AHSEC 2022 Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Assamese Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ অসমীয়া 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Assamese Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 Assamese Question Paper Solved

AHSEC 2022 Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Assamese Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Assamese 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 Assamese Old Question Paper Solved, AHSEC Class 12 Assamese Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ASSAMESE

2022

ASSAMESE OLD QUESTION PAPER SOLVED

১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লিখাঁ।

(ক) ‘মাজিউ’ বুলি লক্ষ্মীনাথ বেজবৰুৱাহ কাক সম্বোধন কৰিছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক।

(খ) সাহিত্য অকাদেমি বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা।

(গ) ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আনন্দৰাম বৰুৱাই।

(ঘ) ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ হস্তি বিদ্যার্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

(ঙ) তীৰ্থনাথ শমাই ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰঃ তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম- কামসেন্দুৰ।

(চ) চিঠি’ চুটিগল্পটি শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ১৯৯৪ চনত প্ৰকাশিত  ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।

(ছ) ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখাঁ।

উত্তৰঃ ইন্দ্ৰমালতী।

(জ) ব্ৰজেন বৰুৱা পৰিচালিত আৱেগমিশ্রিত প্ৰিলাৰধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম লিখাঁ।

উত্তৰঃ ড° বেজবৰুৱা।

(ঝ) বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ কি?

উত্তৰঃ বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ’ল- ক্ষুদ্র ভাইৰাছ বা বীজাণু।

(ঞ) ‘উপকল্প’ শব্দৰ অৰ্থ লিখাঁ।

উত্তৰঃ উপ-বিধি।

২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ লিখাঁ।

(ক) লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য-ব্যংগ ৰচনাৰ নাম লিখাঁ।

উত্তৰঃ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ আৰু ‘কৃপাবৰ বৰুৱাৰ ওভতনি’।

(খ) ‘ফৰিয়াদ’ আৰু ‘সঁচাৰকাঠী’ শব্দৰ অৰ্থ লিখাঁ।

উত্তৰঃ ফৰিয়াদ – গোচৰ, অভিযোগ।

সঁচাৰকাঠী – চাবি।

(গ) কথা – কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হল—

১। চিত্র ধর্মীতাঃ কথা কবিতা চিত্রধর্মীতাৰ ওপৰত প্রতিষ্ঠিত।

২। এটা মাত্ৰ ভাৱ প্ৰধানঃ চনেটৰ দৰে কথা কবিতাতাে এটি মাত্র কেন্দ্রস্থ ভাব থাকে। সেই কেন্দ্রস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তােলা হয়।

(ঘ) ”তোমাৰে আনন্দ বৰুৱাই…’ কবিতাৰ শাৰীটো কোনজন কবিৰ কোনটো কবিতাৰ পৰা তুলি অনা হৈছে?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সংগীত’ নামৰ কবিতাৰ পৰা।

(ঙ) আনন্দৰাম বৰুৱাৰ মতে কৰ্মৰ স্বৰূপ কি?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন। কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল।

(চ) ‘হস্তিবিদ্যার্ণব পুথি’ শীর্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰঃ শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ১৯৫৩ চনত প্ৰকাশ পাইছিল।

(ছ) প্রকৃত ত্যাগ মানে কি বুজা?

উত্তৰঃ সংযতভাবে জীৱন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকা বা সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱায়েই হৈছে- প্ৰকৃত ত্যাগ। প্রকৃততে ত্যাগ হ’ল- থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা।

(জ) বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে?

উত্তৰঃ বর্তমান সময়ত ইলেকট্রনিক মাধ্যম যেনে—ইণ্টাৰনেট, মােবাইলফোন আদিৰ বহুল ব্যৱহাৰ হােৱাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গৈছে। ফলত চিঠি লিখাৰ অভ্যাস কমি গৈছে। বর্তমান এই আধুনিক মাধ্যমৰ দ্বাৰা মানুহৰ মাজৰ যােগাযোেগ দ্রুত হৈ উঠাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ’ল আৰু অতীতৰ দৰে চিঠিৰ আদান-প্রদান নােহােৱা হৈ পৰিল।

(ঝ) ‘এৰা বাটৰ সুৰ’ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম লিখা।

উত্তৰঃ লতা মংগেছকাৰ আৰু ভূপেন হাজৰিকা।

(ঞ) বিজ্ঞানীৰ কাম কি?

উত্তৰঃ বিজ্ঞানীৰ কাম হ’ল-আমি দেখা বস্তু আৰু ঘটনাবোৰৰ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদি।

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঁঃ (যিকোনো এছোৱা)

(ক) “কি হ’ল, একো কথা নাই – ইয়াৰ কাৰণে অশেষ ধন্যবাদ—ইও যে এটা দান।”

উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে।

মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে প্রশ্নোদ্ধৃত কথাখিনি কৈছিল আৰু অশেষ ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান বুলিলে।

(খ) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”

উত্তৰঃ বেদ হৈছে হিন্দুধৰ্মৰ এক পুৰণি ধৰ্ম গ্ৰন্থ। ‘বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান। ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহৰ কোনো ৰচক নাই।পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। এই চাৰিখন বেদৰ নাম হৈছে ঋক্ বেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ অকল ধর্ম গ্ৰন্থয়েই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। 

বেদৰ অন্তিম অংশ বেদান্তত বা উপনিষদত কৰ্ম কৰা কৌশলৰ উল্লেখ আছে। ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশলে জীৱন বাটৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলৈ শিক্ষা দিয়ে। ঋক্ বেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়।বিভিন্ন ভাৰতীয় দর্শনত হিন্দু চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায়, তাৰ মূলেই হৈছে বেদ। বেদৰ মাজতেই প্রাচীন ভাৰতৰ ধর্ম, দর্শন, সমাজ সকলোবোৰ প্রতিফলিত হৈছে বুলি ক’ব পাৰি। এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা সংস্কৃতি গঢ় লৈ উঠাত সহায় কৰিছে। সেয়ে বেদক ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বুলি কোৱা হৈছে।

(গ) “আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।”

উত্তৰঃ আমাৰ বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদঘাটনৰ ব্যৱস্থা টোয়েই হ’ল- বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সু-সংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্ত ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হব লাগিব। পর্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসৰণ কৰা, বস্তু বা ঘটনাবোৰৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদিবোৰ হ’ল বিজ্ঞানীৰ কাম।

আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাঁকোতে জুই জ্বলি উঠিছিল। সেই পর্যবেক্ষণৰ পৰৱৰ্তী সময়ত তেওঁ জুই জ্বলা প্রক্রিয়াটো বাৰে বাৰে কৰি চাইছিল। তাৰ পাছত, তেওঁ জুইৰ ধর্ম অধ্যয়ণ কৰিলে আৰু জুইৰ নানা ন ন ব্যৱহাৰ আয়ত্ব কৰিলে। এনেদৰে আদিম মানুহে জুইৰ আৱিস্কাৰ কৰিছিল আরু পাছলৈ জুইৰ ব্যৱহাৰ কৰি খাদ্য বস্তু সিজাই খাইছিল। এই প্রথম বিজ্ঞানী জনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। মাত্র সি বেছি সূক্ষ্ম আৰু অধিক নিঁখুত হৈছে।

আজিৰ বিজ্ঞানী সকলে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ আরু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্র-পাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পর্যবেক্ষণৰ বাবে হাতত এক্স-ৰশ্মিৰ দূৰবীক্ষণ, আলোকীয় বা ৰেডিঅ’ দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও আজিৰ বিজ্ঞানীসকলৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদার্থ কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। মুঠতে বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদ্‌ঘাটনৰ চেষ্টাত আজিৰ বিজ্ঞানী ব্রতী হৈছে।

৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ:

(ক) ডিব্ৰুগড়ৰ থিয়েটাৰ অৰ্থাৎ বংগশালাৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথা খিনি পাঠৰ আধাৰত লিখা।

উত্তৰঃ ডিব্রুগড়ৰ থিয়েটাৰ বা রংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই। সেই রংগশাল নির্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাওনা অনুষ্ঠত কৰিছিল। থিয়টাৰৰ চিত্রপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্রবিদসকলতকৈ কোনো গুণে হীন নাছিল। এনে ক্ষেত্রত পেইন্টিং আৰু ফটোগ্রাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল। এইসমূহৰ সাজ-সজ্জা, চিত্রপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায়।

ডিব্রুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ রংগশালত প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্রক্রিয়াটো সঁচাকৈ শলাগিবলগীয়া। বেজবৰুৱাই এই ক্ষেত্রত সবল প্রতিক্রিয়া দাঙি ধৰিছে। এনেদৰে ডিব্রুগড়ৰ অভূতপূর্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল।

(খ) গুৰুৰে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল তোমাৰ ভাষাৰে লিখাঁ।

উত্তৰঃ উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে উপদেশ দিছিল এনেদৰে- বিদ্যার্থীসকলে সত্য ক’ব লাগে আৰু ধর্ম আচৰণ কৰিব লাগে।দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ’ব নালাগে। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে। সত্যৰ পৰা, ধর্মৰ অর্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত হ’ব নালাগে। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি থাকিব নালাগে। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কার্য কৰিব লাগে কিন্তু ধর্ম পথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিব লাগে। পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে। এওঁলোকক সদায় দেৱতাৰ দৰে মান্য কৰিব লাগে। যিবোৰ অনিন্দীয় কাম সেইবোৰ কৰিব আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে। উপার্জিত ধন, সম্পদ কিদৰে সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে, লগতে কিভাৱে দান কৰিব লাগে সেই কথাও বিদ্যার্থীক সোঁৱৰাই দিছে।

এনে আদর্শৰ দ্বাৰা জীৱন সংগ্ৰামত খোজ দিবৰ বাবে গুৰুৱে বিদ্যার্থীক উপদেশ দিছে।

(গ) অসমীয়া চলচ্চিত্র জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে পাঠৰ আধাৰত লিখাঁ।

উত্তৰঃ অসমীয়া চলচ্চিত্ৰৰ জনক হৈছে ৰূপকোঁৱৰ জোতিপ্রসাদ আগৰৱালা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই প্রথম অসমীয়া কথাছবি জয়মতী নির্মাণ কৰিছিল। তেওঁ জার্মানীত চলচ্চিত্র নির্মাণ প্রশিক্ষণ লৈ তেজপুৰৰ ভােলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ নামেৰে ষ্টুডিঅ’ এটা সাজি তাত জয়মতী ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল। তেওঁ এই ছবিখনৰ সম্পাদনা লাহােৰত কৰে। ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে কলিকতাৰ ৰাউনাক’ প্রেক্ষাগৃহত ছবিখনৰ প্রদর্শনীৰ আয়ােজন কৰিছিল। তাৰ পাছত একেটা মাহৰ ২০ তাৰিখে গুৱাহাটীত ছবিখনে মুক্তি লাভ কৰে। 

