AHSEC 2020 Advance Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ উচ্চ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2020 Advance Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ উচ্চ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Advance Assamese Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ উচ্চ অসমীয়া 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2020 Advance Assamese Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2020 Advance Assamese Question Paper Solved

AHSEC 2020 Advance Assamese Question Paper Solved | দ্বাদশ শ্ৰেণীৰ উচ্চ অসমীয়া পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2020 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Advance Assamese Solved Question Paper 2020 Assamese Medium. Access the detailed Class 12 Advance Assamese 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Advance Assamese Old Question Paper Solved, AHSEC Class 12 Advance Assamese Solved Question Paper 2020 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

ADVANCE ASSAMESE

2020

ADVANCE ASSAMESE OLD QUESTION PAPER SOLVED

১। চমু উত্তৰ দিয়া : (যিকোনো তিনিটা)

(ক) শঙ্কৰদেৱৰ শেষ নাট খনৰ নাম লিখাঁ।

উত্তৰঃ ৰাম – বিজয়।

(খ) অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক বুলি কাক কোৱা হয়?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

(গ) সুধাৰ কাৰণে কোনে সিন্ধু-মথন-গান গাইছিল?

উত্তৰঃ দেৱ – দানৱে।

(ঘ) ‘কাঞ্চনজাংঘাৰ বুৰঞ্জী’ কবিতাটিত উল্লেখ কৰা নদীখনৰ নাম কি? 

উত্তৰঃ গংগানদী।

২। (ক) ঋতু পৰিবৰ্তনৰ স্বাভাৱিক বৰ্ণনাৰ মাজেৰে কবিয়ে ‘বর্ষা বৰ্ণৰ’ কবিতাটিত ভক্তি ধৰ্মৰ তাত্ত্বিক কথা কিদৰে ব্যাখ্যা কৰিছে তোমাৰ ভাষাত লিখাঁ।

উত্তৰঃ ‘বর্ষা বর্ণন’ কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা অনা হৈছে। ইয়াত কবিয়ে বর্ষা ঋতুক ৰূপক হিচাপে গ্রহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ অৱতাৰণা কৰিছে। ভক্তি ধৰ্ম প্ৰচাৰ কৰাই কবিটোৰ মূল উদ্দেশ্য। ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক বর্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।

কবিতাটোত কবিয়ে বর্ষা ঋতুৰ এটা মনোমোহা দৃশ্য দাঙি ধৰিছে। বর্ষা ঋতুত আকাশত গ্রহ নক্ষত্র দেখা নাযায়। আকাশৰ চন্দ্ৰ, সূৰ্য, তৰা, নক্ষত্ৰসমূহক বাৰিষাৰ মেঘে ঢাকি ৰাখে ঠিক সেইদৰে আমাৰ শৰীৰতো জীৱাত্মা ঢাক থাই থাকে। কবিয়ে মেঘক জীৱৰ লগত তুলনা কৰিছে। জীৱ যিদৰে নিজৰ শৰীৰত বিলোপ হয় তেনেদৰে মেঘৰ মাজত গ্রহ, নক্ষত্ৰও বিলোপ হৈ পৰে। খৰালিত শুকাই যোৱা খাল-বিল, নদ-নদী, জান-জুৰি বাৰিষাকালৰ বৰষুণত উপচি পৰে।

উপবাসে থাকি শুকাই-খীণাই যোৱা তপসীসকলে যিদৰে খাই-বৈ পুষ্ট হোৱাৰ দৰে শুকাই যোৱা খাল-বিল, জান- জুৰিবোৰক বৰষুণৰ পানীয়ে পুনৰ পৰি পুষ্ট কৰি তোলে। ইয়াত কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাবলৈ প্ৰয়াস কৰিছে যে মুষলধাৰ বৰষুণে পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক তেনেদৰে কৃষ্ণত যাৰ মন আসক্ত তেনেলোকক বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে বিচলিত কৰিব নোৱাৰে। যিসকল লোকৰ মন ভক্তি ধৰ্মত আসক্ত হৈ থাকে সেইলোকসকলক বাস্তৱ জীৱনৰ সামগ্রিক যন্ত্রণাই একো কৰিব নোৱাৰে।

অথবা

(খ) ‘ই যে অগ্নি বীণাৰ তান’ কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা কবিগৰাকীৰ প্ৰবল স্বদেশপ্রেমৰ এটি আভাষ দাঙি ধৰাঁ।

উত্তৰঃ ‘বর্ষা বর্ণন’ কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা অনা হৈছে। ইয়াত কবিয়ে বর্ষা ঋতুক ৰূপক হিচাপে গ্রহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ অৱতাৰণা কৰিছে। ভক্তি ধৰ্ম প্ৰচাৰ কৰাই কবিটোৰ মূল উদ্দেশ্য। ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক বর্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে। কবিতাটোত কবিয়ে বর্ষা ঋতুৰ এটা মনোমোহা দৃশ্য দাঙি ধৰিছে। বর্ষা ঋতুত আকাশত গ্রহ নক্ষত্র দেখা নাযায়। আকাশৰ চন্দ্ৰ, সূৰ্য, তৰা, নক্ষত্ৰসমূহক বাৰিষাৰ মেঘে ঢাকি ৰাখে ঠিক সেইদৰে আমাৰ শৰীৰতো জীৱাত্মা ঢাক থাই থাকে। কবিয়ে মেঘক জীৱৰ লগত তুলনা কৰিছে। জীৱ যিদৰে নিজৰ শৰীৰত বিলোপ হয় তেনেদৰে মেঘৰ মাজত গ্রহ, নক্ষত্ৰও বিলোপ হৈ পৰে। খৰালিত শুকাই যোৱা খাল-বিল, নদ-নদী, জান-জুৰি বাৰিষাকালৰ বৰষুণত উপচি পৰে।

উপবাসে থাকি শুকাই-খীণাই যোৱা তপসীসকলে যিদৰে খাই-বৈ পুষ্ট হোৱাৰ দৰে শুকাই যোৱা খাল-বিল, জান- জুৰিবোৰক বৰষুণৰ পানীয়ে পুনৰ পৰি পুষ্ট কৰি তোলে। ইয়াত কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাবলৈ প্ৰয়াস কৰিছে যে মুষলধাৰ বৰষুণে পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক তেনেদৰে কৃষ্ণত যাৰ মন আসক্ত তেনেলোকক বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে বিচলিত কৰিব নোৱাৰে। যিসকল লোকৰ মন ভক্তি ধৰ্মত আসক্ত হৈ থাকে সেইলোকসকলক বাস্তৱ জীৱনৰ সামগ্রিক যন্ত্রণাই একো কৰিব নোৱাৰে।

বর্ষা ঋতুত আকাশত চালে চকু ৰোৱা ৰামধেনুয়ে অতুলনীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। কবিৰ মতে ৰামধেনুৰ দৰেই ভগৱানৰো নিজৰ কোনো গুণ নাই যদিও সকলোতে তেওঁ বিৰাজমান। ভগৱানে তেওঁৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অৰ্থাৎ এই বিশ্বব্রহ্মাণ্ডৰ সকলোবস্তুৰ মাজেৰে ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। এইদৰে মহাপুৰুষ শংকদেৱে বর্ষাঋতুৰ স্বাভাৱিক মনোমোহা দৃশ্যৰ দ্বাৰা ভক্তি ধৰ্মৰ তাত্ত্বিক মহত্বৰ কথা বর্ণনা কৰিছে।

অথবা

(খ) ‘ই যে অগ্নি বীণাৰ তান’ কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা কবিগৰাকীৰ প্ৰবল স্বদেশপ্রেমৰ এটি আভাষ দাঙি ধৰাঁ।

উত্তৰঃ অসম কেশৰী বুলি খ্যাত অম্বিকাগিৰি ৰায় চৌধুৰীদেৱৰ ‘ই যে অগ্নি বীণাৰ তান’ শীর্ষক কবিতাটিৰ মাজেৰে গভীৰ স্বদেশপ্রেম প্রকাশ পাইছে। ৰায়চৌধুৰীৰ কবিতা আৰু গীতত দুটা সুৰৰ প্ৰকাশ দেখা যায়। এটা হ’ল ৰহস্যবাদী প্ৰেমৰ সুৰ আৰু আনটো হ’ল গভীৰ স্বদেশপ্ৰেমৰ সুৰ।

কবিতাটোৰ মাজেৰে কবিয়ে দেশৰ জনগণৰ পৰাধীনতাৰ শিকলি ছিঙি, সমাজৰ পৰা হীনতা-নীচতা কলুষ-কালিমা নাশ কৰি এক শ্রেণীহীন সমাজ গঢ়াৰ বাবে কবিয়ে দৃঢ়সংকল্প লৈছে। যিখন সমাজত হীনতা, নীচতা, ভীৰুতাভাৱ নাথাকে। কবিৰ মতে জীৱনটো হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ- পণৰ এক সংগ্ৰামহে। এই সংগ্রাম হৈছে অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্রাম সুধাৰ কাৰণে, অমৃত মন্থনৰ বাবে কবিয়ে দেশমাতৃৰ বাবে জীৱন দান কৰিবলৈ হাবিয়াস কৰিছে।

কবিয়ে শোষিত-জৰ্জৰিত, নিষ্পেষিতক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ জগাই তুলিছে। মানৱীয় অধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে বজ্র নিনাদ গুজৰি এটা পৰিকল্পিত অভিযান চলাবলৈ কৈছে। স্বদেশ-স্বজাতি মহামানৱতা মূৰ্চ্ছিত কৰি ঘোৰ অপমান, উৎপীড়ন কৰা সেই গৰ্বীসকলৰ গৰ্ব চুৰমাৰ কৰি মানৱৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সকীয়াই দিছে। ভাৰতৰ লাঞ্ছিত জনতাৰ এই ঘৃণনীয় ইতিহাস মচি দিবলৈ ‘মানৱতা অৱমাননাকাৰী ‘ক নিঃশেষ কৰিবলৈ আহ্বান জনাইছে। হেজাৰ ত্যাগ স্বীকাৰ কৰি, হেজাৰ বাধা অতিক্ৰম কৰি দৃঢ় মনোভাবেৰে দেশৰ মংগল সাধন কৰিবলৈ কবিতাটোৰ দ্বাৰা সকলোকে কবিয়ে আহ্বান জনাইছে।

