AHSEC 2020 Anthropology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ নৃতত্ত্ব পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2020 Anthropology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ নৃতত্ত্ব পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Anthropology Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ নৃতত্ত্ব 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2020 Anthropology Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2020 Anthropology Question Paper Solved

AHSEC 2020 Anthropology Question Paper Solved | দ্বাদশ শ্ৰেণীৰ নৃতত্ত্ব পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2020 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Anthropology Solved Question Paper 2020 Assamese Medium. Access the detailed Class 12 Anthropology 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Anthropology Old Question Paper Solved, AHSEC Class 12 Anthropology Solved Question Paper 2020 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ANTHROPOLOGY

2020

ANTHROPOLOGY OLD QUESTION PAPER SOLVED

1. চমু উত্তৰ দিয়া:

(a) মস্তক আনুপাতিক সূচনাৰ সূত্ৰটো দিয়া।

উত্তৰঃ মস্তক আনুপাতিক সূচনাৰ সূত্ৰটো প্ৰাচীন মানুহৰ অৱশেষক শ্রেণীবদ্ধ কৰাৰ বাবে শাৰীৰিক নৃতত্ত্ববিদ্যাত ব্যৱহাৰ কৰা হৈছিল।

(b) ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

উত্তৰঃ ছেৰডুকাপন।

(c) কোন প্রাগৈতিহাসিক সংস্কৃতিত ক্ষুদ্ৰাস্ত্ৰবোৰ ব্যৱহৃত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পেলিওলিথিক বা নিওলিথিকৰ যিকোনো সংস্কৃতি।

(d) মানুহৰ দেহত কিমান যোৰ ক্ৰ’ম’জ’ম থাকে?

উত্তৰঃ মানুহৰ দেহত 23 যোৰ ক্ৰ’ম’জ’ম থাকে।

(e) গাৰো সমাজত ডেকা চাঙৰ নাম কি?

উত্তৰঃ নকপান্তে।

2. শুদ্ধ উত্তৰ বাছি উলিওৱা:

(a) অসমৰ জনজাতিসকল প্ৰধানকৈ ক’কেচীয়/ মঙ্গোলীয়/ নিগ্র’।

উত্তৰঃ মঙ্গোলীয়।

(b) এম্বুৰীয়া ৰোকনী এবিধ ফুল/ চলি সঁজুলি।

উত্তৰঃ এবিধ ফুল।

(c) ঋতু অনুসৰি পশুৰ পাল লৈ ঘূৰি ফুৰা প্ৰথাক ট্ৰেন্সুহিউমেন্‌ছ/ স্থানান্তৰী খেতি বোলে।

উত্তৰঃ ট্রেঞ্চহিউমেনছ্।

3. সমযগ্মনাজী আৰু বিষমযুগ্মনজী এলিল বুলিলে কি বুজা?

উত্তৰঃ এযোৰ এলিলৰ দুয়োটা জিন যদি একে হয় তেতিয়া সমযুগ্মনজী বা হ’ম’যাইগাছ বুলি কোৱা হয়। আৰু দুটা এলিলৰ যদি জিন বেলেগ বেলেগ হয় তেতিয়া তাকে বিষমযুগ্মনজী বা হেটাৰ’যাইগাছ বোলে।

4. প্ৰজাতিৰ সংজ্ঞা দাঙি ধৰা৷ মুখ্য প্ৰজাতিকেইটা কি কি?

উত্তৰঃ নৃতাত্বিক অৰ্থত প্ৰজাতি মানে এটা মানৱ গোট যাক আনুবংশিক লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি। গতিকে বংশগতিৰ দ্বাৰা নিয়ন্ত্রিত উমৈহতীয়া শাৰীৰিক লক্ষণৰ ভিক্তিত বিভক্ত কৰা মানৱ গোটকে প্রজাতি বোলা হয়। প্রত্যোক প্রজাতিয়ে এটা অন্তঃবৈবাহিক গোট। অর্থাৎ প্ৰজাতিৰ অন্তৰ্গত লোকৰ বিয়াবাৰু সাধাৰণতে প্ৰজাতিৰ মাজতেই সীমাবদ্ধ থাকে।

মুখ্য প্ৰজাতি কেইটা হ’ল— 

(ক) ক’কেচীয়া।

(খ) মংগোলীয়।

(গ) নিগ্র’ প্রজাতি।

5. ABO ৰক্ত সমষ্টিৰ আবিষ্কাৰক কোন? সংলগ্নীভৱন মানে কি?

উত্তৰঃ ABO ৰক্ত সমষ্টিৰ আবিষ্কাৰক হ’ল- কাৰ্ল লেণ্ডষ্টেইনাৰ। 

এন্টিজেন থকা ৰক্তকোষ প্ৰতি এৰ সংস্পৰ্শলৈ আহিলে তেজ গোট মাৰে। ইয়াকে সংলগ্নীভৱন বুলি কোৱা হয়।

6. প্রাগৈতিহাসিক যুগত সঁজুলি নিৰ্মাণৰ বাবে ব্যৱহৃত দুবিধ পদাৰ্থৰ নাম লিখা। ডাৱজেলিহাডিঙৰ নৱপ্ৰস্তৰ সঁজুলিবোৰ কি পদাৰ্থৰে তৈয়াৰী আছিল?

উত্তৰঃ প্রাগৈতিহাসিক যুগত সঁজুলি নিৰ্মাণৰ বাবে ব্যৱহৃত দুবিধ পদাৰ্থৰ নাম হ’ল শিল আৰু লাঠি।

ডাৱজেলিহাডিঙৰ নৱপ্ৰস্তৰ সঁজুলিবোৰ শিলৰে তৈয়াৰী আছিল।

7. মাতৃস্থানিক নিৱাস আৰু মাতৃ-পিতৃস্থানিক নিৱাসৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ মাতৃক আবাস স্থানীয় (Matrilocal): যেতিয়া মাতৃ প্ৰধান সংযুক্ত পৰিয়ালৰ কোনো ছোৱালীয়ে বিয়া পাতে আৰু বিয়াৰ পিছত নৱদম্পতীহালে মাকৰ ঘৰত থিতাপি লয় তেতিয়া সেই পৰিয়ালক মাতৃক আবাস স্থানীয় সংযুক্ত পৰিয়াল বুলি কোৱা হয়। খাচি আৰু গাৰো সমাজত এনেকুৱা প্ৰথা এতিয়াও চলি আছে।

পৈত্রিক-মাতৃক আবাস স্থানীয (Patrilocal-Matrilocal): যেতিয়া পুতেক, জীয়েক উভয়ে বিয়াৰ পিছত মাক-বেপেকৰ লগত একেলগে থাকে, তেতিয়া তাক পৈত্রিক- মাতৃক আবাস স্থানীয় সংযুক্ত পৰিয়াল বোলা হয়। গাৰো পাহাৰ, গোৱালপাৰা সীমান্তবর্তী অঞ্চলৰ কোচ, হাজং, ৰাভা আদি সম্প্ৰদায়ৰ মাজত আৰু নগাওঁৰ টিৱা (লালুং) সম্প্ৰদায়ৰ মাজত এনেধৰণৰ সংযুক্ত পৰিয়াল আছে।

8. সংগ্ৰহ জীৱিকা মানে কি বুজা?

উত্তৰঃ মানবৰ নিজ পৰিবেশত প্রাপ্ত প্রাকৃতিক আহাৰ্য্য সামগ্ৰীৰ আহৰণ আৰু ব্যৱহাৰকে অন্বেষণ জীৱিকা বোলে৷ অন্বেষণ জীৱিকা আহৰণৰ তিনিটা কৌশল বা পদ্ধতি দেখা যায় – সংগ্ৰহ, চিকাৰ আৰু মৎস্য চিকাৰ। সংগ্ৰহ পদ্ধতি বা সংগ্ৰহ জীৱিকাই হ’ল মানবৰ প্ৰাচীনতম জীৱিকা পদ্ধতি। প্ৰকৃতিৰ বুকুৰ পৰা নানা ধৰণৰ গছৰ গুটি, ফল মূল, শিপা, আলু, কছু, কুমলীয়া শাক পাচলি আনকি বিভিন্ন ধৰণৰ সৰু সৰু জীৱ জন্তু, মৌ কীতপতংগ ইত্যাদি আহাৰ্য্য হিচাপে বিচাৰি গোটোৱাটোকে সংগ্ৰহ জীৱিকা বোলা হয়।

9. পৰিস্থিতি বিজ্ঞানত জলচক্ৰ বুলিলে কি বুজা?