প্ৰথম অসমীয়া ছবি হিচাপে জয়মতীৰ প্রতি অসমীয়া ৰাইজৰ আগ্রহ আছিল যদিও সা-সুবিধাৰ অভাৱ আৰু ব্যয়বহুলৰ বাবে এই ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু টকা লােকচান ভৰিবলগীয়া হৈছিল। জয়মতীৰ পিছত জ্যোতিপ্রসাদে নিজৰ কাহিনীৰে ১৯৩৯ চনত ইন্দ্ৰমালতী নামেৰে দ্বিতীয়খন অসমীয়া ছবি নির্মাণ কৰি উলিয়াইছিল। এই ছবিখনে সফলতা লাভ কৰি জয়মতীৰ লােকচাননা পূৰণ কৰিছিল। এই ছবিখন,তেওঁ কলকাতাৰ অৰােৰা’ টুডিঅ’ত নির্মাণ কৰিছিল। ইয়াৰ লগে লগে তেওঁৰ চিত্ৰবন ষ্টুডিঅ’ বন্ধ হৈ কলকাতাৰ ষ্টুডিঅ’ই অসমীয়া ছবি নির্মাণ স্থলী হৈ পৰে। 

জয়মতীত আছিল জাতীয় গৌৰৱ কাহিনী আৰু ইন্দ্ৰমালতীত স্বাধীনতা আন্দোলনৰ ছবি আছিল। যি সময়ত অসমত ছবি নির্মাণৰ বাবে সা-সুবিধা নাছিল তেনে সময়তে জ্যোতিপ্রসাদ আগৰৱালাই ছবি নির্মাণ কৰি অসমীয়া জাতিক অৱদান দি থৈ গ’ল।

(ঘ) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগিতত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত বিস্তৰ অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতাই বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতিৰ জন্ম দিয়ে। যাৰ ফলত, সমাজত দেখা দিয়া পুৰণি কু-সংস্কাৰ সমূহৰ পৰা মানুহক মুক্ত কৰে। প্রাচীন কালত মানুহে বহু্তো কথা ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তি কাণ্ড বুলি বিশ্বাস কৰিছিল। বৰ আই, সৰু আই আদি আই বা বসন্ত ৰোগো তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-পেত আদিক সন্তষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম-সকাম, সৎকাৰ আদিৰ ব্যৱস্থা কৰিছিল।

কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্রমাণ কৰিলে যে আই বা বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্র ভাইৰাছ বা বিজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। ভাইৰাছ নামৰ এই বিজাণুৰ আক্রমণৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আৱিস্কাৰ কৰিছে। দাঁতত পোকে ধৰিলে বেজ-বৈদ্য আহি কলপাত-কচুপাতৰ ওপৰত দাঁতৰ পৰা পোক উলিয়াই বিশ্বাস জন্মৰ চেষ্টা কৰে কিন্ত চিকিৎসা বিজ্ঞানে সেইবোৰ চকুৰে নমনা-অনুজীৱ বুলিহে প্রমাণ কৰে।

ঠিক তেনেদৰে বিশুদ্ধ খোৱা-পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশত আমাৰ বহুতো গাওঁ-ভূঞে আরু বহুতো অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰোগে দেখা দিয়ে। স্বার্থ সিদ্ধিৰ বাবে কিছুমান দুখীয়ে তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যা কৰে। কিন্ত বৈজ্ঞানিক মানসিকতাই এনেবোৰ কু-সংস্কাৰৰ পৰা মুক্ত কৰি মানুহক নতুন দৃষ্টিৰে চাবলৈ শিকালে আরু বাস্তৱ দৃষ্টিৰে মানুহক সকলো কথা ফহিয়াই লক্ষ্য উপনীত হ’বলৈ থিয় দিলে।

৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঁ।

(ক) ‘উঠৰে উঠ বাপু গোপালে হে’ বৰগীতটি কি ৰাগত বন্ধা?

উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ’ ৰাগত বন্ধা।

(খ) ‘তেজ’ শব্দৰ অৰ্থ লিখাঁ।

উত্তৰঃ নিজে কৰা।

(গ) অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা।

(ঘ) ‘জাগৃতি’ কাব্যগ্ৰন্থৰ ৰচয়িতা কোন?

উত্তৰঃ নলিনীবালা দেৱী।

(ঙ) পূজাৰ ১৬ বিধ উপকৰণক এটা শব্দত কি বুলি কোৱা হয়?

উত্তৰঃ ষোড়শোপচাৰ৷

(চ) ‘বিশ্ব শিল্পী মহাবিশ্বৰ’ – কবিয়ে কাক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে।

উত্তৰঃ ঈশ্বৰ বা ভগবানক।

(ছ) ‘পছোৱা’আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

উত্তৰঃ কেশৱ মহন্তই।

(জ) ‘‘কৰুণতম’ কবিতাটিৰ আধাৰ লোকজীৱন— কথাষাৰ শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

৬। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখাঁ।

(ক) বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ লিখাঁ।

উত্তৰঃ বৰগীতৰ বিষয়বস্তু ছয়টা ভাগত ভগাব পাৰি। ভাগসমূহ হ’ল- লীলা, বিহ, বিৰক্তি, পৰমাৰ্থ, চোৰ, চাতুৰি। 

(খ) সত্ত্ব আৰু ৰজঃ গুণ কি?

উত্তৰঃ সত্ব: হৈছে শান্ত আৰু নম্ৰ। ই সুখদায়ক আৰু জ্ঞানাত্মক। ৰজঃ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি কৰে অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয়।

(গ) নলিনীবালা দেৱীয়ে ঊষাৰ আগমনৰ বৰ্ণনা কেনেদৰে দিছে?

উত্তৰঃ কবি নলিনীবালা দেৱীয়ে কৈছে যে নিয়ৰৰ মালা গাঁথি সোণালী সাজ পিন্ধি উষা আহে। ঊষাৰ আগমনত পখীটিও নীৰব হৈ পৰে, প্রকৃতি নিৰলা ৰূপত থাকে।

(ঘ) জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে কাৰ জয়ৰ কথা ঘোষণা কৰিছে?

উত্তৰঃ জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে জনতাৰ জয়ৰ কথা ঘোষণা কৰিছে।

(ঙ) কাঠমিস্ত্ৰীয়ে ৰাণ্ডাৰ হেঁচাৰে কি কি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে?

উত্তৰঃ নীৰস আৰু কঠিন বেঁকা-বেঁকি গছৰ কাঠক মনোহৰ ৰূপ দিয়ে।

(চ) অর্থ লিখাঁ: ‘মোক তোল আঘোণ’, ‘তেউ হালধীয়া’।

উত্তৰঃ মােক তােল আঘােণ’ – পকা ধানেৰে পৰিপূৰ্ণ হােৱা আঘােণক বুজাইছে।

তেউ – হালধীয়া – পাতল হালধীয়া।

(ছ) ‘উভতি নহাৰ কবিতা’ ৰোমাণ্টিক নে আধুনিক কবিতা আৰু কবিতাটি কোনখন কাব্য সংকলনৰ অন্তৰ্ভুক্ত?

উত্তৰঃ উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা। 

‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ অন্তৰ্ভুক্ত।

(জ) ‘কৰুণতম’ কবিতাটিৰ জৰিয়তে দেউতাক আৰু মাকৰ স্মৃতি কেনেকৈ জাগ্রত হয় বুলি কবিয়ে উল্লেখ কৰিছে?

উত্তৰঃ আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় আৰু দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI

৭। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ (যিকোনো এফাঁকি)

(ক) “সিদ্ধ মুনিগণে           চিন্তিয়া নপাৱে

             সো হৰি যশোৱা কোলে।

    ত্ৰিজগত পতি                  ভকতি মিলিল

                 মুৰুখ মাধৱে বোলে।।”

উত্তৰঃ প্ৰসংগঃ উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ  অন্তর্গত মহাপুৰুষ মাধৱদেৱ  বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ পৰা তুলি ধৰা হৈছে।

সংগতিঃ কাব্যাংশৰ জৰিয়তে শ্ৰী কৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্রসংগ উল্লেখ কৰিছে।

ব্যাখ্যাঃ ভগৱান হৈছে ভক্তৰ অধীন। একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যি জনা কৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো বিচাৰি নাপায়,তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্র ৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। এই প্রসংগত মাধৱদেৱে নিজকে ‘মূৰুখ’ অৰ্থাৎ মূর্খ বুলি নিজকে হেয় প্রতিপন্ন কৰি শেষত ভনিতা পেলাইছে।

(খ) “ আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা,

মন-হাঁহ খেদি খেদি বন শেষ হ’ল

আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল’লে।”

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আৰু অসুবিধাসমূহৰ প্রসংগ ব্যক্ত কৰিছে।

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন।

আঘোণৰ বাটটো কুৱলীৰ ঢকা। মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল। 

এইদৰে কবিয়ে উল্লেখ কৰিছে যে কুঁৱলীৰ বাবে ধাননী লুকালে, দাৱনী ঢাকিলে, সেউতী হেৰালে আৰু ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল।

(গ) “মই মোক

মোৰ সন্তানৰ কাৰণে

ক’ত থৈ যাম

ক’ত??”

উত্তৰঃ উদ্ধৃত কবিতাকেইশাৰী আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা ‘কৰণতম’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা শাৰীৰ মাজেৰে কবিয়ে নিজৰ স্থিতিক লৈ সন্ধিহান হৈ পৰিছে। তেওঁ উপলব্ধি কৰিছে যে তেওঁ নিজকে নিজৰ সন্তানৰ বাবে ৰাখি থৈ যাব পাৰিবনে নে নাই। আধুনিকতাৰ প্ৰভাৱত কবিৰ মন সন্দেহৰ আৱৰ্তন। আধুনিকতাৰ প্ৰভাৱত সভ্যতা-সংস্কৃতিৰ স্থায়িত্বলৈ সংকট আহি পৰিছে। 

আঞ্চলিক লোক আৰু স্থানীয় সংস্কৃতিলৈ আধুনিকতাৰ প্ৰভাৱে ব্যাপক প্ৰত্যাহ্বান কঢ়িয়াই লৈ আনিছে কবিতাটি সমাপ্তি কৰা প্ৰশ্নোদ্ধৃত উদ্ধৃতিটোৰ মাজেৰে কবি ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে আধুনিকতাৰ প্ৰভাৱত নিজেও যেন নিজস্ব সভ্যতা-সংস্কৃতি হেৰুওৱাৰ উপক্ৰম হৈছে তেনে ভাৱ প্ৰকাশ হৈছে। তথাপি কবিৰ মনত পিতৃ-মাতৃৰ চেতনা বিদ্যামান। বাস্তৱ জাগতিক ক্ষেত্ৰত সেই প্ৰমূল্য নাথাকিবও পাৰে। কাৰণ আধুনিকতাৰ প্ৰভাৱে হাই-ব্রিড আৰু ব্যৱহাৰিতা সহজ্যলভ্য কৰি তুলিছে। 

যাৰ ফলত কবি ড° বৰদলৈয়ে ভৱিষ্যৎ নিজৰ সন্তান বা উত্তৰসুৰী সকলৰ সাংস্কৃতি ক’ত থৈ যাব বুলি দুটা যুগৰ কেন্দ্ৰ বিন্দু থিয় হৈ এক সংবেদনশীল হৃদয়স্পর্শী আৰু মৰ্মান্তিক প্রশ্নৰ অৱতাৰণা কৰি কবিতাটি সমাপ্তি কৰিছে। সন্ধিহান’ আৰু বেদনাবোধে কবিতাটি মুখ্য বিষয়বস্তু তথা উপজৈব্য বুলিব পাৰি।

৮। তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখা।

(ক) ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহক কি বুলি কৈছে লিখাঁ।

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে বৰগীতসমূহক ‘Noble Numbers’, কালিৰাম মেধিয়ে ‘Great Song’ বা ‘Song Celestial’ আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই ‘Holy Songs’ বুলি কৈছে।

(খ) নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? তেখেতৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখাঁ।

উত্তৰঃ নলিনীবালা দেৱীয়ে ‘অলকানন্দা’ কাব্যগ্রন্থৰ বাবে ১৯৬৮ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। 

তেখেতৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম- ‘যুগ দেৱতা’ আৰু ‘জাগৃতি’।

(গ) কুৰি শতিকাৰ চল্লিছৰ দশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম লিখাঁ।

উত্তৰঃ জয়ন্তী, পছোৱা আৰু ৰামধেনু আলোচনী।

(ঘ) কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি কি পৰিৱৰ্তন হ’ব?

