এশবছৰ জীয়াই থকাতকৈ কর্মমুখৰ হৈ অলপদিন জীয়াই থকাটোৱেই শ্রেয়” এই বাণী যে আনন্দৰাম বৰুৱাৰ জীৱনেই দেখুৱাই গ’ল। সেয়েহে কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

(গ) উপনিষদৰ কৰ্ম যোগৰ নিৰ্দেশত কি তত্ত্ব নিহিত হৈ আছে পাঠৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ উপনিষদৰ কৰ্মযোগত কৈছে যে আমি সত্য আৰু ধৰ্মৰ এই কৰ্ষণীয় গুণ দুটা আগত ৰাখি কৰ্ম প্রবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থকা বা জীয়াই থাকিবলৈ বাঞ্ছা কৰিব লাগে । কাৰণ, আমি শৰীৰধাৰী মানুহ । আমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই । কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা উচিত । কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো নাথাকিবৰ বাবে উপনিষদৰ কৰ্মযোগত উপদেশ দিছে ।

(ঘ) ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিভিন্ন দিশত দেখা যায়। বিশেষকৈ বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্রীয় ভাৱ ইত্যাদি।

গল্পৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। ভূদেৱ চৌধুৰীয়ে তেওঁৰ শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। প্ৰসঙ্গক্ৰমে ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্ন জনলৈ লিখা চিঠিবোৰৰ গুরুত্বৰ কথা কোৱা হৈছে। লগতে ভূদেৱ চৌধুৰী ঘৰৰ পৰা আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ কথাও উল্লেখ কৰা হৈছে।

আকৌ এখন চিঠিয়েই হʼল ঘটনাৰ কেন্দ্ৰবিন্দু। চৌধুৰীয়ে শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকন্ঠা আরু আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ লগে লগেই শেষ হৈছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ লবলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোকে সেই চিঠিখনৰ কথাকে কৈছে।

এনেদৰে বিশ্লেষন কৰিলে দেখা যায় যে এখন চিঠিক অৱলম্বন কৰিয়েই ঘটনাৰ চকৰি ঘূৰিছে। সেয়েহে ‘চিঠি’ গল্পটিৰ নামকৰণ সাৰ্থক হৈছে বুলিব পাৰি।

৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা।

(ক) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল?

উত্তৰঃ মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।

(খ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি ‘জোনাকী’ কাকতৰ স’তে জড়িত নাছিল? 

উত্তৰঃ মাধৱদেৱ।

(গ) বিশ্বদীপা’ শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী’ বোলছবিখন ১৯৩৯ চনত নিৰ্মাণ কৰিছিল।

(ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথম ক’ত প্ৰকাশ হৈছিল?

উত্তৰঃ জোনাকীত।

(চ) ‘পছোৱা’ আলোচনীখনৰ সম্পাদক গৰাকীৰ নাম লিখা।

উত্তৰঃ কেশৱ মহন্ত।

(ছ) নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস—কথাষাৰ শুদ্ধনে?

উত্তৰঃ শুদ্ধ নহয়৷

৬। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঃ

(ক) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাস।

(খ) নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশপ্ৰেমৰ সুৰ প্রবাহিত হৈছে?

উত্তৰঃ সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ।

(গ) ‘ষোড়শোপচাৰ’ কি বুজাই লিখা।

উত্তৰঃ ষােড়শােপচাৰ হ’ল পূজাৰ বাবে প্রয়ােজনীয় ষোল্লবিধ উপকৰণ। এই ষোল্লবিধ উপকৰণেৰে দেৱ-দেৱীক পূজা অর্চনা কৰা হয়। সেই উপকৰণ কেইবিধ হ’ল-আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবদ্য আৰু বন্দনা।

(ঘ) কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্রীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে?

উত্তৰঃ ৰাণ্ডা আৰু বটালি।

(ঙ) “আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল?

উত্তৰঃ বৌদেউ, আপুনিয়ে কৈছিল সেউতীৰ কথা। মোৰ কথা সেউতীক কৈছিলে জানো?

(চ) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ কপিলীপৰীয়া সাধু, ককাদেউতাৰ হাৰ।

(ছ) অর্থ লিখা: ভূষণ, যদিস্যাতো।

উত্তৰঃ ভূষণ — অলংকাৰ, সাজসজ্জা।

যদিস্যাতো – যদিও।

৭। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ (যিকোনো এফাকি)

(ক) উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল।

কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।

উত্তৰঃ প্রশ্নোকৃত বৰগীতাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত “উঠ উঠ বাপু গােপাল হে” নামৰ বৰগীতটিৰ অন্তৰ্গত।

শ্রীকৃষ্ণক মাতৃ যশােদাই কেনেদৰে টোপনিৰ পৰা জগাইছে, তাকে সুন্দৰভাবে তুলি ধৰা প্ৰসংগতে উপৰােক্ত বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে। বৰগীতটিৰ মাজেৰে যশােদাৰ মাতৃস্নেহ অতি সুন্দৰৰূপত পৰিস্ফুট হৈছে। মাতৃ যশােদাৰ মতে, শ্রীকৃষ্ণ হ’ল কমলনয়ন, প্রাণধন, বাপু, গােবিন্দ। মাতৃ যশােদাই মৰমতে শ্রীকৃষ্ণক সকলাে পুৰুষৰ শিৰৰ ভূষণ বুলি কৈ সকলােৰে আৰাধ্য শ্রীকৃষ্ণক বুকুত বান্ধি, কোলাত লৈ বাৰে বাৰে চুমা খাইছে। অর্থাৎ, আমাৰ সমাজত সাধাৰণ শিশুক যিদৰে পিতৃ-মাতৃয়ে মৰম কৰে, ঠিক সেইদৰে চিৰ মাতৃৰূপে যশােদায়ে পুত্র শ্রীকৃষ্ণক আনন্দ- মনে মৰম কৰিছে। ফলত পুত্র শ্রীকৃষ্ণৰ প্ৰতি থকা যশােদাৰ মাতৃস্নেহ সুন্দৰৰূপত প্রকাশিত হৈছে। মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ একজীৱন্ত ছবি বৰগীতটিৰ মাজত দেখা যায়।

(খ) আজি জনতাৰ পঙ্কজ ৰূপ

জাগে পদুমৰ দৰে,

বোকাত জনমা মানুহে আজি

আলোকলে’ উঠি আহে

বেলিমুৱা হৈ হাঁহে।।

উত্তৰঃ উক্ত কবিতাফাঁকি ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই বা অতি দুখীয়া-দৰিদ্র মানুহেও সু-কর্মৰাজিৰ আৰু নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ কথা ব্যক্ত কৰিছে।

কবিৰ মতে, বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।

(গ) মই নাহোঁ মই নাহোঁ

পৃথিৱী, তোমাক ভাল পাই গ’লোঁ

তথাপিও ম‍ই নাহোঁ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত ‘ উভতিনহাৰ কবিতা’নামৰ পাঠটিৰ অন্তর্গত। 

পৃথিৱীক কবিয়ে প্রাণভৰি ভাল পায়। পৃথিৱীক ভালপােৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্র; জীয়াই থকাটো অর্থাৎজীৱনটো এটা ধেমালিহে মাত্র। তেওঁ এই পৃথিৱীলৈ আহি এই, পৃথিৱীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে। জীৱনৰ বকুলপাহকবিয়ে এই পৃথিৱীতেই বুটলিছে। গতিকে কবিয়ে এই পৃথিৱীক প্রাণভৰি ভাল পায়; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে, আহিব নােৱাৰে।

৮। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা।

(ক) সত্ত্বঃ ৰজঃ আৰু তমঃ গুণে মানৱ জীৱনলৈ কি কঢ়িয়াই আনে?

উত্তৰঃ সত্ব: ৰজ: তমো হৈছে তিনিটা বিশেষ গুন বা শক্তি, ইয়াতে জগতৰ স্থিতি আরু লয়। সত্ব: হৈছে শান্ত আৰু নম্ৰ। ই সুখদায়ক আৰু জ্ঞানাত্মক। ৰজঃ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি কৰে অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয়। তমো গুণ অজ্ঞানৰ পৰা হয়। ই জীৱক মোহগ্ৰন্থ কৰে আৰু প্ৰমাদ, আলস্য, নিদ্ৰাৰ আদি দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখে।

(খ) “লোৱা অধিকাৰ নিজ বাহুবলে”— কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বলৈ আহ্বান জনাইছে?

উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে  কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বলৈ আহ্বান জনাইছে।

(গ) বিশ্বখনিকৰ’ কবিতাত কবিয়ে ‘কুঁহি-গজালি’ বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে?

উত্তৰঃ পমা, চিচু, পাৰলীক।

(ঘ) নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ দ্রৌপদী, কৰুণতম, দিনৰ পাছত দিন।

৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঃ

(ক) নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি?

উত্তৰঃ মনোযোগ।

(খ) কৈশোৰকালে কোন দুখন জগত সংযোগ কৰে?

উত্তৰঃ বাল্যকাল আৰু প্ৰাপ্তবয়স্ক।

(গ) ‘জীবনৰ শান্তি পৰ্ব’ শীর্ষক প্ৰবন্ধটোৰ ৰচক কোন?

উত্তৰঃ নৱকান্ত বৰুৱা।

(ঘ) ‘প্রতীতি’ শব্দৰ অৰ্থ লিখা।

উত্তৰঃ জ্ঞান।

১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(ক) ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে?

উত্তৰঃ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

(খ) সহজ অৰ্থত মূল্যবোধ মানে কি?

উত্তৰঃ সহজে অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণৰ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে। মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি, যিবােৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ।

(গ) মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি?

উত্তৰঃ মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় হল— 

১। ভাষা শিক্ষণ। 

২। গণিত।

৩। বিজ্ঞান। আৰু 

৪। সমাজবিজ্ঞান। 

(ঘ) মানসিক শক্তি মানে কি?