উত্তৰঃ পুখুৰী, নদী, হ্রদ, সাগৰৰ পানী শুকাই জলীয় বাষ্প হৈ স্থলভাগৰ পৰা ওপৰলৈ গুছি যায়। ওপৰৰ ভাগত কম বায়ুৰ চাপত এনে জয়লী বাষ্পই মেঘৰ সৃষ্টি কৰে৷ মেঘৰ পৰা পুনৰ বৰষুণ সৃষ্টি হৈ স্থভাগত পৰে আৰু পুখুৰী, নদী আদি পানীৰে ভৰি পৰে। এনেদৰে পানী চক্ৰকাৰে সৃষ্টি হৈ থকাকে জলচক্র বোলে।

10. হস্তকুঠাৰ কি? কি উদ্দেশ্যত ইয়াক ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ নিম্ন প্রস্তৰ যুগৰ সময়ত মানুহে প্রথম হস্তকুঠাৰ নিৰ্মাণ কৰিবলৈ লৈছিল৷ এইবোৰ হৈছে স্কুল সজুলি। ইংৰাজীত হস্তকুঠাৰ নিৰ্মাণ কৰিবলৈ লৈছিল। ইংৰাজীত হস্তকুঠীৰক (Hand Axe) আৰু ফ্ৰান্স ভাষাত কুদাপু (coup – de – poing) বুলি কোৱা হয়। দক্ষিণ -পুব এছিয়া আৰু চিনৰ বাহিৰে পৃথিৱীৰ প্ৰায় আটাইবোৰ দেশত এইবিধ শিল্পৰ আৱিস্কাৰ হৈছিল। আদি প্ৰত্ন প্রস্তৰ যুগত এইবিধ অস্ত্ৰৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এই যুগক হস্তকুঠাৰ সংস্কৃতি সম্পন্ন যুগ বুলিও কোৱা হয়। হস্তকুঠাৰ শিল্পৰ প্রধান বিশেষত্ব হল এই যে- মুল শিলাখণ্ডৰ দুই পিঠিৰ পৰা হাতুৰীৰে খুন্দিয়াই চলি নিৰ্গত কৰি সজুলি তৈয়াৰ কৰা হয়। সেইকাৰণে ইয়াৰ দুমুখীয়া সজুলি বুলিও কোৱা হয়। 

ইয়াৰ ব্যৱহাৰ: হস্তকুঠাৰবোৰ সাধাৰণতে সকলো কাৰ্য্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। হাবিৰ পৰা আলু – কচু, ফলমুল আৰু অনান্য আহাৰ সংগ্ৰহ কৰিবলৈ, গাঁত খান্দিবলৈ, মাংস টুকুৰা টুকুৰ কৰিবলৈ, ফান্দ পাতি জন্তু মাৰিবলৈ, জন্তুৰ চাল আৰু হাড়ৰ পৰা মাংস গুচোৱা আদি বিভিন্ন কামৰ কাৰণে এইবিধ সজুলি ব্যৱহাৰ হৈছিল। 

11. কোন প্রাগৈতিহাসিক যুগত ফলত সঁজুলিবোৰ ব্যৱহাৰ হৈছিল? কি কাৰিকৰী কৌশল প্ৰয়োগ কৰি ফলকবোৰ বনোৱা হৈছিল?

উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ ফলত সঁজুলিবোৰ ব্যৱহাৰ হৈছিল।

এই কৌশলটো উচ্চ প্ৰত্ন প্রস্তৰ যুগতহে প্ৰয়োগ কৰা হয়। ইয়াৰ দ্বাৰা সমান্তৰাল দাঁতি সম্পন্ন দীঘলীয়া পাতল চলি উঠোৱা হৈছিল। এনেকুৱা চলি এৰুৱাবৰ বাবে প্রথম মূল শিলাখণ্ডক সজাই পৰাই লোৱা হয় আৰু প্ৰহাৰ মঞ্চখনৰ দাঁতিৰ ভোহৰ জাতীয় জোঙান অস্ত্ৰ এটাৰ দ্বাৰা হাতুৰীৰে প্ৰহাৰ কৰি ধাৰযুক্ত চলি উঠোৱা হয়। ওপৰোক্ত মূল শিলাখণ্ডৰ বৰ্হিভাগত ইমূৰৰ পৰা সিমূৰলৈ দীঘলীয়া চলি-চিহ্ন দেখা যায়। ইয়াক ফ্লুটিং পদ্ধতি আৰু মূলটোক ফ্লটেড মূল বোলা হয়।

12. খাদ্য শৃংখল মানে কি বুজা? উদাহৰণ এটা দিয়া।

উত্তৰঃ কোনো এক প্ৰাকৃতিক পৰিৱেশত বসবাস কৰা জীৱ জন্তু আৰু গছ– গছনিয়ে বিশেষ প্ৰক্ৰিয়াৰে যেতিয়া এক বান্ধোনত থকা দেখা যায় তেনে প্ৰক্ৰিয়াক শৃংখল (Chain) বোলা হয়। তেতিয়া সেই জৈৱিক আৰু অজৈৱিক পদাৰ্থবোৰে জৰিয়তে এক শৃংখল সৃষ্টি কৰে তাক খাদ্য শৃংখল (food chain) বোলা হয়।

উদাহৰণ ― ঘাঁহ ― ফৰিং ― ভেঁকুলী ― সাপ ― চিলনী।

13. গ্ৰেগৰ জোহান মেণ্ডেল কোন আছিল? পৃথকীকৰণ সূত্র মানে কি?

উত্তৰঃ জৰ্জ জোহান মেণ্ডেল হ’ল বংশগতিৰ আৱিস্কাৰক। ১৮৮২ চনত অষ্ট্ৰিয়াতে তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন ধৰ্মজাজক আছিল।

পৃথকীকৰণ সূত্র: প্রথম পিৰিৰ (F₂) সংকৰ গছবোৰৰ মাজত নিষেচন হবলৈ দিয়াত (F₂) পিৰিত ওখ আৰু চাপৰ দুয়োবিধ গছেই পোৱা গ’ল। ওখ আৰু চাপৰ গছৰ অনুপাত ৩:১। গতিকে (F₁) ত প্ৰথম পিৰিৰ চাপৰ লক্ষণটো অপ্ৰকাশিত হৈ আছিল যদিও নাইকিয়া হৈ যোৱা নাছিল । ইয়াৰ পৰা মেণ্ডেলে দেখিলে যে অপ্ৰভাৱী চাপৰ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্ৰ পদাৰ্থ প্ৰভাৱী ওখ লক্ষণৰ লগত থাকিও পৰিবৰ্তিত নহয় অর্থাৎ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্র পদাৰ্থবোৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন আৰু স্বতন্ত্র।

14. উচ্চ-প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতিবোৰ কি কি? এই সংস্কৃতিৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ উচ্চ-প্ৰত্নপ্ৰস্তৰ যুগৰ সংস্কৃতিবোৰ হল-

(ক) অগিনেছিয়ান।

(খ) ছলুট্ৰিয়ান। আৰু 

(গ) মেগডালেনিয়ান।

এই সংস্কৃতিৰ মূল বৈশিষ্ট্যসমূহ-

(ক) হম চেপিয়েন্স মানৱৰ আৱিৰ্ভাৱ৷

(খ) উচ্চপ্ৰত্ন প্ৰক্তৰ যুগটো শীত প্ৰধানে তুষাৰ যুগীয় আছিল৷

(গ) বল্গাহৰিণৰ সংখ্যা বাঢ়িছিল বাবে জৈৱিক প্ৰধান্যৰ ফালৰ পৰা এই যুগটোক বলগা হৰিণ যুগ বোলা হয়।