উত্তৰঃ কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে নানান পৰিবৰ্তন হʼব। তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব। তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব।

৯। তলৰ যিকোনো দুটা প্রশ্নৰ কেৱল উত্তৰ লিখা।

(ক) মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি?

উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয় , ব্যক্তিনিষ্ঠহে। 

(খ) মূল্যবোধৰ ‘ত্ৰিনীতি’ কি?

উত্তৰঃ মূল্যবোধৰ ‘ত্ৰিনীতি’ হ’ল সত্যম, শিৱম আৰু সুন্দৰম।

(গ) জীৱনৰ নৱজাগৰণৰ সময় বুলি কোনছোৱা কালক কোৱা হয়?

উত্তৰঃ কৈশোৰ কালক।

(ঘ) কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?

উত্তৰঃ মাধ্যমিক শিক্ষা।

১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঃ

(ক) ভাৰতীয় দর্শনে মূল্যবোধক কি চাৰিটা শ্ৰেণীত ভাগ কৰিছে?

উত্তৰঃ ভাৰতীয় দর্শনে মূল্যবোধক ধর্ম, অর্থ, কাম আৰু মােক্ষ এই চাৰিটা শ্ৰেণীত ভাগ কৰিছে।

(খ) নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা?

উত্তৰঃ নৈতিক স্বতন্ত্রতা হ’ল নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতাই নৈতিক স্বতন্ত্রতা।

(গ) মানসিক শক্তি মানে কি?

উত্তৰঃ মানসিক শক্তি মানে হ’ল— বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি। 

(ঘ) কিশোৰ সংস্কৃতি কাক বোলে?

উত্তৰঃ কিশােৰ কালত সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা – সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা মনােভাৱকেই ‘উপ সংস্কৃতি’ বা ‘কিশােৰ সংস্কৃতি’ বােলা হয়।

১১। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবাঁ।

(ক) নন্দনতাত্ত্বিক মূল্যবোধ সম্পর্কে চমুকৈ লিখাঁ।

উত্তৰঃ নন্দনতাত্বিক মূল্যবােধে সৌন্দর্যবােধৰ কথা কয়। মানুহে সকলাে ধৰণৰ ভাল কাম বা ভাল ঘটনা বা ধাৰণাকহে মূল্য দিয়ে। সেই বাবে এইবােৰৰ নান্দনিক মূল্যবােধ বিচাৰি পােৱা যায়। নান্দনিক মূল্যবােধে সত্য, শিৱ আৰু সুন্দৰৰ বিষয়হে বিচাৰ কৰে। গতিকে এনে সুন্দৰ মূল্যবােধেই হৈছে নন্দনতাত্বিক মূল্যবােধ। নন্দনতাত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰি জীৱনটো সুন্দৰ কৰি তােলে। জড় জগত বা জীৱজগত সকলাে বস্তুৰে নন্দনতাত্বিক মূল্যবোেধ হ’ব পাৰে। দার্শনিক প্লেটোৰ মতে সকলাে বস্তুৰে এক ঐশ্বৰিক সৌন্দর্য আছে। আমি মাথোঁ ঐশ্বৰিক ধ্যান-ধাৰণাৰ যােগেদি সেই সৌন্দর্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলাে বস্তুৰে সৌন্দর্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ’ব লাগে। মহর্ষি টলষ্টয়ে সৌন্দর্যবােধৰ বৰ্ণনা কৰি কৈছে যে সৌন্দর্যবােধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্রহণযােগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰো বা এখন ছবি চাওঁ বা এটা মূর্তিৰ সৌন্দর্য উপলব্ধি কৰোঁ, সেই সৌন্দর্যবােধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্রহণযােগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূর্ণভাৱে নিৰ্ভৰ কৰে। তেওঁৰ মতে, সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।

(খ) কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’— ব্যাখ্যা কৰাঁ।

উত্তৰঃ কৈশােৰ কালত কিশােৰ – কিশােৰীৰ মনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখা যায়, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত। এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। নৈতিকতাবােধ, মূল্যবােধ, সামাজিক দায়ৱদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশােৰ – কিশােৰীয়ে নিজৰ চিন্তা বুদ্ধি বা বিচাৰ – বিবেচনাৰে ফঁহিয়াই চাব নােৱাৰে। কৈশােৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে নিজস্বতাৰ সংঘাত। সমাজ গঠনত এনে সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ গাঁথনি সলনি কৰি নতুন। সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যােগােৱাও দেখা যায়। 

১২। চমুকৈ লিখাঁ (যিকোনো দুটা)।

(ক) বিভক্তি কাক বোলে? অসমীয়া ভাষাত বিভক্তি প্রধানতঃ কেই প্ৰকাৰৰ?

উত্তৰঃ শব্দ আৰু ক্ৰিয়াৰ মূলৰ লগত যোগ হোৱা চিনবোৰক ‘বিভক্তি’ বোলা হয়। অর্থাৎ প্ৰাতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবোৰৰ স্থান নির্ণীত হয়, সেই চিনবোৰকে বিভক্তি বুলি কোৱা হয়।

অসমীয়া ভাষাত বিভক্তি প্রধানতঃ দুই প্ৰকাৰৰ-

(ক) শব্দ বা নাম বিভক্তি।

(খ) ক্রিয়া বিভক্তি।

(খ) তদ্ধিত প্রত্যয় কাক বোলে? দুটা উদাহৰণ দিয়া।

উত্তৰঃ বিশেষ অর্থ বুজাবৰ নিমিত্তে বিশেষ্য আদি শব্দৰ পাছত যিবিলাক প্রত্যয় যোগ দি নতুন শব্দ সাধন কৰা হয় সেইবিলাক প্রত্যয়কে তদ্ধিত প্রত্যয় বোলে।

দুটা উদাহৰণ –

অকঃ     খেতি + অক = খেতিয়ক।

অৰীয়াঃ      নাও + অৰীয়া = নাৱৰীয়া। ইত্যাদি।

(গ) জতুৱা ঠাঁচ বুলিলে কি বুজা? জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি?

উত্তৰঃ দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অৰ্থ প্রকাশতেই সীমাবদ্ধ নাথাকি সম্প্রসাৰিত অৰ্থ প্রকাশ কৰে, বরং কেতিয়াবা আভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্রসাৰিত অৰ্থহে মুখ্য হৈ পৰে, ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে।

জতুৱা ঠাঁচৰ দুই ধৰণৰ প্রয়োগ লক্ষ্য কৰা যায়-

(ক) সাধাৰণ অৰ্থ প্রকাশক জতুৱা ঠাঁচ।

(খ) সম্প্রসাৰিত অৰ্থ প্রকাশক জতুৱা ঠাঁচ।

১৩৷ তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখাঁ।

খেতিয়ক, নদীয়াল, মগনিয়াৰ, খাৱন, দীর্ঘতম, বিহুৱা, যুঁজাৰু, বেগাই, কপহুৱা।

উত্তৰঃ খেতিয়ক: খেতি + অক। (তদ্ধিৎ প্রত্যয়)

নদীয়াল: নদী + ইয়াল। (তদ্ধিৎ প্রত্যয়)

মগনিয়াৰ: মগ + অনিয়াৰ। (কৃৎ প্রত্যয়)

খাৱন: খা + অন। (কৃৎ প্রত্যয়)

দীর্ঘতম: দীর্ঘ + তম। (তদ্ধিৎ প্রত্যয়)

বিহুৱা: বিছ + উৱা। (তদ্ধিৎ প্রত্যয়)

যুঁজাৰু: যুঁজ + আৰু। (কৃৎ প্রত্যয়)

বেগাই: বেগ + আই। (তদ্ধিৎ প্রত্যয়)

কপহুৱা: কপাহ + উৱা। (তদ্ধিৎ প্রত্যয়)

১৪৷ তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্যৰচনা কৰাঁঃ (যিকোনো চাৰিটা)

আঁঠুৱা তলৰ মহ, একাদশত বৃহস্পতি, গোৰ মাৰি গংগাত পেলোৱা, চকু চৰহা, নপতা ফুকন, পানীৰ তলৰ কাঁইট, লেক্‌লৌ পৰুৱা, সাত বিহুৰ সৈয়া কণী, হাত দীঘল।

উত্তৰঃ আঁঠুৱা তলৰ মহ- (নিজৰ অধীনৰ, বশ কৰিব পৰা): সি মোৰ বাবে আঁঠুৱা তলৰ মহ, তাৰ বাবে মই চিন্তা কৰা নাই।

একাদশত বৃহস্পতি- (সৌভাগ্য উপস্থিত): মানুহজনৰ একাদশত বৃহস্পতি পোন নহ’লে লটাৰীৰ প্ৰথম পুৰস্কাৰটো তেওঁ নাপালেহেঁতেন।

গোৰ মাৰি গংগাত পেলোৱা- (অপকাৰ কৰিবলৈ খোজোতে উপকাৰ হোৱা): মদাহীজনক শাস্তি দিয়াত অপমানবোধ কৰি বেচেৰাই মদকে এৰি পেলোৱাত ৰাইজে যেন তাক গোৰ মাৰি গংগাতহে পেলালে।

চকু চৰহা- (আনৰ ভাল দেখিব নোৱাৰা): চকু চৰহা স্বভাৱটোৰ কাৰণেই ৰীণাক গাঁওৰ কোনেও দেখিব নোৱাৰে।

নপতা ফুকন- (বিনা ক্ষমতাৰে বৰ শক্তিশালী বুলি ভবা লোক): নপতা ফুকনৰ দৰে মানুহক অৱজ্ঞা কৰাই শ্রেষ্ঠ।