উত্তৰঃ বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা শক্তিয়ে হ’ল মানসিক শক্তি।

১১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবাঃ

(ক) ভাৰতীয় দৰ্শনত ‘মূল্যবোধ’ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় দর্শন হৈছে মূল্যবােধৰ দৰ্শন। ভাৰতীয় দর্শন পাশ্চাত্য দর্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হােৱা নাই, বৰং প্রয়ােজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনৰ উৎপত্তি ব্যক্তিক জীৱন ধাৰণৰ উত্তম উপায় দেখুৱাবৰ বাবেহে। ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে- (ক) ধর্ম (খ) অর্থ (গ) কাম (ঘ) মােক্ষ ধর্ম হৈছে নৈতিক মূল্যবােধ, যিয়ে মানুহক কর্তব্য সম্পর্কে সকীয়াই দিয়ে। এই মূল্যবােধক আন দুটা মূল্যবােধ অর্থ আৰু কামতকৈ শ্রেষ্ঠ বুলি গণ্য কৰা হয়। প্রকৃতাৰ্থত এই দুটা মূল্যবোেধক পৰিচালিত কৰিব লাগে ধর্মই অর্থাৎ নৈতিকতাই। আকৌ, ‘মােক্ষ’ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবােধৰ ওপৰত প্রতিষ্ঠিত। এই চাৰিটাৰ উপৰি ভাৰতীয় জীৱন দর্শন প্রতিষ্ঠিত হৈছে তিনিটা প্রধান মূল্যবােধ ‘সত্যম, শিৱম আৰু সুন্দৰমৰ ওপৰত; যাক মূল্যবােধৰ ত্রিনীতি’ বুলি কোৱা হয়। ইয়াৰােপৰি অহিংসা হৈছে ভাৰতীয় মূল্যবােধত এক অভিনৱ সংযােজন। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সার্বভৌম, গণতান্ত্রিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰিছে।

(খ) “কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।” —ব্যাখ্যা কৰা।

উত্তৰঃ কিশোৰ-কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তৱৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। ই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজৰ গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহণা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।

১২। চমুকৈ লিখাঃ (যিকোনো দুটা)

(ক) বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ।

উত্তৰঃ নামশব্দ বা ক্রিয়াবাচক শব্দৰ লগত যিবোৰ চিন যোগ হয়, সেইবোৰক বিভক্তি বোলে।

বিভক্তি দুই প্ৰকাৰ-

১। শব্দ বিভক্তি বা নাম বিভক্তি।

২। ক্রিয়া বিভক্তি।

(খ) অসমীয়া শব্দবিভক্তি।

উত্তৰঃ অসমীয়া ভাষাৰ বাক্যত বিভিন্ন নামশব্দই ক্রিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰে, তাকে কাৰক বোলে। বাক্যৰ বিভিন্ন স্থানত বহি কাৰকে ক্রিয়াৰ সৈতে সম্বন্ধ স্থাপন কৰে। কাৰকৰ লগত যোগ হোৱা বিভক্তি বোৰকে কাৰকবাচক বিভক্তি বা শব্দবিভক্তি বোলা হয়। 

অসমীয়া ভাষাত কাৰক ছবিধ-

১। কৰ্তাকাৰক।

২। কৰ্মকাৰক।

৩। কৰণকাৰক।

৪। নিমিত্তকাৰক।

৫। অপাদানকাৰক।

৬। অধিকৰণকাৰক।

(গ) প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীবিভাগ।

উত্তৰঃ প্রকৃতি বা মুখৰ লগত যিবোৰ সৰ্গ যোগ হৈ নতুন শব্দৰ সাধন কৰে তাক প্রত্যয় বোলে।

ইয়াৰ শ্ৰেণী বিভাগ: সাধাৰণতে প্রত্যয় চাৰি প্ৰকাৰ-

১। কৃৎ প্রত্যয়।

২। তদ্ধিত প্রত্যয়।

৩। স্ত্রী প্রত্যয়।

৪। বিভক্তি।

(ঘ) তদ্ধিত প্রত্যয়: সংজ্ঞা আৰু উদাহৰণ।

উত্তৰঃ কোনো বিশেষ অৰ্থ বুজাবলৈ প্ৰতিপাদিকৰ পাছত যিবোৰ প্ৰত্যয় যোগ কৰা হয়, সেইবোৰক তদ্ধিৎ প্রত্যয় বোলে।

যেনে- খেতি + অক = খেতিয়ক।

পুৰুষ + আলি = পুৰুষালি।

১৩। তলৰ যিকোনো দুটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা:

ৰণুৱা, জিৰণীয়া, মগনিয়াৰ, উজনি, পতিয়ন, বেগাই, সাধুতা, গাঁৱলীয়া, খেতি।

উত্তৰঃ ৰণুৱা = ৰণ + অণুৱা।

জিৰণীয়া = জিৰ + অণীয়া।

মগনিয়াৰ = মগ + অনিয়াৰ।

উজনি = উজ্ + অনি।

পতিয়ন = পতি + অন।

বেগাই = বেগ + আই।

সাধুতা = সাধু + তা।

গাঁৱলীয়া = গাঁও + অলীয়া।

খেতি = খেত + ঈ।

১৪৷ তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। (যিকোনো চাৰিটা)

ঢৌতে খৰ মৰা, কাণ বাগৰা, গোৰ মাৰি গংগাত পেলোৱা, শালৰ মাজত শিঙি, চকুৰ মণি, পেটে-ভাতে খা, নাদৰ ভেকুলী, সোণৰ সোলেং।

উত্তৰঃ ঢৌতে খৰ মৰা- (কামৰ মাজত সময় উলিয়াই): ৰমেনে ঢৌতে খৰ মাৰি হ’লেও নিজৰ কাম কৰে।

কাণ ৰাগৰা- (এজনৰ পৰা আন জনলৈ কথা বাগৰা): কাণ বাগৰা কথা বিশ্বাস, কৰিব নালাগে।

গোৰ মাৰি গংগাত পেলোৱা- (অপকাৰ কৰিব বিচাৰোতে উপকাৰ হোৱা): নয়নে ইমনক শেষত গোৰ মাৰি গংগাতহে পেলালে।

শালৰ মাজত শিঙি- (শত্ৰুৰ মাজত থকা): ৰমায়ে শত্ৰুৰ মাজত থাকিও নিজকে সঁচা প্রমাণিত কৰিবলৈ সক্ষম হৈছিল।

চকুৰ মণি- (আদৰৰ): আইতাকৰ বাবে নাতিনী চকুৰ মণি হয়।

পেটে-ভাতে খা- (কোনো মতে খাই বৈ জীয়াই থকা): হৰিহঁতৰ ঘৰৰ মানুহ যেনতেন খাই বৈ জীয়াই আছে।

নাদৰ ভেকুলী- (একো নজনা): কোনো এটা বিষয় আমি নজনাকৈ সিদ্ধান্ত ল’ব নালাগে।

সোণৰ সোলেং- (অতি বহুমূলীয়া বা আপুৰুগীয়া ভবা বস্তু যাক সযতনে ৰখা হয়): আজু ককাৰ দিনৰে এৰি যোৱা বস্তুবোৰ চিন হিচাপে মনীষাহতঁৰ ঘৰৰ মানুহে সযতনে ৰাখি থৈছে।

১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখাঃ

(ক) অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ।

(আৰম্ভণি –প্রাকৃতিক সম্পদ মানে কি? – অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ প্রাকৃতিক সম্পদ ৰক্ষণা-বেক্ষণৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ — সামৰণি)।

উত্তৰঃ আৰম্ভণিঃ ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী যি কেইখন ৰাজ্য আছে তাৰ ভিতৰত অসম অন্যতম আৰু অনন্য। কোনো বিধ প্ৰাকৃতিক সম্পদে ই এই ৰাজ্যত নোহোৱা নহয়। কিছুমান সম্পদ এতিয়াও অনাবিস্কৃত হৈয়ে আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰপৰাও স্বৰূপাৰ্থত অসমীয়া মানুহ খিনিয়েই সম্পূৰ্ণ ভাবে উপকৃত হোৱা নাই। যি ৰাজ্য প্ৰাকৃতিক সম্পদত চহকী সেই ৰাজ্য শিল্প বাণিজ্য টো চহকী হয়। অসম কিন্তু ইয়াৰ ব্যতিক্ৰম। ইমানবোৰ প্ৰকৃতি জাত সম্পদ বা  কেঁচা মাল থকা সত্ত্বেও অসম শিল্প বাণিজ্যত তেণেই পিছপৰা। যি দুটা এটা উদ্যোগ বা শিল্প অনুষ্ঠান গঢ়ি উঠিছে, তাৰোগৰাকি সাধাৰণতে বহিৰাগত। আনকি প্ৰকৃতি জাত কেচামালৰ ব্যৱসায়ো প্ৰধানকৈ অনা অসমীয়াৰ হাতত।

প্ৰাকৃতিক সম্পদৰ বিভিন্ন প্ৰকাৰঃ বনজাত, খনিজাত, জলজাত আৰু মাটিৰ উৰ্বৰতা হেতু কৃষিজাত বস্তু বোৰেই হল প্ৰাকৃতিক সম্পদ। আনকি পানী আৰু মাটিও প্ৰাকৃতিক সম্পদৰ লেখত পৰে। 

সম্পদ বোৰৰ ব্যৱহাৰঃ অসমৰ হাবিবোৰ নানান মূল্যবান  গছগছনি, লতা গুল্মেৰে পৰিপূৰ্ণ । শাল, চেগুন, শলখ, আজাৰ আদি ঘৰ আৰু ঘৰুৱা আচবাব সজোৱা কামৰ কাৰণে উপযোগী। অসমৰ হাবিত দৰৱ-জাতীয় গছ-লতাও ঢেৰ পোৱা যায়। কাগজ শিল্প ঘাই উৎপাদন বাঁহ, জুইশলা কাৰখানাৰ ঘাই উৎপাদন শিমলু গছো এইদেশৰ হাবিত প্ৰচুৰ উৎপন্ন হয়। মচলাজাতিয় গছ, বৰসমমুৰি, মেজাংকৰি আদি ৰঙৰ গছ, হিমলুৰ তুলা আৰু লাৰ কাৰণেও অসমৰ হাবি বিখ্যাত। অসমৰ হাবিত জন্মাবেত আন এবিধ উল্লেখযোগ্য সম্পদ। হাবিৰ মাজত নানা বিধ ফল মূলো আপুনা আপুনি জন্মে। ইয়াৰ কোনো কোনো বিধ মানুহৰ খাদ্য। অসমৰ হাবিত ওপজা সুকাঠী গছ, নাহৰৰ গুটি পদ্ম কাঠ আৰু চিত্ৰ নলা বনৰ পৰা তেল আৰু সুগন্ধি দ্ৰব্য প্ৰস্তুত হয়। ইয়াৰ পৰ্বত আৰু হবিবোৰ নানান জন্তু জানো ৱাৰ, চৰাই চিৰিকতিৰ বাসভূমি। এইবোৰৰ ভিতৰত বাঘ, ভালুক, হাতী, গড়, পহু আদি আৰু ধনেশ, ময়োৰ, দেয়োৰাজ হাঁহ আদি চৰাই উল্লেখযোগ্য। হাতী আৰু গড় বৰ মূল্যবান জন্তু। এইবোৰ জন্তু দুৰ দেশলৈ চালান দি অসম চৰকাৰে বহু টকা আয় কৰে। বাঘ, ভালুক আৰু পহুৰ ছাল, পহু ৰ শিং, গড়ৰ ছাল আৰু খৰ্গ, হাতীৰ হাড়, দাত বৰ মূল্যবান। প্ৰাকৃতিক দুৰ্যোগ আৰু লুভিয়া চিকাৰিৰ উৎপাতত এইবোৰ জন্তু জান ৱাৰ আৰু চৰাই – চিৰীকতি লুপ পাবলৈ ধৰিছে। সেয়ে চৰকাৰে ইয়াৰ সুৰক্ষা ব্যৱস্থা কৰিছে।  অসমত বৰ্তমান প্ৰায় সাত শ পঞ্চাশ বিধ বনৰীয়া চৰাই আছে। বনজ সম্পদৰ ভিত্তিত প্লাইউড, কাঠফলা কল, জুইশলা কাৰখানা ৰ নিচিনা দুই এটা সৰু সুৰা উদ্যোগৰ উপৰিও সম্প্ৰতি যোগীঘো পাত কাগজৰ কল স্থাপিত হৈছে  আৰু জাগীৰোডৰ ওচৰত আৰু এটা কাগজৰ কল নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত আগবাহিছে।

