AHSEC 2020 Business Studies Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ব্যৱসায় অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2020 Business Studies Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ব্যৱসায় অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Business Studies Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ ব্যৱসায় অধ্যয়ন 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2020 Business Studies Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2020 Business Studies Question Paper Solved

AHSEC 2020 Business Studies Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ব্যৱসায় অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2020 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Business Studies Solved Question Paper 2020 Assamese Medium. Access the detailed Class 12 Business Studies 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Business Studies Old Question Paper Solved, AHSEC Class 12 Business Studies Solved Question Paper 2020 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

BUSINESS STUDIES

2020

BUSINESS STUDIES OLD QUESTION PAPER SOLVED

1. (a) পৰিচালনাৰ এটা প্রধান উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ সুক্ষ্ম বা ব্যস্তিবাদ।

(b) বাণিজ্যিক চিহ্ন কি ?

উত্তৰঃ ট্রেডমার্ক হ’ল এক ধৰণৰ বৌদ্ধিক সম্পত্তি যি এটা স্বীকৃতিযোগ্য চিন, নক্সা বা ভাৱৰ সমন্বয়ত থাকে । যি আনৰ পৰা নিৰ্দিষ্ট উৎসৰ পণ্যবিলাক অথবা পৰিসেৱাবোৰ চিনাক্ত কৰে। 

(c) ভাৰত চৰকাৰে কোন চনত নতুন উদ্যোগিক নীতি ঘোষণা কৰিছিল ?

উত্তৰঃ ১৯৫৬।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) শুদ্ধ নে অশুদ্ধ লিখা :

(i) প্রশিক্ষণ হ’ল এক প্রণালীবদ্ধ শিকন প্রক্রিয়া।

উত্তৰঃ শুদ্ধ।

(ii) সম্পাদনৰ প্ৰত্যাশিত মান স্থিৰ কৰাটো নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ।

উত্তৰঃ শুদ্ধ।

(iii) সেৱা মজুত ৰাখিব পাৰি।

উত্তৰঃ অশুদ্ধ।

(iv) সুচল দ্ৰব্যৰ নিয়মীয়া আৰু ধাৰাবাহিক চাহিদা থাকে।

উত্তৰঃ শুদ্ধ।

(v) ISI চিহ্নই বৈদ্যুতিক সামগ্ৰীৰ মানৰ প্ৰতিশ্ৰুতি সূচায়।

উত্তৰঃ শুদ্ধ।

2. মকৰুল বুলিলে কি বুজা?

উত্তৰঃ আভ্যন্তৰীণ উৎস হিচাপে বদলিকৰণে কৰ্মচাৰীৰ দুখ- কষ্ট লাঘৱ কৰে আৰু পদোন্নতিয়ে সংগঠনৰ নিম্নস্তৰৰ পৰা উচ্চস্তৰলৈ গতিয়ে পদোন্নতিৰ শিকলি সৃষ্টি কৰি কৰ্মচাৰীৰ কাৰ্য সমাধাকৰণত উৎসাহিত কৰে। ফলস্বৰূপে কৰ্মচাৰীয়ে

প্ৰতিশ্ৰুতিবদ্ধতা আৰু বাধ্যতাৰে কাম কৰি সন্তুষ্টি লাভ কৰিবলৈ বিচাৰে। আকাংক্ষিত বদলি আৰু পদোন্নতিয়ে কৰ্মচাৰীলৈ শান্তিও কঢ়িয়াই আনে ।

3. অনুপাত বিশ্লেষণ মানে কি বুজা?

উত্তৰঃউত্তৰঃ অনুপাত বিশ্লেষণ হ’ল প্ৰতিটো আৰ্থিক বিৱৰণৰ পৰা বস্তুৰ তুলনাত অর্থবহ আর্থিক বিৱৰণী সংখ্যা শতাংশৰে গণনা কৰি আৰ্থিক তথ্য পৰীক্ষা আৰু তুলনা কৰাৰ প্ৰক্ৰিয়া।

4. মূলধন বজাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃমূলধন বজাৰৰ দুটা বৈশিষ্ট্য:

(ক) সজাগত অভাৱঃ দেশৰ শিক্ষিত হাৰ কম হোৱা হেতু বেছিভাগ লোক পুঁজিবজাৰৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয়। তেওঁলোকৰ হাতত কিছু সঞ্চিত ধর্ম থাকিলেও লোকচান হোৱাৰ ভয়ত পূজি বজাৰৰ প্ৰতিভূতিত বিনিয়োগ কৰিবলৈ ইচ্ছুক নহয়।

(খ) দুর্বল নিয়ন্ত্রণ: পূঁজি বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাও দুৰ্বল ধৰণৰ কিয়নো প্ৰতিভূতি আৰু বিনিময় নিয়ন্ত্রণ কর্তৃপক্ষ গঠন হোৱাৰ পাছতো ইয়াত খেলি-মেলি হোৱা দেখা যায়।

5. কৰ্তৃত্ব আৰু দায়িত্বৰ দুটা পার্থক্য লিখা।

উত্তৰঃ কৰ্তৃত্ব আৰু দায়িত্বৰ দুটা পার্থক্য:

 (ক) পৰিচালকৰ আদেশ জাৰিকৰণৰ অধিকাৰ বৈধ। অৰ্থাৎ এই অধিকাৰ সামাজিক আৰু নৈতিক ভাবে গ্রহণযোগ্য হয়।

(খ) কৰ্তৃত্বই পৰিচালকক সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ প্ৰদান কৰে। অৰ্থাৎ সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে কৰ্তৃত্বৰ অনুশীলন ঘটে।

6. তদাৰককৰণৰ দুটা গুৰুত্ব বর্ণনা কৰা।

উত্তৰঃ (ক) সজাগতাৰ ভূমিকা: সংগঠনৰ নিম্ন পৰ্যায়ত কাৰ্য সম্পাদনৰ উন্নত সজাগতা বা সতর্কতা অনাই প্ৰতিষ্ঠানৰ উদ্দেশ্য সাধনৰ উত্তম উপায় হিচাপে পৰিগণিত হয়। পৰিচালনাৰ পৰিকল্পনা, নীতি, কার্যক্রম আদিৰ উদ্দেশ্য সিদ্ধিত পৰিদৰ্শকসকল হে প্ৰধান।

(খ) মানৱ সম্পর্ক স্থাপনৰ ভূমিকা: পৰিদৰ্শকসকলৰ বন্ধুত্ব সুলভ আচৰণৰ দ্বাৰা নিম্ন পৰ্যায়ৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰি ব্যক্তিগত সমস্যা যত্ন লোৱা কাৰ্যই সংগঠনত উন্নত মানৱ সম্পৰ্ক সৃষ্টি কৰাত সহায় কৰে।

7. ব্যক্তিক্ৰম দ্বাৰা পৰিচালনা বুলিলে কি বুজা?