৩। প্ৰশংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঁ : (যিকোনো আছোৱা) 

(ক) সেই গাঁও, সেই দিন   গ’ল আজি সকলোটি

একেলগে সকলো হেৰাল; 

আগৰ সকলো আছে     তথাপিও কিবা যেন

কাঁহ পৰি জীন যোৱা —

সকলোটি নিমাত নিতাল।

উত্তৰঃ উদ্ধৃত কবিতাফাকি অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা, গৱেষক, কবি ডিম্বেশ্বৰ নেওগ ৰচিত  ‘মোৰ গাঁও’ কবিতাটিৰ অন্তৰ্গত।

কবিয়ে ইয়াত শৈশৱ কালত কটাই অহা নিজৰ গাঁওখনৰ বৰ্তমান অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে। 

কবিয়ে ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি ভবা নিজ গাঁওখনতে জন্ম লাভ কৰি যৌৱনপ্ৰাপ্ত হোৱা সময়লৈকে লগৰ লগৰীৰ সৈতে খেলা – ধূলা কৰি, জাৰৰ মেজিৰ বাবে খৰি বিচাৰি, পথাৰে পথাৰে গৰু যুজঁ চাই , ইটিয়ে সিটিক মৰম – চেনেহ দিয়া দিই কৰি , আই বাই ভনীৰ মৰম চেনেহৰ মাজত সেই কালছোৱা অতিবাহিত কৰিছিল। সেইবোৰ শৈশৱ কালৰ স্মৃতিয়ে কবিক সততে ব্যাকুল কৰি তোলে। কিন্তু আজি  ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ কবিৰ গাঁওখনৰ আগৰ সেই সৌন্দৰ্য নাইকিয়া হৈ আহিছে। গঞাৰাইজৰ মাজত আগৰ সেই সমাজ বান্ধোনো নাই , মানুহৰ মাজত মিলা প্ৰীতি একতাৰ কেৱল জঁকাটোহে আছেগৈ। জাতীয় উৎসৱ আদিত ৰং – ধেমালিত কোনো আন্তৰিকতা নাই, কোনো প্ৰাণ নাই। 

মানুহে মানুহৰ মৰম নিচিনা হল, কেৱল ধনকহে চীনা হল, মানুহ কেৱল ধনৰ পিছে পিছে দৌৰা হল। ইয়াৰ লগে লগে অনেকক দাৰিদ্ৰই বেয়াকৈ পীড়িব ধৰিলে, বছৰ জোৰাই খাবলৈ নাটনি হল। সেই কাৰণে গাঁৱৰ মানুহে খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছেগৈ, হয়তো এটা সময়ত গাঁও গুচি  ‘নতুন পাতনি’  হবগৈ। গাঁওখনৰ এনে পৰিবৰ্তনে কবিৰ মনত দাৰুণভাৱে আঘাত দিছে।

(খ) ৰূপান্তৰে আহি 

ৱৰণ সলই হাঁহি

মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত।

যুগ কাল বাজনাৰে কৰি লৈ সঙ্গত।

উত্তৰঃ 

৪। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ :

(ক) ‘বর্ষা বর্ণন’ কবিতাত থকা এটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা।

উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ কবিতাটিত মহাপুৰুষ শংকৰদেৱে বিভিন্ন উপমাৰ প্ৰয়োগ ঘটাই অনেক তত্বমূলক কথা প্ৰকাশ কৰিছে । তাৰে দুটা উপমাৰ ভিতৰুৱা ভাব তলত বুজাই লিখা হল, 

(ক)  “যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ ।

তাক যেন লঙিঘবে নাপাৰে দুঃখ ক্লেশ ।।”

ভিতৰুৱা ভাব :- কৃষ্ণত একান্তভাৱে যিজনৰ মন অৰ্পিত হৈ থাকে , তেওঁক সংসাৰৰ কোনো দুখ – ক্লেশে তলাব নোৱাৰে । ঠিক তেনেদৰে মূখলধাৰে দিয়া বৰষুণেও স্থিৰ , গহীন – গভীৰ পৰ্বতৰো একে হানি – বিঘিনি কৰিব নোৱাৰে ।

(খ)  “নাকলিয় চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণ ।

যেন জীৱ – আত্মা শৰীৰতে ভৈল চন ।।” 

ভিতৰুৱা ভাব :- শৰীৰতে জীৱ – আত্মা লুকাই থাকে । ইয়াক আমি চকুৰে নেদেখোঁ । ঠিক তেনেদৰে মেঘে ঢাক আকাশত চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণক আমি চকুৰে নেদেখোঁ যদিও তাৰ ভিতৰতেই আকাশত এইসমূহ সদা বিদ্যমান হৈ থাকে ।

(খ) কবি ডিম্বেশ্বৰ নেওগে কোনখন গাঁৱক কিয় ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাৰণ বুলি কৈছে?

উত্তৰঃ কমাৰফদিয়া গাঁওখনক কবিয়ে ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ বুলি কৈছে । 

(গ) অর্থ লিখা : পৰাৎপৰ, নিনাদ, কিন্নৰী।

উত্তৰঃ পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ’ল- শ্রেষ্টতকৈও শ্রেষ্ট, পৰমসত্য ।

নিনাদ বোলা কথাষাৰৰ অৰ্থ হ’ল- গহন বনত চৰাই ।

কিন্নৰী বোলা কথাষাৰৰ অৰ্থ হ’ল- সর্গত নৃত্য কৰা অপ্সৰী ।

(ঘ) সীতানাথ ব্ৰহ্মচৌধুৰীৰ তিনিখন কাব্যগ্ৰন্থৰ নাম লিখা।

উত্তৰঃ কমল কলি , আৱেগ আৰু চকুলো ।

৫। চমু উত্তৰ লিখাঁ : (যিকোনো তিনিটা)

(ক) বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি?

উত্তৰঃ বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম হ’ল- বেদান্ত বা উপনিষদ ।

(খ) শঙ্কৰদেৱে কি মন্ত্ৰেৰে অসমক আকৌ প্ৰাণ দিছিল?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধর্ম , ভাষা , সংস্কৃতি , সাহিত্য , ৰীতি নীতি , সদাচাৰ , ব্যৱহাৰ ধৰ্মভাৱ আদি দি অসমক আকৌ প্ৰাণ দিছিল ।

(গ) প্ৰথম বিহুৰ-নাচ আৰু গীত সম্পৰ্কে কোনখন অসমীয়া উপন্যাসত উল্লেখ পোৱা যায়?

উত্তৰঃ ‘মিৰিজীয়ৰী’ ৰজনীকান্ত বৰদলৈৰ উপন্যাসত ।

(ঘ) ‘পৃথিৱীৰ চৌপাশে এপাক’ গ্ৰন্থৰ লেখক কোন?

উত্তৰঃ ড° প্রফুল্ল দত্ত গোস্বামী ।

৬। (ক) ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠটোৰ মাজেৰে বেজবৰুৱাৰ ব্যংগাত্মক ভাবধৰা কেনেদৰে প্রকাশ পাইছে লিখা।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই  ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোত প্ৰথমতে উল্লেখ কৰিছে যে ভাৰতবৰ্ষত ঋষি মুনি সকলে বেদ , বেদান্ত , ষড়দৰ্শন , জ্যোতিৰ্বিদ্যা , আয়ুৰ্বেদ , ৰসায়ন আদি জ্ঞান বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ , ন্যায় , নীতি , পুৰাণ , সংহিতা , নৃত্য , গীত আদি চৌষষ্ঠি কলাৰ গ্ৰন্থকে ধৰি অসংখ্য গ্ৰন্থ ৰচনা কৰি থৈ গল। এইবোৰৰ শিক্ষাও তেওঁলোকৰ শিষ্য – প্ৰশিষ্যাদিক সুন্দৰভাৱে দিলে। অথচ আজিৰ যি বুৰঞ্জী ৰচিত হৈছে সেই বুৰঞ্জী ৰচনা কৰিবলৈ তেওঁলোকে অকণো মন কান নকৰিলে নে বুৰঞ্জী এখন ৰচনা কৰিবলৈ তেওঁলোকৰ বিদ্যাৰ নাটনি হল বুলি বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাবে উল্লেখ কৰিছে।

অভাৰতীয় বিদেশীয়ে কোৱা – মেলা কৰে যে ভাৰতীয়সকলৰ Historical sense অৰ্থাৎ বুৰঞ্জী জ্ঞানৰ অভাৱ। এই কথা কিন্তু বেজবৰুৱাদেৱে মানি লব খোজা নাই। তেওঁ নিজকে পণ্ডিত বুলি নকলেও তেওঁ কিন্তু পুৰাণ , ভাৰত আৰু বুৰঞ্জী ইতিহাসৰ ৰত্নাৱলী অনেক  পঢ়িছে । পুৰাণবোৰ ভঙুৱাৰ গল্প , কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ বুলি তেওঁ কেতিয়াও নাভাবে। তেওঁৰ দৃঢ় বিশ্বাস যে পুৰাণ বোৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাঞ্ছিতৰ জীৱনৰ বুৰঞ্জী। অৱশ্যে বৰ্তমানৰ বুৰঞ্জীকহে যিয়ে প্ৰকৃত বুৰঞ্জী বুলি বিশ্বাস কৰে তেওঁলোকে হয়তো বেজবৰুৱাই পুৰাণবোৰকো বুৰঞ্জী বোলা কথাষাৰ ঢিলিকতে উৰুৱাই দিব। তথাপি বেজবৰুৱাই ইয়াৰ বাবে অনুশোচনা নকৰে। 

মুঠতে বেজবৰুৱাই বিশ্বাস কৰে আগৰ কানীয়া ঋষি মুনি জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গল , আৰু তাকে লৈ আমি বৰ্তমান বৰ্তি আছোঁহক । সেই কাৰণেই পুৰাণক কল্পতৰু বুলি আখ্যা দিয়া হৈছে ।