খনিজ শিল্পৰ ভিতৰত বিভিন্ন মাটি আৰু শিলৰ উপৰিও চূণ, কেৰাচিন তেল, পেট্ৰল, ডিজেল, মমবাতি আৰু কয়লা আদি উল্লেখযোগ্য। বোকাজান ত চূণশিল, লিডু – মাৰ্ঘেৰিটা টিপং- বৰগোলা ইত কয়লা আৰু ডিগবৈ, দুলিয়াজান, হুগ্ৰীজান, নাহৰকটীয়া , মৰাণ, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী আদি ঠাইত পেট্ৰোলিয়াম ৰ পূং আৱিষ্কৃত হৈছে , ইয়াৰ উপৰিও আৰু ভালেমান ঠাইত পেট্ৰোলিয়াম আৰু কয়লা ৰ সন্ধান পোৱা গৈছে।

গোৱালপাৰাৰ কোনো কোনো ঠাইত লোৰ সন্ধান পোৱা গৈছে। অসমত তাম আৰু সোনৰ খনি পোৱাৰ সম্ভাৱনা ও আছে হেনো। অসমৰ তেল শোধন ৰ বাবে  ‘ডিগবৈ’ ত আগৰ পৰাই এটা সৰু তেল শোধনাগাৰ আছিল। এতিয়া গুৱাহাটীৰ নুনমাতি আৰু ‘ বঙাইগাঁওত ‘ আকৌ দুটা সৰু তেল শোধনাগাৰ স্থাপিত হৈছে। কিন্তু অসমৰ অধিকাংশ খাৰুৱা তেল পাইপেৰে বিহাৰৰ বাৰাউনি শোধনাগাৰ লৈ নিয়া হয়। চূণ চিমেন্তৰ ঘাই উপাদান। কাৰ্বি আংলং জিলাৰ বোকাজান ত চিমেণ্ট কাৰখানা এটা স্থাপন হৈছে। 

জলজ সম্পদৰ ভিতৰত অসমৰ নদী-নলা আৰু ইয়াত থকা মাছ কাছ আদিক ধৰা হয়। অসমৰ নৈ বোৰ খৰস্ৰোতা আৰু বাৰিষা-খৰালি উভয় সময়তে ইয়াত পানীৰ অভাৱ নহয়। এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী। বিদ্যুৎ কলকাৰখনা পৰিচালনাৰ উপৰিও বৰ্তমান দৈনন্দিন জীবনৰোঁ অপৰিহাৰ্য ইন্ধন হৈ পৰিছে। অথচ এনে এটা সুবিধা থকা সত্ত্বেও অসমে বৰ্তমান সাধাৰণ ব্যৱহাৰ্য বিদ্যুৎ-খিনিকে যোগাব পৰা নাই।

অসমৰ মাটি স্বাভাবিকতে সাৰুৱা। ইয়াত প্ৰায় সকলো ধৰণৰ শস্যাকে উৎপন্ন কৰিব পাৰি। ধান অসমৰ প্ৰধান খেতি। মাহ, আলু আৰু তেল গুটিৰ শস্যও কিছু পৰিমাণে হয়। মৰাপাট আৰু আজি দুই তিনি বছৰ মানৰ পৰা ঘেহু উৎপাদন কৰিও খেতিয়কসকলে সুফল লাভ কৰিছে। কপাহ, কুঁহিয়াৰ, কল , মাটিকঁঠাল, তামোল, নাৰিকল, আদিৰ খেতিও ইয়াত ভালকৈয়ে হয়। সুমথিৰা  টেঙাৰ খেতি কিছু পৰিমাণে বৈজ্ঞানিক ধৰণে কৰিলেও আন আন ফলৰ খেতি তেনেকৈ কৰা হোৱা নাই। অসমৰ মাটি কাজু বাদাম আৰু চিত্ৰনলাৰ খেতিৰো উপযোগী, কিন্তু উদ্যমী লোকৰ অভাৱত এই দুবিধ খেতি অসমত প্ৰচলন হোৱা নাই। অসম বৰ্তমান চাহ খেতিৰ বাবে বিখ্যাত। কিন্তু ইয়াৰ খেতিও ইংৰাজ চাহাব সকলেহে প্ৰবৰ্তন কৰিছিল। 

এৰি-মুগা-পাট পলু ও প্ৰকৃতি ৰে দান। অসমৰ হাবিত সোৱালো,  নুনি গছ, এৰাগছ আদি প্ৰচুৰ পৰিমাণে হয় কাৰণে এইকেইবিধৰ পলু অসমত উৎপন্ন হয়। অসমৰ শুৱালকুছি মুগা পাট আৰু পলাশবাৰী অঞ্চলৰ এৰীয়া কাপোৰ ভাৰত বিখ্যাত। ইয়াৰ উপৰিও শন বিহা আদি আহ জাতীয় বস্তু উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে। কিন্তু ইমান বোৰ বস্তু উৎপন্ন হোৱা আৰু উৎপন্ন ৰ সম্ভাৱনা থকাটো অসমৰ খেতিয়ক ৰ দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা অৱস্থা। বানপানীয়ে অসমীয়া খেতিয়কৰ কঁকাল ভাঙে। 

সামৰণিঃ অসমত যিমান বোৰ প্ৰাকৃতিক সম্পদ আছে , সেই আটাইকে উদ্ধাৰ কৰি তাক যথাযোগ্য ভাবে কামত লগাব পাৰিলে অসমৰ অৱস্থা নদন বদন নহৈ নোৱাৰে। তাৰ কাৰণে চৰকাৰ আৰু দেশৰ জনসাধাৰণে আগবাঢ়ি আহিব লাগিব। আনহাতে কোনো সম্পদেই চিৰস্থায়ী নহয়, তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰি মিতব্যয়িতাৰে যদি কামত লগোৱা নহয়। অসমৰ প্ৰাকৃতিক সম্পদ ৰাজিৰ ব্যৱহাৰ টো মিতব্যয়িতা অৱলম্বন কৰি তাক সংৰক্ষণ আৰু সংবৰ্ধন নকৰিলে অচিৰেই ই নাইকিয়া হব। সেইবাবেই এই তিনিওটা ব্যৱস্থাত গুৰুত্ব দিয়া উচিত।

(খ) একবিংশ শতিকাত প্রকাশিত তুমি ভালপোৱা এখন গ্ৰন্থ।

(আৰম্ভণি – গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ পৰিচয় — পঢ়ি ভাল পোৱাৰ কাৰণ — বিষয়বস্তুৰ আলোচনা —সামৰণি)

উত্তৰঃ আৰম্ভণিঃ মই এজন মজলীয়া অৱস্থাৰ গাঁৱলীয়া পৰিয়ালৰ ছাত্ৰ।  আজৰি পৰত মই ঘৰুৱা কাম বনতো অলপ লাগি-ভাগি দিব লাগে। তথাপি তাৰ মাজতে ঢৌতে খৰ মাৰি দুই চাৰিখন বাহিৰা কিতাপো নপঢ়া নহয়। আমাৰ  মা দেউতা উচ্চ শিক্ষিত  নহলেও শিক্ষাৰ প্ৰতি অনুৰাগী। আমাৰ ঘৰত ন-পুৰণি দুয়োবিধ পুথিৰে অলপ অচৰপ চৰ্চা হয়। সৰুতে আইতাৰ মুখত বকাসুৰ বধ, কুলাচল বধ, জংঘাসুৰ বধ আৰু অশ্বকর্ণ বধৰ পুৰণি পুথিৰ কাহিনীবোৰ শুনি  শুনি কিমান যে আমোদ পাইছিলো। এই কাহিনীবোৰ শুনিয়েই নেকি পুৰণি পুথি পঢ়িবলৈ লওঁ। পুথিখন পঢ়ি ইমান ৰস পাঁও যে ভাত-পানী পর্যন্ত খোৱাৰ কথা পাহৰি যাওঁ। ইয়াৰ পাছতো আৰু কেইবাবাৰো মই সেই কিতাপখন পঢ়িছোঁ আৰু সিদিনা টেষ্ট পৰীক্ষাৰ পাছতো আকৌ এবাৰ পঢ়োঁ। এতিয়া মোৰ দৃষ্টিভংগী সলনি হৈছে। তথাপি পুথিখনৰ আকৰ্ষণ কমা নাই। গল্প বস্তুৰ আকৰ্ষণ কমিলেও সাহিত্যিক সৌন্দৰ্য্যই মোক এতিয়া বেছিকৈহে আকর্ষিছে। মই যিমানবোৰ কিতাপ পুথি পঢ়িছোঁ,  সেইবোৰ আটায়ে মোৰ ভাল লগা পুথি। তথাপি আজি মই ভাল পোৱা পুথি এখন নিৰ্দিষ্ট কৰিবলগীয়া হোৱাত মোৰ মনলৈ সেই পুথিখনৰ কথা বাৰে বাৰে আহিছে। সেইখনিয়ে হ’ল ৰাম সৰস্বতী ৰচিত ‘ভীম চৰিত’ নামৰ এধানিমান পুথিখন।