পানীৰ তলৰ কাঁইট- (অভাৱনীয় বিপদ): তাইৰ যে এনে বিপদ হ’ব কোনে জানিছিল, পানীৰ তলৰ কাঁইট চিনিব নোৱাৰি।

লেক্‌লৌ পৰুৱা- (লানি নিছিগাকৈ যোৱা পৰুৱা): লেকলৌ পৰুৱাৰ দৰে মুখ্যমন্ত্ৰীৰ গাড়ীৰ পাছে পাছে অলেখ গাড়ী গৈছে।

সাত বিহুৰ সৈয়া কণী- (অশেষ ঠেকা খাই টেঙৰ হোৱা মানুহ): বিৰাজ গাঁওখনৰ ভিতৰতে সাত বিহুৰ সৈয়া কণী বিধৰ।

হাত দীঘল- (ক্ষমতাশালী): ৰাণাৰ দেউতাক এজন হাত দীঘল লোক৷

১৫। তলত যিকোনো এটি বিষয় বাছি লৈ এখন ৰচনা লিখাঁ।

(ক) ক’ভিদকালীন সময়ৰ ইতিবাচক আৰু নেতিবাচক দিশ (আৰম্ভণি – ক’ভিদ-১৯ মানে কি? – বিশ্ব জুৰি ইয়াৰ ভয়াবহতা — ল’বলগীয়া সাৱধানতা – ইতিবাচক দিশ— নেতিবাচক দিশ—সামৰণি।)

উত্তৰঃ ক’ভিদকালীন সময় ইতিবাচক আৰু নেতিবাচক দিশ-

আৰম্ভণি: সৃষ্টিৰ আৰম্ভণিৰ পৰাই মানুহে সভ্যতাক প্ৰগতিৰ শিখৰলৈ অনাৰ বাবে নিজৰ প্রচেষ্টা আৰু বুদ্ধি ব্যৱহাৰ কৰিছে। ইবিজ্ঞান আৰু প্ৰযুক্তিৰ আধিপত্য ৰক্ষা কৰি পানী, ভূমি আৰু ভিতৰভাগত ইয়াৰ আধিপত্য বজাই ৰাখিছে। যিমান মানুহে তেওঁলোকৰ সীমা বৃদ্ধি কৰিছে, সিমানে তেওঁলোকে নতুন বাধাৰ সন্মুখীন হৈছে। পৃথিৱীখনক নিজৰ মুঠিত পৰিণত কৰিবলৈ মানৱ সভ্যতায়ো সৃষ্টিৰ আমূল ৰূপ চাব লগা হৈছিল। কেতিয়াবা খৰাং, বানপানী, ভূমিকম্প বা মহামাৰীয়ে সুন্দৰ সৃষ্টি সলনি কৰিছে। এটা শেহতীয়া মহামাৰী যিয়ে একবিংশ শতিকাক তিনি বছৰৰ বাবে বন্ধ কৰি দিছে। সেই মহামাৰীৰ নাম হৈছে কৰোণা ভাইৰাছ।

ক’ভিদ-১৯ মানে কি: কৰোণা ভাইৰাছ ৰোগ ২০১৯ হ’ল Severe acute respiratory syndrome corona virus2 বা চমুকৈ SARS – CoV-2 এ কৰা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। এই ভাইৰাছৰ উৎপত্তি সম্পর্কে সমগ্র বিশ্বতে এক বিতর্ক চলি আছে। কিছুমানৰ মতে, ইয়াক কৃত্রিম উপায়েৰে পৰীক্ষাগাৰত তৈয়াৰ কৰা হয়। কিছুমানে আকৌ ভাবে যে এই ভাইৰাছৰ উৎস হৈছে বাদুলি। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, চীনৰ হুনান প্ৰদেশৰ ৰাজধানী উহানৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল। তাৰ পৰাই ভাইৰাছটো এজন ব্যক্তিৰ পৰা আন জনলৈ বিয়পি আজি বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।২০২০ চনৰ ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে যে এই ৰোগবিধৰ আনুষ্ঠানিক নাম ক’ভিদ-১৯। সংস্থাটোৰ মুৰব্বী টেড্ৰোছ এধান’মে ব্যাখ্যা কৰে যে Coৰ অৰ্থ Corona, VIৰ অৰ্থ Virus আৰু Dৰ অৰ্থ Disease।

আনহাতে 19 টোৱে ৰোগবিধ আৰম্ভ হোৱা বছৰটোক (৩১ ডিচেম্বৰ, ২০১৯) বুজাইছে। নামটো এই কাৰণেই দিয়া হৈছে যাতে বেমাৰবিধৰ অৱস্থিতিয়ে কোনো বিশেষ ভৌগোলিক সীমা, জন্তুৰ প্ৰজাতি অথবা মানুহৰ গোটকে কেন্দ্ৰ কৰি গঢ় ল’ব পৰা সামাজিক-সংকীর্ণতা অতিক্ৰম কৰিব পাৰে । যাতে নামবিধক লৈ কোনোধৰণৰ সামাজিক বিভ্ৰান্তিৰ সৃষ্টি নহয়।

বিশ্বজুৰি ইয়াৰ ভয়াবহতা: বিশ্বৰ ওপৰত কৰোণা ভাইৰাছৰ প্ৰত্যক্ষ প্রভাৱ সুদূৰপ্ৰসাৰী। এই ভাইৰাছে চীনৰ পৰা আৰম্ভ কৰি আমেৰিকা, স্পেইন, ইটালি, জার্মান, ফ্রাঞ্চ, ভাৰত ইত্যাদি পৃথিৱীৰ উন্নত দেশসমূহত ধ্বংসলীলা চলাইছে। বিশ্বজুৰি প্ৰায় ২২০ নিয়ত লোকক এই ভাইৰাছে সংক্ৰমিত কৰিছে আৰু প্রায় আধা নিযুত লোকে ইয়াৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছে। ২০২০ চনত আৰম্ভণিৰে পৰা ক’ভিদ-১৯ ৰ ভয়াবহতা লক্ষ্য কৰা যায়। এই ভয়াবহতাই মানুহক সামাজিকভাৱে বিচ্ছিন্ন, অর্থনৈতিকভাৱে অনিশ্চিত, মানসিকভাৱে বিচলিত কৰি তুলিছে। এই ভাইৰাছৰ প্ৰভাৱত প্রত্যেকেই বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে যাব লগা হৈছে। ইয়ে হৈছে এক নতুন ভাইৰাছ যি সমগ্ৰ বিশ্বক বেয়াকৈ প্ৰভাৱিত কৰিছে। 

কিয়নো ইমুখ্যতঃ ব্যক্তিৰ সংস্পৰ্শৰ জৰিয়তে বিয়পে। ইছফুটৰ ভিতৰত ঘনিষ্ঠ সংস্পৰ্শত থকাসকলৰ মাজত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ বিয়পে। বেছিভাগ দেশে তেওঁলোকৰ সামগ্ৰীৰ উৎপাদন হ্ৰাস কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ দৰেই ভাৰত চৰকাৰেও দেশজুৰি লকডাউন ঘোষণা কৰে; যাৰ ফলত ভাৰতত কৰোণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে প্ৰতিৰোধমূলক পদক্ষেপ হিচাপে ভাৰতৰ সমগ্র ১.৩ বিলিয়ন জনসংখ্যাৰ চলাচল সীমিত হৈ যায়। আন্তর্জাতিক, আন্তঃৰাজ্যিক ভ্ৰমণো নিষিদ্ধ কৰা হয়, কিয়নো এখন দেশৰ সৈতে আন এখন দেশ সম্পর্কিত আছিল। বিশ্বৰ ভিন্ন দেশৰ লকডাউনৰ ফলত কাৰখানা আৰু কৰ্মস্থান বন্ধ হোৱাৰ সৈতে, লাখ লাখ প্ৰব্ৰজনকাৰী শ্রমিকে উপাৰ্জনৰ লোকচান, খাদ্যৰ অভাৱ আৰু অনিশ্চয়তাৰ সৈতে মোকাবিলা কৰিব লগা হৈছিল।

ল’বলগীয়া সাৱধানতাঃ জ্বৰ হৈছেক ভিদ-১৯ৰ আটাইতকৈ সাধাৰণ লক্ষণ। বয়সীয়াল, কম- প্ৰতিৰোধী ক্ষমতাৰ বা গুৰুতৰভাৱে আক্রান্ত লোকৰ জ্বৰ নুঠিবও পাৰে। এটা অধ্যয়নত প্ৰকাশ পাইছে যে চিকিৎসালয়লৈ যোৱাৰ সময়ত মাত্র ৪৪% ৰোগীৰহে জ্বৰ আছিল আৰু চিকিৎসালয়ত থকাৰ সময়ছোৱাত ৮৯% লোকৰ জ্বৰৰ লক্ষণে দেখা দিছিল। জ্বৰ নুঠিলে সংক্রমণ নাই বুলি নিশ্চিত হ’ব নোৱাৰি। কাহ, আভোক, ক্লান্তি, শ্বাসকষ্ট, খেকাৰ ওলোৱা, পেশীৰ বিষ আৰু গাঁথিৰ বিষ এই ৰোগৰ আন আন সাধাৰণ লক্ষণ। চীনদেশৰ কিছু ৰোগীৰ প্ৰথম অৱস্থাত কেৱল বুকুৰ বিষ আৰু ঢপঢপনিহে অনুভৱ হৈছিল। ঘ্রাণশক্তি বা স্বাদশক্তিও কমিব পাৰে।

এই ৰোগ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত ঘৰৰ ভিতৰতে থকা, জনসমাগম হোৱা ঠাইসমূহ এৰাই চলা, চাবোন আৰু কুহুমীয়া পানীৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধোৱা, শ্বাস-প্রশ্বাস সম্পৰ্কীয় স্বাস্থ্যসন্মত বিধিসমূহ মানি চলাৰ লগতে অপৰিষ্কাৰ হাতেৰে চকু, নাক বা মুখ স্পৰ্শ নকৰা ইত্যাদিসমূহ অন্তৰ্ভুক্ত। চেষ্টাৰ ফৰ ডিজিজ ক’ন্ট্রল বা চমুকৈ চিডিচিয়ে কাহোঁতে বা হাঁচিয়াওঁতে এখন টিদ্যুৰে মুখ আৰু নাক ঢাকি ল’বলৈ আৰু টিচ্যুৰ অবিহনে কিলাকুটিৰ ভিতৰভাগ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সামাজিক দূৰত্ব মানি চলিলে এই মহামাৰীৰ পৰা বহু পৰিমাণে হাত সাৰিব পৰা যায়। 