(ঘ) ফলক জাতীয় সঁজুলিৰ প্ৰচলণ৷ লগতে ৰোকনী আৰু খোদনাস্ত্ৰৰ (graver) প্রচলণ বৃদ্ধি।

(ঙ) হাড়, শিং, হাতীৰ দাঁত আদিৰ সা সজুলি নির্মাণ।

(চ) সৰ্বপ্ৰথম চিত্ৰকলাৰ প্ৰৱৰ্তন।

15. একান্নৱৰ্তী পৰিয়াল কি? ইয়াৰ প্ৰকাৰ্য্যসমূহ আলোচনা কৰা।

উত্তৰঃ কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থকাৰ ফলত যি পৰিয়াল গঠিত হয় সেই পৰিয়ালক সংযুক্ত বা একান্নবর্তী পৰিয়াল বোলা হয়।

একান্নৱৰ্তী পৰিয়ালৰ প্ৰকাৰসমূহ হল—

(ক) পৈত্রিক আবাস স্থানীয় (Patrilocal)।

(খ) মাতৃক আবাস স্থানীয় (Matrilocal)।

(গ) পৈত্রিক-মাতৃক আবাস স্থানীয় (Patrilocal – Matrilocal)

(ক) পৈত্রিক আবাস স্থানীয় (Patrilocal): যেতিয়া পিতৃ প্রধান সংযুক্ত পৰিয়ালৰ কোনো লোকে বিয়া কৰায় আৰু বিয়াৰ পিছত নৱদম্পতীয়ে বাপেকৰ লগত থাকে তেতিয়া সেই পৰিয়ালক পৈত্রিক আবাস স্থানীয় সংযুক্ত পৰিয়াল কোৱা হয়। ভাৰতৰ প্ৰায়বোৰ সমাজত এই প্রথা চলি আছে।

(খ) মাতৃক আবাস স্থানীয় (Matrilocal): যেতিয়া মাতৃ প্রধান সংযুক্ত পৰিয়ালৰ কোনো ছোৱালীয়ে বিয়া পাতে আৰু বিয়াৰ পিছত নৱদম্পতীহালে মাকৰ ঘৰত থিতাপি লয় তেতিয়া সেই পৰিয়ালক মাতৃক আবাস স্থানীয় সংযুক্ত পৰিয়াল বুলি কোৱা হয় ৷ খাচি আৰু গাৰো সমাজত এনেকুৱা প্ৰথা এতিয়াও চলি আছে।

পৈত্রিক-মাতৃক আবাস স্থানীয (Patrilocal-Matrilocal): যেতিয়া পুতেক, জীয়েক উভয়ে বিয়াৰ পিছত মাক-বেপেকৰ লগত একেলগে থাকে, তেতিয়া তাক পৈত্রিক- মাতৃক আবাস স্থানীয় সংযুক্ত পৰিয়াল বোলা হয়। গাৰো পাহাৰ, গোৱালপাৰা সীমান্তবর্তী অঞ্চলৰ কোচ, হাজং, ৰাভা আদি সম্প্ৰদায়ৰ মাজত আৰু নগাওঁৰ টিৱা (লালুং) সম্প্ৰদায়ৰ মাজত এনেধৰণৰ সংযুক্ত পৰিয়াল আছে।

16. বংশানুক্ৰমৰ নিয়মাৱলী বুলিলে কি বুজা? সমাজত ইয়াৰ গুৰুত্ব আলোচনা কৰা। 

উত্তৰঃ আদিম সমাজত বংশগোষ্ঠীয়ে এক বিশেষ ভূমিকা পালন কৰে। যৌন জীৱন নিয়ন্ত্রণ, বৈবাহিক সম্বন্ধ নিৰূপণ, বংশানুক্রমিক উত্তৰাধিকাৰ আৰু পদাধিকাৰ সাব্যস্ত তথা অর্থনৈতিক আৰু অন্যান্য সামাজিক ক্ষেত্ৰত বংশ গোষ্ঠীৰ উল্লেখনীয় অৰিহণা আছে। জমজাতীয় সমাজত বংশানুক্ৰমৰ নীতি নীয়মবোৰ আখৰে আখৰে পালন কৰে দেখা যায়। সম্পত্তিৰ হস্তাস্তৰ, আপদ – বিপদত সহায় কিশোৰৰ দীক্ষা (Initiation ), ধর্মীয় সংস্কাৰ পালন, ট’টেম সম্বন্ধীয় পূজা পাতল ইত্যাদি বংশগোষ্ঠীয়ে আগ ভাগ লয়। বংশগোষ্ঠী এটা বহিঃবৈবাহিক গোট। কোনো কোনো বংশগোষ্ঠীৰ উমৈহতীয়া সম্পত্তিও থাকে। কোনো লোকে দোষ কৰিলে সেই দোষ বংশগোষ্ঠীয়ে মূৰ পাতি লয় আৰু দোষৰ পৰা অব্যাহতি পাবৰ কাৰণে বংশগোষ্ঠীয়ে দোষীকসকলো প্ৰকাৰে সহায় কৰে। বংশানুক্ৰমৰ নীতি – নিয়মবোৰো বংশগোষ্ঠীৰ দ্বাৰাই ধাৰ্য্য কৰা হৈছিল।

17. অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ মাজত তিনিটা পার্থক্য স্পষ্ট কৰা।

উত্তৰঃ অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ মাজত তিনিটা পার্থক্য-

অন্বেষণ জীৱিকাউৎপাদন জীৱিকা
(ক) অন্বেষণজীৱীসকলে সৰু সৰু দলত বিভক্ত হৈ অঘৰী বা ভ্ৰাম্যমান জীৱন-যাপন কৰাৰ বিপৰীতে উৎপাদন জীৱসকল নিগাজী বা স্থায়ী বাসিন্দা। অৱশ্যে পশুৰ বিচৰণ ভূমিৰ খাতিৰত পশুপালকসকল কিছুপৰিমাণে ভ্রাম্যমান।(ক) উৎপাদনজীৱীসকলৰ একোটা গোটত সীমিত এলেকাৰ ভিতৰত অন্বেষণজীৱীসকলতকৈ অধিকসংখ্যাক লোক বসবাস কৰিব পাৰে। আহাৰ উৎপাদন ক্ষমতা নিজৰ হোৱাৰ বাবে আহাৰ যোগানো নিয়মীয়া হয় ফলস্বৰূপে গাৱঁৰ জনবসতিও মন হয়।
(খ) অন্বেষণজীৱস্কলৰ সীমিত আহৰণৰ বিপৰীতে উৎপাদন জীৱিকাৰ অতিৰিক্ত উৎপাদন হোৱাৰ বাবে সমাজত ব্যৱসায় বাণিজ্যৰ বিকাশ হয় আৰু তাৰ বিতৰণ ব্যৱস্থা অকল গোটটোৰ মাজতে সীমাবদ্ধ নাথাকি বাহিৰৰ লোকৰ লগতো ব্যয় বস্তুৰ আদান প্রদান হয়।(খ) গতিকে উৎপাদনৰ প্ৰাচুৰ্য্যতা আৰু বেহা-বেপাৰৰ প্ৰসাৰৰ ফলত উদ্যোগ প্রধান নগৰ- চহৰৰ সৃষ্টি হয়। ব্যৱসায়ৰ মাধ্যম হিচাপে টকা পইচা বা মূদ্ৰাৰ প্ৰচলন হয়।
(গ) এইবোৰৰ ফলস্বৰূপে অন্বেষণজীৱী সমাজত প্ৰচলিত সম্পত্তি, বা বাসভূমিৰ সমূহীয়া স্বত্তাধিকাৰৰ পৰিবৰ্ত্তে, উৎপাদনজীৱী সমাজত সম্পত্তিৰ ওপৰত দখল স্বত্তাধিকাৰসমূহ ভালদৰে গঢ় লয়।ভূমি, খনিজসম্পদ, জলাশয় আনকি বনজ সম্পদসমূহৰ ওপৰতো ব্যক্তিগত বা পৰিয়ালত সুকীয়া অধিকাৰৰ সৃষ্টি হয়।(গ) উৎপাদনজীৱী সমাজত শ্ৰমৰ সংগঠন জটিল হয় আৰু শ্ৰমৰ বিভাজন সৃষ্টি হৈ বিশেজ্ঞ কৰ্মীৰ সৃষ্টি হয়। ফলস্বৰূপ, শ্ৰমৰ প্ৰকাৰ, বিশেষজ্ঞ-জ্ঞান আৰু ধন সম্পত্তিৰ প্ৰাচুৰ্যতা অনুসৰি উৎপাদনজীৱী সকলৰ মাজত শ্ৰেণীপ্ৰথাৰ সৃষ্টি হয়, ধনী-দুখীয়াৰ ধাৰণাইও ঠাই পায়।