গ্ৰন্থখনৰ পৰিচয়: ৰাম সৰস্বতী হ’ল মহাৰাজ নৰনাৰায়ণৰ ৰাজ-সভাৰ এগৰাকী বিশিষ্ট কবি। শ্ৰীমন্ত শংকৰদেৱৰে সৈতে পৰামৰ্শ কৰি মহাৰাজ নৰনাৰায়ণে ৰাম সৰস্বতীক মহাভাৰত পুথিখন অসমীয়াত ভাঙিবলৈ আদেশ দিয়ে। মহাভাৰতৰ উপৰিও ৰাম সৰস্বতীয়ে আৰু এলানি জনপ্ৰিয় কাব্য ৰচনা কৰিছিল। সম্প্ৰতি আমাৰ সাহিত্য আলোচকসকলে এই লানি কাব্যক বধ কাব্য বুলি অভিহিত কৰিছে।  তেখেতে জয়দেৱৰ ‘গীত গোবিন্দ ‘কো পদত ভাঙনি কৰিছিল। ৰাম সৰস্বতীৰ সকলো পুথিয়ে উপাদেয় যদিও ভীম চৰিতখন অতি জনপ্ৰিয়। 

“বৈশম্পায়ন যদতি শুনিও নৰেশ্বৰ। কহো কথা পাণ্ডৱৰ  ছবাল কালৰ” – বুলি আৰম্ভ কৰি অতি প্ৰাঞ্জল অথচ সৰস ভাষাৰে পাণ্ডৱৰ তথা ভীমৰ বাল্যকালৰ কথা বৰ্ণনা কৰিছে। পুথিৰ কাহিনীটো চমুকৈ এনে—

‘সৰুকালত কৌৰৱ-পাণ্ডৱসকল একেলগে উমলি-জামলি ডাঙৰ দীঘল হৈছিল। এওঁলোক আটাইৰে ভিতৰত ভীম আছিল সবাতোকৈ বলী আৰু অলপ উৎপতীয়া বিধৰ। কৌৰৱসকলৰ ‘ক্ষীৰ লাডু’ তেওঁ প্ৰায়ে কাঢ়ি খাইছিল। আৰু সামান্য অজুহাততে সিহঁতক কিল ভুকু চৰ আদি সোধাইছিল। সিহঁতে ভীমক এৰাই ফুৰিও ৰক্ষা নাপাইছিল।  এবাৰ সিহঁতে ভীমক নজনোৱাকৈ হাবিলৈ জামু খাবলৈ গৈছিল,  পাছত ভীমে গম পাই সিহঁতক গছৰ পৰা পেলাই আধা মৰা কৰিলে। সিহঁতে গৈ বাপেক ধৃতৰাষ্ট্ৰক সকলো কথা জনালে। ‘সন্ধিৰ বাঁহ বুধিৰে কাটিবলৈ’ বুলি ধৃতৰাষ্ট্ৰই ভীমক ভাত খাবলৈ বুলি মাতি বিহৰ লাডু খুৱালে। দেউতাক বায়ু ৰজাৰ কৃপাত বিহ খায়ো ভীম নমৰিল। পাছত ভীমক মৰম কৰাৰ ছলেৰে ধৃতৰাষ্ট্ৰই টিপি মাৰিবলৈ খুজিও ব্যর্থ হ’ল।

ইয়াৰ পাছত ৰাজ্য দিয়াৰ ছলেৰে লা’ৰ ঘৰ এটা সাজি তাতে পাণ্ডৱসকলক ৰাখি পুৰি মাৰিবলৈ পাঙিলে। এইবাৰো ভীমৰ সতর্ক দৃষ্টি আৰু বলৰ প্ৰভাৱত মাক কুন্তিৰে সৈতে পাণ্ডৱসকল সাৰি গ’ল।   নিশা কেউফালে জুই জ্বলি উঠা সময়তে ভীমে গদাৰে কোৱাই মাটিত সুৰুঙা কৰি সেই সুৰুঙাৰে মাক আৰু ভায়েকহতক লৈ ওলাই গ’ল।  তেওঁলোক গৈ গৈ বকাসুৰৰ ৰাজ্যত প্ৰৱেশ কৰিলে আৰু এজন বামুণৰ ঘৰত আশ্ৰয় ললে। বকাসুৰক আকৌ গিৰিপতি পাল পাতি বছৰেকত একোটাকৈ মানুহ দিব লাগে ভোজন কৰিবলৈ। দৈবাৎ সেইবাৰ পাল পৰিল বামুণৰ। বামুণৰ ঘৰত আকৌ মুঠেই তিনিটা প্ৰাণী -মাক, বাপেক আৰু পুতেক। কোনেও কাকো মৰিবলৈ দিব নোখোজে। সিহঁতৰ মাজত কন্দা কটা লাগিল। ভীমে তেতিয়া মাকৰ হতুৱাই কোৱাই  নিজে  বকাসুৰৰ বলি হ’বলৈ আগবাঢ়িল। ভীমক নি বকাসুৰৰ ভোজন কৰা ঠাইত শিকলি লগাই থৈ অহা হ’ল। নিশা বকাসুৰ ওলালহি। দুৰৈত বকাসুৰৰ সঁহাৰি পাই ভীমে একে আজাৰতে  শিকলি ছিঙি ওলাই আহি বকাসুৰৰ কাৰণে ৰান্ধি থোৱা অন্ন ব্যঞ্জন সোপাকে খাই অন্ত কৰিলে আৰু নানান বিকর্থনা কৰি বকাসুৰ আৰু তাৰ ভায়েক জংঘাসুৰ দুয়োকে ৰাতিটোৰ ভিতৰতে সিফলীয়া কৰিলে।পাছদিনা ঘটনা দেখি বিস্ময় মানি সকলো প্ৰজাই ভীমত শৰণ ললে।  পাছত আশ্ৰয়দাতা বামুণকে ৰাজপাটত বহুৱাই মাকৰে সৈতে পঞ্চপাণ্ডৱ তাৰ পৰা গৈ কাম্যক বনলৈ গমন কৰিলে।

কাম্যক বনত অন্নৰ কষ্ট হোৱা আৰু অলপ অস্ত্র-বিদ্যা শিকাৰ আশাত ভীমে মাক আৰু ককায়েক যুধিষ্ঠিৰৰ সন্মতি লৈ  মহাদেৱৰ ঘৰত ছদ্মৱেশ  ধৰি গৰখীয়া হৈ থাকিবলৈ লয়। তাতো ভীমে কম উৎপাতখন কৰা নাই। প্ৰথমতে বি বিশ্বামিত্র ঋষিৰলগত লগায় এখন ঘমঘন্ট। পাছত পার্বতীয়ে দিয়া অন্ন ব্যঞ্জন সোপাকে গৰাহ চেৰেকতে খাই অঁতাই গোঁসানীক লঘু কৰে। লাজ পাই পাৰ্বতী আয়ে মহাদেৱক খেতি কৰিবলৈ পৰামৰ্শ দিয়ে। পাৰ্বতীৰ পৰামৰ্শমতে মহাদেৱেও বাসৱৰ পৰা মাটি লৈ সখীয়েক কুৱেৰৰ পৰা কঠিয়া আনি নিজৰ  ত্ৰিশূলপাটকে নাঙলৰ ফাল কৰি লৈ যমৰ বাহন ম’হটো খুজি আনি নিজৰ বলদটোৰে যোৰ কৰি লৈ  হাল বোৱাই খেতি আৰম্ভ কৰি দিয়ে। মহাদেৱৰ হাক-বচন নুশুনি পাৰ্বতীয়ে চাবলৈ গৈ খেতিৰ চেহেৰা দেখি আস- উহ কৰিলত জুই লাগি খেতিডৰা পুৰি যায় আৰু সেই আহ- উহ শব্দৰ পৰাই ‘খোৱা খুবুনী’ৰ জন্ম হয়। মহাদেৱে দ্বিতীয়বাৰ আকৌ খেতি কৰে আৰু প্ৰথমবাৰৰ দৰেই নদন-বদন  খেতি হয়। পকিলত ভীমক দাবলৈ পঁচা হ’ল – ভীমৰ হাতেৰে সৰু সৰু মুঠিৰ মুঠেই তিনিমুঠি। তাকে কৈয়ে ভীমে শিৱ-পাৰ্বতীৰ মাজত এখন কাজিয়া লগাই দিলে। খং উঠি শিৱই ধান তিনি মুঠিত জুই লগাই দিলে।  একেৰাহে সাদিন জুই লগাতো ধান পুৰি শেষ নোহোৱাত কমণ্ডলুৰ জলেৰে শিৱই নিজে সেই জুই নুমালে। জুইৰ তাপত কিছুমান ধানৰ বৰণ সলনি হ’ল – এনেকৈয়ে আহু শালি দুবিধ ধানৰ  সৃষ্টি হ’ল। 

ভীমৰ শেষ কীৰ্তি হ’ল কুৱেৰক কৰা লটি-ঘটি। মহাদেৱৰ মিতা কুৱেৰ। কুৱেৰৰ পৰা ধন আনি নিদিয়াকৈ থাকি মিতাই তিতা লগাই থৈছিল। সেয়ে এদিন দুনাই পাৰ্বতীয়ে কুৱেৰৰ ওচৰত ধন বিচৰাত আগৰ উজকাৰ দি কুৱেৰে পাৰ্বতীক বিমুখ কৰি পঠালে। তেতিয়া মহাদেৱে নিজেই মিতাকৰ ওচৰলৈ যাবলৈ ওলোৱাত মহাদেৱক যাবলৈ  নিদি ভীমেই কুৱেৰৰ সমুখত ওলালগৈ। ইয়াৰ আগতেও ভীমে দুবাৰো কুৱেৰক বিপত্তি  কৰিছিল।  সেইদেখি এইবাৰ ভীমক দেখি য়ে  কুৱেৰে পলাবলৈ খুজিছিল, কিন্তু ভীমে পাছৰ পৰাই চুলিত থাপ মাৰি ধৰি পেলালে আৰু হাত দুখন বান্ধি মুৰত নগদ তিনি কুৰি লাখ চিকা ৰূপৰ প্ৰকাণ্ড টোপোলা এটা তুলি দি পিছৰপৰা গদা গোটেৰে ঠেলি ঠেলি আনি মহাদেৱৰ আগত হাজিৰ কৰিলে। সখিয়েকৰ অৱস্থা দেখি মহাদেৱে নিজেই আথ বেথকৈ টোপোলাটো বগৰাই দি  হাতৰ বান্ধ মোকোলাই দিলে আৰু ভীমৰ এনে অদ্ভুত কাণ্ড দেখি তেওঁনো দৰাচলতে কোন জানিবলৈ বিচাৰিলে। ভীমেও তেতিয়া নিজৰ পৰিচয় দি মহাদেৱৰ চৰণত পৰি নিজৰ সকলো দায়-দোষৰ বাবে ক্ষমা মাগিলে আৰু তেওঁৰ পৰা  কিছু অস্ত্র-বিদ্যা প্রার্থনা কৰিলে। ভীমৰ প্রার্থনা মতে কিছু অস্ত্র-বিদ্যা শিকাই ৰণত জয়ী হ’বলৈ  বুলি আশীৰ্বাদ দি মহাদেৱে ভীমক বিদায় দিলে। ভীমে গৈ পুনৰ কাম্যত বনত মাক ভায়েকহতৰ লগ ল’লেগৈ।  