  উত্তৰঃ ব্যক্তিক্ৰম দ্বাৰা ‘পৰিচালনা’ শব্দটাৱে বিভিন্ন দিশৰ পৰা বিভিন্ন অর্থ বুজায়। উদাহৰণস্বৰূপে, ‘পৰিচালনা হৈছে এটা প্রক্রিয়া যাৰ  যোগেদি পৰিচালকে সংগঠনৰ লক্ষ্য পূৰণ কৰে’। আকৌ আমি ক’ব পাৰো যে ‘পৰিচালনা কামটোৱে জ্ঞানৰ ভাণ্ডাৰৰ বুজায়’। আন কথাত ক’বলৈ হ’লে, ‘পৰিচালনাই এজন ব্যক্তিক বা সংগঠনটোক নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’বৰ বাবে পথ প্ৰদৰ্শকৰ কাৰ্য কৰে’।

 8.এটা ভাল নিয়ন্ত্রণ পদ্ধতিৰ তিনিটা প্রধান বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ (ক) ভৱিষ্যত পৰিচালনীয় কাৰ্য্যৰ ভেটি: নিয়ন্ত্রণ সাধনে ব্যৱসায় প্রকল্প আদিৰ কাৰ্যৰ ওপৰত ধাৰাবহিক জ্ঞান লাভ কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে দীর্ঘকালীন পৰিকল্পনাকৰনক সঠিক পথত ৰূপায়ন কৰাত নিয়ন্ত্রনে ভেটি হিচাপে কাম কৰে।

(খ) সিদ্ধান্ত গ্ৰহণত সুবিধা: নিয়ন্ত্ৰণ সাধনে প্ৰতিষ্ঠানৰ কাৰ্য সম্পাদনত মানক কাৰ্য আৰু প্রকৃত কার্য সম্পাদনৰ মাজত ব্যৱধান জানি লৈ আৱশ্যকীয় প্রতিকাৰেৰে ভৱিষ্যতৰ বাবে পৰিকল্পনাকৰণত সহায় কৰে। ই অতিবাহিত কালৰ কাম-কাজ, পদ্ধতি আদিৰ অভিজ্ঞতাৰে পৰিচালনাক ভৱিষ্যত কাৰ্যলৈ সুস্থিৰতা অনাত সহায় কৰে।

(গ) সর্বনিম্ন ব্যয়ত সৰ্ব্বাধিক উৎপাদনৰ সুবিধা: নিয়ন্ত্রণ সাধনে প্ৰতিষ্ঠানৰ লাভ সৰ্ব্বাধিকৰণৰ লক্ষ্যত উপনীত হোৱাত সুবিধা প্ৰদান কৰি সৰ্ব্বনিম্ন ব্যয়ত সৰ্ব্বাধিক উৎপাদনৰ সহায় কৰে।

9.আর্থিক পৰিকল্পনাৰ তিনিটা উদ্দেশ্য আলোচনা কৰা।

উত্তৰঃ আর্থিক পৰিকল্পনাৰ তিনিটা উদ্দেশ্য:

(ক) প্ৰতিষ্ঠানৰ উদ্দেশ্যত উপনীত হবলৈ বিত্তীয় প্রয়োজনীয়তাৰ মূল্যাংকন কৰা আৰু সেইমতে যথোচিত পূঁজিৰ যোগান নিশ্চিত কৰা।

(খ) বিনিয়োগকাৰীৰ সুৰক্ষা নিশ্চিত কৰি বিত্তৰ ব্যয় আৰু ইয়াৰ লগত জড়িত বিপদৰ মাজত ভাৰসাম্যতা স্থাপন কৰা।

(গ) পৰিৱৰ্তিত পৰিস্থিতিত উপযুক্ত উৎসৰ পৰা বিত্ত সংগ্ৰহ কৰিবলৈ বিত্তীয় পৰিকল্পনাত আৱশ্যকীয় নমনীয়তা বা স্থিতি স্থাপকতাৰ ব্যৱস্থা ৰখা ।

অথবা

9. বিত্তীয় পৰিচালনাৰ লগত জড়িত তিনিটা সিদ্ধান্ত বর্ণনা কৰা।

উত্তৰঃ (ক) বিনিয়োগৰ সিদ্ধান্ত: প্ৰতিষ্ঠানৰ পূঁজি বিভিন্ন পৰিসম্পত্তিত কি দৰে বিনিয়োগ কৰা হব তাৰ সৈতে বিনিয়োগৰ সিদ্ধান্ত জড়িত থাকে। বিনিয়োগৰ সিদ্ধান্ত দীর্ঘকালীন বা হ্রস্বকালীন হব পাৰে। পূঁজি সমূহ স্থায়ী সম্পত্তি যেনে যন্ত্রপাতি আৰু সা-সৰঞ্জাম ইত্যাদি আৰু চলিত সম্পত্তি যেনে কেচাসামগ্ৰী, শেষ পন্যৰ মজুত ইত্যাদিত বিনিয়োগ কৰা হয়।

(খ) বিত্তীয় সিদ্ধান্ত: এই সিদ্ধান্তটো বিভিন্ন দীর্ঘকালীন উৎসৰ পৰা সংগ্ৰহ কৰিবলগীয়া বিত্তৰ পৰিমাণৰ সৈতে জড়িত। বিত্তীয় পৰিচালকে কোম্পানিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কেতিয়া ক’ত আৰু কেনেকৈ পূজি সংগ্ৰহ কৰিব তাৰ বাবে সিদ্ধান্ত লব লাগিব।

(গ) লভ্যাংশৰ সিদ্ধান্ত: লভ্যাংশৰ সিদ্ধান্ত কোম্পানিয়ে অৰ্জন কৰা লাভৰ কিমান অংশ অংশধাৰক সকললৈ লভ্যাংশ হিচাপে বিতৰন কৰিব আৰু কিমানখিনি বিনিয়োগৰ বাবে ৰাখিব তাৰ বাবে বিত্ত ব্যৱস্থাপকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

10. ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ অধীনত গ্ৰাহকক কি সুৰক্ষা প্ৰদান কৰা হৈছে? 

উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন 1986 চনৰ 9 নং ধাৰা মতে গ্রাহক সকলৰ বিবাদসমূহ ক্ষীপ্ৰ  আৰু সহজ সৰলভাবে উপশম কৰাৰ ব্যৱস্থা আছে। এই উদ্দেশ্যে জিলা, ৰাজ্যিক আৰু কেন্দ্ৰীয় স্তৰত একৰকম বিচৰালয় স্থাপিত কৰা হৈছে। এই বিচৰালয় পৰিষদে স্বাভাৱিক ন্যায়ৰ নীতি পর্যবেক্ষণ কৰিব আৰু গ্ৰাহকসকলক যথাযথ ক্ষতিপূৰণ দিয়াৰ কাৰণে কর্তৃত্ব লাভ কৰিব৷ ন্যায়িক বিচৰালয়ৰ নিৰ্দেশ অমান্য কৰিলে শাস্তি বিধানৰো ব্যৱস্থা এই আইনত উল্লেখ আছে।

(ক) ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত জাননীৰ দ্বাৰা গ্ৰাহক বিবাদ উপশম বিচৰালয় অৰ্থাৎ জিলা বিচৰালয় স্থাপন কৰে।

(খ) ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে গ্রাহক বিবাদ উপশম আয়োগ গঠন কৰে ৷ এই আয়োগক ৰাজ্যিক আয়োগ বুলি জনা যায় ৷

(গ) কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গ্ৰাহক উপশম আয়োগ গঠন কৰে। ইয়াক জাতীয় আয়োগ বুলি জনা যায়।

অথবা

10.উদ্যোগী কোন? এজন উদ্যোগীৰ কাৰ্যাৱলীসমূহ উল্লেখ কৰা।

উত্তৰঃ এজন ব্যক্তি যেতিয়া নিজৰ কৰ্ম সংস্থানৰ কথা চিন্তা কৰি কোনো চাকৰি নাইবা কাৰোবাৰ অধীনত নাথাকি নিজাকৈ কোনো ব্যৱসায় প্রতিষ্ঠান স্থাপন কৰাৰ চেষ্টা কৰে বা পৰিকল্পনা কৰে তেতিয়া তাক উদ্যোগী বুলি কোৱা হয়।

এজন উদ্যোগীৰ কাৰ্যাৱলীসমূহ হ’ল:

(ক) লক্ষ্য অর্জনত যথেষ্ট আগ্রহী হ’ব লাগিব।

 (খ)সুযোগ-সুবিধাৰ প্ৰতি নজৰ দিব লাগিব।

(গ)কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

(ঘ)নতুন কিবা উদ্ভাৱন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

(ঙ) সততা আৰু ন্যায় পৰায়ণ হৈ সমাজৰ দায়িত্ব পালন কৰিব লাগিব।

(চ) সংস্থা পৰিচালনা কৰাৰ বাবে বৌদ্ধিক মনোভাব গ্ৰহণ কৰিব লাগিব।

(ছ) প্ৰযুক্তি স্থানান্তৰ আৰু অভিযোজন কৰাও উদ্যোগীৰ কাৰ্য।

11.ভাৰতবৰ্ষত গ্ৰাহকসকলৰ সুৰক্ষা নিশ্চিত কৰা যিকোনো তিনিটা অধিকাৰ ব্যাখ্যা কৰা।

উত্তৰঃ (ক) সুৰক্ষাৰ অধিকাৰ: জীৱন আৰু স্বাস্থ্যৰ বাবে বিপদজনক দ্ৰব্য আৰু সেৱাৰ বিপক্ষে। প্ৰেচাৰ কুকাৰ, খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত নিম্নমানৰ খাদ্য যেনে ব্লেড, গাখীৰ, আচাৰ, মাখন ইত্যাদি যিবোৰ নিম্নমানৰ উৎপাদনৰ নাইবা সুৰক্ষাৰ নিয়ম মানি নচলে সেয়া গভীৰ ক্ষতিৰ কাৰণ হ’ব পাৰে।

(খ) জানিবৰ অধিকাৰঃ গ্ৰাহক এজনে ক্ৰয় কৰিব বিচৰা দ্ৰব্যৰ বিষয়ে সম্পূর্ণ তথ্য জনাৰ অধিকাৰ আছে য’ত ইয়াৰ উপাদান, উৎপাদনৰ তাৰিখ, মূল্য, পৰিমাণ, ব্যৱহাৰৰ নিৰ্দেশাৱলী ইত্যাদি অন্তর্ভূক্ত হৈ থাকে।

(গ) বাছনি কৰাৰ অধিকাৰঃ বিভিন্ন দ্ৰব্যৰ মাজৰ পৰা প্ৰতিযোগিতামূলক মূল্যত গ্রাহকে বাছনি কৰি লোৱাৰ স্বাধীনতা আছে। বজাৰকাৰীয়ে দ্ৰব্যৰ গুণগত মানদণ্ড, ব্ৰাণ্ড, মূল্য আকাৰ ইত্যাদি অনুসৰি দ্ৰব্য আগবঢ়াব লাগে যাতে গ্ৰাহকে এইবোৰৰ পৰা বাছনি কৰি ল’ব পাৰে।

অথবা

11. উদ্যোগী মনোভাৱ বুলিলে কি বুজা?

উত্তৰঃ এজন উদ্যোগীৰ বাবে ইতিবাচক মনোভাব অপৰিহাৰ্য। কাৰণ ইতিবাচক মনোভাব এজন ব্যক্তিৰ মনত অনুপ্ৰেৰণাৰ সৃষ্টি কৰে। এই দৃষ্টিভঙ্গী কোনও ব্যক্তিক সমস্যা আৰু সিদ্ধান্ত গ্রহণে সহায়তা কৰে। প্ৰতিষ্ঠানৰ সাফল্যৰ কাৰণে উদ্যোগীৰ সঠিক পৰিকল্পনা অত্যন্ত গুৰুত্বপূৰ্ণ । কাৰণ এটা প্রদত্ত পৰিস্থিতি বুজাৰ বাবে অথবা নতুন পণ্য বা এটা নতুন  উদ্ভাৱন কৰাত পৰিকল্পনা সহায় কৰে। এণ্টাৰপ্ৰাইজৰ সাফল্য কেবল গ্রাহকৰ লগত একক লেনদেনৰ উপৰ নিৰ্ভৰ কৰে। তথাপি এটা গ্ৰাহকক উৎসাহিত কৰিব লাগে।

12. হেনৰি ফেয়লে আগবঢ়োৱা পাঁচটা পৰিচালনাৰ নীতি আলোচনা কৰা।

উত্তৰঃ (ক) কর্ম বিভাজন: পৰিচালনাৰ এই নীতিয়ে বিশেষীকৰণৰ ওৰত গুৰুত্ব সুচায়। উচ্চ উৎপাদন ক্ষমতা লাভ কৰিবলৈ ঔদ্যোগিক সংগঠনৰ প্ৰতিটো স্তৰৰ কাম-কাজ এনেদৰে বিভাজন হ’ব লাগে যাতে এজন ব্যক্তি বা কৰ্মচাৰীয়ে তেওঁৰ বিশেষ দক্ষতা বা নিপুনতাৰে বিশেষ এটা কার্য সম্পাদন কৰিব পাৰে।

(খ) কৰ্তৃত্ব আৰু দায়িত্ব: কৰ্তৃত্ব আৰু দায়িত্ব একেলগে গতি কৰে। উপযুক্ত কৰ্তৃত্ব প্রদান কৰাৰ লগতে দায়িত্ব আৰোপ কৰিলেহে উচিত কার্য সম্পাদনৰ আশা কৰিব পৰা যায়।

(গ) নিয়মানুবর্তিতা: পৰিচালনা কাৰ্যত কৰ্মচাৰীৰ পৰা বাধ্যতা বা কৰ্তব্যপৰায়নতা আদায় কৰা, তেওঁলোকৰ প্রায়োগিক বা ব্যৱহাৰিক শক্তি আৰু আকাংখিত আচৰণ লাভ কৰা প্ৰতিষ্ঠিত নীতি-নিয়মৰ প্ৰতি আনুগত্যৰ বহিঃপ্রকাশ লাভ কৰাতেই কৰ্মচাৰীৰ নিয়মানুবর্তিতা প্রত্যক্ষ কৰা যায়। নিয়মানুবর্তিতা আদায় কৰিবলৈ পৰিচালনাই প্রত্যেক স্তৰতে বিহিত ব্যৱস্থা কৰাৰ আৱশ্যক হয়।

 (ঘ) আদেশৰ একতাঃ আদেশৰ একতা নীতিৰ অধীনত কৰ্মচাৰী এজনে নির্দিষ্টকৈ এজন বিষয়াৰ ওচৰত জবাব দিহি হ’ব লাগে। আদেশৰ একতা অবিহনে সংগঠনৰ কাম-কাজত বিভিন্ন ধৰণৰ খেলি-মেলিৰ ফলত অনাহক পলম হোৱাৰ সম্ভাৱনা অধিক হয়।

(ঙ) নিৰ্দেশৰ একতা: নিৰ্দেশৰ একতাৰ নীতিয়ে সদৃশ উদ্দেশ্যৰ সংশ্লিষ্ট কাম-কাজ এজন মুৰব্বীৰ অধীনত এটা আচনিৰ অধীনস্থ কৰাক বুজায়। নিৰ্দেশৰ একতা অবিহনে কাৰ্য সম্পাদনত ঐক্যতা, সমন্বিত শক্তি আৰু দলীয় প্রচেষ্টা লাভ কৰা নাযায়।

13. সমন্বয়ক পৰিচালনাৰ সাৰমৰ্ম্ম বুলি কিয় বিবেচনা কৰা হয়?