আজিৰ হিচাপ মতে পুৰাণ বুৰঞ্জী নহলেও ই সকলোবোৰ লাগতিয়াল সংবাদৰ ৰহঘৰা । সেই সংবাদ হৈছে – ধৰ্ম , কৰ্ম সম্পৰ্কীয় আধ্যাত্মিক উন্নতি পৰকালৰ মহাবিত্ত লভি সংসাৰৰ কৰ্ম – বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ , পৰম বিষ্ণুপদ লভিবৰ সংবাদ । অকল এয়ে নহয় , ইয়াত আছে পৰমপদ লভিবৰ উদ্দেশ্যে উদাহৰণ , আৰ্হি , উপাখ্যান ৰূপক , নীতি আৰু সজ উপদেশ আৰু সেই সম্পৰ্কে ইতিহাস , ভূগোল , বংশৱলী আদিৰ বৰ্ণনা । সেই কাৰণেই বেজবৰুৱাৰ কাৰণে পুৰাণ is a mine of wealth , অৰ্থাৎ ৰত্নৰ ভাণ্ডাৰ । তদুপৰি পুৰাণত আছে পুণ্যশ্লোক ভগৱন্তৰ গুণানুকীৰ্তনৰ অৰ্থে ঈশ্বৰ পৰায়ন সাধুসকলৰ চৰিত্ৰ আৰু কাৰ্যকলাপৰ বিৱৰণ । 

বুৰঞ্জী আহোমসকলৰ দান । ইয়াত সাধাৰণতে মুখ্য মুখ্য কিছুমান সৰ্ববাদীসন্মত কথাৰ বাহিৰে স্ববংশ আৰু স্বজনৰ জয়জয়কাৰ , আৰাও আৰু যাক ভাল পোৱা নাযায় তাৰ কলংক আৰু অধঃপতনৰ ঠেলা আদিৰ বিৱৰণ পোৱা গৈছিল । এনে অনেক বুৰঞ্জী সেই সময়ত ৰচিত হৈছিল যতিও ভালেমান বুৰঞ্জী পুৰিও পেলাইছিল ।

অনেকে বুৰঞ্জী লিখিবলৈ গৈ অনাৰ কথা শুনি বা চকুত যি পৰে তাৰ সত্যাসত্য বিচাৰ নকৰি লেখাৰ কাৰণেই কিছুমান বুৰঞ্জীত নানা অসত্য কথাও সোমাই পৰে । সেই কাৰণেই বুৰঞ্জীৰ অনেক কথাৰ প্ৰকৃত সত্য উদ্ঘাটন কৰাটো টান হৈ পৰে ।  বেজবৰুৱাই এইকাৰনেই কৈছে যে বুৰঞ্জী বিহীন প্ৰাচীন আৰ্য হিন্দুজাতি আজিও জীয়াই আছে কিছু বুৰঞ্জীৰ মেতমৰা প্ৰাচ্য আৰু পাশ্চাত্যৰ অনেক জাতি বিলুপ্ত হৈছে।

বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ লেখাটো ব্যংগাত্মক ভাৱধাৰাৰে উপস্থাপন কৰিছে । প্ৰথমে প্ৰাচীন ঋষি মুনি সকলে আজিৰ যি বুৰঞ্জী সেই বুৰঞ্জী নিলিখাৰ কাৰণে ইমানবোৰ পুৰাণ , বেদ , বেদন্তাদি শাস্ত্ৰ লিখা সেইসকলৰ বুৰঞ্জী লিখাৰ কাৰণে বিদ্যাৰ নাটনি পৰিল নেকি বুলি কৈছে।তেওঁলোকেনো অন্ততঃ চকুত বেমাৰত চকুৰ বটি দিবলৈকে খোৰা বুৰঞ্জী এখন লেখি থৈ যাব নাপায় নে ?

তাৰ পিছত পুৰাণবিলাক যে এক প্ৰকাৰ বুৰঞ্জীয়েই এই কথা বেজবৰুৱাই যুক্তিসহকাৰে দাঙি ধৰোঁতে ব্যংগ কৰি কৈছে যে পুৰাণ বিলাক  ‘ভঙুৱাৰ গল্প , কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ’ নহয় । আমাৰ পণ্ডিতসকলৰ হিচাপমতে ক বুলিব পাৰিলোঁ বা নোৱাৰাকৈ – বুলি কিছুমান পণ্ডিতৰ আনৰ প্ৰতি থকা হেয়জ্ঞান ভাবৰ কথা ব্যংগ কৰিছে । তেওঁ এই ক্ষেত্ৰত তেনে পণ্ডিতক ব্যংগ কৰি হাল বোৱাৰে পৰা জবকাৰে জাৱৰ টানি , বোকাত ভূঁই ৰুই খেতি কৰি পোৱা আনন্দৰ শইচৰ কথাৰে মহাপুৰুষৰ এটি পদৰো উদাহৰণ দিছে । 

ইয়াৰ পিছত ‘মোৰ এই গেন্ধেলা মুখৰ পৰা ওলোৱা গেন্ধেলা কথা’ , ‘আমাৰ সেই কাৰ্যত ৰাম বিষ্ণু বা আল্লা খোদা বুলিবলৈ একোকে নাই’ , ‘ৰত্ন চিনি নোপোৱা হনুমন্তৰ নিমিত্তে যি অকিঞ্চিৎকৰ পাথৰ’ , ‘নিজৰ পো – টো অঘাইটং হলেও মাকৰ চকুত সি সোনামুৱা , আৰু পৰৰ পো – হে লাঠুৱা জহনীত যোৱা’ , ‘মোৰ গুৰুজনা বৈকুণ্ঠৰ পৰা সোঁশৰীৰে সোণৰ জখলাইদি নামি আহিছে আৰু তোমাৰজনা বাঁহ তলৰ  খালত থকা এডোঙা পানীৰ পৰা পূৰ্বকায় পৰিত্যাগ কৰি জপিয়াই পৰাত উঠা ভেকুলীৰ পোৱালি । মোৰ গুৰুজনাহে তোমাৰ পথপ্ৰদর্শক । তোমাৰ জনা তেওঁৰ পাছে পাছে কমলি ধৰি যোৱা লেমঢৌ । মোৰ অৱলম্বিত ধৰ্ম সত্যৰ দানা বন্ধা মিচিৰি , তোমাৰ ধৰ্ম নাক জনজনাই যোৱা পানী কাহুদী ।’ ― আদি অনেক ব্যংগাত্মক কথাৰে আজিৰ মানুহৰ , আজিৰ কেতবোৰ পণ্ডিতৰ মনোভাব আৰু চৰিত্ৰ প্ৰকাশ কৰিছে । আজিৰ নিজক সাধু মহন্ত বোলোওতা কিছুমান লোকে মুখেৰে গীতা –  ভাগবত মতি সত্যৰ গুৰি ধৰোঁতা হৈ কাৰ্যত  সেইবোৰ  ‘সোপায়ং নাম : ‘ কৰি মিছাৰ আশ্ৰয় লোৱাৰ কথাকো তেওঁ ব্যংগ কৰিছে । আত্মজীৱনী লেখকসকলকো তেওঁ ব্যংগ কৰিবলৈ এৰা নাই । এইসকল লেখকে যে নিজকে কলিকতিয়া বাবু আৰু উচৰচুবুৰীয়াক পৰুৱা আৰু উই হাফলু ভাবে ― এই কথাও ব্যংগভাবে ব্যক্ত কৰিছে । 

আহোমসকলে বুৰঞ্জী লিখাৰ ক্ষেত্ৰতো যে কিছুমান খুট ৰৈ গৈছিল তাকো তেওঁ ব্যংগাত্মক ভাবে উল্লেখ কৰিছে । মিছলিয়া নহলে সৰৱজান নহয় বুলি কণাই হাতী দেখা সাধুটোৰ কথা উল্লেখ কৰিছে । লেলাই – ধেন্ধাই হলেও প্ৰাচীন আৰ্য হিন্দু জাতি যে আজিও জীয়াই আছে , আৰু বুৰঞ্জী লেখক তথা প্ৰাচ্য – প্ৰাশ্চাত্য অনেক জাতি যে কালৰ বুকুত হেৰাই গৈছে ― এই কথাৰেও বুৰঞ্জীৰ সত্যা – সত্যক বেজবৰুৱাই ব্যংগাত্মক ভাৱে ব্যক্ত কৰিছে । 

এনেদৰে  ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোত বেজবৰুৱাৰ ব্যংগাত্মক ভাব ধাৰা প্ৰকাশ পাইছে ।

অথবা

(খ) বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

উত্তৰঃ বিহু কেৱল অসমতে নহয় ভাৰতৰ অন্যান্য অঞ্চলতো ইয়াক বেলেগ বেলেগ নামেৰে পালন কৰা হয়। অসমত বিষুৱ সংক্রান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সম্পৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত বিভিন্নৰূপত পালন হোৱা দেখা যায়। যেনে-দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে।

সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতো “বিষু উৎসৱ’ (মেলা) বুলি এক উৎসৱৰ প্ৰচলন আছে। মধ্য প্রদেশৰ ওৰাওঁসকলে গ্ৰীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে— ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। কিছুমান অঞ্চলত ‘বিষু’ নুবুলি বৈশাখী’ বোলা হয়।

৭। তলত দিয়া যিকোনো দুটাৰ বিষয়ে চমুকৈ লিখা :

(ক) ৰামায়ণ।

উত্তৰঃ মহাকবি বাল্মিকীয়ে ৰচনা কৰা এখন মহান কাব্য-গ্রন্থ। ভগৱান ৰামচন্দ্ৰৰ জীৱনক কেন্দ্র কৰি ব্লচনা কৰা এই কাব্যগ্রন্থখনক আটাইতকৈ প্রাচীন ভাৰতীয় কাব্যগ্রন্থ বুলি স্বীকৃতি দিয়া হৈছে। সনাতন হিন্দুধর্মৰ  লােকসকলে ৰামায়ণক অতি-ভক্তিভাৱে চায় আৰু ইয়াৰ আদৰ্শসমূহ পালন কৰিবলৈ যত্ন কৰে। ৰামায়ণত বর্ণিত উল্লেখযােগ্য ঘটনাসমূহ হ’ল পিতৃ সত্য পালি ৰামৰ বনবাস, বনবাসৰ কালছােৱাত ৰামৰ পত্নী সীতাক লংকাপতি ৰাৱণৰদ্বাৰা হৰণ, হনুমান আদি ৰীৰৰ সহযােগত ৰামৰদ্বাৰা লংকা যুদ্ধৰ জৰিয়তে সীতাক উল্কাৰ, পাছত ৰামৰদ্বাৰা সীতাক আকৌ বনবাস আদি। হেজাৰ হেজাৰ বছৰ ধৰি ৰামায়ণে ভাৰতীয় সমাজ জীৱনক আলােড়িত কৰি আহিছে।