প্রিয় হোৱাৰ কাৰণ: এই পুথিখন মই ভালপোৱাৰ কেবাটিও কাৰণ আছে। প্রথমে ইয়াৰ বিষয় বস্তুটিয়ে বৰ আকৰ্ষণীয়। এই আকৰ্ষণীয় কাহিনীটোক কবিয়ে ৰস, অলংকাৰ, চিত্র-ধর্মিতা আদি গুণেৰে সোণত সুৱগা চৰোৱা যেন কৰি তুলিছে। গোটেই কাহিনী টো আৰম্ভণিৰপৰা শেষলৈকে লঘু হাস্যৰসেৰে টুপটুপীয়া হৈ আছে।  পুথিখনিত অতিৰঞ্জন আৰু অতিশয়োক্তিৰ মাত্রা সৰহ, কিন্তু সেইবোৰ হাস্যৰসৰ অনুকূল হোৱা বাবে বেছ উপভোগ্য হৈছে।

পুথিখনৰ ভাষা অতি প্ৰাঞ্জল  অথচ সুন্দৰ অর্থব্যঞ্জক। এই বাবেই পুথিৰ দুই-এফাঁকি  পদ প্রৱচনৰূপে আজিও মুখে মুখে চলি অহা দেখা যায়। যেনেঃ “আন দিনা বলি দেখোঁ গৰ্ভ যাই গলি। আজি দেখোঁ বলিগোটে হাসে খলিখলি। “

” ভীমে বোলে শুন ওৰে বকাসুৰ ভাই। মই ভাত খাওঁ, তই থাক বাট চাই।  ” পার্বতী বোলয় শিশুগুটি বৰ টালি।  পৰশুইৰ কথা কবে কালিৰ ছবালি।  ” – ইত্যাদি। 

সামাজিক চিত্র আৰু ধৰ্মীয় ভাবেও পুথিখনৰ মূল্য বঢ়াইছে।  মহাদেৱৰ কৃষিকর্ম আৰু কুৱেৰৰ ধন ধাৰলৈ দিয়া  কার্য অসমীয়া গ্ৰাম্য  জীৱনৰ  চিত্ৰ বিশেষ। ইয়াৰ উপৰিও ঘৰ-দুৱাৰ, অন্ন-ব্যঞ্জনৰ বৰ্ণনাত অসমীয়া সমাজৰ গৃহ-নিৰ্মাণ কৌশল আৰু ৰন্ধন কলাৰ পৰিচয় পোৱা যায়। 

সামৰণি: ওপৰত আলোচনা কৰা এই গুণ সমূহৰ কাৰণেই 500 বছৰ আগেয়ে ৰচনা কৰা এই এধানিমান পুথিখনিয়ে আজিও যিকোনো  পাঠকৰ চিত্ত আকৰ্ষণ  কৰে। এইবোৰ কাৰণতহে বাৰে বাৰে পঢ়িও পুথিখন মোৰ ভাল লাগে, আৰু মই ভাবো যদিও ভিন্ন ৰুচিহি লোকো:- মানুহৰ ৰুচি ভিন ভিন, তথাপি ইয়াক পঢ়ি মোৰ দৰেই আৰু বহুতে ভাল পাব।

(গ) পৰ্যটন আৰু অসম।

(আৰম্ভণি – পর্যটন কি – পৰ্যটনৰ শ্ৰেণীবিভাগ – অসমত পৰ্যটনৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা – পৰ্যটকৰ আকৰ্ষণৰ বাবে কৰণীয় দিশ – উদ্যোগ হিচাপে পর্যটন – সামৰণি)।

উত্তৰঃ অসম যাৰ অৰ্থ হৈছে অসমান। সচা কৈয়ে প্ৰাকৃতিক সৌন্দৰ্য্য ভৰপূৰ অসমৰ প্ৰাকৃতিক পৰিবেশ অতি বিনন্দীয়া। পাহাৰ-ভৈয়াম, নদ-নদী, বাৰেৰহনীয়া সংস্কৃতি আৰু প্ৰকৃতিৰ সেউজীয়া আঁচলৰে আৱৰি থকা এজনী ভৰ যৌৱনা গাভৰু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ঞুপ্ৰসাদ ৰাভা আদি মহান মহান ব্যক্তি সকলৰ পৰশত অসম কেতিয়াবা মাতৃৰ ৰূপত, কেতিয়াবা গাভৰু ৰূপত, আকৌ কেতিয়াবা সাত বাই-ভনীৰ ৰূপত প্ৰকাশিত হৈ আহিছে।

অসমৰ অপুৰুগীয়া সম্পদ এশিঙীয়া গড়, সোনালী বান্দৰ, চিতা বাঘ, কপৌ ফুল, মুগা, পলু, চাহ পৃথিৱী বিখ্যাত । পৰ্যটন বিভাগৰ প্ৰচুৰ সম্ভাৱানীয়তা থকা এইখন অসমতে বিভিন্ন ধৰ্মৰ অৱস্থিতি পোৱা যায়। বিখ্যাত কামাখ্যা ধামৰ পৰা আজান পীৰ দৰগাহলৈ, উষা-অনিৰুদ্ধৰ প্ৰেমৰ গাথাৰ পৰা আহোমৰ ৰমণী জয়মতীৰ দেশত্যাগলৈ , বৃহত্তৰ নদী দ্বীপ মাজুলীৰ পৰা ক্ষুদ্ৰতম দ্বীপ উমানন্দলৈ ,অসমত বহুতো সম্পদৰ অৱস্থিতি বিদ্যমান।

সংস্কৃতি আৰু প্ৰকৃতিৰ ফালৰ পৰা ইমান চহকী হৈও অসম আজি পিচপৰা । পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ পাচতো চৰকাৰ আৰু জনসাধাৰণ অৱহেলাৰ ফলত এই সম্পদ সমূহ অৱক্ষয় হৈ আহিছে । ইয়াৰ উপৰিও এই ঠাই সমূহৰ বিষয়ে কোনো তথ্য প্ৰকাশ সঠিক ভাবে নোহোৱাৰ বাবে প্ৰায় সংখ্যক পৰ্যটন কাৰী আজিওএই ঠাই সমূহৰ বিষয়ে বিদিত নহয়। গতিকে চৰকাৰ প্ৰশাসন তথা জনসাধাণে যদি উন্নয়ন সাধন কৰিব পাৰে তেনেহ’লে অসমখন পৰ্যটকৰ বাবে সুন্দৰ পৰ্যটনস্থলী হৈ পৰিব । ফলত পৰ্যটন বিভাগটোৰ সমৃদ্ধিৰ লগতে চৰকাৰৰো উন্নত মানৰ আয় সংগ্ৰহৰ উৎস হৈ পৰিব।

(ঘ) গোলকীয় উষ্ণতা বৃদ্ধিঃ কাৰণ আৰু প্ৰতিকাৰ।

(আৰম্ভণি – গোলকীয় উষ্ণতা কি? – উষ্ণতা বৃদ্ধিৰ মূল কাৰণসমূহ – ভয়াবহতা – প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব – সামৰণি।)

উত্তৰঃ পৰিচয়- প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত যোৱা কেইটামান দশক স্মৰণীয় হৈ আছে। মানুহে প্ৰণালী আৰু যন্ত্ৰ বিকশিত কৰিছে যিয়ে আমাৰ জীৱন সহজ কৰি তোলে। বিশেষকৈ ষোল্ল শতিকাৰ আৰম্ভণিৰ পৰা ১৮ শতিকাৰ শেষলৈকে আধুনিক সময়ছোৱাত, যাক সাধাৰণতে “বৈজ্ঞানিক বিপ্লৱ” বা “জ্ঞান” বুলিও কোৱা হয়, আধুনিক প্ৰযুক্তিয়ে ইতিহাসৰ সকলোবোৰৰ তুলনাত ইমান কম সময়সীমাত বিকাশত আগবাঢ়ি গৈছিল। অৱশ্যে, সমাজৰ বিকাশৰ সৈতে, পৃথিৱীৰ পৰিৱেশৰ মানদণ্ডৰ এক গুৰুতৰ ক্ষতি হৈছে। গ্ৰহটোৰ অৱস্থাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকিহৈছে জলবায়ু পৰিৱৰ্তন। অপৰ্যাপ্ত গৱেষণা আৰু প্ৰাকৃতিক সম্পদৰ বেপৰোৱা অপব্যৱহাৰ হৈছে গ্ৰহটোৰ অৱনতিহোৱা অৱস্থাৰ কেইটামান মূল কাৰণ। গোলকীয় উষ্ণতা ধাৰণা আৰু ইয়াৰ কাৰণ আৰু প্ৰভাৱবোৰ বুজিবলৈ, আমি গ্ৰহটোৰ উষ্ণতা প্ৰভাৱিত কৰা বহুতো কাৰক আৰু পৃথিৱীৰ ভৱিষ্যতৰ বাবে ইয়াৰ অৰ্থ কি সেয়া গভীৰভাৱে চোৱা প্ৰয়োজন। ইয়াত গোলকীয় উষ্ণতা বৃদ্ধি আৰু অন্যান্য গুৰুত্বপূৰ্ণ সম্পৰ্কিত বিষয়বোৰৰ ওপৰত এক উদ্দেশ্যমূলক দৃষ্টি দিয়া হৈছে।

গোলকীয় উষ্ণতা কি?