উত্তৰঃ ব্যৱসায় সংগঠনত বিভিন্ন ব্যক্তিৰ কাম-কাজৰ সমকালীন আৰু সফল সম্পাদনেৰে উদ্দেশ্যত উপনীত হোৱাৰ পদ্ধতিক সমন্বয় সাধন বোলা হয়। সংগঠনৰ পৰিচালনাৰ শীৰ্ষ মধ্য নিম্ন স্তৰ নিৰ্বিশেষে প্রত্যেক স্তৰতে সমন্বয় সাধন কৰিবলৈ লোৱা হয়। পৰিচালনাৰ শীৰ্ষস্তৰত মুখ্য কাৰ্যবাহীয়ে বিভাগীয় পৰিচালনকসকলৰ কাম-কাজৰ সমন্বয় অৰ্থ্যাৎ সমকালীন সম্পাদনৰ তদাৰক কৰে। মুখ্য কাৰ্যবাহীয়ে উৎপাদন, বিক্রী, বিত্ত, ব্যক্তি আদি বিভাগৰ সহযোগিতাৰ সমন্বয় সাধন কৰে। মধ্যম পৰিচালনাত সহকাৰী পৰিচালনাক, পৰিদৰ্শক আদিয়ে তেওঁলোকৰ অধীনস্থ কৰ্মচাৰীৰ কাম-কাজ সমন্বিত কৰে। পৰিচালনাৰ প্রত্যেক স্তৰৰ অধীনস্থ কৰ্মচাৰীৰ কাম-কাজ সমন্বয় সাধনৰ জৰিয়তে এইদৰে কামৰ দলীয় উৎসাহ সৃষ্টি কৰিবলৈ বিচৰা হয়। সাংগঠনিক লক্ষ্যত সাফল্য লাভ কৰাত মানৱীয় প্রচেষ্টা একত্ৰিত কৰাত সমন্বয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হয়। হেনৰি ফেয়লৰ মতে ‘সমন্বয় সাধন কৰা মানে এজন ব্যক্তিক কাম-কাজৰ সুবিধা প্ৰদান কৰিবলৈ আৰু তাত কৃতকাৰ্য হ’বলৈ তেওঁৰ সকলো কাম-কাজ মিলকৰা বা ঐক্য কৰা।’

অথবা

13. বিজ্ঞানসম্মত পৰিচালনাৰ কৌশলসমূহ বর্ণনা কৰা।

উত্তৰঃ (ক) উপযুক্ত দিনতীয়া কাৰ্য: শ্ৰমিকৰ উপযুক্ত দিনতীয়া কাৰ্য নিৰ্দ্ধাৰণৰ অৰ্থে টেইলৰে বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। এই পদ্ধতিৰ ব্যৱহাৰত সময় অধ্যয়ন, গতি অধ্যয়ন আৰু ক্লান্তি অধ্যয়নৰ জৰিয়তে শ্রমিক একোজনৰ একোটা দিনৰ উপযুক্ত কাম নিৰূপণ কৰা হয়।

(খ) বৈজ্ঞানিক বাছনি আৰু প্ৰশিক্ষণ: বৈজ্ঞানিক পৰিচালনাৰ শ্ৰমিক বাছনিৰ ক্ষেত্ৰত সযন্তে প্ৰস্তুত কৰা বাছনি পদ্ধতিৰ জৰিয়তে শ্রমিক বাছনি কৰাতো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয় ৷ লগতে বাছনিভূক্ত শ্রমিকসকলক উত্তম পদ্ধতিৰে কাৰ্য সম্পাদন কৰোৱাৰ প্ৰশিক্ষণ আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰা হয়।

(গ) কেঁচা সামগ্ৰী, আহিলা আৰু কৰ্মস্থলীৰ অৱস্থাৰ মানদণ্ড নিৰূপণ: কেঁচা সামগ্ৰী, আহিলা পাতি, যন্ত্রপাতি আৰু কাৰ্য সম্পাদনাৰ বাবে আৱশ্যক হোৱা অন্যান্য সা-সুবিধাৰ মান উন্নত হোৱা অতি আৱশ্যক। ইয়াৰোপৰি টেইলৰে সদৃশ ধৰণৰ কাৰ্য-সম্পাদন কৰা সকলো শ্ৰমিকৰ প্ৰতি সমানে সা-সুবিধা আগবঢ়াই কৰ্মস্থলীৰ অৱস্থা উন্নত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।

(ঘ) কাৰ্যকাৰকৰ সুচনা: টেইলৰে পৰামৰ্শ দিয়া কাৰ্যকাৰকৰ সুচনাই কাৰখানা পৰ্যায়ত পৰিচালনাৰ বিশেষীকৰণত প্ৰয়োগ ঘটোৱা হয় ৷ তেওঁৰ মতে একক কাৰ্যকাৰকে ভিন্ন স্তৰৰ ভিন্ন কাৰ্য তদাৰক কৰাৰ পৰিৱৰ্তে সুকীয়া সুকীয়া স্তৰত সুকীয়া আৰু বিশেষজ্ঞস্বৰূপ কাৰ্যকাৰকৰ তদাৰকে কাৰখানা পৰিচলানালৈ ফলপ্ৰসুতা আনে। এই উদ্দেশ্যে টেইলৰে কাৰখানা স্তৰত আঠোটা কাৰ্যকাৰক নিয়োগৰ পৰামৰ্শ দিয়ে। সেইবোৰ হৈছে – পথ তত্বাবধায়ক, শিক্ষন কাৰ্ড তত্বাৱধায়ক, সময় আৰু ব্যয়তত্বাবধায়ক, কাৰখানা শাসন, কৰ্মীদলৰ দলপতি, গতি তত্বাৱধায়ক, মেৰামতি তত্বাবধায়ক আৰু পৰিদৰ্শক।

(ঙ) ভিন্ন গোটৰ হাৰত মজুৰি প্ৰদান: শ্ৰমিকৰ কৰ্মপ্ৰেৰণা আৰু উৎসাহ জাগ্ৰত কৰাৰ লগতে নিৰ্দ্ধাৰিত মানৰ উৎপন্ন উৎপাদন কৰি পূৰস্কাৰ লাভ কৰিবলৈ টেইলৰে ভিন্ন গোটৰ হাৰৰ পদ্ধতিৰে মজুৰি প্ৰদান আচনিৰ প্ৰৱৰ্তন কৰে। এই আচনিৰ জৰিয়তে বৈজ্ঞানিক ভাবে কর্ম অধ্যয়ন কৰি প্ৰত্যেক শ্ৰমিকৰ বাবে এক নিৰ্দিষ্ট মানৰ উৎপন্নৰ আগতীয়া নিৰ্দ্ধাৰণ কৰা হয়।

14. গোলোকীকৰণে ভাৰতবৰ্ষৰ ব্যৱসায়-বাণিজ্যত কিদৰে প্ৰভাৱ পেলাইছে? বর্ণনা কৰা।

উত্তৰঃ নিজে কৰা। 

15. ক্ৰিয়াত্মক গাঁথনি আৰু বিভাগীয় গাঁথনিৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ

ক্ৰিয়াত্মক গাঁথনিবিভাগীয় গাঁথনি
(ক) সংগঠনৰ প্ৰতিটো মূখ্য কামৰ বাবে একোটাসুকীয়া বিভাগ থাকে।(ক) প্রত্যেক মূখ্য দ্ৰৱ্যৰ বিন্যাসৰ বাবে এটা বিভাগ থাকে।
(খ) কামৰ ভিত্তিত কৰা হয়।(খ) দ্ৰৱ্যৰ ভিত্তিত কৰা হয়।
(গ) কেৱল এটা বিভাগৰ ওপৰত দায়িত্ব অর্পণ কৰিব নোৱাৰি।(গ) প্ৰতিটো বিভাগৰ ওপৰত দায়িত্ব দিব পাৰি।
(ঘ)সৰু আৰু মধ্যমীয়া প্রতিষ্ঠান বাবে উপযোগীI(ঘ) বৃহৎ প্ৰতিষ্ঠানৰ বাবে উপযোগী।