18. Social Structure কিতাপখনৰ লেখকৰ নাম লিখা। পৰিয়াল বুলিলে কি বুজা? 

উত্তৰঃ Social Structure কিতাপখনৰ লেখকৰ নাম হল হাৰ্বাট স্পেনচাৰ।

পৰিয়াল মানৱ সমাজৰ মূল আধাৰ আৰু বিশ্বজনীন সামাজিক সংস্থা। পৰিয়ালেই মানুহৰ সামাজিক জীৱনৰ প্রথম পদক্ষেপ। পৰিয়াল ইংৰাজী Family’ শব্দটো ৰোমান ‘Famulas’ শব্দৰ পৰা আহিছে। যাৰ অর্থ ‘Servant’. সমাজতত্ত্ববিদ মেক আইভাৰ আৰু পেজৰ মতে পৰিয়াল এনে এক নির্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট, যি গোটে সন্তান জন্ম দিয়ে আৰু সিহতক লালন-পালন কৰা কাৰ্য সমাপন কৰে। অর্থাৎ পৰিয়াল এনে এটা জনসমষ্টি, যি সমষ্টিত অন্তর্ভুক্ত হোৱা লোকসকলৰ মাজত লালন-পালনৰ কাৰণে সুব্যৱস্থা থাকে আৰু ইয়াৰ সদস্যসকল পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা বান্ধ খাই থাকে।

19. মিচিংসকল কোন? তেওঁলোকৰ প্ৰাথমিক জীৱিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ মিছিংসকল অসমৰ ভৈয়ামত বাস কৰা এটা জনজাতি এওঁলোকে অবিভক্ত লক্ষীমপুৰ, শিৱসাগৰ আৰু দৰং জিলাত বাস কৰে আৰু শদিয়াৰ পৰা তেজপুৰলৈ বিস্তৃত হৈ আছে তেওঁলোকৰ জনসংখ্যা তিনি লাখৰো ওপৰ। সাধাৰণতে মিছিংসকল নদীৰ পাৰত চাংঘৰ সাজি বসবাস কৰে। চাংঘৰবিলাক বহতি নৈৰপৰা লম্ব ৰেখাৰ দৰে সজা হয়। নদীৰ পাৰত বাস কৰাৰ কাৰণে প্ৰতি বছৰে মিছিংসকল বানপানীৰ কবলত পৰে।

মিছিংসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। মিছিংসকলে খেতি পথাৰত নাঙল ব্যৱহাৰ কৰে। তেওঁলোকে খেতি পথাৰত গৰুৰে কেতিয়াবা ম’হৰেও হাল বায়৷ এওঁলোকৰ খেতিৰ প্ৰধান শস্য হ’ল ধান। বিশেষকৈ এওঁলোক আহুধানৰ ওপৰত নিৰ্ভৰশীল। শালিধানৰ খেতিও সময়ে-সময়ে কৰা দেখা যায়। ধানখেতিৰ উপৰিও তেওঁলোকে অন্যান্য খেতি কৰে যেনে – সৰিয়হ, গোমধান, মাটিমহ, মিঠা আলু, আলু, তিয়হ, জলকীয়া, আদা, হালধী, কল, কপাহ ইত্যাদি। 

খেতিপথাৰত হালবোৱা, নিৰনি কৰা আদি পৰিশ্ৰমৰ কামবোৰ মতা মানুখিনিয়ে কৰে। মাইকী মানুহেও খেতি পথাৰত কিছুমান কামত মাতা মানুহক সহায় কৰে। যেনে ৰোৱা পুতা শস্যৰ মাজত গজা অলাগতিয়াল বনবোৰ চাফা কৰা, চাহ জলপানৰ যোগান ধৰা ইত্যাদি ল’ৰা- ছোৱালীবোৰেও খেতি পথাৰত কিছু সহায় কৰি দিয়ে৷ তেতিয়া শস্যবোৰ ৰোপন কৰা হয় তেতিয়া ল’ৰা-ছোৱালীবোৰে ৰাতি পুৱাই খেতি পথাৰলৈ গৈ গৰু, চৰাইৰ পৰা শস্যবোৰ ৰক্ষা কৰে।

20. চমু টোকা লিখা। (যিকোনো দুটা)

(a) নাঙল কৃষি।

উত্তৰঃ মিচিংসকল অসময় ভৈয়াম অঞ্চলৰ জনজাতি। এওঁলোকৰ মুখ্য জীৱিকা হ’ল কৃষি। কৃষি পদ্ধতিত এওঁলোকে নাঙল ব্যৱহাৰ কৰে বাবে এওঁলোকক নাঙল খেতিয়ক বোলা হয়। এওঁলোকৰ খেতিৰ প্ৰধান উৎপাদিত শস্য হৈছে ধান। এওঁলোক বিশেষকৈ আহুধানৰ ওপৰত নিৰ্ভৰশীল। শালিধানৰ খেতি মাজে সময়েহে কৰা দেখা যায়। ধান খেতিৰ বাহিৰেও তেওঁলোকে কৰা অন্যান্য খেতিসমূহ হ’ল, সৰিয়হ, গোমধান, শটিমাহ, মিঠাআলু, আলু ক্রিয়হ, জলকীয়া আদা হালধী, কল, কপাহ আদি৷ খেতিৰ মূল কামসমূহ পুৰুষৰ দ্বাৰা কৰা হয় যদিও সব সৰু কামত মহিলা আৰু ল’ৰা-ছোৱালীয়ে সহায় কৰা দেখা যায়। এওঁলোকৰ আহুধানৰ খেতি সচৰাচৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হয় আৰু আগষ্ট মাহত খেতি চপোৱ৷ হয়। খেতি উঠাৰ পিছত এওঁলোকে আলি আয় লিগাং নামৰ এক কৃষি উৎসৱৰ আয়োজন কৰে।

(b) যৌগিক পৰিয়াল।

উত্তৰঃ বহু বিবাহৰ ক্ষেত্ৰত এজন পুৰুষ, তেওঁৰ বহুপত্নী আৰু ল’ৰা-ছোৱালীৰ সৈতে গঠিত পৰিয়াল ‘আৰু এজনী নাৰী, তেওঁৰ বহুস্বামী আৰু ল’ৰা – ছোৱালীৰে সৈতে গঠিত পৰিয়ালক যুগ্ম পৰিয়াল বোলা হয়। যুগ্ম পৰিয়ালক কেইবাটাও ভাগত ভাগ কৰা হৈছে।

(ক) বহুপত্নীক যুগ্ম পৰিয়াল: এজন পুৰুষে কেইবাগৰাকীও পত্নীৰ লগত বসবাস কৰিলে যি পৰিয়ালৰ উদ্ভৱ হয় তাক বহুপত্নীক যুগ্ম পৰিয়াল বোলে।

(খ) বহুপতিক যুগ্ম পৰিয়াল: এগৰাকী নাৰীয়ে কেইবাজনো পতিৰ লগত একেলগে বসবাস কৰিলে যি পৰিয়ালৰ উদ্ভৱ হয়, সেই পৰিয়ালক বহুপতিক পৰিয়াল বুলি কোৱা হয়। নীলগিৰি পাহাৰত বাস কৰা টোডা, নিকিমৰ লেপচা আদি জনজাতিৰ মাজত এই প্রথা আছে।