(খ) ইন্দ্ৰধ্বজ পূজা।

উত্তৰঃ ইন্দ্ৰধ্বজ পূজাৰ ইতিহাস অতি প্রাচীন। এই পূজা ৰজাসকলে প্ৰধানকৈ কৰিছিল। এই পূজাৰ উদ্দেশ্য বৰষুণ অনায়ন। ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালত ৰজাসকলে বৰষুণৰ বাবে ইন্দ্ৰধ্বজ পূজা কৰিছিল। ‘কালিকা পুৰাণ’কে আদি কৰি প্ৰাচীন গ্ৰন্থত এই উৎসৱৰ সবিশেষ পোৱা যায়। জনশ্রুতিমতে, ইন্দ্ৰধ্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰোগ নাশ হয়। শস্যৰ সমৃদ্ধি সাধন হয়। অসমীয়া ভঠেলি উৎসৱৰ লগত এই ইন্দ্ৰধ্বজ পূজাৰ মিল দেখা পোৱা যায়।

(গ) আসাম বন্ধু।

উত্তৰঃ ‘অৰুনোদই’ কাকত প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘আসাম বন্ধু’ নামৰ মাহেকীয়া আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পায়। ইং ১৮৯৪ চনলৈ চলা এই আলোচনীখনত বা-বাতৰিৰ উপৰি অসমৰ সাহিত্য, বুৰঞ্জী তথা সমাজৰ নৈতিকতা সম্পর্কে নানা কথাই স্থান পায়।

৮। (ক) নৱকান্ত বৰুৱাৰ ‘কপিলীপৰিয়া সাধু’ উপন্যাসত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু মহাত্মা গান্ধীৰ প্ৰসংগ কেনেদৰে উত্থাপিত হৈছে আলোচনা কৰাঁ।

অথবা 

(খ) ‘কঁপিলি দুখৰো চকুলো ― আনন্দৰো চকুলো।’ এই উক্তিৰ আধাৰত কপিলি নদীৰ স’তে দাঁতি কাষৰীয়া মানুহৰ আত্মিক সম্পৰ্ক বিচাৰ কৰা‍ঁ।

উত্তৰঃ পশ্চিম নগাঁৱৰ মাজেৰে বৈ যোৱা কপিলী এখনি জীয়া নৈ । খাচিয়া , জয়ন্তীয়া আৰু মিকিৰ পাহাৰৰ পৰা বিভিন্ন জান – জুৰিয়ে  শিলদল ভাঙি বৈ অহা প্ৰচুৰ পানীৰে পৰিপুষ্ট হয় এই নৈখনি । বাৰিষা  তিনিওখন পাহাৰে যোগোৱা পানীৰে কপিলী উপচি পৰে । কপিলীৰ পৰা বাগৰে । পথাৰ বুৰ যায় । একাঠু , এককাল , তামোল – টেঙাৰ বাৰীত এবুকু পানী হয় । পানীয়ে চোতাল চোৱে , – চোতালত ঢোৰাসাপে কিলকিলায় । মজিয়াত উজাই অহা কাৱৈ মাছৰ লানি । ৰাতিপুৱা চোতালত একাঠু , আবেলিলৈ এবুকু , ― ৱেৰৰ মাৰি পানীত চপৰাচপৰে খহে । গধূলি পানী বাঢ়ি গৈ পানীয়ে ৰুৱা – মাৰলী চোৱেগৈ । পশ্চিম নগাঁও এখন অথাই সমুদ্ৰ হয় । মাজে মাজে ওলাই থাকে মাত্ৰ কেইখনমান গাঁও । গৰু গাই উটি যায় । মানুহে আশ্ৰয় লয় দ্বীপ হৈ পৰা ওখ ঠাইবোৰত । মানুহ আৰু আন আন জীৱ জন্তু মৰে ― পানীত , মাটিত , ― বেমাৰত আৰু অনাহাৰত ।

ৰিলিফৰ নাও আহি মানুহবোৰৰ মাজত দিনে আধাপোৱা চাউল , দুৰ্দিনত এক ছটাক দাইল , সপ্তাহটোত আধা ছটাক তেল , কিছু কাপোৰ কানি , ― দুগজ মাৰ্কিন , এফাল কম্বল আদি বিলায় । বেমাৰ ভাল কৰিবলৈ ডাক্তৰ আহে , কুইনাইন আদি সামান্য ঔষধ পাতি দিয়েহি । 

আকৌ কপিলী শুকায় । কপিলীয়ে পলস পেলোৱা সাৰুৱা মাটিত প্ৰচুৰ শালি ধান হয় । ছেদেলি ভেদেলি হোৱা গাওঁবোৰ লাহে লাহে পুনৰ ঠন ধৰিবলৈ ধৰে । মানুহে দুখৰ কথা পাহৰি যায় । 

বাতৰিকাকতে লিখা মতে কপিলী নগাঁৱৰ চকুলো । কপিলীপৰিয়া মানুহে জানে তেওঁলোকৰ কপিলীৰ পানীয়েই তেওঁলোকৰ মাটিত পলস পেলাই সাৰুৱা কৰে , জীপ দিয়ে । কপিলীৰ নিৰ্মল পানীয়েই তেওঁলোকৰ পিয়াহ গুচায় । কপিলীৰ বুকুৱেদিয়েই তেওঁলোকৰ বেহা – বেপাৰ চলে ৰজাদিনৰে পৰা । গোভা , নেলী , ডিমৰুৱাত ৰজা , গোৱালীবোৰৰ ৰাজ্য বোৰ কপিলী পাৰৰে । আহোম – জয়ন্তীযাৰ বিবাদৰ কেইবাখনো যুদ্ধৰ থলী কপিলীৰ পাৰ । জয়ন্তীয়াৰ ধেমেলীয়া কটকী কপিলীয়ে দি আহি জাগীৰ চকীত পত্ৰ সন্দেশ দিছিল । এনেদৰে কপিলীয়েই কপিলীপৰিয়া মানুহৰ জীৱন 

৯। (ক) ‘ৰজাপোৱালীৰ দেশ’ বুলি ঔপন্যাসিকে কোন কেইখন ঠাইৰ সাতে পাঁচে বাৰঘৰ ৰজাৰ কথা উল্লেখ কৰিছে।

উত্তৰঃ বাৰপুজীয়া, গোভা, নেলী, খলা ডিমৰুৱা।

(খ) ৰূপাচিং ৰজাই তিলক গোঁসাইলৈ লিখা চিঠিখন মৰ্মাৰ্থ কি আছিল?

উত্তৰঃ অধীনত বিনীত নিবেদন এই যে অধীনৰ মঙ্গল । বিশেষ সমাচাৰ এই, আমাৰ গাঁৱৰ নিম্ন প্ৰাইমেৰী স্কুলত পণ্ডিত বেথাৰম বৰা স্বৰাজৰ কামত চিলটৰ ফাটেকতে পৰলোক হ’ল । আমি এজন জনা বুজা শিক্ষক বিচাৰিছোঁ । লোকেল বোৰ্ডে সাহাৰ্য্য নকৰালৈকে আমি পইচা তুলি পণ্ডিতজনক মাহিলি ১২ টকা কৰি দিম । ৰাইজো মান্তি হৈছে । এতেকে অধীনৰ সৰল গোহাৰী এয়ে যে আপুনি আমাৰ উক্ত স্কুলৰ নিমিত্তে এজন শিক্ষক পঠিয়াই দিয়ে ।

(গ) ‘গোসাঁই পুখুৰী’ সৃষ্টিৰ নেপথ্যত থকা কিম্বদন্তিটো লিখাঁ।

উত্তৰঃ ‘গোঁসাই পুখুৰী’টো বহুদিনীয়া পুখুৰী , কিমান দিনৰ পৰা আছে কোনোৱে নাজানে । এই পুখুৰীটো হোৱাৰ এটা জনশ্ৰুতিমূলক কাহিনী আছে । কাহিনীটো এনে ধৰণৰ –

এবাৰ সেই ঠাইত কালিয় দমন নাট হৈছিল । গোসাঁইৰ ভাও গোসাঁইৰ লৰাইহে লয় । গাঁৱত কালিয় দমন নাট মেলিলে ওচৰে পাজৰে গোঁসাই কেইঘৰ বৰ ভয়ে ভয়ে থাকে । ৰাইজে ঢোল খোল লৈ তামোল পানেৰে যি ঘৰত গোঁসাই ভাও লবলৈ লৰা বিচাৰিব দিবই লাগিব । নিদিলে বৰ জগৰ লাগে । কি হয় ঠিক নাই । আনহাতে লৰা দিয়াও টান । কিনিবাদি কৰবাত  ‘ছিদ্ৰ’ ওলালে ভাওনাৰ দিনাই গোঁসাই থিত লয় । কুঁহিলা – তুলাপাতেৰে সজা কালীনাথ জীৱন্ত হৈ উঠে , – হোলাকা হোলোকে তেজ বতিয়ায় । গোটেইখন তালফাল লাগে , —কৃষ্ণই ফনাত উঠি নচা ঠাইডোখৰত এটা পুখুৰী হয় , লাহে লাহে চাপটোৱে সৈতে ভাওলোৱা লৰাজন পানীৰ তললৈ সোমাই যায় । 

এনেকৈয়ে এই পুখুৰীটো হোৱা বুলি মানুহে বিশ্বাস কৰে । বৰ্তমানেও গোঁসাই পুখুৰীটোৰ পৰা চাৰিটা বৰ ওখ বাহিৰৰ পৰা পানী নোসোমায় । পাৰত হাবি , তামোল আৰু বাঁহ , ৰবাব টেঙা পৰি সৰে , তাতে  গাযে । গৰখীয়া লৰায়ো নোবোটলে । তালৈ দিনটো মানুহ হিচাপে কয়াল পুখুৰীটোৰ কাছবোৰৰ পিঠিত হেনো শেলুৱৈ গজিছে । মাছ গোটেইটো পুখুৰীত খাই আছে , কোনেও মাৰিবলৈ সাহস নিকৰে ।

১০। তলত দিয়া যিকোনো এজনৰ বিষয়ে চমুকৈ লিখা :