মানুহে ইজনে-সিজনৰ পৰা কমেও ৬ ফুট দূৰত্বত থকাটোও সামাজিক দূৰত্ব বজাই ৰখাতেই অন্তৰ্ভুক্ত। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কেৱল কাহোঁতে বা হাঁচিয়াওঁতে অথবা সন্দেহযুক্ত সংক্ৰমিত লোকৰ তত্ত্বাৱধান লোৱাৰ সময়তহে মাস্কৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়। কিছুসংখ্যক দেশে, বিশেষকৈ চীন, হংকং আৰু থাইলেণ্ডত সুস্থ লোকসকলকো মাস্কৰ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া হয়। কিছুসংখ্যক চিকিৎসকৰ মতে যদিও সাধাৰণ মাস্ক আৰু কাপোৰে সংক্ৰয়িত ব্যক্তিৰ পৰা পোনপটীয়াকৈ অহা কাঁহ বা হাঁচিৰ পৰা সুৰক্ষা দিব নোৱাৰে কিন্তু এইসমূহেৰে মুখমণ্ডল আৱৰি ৰখাটো মুখ আৰু নাক স্পৰ্শ কৰাৰ পৰা মানুহক বিৰত ৰাখিবলৈ এক উত্তম উপায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ভিদ-১৯ৰ কোনো নিৰ্দিষ্ট প্রতিষেধক বা এন্টিভাইৰেল ঔষধ নাই। লক্ষগত চিকিৎসা, সামৰ্থক শুশ্রূষা, ৰোগীক আঁতৰাই ৰখা আৰু পৰীক্ষামূলক ঔষধেই বৰ্তমানৰ চিকিৎসা।

ইতিবাচক দিশ: ক’ভিদ-১৯-এ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ ফলশ্ৰুতিত বিশ্বৰ বিভিন্ন দেশত ঘোষিত হৈছিল লকডাউন। এই লকডাউনে বিভিন্ন নেতিবাচক দিশ কঢ়িয়াই আনিলেও ই বহুতো ইতিবাচক দিশৰো বতৰা কঢ়িয়াইছে। জাকজমকতাৰ পৃথিৱীত জীয়াই থাকি নিজকে পাহৰি যোৱা একাংশ লোকে লকডাউনত নিজকে যেন দাপোনত চাবলৈ শিকিছিল। কৰ্মৰ সন্ধানত গাঁও বা নিজৰ পৰিয়ালক এৰি চহৰলৈ ওলাই যোৱা এচাম যুৱক-যুৱতীয়ে নিজ গৃহভূমিলৈ উভতি আহি আপোন মানুহখিনিৰ লগত সময় অতিবাহিত কৰিছিল। কোনো কোনোৱে আকৌ গাঁৱৰ পথাৰত নামি খেতি কৰাত ব্যস্ত হৈ পৰিছিল। প্রায় মহিলাই হাতৰ পৰা ৰিমোৰ্ট এৰি কাপোৰত ফুল গুঠিবলৈ আৰম্ভ কৰিছে। পাকঘৰত সোমাই নোপোৱা মৰম-আলসুৱা ছোৱালীবোৰে মাকক ৰন্ধা-বঢ়াত সহায় কৰাৰ লগতে নিজেও ৰান্ধিবলৈ শিকিছিল। 

শিক্ষকসকলে এণ্ড্ৰইড মোবাইলেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল, যাতে বিদ্যালয়লৈ নগ’লেও ঘৰতে সুৰক্ষিত হৈ থাকি সিহঁতে জ্ঞান লাভ কৰিব পাৰে। লকডাউন অবিহনে এনেবোৰ দৃশ্য কল্পনাৰো অতীত আছিল। লকডাউনৰ ফলত সৃষ্টি হৈছিল ন ন প্ৰতিভাৰ। সময়ৰ তাগিদাত লিখিবলৈ পাহৰি যোৱা বহু লোকে ক’ভিদৰ সময়ছোৱাত হাতত নতুনকৈ কলম তুলি লৈছিল। নিজ পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ পঢ়াৰ ইচ্ছা থাকিও সময় নোপোৱাসকলে হাতত তুলি লৈছিল একোখনকৈ নতুন নতুন পুথি। ক’ভিদ চেষ্টাৰৰ ভিতৰচ’ৰাত বহিও বহু ৰোগীয়ে নানান গল্প, কবিতা অথবা ক ভিদকালীন অৱস্থাৰ অনুভৱবোৰ লিখিছিল। এনেকৈ সৃষ্টি হৈছিল বহুজন নন কবি, গল্পকাৰ চিত্ৰশিল্পী, ঔপন্যাসিক অথবা পাঠকৰ। লগতে প্ৰকৃতিয়েও সমগ্র বিশ্বতে প্ৰদূষণ হ্ৰাস কৰি বায়ু বিশুদ্ধ কৰি তুলিছিল।

নেতিবাচক দিশ: ক’ভিদে সকলো লোকৰে সাধাৰণ জন-জীৱন স্তব্ধ কৰি পেলাইছিল। লাখ লাখ লোকে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল। এই ৰোগত আক্ৰাস্ত ৰোগীৰ সংখ্যা ইমানেই বেছি আছিল যে বিভিন্ন দেশৰ হাস্পাতালবিলাকত ৰোগীসকলৰ বাবে বিচনাৰ অভাৱ হোৱাও দেখা গৈছিল। চিকিৎসাৰ অভাৱত অনেকেই মৃত্যুবৰণ কৰিছিল। এই মহামাৰীৰ সময়ত শ্ৰমিকসকলেও নানান অসুবিধাৰ সন্মুখীন হৈছিল। লকডাউনৰ ফলত কাৰখানা, কৰ্মস্থান আদি বন্ধ হোৱাৰ লগে লগে ডাঙৰ-সৰু বিভিন্ন প্ৰকাৰৰ উদ্যোগবোৰে অস্তিত্বৰ সংকটৰ সম্মুখীন হৈছিল। এইবোৰৰ সৈতে জড়িত অসংখ্য মানুহে জীৱিকা হেৰুৱাইছিল। ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছিল। গোলকীয় অর্থনীতিও সংকটত আছিল। মাস্ক বা চেনিটাইজাৰৰ দৰে প্ৰতিৰোধমূলক সামগ্ৰীত দুৰ্নীতি আৰম্ভ হৈছিল পি. পি. ই. কীট পৰিধান কৰি সকলো চিকিৎসকেই মানৱ সেৱা প্ৰদান কৰিছিল যদিও এই ৰোগ চিকিৎসকৰ দেহলৈ বিয়পি বহু চিকিৎসকেও মৃত্যুক সাৱটি লৈছিল। অনেকে নিজৰ আত্মীয়ৰ মৃতদেহটো নোচোৱাকৈয়ে আপোনজনক পৃথিৱীৰ পৰা বিদায় দিব লগা হৈছিল। আনকি কোনো কোনো ঠাইত মৃতদেহ জ্বলাবলৈও চিতাৰ অভাৱ ঘটা দেখা গৈছিল। এই মহামাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈও অনিশ্চয়তা মাতি আনিছিল। স্কুল-কলেজ সকলো বন্ধ হৈ পৰাত শৈক্ষিক দিশটোৰো যথেষ্ট ক্ষতি হৈছিল।

সামৰণি: সকলো চৰকাৰ, স্বাস্থ্য সংগঠন আৰু অন্যান্য কৰ্তৃপক্ষইক’ভিদ-১৯ৰ দ্বাৰা প্ৰভাৱিত ঘটনাবোৰ চিনাক্ত কৰাৰ ওপৰত নিৰন্তৰ গুৰুত্ব দি আছে। স্বাস্থ্যসেৱা পেছাদাৰীসকলে আজিকালি স্বাস্থ্যসেৱাৰ মানদণ্ড বজাই ৰখাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই মহামাৰীয়ে মানুহৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি দিছে। কিন্তু পৃথিৱীৰ সকলো মানৱ জাতিয়ে ক’ভিদ-১৯৯ মহামাৰীৰ বিৰূদ্ধে এক সংগ্ৰামত একত্ৰিত হৈ থিয় দিছে। যাৰ ফলত এই মহামাৰীৰ কবলৰ পৰা প্ৰায় লোকেই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।

(খ) অসমৰ ক্ষুদ্র উদ্যোগঃ সম্প্ৰসাৰণ আৰু বাণিজ্যিকীকৰণ (আৰম্ভণি – ক্ষুদ্র উদ্যোগ আৰু ইয়াৰ শ্ৰেণী বিভাগ – ক্ষুদ্র উদ্যোগৰ সম্প্ৰসাৰণ –  বাণিজ্যিকীকৰণ – অসমত ক্ষুদ্র উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা — আর্থিক সবলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্র উদ্যোগৰ ভূমিকা — সামৰণি।)

উত্তৰঃ আৰম্ভণিঃ দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ এক বিশাল অৱদান যোগাই আহিছে ভাৰতৰ ক্ষুদ্র উদ্যোগ খণ্ডই। অসমৰ ক্ষুদ্ৰ উদ্যোগ চহকী আৰু ঐতিহ্যৰে ভৰপূৰ। এই উদ্যোগ খণ্ডই নতুন সহস্ৰব্দত আৰ্থিক বৃদ্ধিৰ অন্যতম চালিকা শক্তিৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

ক্ষুদ্র উদ্যোগ আৰু ইয়াৰ শ্ৰেণী বিভাগ: সময়ৰ লগে লগে ক্ষুদ্র উদ্যোগৰ সংজ্ঞা সলনি হৈছে। আগেয়ে ক্ষুদ্র উদ্যোগ প্রতিষ্ঠানবোৰক দুটা শ্ৰেণীত বিভক্ত কৰা হৈছিল। পঞ্চাশতকৈ কম কৰ্মচাৰীক নিয়োগ কৰা প্ৰতিষ্ঠান আৰু পঞ্চাশতকৈ অধিক আৰু এশতকৈ কম কৰ্মচাৰী নিয়োগ কৰা প্ৰতিষ্ঠান৷ অৱশ্যে বৃহৎ আৰু মজলীয়া উদ্যোগৰ পৰা ক্ষুদ্র উদ্যোগক পৃথক কৰা প্রাথমিক মাপকাঠি হিচাপে ধৰা হয়, কাৰখানা, যন্ত্রপাতি আৰু ভৱনত বিনিয়োগ কৰা মূলধনী সম্পদক। এটা উদ্যোগ গোট ক্ষুদ্র উদ্যোগ হিচাপে বিবেচিত হ’বলৈ হ’লৈ ভাৰত চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া পৰিমাণৰ মূলধন ইয়াত বিনিয়োজিত হ’ব লাগিব।

১৯৯৯ চনৰ ২১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱা শেহতীয়া সংজ্ঞা মতে ক্ষুদ্র উদ্যোগে নিম্নোক্ত চৰ্তবোৰ পূৰণ কৰিব লাগেঃ

মালিকীস্বত্বত বা ভাৰাত বা চুক্তিত লোৱা কাৰখানা আৰু যন্ত্রপাতিৰ দৰে স্থায়ী সম্পদৰ বিনিয়োগৰ পৰিমাণ দহ মিলিয়ন অর্থাৎ এক ‘কোটি টকাতকৈ অধিক হ’ব নালাগিব। অক্টোবৰ ২০০৬ ৰ পৰা ক্ষুদ্র উদ্যোগবোৰত বিনিয়োগৰ পৰিমাণ ২৫ লাখৰ পৰা ৫ কৌটি টকালৈকে বৃদ্ধি কৰা হৈছে।