(গ) বহুপতিক বহু পত্নীক-যুগ্ম পৰিয়াল: কেইবাজনো পুৰুষে কেইবাজনীও তিৰোতাক যুতিয়া ভাৱে বিয়া কৰাই একেলগে থাকিলে যি পৰিয়ালৰ সৃষ্টি হয় তাকে বহুপতি বহু পত্নীক যুগ্ম পৰিয়াল বুলি কোৱা হয়। পলিনেদীয়া দ্বীপপুঞ্জৰ মাৰকিউছিয়ান (Marguisian) সকলৰ মাজত এই প্ৰথাটো দেখিবলৈ পোৱা যায়। সেই সমাজৰ অৱস্থাপন্ন লোকে নিজৰ পত্নীৰ বাহিৰেও আন কিছুমান তিৰোতাক পত্নী হিচাপে গ্রহণ, কৰে। কিন্তু তেওঁৰ এটা বিশেষ চৰ্ত্ত থাকে যে এই নৱ দম্পত্নী কেইগৰাকীৰ বহুসংখ্যক প্রেমিক থাকিব লাগে। বিয়াৰ পিছত এই নৱপত্নী কেইগৰাকীৰ লগতে সকলোবোৰ বা কিছুসংখ্যক প্রেমিকে সেই অৱস্থাপন্ন লোকজনৰ ঘৰত আহি বসবাস কৰে। এই অৱস্থাত এই বহুপতিক বহুপত্নীক পৰিয়ালর সূত্রপাত হয়।

(c) পাৰিস্থিতিক সমতা।

উত্তৰঃ জৈৱিক আৰু অজৈৱিক পাৰিপাৰ্শ্বিক উপাদানসমূহৰ মাজত এটি সুসংহত সম্পর্ক থাকে। এই সম্পৰ্কৰ ফলতে উপাদানসমূহৰ মাজত এক প্ৰকাৰ সমতা স্থাপন হয়, ইয়াকে পাৰিস্থিতিক সমতা বোলা হয়। এই সুসংহত সম্পৰ্কত থকা জৈৱিক বা অজৈৱিক যিকোনো উপাদানেৰে ক্ষতি হলে পাৰিস্থিতিক সমতা বিঘ্নিত হয়।

পাৰিস্থিতিক সমতাৰ ব্যাঘতৰ কাৰক –

জৈৱিক আৰু অজৈৱিক পাৰিপাৰ্শ্বিক উপাদানসমূহ মাজত এটি সুসংহত সম্পৰ্ক থকা জৈৱিক বা অজৈৱিক যিকোনো উপাদানৰে ক্ষতি হল পাৰিস্থিতিক সমতা বিঘ্নিত হয়। বিভিন্ন প্রাকৃতিক কাৰণত এই পাৰিস্থিতিক সমতাত ব্যাঘাত জন্মিব পাৰে যদিও মানুহেই হৈছে এই সম্পৰ্কত ব্যাঘাত অনাৰ মূল কাৰক। অর্থাৎ পাৰিস্থিতিক সমতাৰ বাধাদানত মানুহৰ যথেষ্ট ভূমিকা আছে।

মানুহ বিকাশপ্রেমী। কিয়নো বিকাশৰ দ্বাৰা মানুহ লাভাবান্ধিত হয়। মানুহে নিজৰ দেশ বা ৰাষ্ট্ৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত খৰতকীয়া বিকাশ সাধিবলৈ যাওঁতে নিজৰে জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বায়ু,পানী আদিৰ মাটিৰ ক্ষতি সাধন কৰে।

আকৌ প্রাকৃতিক সম্পদ সমূহ লাভৰ খাতিৰত, অতিৰিক্তভাৱে আহৰণ কৰাৰ ফলত পাৰিপাৰ্শ্বিক তাৰ আন্তঃ সম্বন্ধত ব্যাঘাত জন্মায়।

(d) শিলগুটিৰ অস্ত্ৰ আৰু চপাৰ-চপিং সঁজুলি।

উত্তৰঃ এটা গোটা শিলগুটিৰ এমুৰে আন এটা শিলগুটিৰ খুন্দিয়াই চকলা নিৰ্গত কৰি সেই অংশটো সাধাৰণভাৱে ধাৰ কৰি লোৱা হয়। এই ধাৰযুক্ত মুখখনেৰে জন্তু চিকাৰ বা অইন কোনো কামত ব্যৱহাৰ কৰিছিল। এই চকলা নিৰ্গত কৰা কাৰ্য্যকৰী মূৰটোৰ বাহিৰে বাকী অংশটো স্বাভাৱিক প্ৰচ্ছদৰে ঢাক খাই পৰা। শিলগুটিৰ পৰা এনে সঁজুলি তৈয়াৰ কৰা বাবে ইয়াক শিলগুটি সঁজুলি বোলা হয়। এইধৰণ শিলগুটি সঁজুলি পূৱ আফ্ৰিকাৰ অলডুৱান ভাৰতবৰ্ষৰ চোহান, চীনদেশৰ ছায়োচিয়ান আৰু ব্ৰহ্মদেশৰ আনিয়াযিয়ান সংস্কৃতিৰ নিদর্শন।

চপাৰ-চপিং সঁজুলি- চপিংটুল নামৰ সঁজুলিবিধ আকাৰত ডাঙৰ আৰু দীৰ্ঘাকৃতিৰ। চপাৰজাতীয় সঁজুলিব্ধ সাধাৰণতে দেখাত এচপৰা ডাঙৰ শিলাখণ্ড যেন হয়। নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ মানৱগোষ্ঠীবোৰে জীৱন-ধাৰণৰ বাবে চপিংটুল সঁজুলি ব্যৱহাৰ কৰিছিল। চপিংটুল সঁজুলি কটা-চিঙা, জন্তুৰ হাড়ৰ পৰা মজ্জা বাহিৰ কৰিবলৈ আৰু জন্তু বধ কৰিবলৈ এইবিধ সঁজুলি ব্যৱহাৰ কৰা হৈছিল। 

21. প্ৰক্ষিপ্ততা কাক বোলে? নেগ্রিট’সকলৰ আৱয়ৱিক লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ মানুহৰ মুখমণ্ডলত অংশবোৰ আগলৈ ওলাই অহা অৱস্থাক প্ৰক্ষিপ্ততা বোলে।

নেগ্রিট’সকলৰ আৱয়ৱিক লক্ষণসমূহ-

(ক) চর্মবৰ্ণ: দেহৰ ছালৰ বৰণ পিংগলৰ পৰা পিংগলৰ কৃঋ। কিছুমানচ পীত পিংগল।

(খ) কেশ বা চুলি: কেশবৰ্ণ সাধাৰণতে পিংগল কৃশ। কোষবিন্যাস খহটা বা অমসৃণ। কেশৰ আকৃতি বক্ৰৰ পৰা কুঞ্চিৎ বা উলসদৃশ। শৰীৰত নোমৰ পৰিমান কম।

(গ) নেত্র বা চকু: নেত্রবর্ণ পিংগলৰ পৰা পিংগল কৃষ্ণ৷ কেতিয়াবা একপ্ৰকাৰ নেত্ৰচ্ছেদ ভাজ প্ৰয়েই দেখা যায়।

(ঘ) মস্তক আকৃতি: দীৰ্ঘমস্তকীৰ সংখ্যাই অধিক। মস্তক উচ্চতা নিম্নৰ পৰা মধ্যমীয়া।

(ঙ) মখমণ্ডল: মখমণ্ডল মধ্যমীয়া প্ৰশস্তৰ পৰা ঠেক। মুখমণ্ডল প্রক্ষিপ্ততা প্ৰায়ে দেখা যায়।

(চ) নাসিকা: নাক মধ্য প্রশস্তনাসিকীৰ পৰা অতি প্ৰশস্তনাসিকী। নাসিকাদন্ত সাধাৰণতে নিম্ন।

(ছ) দৈহিক উচ্চতা: শৰীৰৰ উচ্চতা উচ্চকায়ৰ পৰা অতি থৰ্বকায়।

বা

21. জনন কোষৰ বিশুদ্ধতা মানে কি বুজা? মেণ্ডেলৰ এক সংকৰ অনুপাত চিত্রসহ আলোচনা কৰা।

উত্তৰঃ এই জননকোষত বিপৰীতধৰ্মী লক্ষণৰ মাত্ৰ এটাহে থাকে। অর্থাৎ প্রত্যেকটা লক্ষণৰ বাবে এটা জননকোষ বিশুদ্ধ।