(ক) তিলক গোসাঁই।

উত্তৰঃ তিলক গোসাঁইৰ চৰিত্ৰটো উপন্যাসিকে এজন আদর্শ গান্ধীবাদী, মানৱতাবাদী নেতা হিচাপে দেখুৱাইছে। ৰূপায়ে তিলক গোসাঁইক জেলত লগ পাইছিল। জেলৰ ভিতৰতে তেওঁ গান্ধীবাদী আদৰ্শ আৰু স্বাধীনতা আন্দোলনৰ বাণী প্ৰচাৰ কৰিছিল। ৰূপাইক তেওঁ গান্ধীজীৰ অহিংসা নীতিৰ মহিমা, সত্যাগ্রহীৰ ধৰ্ম আদি বিষয়বোৰ বুজাই দিছিল।

ৰূপায়ে তেওঁৰ ব্যক্তিত্বত মোহিত হৈ তিলক গোসাঁইত শৰণ ল’বলৈ হাবিয়াস কৰি তেওঁক বিচাৰি তেওঁৰ গাঁওখনলৈ গৈছিল। কিন্তু তিলক গোসাঁইয়ে কৈছে যে তেওঁ ৰূপাইক শৰণ দিব নোৱাৰে। তেওঁ এজনৰে শিচ্‌সেয়া হৈছে মহাত্মাগান্ধী। তেওঁ নিজে মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু আদৰ্শৰ ওচৰতহে শৰণ লৈছে। তেওঁ আন গোসাঁইৰ দৰে শৰণ দিয়াৰ নামত শিষ্যক ঠগাব নোৱাৰে। ইয়াতে তেওঁৰ মানবতাবাদী গুণ প্রকাশ পাইছে। নিজৰ সমাজ, দেশৰ প্ৰতি,কৰা কামেই হৈছে প্ৰকৃত ধৰ্ম বুলি তেওঁ ৰূপাইক কৈছিল।

(খ) চুধাংচু বাবু।

উত্তৰঃ নৱকান্ত বৰুৱাই চুধাংচু বাবুৰ চৰিত্ৰটো গুৱাহাটীৰ জেলত থকা সত্যাগ্রহী কয়দীৰ ৰূপত দেখুৱাইছে। তেওঁৰ পানবজাৰত কাপোৰ আৰু মণিহাৰীৰ দোকান আছিল। গান্ধীৰ স্বদেশী আন্দোলনত যোগদান কৰি তেওঁ দোকানত থকা বিলাতী বস্তু জ্বলাই দি গান্ধীৰ খদ্দৰহে বেচিছিল। তেওঁ গান গাই ভাল পাইছিল। তেওঁ ৰূপাইকে ধৰি অন্য কয়দীৰ আগত খুদিৰামৰ ফাঁচী, লাট চাহাবলৈ পিষ্টল মৰাৰ কথাকে ধৰি স্বদেশী আন্দোলনৰ কথা কৈছিল। গান্ধীৰ অহিংসা আন্দোলনৰ তাৎপর্যও ব্যাখ্যা কৰিছিল।

(গ) ভাঙুৰী ভকত।

উত্তৰঃ ভাঙুৰী ভকতে ভুৰবন্ধা গাঁৱত ভকতনীৰ সৈতে বসবাস কৰিছিল। তেওঁ সন্তানহীন আছিল। ভাওনা সবাহৰ প্ৰতি তেওঁৰ বৰ আগ্ৰহ আছিল বাবে বাট ফুৰি বাই হ’লেও ভাওনা চাবলৈ গৈছিল। ৰূপাইক তেওঁ বৰ মৰম কৰিছিল আৰু গীত-মাত শিকাইছিল। ভাঙুৰী ভকতক ঔপন্যাসিকে এজন দূৰদৰ্শী হিচাপে অংকন কৰিছে। ৰূপাইয়ে বৃত্তি নোপোৱাত দেউতাকে তেওঁক খেতিৰ কাম কৰাব খোজাত ভাঙুৰী ভকতে ৰূপাইৰ ভৱিষ্যত চিন্তা কৰি পুনৰ বিদ্যালয়লৈ পঠাবলৈ ধীৰ সিঙক বুজনি দিছিল। তাৰোপৰি বেথাৰাম পণ্ডিতৰ মৃত্যু হোৱাত ৰূপাইৰ হতুৱাই তেওঁ বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰায়। তেওঁ বানপানীৰ সময়ত ইংৰাজ বিষয়াৰ লগত সাহাৰ্য অভিযানত সহায়ৰ হাত আগবঢ়াইছিল।

১১। (ক) ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম কি? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি এটি টোকা যুগুত কৰাঁ।

উত্তৰঃ যোগেশ দাস ৰচিত ‘আমাৰ ছাৰ’ নামৰ গল্পটিৰ প্ৰধান চৰিত্ৰ ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা। গল্পটিত তেওঁক এজন আদর্শ শিক্ষক হিচাপে, আদর্শ সামাজিক ব্যক্তি হিচাপে গল্পকাৰে উপস্থাপন কৰিছে। আচল নামটো ছাৰৰ ব্যৱহাৰ নহয়েই। সেই অঞ্চলৰ প্রায় সকলোখিনি শিক্ষিত লোকৰে ছাৰ কাৰণে সকলোৱে ‘আমাৰ ছাৰ’ বুলিয়েই কয় আৰু যিকোনো লোকে ‘আমাৰ ছাৰ’ বুলি ক’লে তেওঁকেই বুজিছিল। সেয়েহে তেওঁ হৈ পৰিছিল ‘সাৰ্বজনীন ছাৰ’।

‘আমাৰ ছাৰ’ বৰ খঙাল মাষ্টৰ আছিল। ডেকা বয়সত এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ থাকোতেই তেওঁ ডিচিপ্লিন ৰক্ষা কৰিবৰ কাৰণে বিদ্যালয়ত অনেক নিয়ম উলিয়াইছিল। ইয়াৰ ব্যতিক্ৰম হ’লেই কঠোৰ শাস্তি দিছিল। এইক্ষেত্ৰত তেওঁ হেডমাষ্টাৰৰো হাক-বচন প্রায়ে নুশুনিছিল। তেওঁ হেডমাষ্টাৰ হোৱাৰ পিছত বিদ্যালয়খনৰ কাৰণে আতংকস্বৰূপ হৈ পৰিছিল। তেওঁৰ ভয়ত কোনো লৰাই বাৰাণ্ডাত থিয় দি থাকিব নোৱাৰিছিল। ছাত্র বা শিক্ষক পলমকৈ আহিলে বিদ্যালয়ত সোমাব নোৱাৰিছিল। ফাইনেল বেল পৰাৰ লগে লগে ছুটীৰ ঘণ্টা নপৰালৈকে চকীদাৰৰ হতুৱাই প্ৰকাণ্ড তলাটো গেটত লগাই থয়। ছাত্রই মলিয়ন কাপোৰ পিন্ধি আহিলে, কাৰোবাৰ গাত চিঞাহী পেলালে, হোমৱৰ্ক কৰি নিনিলে, লগৰ ল’ৰাৰ লগত কাজিয়া কৰিলে পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি একোজনলৈ বেতৰ কোব দিছিল।

এহাতে কঠোৰ আছিল যদিও আনহাতে মৰমীয়াল হোৱাৰ বাবে শিক্ষক ছাত্ৰসকলে তেওঁক বেয়া পোৱা নাছিল। কোনোবা অভিভাৱকেই শিক্ষকজনৰ তেনে কামবোৰত এবাৰলৈকো আপত্তি কৰা নাছিল। পঢ়িব নোৱাৰিলে গালি পাৰিছিল বা কাণ চেপা দিছিল যদিওঁ তেওঁ কিন্তু ছাত্ৰসকলক মৰম আৰু সহানুভূতিৰে ছাত্ৰসকলে নোৱাৰা কথাবোৰ বাৰে বাৰে বুজাই দিবলৈ কেতিয়াও বেয়া নাপাইছিল। আনকি ছাত্ৰসকলক প্রায়ে দেওবাৰে তেওঁৰ ঘৰলৈ মাতি নি অংক আৰু ইংৰাজী শিকাইছিল। ইয়াৰ উপৰি তেওঁ ছাত্ৰৰ ঘৰলৈ গৈয়ো তেওঁলোকৰ পঢ়া-শুনাৰ খা-খবৰ লৈছিল আৰু নোৱাৰা অংক বা ইংৰাজী শিকাই দিছিল। অৱসৰৰ পিছতো তেওঁ ছাত্ৰসকলৰ লগত আগৰদৰেই সম্পৰ্ক ৰক্ষা কৰিছিল।

অথবা

(খ) ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষ কেনেদৰে চিত্ৰিত হৈছে, তাৰ এটি আভাস দাঙি ধৰাঁ।

উত্তৰঃ ‘হাতী’ নামৰ গল্পটিত হোমেন বৰগোহাঞিয়ে প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয় কৰে তাক সুন্দৰকৈ অংকন কৰিছে। বলোৰাম মেধি আৰু ‘বাপধন’ নামৰ মৰমৰ হাতীটোৰ প্ৰতি সময় বাগৰাৰ লগে লগে পুতেকহঁতে কিদৰে হাতীটোক অনাদৰ কৰিলে তাকে বুজাইছে। এটা মূল্যৱান বস্তু প্ৰজন্মৰ ব্যৱধানত কিদৰে মূল্যহীন হৈ পৰে তাকো লেখকে সুন্দৰকৈ প্ৰকাশ কৰিছে।

ধনে-ধানে, মাটি-বাৰীয়ে বলোৰাম মেধি মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত আজিৰ দৰে গাড়ী-মটৰ কম আছিল। হাতী-ঘোঁৰাই সেই সময়ৰ অভিজাত বাহন বুলি বিবেচিত হৈছিল। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামেও চাৰি কুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি হাতী এটা কিনি তাক বাপধন নাম দিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক স্বৰূপ।

এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা- ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি, মানুহে ক’বলৈ ধৰিলে। বলোৰাম মেধিয়েও হাতীটোক ঘৰৰ লক্ষ্মী বুলি ভাবিলে। কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ তথা হাতীটোৰ প্ৰতি থকা মূল্যবোধ বেছি স্থায়ী হ’বলৈ নাপালে।