16. মকৰলৰ পাঁচটা অভ্যন্তৰীণ উৎসৰ অসুবিধা বর্ণনা কৰা।

উত্তৰঃ (ক) নতুন প্ৰতিভাৰ প্ৰৱেশ সুবিধা হ্রাস: সংগঠনত খালীপদ সৃষ্টি হ’লে আভ্যন্তৰীণ উৎসৰ পৰা পূৰণ কৰাৰ অনুশীলনে তালৈ নতুন প্রতিভাগ আগমন / প্ৰৱেশৰ সুবিধা হ্রাস কৰায়। 

(খ) অলসতা / নিষ্ক্রিয়তাৰ কাৰণ: নিৰ্ধাৰিত সময়ত পদোন্নতি লাভ কৰাটো নিশ্চিত হ’লে কৰ্মচাৰীৰ মনত স্বাভাৱিক অলসতা আহি পৰিব পাৰে। সংগঠনৰ বাবে ইয়াৰ পৰিণতি নেতিবাচক হয়।

(গ) নতুন প্ৰতিষ্ঠানৰ বাবে অপ্ৰযোজ্য: স্বাভাৱিকতে নতুনকৈ স্থাপন কৰা প্ৰতিষ্ঠানৰ কৰ্মচাৰী মকৰলত সকলো কৰ্মচাৰীয়েই নতুন হোৱাত বদলি কিম্বা পদোন্নতিত আভ্যন্তৰীণ উৎস অৱলম্বন নহয়। ইয়াত খালীপদ পূৰাবলৈ কৰ্মৰত লোক নাথাকে। 

(ঘ) প্রতিযোগিতামূলক উৎসাহত প্রতিবন্ধকতা: আভ্যন্তৰীণ উৎস হিচাপে বদলিকৰণ অথবা পদোন্নতি একেটা সংগঠনতে সংঘটিত হোৱা বাবে কৰ্মচাৰীসকলৰ মনলৈ প্ৰতিযোগিতামূলক উৎসাহ নাহিব পাৰে। তেওঁলোকে নতুনত্ব হিচাপে কোনো ধৰণৰ বিবেচনা নকৰিব পাৰে।

(ঙ) উৎপাদিকা হ্ৰাসৰ শংকা: সংগঠনৰ মকৰল নীতি আভ্যন্তৰীণ উৎসভিত্তিক হ’লে সঘনাই কৰ্মচাৰী বদলিকৰণৰ প্ৰয়োজন হয়। কৰ্মচাৰীৰ সঘন বদলিত কৰ্মচাৰী অসন্তুষ্ট হোৱা আৰু পদ বিশেষত তেওঁলোকৰ স্থিৰতা হানি হোৱাত উৎপাদিকা হ্রাস পোৱাৰ আশংকাই দেখা দিয়ে।

17.ভাৰতবৰ্ষৰ প্ৰতিভূতি বিনিময় কেন্দ্ৰৰ পাঁচটা কাৰ্যাৱলী বর্ণনা কৰা।

উত্তৰঃ (ক) প্ৰতিভূতিৰ লেন-দেন: অন্যান্য বজাৰৰ দৰে ষ্টক বিনিময় কেন্দ্ৰই অংশ পত্র, ঋণ পত্ৰ আদিৰ নিয়মীয়া ক্রয়-বিক্ৰয়ৰ সুবিধা দিয়ে। ইয়াৰ ফলত প্ৰতিভূতিৰ ধাৰকে ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে। অৰ্থাৎ এই বজাৰে প্ৰতিভূতিৰ তৰলতা আনে।

(খ) তাৰল্য: প্ৰতিভূতি বজাৰত পুৰণি বিত্তীয় পত্ৰৰ বেচা-কিনা নিয়মিত ভাৱে চলি থাকে। অর্থাৎ প্রয়োজন হ’লে প্ৰতিভূতি কিনিব আৰু বেচিব পৰা সুবিধাৰ কাৰণে এইবোৰৰ তৰলতা আছে। ইয়াৰ ফলত সঞ্চয় কাৰীক প্ৰতিভূতি ক্ৰয় কৰাত অনুপ্রাণিত কৰে। কাৰণ দৰকাৰ মতে তেওঁ ইয়াক বিক্ৰী কৰি টকা উলিয়াই ল’ব পাৰে৷

(গ) হস্তান্তৰৰ সুবিধা: ষ্টক বিনিময় কেন্দ্ৰত প্ৰতিভূতি ক্রয়-বিক্রয় কৰি হস্তান্তৰ কৰা সহজ ৷ ইয়াত পঞ্জীয়ন ভূক্ত প্রতিভূতি সহজে কোম্পানিয়ে হস্তান্তৰ কৰে ৷

(ঘ) প্ৰতিভূতি তথ্যপাতি: ষ্টক বিনিময় কেন্দ্ৰত লেন-দেন হোৱা অংশ পত্র, ঋণপত্র আদিৰ সঠিক তথ্য পাতিৰ অভিলেখ ৰখা হয়। সেইবোৰ প্ৰচাৰ কৰিলে সকলো প্ৰকাৰ প্ৰতিভূতিৰ সবিশেষ তথ্য জানিব পাৰি। ইয়াৰ বাবে নিজৰ সুবিধামতে প্রতিভূতি বাছনি কৰি ক্ৰয় কৰিব পাৰি।

(ঙ) সঞ্চয় অনুপ্ৰেৰণাদায়ক: প্রতিভূতিত বিনিয়োগ কৰি লাভ উপাৰ্জন হোৱা কাৰণে আৰু প্ৰতি ভূতি বিক্ৰীকৰি টকা পাব পৰা সুবিধাই সঞ্চয় কাৰীক অনুপ্রাণিত কৰে।

18. প্ৰচাৰ মানে কি বুজা ? বিজ্ঞাপন আৰু প্ৰচাৰৰ মাজত পাৰ্থক্য দেখুওৱা। 

উত্তৰঃ প্ৰচাৰ বা জনসংযোগ বিজ্ঞাপনকৰণ সাদৃশ্য। বিশেষকৈ ইয়াৰ অব্যক্তিক ৰূপৰ যোগাযোগৰ বৈশিষ্ট্যৰে হৈছে এক বিজ্ঞাপনকৰণ। সাধাৰণতে এটা উৎপন্ন দ্রব্য বা সেৱাৰ বিষয়ে যেতিয়া কোনো সুবিধাজনক বা উপযোগী বাতৰি গণ মাধ্যমত পৰিৱেশন কৰা হয় তেতিয়া প্ৰচাৰে গুৰুত্ব লাভ কৰে৷ বিজ্ঞাপন আৰু প্ৰচাৰৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল-

(ক) পৰিশোধ ৰূপঃ বিজ্ঞাপন হৈছে যোগাযোগৰ এক মূল্য পৰিশোধ ৰূপৰ অৰ্থাৎ বিজ্ঞাপন দাতাই সম্ভাব্য কাৰোবাৰ সৈতে যোগাযোগ কৰাত ব্যয় বহন কৰিব লাগে। আনহাতে, প্ৰচাৰ হৈছে এক মূল্য বা ব্যয় পৰিশোধবিহীন ৰূপৰ যোগাযোগ। ই প্ৰতিষ্ঠানৰ কোনো ব্যয় জড়িত নকৰায়।