মেণ্ডেলে গবেষনাৰ বাবে পোন প্ৰথম বিশুদ্ধ ওখ (TT) আৰু বিশুদ্ধ চাপৰ (tt) মটৰ মাহৰ বীজ বাাাচি ললে। দুয়োবিধ বীজৰ পৰা উৎপত্তি হোৱা মটৰমাহ দুজোপাৰ মাজত সংকৰণ ঘটালে। বিশুদ্ধ বীজৰ পৰা গজা গছকেইজোপাক পিতৃমাতৃ পিৰি (P) হিচাপে নামাকৰণ কৰিলে।

সংকৰণৰ ফলত পোৱা বীজ পুনৰ গজিবলৈ দি এই গছবোৰ প্ৰথম সংকৰ পিৰি (F₁) হিচাপে নামকৰণ কৰিলে। (F₁) পিৰিত দেখিলে যে সকলোবোৰ গছেই ওখ অর্থাৎ এই পিৰিত বিশুদ্ধ চাপৰ গছ দেখা নগ’ল। F₁ পিৰিৰ গছবোৰ নিজাৰীয়াকৈ নিষেচন হবলৈ এৰি দিয়াত উৎপত্তি হোৱা বীজবোৰ সংগ্ৰহ কৰি পুনঃবীজবোৰ গজিবলৈ দিয়া হ’ল। এই বীজবোৰক নামাকৰণ কৰা হ’ল F₂ পিৰি। F₂ পিৰিৰ পৰা পোৱা বীজবোৰ গজিবলৈ দিয়াত মেণ্ডেলে দেখিলে যে শতকৰা ৭৫ ভাগ গছ ওখ আৰু শতকৰা ২৫ ভাগ গছ চাপৰ হৈছে। অর্থাৎ F₂ পিৰিত গছৰ ওখ চাপৰ ওপৰৰ অনুপাত ৩:১। F₂ পিৰিৰ ওখ আৰু চাপৰৰ অন্তবর্তী অৱস্থাৰ গছ পোৱা নগ’ল।

এই পৰীক্ষাৰ পৰা মেণ্ডেলে তিনিটা সিদ্ধান্তত উপনীত হ’ল। আরু এই তিনিটা সিদ্ধান্ত হ’ল মেণ্ডেলৰ বংশগতিৰ সূত্ৰ।

(ক) প্ৰভাৱীকৰণ সূত্র: প্রথম পিৰি (F₁) সংকৰ গছবোৰৰ মাজত বিপৰীধৰ্মী গুণ দুটাহে অর্থাৎ ওখ গুণটোহে দেখা গ’ল। অর্থাৎ ওখ গুণটো প্ৰভাৱশীল হৈ চাপৰ গুণটোক অপ্রকাশিত কৰি ৰাখিলে।

(খ) পৃথকীকৰণ সূত্র: প্রথম পিৰিৰ (F₂) সংকৰ গছবোৰৰ মাজত নিষেচন হবলৈ দিয়াত (F₂) পিৰিত ওখ আৰু চাপৰ দুয়োবিধ গছেই পোৱা গ’ল। ওখ আৰু চাপৰ গছৰ অনুপাত ৩:১। গতিকে (F₁) ত প্ৰথম পিৰিৰ চাপৰ লক্ষণটো অপ্রকাশিত হৈ আছিল যদিও নাইকিয়া হৈ যোৱা নাছিল৷ ইয়াৰ পৰা মেণ্ডেলে দেখিলে যে অপ্ৰভাৱী চাপৰ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্র পদাৰ্থ প্ৰভাৱী ওখ লক্ষণৰ লগত থাকিও পৰিবৰ্তিত নহয় অর্থাৎ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্র পদাৰ্থবোৰ স্বকীয় বৈশিষ্ট্যসম্পন্ন আৰু স্বতন্ত্র।

(গ) জনন কোষৰ বিশুদ্ধতা: এটা জননকোষত বিপৰীতধৰ্মী লক্ষণৰ মাত্ৰ এটাহে থাকে। অর্থাৎ প্রত্যেকটা লক্ষণৰ বাবে এটা জননকোষ বিশুদ্ধ।

এইদৰে একসংকৰ অনুপাতৰ পৰা মেণ্ডেলে উপৰোক্ত সিদ্ধান্ত বা সূত্ৰসমূহ আৱিস্কাৰ কৰে৷

22. ঘঁহি পহি মিহি কৰা পদ্ধতি বুলিলে কি বুজা? প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগৰ মাজত থকা মুখ্য পার্থক্যবোৰ উল্লেখ কৰা।

উত্তৰঃ ঘঁহি পহি মিহি কৰা পদ্ধতি- এই কৌশল বা পদ্ধতিটো নব প্রস্তৰ যুগত আৰম্ভ হয়। নব প্রস্তুৰ যুগতেই মানুহে চিকাৰ জীৱিকা বাদ দি খাদ্য উৎপাদন কৰিবলৈ আৰম্ভ কৰে। খাদ্য উৎপাদন কৰাৰ উপৰিও আন বহুতো লক্ষ্যণীয় পৰিবৰ্তন হৈছিল। যেনে – কৃষি আৰু পশু পালনৰ জৰিয়তে খাদ্য উৎপাদন, ঘঁহি পিহি মিহি কৰা পদ্ধতিৰে শিলৰ সজুলি নিৰ্মাণ, মৃত পাত্ৰ তৈয়াৰ কৰা প্রথা প্রচলন, তাঁত শিল্প আৰু বাঁহ বেতৰ সজুলি তৈয়াৰ কৰাৰ কুটিৰ শিল্পৰ আৰম্ভ, স্থায়ী গাওঁ পাতি বাস কৰা সমাজ আৰম্ভ, বিনিময় প্রথাৰ জৰিয়তে বেহা বেপাৰ সূত্ৰপাত আদি প্ৰধান৷ কিছুমান শিলক বিশেষকৈ কটু শিলৰ পৰা চলি উঠুৱা পদ্ধতিৰে প্রয়োজনী সজুলি তৈয়াৰ কৰিব নোৱাৰি। তেনে প্ৰকাৰৰ শিলক এটা শিলৰ হাতুৰীৰে ঠুকুচি সুক্ষ্ম চলি নিৰ্গত কৰি প্ৰয়োজনীয় আকৃতিলৈ নিয়া হয়। এই প্ৰথাৰে সজুলিৰ মুখখন ধাৰযুক্ত কৰিব নোৱাৰি। সেই কাৰণে বালি, শিল আদিৰ সহায়ত হাঁহি পিহি ক্ষয় কৰা কৰা হয় আৰু জন্তুৰ চালৰ সহায়ত ইয়াৰ ওপৰৰ পিঠিখন মসৃণ কৰা হয়।

প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ যুগৰ মাজত থকা মুখ্য পার্থক্য-

(ক) ভূতাত্বিক প্ৰত্ন প্রস্তৰ যুগ প্লাইষ্ট’চিন যুগৰ সমসাময়িক আনহাতে নবপ্রস্তব যুগ হ’ল ছিন যুগৰ অন্তৰ্গত।

(খ) জনসংখ্যা প্ৰত্ন প্ৰস্তৰ যুগত খুব কম আছিল আনহাতে নবপ্ৰস্তৰ যুগত জনসংখ্যা ক্রমাগত বৃদ্ধি হৈছিল।

(গ) বসবাস – প্ৰত্ন প্রস্তৰ যুগৰ মানুহে মুক্ত আকাশৰ তলত গুহাত আৰু প্ৰস্তৰ আবাসত বাস কৰিছিল আনহাতে নবপ্ৰস্তৰ যুগৰ মানুহে প্রাকৃতিক গুহা আৰু প্ৰক্তৰ আবাসত উপৰিও পূজা আৰু হৃদ নিবাসত বসবাস কৰিছিল।