গোলকীয় উষ্ণতা বৃদ্ধিক প্ৰায়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুলি গণ্য কৰা হয়। গোলকীয় উষ্ণতা হৈছে পৃথিৱীৰ পৰিৱেশৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি হোৱা যাৰ ফলত বহুতো জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। গোলকীয় উষ্ণতা হৈছে আমাৰ পৰিৱেশৰ ওপৰত এক বিপদজনক প্ৰভাৱ যিটো আমি আজিকালি সন্মুখীন হৈ আছো। দ্ৰুত ঔদ্যোগিকৰণ, জনসংখ্যা বৃদ্ধি বৃদ্ধি আৰু প্ৰদূষণৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। গোলকীয় উষ্ণতা মানে হৈছে যোৱা শতিকাত পৃথিৱীৰ পৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি। গোলকীয় উষ্ণতা বিপদজনক হোৱাৰ এটা কাৰণ হ’ল ই গ্ৰহটোৰ সামগ্ৰিক পৰিস্থিতিবিজ্ঞানত ব্যাঘাত জন্মায়। ইয়াৰ ফলত বানপানী, দুৰ্ভিক্ষ, ঘূৰ্ণীবতাহ আৰু অন্যান্য সমস্যা হয়। এই উষ্ণতাৰ বহুতো কাৰণ আৰু ফলাফল আছে আৰু পৃথিৱীত জীৱনৰ অস্তিত্বৰ বাবে বিপদ।

বিশ্বব্যাপী ঘটি থকা বহুতো প্ৰাকৃতিক পৰিঘটনাৰ সৈতে গ্লোবেল ৱাৰ্মিংৰ লক্ষণ ইতিমধ্যে দৃশ্যমান হৈছে, যি প্ৰতিটো জীৱিত প্ৰজাতিক প্ৰভাৱিত কৰিছে। ইয়াত কিছুমান তথ্য দিয়া হৈছে যি বিগত কেইবছৰমানত গোলকীয় উষ্ণতাৰ বাস্তৱতাৰ বিষয়ে অধিক সঠিক বুজাবুজি দিয়াত সহায় কৰিব পাৰে:

1. গড় হিচাপত, 1700 দশকৰ শেষৰ ফালে ঔদ্যোগিক বিপ্লৱৰ আৰম্ভণিৰ তুলনাত বিশ্বৰ তাপমাত্ৰা প্ৰায় 1.5° চেণ্টিগ্ৰেড অধিক। এইটো আপোনাৰ বাবে বেছি নহ’ব পাৰে, কিন্তু সেয়া এক গড় অনুমান। এই সংখ্যাটো কেৱল বাঢ়ি আছে। পৃথিৱীৰ বহুতো অংশই উষ্ণতাৰ অধিক গুৰুতৰ পৰিৱৰ্তনৰ সন্মুখীন হয় যি গ্ৰহটোৰ সামগ্ৰিক স্বাস্থ্যক প্ৰভাৱিত কৰে।

2. 1950 চনত, বিশ্বৰ CO2 নিৰ্গমন আছিল 6 বিলিয়ন টন যি 1990 চনলৈকে আয়তনত চাৰিগুণ বৃদ্ধি পাইছিল, মাত্ৰ 40 বছৰ পিছত 22 বিলিয়ন টনলৈ। কেৱল সেয়াই নহয়, আজি নিয়ন্ত্ৰণহীন CO2 নিৰ্গমন 35 বিলিয়ন টনত উপনীত হৈছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ আটাইতকৈ স্পষ্ট কাৰণবোৰ হৈছে ঔদ্যোগিকৰণ, নগৰায়ন, বনধ্বংস, আৰু অত্যাধুনিক মানৱ কাৰ্যকলাপ। এই মানৱ কাৰ্যকলাপৰ ফলত CO2 নাইট্ৰাছ অক্সাইড, মিথেন আৰু অন্যান্যকে ধৰি সেউজগৃহ গেছৰ নিৰ্গমন বৃদ্ধি পাইছে।

গোলকীয় উষ্ণতাৰ কাৰণসমূহ-

গোলকীয় উষ্ণতাৰ মুখ্য কাৰণ হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদিৰ দৰে সেউজগৃহ গেছ মুকলি কৰা। কাৰ্বন ডাই অক্সাইডৰ মুখ্য উৎস হৈছে শক্তি প্ৰকল্প। এই শক্তি প্ৰকল্পবোৰে বিদ্যুৎ উৎপাদনৰ উদ্দেশ্যে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ পৰা উৎপন্ন হোৱা বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে।

বায়ুমণ্ডলত নিৰ্গত প্ৰায় বিশ শতাংশ কাৰ্বন ডাই অক্সাইড বাহনৰ ইঞ্জিনত গেছ’লিন জ্বলোৱাৰ পৰা আহে। বাণিজ্যিক আৰু আৱাসিক দুয়োধৰণৰ অট্টালিকাবোৰে গাড়ী আৰু ট্ৰাকৰ তুলনাত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰদূষণৰ এক ডাঙৰ উৎস প্ৰতিনিধিত্ব কৰে।

এই গাঁথনিবোৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট ইন্ধন জ্বলোৱাৰ প্ৰয়োজন হয় যিয়ে বায়ুমণ্ডলত বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰে। বায়ুমণ্ডলত তাপ আৱদ্ধ কৰাৰ ক্ষেত্ৰত মিথেন  কো2-ৰ তুলনাত 20 গুণতকৈ অধিক প্ৰভাৱিত হয়। মিথেন চাউলৰ পেডী, গৰুৰ পেট ফুলা, বগত বেক্টেৰিয়া আৰু জীৱাশ্ম ইন্ধন নিৰ্মাণৰ দৰে সম্পদৰ পৰা প্ৰাপ্ত কৰা হয়। নাইট্ৰাছ অক্সাইডৰ মুখ্য উৎসবোৰৰ ভিতৰত আছে নাইলন আৰু নাইট্ৰিক এচিড উৎপাদন, অনুঘটক ৰূপান্তৰকাৰী থকা গাড়ী, আৰু কৃষিত সাৰৰ ব্যৱহাৰ আৰু জৈৱিক পদাৰ্থ জ্বলোৱা।

গোলকীয় উষ্ণতাৰ আন এটা কাৰণ হ’ল বনধ্বংস যি বাসস্থান আৰু ঔদ্যোগিকৰণৰ উদ্দেশ্যে বনাঞ্চল কটা আৰু জ্বলাই দিয়াৰ ফলত হয়।

গোলকীয় উষ্ণতাৰ  প্ৰভাৱ-

সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে গোলকীয় উষ্ণতাৰ কুপ্ৰভাৱৰ বিষয়ে ভৱিষ্যতবাণী কৰি আছে আৰু যোৱা কেইটামান দশকত সংঘটিত কিছুমান ঘটনাক গোলকীয় উষ্ণতাৰ সতৰ্কবাণী হিচাপে সংযোগ কৰিছে। গোলকীয় উষ্ণতাৰ প্ৰভাৱে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি কৰিছে।

পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ফলত পৰিস্থিতিবিজ্ঞানৰ অন্যান্য পৰিৱৰ্তন হ’ব পাৰে, যাৰ ভিতৰত আছে সাগৰৰ স্তৰ বৃদ্ধি আৰু বৰষুণৰ পৰিমাণ আৰু আৰ্হি সলনি কৰা। এই পৰিৱৰ্তনবোৰে বানপানী, দুৰ্ভিক্ষ, তাপ তৰংগ, টৰ্ণেডো আৰু টুইষ্টাৰৰ দৰে গুৰুতৰ জলবায়ু ঘটনাৰ ঘটনা আৰু ঘনত্ব বৃদ্ধি কৰিব পাৰে।

অন্যান্য পৰিণামবোৰত উচ্চ বা নিম্ন কৃষিজাত উৎপাদন, হিমবাহ গলি যোৱা, গ্ৰীষ্মকালৰ প্ৰবাহ কম হোৱা, গণ বিলুপ্তি আৰু ৰোগ ভেক্টৰৰ পৰিসৰ বৃদ্ধি অন্তৰ্ভুক্ত থাকিব পাৰে। গোলকীয় উষ্ণতাৰ প্ৰভাৱ হিচাপে, বহুতো প্ৰজাতিৰ চৰাই আৰু প্ৰাণী ইতিমধ্যে বিলুপ্ত হৈ গৈছে। গোলকীয় উষ্ণতাৰ প্ৰভাৱ হিচাপে শেহতীয়াকৈ বিভিন্ন নতুন ৰোগ উদ্ভৱ হৈছে।

আশা কৰা হৈছে যে পানীৰ উষ্ণতা বৃদ্ধিহোৱাৰ ফলত বহুতো প্ৰজাতি মৰি যাব বা বিলুপ্ত হ’ব, আনহাতে আন বিভিন্ন প্ৰজাতি, যিবোৰে গৰম পানী পছন্দ কৰে, প্ৰবাল প্ৰাচীৰবোৰত সম্ভৱতঃ আটাইতকৈ বিচলিত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে যিবোৰ গোলকীয় উষ্ণতাৰ প্ৰভাৱ হিচাপে মৰি যোৱাৰ সম্ভাৱনা আছে।

গোলকীয় উষ্ণতাৰ ফলত পৰিৱেশ তন্ত্ৰ আৰু জীৱ-জন্তুৰ আচৰণত অপৰিৱৰ্তনীয় পৰিৱৰ্তন ঘটিব বুলি আশা কৰা হৈছে। চৰাই হৈছে এক প্ৰজাতি যি জলবায়ুৰ পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হ’ব। গোলকীয় উষ্ণতাৰ ফলত চৰাইবোৰে উত্তৰ গোলাৰ্ধৰ উত্তৰ অঞ্চলত অধিক স্থায়ী ঘৰ বিচাৰি পাব পাৰে।

বিজ্ঞানীসকলে আমাক কয় যে বিশ্ব উষ্ণতা বৃদ্ধিৰ এক পৰিমাণৰ অতিৰিক্ত প্ৰদূষণৰ বাবে টুণ্ড্ৰা গলি যোৱাৰ আশংকা আছে যি আগতে পৃথিৱীৰ/বায়ুমণ্ডলত থকা মুঠ পৰিমাণৰ সমান। একেদৰে, আগতে বিজ্ঞানীসকলৰ আৰু এটা দলে জনাইছিল যে এটা বছৰত গ্ৰীণলেণ্ডত ৰিখটাৰ স্কেলত 4.6 ৰ পৰা 5.1 ৰ ভিতৰত 32 টা হিমবাহৰ ভূমিকম্প হৈছিল।

প্ৰতিদিনে পাৰ হৈ যোৱাটোৱে এতিয়াও নতুন প্ৰমাণ আনিছে যে আমি এতিয়া এক বিশ্বব্যাপী জৰুৰীকালীন অৱস্থাৰ সন্মুখত আছোঁ, এক জলবায়ু জৰুৰীকালীন অৱস্থা যাক পৃথিৱীৰ বৰ্ধিত তাপমাত্ৰা হ্ৰাস কৰিবলৈ আৰু যিকোনো দুৰ্যোগ পৰিহাৰ কৰিবলৈ বিশ্বজুৰি কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰিবলৈ তাৎক্ষণিক পদক্ষেপৰ প্ৰয়োজন।