ক্ষুদ্র উদ্যোগ হিচাপে তেনে উদ্যোগহে বিবেচিত হয় যি অন্য কোনো উদ্যোগ গোটৰ আনুসংগিক অথবা মালিকানাধীন বা নিয়ন্ত্রিত গোট নহয়। খাদী আৰু হস্ততাত, ৰেচম, হস্তশিল্প, গ্রামোদ্যোগ কাহ-পিতল আৰু আঁহ শিল্প ভাৰতৰ কেইটামান উল্লেখযোগ্য পৰম্পৰাগত ক্ষুদ্র উদ্যোগ।

ক্ষুদ্র উদ্যোগৰ সম্প্ৰসাৰণ: ক্ষুদ্ৰ পৰিসৰৰ উদ্যোগসমূহ অসমৰ উদ্যোগীকৰণৰ প্ৰক্ৰিয়াত, কৰ্ম-সংস্থাপন সৃষ্টি আৰু আৰ্থ-সামাজিক উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আছে। বর্তমান সময়ছোৱাত, ক্ষুদ্ৰ পৰিসৰৰ উদ্যোগবোৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আইন, 2006 (Micro Small and Medium Enterprises Act, 1960) অধীনত অতি ক্ষুদ্র ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগিক প্রতিষ্ঠান (MSME) হিচাপে বিভাজন কৰা হৈছে। উদ্যোগিক প্ৰতিষ্ঠানসমূহৰ এই বিভাজন প্রস্তুতকাৰক উদ্যোগিক খণ্ডৰ ক্ষেত্ৰত প্ৰকল্প আৰু যন্ত্রপাতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। এই MSME খণ্ডৰ দ্ৰুত বিকাশ অৰ্জনৰ বাবে অসম চৰকাৰে ইয়াৰ পঞ্জীকৰণৰ ক্ষেত্ৰত থকা নিয়মাৱলীসমূহৰ সৰলীকৰণৰ বিষয়ে আৰু লগতে এই উদ্যোগসমূহৰ বাবে উদগণিমূলক ঘোষণা অসমৰ উদ্যোগিক নীতি, 2008 ত উল্লেখ কৰিছিল।

বাণিজ্যিকীকৰণ: MSME উদ্যোগসমূহৰ বিকাশৰ বাবে লোৱা ব্যৱস্থাৱলীৰ ফলত অসমত MSME উদ্যোগিক গোটৰ সংখ্যা আছিল ২০০১-০২ চনৰ ২,৫২৮ খন, ২০০৬-০৭ চনত ২,১৭২ খন আৰু ২০০৯-১০ চনত ১,৬৭৮ খন। এই MSME উদ্যোগিক গোটসমূহত সৃষ্টি হোৱা নিয়োগৰ সংখ্যা ২০০১-০২ চনত আছিল ১১,৫৩৮ জন, ২০০৬-০৭ চনত আছিল ১১,৮৫২ জন আৰু ২০০৬-০৭ আছিল ১১,৮৫২ জন আৰু শেষত ২০০৯-১০ চনত আছিল ১২,৭৮৭ জন। প্ৰতিটো MSME গোটত গড় নিয়োগৰ সংখ্যা ২০০১-০২ চনৰ ৪.৬ জনৰ পৰা বৃদ্ধি পাই ২০০৭-০৮ চনত ৬.২ জন আৰু ২০১০-১১ চনত ৭.৪ জন হৈছিল। এই MSME উদ্যোগিক গোটসমূহত বিনিয়োগৰ পৰিমাণ ২০০১-০২ চনৰ ৪,৮৮৮.৯৫ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০০৫-০৬ চনত ২৩,৭৭৬.৮ লাখ টকা আৰু ২০১০-১১ চনত ২৫,৫৫৭ লাখ টকা হৈছিল। প্ৰতিটো উদ্যোগিক গোটৰ গড় বিনিয়োগৰ পৰিমাণ ২০০১-০২ চনৰ ১.৯৩ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০০৫-০৬ চনত ১১.৪২ লাখ টকা আৰু ২০১০-১১ চনত ২১.০৫ লাখ টকা হৈছিল। এই MSME গোটসমূহত উৎপাদিত সামগ্ৰীৰ মূল্যৰ পৰিমাণ ২০০১-০২ চনৰ ১৬,০১৩ লাখ টকাৰ পৰা বৃদ্ধিপাই ২০১০-১১ চনত ৯১,৬৭৯ লাখ টকা হৈছিল। প্ৰতিটো MSME গোটত MSME খণ্ডবোৰৰ গড় উৎপাদিত বস্তুৰ পৰিমাণ ২০০১ – ০২ চনৰ ৬.৩৩ লাখ টকাৰ পৰা বৃদ্ধি পাই ২০০৫-০৬ চনত ১১.০২ লাখ টকা আৰু ২০১১- ১২ চনত ৭৫.৫২ লাখ টকা হৈছিল।

অসমত ক্ষুদ্র উদ্যোগৰ ক্ষেত্ৰত দেখা পোৱা সমস্যাঃ ক্ষুদ্র উদ্যোগৰ সৈতে জড়িত লোকসকলৰ অজ্ঞতা, নিৰক্ষৰতা আৰু সংৰক্ষণশীলতা এনে উদ্যোগৰ বিকাশৰ প্ৰধান সমস্যা। এনে মনোভাৱৰ বাবে উদ্যোগসমূহে আওপুৰণি উৎপাদন কৌশল ব্যৱহাৰ কৰি নতুনত্ব প্ৰৱৰ্তন কৰিব নোৱাৰে। মূলধনৰ অভাৱ অসমৰ এই উদ্যোগসমূহৰ আন এটা প্রধান সমস্যা। গ্রামাঞ্চলৰ হস্তশিল্পীসকল আর্থিক দিশত দুৰ্বল। তাৰোপৰি তেওঁলোক স্থানীয় ঋণদাতাসকলৰ অন্যায়ৰ বলি হ’ব লগা হয় ৷ 

ঋণদাতাসকলে উচ্চ হাৰত সুদ ধার্য কৰাৰ ফলত উদ্যোগীসকলৰ উৎপাদন ব্যয় বৃদ্ধি পায়। এনে ধৰণৰ ব্যয় বহন কৰিবলৈ অক্ষম হোৱাৰ বাবে সামগ্ৰীৰ মানদণ্ড উন্নত কৰিব নোৱাৰে। এই উদ্যোগবোৰৰ অন্য এক সমস্যা হৈছে কেঁচা মালৰ অভাৱ। উদাহৰণস্বৰূপে সৰ্থেবাৰীৰ কাঁহ শিল্প। ইয়াৰ বাবে প্ৰয়োজন হোৱা পুৰণি ভগা কাহৰ যোগান নোহোৱাৰ বাবে এই উদ্যোগ বর্তমান মৃত্যুমুখী হ’ব ধৰিছে। এই উদ্যোগবোৰৰ অন্যতম সমস্যা হৈছে জড়িত উৎপাদনকাৰী সকলৰ মাজত প্ৰশিক্ষণৰ অভাৱ। ফলত পুৰণি উৎপাদন কৌশল প্রয়োগ কৰি তেওঁলোকে শুণগত দিশেৰে উন্নত সামগ্ৰী বজাৰলৈ উলিয়াই দিব নোৱাৰে। বজাৰত টিকি থাকিব নোৱাৰাটোও এই উদ্যোগৰ প্ৰধান সমস্যা। বাণিজ্যিক ভিত্তিত উৎপাদন কৰি বজাৰ দখল কৰিবলৈ যিবোৰ কৌশলৰ প্ৰয়োজন সেইবোৰ আয়ত্ত কৰিব পৰা নাই এই ক্ষুদ্র উদ্যোগবোৰে। বৃহৎ উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ সৈতে এই উদ্যোগৰ সামগ্ৰীবোৰে ফেৰ মাৰিব নোৱাৰে। প্ৰধানকৈ নিম্নমান, উচ্চ ব্যয় আৰু পুৰণি আৰ্হি বিশিষ্ট হোৱাৰ বাবে এই উদ্যোগৰ সামগ্ৰীসমূহে বজাৰত প্ৰভাৱ বিস্তাৰ লাভ কৰিব নোৱাৰে।

আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত ক্ষুদ্র উদ্যোগৰ ভূমিকা: ক্ষুদ্র উদ্যোগসমূহে অসমৰ দৰে উদ্যোগিক ভাৱে পিছপৰা ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ ভূমিকা পালন কৰিব পাৰে। অসম প্রাকৃতিক সম্পদত চহকী এখন কৃষি প্রধান ৰাজ্য। অসমত প্ৰাকৃতিক সম্পদবোৰৰ উপযুক্ত ব্যৱহাৰ কৰি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ প্ৰচুৰ সুবিধা আৰু সম্ভাৱনা আছে। ফলত, আয় বৃদ্ধি আৰু উপাৰ্জন বৃদ্ধি কৰাৰ সুযোগ ওলাব। 

অসমৰ প্ৰধান ক্ষুদ্র উদ্যোগ কিছুমান হৈছে খাদ্য প্রস্তুতকৰণৰ উদ্যোগ, ছপাশাল, কাঠফলা কল, নিৰ্মাণ সামগ্ৰীৰ যোগান, সাজ-পোছা তৈয়াৰ কৰা উদ্যোগ ইত্যাদি। এইবোৰে ৰাজ্যখনৰ বৃহৎ সংখ্যক লোকলৈ সংস্থাপনৰ সুযোগ আগবঢ়াইছে।

অসমৰ প্ৰধান গ্রামীণ আৰু কুটীৰ উদ্যোগবোৰ হৈছে হস্ততাঁত, মৰাপাটৰ ৰচীৰে নিৰ্মিত সা-সামগ্ৰী, কাঁহ-পিতলৰ উদ্যোগ, বাঁহ-বেতৰ উদ্যোগ, থলুৱা সম্পদেৰে নিৰ্মিত আলংকাৰিক সা-সামগ্রী ইত্যাদি। এনে উদ্যোগৰ বাবে সামান্য মূলধন আৰু কম পৰিমাণৰ সা-সঁজুলি প্রয়োজন হয়। উৎপাদনমূলক কাৰ্যৰ যোগেদি গ্রামীণ পৰিয়ালসমূহে আয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনে বহুতো উদ্যোগে বর্তমান আত্মসহায়ক গোটৰ জৰিয়তে সংগঠিত ৰূপ পাইছে। বহল ভিত্তিত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বহুতো দৰিদ্ৰ পৰিয়ালে আর্থিক সকাহ লাভ কৰিছে। এনে উদ্যোগীসকলক উৎসাহ প্রদান কৰিবলৈ চৰকাৰে বিভিন্ন উদগনিমূলক আঁচনি গ্ৰহণ কৰিছে। অসমৰ মুগা আৰু পাট শিল্পই বিশ্বৰ বজাৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গ্রামীণ ক্ষুদ্ৰ উদ্যোগবোৰে এইদৰে আয় বৃদ্ধি কৰা, নিয়োগৰ সুবিধা সৃষ্টি কৰা, জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুতৰ ভূমিকা পালন কৰিছে।