(ঘ) অর্থনীতি – প্ৰত্ন প্রস্তৰ যুগৰ অৰ্থনীতি সংগ্ৰহ কৰি, চিকাৰ কৰি আৰু মাছ মাৰি জীৱন ধাৰণ কৰিছিল আনহাতে নবপ্ৰস্তৰ যুগৰ অৰ্থনীতি উৎপাদন অর্থনীতি। কৃষি আৰু পশুপালনৰ দ্বাৰা জীৱন নিৰ্বাহ কৰিছিল।

(ঙ) উদ্ভিদ – প্ৰত্ন প্ৰস্তৰ যুগত ঠাণ্ডা জলবায়ুৰ কাৰণে ডাঙৰ গছ গছনিৰ উৎপত্তি নহয় আনহাতে নবপ্ৰস্তৰ যুগত প্ৰচুৰ পৰিমাণে উৎপত্তি হয়।

(চ) সমূহীয়া জীৱন – প্ৰত্ন প্ৰস্তৰ যুগত দলগত সমাজৰ প্ৰচলন আছিল আনহাতে নব প্ৰস্তৰ যুগত স্বনিয়ন্ত্ৰিত সমূহীয়া সমাজ সংগঠন আৰু গাৱলীয়া জীৱনৰ আৰম্ভণি৷

(ছ) মূৰৰ আকৃতি – প্ৰত্ন প্রস্তৰ যুগৰ মানুহবিলাক সাধাৰণতে দীৰ্ঘমস্তকী আছিল। আনহাতে নব প্রস্তৰৰ যুগত দীৰ্ঘমস্তকী আৰু প্ৰশস্তমস্তকী প্ৰকাৰৰ লোকৰেই সমবেশ আছিল।

(জ) সা-সম্পত্তি – প্ৰত্ন প্রস্তৰ যুগৰ মানুহৰ সম্পত্তিৰ ধাৰণা নাছিল। ইয়াৰ প্ৰতি উদাসীন আছিল। আনহাতে নবপ্রস্তৰ যুগৰ মানুহবোৰ সা-সম্পত্তি আৰু ধন অৰ্জনৰ প্ৰতি আগ্রহ আছিল।

(ঝ) প্ৰত্ন প্ৰস্তৰ যুগত ব্যৱসায় বাণিজ্য নাছিল আনহাতে নবপ্রস্তৰ যুগৰ বাণিজ্যৰ বিনিময়ৰ ব্যৱস্থা নাছিল।

(ঞ) ধৰ্ম – প্ৰত্ন প্ৰস্তৰ যুগত ধৰ্ম সমাজ স্পষ্ট ধাৰণা নাছিল। আনহাতে নবপ্রস্তৰ যুগত জটিল ধৰ্মভাৱ গঢ়ি উঠিছিল।

বা

22. “পৰিয়াল এটি সার্বজনীন সামাজিক গোট।” আলোচন কৰা।

উত্তৰঃ পৰিয়াল হৈছে সমাজৰ আটাইতকৈ সৰু গোট ই-স্ব জনতাৰ ওপৰত প্রতিষ্ঠিত গোট। স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ ঔৰসত জন্ম লাভ কৰা বা তোলনীয়া অবিবাহিতা ল’ৰা-ছোৱালীৰে গঠিত গোটতোকে পৰিয়াল বোলা হয়। পৰিয়ালে অবিহনে সমাজ সম্পূৰ্ণ নহয়। পৰিয়াল নোহোৱা সমাজত পৃথিৱীৰ কোনো সম্প্ৰদায়ৰ মাজতে নাই। পৰিয়াল অবিহনে সমাজৰ গঠন সম্পূৰ্ণ নহয়। পৃথিৱীৰ প্ৰায় সকলো সমাজতে পৰিয়াল পোৱা যায় কাৰণে পৰিয়ালক সাৰ্বজনীন গোট বুলি কোৱা হয়। কাৰণ পৰিয়ালৰ জৰিয়তে কোনে এজন ব্যক্তিয়ে তেওঁৰ সংস্কৃতিৰ লগত পৰিচয় হয়। সমাজৰ নীতি-নিয়ম, আচৰণ বিধিৰ লগত পিতৃ-মাতৃয়ে সন্তানক পৰিচয় কৰি দিয়ে। গতিকে পৰিয়ালক সামাজিক ধাৰা বা সংস্কৃতিৰ পৰম্পৰা বহন কাৰী গোট বুলিও ক’ব পাৰি। এই পৰিািয়লক বৈবাহিক আৰু আৰু স্বজনতাৰ ভিত্তি প্রতিষ্ঠিত নুন্যতম সামাজিক আত্মীয়তা আৰু বৈবাহিক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। 

মাক-বাপেক বৈবাহিক সম্পৰ্কৰ দ্বাৰা আৰু সন্তানে ৰক্ত সম্বন্ধৰ দ্বৰা মাক-বাপেকৰ লগত জড়িত হৈ থাকে। মাক- দেউতাকৰ গত জড়িত হৈ থাকে। মাক-দেউতাকে জন্মৰ পিছত ল’ৰা-ছোৱালীক ভৰণ- পোষণ দি ডাঙৰ-দীঘল কৰি উপযুক্ত কৰি দিয়ে আৰু ল’ৰা-ছোৱালীয়েও বৃদ্ধ বয়সত মাক- দেউতাকৰ ভৰণ-পুষণৰ দ্বায়িত্ব বহন কৰে। প্ৰজনন পৰিয়ালে আৰু জন্ম পৰিয়ালৰ এক ত্ৰীকৰণত সমাজ ডাঙৰ ডাঙৰ গোটৰ সৃষ্টি হয়। সামাজিক নিয়ম অনুযায়ী সকলো অৱস্থাৰ সম্পত্তীৰ উত্তৰাধিকাৰ পৰিয়ালৰ মুৰব্বী জনৰ জৰিয়তে প্রবাহিত হয়। পিতৃ-প্রধান সমাজত পিতৃৰ পৰা তেওঁৰ ল’ৰাহতৰ জৰিয়তে আৰু মাতৃপ্রধান সমাজত মাতৃৰ পৰা ছোৱালীহতঁৰ জৰিয়তে উত্তৰাধিকাৰ সাব্যস্ত কৰা হয়। পৰিয়ালক এটা জৈৱিক গোট বুলি কোৱাৰ সলনি এটা সামাজিক গোট বুলিহে ক’ব পাৰি। 

মাক-বাপেক আৰু ল’ৰা-ছোৱালীৰ মাজত তেওঁ মঙহৰ সম্পৰ্কৰ ফালৰ পৰা ইয়াক জৈৱিক গোট বুলি অবিহিত কৰিলেও কোনো কোনো ক্ষেত্ৰত পৰিয়ালত তোলনীয়া সন্তানৰ সদস্য ভুক্তিৰ ফলত জৈৱিক পিতৃ-মাতৃৰ নিৰ্ণয় কৰা সহজ সাধ্য নহয়। উদাহৰণ স্বৰূপে, টোডাসকলৰ মাজত বহুপতিক বিবাহৰ প্ৰচলন থকাৰ বাবে সন্তানৰ প্ৰকৃত জৈৱিক পিতৃৰ নিৰ্ণয় কৰা হয় সামাজিক আচাৰ অনুষ্ঠানৰ যোগেদি। কোনো সময়ত গৰ্ভৱতী নাৰীৰ যিজন স্বামীয়ে ধনুকাড় আৰু বন্তি এগছ দি সেই নাৰীক আনাৰনুষ্ঠান আৰু সামাজিক বিধি সাপেক্ষে পালন কৰিব তেতিয়া তেওঁক জন্ম লাভ কৰা সন্তানৰ পিতৃ বুলি গণ্য কৰা হয়। একেদৰে আফ্ৰিকাৰ নুৱেৰসকলৰ মাজত মৃত ব্যক্তিৰ লগত বিয়াৰ ব্যৱস্থা আছে, মৃত ব্যক্তিলৈ বিয়া কৰোৱা কণ্যাটিৰ গৰ্ভৰ পৰা ভূমিষ্ঠ সন্তানটি সেই মৃত ব্যক্তিৰ সন্তান বুলি গণ্য কৰা হয় কিছুমান সামাজিক নিয়মৰ যুগেদি। এইবোৰ কাৰণতে পৰিয়ালক এটা সামাজিক গোট হিচাপে অভিহিত কৰা হয়।