(খ) অব্যক্তিকতা: বিজ্ঞাপনত সম্ভাব্য বা লক্ষ্যৰ কোনোবা আৰু বিজ্ঞান দাতাৰ মাজত পোনপটীয়া মুখামুখি সংস্পৰ্শ বা সংযোগ নঘটে। প্ৰচাৰত স্বতন্ত্ৰ উৎস যেনে— বাতৰিৰ কাহিনীৰ ৰূপ দিয়া ছপাশাল আদি থাকে আৰু ই তথ্য বিস্তাৰ কৰে, ব্যয় বহনকাৰী বিজ্ঞাপন দিওঁতাতকৈ ইয়াৰ বাৰ্তাৰ অধিক বিশ্বাসযোগ্যতা থাকে।

(গ) চিনাক্তকৃত বিজ্ঞাপনকাৰী: বিজ্ঞাপনকৰণত কিছুমান চিনাক্ত কৰিব পৰা ব্যক্তি বা কোম্পানিৰ দ্বাৰা দায় গ্ৰহণ কৰা হয় যিবোৰে বিজ্ঞাপনৰ প্ৰচেষ্টা চলায় আৰু লগতে ইয়াৰ ব্যয়ো বহন কৰে। আনহাতে প্ৰচাৰত যোগাযোগৰ বাবে বাতৰিৰ শিৰোনামাৰে বাৰ্তা প্ৰচাৰ হয় ইয়াত নিৰ্দিষ্টকৈ চিনাক্ত হোৱা কোনো ব্যয় বহনকাৰী বিজ্ঞাপন দিওঁতা নাথাকে।

অথবা

18. বজাৰকৰণৰ কাৰ্য্যসমূহ বর্ণনা কৰা।

উত্তৰঃ বজাৰকৰণৰ কাৰ্যসমূহ হ’ল:

(ক) বজাৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণকৰণ: ই হৈছে এটা গুৰুত্বপূৰ্ণ কাৰ্য।গ্ৰাহকসকলৰ প্রয়োজনীয়তা চিনাক্ত কৰিবলৈ আৰু উৎপন্ন দ্ৰব্য আৰু সেৱাৰ সফল বজাৰকৰণৰ বাবে বিভিন্ন সিদ্ধান্ত গ্রহণ কৰিবলৈ বজাৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণকৰণৰ আৱশ্যক হয়। প্ৰতিষ্ঠানৰ সুবিধা-অসুবিধা আৰু ক্ষমতা অথবা দুৰ্বলতাসমূহৰ বিশ্লেষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰাত ই সহায় কৰে ।

(খ) বজাৰ পৰিকল্পনাকৰণ: সংগঠনৰ বজাৰকৰণ উদ্দেশ্যত উপনীত হোৱাৰ কাৰণে উপযুক্ত বজাৰকৰণ পৰিকল্পনা উন্নীত কৰা হয়।

(গ) উৎপন্ন দ্ৰব্যৰ ৰূপ আৰু উন্নয়ন: উৎপাদিত দ্রব্যৰ আৰ্হি প্ৰস্তুতকৰণ আৰু তাৰ উন্নয়ন সাধন কৰাতে হৈছে বজাৰকৰণৰ এক গুৰুত্বপূৰ্ণ কাম। দ্ৰব্যৰ ৰূপাংকনে নিৰ্দ্ধাৰিত লক্ষ্যৰ গ্ৰাহকলৈ আকৰ্ষণ বঢ়োৱাত বৰঙণি যোগায়I

(ঘ) মানদণ্ডীকৰণ আৰু শ্রেণীবন্ধন: মানদণ্ডীকৰণে পূৰ্ব নিৰ্দ্ধাৰিত নিৰ্দ্দিষ্টতাৰে পণ্য সামগ্রী উৎপাদন কৰাক বুজায় আৰু ইয়ে উৎপন্নৰ সদৃশ ৰূপত্ব আৰু সামঞ্জস্যতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে। আনহাতে শ্রেণীবন্ধন হৈছে উৎপাদিত দ্ৰব্যৰ গুণ, আকাৰ আদিৰ ভিত্তিত বিভিন্ন ভাগত বিভক্ত কৰাৰ প্ৰক্ৰিয়া।

19. কৰ্তৃত্ব অর্পণ বুলিলে কি বুজা ? ইয়াৰ উপাদানসমূহ কি কি? পৰিচালনাত কর্তৃত্ব কিয় আৱশ্যক বুলি বিবেচনা কৰা হয়?

উত্তৰঃ প্রতিজন ব্যক্তিয়ে কি কাম কৰিব লাগিব সেই বিষয়ে স্পষ্টকৈ সংজ্ঞাবদ্ধ হ’ব লাগিব। ব্যক্তিজনৰ তেওঁৰ কৰ্তব্যৰ বিষয়ে জানিব লাগিব। ব্যক্তিজনে নিজৰ কাম আৰু দায়িত্বৰ বিষয়ে জানিলে একেটা কাম দুবাৰ সম্পন্ন কৰা, কৰ্ম বেমেজালি, ভুল বুজাবুজি ইত্যাদিবিলাকৰ পৰা হাত সাৰিব পাৰি।

কৰ্তৃত্ব অর্পণৰ উপাদানসমূহ:

(ক) কৰ্তৃত্বঃ কৰ্মচাৰী এজনক কোনো এটা কাম কৰিবৰ বাবে আদেশ দিব পৰা ক্ষমতাকে কর্তৃত্ব বোলে। কৰ্তৃত্ব হৈছে ন্যস্ত কৰা কামটো সম্পন্ন কৰিবৰ বাবে অৰ্পণ কৰা প্ৰয়োজনীয় ক্ষমতা আৰু অধিকাৰ।

(খ)দায়িত্ব: দায়িত্ব হৈছে কোনো এটা কৰ্ত্তব্য নিষ্ঠা আৰু সামৰ্থতাৰে পালন কৰা এক প্রক্রিয়া। দায়িত্ব সদায় মানৱ সম্বন্ধীয় আৰু ই উর্দ্ধগামী।

(গ) উত্তদায়কঃ কোনো প্রাপ্ত কর্তৃত্ব বা দায়িত্বক বাস্তবায়িত কৰাৰ পিছত সেই সম্পৰ্কীয় প্রতিবেদন নিম্ন স্তৰৰ বিষয়া বা কৰ্মচাৰীয়ে তেওঁৰ উৰ্দ্ধতম কর্তৃপক্ষক অবগত কৰা ব্যৱস্থাটোক উত্তদায়ক বোলে।

পৰিচালনাত কর্তৃত্বৰ আৱশ্যক:

(ক) শীর্ষ কাৰ্যবাহীলৈ সকাহঃ সংগঠনৰ শীৰ্ষ কাৰ্যবাহীয়ে প্ৰত্যেকটো কাৰ্যই নিজে সম্পাদন কৰিব নোৱাৰে। কিয়নো কাৰ্যবাহীসকলে পৰিকল্পনাকৰণ, সমন্বয় সাধন, নিয়ন্ত্রণ সাধন আদি পৰিচালনীয় কার্যত ওতঃপ্রোতভাবে জড়িত হ’ব লগাত পৰে। এনে পৰিস্থিতিত অধীনস্থসকললৈ কৰ্তৃত্ব প্রতিনিধিত্ব কৰি কাৰ্যবাহীসকলে সকাহ লাভ কৰে।

(খ) সংগঠনৰ ভেটি: সাংগঠনিক গঠন পদ্ধতিত কৰ্তৃত্বৰ প্ৰতিনিধিত্ব কৰণ হৈছে এক গুৰুত্বপূৰ্ণ পৰ্যায়। অর্থাৎ প্ৰতিষ্ঠানৰ সকলো পৰ্যায়ৰ কাৰ্য সম্পাদনৰ অৰ্থে গঠন কৰা সংগঠনৰ প্ৰধান ভেটি হৈছে জ্যেষ্ঠ পৰিচালক নাইবা কাৰ্যবাহীসকলৰ কৰ্তৃত্ব অধীনস্থলৈ প্রতিনিধিত্ব কৰাৰ জৰিয়তে কার্য সম্পাদনৰ সুচলতা নিশ্চিত কৰা ৷