গোলকীয় উষ্ণতাৰ সৈতে কোনো নিৰ্দিষ্ট ঘটনা সংলগ্ন কৰা সহজ নহয়, কিন্তু অধ্যয়নবোৰে প্ৰমাণ কৰে যে মানুহৰ কাৰ্যকলাপে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰিছে।

যদিও বেছিভাগ ভৱিষ্যতবাণীয়ে 2100 চনলৈকে যুগটোৰ ওপৰত গুৰুত্ব দিয়ে, আনকি এই তাৰিখৰ পিছত আৰু কোনো সেউজগৃহ গেছ নিষ্কাশন কৰা নহ’লেও, গোলকীয় উষ্ণতা বৃদ্ধি আৰু সাগৰৰ স্তৰ এক সহস্ৰাব্দতকৈও অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, কিয়নো কাৰ্বন ডাই অক্সাইডৰ দীঘলীয়া গড় বায়ুমণ্ডলীয় জীৱনকাল আছে।

গোলকীয় উষ্ণতা হৈছে এক প্ৰকৃত সমস্যা যাক বহুতে তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ বাবে প্ৰৱঞ্চনা হিচাপে প্ৰমাণ কৰিব বিচাৰে। অৱশ্যে, বিশ্বৰ সচেতন নাগৰিক হিচাপে, আমি নিশ্চিত কৰিব লাগিব যে কেৱল সত্যটো সংবাদ মাধ্যমত উপস্থাপন কৰা হয়। পৰিৱেশৰ বিভিন্ন অংশ, উদ্ভিদ আৰু প্ৰাণী দুয়োটাই, গোলকীয় উষ্ণতাৰ ফলত হোৱা ক্ষতিৰ দ্বাৰা প্ৰত্যক্ষভাৱে বিৰূপ ভাৱে প্ৰভাৱিত হয়। বন্যপ্ৰাণী বিপদত পৰাটো অৱশেষত মানৱতাৰ জীয়াই থকাৰ বাবে এক গুৰুতৰ ভাবুকি যিহেতু আমি ইয়াক আৰু ইয়াৰ ভৱিষ্যত জানো। এই দশকত গোলকীয় উষ্ণতাৰ প্ৰভাৱ ব্যাপকভাৱে দেখা যায়। হিমবাহৰ পশ্চাদপসৰণ আৰু আৰ্কটিক সংকোচন হৈছে দেখা দুটা সাধাৰণ পৰিঘটনা। হিমবাহবোৰ দ্ৰুত গতিত গলি আছে। 

সাগৰৰ স্তৰ বৃদ্ধি হৈছে গোলকীয় উষ্ণতাৰ আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ। এই সাগৰৰ স্তৰ বৃদ্ধিৰ ফলত নিম্ন অঞ্চলত বানপানী হৈছে। বহুতো দেশত অত্যাধিক বতৰৰ পৰিস্থিতি দেখা যায়। অকাল বৰষুণ, অত্যাধিক গৰম আৰু ঠাণ্ডা, দাবানল আৰু অন্যান্য প্ৰতি বছৰে সচৰাচৰ হয়। এই ঘটনাবোৰৰ সংখ্যা বাঢ়ি গৈ আছে। এইটোৱে প্ৰকৃততে প্ৰজাতিবিলুপ্তিৰ ফলাফল কঢ়িয়াই অনা পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতা আনিব। একেদৰে, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সামুদ্ৰিক জীৱনো ব্যাপকভাৱে প্ৰভাৱিত হৈছে। ইয়াৰ ফলত সামুদ্ৰিক প্ৰজাতি আৰু অন্যান্য সমস্যাৰ মৃত্যু হৈছে। তদুপৰি, প্ৰবাল প্ৰাচীৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে, যিবোৰ অনাগত বছৰবোৰত শেষৰ ফালে আহিব। এই প্ৰভাৱবোৰে অনাগত বছৰবোৰত যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত প্ৰজাতিৰ সম্প্ৰসাৰণ বন্ধ হ’ব। তদুপৰি, মানুহেও শেষত গোলকীয় উষ্ণতাৰ নেতিবাচক প্ৰভাৱ দেখিব।

গোলকীয় উষ্ণতাৰ সমাধান- 

ব্যক্তিৰ ওপৰত দোষাৰোপ কৰিব নোৱাৰি; অৱশ্যে, ইয়াক ব্যক্তিগত স্তৰৰ পৰা আৰম্ভ কৰি অৱনতি হোৱাৰ পৰা মোকাবিলা আৰু বজাই ৰাখিব পাৰি। অৱশ্যে, উদ্যোগ আৰু বহুজাতিক গোটবোৰৰ কাৰ্বন নিৰ্গমনৰ স্তৰ এজন সাধাৰণ নাগৰিকৰ তুলনাত অধিক। তথাপিও, সক্ৰিয়তা আৰু সামূহিক প্ৰচেষ্টা হৈছে গোলকীয় উষ্ণতাৰ অৱনতি হোৱা অৱস্থা নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ সম্ভৱ উপায়। ইয়াৰ উপৰিও, ৰাজ্য বা চৰকাৰী পৰ্যায়ত, বিশ্বৰ নেতাসকলে সাধাৰণতে পৰিৱেশৰ আৰু কোনো ক্ষতি নহ’ব বুলি নিশ্চিত কৰিবলৈ দৃঢ় পৰিকল্পনা আৰু পদক্ষেপ কাৰ্যসূচী সৃষ্টি কৰিব লাগিব। 

যদিও আমি গোলকীয় উষ্ণতা হাৰ হ্ৰাস কৰাত প্ৰায় পলম কৰিছোঁ, সঠিক সমাধান বিচাৰি উলিওৱাটো অতি গুৰুত্বপূৰ্ণ। ব্যক্তিৰ পৰা চৰকাৰলৈকে, সকলোৱে গোলকীয় উষ্ণতাৰ সমাধানৰ ওপৰত কাম কৰিব লাগিব। প্ৰদূষণ, জনসংখ্যা আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা হৈছে বিবেচনা কৰিব লগা কিছুমান কাৰক। বৈদ্যুতিক আৰু হাইব্ৰিড গাড়ীলৈ সলনি কৰাটো কাৰ্বন ডাই অক্সাইড নমাই অনাৰ সৰ্বশ্ৰেষ্ঠ উপায়। 

এজন নাগৰিক হিচাপে, হাইব্ৰিড গাড়ীলৈ সলনি কৰা আৰু ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰাভাল। ই প্ৰদূষণ আৰু ভিৰ হ্ৰাস কৰিব। আপুনি কৰিব পৰা আন এটা গুৰুত্বপূৰ্ণ অৱদান হ’ল প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা। প্লাষ্টিক হৈছে গোলকীয় উষ্ণতাৰ ৰ প্ৰাথমিক কাৰণ যিয়ে পুনৰ ব্যৱহাৰ কৰিবলৈ বহু বছৰ সময় লয়।

বনধ্বংস হৈছে বিবেচনা কৰাৰ আন এটা বস্তু যি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰিব। পৰিৱেশ সেউজীয়া কৰি তুলিবলৈ অধিক গছ ৰোপণক উৎসাহিত কৰিব লাগে। ঔদ্যোগিকৰণ কিছুমান নিয়মৰ অধীনত হ’ব লাগে। উদ্ভিদ আৰু প্ৰজাতিক প্ৰভাৱিত কৰা সেউজঅঞ্চলত উদ্যোগ নিৰ্মাণ নিষিদ্ধ কৰিব লাগে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা এনে খণ্ডবোৰৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰা উচিত।

সামৰণি

শেষতআমি সকলোৱে এই সত্যটো উপলব্ধি কৰিব লাগিব যে আমাৰ পৃথিৱী খন ভাল নহয়। ইয়াৰ চিকিৎসাৰ প্ৰয়োজন আৰু আমি ইয়াক আৰোগ্য কৰাত সহায় কৰিব পাৰোঁ। বৰ্তমানৰ প্ৰজন্মই ভৱিষ্যত প্ৰজন্মৰ দুখ-কষ্ট প্ৰতিহত কৰিবলৈ গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ কৰাৰ দায়িত্ব ল’ব লাগিব। সেয়েহে, প্ৰতিটো সৰু পদক্ষেপ, যিমানেই সৰু নহওঁক কিয় যথেষ্ট গুৰুত্ব বহন কৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধি বন্ধ কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ।

(ঙ) জৈৱ বৈচিত্ৰ্য আৰু সাম্প্রতিক সময়।

(আৰম্ভণি – জৈৱ বৈচিত্র্য আৰু মানৱ সমাজত – জৈৱ বৈচিত্র্য সংৰক্ষণৰ প্ৰয়োজনীয়তা – জৈৱ বৈচিত্র্য সংৰক্ষণৰ উপায় – জৈৱ বৈচিত্ৰ্য ৰক্ষাত আমাৰ কৰণীয় – সামৰণি)

উত্তৰঃ আৰম্ভণি: ‘জৈৱ বৈচিত্ৰ্য’ বা ‘জীৱ বৈচিত্ৰ্য’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘বায়’ডিভাৰচিটি’ (Biodiversity)। ‘বায়’ (Bio) মানে জীৱ আৰু ডিভাৰচিটি (Diversity) মানে বৈচিত্ৰ্য বা বিচিত্ৰতা। এতেকে ‘জৈৱ বৈচিত্ৰ্য’ বুলিলে বিভিন্ন জাতি, প্ৰজাতি আৰু সম্প্ৰদায়ৰ জীৱসমূহক বুজায়। বিস্তৃত অৰ্থত জৈৱ বৈচিত্ৰ্যই কোনো বিস্তৃত অঞ্চলত থকা সকলো প্ৰকাৰৰ প্ৰাণী, উদ্ভিদ, পৰিৱেশতন্ত্ৰ, অণুজীৱ আৰু জিনীয় কণাসমূহক সামৰি লয়। জীৱ বৈচিত্ৰ’ শব্দটো পোন প্ৰথমতে অ’ উইলছন নামৰ এজন বিজ্ঞানীয়ে ১৯৮৫ চনত ব্যৱহাৰ কৰিছিল। প্ৰকৃতিয়ে আমাৰ নীলা গ্ৰহ পৃথিৱীখনক জৈৱ বিচিত্ৰ্যত সমৃদ্ধ কৰি সৃষ্টি কৰিছে। জৈৱ বৈচিত্ৰত্যই পৰিৱেশৰ বিভিন্ন উপাদানৰ মাজত সামভাম্যতা বজাই ৰাখে। জৈৱ বৈচিত্ৰ্যই দেশ এখনৰ সার্বিক উন্নয়নত অৰিহণা যোগায়। জৈৱ বৈচিত্ৰত ভাৰতবৰ্ষ এখন অতি চহকী দেশ যদিও সাম্প্ৰতিক সময়ত বিশ্বৰ জৈৱ বৈচিত্ৰ্যই ভয়াবহ ভাবুকিৰ সন্মুখীন হৈছে।