তেওঁৰ পিছৰ প্ৰজন্মই হাতীটোক মূল্য দিব নোৱাৰিলে। বলোৰামৰ পুতেকহঁতৰ মতে মটৰ গাড়ী এখন নহ’লে কোনেও আজিকালি আচল ধনী বুলি নাভাবে। পুতেকহঁতৰ মতে পদুলি মুখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে আভিজাত্য বাঢ়ে। তেওঁলোকৰ মতে হাতী ৰখাটো এক বাজে খৰচহে। গতিকে সিহঁতৰ মনত আজিৰ যুগত খাপ নোখোৱা আও পূৰণি আৰু মূল্যহীন হাতীটো বিক্ৰী কৰি মটৰ-গাড়ী এখন কিনাৰ চিন্তাই ঠাই পালে। এই কথা শুনি বলোৰাম মেধিয়ে উত্তেজিত হৈ চিঞৰি উঠিল ‘কি কলি? বাপধনক বেচি মটৰ কিনিব খোজ কি কলি আৰু এবাৰ কচোন। আনহাতে পুতেকহঁতে সামান্য হাতীটো বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাপেকৰ খং উঠা কাৰণে ভাবি বিমুঢ় হৈ পৰিল। উপায়হীন হৈ পিছদিনাই পুতেকহঁতে বেংকৰ টকা উলিয়াই এখন এম্বছেদৰ গাড়ী কিনি আনিলে।

হাতী বলোৰাম মেধিৰ বাবে আভিজাত্যৰ প্ৰতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুতেকহঁতৰ বাবে আওপুৰণি, মূল্যহীন আজিকালি চৰকাৰী বিষয়াসকলেও হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে। বলোৰাম মেধিয়ে হাতীটো লাহে লাহে ঘৰখনত অৱহেলিত হৈ অহাটো অনুভ কৰি বেজাৰ পাইছিল।

মূল্যবোধৰ অৱক্ষয়ৰ আন এক চিত্র দেখা যায় বলোৰাম মেধিৰ সৰু পুতেক কনমইনাৰ বিয়াত সম্ভ্ৰান্ত ঘৰৰ দৰাই হাতীত উঠি কইনা ঘৰলৈ যোৱাটোহে নিয়ম আছিল বাবে বলোৰামেও কইনা আনিবলৈ পুতেকক হাতীত যোৱাটোকে বিচাৰিছিল। কিন্তু তেওঁৰ পুতেকহঁতে হাতীৰ পৰিৱৰ্তে মটৰ- গাড়ীত যোৱাটোহে আভিজাত্যৰ চিন বুলি ভাবিছিল। বিয়াৰ দিনা বৰমইনাৰ কথা মতেই কণমইনাই দৰা সাজি এম্বচেদৰ গাড়ীতহে উঠিল। বলোৰাম আৰু তেওঁৰ হাতী ‘বাপধন’ মূল্যহীন হৈ পৰিল। ‘হাতী’ নামৰ গল্পটিত বৰ মৰ্মস্পর্শী ৰূপত এনেদৰে মূল্যবোধৰ অৱক্ষয়ৰ চিত্র উপস্থাপন কৰিছে।

১২। (ক) “গালি পৰা কথাটোৰ অৰ্থ আছে।” ― কি কাৰণত ছাৰে কাক গালি পাৰিছিল?

উত্তৰঃ ‘আমাৰ ছাৰ’ বৰ খঙাল মাষ্টৰ আছিল। ডেকা বয়সত এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ থাকোতেই তেওঁ ডিচিপ্লিন ৰক্ষা কৰিবৰ কাৰণে বিদ্যালয়ত অনেক নিয়ম উলিয়াইছিল। ইয়াৰ ব্যতিক্ৰম হ’লেই কঠোৰ শাস্তি দিছিল। এইক্ষেত্ৰত তেওঁ হেডমাষ্টাৰৰো হাক-বচন প্রায়ে নুশুনিছিল। তেওঁ হেডমাষ্টাৰ হোৱাৰ পিছত বিদ্যালয়খনৰ কাৰণে আতংকস্বৰূপ হৈ পৰিছিল। তেওঁৰ ভয়ত কোনো লৰাই বাৰাণ্ডাত থিয় দি থাকিব নোৱাৰিছিল। ছাত্র বা শিক্ষক পলমকৈ আহিলে বিদ্যালয়ত সোমাব নোৱাৰিছিল। ফাইনেল বেল পৰাৰ লগে লগে ছুটীৰ ঘণ্টা নপৰালৈকে চকীদাৰৰ হতুৱাই প্ৰকাণ্ড তলাটো গেটত লগাই থয়। ছাত্রই মলিয়ন কাপোৰ পিন্ধি আহিলে, কাৰোবাৰ গাত চিঞাহী পেলালে, হোমৱৰ্ক কৰি নিনিলে, লগৰ ল’ৰাৰ লগত কাজিয়া কৰিলে পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি একোজনলৈ বেতৰ কোব দিছিল।

(খ) বলোৰাম মেধিয়ে নিজৰ কিমান বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল?

উত্তৰঃ বলোৰাম মেধিয়ে নিজৰ ২৫ বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল।

(গ) বিয়াঘৰৰ পদুলিমুখত বলোৰাম বুঢ়া আৰু বাপধন তত্ত্ব স্তম্ভিত হৈ ৰোৱাৰ কাৰণ কি আছিল?

উত্তৰঃ দৰাৰ সাজত কণমইনাই যেতিয়া বৰযাত্ৰী হৈ এম্বেছেডৰত উঠিবলৈ আগবাঢ়িল তেতিয়া বলোৰাম বুঢ়াই ‘কণমইনা , তই মটৰৰ পৰা নামি আহ , নামি আহ , তই হাতীতহে যাব লাগিব ।’ বুলি আটাহ চিঞৰ , লম্ফ জম্ফ কৰিবলৈ ধৰিলে তেতিয়া ভিৰৰ মাজতে কোনোৱাই ঠাট্টা মস্কৰা কৰি খিকিন্দালি কৰি উঠিল আৰু পিছ মুহূৰ্ততে দৰাৰ মটৰ ষ্টাৰ্ট দিলে । লগে লগে বাকী বৰযাত্ৰীবোৰেও ওচৰতে ৰৈ থকা অন্যান্য মটৰ গাড়ীত উঠি দৰাৰ গাড়ী অনুসৰণ কৰি পাছে পাছে গুচি গল । বিয়াঘৰৰ পদূলি শূণ্য হৈ পৰিল । শূণ্য বিয়াঘৰৰ পদূলিত স্তব্ধ স্তম্ভতি হৈ থিয় হৈ ৰল কেৱল বলোৰাম বুঢ়া আৰু বাপধন নামৰ হাতীটো । তেওঁলোক বৰযাত্ৰী হব নোৱাৰিলে বৰ্তমান পৰিৱৰ্তিত সময় আৰু প্ৰজন্মৰ ব্যৱধানৰ মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে । তেওঁলোকৰ , হাতীটোৰ যেন কোনো মূল্যই নাই । তেওঁলোক এই সমাজখনৰ কোনো লেখৰেই নহয় , এনে এটা অৱজ্ঞাৰ ভাৱতেই বলোৰাম বুঢ়া আৰু বাপধন তাতে ৰৈ গল ।

১৩। চুটিগল্পৰ আৰু উপন্যাসৰ মাজত থকা মিল-অমিলসমূহ দেখুৱাই এটি নাতিদীর্ঘ টোকা যুগুত কৰাঁ।

উত্তৰঃ চুটিগল্প আৰু উপন্যাস আকৃতি আৰু প্ৰকৃতিত একে যেন লাগিলেও আৰু দুয়োটাৰে বিষয়বস্তু একে যেন হলেও সাহিত্যিক মাধ্যম হিচাপে ইহঁত দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে । একোখন উপন্যাসত একোজন ব্যক্তিৰ জীৱনৰ সমস্ত ঘটনা ৰূপায়ন কৰাৰ অৱকাশ থাকে , কিন্তু চুটিগল্পত গুৰুত্ব লাভ কৰে জীৱনৰ খণ্ডাঙশইহে , চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য কেৱল আকৃতিগত নহয় প্ৰকৃতিগত ।

একোখন উপন্যাসৰ কাহিনীভাগ পল্লৱীত হৈ উঠে বিস্তৃত পটভূমিত । পল্লৱীত কথাবস্তুৰ গতি ধীৰ আৰু মন্থৰ । ইয়াত জীৱনৰ ব্যাখ্যাও কৰা হয় আৰু তাৰ সমাধানো থাকে । কিন্তু চুটিগল্পত কাহিনী অতি চমু । ইয়াত এজন ব্যক্তিৰ জীৱনৰ এটা মুহূৰ্তৰ ঘটনাইহে মাথোন গুৰুত্ব লাভ কৰে ।

উপন্যাসত মূল বা প্ৰধান কাহিনীৰ লগে লগে প্ৰাসংগিক কাহিনী আৰোপ কৰাৰ সুবিধা থাকে , কিন্তু চুটিগল্পত তেনে ধৰণে প্ৰাসংগিক কাহিনীৰ অৱকাশ নাথাকে । 

চুটিগল্পত এটা মাথোন কেন্দ্ৰীয় ভাব থাকে , গল্পৰ চৰিত্ৰ পৰিস্থিতি সকলো সেই কেন্দ্ৰাভিমুখী হৈ থাকে । ইয়াত বিক্ষিপ্ততাৰ কোনো অৱকাশ নাই । কিন্তু উপন্যাসৰ কাহিনীভাগ বিক্ষিপ্ত হব পাৰে । 

চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য প্ৰদৰ্শন কৰিবলৈ সমালোচক বেৰিপেইনে কৈছে উপন্যাস এক তৃপ্তি , চুটিগল্প এক প্ৰেৰণা । উপন্যাসে সকলো কথা পাঠকক বুজাই দিয়ে কিন্তু চুটিগল্পই পাঠকক বুজি লবলৈ অৱকাশ দিয়ে। ব্যঞ্জনাৰ অতৃপ্তিতেই চুটিগল্পৰ প্ৰধান আনন্দ । 

১৪। তলৰ যিকোনো এটাৰ বিষয়ে চমুকৈ লিখাঁ :