(গ) বিশেষজ্ঞৰ ব্যৱহাৰ: কতৃত্ব প্রতিনিধিত্বকৰণত বিশেষজ্ঞান আৰু অভিজ্ঞতাৰ ব্যক্তিৰ ওপৰত দায়িত্বৰ অৰ্পণ হৈছে অন্য এক সুবিধা। এনে কাৰ্যই সংগঠনৰ কামৰ মান উন্নত কৰে।

(ঘ) সম্প্ৰসাৰণ আৰু ভিন্নমুখীকৰণ সুবিধা: ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু কাম-কাজৰ ভিন্নমুখীকৰণৰ সুবিধাৰ ফলত জ্যেষ্ঠসকলে একোটা কাম অধীনস্থৰ দায়িত্বত অৰ্পণ কৰি নতুন নতুন দিশত অগ্ৰসৰ হোৱা আৰু তাৰ দ্বাৰা ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটোৱাৰ সুবিধা লাভ কৰে বাবে কৰ্তৃত্বৰ প্ৰতিনিধিত্বকৰণৰ গুৰুত্ব পৰিলক্ষিত হয়।

(ঙ) অধীনস্থসকলৰ উন্নয়ন সাধন: কৰ্তৃত্বৰ প্ৰতিনিধিত্বকৰণে অধীনস্থ সকলৰ কৰ্তব্য, দায়িত্ব, পাৰদৰ্শিতা বৃদ্ধি কৰাত সহায় কৰে। তেওঁলোকৈ অৰ্পণ কৰা কৰ্তৃত্বৰ ফলতে সিদ্ধান্ত গ্রহণ আৰু আদেশ জাৰি কৰাৰ ক্ষমতা লাভ হয়। ফলত অধীনস্থসকলৰ সাংগঠনিক কার্যত নিজৰ উন্নয়ন সাধনৰ সুযোগ আনে।

অথবা

19. সংগঠনকৰণ প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ কি কি? সংগঠনকৰণৰ গুৰুত্ব ব্যাখ্যা কৰি চাৰিটা কাৰণ বৰ্ণনা কৰা।

উত্তৰঃ সংগঠনকৰণ প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ হল:

(ক) প্ৰতিষ্ঠানৰ সামগ্রিক বা সম্পূর্ণ কার্য নিৰ্দ্ধাৰণ কৰা ৷

(খ) কামৰ শ্ৰেণীবদ্ধকৰণ বা বিভাগীকৰণ কৰা।

(গ) কর্তৃত্ব প্রতিনিধিত্ব কৰণ আৰু দায়িত্ব আৰোপন কৰা।

(ঘ) বিভাগীয় প্ৰতিষ্ঠাপনেৰে কৰ্ম বিভাজন কৰা ৷

(ঙ) বিভাগীয় প্রতিষ্ঠাপনৰ কৰ্মীলৈ ভৌতিক সা-সুবিধাৰ বন্দবস্ত কৰা।

(চ) কৰ্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্ক নিৰূপণ আৰু প্ৰতিষ্ঠাপন কৰা।

সংগঠনকৰণৰ গুৰুত্ব:

(ক) বিশেষীকৰণৰ সুবিধা: কৰ্ম বিভাজনে বিভিন্ন বিভাগ বা বিশেষ দিশত কামৰ বিভাজন ঘটোৱাত সেইবোৰৰ কাম-কাজৰ অনুশীলনত বিশেষীকৰণৰ সৃষ্টি হয়। এই বিশেষীকৰণে সাংগঠনিক কার্যত শ্রমিকৰ পাৰদৰ্শিতা বৃদ্ধি কৰে।

(খ) নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায়কঃ নতুন আৰু পৰিৱৰ্ত্তিত পৰিস্থিতিত উদ্ভাৱন হোৱা নতুন প্রযুক্তিৰ সফল অৱলম্বনেৰে পৰিচালনাই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সামর্থ্য লাভ কৰে। ফলত সংগঠনত নতুন প্রযুক্তিৰ প্ৰকাম্য ব্যৱহাৰত সহায় লাভ হয়।

(গ) অবিৰত কাৰ্য সম্পাদনৰ সুবিধা: সংগঠনৰ নমনীয়তাৰ নীতিৰে ভৱিষ্যতৰ পৰিৱৰ্তিত অৱস্থাত সাংগঠনিক সংযোজনৰ সুবিধা প্ৰদান কৰাৰ বিপৰীতে কৰ্ম বিভাজন আৰু যোগ্যলোকৰ ওপৰত বিভাগীয় কামৰ দায়িত্ব আৰোপকৰণে কার্য সম্পাদন অবিৰত কৰে।

(ঘ) কৰ্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতা: সংগঠনৰ গঠনত ৰিচালক আৰু অধীনস্থৰ কৰ্তৃত্ব আৰু দায়িত্বৰ সম্পৰ্কৰ স্পষ্টতাই কাম-কাজৰ সুস্থ সম্পাদনৰ সুবিধা আগবঢ়ায় লগতে, প্রত্যেক অৱস্থানৰ ব্যক্তিৰ মাজত উন্নত মানৱীয় সম্পৰ্কৰ প্ৰবৰ্তন কৰে। ফলত সংগঠনত কৰ্মস্পৃহা বৃদ্ধি পায়।

20. প্রশিক্ষণ মানে কি ? সংগঠনবিলাকে কর্মস্থানৰ বাহিৰত দিয়া প্ৰশিক্ষণৰ যিকোনো ছয়টা পদ্ধতি ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰশিক্ষণ হৈছে ফলপ্ৰসু কার্য সম্পাদনৰ অৰ্থে নিপুনতা বৃদ্ধিৰ কাৰ্যক্ৰম ই নির্দিষ্ট এক উদ্দেশ্য বা কার্য সম্পাদনৰ বাবে বিশেষ দক্ষতাৰ উন্নয়ন সাধনৰ লগত জড়িত পদ্ধতি।

Edwin B. Flippo ৰ মতে ‘প্ৰশিক্ষণ হৈছে নিৰ্দিষ্ট কোনো কার্য সম্পাদন কৰাৰ বাবে কৰ্মচাৰীৰ জ্ঞান আৰু নিপুনতা বৃদ্ধি কৰা কাৰ্য ।

সংগঠনবিলাকে কর্মস্থানৰ বাহিৰত দিয়া প্ৰশিক্ষণৰ ছয়টা পদ্ধতি:

(ক) শ্ৰেণী কোঠাৰ বক্তৃতা সন্মিলন: কৰ্ম অৱস্থানৰ বাহিৰত প্ৰশিক্ষণ পদ্ধতিত নিৰ্দিষ্ট কম পৰা দূৰত অৱস্থান কৰি গ্ৰহণ কৰা অথবা সংগঠনৰ দ্বাৰা আয়োজন কৰা এক প্ৰশিক্ষণ পদ্ধতি হৈছে শ্ৰেণীকোঠাত বক্তৃতা প্রদান কৰা অথবা সন্মিলন অনুষ্ঠিত কৰা। এই পদ্ধতি নির্দিষ্ট তথ্য, বিধি, কার্য প্রণালী অথবা পদ্ধতি অৱগত কৰিবলৈ অৱলম্বন কৰা হয়। সন্মিলিত কৰ্মচাৰীসকললৈ এইদৰে তথ্যাদি শ্ৰব্য-দৃশ্য আহিলাৰ ব্যৱহাৰেৰে অথবা প্ৰদৰ্শনৰ জৰিয়তে যোগান ধৰা হয় ৷ শ্ৰেণী কোঠাত আনুষ্ঠানিকভাৱে এক আয়োজনৰ দ্বাৰা প্ৰশিক্ষণ অধিক মনোগ্রাহী হয় আৰু কঠিন বিষয়বোৰৰ স্পষ্টীকৰণ সুবিধাজনক হয়।