সামৰণি: অসমৰ বহুতো ক্ষুদ্র উদ্যোগ যান্ত্ৰিক যুগৰ আগমনত প্ৰায় আমাৰ মাজৰ পৰা বিদায় ল’লে। কিন্তু ক্ষুদ্র উদ্যোগসমূহ আমাৰ ৰাজ্য আৰু অসমৰ মানুহৰ পৰিচয়। সেয়ে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ ঘৰতে সামগ্ৰী তৈয়াৰ কৰি নিজকে টনকিয়াল কৰাব চেষ্টা কৰিব লাগে। তেতিয়াহে অসমত ঔদ্যোগীকৰণৰ গতি ধীৰভাৱে হ’লৈও উৰ্দ্ধমুখী হ’ব।

(গ) জ্ঞানপীঠ অথবা সাহিত্য অকাদেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক (আৰম্ভণি – সাহিত্যিকগৰাকীৰ পৰিচয়— সাহিত্যকৃতি— সাহিত্যিকগৰাকীৰ বঁটাপ্রাপ্ত গ্রন্থ/ সাহিত্যৰাজিৰ সামগ্রিক বিশ্লেষণ—সামৰণি।)

উত্তৰঃ আৰম্ভণিঃ অসমীয়া ভাষা সাহিত্যৰ উত্তৰণ আৰু বিকাশত যিকেইগৰাকী লেখিকাই সমৃদ্ধ বৰঙণি যোগাই থৈ গৈছে সেইসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামীৰ নাম অন্যতম। অসমীয়া গল্প-উপন্যাস আৰু বিশেষকৈ, ৰামায়ণী সাহিত্যৰ চৰ্চাতে আত্মোৎসৰ্গা কৰা মামণি ৰয়ছম গোস্বামীৰ নাম এই ক্ষেত্ৰত স্বতন্ত্রভাৱেই উল্লেখ্য।

সাহিতিক গৰাকীৰ পৰিচয়: ১৯৪২ চনৰ ১৪ নৱেম্বৰত জগলীয়া নৈৰ পাৰৰ আমৰংগা বৰিহাট গাঁৱত মামণি ৰয়ছম গোস্বামীৰ এক সংস্কৃতিবান অভিজাত পৰিয়ালত জন্ম। দেউতাকৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱী গোস্বামী। তেওঁলোকৰ পৰিয়ালত আছিল বৈষ্ণৱী ধৰ্মীয় পৰম্পৰা। সেই সূত্ৰে ঘৰতে মামণি গোস্বামীয়ে লাভ কৰিছিল বৈষ্ণৱী পৰিৱেশ আৰু সংস্কাৰ। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী ৷ গুৱাহাটী আৰু ছিলঙত প্ৰাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী আৰু ‘মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন’ শীর্ষক বিষয়ত গৱেষণা কৰি পি.এইছ.ডি. ডিগ্রী লাভ কৰিছিল৷ 

১৯৬৫ চনত মামণি ৰয়ছম গোস্বামীয়ে বিবাহপাশত আবদ্ধ হৈছিল মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে। 

পিছে নিয়তিৰ কৰুণ পৰিহাসত ১৯৬৭ চনত এক দুর্ঘটনাত অকাল মৃত্যু ঘটিছিল স্বামীৰ৷ বিবাহৰ মাথোঁ দুটা বছৰ পিছতে পৰম্পৰা অনুসৰি তেওঁ সাবটি ল’বলগীয়া হৈছিল অকাল বৈধব্যক আৰু সেই তেতিয়াই মামণি ৰয়ছম গোস্বামীয়ে আৰম্ভ কৰিছিল ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰুদ্ধে তেওঁৰ একত্ৰ স্থিতি। বগা সাজৰ পৰিৱৰ্তে তেওঁৰ আজীৱন পছন্দৰ ৰং ৰঙা ৰঙৰ শাড়ী পৰিধান কৰি সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱা মামণি গোস্বামীয়ে কপালত আনকি চিৰনিদ্ৰাত শায়িত হোৱাৰ মুহূৰ্তলৈকে অংকিত কৰি ৰাখিছিল দগমগীয়া ৰঙা ৰঙৰ ফোঁটটো। আক্ষৰিক অৰ্থতেই যেন তেওঁ জীৱন কালতেই নিজকে পৰিচয় কৰি দিছিল এগৰাকী তেজস্বিনী নাৰীৰূপে।

সাহিত্যকৃতিঃ ১৯৬৮ চনত মামণি ৰয়ছম গোস্বামীৰ বয়স ত্ৰিশ বছৰ নৌহওঁতেই সাপ্তাহিক ‘নীলাচল’ৰ পাতত নিজৰ জীৱনৰ মৰ্মস্পৰ্শী কাহিনীৰে আত্মজীৱনী লিখিবলৈ আৰম্ভ কৰিছিল। উপন্যাসৰ আৰ্হিত ৰচিত আৰু যন্ত্ৰণাময় জীৱনৰ কৰুণ সুৰেৰে বন্ধা মামণি ৰয়ছম গোস্বামীৰ ‘আধালেখা দস্তাবেজ’ নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনে তেখেতক সাধাৰণ পঢ়ুৱৈৰ আটাইতকৈ ওচৰ চপাইনিছিল। ত্ৰিছৰ ডেওনা পাৰ নৌহওঁতেই লিখা সম্ভৱতঃ অসমৰ প্ৰথমখন আত্মজীৱনীৰ বাবেই সাপ্তাহিক নীলাচলৰ পাতৰ পৰা উঠি আহি মামণি ৰয়ছমে সংবেদনশীল পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰি মনগহনত সোমাই পৰিছিল।

বিগত প্ৰায় চাৰি দশক জুৰি অসমৰ সাহিত্য-জগতত এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিলেও মামণি ৰয়ছম গোস্বামীৰ কিন্তু সৰুতে লেখিকা হোৱাৰ ইচ্ছা নাছিল, চিত্ৰকৰ হ’ব বুলি ভাবিছিল আনকি ল’ৰালি কালত শ্বিলঙত পাইন মাউণ্ট স্কুলত পঢ়াৰ সময়ত মিছেছ ক’লমেন নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিয়মিতভাৱে ছবি আঁকিবলৈও শিকাইছিল। সৰুতে চিত্ৰকৰ হ’বলৈ মন মেলা চিকুণ মুখৰ, আনন্দ-উছাহে সততে ৰঙিয়াল কৰি ৰখা আৰু সকলো ল’ৰা-ছোৱালীৰ সৈতে স্বচ্ছন্দে মিলি যোৱা এই ছোৱালীজনীয়ে এটা সময়ত বুকুত যন্ত্ৰণাৰ বোজা লৈ এগৰাকী সংবেদী কথাশিল্পীৰূপে মানৱীয় বিষাদ আৰু দুৰ্দশাৰ কাহিনীৰে পাঠকৰ হৃদয় স্পৰ্শ কৰি হৈ পৰিছিল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য পুৰস্কাৰ জ্ঞানপীঠ বিজেতা বহুচৰ্চিত আৰু বহুবন্দিত এগৰাকী অতি জনপ্রিয় অসমীয়া সাহিত্যিক।

বিয়াৰ পাছত স্বামীৰ লগত চন্দ্ৰভাগা নদীৰ ওপৰত দলং বন্ধা শ্ৰমিকসকলৰ নিজ চকুৰে দেখা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেখেতে ৰচনা কৰিছিল জীৱনৰ প্ৰথমখন উপন্যাস ‘চেনাবৰ স্ৰোত’। সেইদৰে ৰায়বেৰেলী জিলাৰ সাই নদীৰ পাৰত ওচৰৰ পৰা নিৰীক্ষণ কৰা শ্রমিক ধর্মঘটে প্ৰাণ পাই উঠিছিল তেখেতৰ লেখাত। ১৯৮২ চনত সাহিত্য অকাডেমী বঁটাপ্রাপ্ত সুদীর্ঘ উপন্যাসত ‘মামৰে ধৰা তৰোৱাল’ আৰু ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসত দাঙি ধৰিছিল সামন্তবাদীয় শাসনৰ পৰিধি, অন্ধবিশ্বাস, কুসংস্কাৰ আদি। এইবোৰ দূৰ কৰাৰ বাবে যেন তেখেত ৰামায়ণী সাহিত্যৰ মাজত সোমাই পৰিছিল আৰু সাহিত্য সাধনাত ব্ৰতী হৈছিল ৷

তেখেতৰ লেখাসমূহে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে যে প্রেমবিহীন জীৱনৰ কোনো মূল্য নাই, প্রেমেই মানুহক জীয়াই থকাৰ প্ৰেৰণা যোগায়, সাহস দিয়ে জীৱনৰ মুখামুখি হ’বলৈ। তেখেতৰ প্ৰকাশিত অন্যান্য পুথি ‘হৃদয় এক নদীৰ নাম’, ‘নীলকণ্ঠী ব্ৰজ’, ‘অহিৰণ’, ‘কইনা’, ‘চিনাকি মৰম’, ‘মহীয়সী কমলা’, ‘সংস্কাৰ’, ‘উদয়ভানুৰ চৰিত্ৰ’ ইত্যাদি, ‘ছিন্নমস্তাৰ মানুহটো’, ‘ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি’, ‘তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা’ আদি। তদুপৰি আছে কিছু অনুদিত গ্ৰন্থ যেনে – ‘প্রেমানন্দৰ চুটি গল্প’, ‘আধাঘণ্টা সময়’, ‘জাতক কথা’, ‘কলম’ আদি৷ এইবোৰৰ উপৰি আছে অলেখ ৰচনা, দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠানত পাঠ কৰা গৱেষণা পত্ৰ আদি।

সাহিত্যিকগৰাকীৰ বঁটাপ্রাপ্ত গ্রন্থ: বড়ো সাহিত্য সভাই মামণি ৰয়ছম গোস্বামীৰ পাঁচখন গ্রন্থ বড়ো ভাষালৈ অনুবাদ কৰিছে। তেওঁক জীৱনজোৰা সাধনাৰ স্বীকৃতিৰ বাবে আগবঢ়োৱা হয় ভাৰতীয় জ্ঞানপীঠ বঁটা। উল্লেখযোগ্য যে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথম অসমীয়া মহিলা৷ সেইদৰে তেওঁ জ্ঞানপীঠ লাভ কৰা সৰ্বকনিষ্ঠ মহিলা। ২০০৮ চনত তেওঁ লাভ কৰে প্রিন্সিপাল প্রিন্স ক্লজ বঁটা। এই বঁটাৰ বাবদ লাভ কৰা ৩৫ লাখ টকাৰে আমৰংগা বৰিহাটত ২০১০ চনত গঢ়ি তুলিছিল এখন চিকিৎসালয়।