(ক) উপন্যাসৰ চৰিত্ৰ।

উত্তৰঃ উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ প্ৰণালী দুটা প্ৰত্যক্ষ বা বিশ্লেষণাত্মক ( Direct or Analytical ) আৰু পৰোক্ষ বা নাটকীয় ( Indirect or Dramatical ) । প্ৰথম প্ৰণালীত ঐপন্যাসিকে বাহিৰৰ পৰা চৰিত্ৰবোৰ অংকন কৰে , সেইবোৰৰ অংগ অনুভূতি , চিন্তা ভাৱনাৰ বিশ্লেষণ কৰে আৰু সেইবোৰৰ সমালোচনা কৰি তাৰ ওপৰত মতামত দিয়ে । দ্বিতীয় প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবোৰক আপোনা আপুনি প্ৰস্ফুটিত হৈ উঠিবলৈ নিজৰ নিয়ন্ত্ৰণৰ পৰা এৰি দিয়ে । চৰিত্ৰবোৰৰ কথোপকথন , আলাপ আলোচনা আৰু ইটোৱে সিটোৰ ওপৰত কৰা মন্তব্যৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্য ফুটাই তোলা হয় । 

উপন্যাসৰ চৰিত্ৰ দুই প্ৰকাৰৰ – টাইপ চৰিত্ৰ আৰু মুক্তক চৰিত্ৰ । যিবোৰ চৰিত্ৰ প্ৰসিদ্ধিৰ দৰে গতানুগতিক , বৈচিত্ৰ্য বৰ্জিত সেইবোৰক টাইপ চৰিত্ৰ বোলা হয় । এইবোৰ চৰিত্ৰৰ মাজেৰে জীৱনৰ পূৰ্ণবৃত্তি চিত্ৰিত হৈ নুঠা বাবে এইবোৰক আংশিক চৰিত্ৰ বোলা হয় । কিন্তু যিবোৰ চৰিত্ৰ বৈশিষ্ট্য পূৰ্ণ একক আৰু অনন্যসাধাৰণ সেইবোৰক বোলা হয় মুক্তক চৰিত্ৰ । এই শ্ৰেণীৰ চৰিত্ৰৰ মাজেৰে জীৱনৰ সম্পূৰ্ণ ৰূপ প্ৰতিভাত হৈ উঠে কাৰণে এই চৰিত্ৰক পূৰ্ণবৃত্ত চৰিত্ৰও বোলা হয় । 

উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ । এটাৰ অভিহনে আনটোৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি । কাহিনী অবিহনে যেনেদৰে চৰিত্ৰৰ বিকাশ সম্ভৱপৰ নহয় , তেনেকৈ চৰিত্ৰৰ অভিহনে কাহিনীয়েও পূৰ্ণ পৰিণতি লাভ কৰিব নোৱাৰে । গতিকে উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ যোগসূত্ৰ ৰক্ষা কৰা এটা বিশেষ গুৰুত্বপূৰ্ণ কথা । এই দিশৰ পৰা উপন্যাসক দুটা ভাগত ভাগ কৰিব পাৰি – কাহিনীপ্ৰধান আৰু চৰিত্ৰপ্ৰধান । যিবোৰ উপন্যাসত লেখকৰ উদ্দেশ্য এটা বিশেষ কাহিনী দাঙি ধৰা , সেইবোৰক কাহিনীপ্ৰধান উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসত চৰিত্ৰৰ নিজস্ব মূল্য একো নাথাকে , কেৱল কাহিনীটো প্ৰকাশৰ বাবে চৰিত্ৰ অৱলম্বন স্বৰূপে লোৱা হয় । আনহাতে যিবোৰ উপন্যাসৰ মুখ্য উদ্দেশ্য চৰিত্ৰ সৃষ্টি কৰা সেইবোৰক বোলা হয় চৰিত্ৰ প্ৰধান উপন্যাস । এই শ্ৰেণীৰ উপন্যাসত চৰিত্ৰ মুখ্য , কাহিনী গৌণ । এনে উপন্যাসত উপন্যাসৰ সকলো কথা , সকলো ঘটনা চৰিত্ৰৰ প্ৰকাশৰ কাৰণে প্ৰয়োগ কৰা হয় । এই দুয়ো শ্ৰেণীৰ উপন্যাসৰ ভিতৰত চৰিত্ৰপ্ৰধান উপন্যাসৰ মূল্যই অধিক । 

(খ) চুটিগল্পৰ উপাদান।

উত্তৰঃ চুটিগল্পৰ ঘাই উপজীৱ্য হৈছে ইয়াৰ চাৰিত্ৰসমূহ । কেইটিমান চৰিত্ৰৰ কাৰ্যকলাপৰ জৰিয়তে চুটিগল্পৰ কাহিনীভাগে বিকাশ লাভ কৰে। চৰিত্ৰৰ সহায়ত মানুহৰ মনস্তাত্ত্বিক সংঘাত পৰিস্ফুট কৰা হয় । এই চৰিত্ৰবোৰ আমি বাস্তৱ জীৱনত লগ পোৱা বিভিন্ন ধৰণৰ আদৰ্শ আৰু ৰুচিসম্পন্ন লোকৰ প্ৰতিনিধিস্বৰূপ । এইবোৰ জীৱনৰ ভুল ত্ৰুটিৰ মাজেৰে ডাঙৰ দীঘল হোৱা আৰু গল্পকাৰৰ জীৱন জিজ্ঞাসাৰ মাজেদি উপস্থাপিত হোৱা ব্যক্তি চৰিত্ৰ । জৈৱিক আশা আকাংক্ষাৰ পৰা এইবোৰ আঁতৰি গলে পাঠকৰ মনৰ বিশ্বাস অপহৃত হয় । চৰিত্ৰবোৰ বিশ্বাসযোগ্য কৰিব খুজিলে যি সংঘাতৰ মাজেদি চৰিত্ৰবোৰ সৃষ্টি হয় সেই সংঘাতো বিশ্বাসযোগ্য হব লাগে। 

সৰহভাগ গল্পতে এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে । কেন্দ্ৰীয় চৰিত্ৰৰ কাৰ্যকলাপক কেন্দ্ৰ কৰি গল্পৰ আখ্যান ভাগ গঢ়ি উঠে । কেন্দ্ৰীয় চৰিত্ৰৰ লগত আন কিছুমান তলতিয়া চৰিত্ৰ থাকে । গল্পকাৰৰ বৰ্ণনা আৰু তলতিয়া চৰিত্ৰবোৰৰ ঘাই চৰিত্ৰৰ লগত ঘটা সংস্পৰ্শৰ পৰা পাঠকে ঘাই চৰিত্ৰ সম্পৰ্কে নিজ নিজ ধাৰণা পোষণ কৰে । সকলো গল্পতে চৰিত্ৰবোৰ সুস্পষ্ট হৈ নাথাকে । গল্পকাৰে কম কথা আৰু কম সময়ৰ ভিতৰত গল্প সৃষ্টি কৰিব লাগে । গতিকে চৰিত্ৰৰ কোনো এক মুহূৰ্তত সমুজ্জ্বল হৈ উঠা কোনো এটি দিশৰ প্ৰতিহে সাধাৰণতে গল্প লেখকৰ লক্ষ্য থাকে । 

(গ) বুৰঞ্জীমূলক উপন্যাস।

উত্তৰঃ যিবোৰ উপন্যাস বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি লিখা হয় তেনে উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বোলে । এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতীতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসোত্তীৰ্ন সাহিত্যত পৰিণত কৰে । বুৰঞ্জীমূলক উপন্যাসৰ প্ৰধান উদ্দেশ্য হল অতীতৰ কোনো যুগৰ জীৱনধাৰা আৰু নৰনাৰীৰ বিচিত্ৰ লীলা ঐতিহাসিক ঘটনাৰ মাধ্যমেদি সজীৱ আৰু আবেদনশীল কৰি তোলা । বুৰঞ্জীমূলক উপন্যাসৰ যোগেদি ইতিহাসৰ তথ্য আৰু বিৱৰণ পৰিবেশন কৰা লেখকৰ উদ্দেশ্য নহয় । সহজ কথাত কবলৈ গলে বুৰঞ্জী পুৰামাত্ৰাই তথ্যসৰ্বস্ব , কিন্তু বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্য নিৰ্ভৰ হলেও প্ৰধানতঃ কল্পনানিষ্ঠ । 

বুৰঞ্জীমূলক উপন্যাসৰ অন্যতম উদ্দেশ্য অতীত যুগৰ সৌন্দৰ্য সন্ধান । সেই কাৰণেই বুৰঞ্জীমূলক উপন্যাস ৰোমান্টিক উপন্যাস । ইয়াৰ পৰিবেশ ৰোমাঞ্চকৰ পৰিৱেশ । ৰোমাঞ্চৰ বৰ্ণ বৈচিত্ৰ্যই সমকালীন বাস্তৱ জগতৰ পৰা এখন নতুন অৰ্ধ – পৰিচিত ঘটনাবহুল জগতলৈ পাঠকক লৈ যায় ।

সাধাৰণতে সমকালীন উপন্যাসত বাস্তৱৰ ঘটনাৰ প্ৰতিচ্ছবি থাকে , চৰিত্ৰবোৰো বাস্তৱানুগ হয় । সেয়ে এনে উপন্যাস বুজাত বা উপলব্ধি কৰাত পাঠকৰ অসুবিধা নহয় । কিন্তু ঐতিহাসিক জগতৰ ঘটনা , চৰিত্ৰ , পৰিবেশ সম্পূৰ্ণ বেলেগ । সেয়ে ঐপন্যাসিকে ইতিহাসৰ আঁৰত লুকাই থকা প্ৰাত্যহিক জীৱনৰ সুখ দুখ , প্ৰাত্যহিক জীৱনৰ চিত্ৰ কল্পনাৰে পুৰা কৰিবলগা হয় । 

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ প্ৰধান সুবিধা  এয়ে যে ইয়াত এটা পূৰ্ব প্ৰস্তুত কাহিনী পায় । তদুপৰি এনেবোৰ উপন্যাসত বহি:সংঘাত দেখুওৱাৰ সুবিধা বেছি । প্ৰধান ঘটনাৰ আঁৰে আঁৰে লেখকে অপ্ৰধান কাহিনী কল্পনাৰে সৃষ্টি কৰি বুৰঞ্জীৰ পৰিবেশত স্থাপন কৰিব পাৰে । পিছে মূল ঘটনা আৰু কাল্পনিক ঘটনাৰ সমন্বয় ঘটাব নোৱাৰিলে উপন্যাসৰ ৰসভংগ হোৱাৰ সম্ভাৱনা থাকে । বুৰঞ্জীয়ে মানুহৰ মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে , চৰিত্ৰবোৰ সেয়ে বুৰঞ্জীত অসম্পূৰ্ণ হৈ থাকে । ঐপন্যাসিকে সেই সকলোবোৰ স্পষ্ট আৰু বহুভাৱে বৰ্ণনা কৰিব পাৰে , কেৱল ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখিব লাগিব ।