জৈৱ বৈচিত্ৰ্যৰ পৰ্যায়: জৈৱ বৈচিত্ৰ্যক তিনিটা পৰ্যায়ত  ব্যাখ্যা কৰিব পাৰি, যথা–

(ক) জিনীয় পৰ্যায়ঃ  একে প্ৰজাতিৰ ভিতৰত জিনীয় পৰ্যায়ত পাৰ্থক্য থকা জীৱক জিনীয় বৈচিত্ৰ্য বুলি কোৱা হয়। উদহৰণস্বৰূপে একে প্ৰজাতিৰ চাউলৰ মাজত প্ৰায় ৫০,০০০ জিনীয় প্ৰকাৰ থাকিব পাৰে।

(খ) প্ৰজাতিৰ পৰ্যায়: প্ৰজাতিৰ পৰ্যায়ত জিনীয় পাৰ্থক্য থকাৰ উপৰিও এটা জাতিৰ মাজত বিভিন্ন উপ-পৰ্যায় বা প্ৰজাতি থাকে। প্ৰজাতিৰ পৰ্যায়ৰ এক উদাহৰণ হ’ল বাঘ আৰু সিংহ।

(গ) পৰিৱেশতন্ত্ৰঃ একোটা অঞ্চলত বাস কৰি থকা বিভিন্ন প্ৰাণী, উদ্ভিদ, অণুজীৱ সেই অঞ্চলৰ পাৰিৱেশিক উপাদানবোৰৰ স’তে একেলগে যি তন্ত্ৰ  গঢ়ে সেয়াই পৰিৱেশতন্ত্ৰ। 

জৈৱ বৈচিত্ৰ্য আৰু মানৱ সমাজ: জৈৱ বৈচিত্ৰ্যৰ লগত মানৱ সমাজৰ নিবিড় সম্পৰ্ক আছে। ই মানুহৰ জীৱন প্ৰণালী, মানৱ সমাজৰ উন্নয়ন, মানুহৰ শাৰীৰিক আনকি মানসিক দিশকো প্ৰভাৱিত কৰে। মানুহৰ কাৰ্যকলাপৰ বাবে কোনো অঞ্চলৰ পৰিৱেশতন্ত্ৰৰ পৰিৱৰ্তন ঘটে। উদাহৰণস্বৰূপে খেতি-বাতি বা বসবাসৰ বাবে কোনো অৰণ্য অঞ্চল ধবংস কৰিলে সেই অঞ্চলত বৰষুণৰ পৰিমাণ হ্রাস পাই মৰুভূমিত পৰিণত হ’ব পাৰে। ফলত শস্য উৎপাদন হ্রাস পাই দুর্ভিক্ষই দেখা দিব পাৰে। সেই অঞ্চলত থকা বিভিন্ন প্ৰকাৰৰ উদ্ভিদ, প্ৰাণী, জীৱ-জন্তু আদিয়ে বাসস্থান হেৰুৱাই বিলুপ্ত হ’ব পাৰে। এই প্ৰভাৱ সুদূৰপ্ৰসাৰী আৰু ব্যাপকো হ’ব পাৰে।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা: প্ৰকৃতিৰ লগত মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিয়নো মানুহো প্ৰকৃতিৰ এটি জীৱ। মানুহৰ প্ৰয়োজনী সকলো বস্তু প্ৰকৃতিৰ পৰাই লাভ কৰে। সেয়ে মানৱ জাতিৰ অস্তিত্বৰ বাবে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজন আছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰধান কাৰণবোৰ তলত উল্লেখ কৰা হ’ল —

(ক) জৈৱ বৈচিত্ৰ্যই কোনো এখন অঞ্চলক প্ৰাকৃতিক সম্পদত চহকী কৰে। প্ৰাকৃতিক সম্পদত অঞ্চল এটি যিমানে চহকী হয় সেই অঞ্চল সিমানে অৰ্থনৈতিক প্ৰগতি লাভ কৰে।

(খ) প্ৰকৃতিত থকা জীৱ-জন্তু, গছ-লতা, হাবি-বননি, ভূমি, নদ-নদী, পাহাৰ-পৰ্বত আদি মানৱ জাতিৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ ভাণ্ডাৰ। জৈৱ বৈচিত্ৰ্য বিনষ্ট হ’লে এই ভাণ্ডাৰবোৰৰ ভাৰসাম্য নষ্ট হয় যি মানৱ জাতিৰ অস্তিত্বৰ বাবে ভাকুকিস্বৰূপ।

(গ) জৈৱ বৈচিত্ৰত্যই বায়ুমণ্ডলত থকা গেছসমূহৰ ভাৰসাম্য ৰক্ষা কৰে। উদাহণৰস্বৰূপে হাবি-বননিত থকা গছ-গছনিয়ে মানুহৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছৰ যোগান ধৰে। সেইদৰে জীৱৰ বাবে ক্ষতিকৰ কাৰ্বন-ডাই অক্সাইড গেছ নিয়ন্ত্ৰণ কৰে।

(ঘ) জৈৱ-বৈচিত্ৰই জলবায়ুৰ স্থিৰতা বজাই ৰাখে। 

(ঙ) জৈৱ বৈচিত্ৰ্যই খেতি-পথাৰৰ শস্যসমূহক বিভিন্ন প্ৰকাৰৰ কীট-পতংগ, ৰোগ-জীৱাণু আদিৰ পৰা প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰে। উদাহৰণস্বৰূপে চৰাই-চিৰিকতিয়ে শস্যৰ বাবে অনিষ্টকৰ ফৰিঙৰ  দৰে পতংগসমূহক খাই শস্য পথাৰক সুৰক্ষা দিয়ে। 

(চ) জৈৱ বৈচিত্ৰত্যই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰে। 

(ছ) জৈৱ বৈচিত্ৰ্যই  প্ৰাকৃতিক পৰিৱেশত সৌন্দৰ্য দান কৰে। ফলত পৰ্যটন শিল্পই গা কৰি উঠি কৰ্মসংস্থপনৰ সৃষ্টি কৰিছে।

(জ) জৈৱ বৈচিত্ৰত্যই ভূমি ক্ষয় ৰোধ কৰে আৰু বহু সময়ত প্ৰাকৃতিক বিপৰ্যয়ক নিয়ন্ত্ৰণ কৰে।

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উপায়: মানুহৰ সুখ-সমৃদ্ধি, আনন্দ-বিনোদন আদিৰ বাবে আৰু বিভিন্ন প্ৰকাৰৰ স্বাৰ্থ অন্বেষী কাৰ্যকলাপৰ বাবে বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ তথা জৈৱ বৈচিত্ৰ্য বিনষ্ট হৈ আছে। ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ বিৰূপ প্ৰভাৱ মানৱ জাতিৰ লগতে অন্যান্য জীৱকুলৰ ওপৰত পৰি আছে। বিজ্ঞানীসকলৰ মতে, প্ৰতি বছৰ কেইবা হাজাৰ প্ৰজাতিৰ প্ৰাণী বিশ্বৰ পৰা বিলুপ্ত হৈ আছে। ২০০৪ চনৰ এক সমীক্ষা মতে ভাৰতবৰ্ষত ৭৫০ প্ৰজাতিৰ গছ-বন আৰু প্ৰাণী বিলুপ্তৰ পথত। মানৱ জাতিৰ অস্তিত্ব যিহেতু প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ একান্তই প্ৰয়োজন। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্ৰহণ কৰিব পাৰো–

(ক) হাবি বননি ধবংস নকৰি সুৰক্ষা প্ৰদান কৰা আৰু অনাবাদী ভূমি, গ্ৰাম্যাঞ্চল, বাট-পথৰ দাঁতি আদিত অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰা।

(খ) প্লাষ্টিক, নাইলন আৰু ৰবৰ জাতীয় বস্তুৰ ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰা।

(গ) খেতি-পথাৰত কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগ বন্ধ কৰি জৈৱিক সাৰ প্ৰায়োগ কৰা আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ সলনি প্ৰাকৃতিক উপায় অৱলম্বন কৰা।

(গ) বিলুপ্তিৰ ভাবুকিৰ সন্মুখীন হোৱা উদ্ভিদ, প্ৰাণী, জীৱ-জন্তু আদিক সংৰক্ষণৰ বাবে বিশেষ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা।

(ঘ) ‘গ্ৰীণ হাউচ ইফেক্ট’ সৃষ্টি কৰা বিভিন্ন ডিভাইচ যেনে: এয়াৰ কণ্ডিশ্বনাৰৰ ব্যৱহাৰ বন্ধ কৰা বা হ্রাস কৰা।

(ঙ) পৰিৱেশৰ ক্ষতিকাৰক ধোঁৱা নিৰ্গত কৰা যান-বাহনৰ সংখ্যা নিয়ন্ত্ৰণ কৰা আৰু পৰিৱেশ অনুকূল বিকল্প ইন্ধনৰ উদ্ভাৱন কৰা।

(চ) পৰিৱেশৰ ক্ষতি সাধন কৰা কাঠ, কয়লা আদি দহন কৰা কাৰ্য নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ পৰিৱৰ্তে সৌৰশক্তি ব্যৱহাৰ সুচল আৰু সুলভ কৰা।

(ছ) পাৰমাণৱিক বোমা বিস্ফুৰণ সম্পৰ্কীয় সকলো পৰীক্ষণ বন্ধ কৰা।

সামৰণি: জৈৱ বৈচিত্ৰ্যৰ বাবেই পৃথিৱী নামৰ গ্ৰহখনত মানৱ জাতিৰ অস্তিত্ব সম্ভৱ হৈছে। সেয়ে আমি যিকোনো প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত জৈৱ বৈচিত্ৰ ৰক্ষা কৰিবই লাগিব। ইয়াৰ বাবে আমি উপৰিউক্ত উপায়সমূহ গ্ৰহণ কৰাৰ লগতে বিশ্বৰ প্ৰতিজন নাগৰিক আৰু প্ৰতিখন ৰাষ্ট্ৰই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে তৎপৰ হ’ব লাগিব। অন্যাথা পৃথিৱী নামৰ এই অনন্য গ্ৰহটি মানৱ জাতিৰ বসবাসৰ বাবে অনুপযোগী হৈ ইয়াৰ বিলীন ঘটাব। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top