সামৰণি: ২০১১ চনৰ ২৯ নৱেম্বৰত এগৰাকী মহীয়সী নাৰীৰ মাত্ৰ ৬৯ বছৰত মৃত্যু হয়। মুহূৰ্ততে শূন্যতাৰ সৃষ্টি হ’ল আধুনিক অসমীয়া সাহিত্য জগতখনত। আক্ষবিক অৰ্থতেই যেন বাগৰি পৰিল আধুনিক অসমীয়া সাহিত্যৰ এজোপা বটবৃক্ষ। ৰাজ্য চৰকাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে তেওঁৰ শেষকৃত্য সমাপন কৰে। অসমীয়া ভাষাক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে। মামণি ৰয়ছম হ’ল সামাজিক দায়বদ্ধতাৰ প্রতীক। তেওঁৰ কাৰ্যই তেখেতৰ মহানুভৱতাক প্ৰমাণ কৰে। মামণি ৰয়ছম গোস্বামীৰ লেখাৰ ভাষা অতি অনুপম। জীৱনকালত ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰি এক সুকীয়া পন্থাৰে জীৱন কটোৱা মামণি ৰয়ছম গোস্বামীৰ ওৰেটো জীৱন যদিওৱা অতিকৈ যন্ত্রণাকাতৰ আছিল, তথাপি এনে এক পৰিৱেশতো জ্ঞানপীঠ বিজয়িনী গৰাকীয়ে শিকিছিল জীয়াই থকাৰ কৌশল। নিজৰ আদৰ্শক সর্বদা বৰ্তাই ৰখা তেজস্বিনী নাৰী গৰাকীয়ে তেওঁৰ সৃষ্টি সাহিত্যতো সর্বদা কলমেৰে নিগৰাইছিল তেজস্বী শব্দৰ। অসমীয়া সাহিত্যৰ পৰা আৰম্ভ কৰি ৰামায়ণী সাহিত্যৰ গৱেষণালৈকে সাহিত্য ক্ষেত্ৰখনত ওৰেটো জীৱন নিজকে আত্মনিয়োগ কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে৷

(ঘ) সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ (সামাজিক মাধ্যম কি?—সামাজিক মাধ্যমৰ বিভিন্ন প্ৰকাৰ—অপকাৰিতা আৰু উপকাৰিতা —মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া— সামৰণি।)

উত্তৰঃ আৰম্ভণিঃ বর্তমান সর্বতে প্রচলিত এটি শব্দ হ’ল ছচিয়েল মিডিয়া। সৰৰ পৰা বৃদ্ধলৈ বৰ্তমান সকলোৰে বাবে ছচিয়েল মিডিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কৰ্মগত দিশৰ লগতে বিভিন্ন দিশৰ বা-বাতৰি, আদি অইত কম সময়ৰ ভিতৰত মানুহৰ মাজত প্ৰসাৰ কৰে এই ছচিয়েল মিডিয়াই।

সামাজিক মাধ্যম বুলি ক’লে সাধাৰণতে বাতৰি কাকত, আলোচনী, ৰেডিঅ’, দূৰদৰ্শন চিনেমা বা কথাছবি, ডাকতাৰ ব্যৱস্থা, কম্পেক্ত ডিচ, কেমেৰা টেলিফোন, ইণ্টাৰনেট ইত্যাদিৰ কথাই বুজো। দৰাচলতে জনসংযোগ মাধ্যম বা ছচিয়েল মিডিয়াসমূহ হ’ল যোগাযোগ ব্যৱস্থাৰে এটা অংশ।

প্ৰচাৰ আৰু প্ৰসাৰ: ছচিয়েল মিডিয়া হ’ল প্ৰচাৰ আৰু প্ৰসাৰৰ এক উপযুক্ত মাধ্যম। ছচিয়েল মিডিয়াই হ’ল এক প্ৰকাৰৰ এনে এক মধ্যম যাৰ যোগেদি দেশ-বিদেশৰ, নানানবোৰ ঘটনা অতি কম সময়ৰ ভিতৰতে মানুহৰ মাজত প্ৰদান কৰিব পাৰি। শিক্ষাৰ ক্ষেত্ৰত ছচিয়েল মিডিয়াই অৰ্থবহ ভূমিকা পালন কৰা দেখা যায়। স্বাধীনতাৰ প্ৰথম সময়খিনিত সেই সময়ৰ ভাৰতৰ প্রধানমন্ত্রী নেহেৰুৱে ছচিয়েল মিডিয়াসমূহক আস্পৃশ্যতা, বাল্য বিবাহত নিৰক্ষৰতাৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনাইছিল। অতি কম সময়ৰ ভিতৰতে এই সম্প্ৰচাৰ মানুহৰ মাজত প্ৰসাৰতা লাভ কৰিছিল। নিৰক্ষৰ মানুহক ৰেডিঅ’ আৰু টিভিৰ দৰে মাধ্যমে অতি সহজে জ্ঞান দিব পাৰে। ভাৰতত পৰিয়ালৰ পৰিকল্পনা কাৰ্যসূচীত ৰেডিঅ’ আৰু টিভিৰ ব্যাপক প্ৰয়োগ কৰা হৈছিল ৷ সাম্প্ৰতিক সময়ত গ্ৰাহক সুৰক্ষা, তথা জনাৰ অধিকাৰ আইন ৰূপায়নৰ বাবে চৰকাৰে ৰেডিঅ’ টিভিৰ লগতে ছপা মাধ্যমৰ প্ৰয়োগৰ জৰিয়তে অতি সহজতে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি প্ৰসাৰতা অৰ্জন কৰে।

জনপ্ৰিয়তাৰ মূল কাৰণসমূহ: ছচিয়েল মিডিয়া বর্তমান সমাজত সকলোৰে জনপ্ৰিয়তাৰ দিশত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত কেবাটাও কাৰণ বিদ্যমান। ছচিয়েল মিডিয়াই মানুহৰ মাজত অতি কম সময়ৰ ভিতৰত নানানবোৰ বাতৰিৰ জ্ঞান প্ৰদান কৰাৰ লগতে মনোৰঞ্জনৰ আহিলা হিচাপেও মানুহক সহায় কৰে। প্ৰযুক্তিবিদ্যাৰ তীব্র বিকাশে পৃথিৱীৰ সকলো টেলিভিছন চেনেল ঘৰতে বহি চাব পৰা হোৱাৰে পৰা ঘৰতে বহি বাতৰিৰ প্ৰচাৰৰ লগত জড়িত থকা চেনেলৰ লগতে শিশু আৰু মহিলাৰ কাৰ্যসূচী, পৰিয়ালৰ উপভোগ্য ধাৰাবাহিক আদিৰ লগতে ইতিহাস, পৰিবেশ ভূগোল আদিৰ সাম্যম জ্ঞান অৰ্জন কৰাত সুবিধা কৰি দিলে। সাম্প্ৰতিক সময়ত টেলিভিছনত মানৱ জীৱনৰ লগত জড়িত সকলো দিশৰে কাৰ্যসূচী সম্প্ৰচাৰ কৰা দেখা যায়। বর্তমান জীৱন্ত ৰূপত প্ৰচাৰ কৰা কাৰ্যসূচীবোৰওে জনসাধাৰণক বাৰুকৈয়ে মোহাচ্চন্ন কৰি ৰাখে। ভাৰতত ৰিয়েলিটি শ্ব, বলীউদৰ অনুষ্ঠান, ব্যঙ্গ অনুষ্ঠান আদিবোৰে ব্যাপক জনপ্রিয়তা লাভ কৰিছে। সাম্প্ৰতিক যুগত এইবোৰৰ সম্প্ৰচাৰ কেৱল টেলিভিছন আদিতে সীমাবদ্ধ হৈ থকা নাই। যুগৰ লগে লগে এইবোৰ ইণ্টাৰনেটৰ জৰিয়তে Youtube, Facebook, Tiktok আদিৰ মাধ্যমেৰেও প্ৰসাৰতা লাভ কৰিব ধৰিলে। যাৰ জৰিয়তে মানুহে ঘৰত থকাৰ উপৰি নিজৰ ইচ্ছা অনুযায়ী সকলো ঠাইতে মোবাইল ফোন, লেপটপ আদিৰ যোগেদিও উপভোগ কৰিবলৈ সক্ষম হ’ল। এই নানানবোৰ কাৰণত বৰ্তমান সমাজত ছ’চিয়েল মিডিয়াই তীব্রভাৱে জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নেতিবাচক দিশ: ছ’চিয়েল মিডিয়াই জনসাধাৰণক নানানবোৰ দিশৰ জ্ঞান, মনোৰঞ্জন আদি প্ৰদান কৰাৰ উপৰিও বিভিন্ন নেতিবাচক দিশৰ প্ৰতিও ভূমিকা অৱলম্বন কৰে। ছচিয়েল মিডিয়াৰ সংবাদপত্ৰ আৰু ৰেডিঅ’ আৰু টেলিভিচনে বিভিন্ন সামাজিক শ্ৰেণী আৰু নগৰীয়া সমাজৰ মাজত সাংস্কৃতিক বৈষম্য আঁতৰ কৰে। সম্প্ৰতি সকলো মানুহে একেই প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰে আৰু একে নিৰ্দিষ্ট ভাষা শিকে। তদুপৰি এই মাধ্যমে জাতীয় দৃষ্টিভংগী গঢ়ি তোলাতো অৰিহণা যোগায়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ সকলো জনসাধাৰণক একগোট কৰি বৃটিছৰ বিৰুদ্ধে জাগৃত হোৱাৰ ক্ষেত্ৰত এই মাধ্যমে মুখ্য ভূমিকা পালন কৰিছিল। এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে জ্ঞান পৰিৱৰ্তনত মানুহে কি জানে, দক্ষতা- মানুহ খিনিয়ে কি কি কৰিব পাৰে, মনোভাৱা মানুহখিনিয়ে কি পাবলৈ আশা কৰে আৰু তেওঁলোকৰ কি কি উচ্চভিলাস আছে তাৰ ওপৰত। 

ছচিয়েল মিডিয়াৰ মাধ্যমেৰে সমাজৰ বৃহৎ জনসাধাৰণৰ মাজত নতুন নতুন তথ্য, নতুন ধাৰণা, নতুন চিন্তা, নতুন আকাঙ্খা আৰু আশাৰ প্ৰকাশ কৰে যিয়ে তেওঁলোকক নতুন নতুন কাৰ্য সাধনৰ ফালে আগুৱাই নিয়ে। ছচিয়েল মিডিয়া হ’ল প্ৰচাৰ আৰু প্ৰসাৰৰ উৎকৃষ্ট মাধ্যম। সেয়েহে কোনো এটা বাতৰি বা তথ্য প্ৰচাৰ কৰাৰ আগতে জনসাধাৰণ সতৰ্ক হ’ব লাগে। কাৰণ এটা ভুল বাতৰিৰ সম্প্ৰচাৰে সমাজত মানুহৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰি তুলিব পাৰে।

সামৰণি: ছচিয়েল মিডিয়া হ’ল সাম্প্ৰতিক কালৰ জনসাধাৰণৰ এক অংগ স্বৰূপ৷ ছচিয়েল মিডিয়াৰ ভাল গুণৰ লগতে বহুতো বেয়া দিশো বিদ্যমান। সেয়েহে বেয়া দিশবোৰক আওকাণ কৰি সমগ্ৰ জনতাই এই ভাল দিশবোৰক আকোৱালি লৈ বিজ্ঞানৰ এই সৃষ্টিক উৎকৃষ্ট মানত আগুৱাই লৈ যাব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top