23. আও নাগাচসকলৰ সমাজ সংগঠন সম্বন্ধে এটি চমু টোকা লিখা।

উত্তৰঃ আওঁনগাসকলৰ মাজত এটা নিৰ্দিষ্ট বয়সৰ সীমা অতিক্ৰম কৰা ডেকাসকলক লৈ এটা বয়সভিত্তিক সামাজিক গোট গঠন কৰা হয়। আওঁসকলৰ ভাষাত ইয়াক মোৰাং বোলা হয়। সাধাৰণতে ১৩/১৪ বছৰ অতিক্ৰম কৰা ডেকাসকলেহে মোৰাংৰ সদস্য ভুক্ত হ’ব পাৰে৷ সেয়ে ইয়াক আওঁ নগাসকলৰ ডেকা চৰ হিচাপেও জনা যায়। প্রকৃততে মোৰাং হৈছে ডেকাসকলে বাস কৰা এটা ঘৰ৷ ইয়াৰ দৈৰ্ঘ্য ১৫ মিটাৰ আৰু বহল ৬ মিটাৰ৷ ঘৰটোৰ সন্মুখত মাটিৰ পৰা প্ৰায় ৯ মিটাৰ উচ্চতাত এখন মঞ্চ থাকে। ইয়াতেই বহি ডেকাসকলে বিভিন্ন আলাপ আলোচনা কৰে৷ মোৰাংত মহিলাৰ প্ৰবেশ নিষেধ। পৰম্পৰাগত নীতি অনুযায়ী প্রতি তিনি বছৰে এনাম ডেকা মোৰাংৰ ভৰ্ত্তি কৰা হয়। নতুনকৈ সোমাৱা সদস্যসকলক পুৰণি বয়োজ্যেষ্ঠ ডেকাসকলে বিভিন্ন কামত খটুৱায় লগে লগে সমাজত সংগঠনৰ পদ্ধতিবোৰো শিকিবলৈ ধৰে। 

পুৰণি তিনিবছৰৰ মূৰত নতুন এচাম ডেকা মোৰাংত সোমায় আৰু পুৰণি চামৰ পদোন্নতি পোৱাৰ তিনিবছৰ পিছত এইচামা ডেকাৰ মোৰাঙত থকাৰ অধিকাৰ নাথাকে ফলত মোৰাঙৰ পৰা ঘৰলৈ আহি বিয়া বাৰু কৰাই নিজ পৰিয়াল তথা গোত্ৰৰ কামত নিজকে নিয়োজিত কৰে। যথাসময়ত এই চামৰ পৰাই কিছুমানে পুৰোহিতৰ কাৰ্য্য হাতত লয় আৰু আন কিছুমানে শাসনব্যৱস্থা পৰিচালনা কৰাত সহায় কৰে। তেওঁলোকৰ তিনিতা খেল আছে। যেনে— ছোংলি, মংচেন আৰু চাংকি। এটা খেলত ১ বা ২ গোত্ৰৰ ডেকাসকল অর্ন্তভূক্ত হ’ব পাৰে। মোৰাত ভৰ্তি হ’বলৈ বিভিন্ন খেলৰ মাজত ভিভিন্ন বয়সৰ সীমা নিৰ্ধাৰিত কৰা থাকে। মোৰাঙত ডেকাসকলে সমাজৰসকলো কাৰ্য্যৰ প্ৰশিক্ষণ লাভ কৰে। 

সেয়েহে দেখা যায় যে আও নগাসকলৰ সমাজ সংগঠণত মোৰাঙৰ যথেষ্ঠ ভূমিকা আছে৷ মোৰাং হৈছে গাওঁ শাসনৰ এটা স্বায়ত্বশাসিত গোট। এই মোৰাং সংগঠণ আওঁসকলৰ পৰম্পৰাগত ভাৱে চলি অহা সাংস্কৃতিক সংস্থা বুলিও ক’ব পাৰি মোৰাং হ’ল ডেকাসকলৰ গাওঁ প্ৰতিৰক্ষা আৰু অৱসৰ বিনোদৰ তথা সামাজিক প্ৰশিক্ষণৰ শিবিৰ তথা কেন্দ্ৰস্থল।

বা

23. দুবিধ সেউজ গৃহ গেছৰ নাম উল্লেখ কৰা৷ সেউজ গৃহ প্ৰভাৱ বৃদ্ধিত মানুহৰ কৰ্মৰাজিৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ কার্বন-ডাই-অক্সাইড, মিথেন। 

সেউজ গৃহ গেছৰ প্ৰভাৱ বৃদ্ধিত মানুহৰ কৰ্মৰাজিৰ ভূমিকা অধিক। মার্কিন যুক্তৰাষ্ট্ৰত মানুহৰ ক্রিয়াকলাপৰ পৰা সেউজ গৃহ গেছ নিঃসৰণৰ সবোতকৈ ডাঙৰ উৎস হ’ল বিদ্যুৎ, তাপ আৰু পৰিবহনৰ বাবে জীৱাশ্ম জ্বলা অথবা পুড়া। এইবোৰ জীৱাশ্ম জ্বলি থকাৰ বাবে বায়ুমণ্ডলত সেউজ গৃহ গেছ বৃদ্ধি পাইছে।

গ্রীণ হাউছ এফেক্টত CO₂ গেছে উষ্ণতাৰ তাৰতম্যৰ ক্ষেত্ৰত শতকৰা ৫৫ ভাগ,ক্ল’ৰফৰ’ কাৰ্বনে শতকৰা ২৫ ভাগ, মিথেনে শতকৰা ১৫ ভাগ আৰু নাইট্ৰাছ অক্সাইডে শতকৰা ৫ ভাগ প্ৰভাৱ পেলায়৷ অ’জন গেছৰ প্ৰভাৱ কিমান এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সূৰ্যৰ পৰা বিকিৰিত হোৱা সৌৰশক্তি বায়ুমণ্ডলত প্ৰৱেশ কৰোতে শতকৰা ২৬ ভাগ মেঘ আৰু অন্যান্য পদাৰ্থ কণিকাৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা মেঘ, জলীয়ভাপ আৰু ক্ষুদ্ৰ পদাৰ্থ কণিকাই শতকৰা ১৯ ভাগ শক্তি শুহি লয়, শতকৰা চাৰি ভাগ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়৷ বাকী প্ৰায় শতকৰা ৫১ ভাগ পৃথিৱী উষ্ম কৰাত, কুমেৰু মহাদেশৰ বৰফ গলোৱাত, সাগৰ-মহাসাগৰৰ পানী বাষ্পীভৱনত আৰু উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত খৰচ হয়। 

সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনী ৰশ্মি সেউজগৃহত থকা গেছসমূহে শুহিলৈ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি আছে। কিন্তু বর্তমান যুগত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আৰু কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আদিৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় শতকৰা ২৫ ভাগ বৃদ্ধি হৈছে। তেনেদৰে ক্ল’ৰফ্ল’ৰ’ কাৰ্বন, মিথেন, নাইট্রাছ অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি হৈছে। ফলস্বৰূপে সেউজ গৃহ প্ৰভাৱত বিসঙ্গতিয়ে দেখা দিছে। 

সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈছে আৰু এনেদৰে উষ্ণতা বৃদ্ধি হৈ থাকিলে অহা পঞ্চাশ বছৰৰ ভিতৰত বায়ুমণ্ডলৰ গড় উষ্ণতা একৰ পৰা চাৰি ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বায়ুমণ্ডলৰ এনে উষ্ণতা বৃদ্ধিক ভূ-উষ্মীকৰণ (Global Warming) বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। গোলকীয় উষ্ণতাই পৰিস্থিতি তন্ত্ৰ অসন্তুলিত কৰি তুলিব। সেউজগৃহ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলত কুমেক মহাদেশৰ বৰফ গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিতন্দ্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top