১৫। (ক) শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত ঘাই পার্থক্য কিহত? দুবিধ অৰ্থালংকাৰৰ সংজ্ঞাসহ উদাহৰণ দিয়া।

উত্তৰঃ শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত ঘাই পার্থক্য হল ধ্বনি ( Sound ) আৰু অৰ্থ ( Sense ) , ধ্বনিৰ আশ্ৰয়ত শব্দালংকাৰৰ সৃষ্টি হয় আৰু অৰ্থৰ আশ্ৰয়ত অৰ্থালংকাৰৰ সৃষ্টি হয় । 

অর্থালংকাৰ – যি অলংকাৰৰ দ্বাৰা বাক্যৰ অন্তৰ্গত ভাব বা অৰ্থ সমুজ্জ্বল হৈ উঠে তাকে অর্থালংকাৰ বোলে । অর্থালংকাৰত অলংকাৰৰ সাৰ্থকতা বা অস্তিত্ব নিৰ্ভৰ কৰে অৰ্থৰ ওপৰত । শব্দৰ পৰিবৰ্তন কৰি একে অৰ্থযুক্ত আন শব্দ ব্যৱহাৰ কৰিলেও অলংকাৰৰ কোনো ক্ষতি খুন নহয়।অৰ্থৰ প্ৰাধান্য থকাৰ কাৰণে আৰু শব্দ অপ্ৰধান কাৰণে অলংকাৰক অর্থালংকাৰ বোলে । যেনে  ‘সীতাৰ মুখখন ইন্দু সদৃশ্য’  বুলি কেলেই উপমা অলংকাৰ হৈছে । ইয়াক যদি  ‘সীতাৰ মুখখন চন্দ্ৰ সদৃশ’  কৰা হয় তেতিয়াও ই উপমা অলংকাৰেই হৈ থাকিব । গতিকে অর্থালংকাৰত একে অৰ্থসূচক অইন এটা শব্দৰ দ্বাৰা শব্দটোৰ পৰিবৰ্তন ঘটালেও অলংকাৰৰ কোনো ব্যাঘাত নহয় । 

অথবা 

(খ) ‘কাব্যম্ গ্ৰাহ্যম্ অলংকাৰাৎ ― এই উক্তিৰ আধাৰত কাব্য ৰমনীয় কৰাত অলংকাৰে কেনে ভুমুকা পালন কৰে উদাহৰণসহ লিখাঁ।

উত্তৰঃ 

(গ) “ব্যাকৈ বগলী বহলাই বহিছে 

বালুকাত বিয়লি বেলা,

বকুল বাগৰিছে ববছা বলতে

বুটলি বিলাওঁগৈ ব’লা।”

― এই কাব্যপংক্তিত কি অলংকাৰ প্ৰয়োগ হৈছে? অলংকাৰবিধৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ ইয়াত অনুপ্রাস অলংকাৰ প্ৰয়োগ হৈছে ।

শুনিবলৈ শুৱলা হোৱাকৈ সাদৃশ্য ব্যঞ্জন বৰ্ণৰ উচৰা উচৰিকৈ ভাৱে বিন্যাস কৰকে অনুপ্ৰাস বোলে । অনুপ্ৰাস অলংকাৰৰ বাবে চাৰিটা চৰ্ত পূৰণ হ’ব লাগিব । সেইবোৰ হ’ল―

(ক) শুনিবলৈ শুৱলা হ’ব লাগিব।

(খ) সদৃশ বৰ্ণৰ ব্যৱহাৰ হ’ব লাগিব ।

(গ) স্বৰবৰ্ণৰ আবৃত্তি সোভাহীন । গতিকে অনুপ্ৰাসত স্বৰবৰ্ণৰ আবৃত্তি গ্ৰহণযোগ্য নহয় ।

(ঘ) বৰ্ণসমূহৰ ওচৰা-ওচৰিকৈ বিন্যাস হব লাগিব ।

(ঘ) উপমা অথবা অতিশয়োক্তি অলংকাৰৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ এটা বাক্যত সাধাৰণ ধৰ্ম বিশিষ্ট দুটা ভিন্ন জাতীয় বস্তুৰ মাজত সাদৃশ্য বা তুলনা কৰা হ’লে তাক উপমা বোলে । উপমা চাৰি প্ৰকাৰৰ ।

১৬। ১৮৮১-১৯৪০ ― এই সময়ছোৱাৰ যিকোনো এগৰাকী গল্পকাৰৰ বিষয়ে এটি নাতিদীর্ঘ টোকা যুগুত কৰা।

উত্তৰঃ নকুলচন্দ্ৰ ভূঞা :- নকুলচন্দ্ৰ ভূঞাই ‘ আলোচনী ‘ ,  ‘চেতনা ‘,  ‘ বাঁহী ‘ আৰু ‘ আৱাহন ‘ কাকতত বাই বৈশিষ্ট্য পূৰ্ণ গাঁৱলীয়া জীৱনক কেন্দ্ৰ কৰি কিছু গল্প লিখিছিল । তেওঁৰ গল্প পুথিসমূহ হ ‘ ল- ‘ চোৰাংচোৱাৰ চ ‘ ৰা (১৯১৮) , ‘জোনোৱালি’  ( ১৯৩৩ ) আৰু ‘গল্পৰ শৰাই’ ( ১৯৬২ ) । 

১৭। (ক) ‘মিৰি জীয়ৰী’ সোৱণশিৰি বালিৰপৰা বুটলি অনা এচপৰা কেঁচাসোণ। এই উক্তিৰ আধাৰত ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসখনৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা আগবঢ়োৱা।

উত্তৰঃ ”মিৰি জীয়ৰী”ত  এহাল মিৰি ডেকা- গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে । ডেকাজনৰ নাম জঙ্কি আৰু গাভৰুজনীৰ নাম পানেই  । সোৱণশিৰীৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ । সৰুতে টঙি ৰখি থাকোতেই দুয়োৰে মাজত চিনাকি হৈছিল । এনেকৈ দুয়ো শৈশৱত ৰং- ধেমালিৰ লগৰী হৈ পৰিছিল । কালক্ৰমত দুয়ো ডাঙৰ হ’ল , ল’ৰালিৰ লগৰী  যৌৱনত ভালপোৱাৰ পাত্ৰ পাত্ৰী হৈ পৰিল । বিহুৱে- পাৰ্বনে নাচি সিহঁত আপোন পাহৰা হ’ল । পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল । মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল’ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰে । মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ’ল ।ইপিনে জঙ্কি আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়ো দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে । টকা পইচা যোগাৰ কৰিবলৈ জঙ্কি ঘূনাসুঁতি গাওঁৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল’লে । কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ’ল , পানেয়ে সুযোগ বুজি জঙ্কিলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰীৰ পাৰৰ হাবিত লুকাই থাকিলগৈ । ঘূণাসূতি গাওঁৰ ডালিমী নামৰ আন এজনী গাভৰুৱেও জঙ্কিক ভাল পাইছিল । পিছে জঙ্কিৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল’লে । জঙ্কি পানেই ধৰা পৰিল , কাছাৰীত দুয়োটাৰে বিচাৰ হ’ল ,মাক বাপেকে পানেইক লৈ আহিল । কিছুদিনৰ পিছত পানেই আকৌ পলাল । সেই খবৰ পাই জঙ্কিয়ে পানেইৰ মাক বাপেকক লগ ধৰি ক’লে যে এইবাৰ পানেই অকলেহে গৈছে,  এনেকৈ তাই আত্মঘাতী হ’ব ।  এইবাৰ মাক বাপেকে তাইক জঙ্কিলৈ বিয়া দিবলৈ সৈমান হ’ল । জঙ্কিয়ে পানেইক বিচাৰি যাওঁতে গাছি মিৰিৰ হাতত বন্দী হয় । ইপিনে পানেইকো বন্দী কৰি এদিন সিহঁতে তালৈকে আনে । বন্দী অৱস্থাতে দুয়োৰে দেখা দেখি হ’ল । এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতেই পুনৰ ধৰা পৰিল । বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ’ল । বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে । শাল মাৰি দুয়োটা দেহ বান্ধি গাছি মিৰিয়ে সিহঁতক উটুৱাই দিলে , নিষ্প্ৰাণ দেহ দুটা এটা সময়ত আহি  সোৱণশিৰিৰ ঘাটত লাগিলহি । জঙ্কি পানেইৰ ভালপোৱাৰ প্ৰতি পানেইৰ মাক বাপেকে সঁহাৰি নিদিলে । আনকি সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নুখুজিলে । ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল’ব লগাত পৰিল । ইয়াৰ বাবে জঙ্কি আৰু পানেইৰ কোনো দোষ নাছিল । দোষ আমাৰ সমাজখনৰ , সমাজ ব্যৱস্থাৰ । 

অথবা

(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাসৰ সম্পৰ্কে এটি টোকা যুগুত কৰা।

উত্তৰঃ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস পদুমকুৱঁৰী ১৯০৫ খ্ৰীষ্টাব্দত প্ৰকাশ হয় । এই উপন্যাস খন জোনাকীৰ তৃতীয় বছৰৰ প্ৰথম সংখ্যাত পদ্মকুমাৰি নামেৰে প্ৰকাশ হয়। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৩ টা সূৰ্য্য, পদুম আৰু ফুল তিনিওকে প্ৰতিকধর্মী ৰূপত উপস্থাপন কৰিছে ।

১৮। চমু উত্তৰ দিয়া :

(ক) ‘ফুল’ আৰু ‘সাধনা’ উপন্যাস নে চুটিগল্প?

উত্তৰঃ উপন্যাস ।

(খ) ‘কেঁহোকলি’ গল্প সংকলনটিৰ ৰচক কোন?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।

(গ) শৰৎচন্দ্ৰ গোস্বামীৰ এখন গল্পপুথিৰ নাম লিখাঁ।

উত্তৰঃ ময়না ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top