(খ) চলচ্চিত্র: বহিঃকৰ্ম অৱস্থানত প্ৰশিক্ষণৰ আন এক পদ্ধতি হৈছে চলচ্চিত্র, যিয়ে আন পদ্ধতি বা কৌশলেৰে সহজে উপস্থাপন কৰিব নোৱাৰা তথ্য যোগান ধৰে আৰু দক্ষতা বা নিপুনতা সুস্পষ্টকৈ প্ৰদৰ্শন কৰে। সন্মিলনৰ আলাপ-আলোচনাৰ সৈতে সংযোজন ঘটাই চলচ্চিত্ৰৰ মাধ্যমত অধিক ফলোৎপাদকভাৱে প্ৰশিক্ষণ দিব পৰা যায়।

(গ) ক্ষেত্র অধ্যয়ন: ক্ষেত্র অধ্যয়ন পদ্ধতিৰ প্ৰশিক্ষণে সংগঠনৰ সঁচা অভিজ্ঞতাবোৰ উদঙাই দিয়ে। ইয়াত প্ৰকৃত অভিজ্ঞতাৰ ক্ষেত্ৰসমূহত পৰিচালকসকলে সন্মুখীন হোৱা সমস্যাৰ সম্ভৱপৰ শুদ্ধকৈ বৰ্ণনা কৰায়। প্ৰশিক্ষাৰ্থীসকলক এইদৰে ক্ষেত্ৰসমূহ অধ্যয়ন কৰিবলৈ দি সমস্যা নির্ণয় কৰিবলৈ, কাৰণ বিশ্লেষণ কৰিবলৈ, বিকল্প সমাধান ব্যৱস্থা উলিয়াই উত্তমটো বাছনি কৰিবলৈ আৰু তাক বাস্তৱত ৰূপায়ণ কৰিবলৈ দিয়া হয়।

(ঘ) কম্পিউটাৰ আকৃতিকৰণ: কম্পিউটাৰ আকৃতিকৰণ বা কম্পিউটাৰযোগে আৰ্হিৰ্কৰণ পদ্ধতি হৈছে কামৰ কেতবোৰ বাস্তৱিকতা অনুকৰণ কৰিবলৈ কম্পিউটাৰত তথ্যৰাশি যুগুত কৰি লোৱা আৰু সেইমৰ্মে কৰ্ম পৰিৱেশ অনুকৰণ কৰা। এই পদ্ধতিৰ প্ৰশিক্ষণ কোনো ক্ষতি বা হানিৰ সম্ভাৱনা নোহোৱাকৈ অথবা বাস্তৱ অৱস্থাত কোনো ভুলৰ উদ্ভৱ হ’লেও উচ্চ ব্যয় নভৰাকৈ শিকাৰ সুবিধা আগবঢ়ায়।

(ঙ) পূর্ব পৰিকল্পিত জ্ঞান প্রদান: এই পদ্ধতিয়ে কিছুমান নির্দিষ্ট দক্ষতা আৰু সাধাৰণ জ্ঞানৰ পূৰ্ব আয়োজিত আৰু প্ৰস্তাৱিত আহৰণত সুবিধা কৰায় ৷ ইয়াত তথ্যাদি অৰ্থপূৰ্ণ গোটলৈ ভাঙি সেইবোৰ উপযুক্ত ৰূপত আৰু যৌক্তিক আৰু ক্ৰমানুসৰিক শিক্ষণ আধাৰত ক্ৰমে অৰ্থাৎ সৰলৰ পৰা জটিলৰ, সজাই-পৰাই লোৱা হয়। প্রশিক্ষাৰ্থীয়ে সেইবোৰৰ প্রশ্নোত্তৰ দি আৰু খালী ঠাই পূৰ কৰি শিক্ষণ আধাৰৰ মাজেৰে অগ্ৰসৰ হয়। 

অথবা

20. নিযুক্তিকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা । মকলৰ আৰু বাছনিৰ পাৰ্থক্য দেখুওৱা। 

উত্তৰঃ আমি আগতেই উল্লেখ কৰি আহিছো যে, কৰ্মচাৰী হৈছে সংগঠন এটা অতি আৱশ্যকীয় আৰু কাৰ্যক্ষম উৎপাদনৰ উপাদান। কৰ্মচাৰীসকলে ব্যৱসায়ৰ সকলোবিলাক দিশতে বিকাশৰ বাবে বৰঙণি যোগোৱাৰ উপৰি অন্যান্য উপাদানবিলাককো কার্যক্ষম কবি তোলে। উল্লেখযোগ্য যে, কৰ্মচাৰী অবিহনে প্রতিষ্ঠান এটা কেৱল সামগ্রী আৰু আহিলাৰ সংগ্ৰহৰ কেন্দ্ৰৰ বুলি গণ্য কৰিব লাগিব৷ প্ৰতিটো প্ৰতিষ্ঠানতে দক্ষতাপূর্ণ কর্মীসকল এক মূল্যবান সম্পত্তি হিচাপে আৰু অনুপযুক্ত কর্মীক সংগঠনৰ বাবে এটা সমস্যা বা দেয় বুলি বিবেচনা কৰা হয়। গতিকে প্রতিষ্ঠানৰ আৱশ্যকতা অনুসবি উপযুক্ত, দক্ষ আৰু কৰ্মস্পৃহা থকা ব্যক্তিক মকৰল কৰিব লাগে। আন কথাত প্ৰতিষ্ঠানৰ দীৰ্ঘম্যাদী বিষয়টো বিবেচনা কৰি উপযুক্ত ব্যক্তিক উপযুক্ত কৰ্মৰ বাবে নিযুক্তি দিব পাৰিলেহে অদূৰ ভৱিষ্যতে সফলতা লাভ কৰিব পাৰি।

নিযুক্তিকৰণ হৈছে এটা প্ৰক্ৰিয়া, যাৰ যোগেদি সংগঠন এটাত আৱশ্যক হোৱা মানৱ সম্পদ বিষয়ে বা খালি হৈ থকা পদবীবোৰৰ বিষয়ে সম্ভাব্য উপযুক্ত অর্হতা সম্পন্ন ব্যক্তিসকলৰ মাজত প্ৰচাৰ কৰি, যোগ্যজনক নিযুক্তি ল’বলৈ আহ্বান জনোৱা হয়। আনকথাত ক’বলৈ হ’লে নিযুক্তিকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া য’ত উপযুক্ত কৰ্মীৰ বাবে অনুসন্ধান কৰি সংগঠনত থকা নিৰ্দিষ্ট কামৰ বাবে আবেদন কৰিবলৈ উৎসাহ জন্মোৱা হয় ৷

21. এটা কোম্পানীৰ মূলধন গাঁথনিৰ সিদ্ধান্তক প্ৰভাৱান্বিত কৰা চাৰিটা আভ্যন্তৰীণ আৰু বাহ্যিক উপাদান আলোচনা কৰা৷

উত্তৰঃ (ক) নগদ প্রবাহৰ স্থিতি: ঋণ প্ৰয়োগ কৰাৰ আগতে সম্ভাব্য নগদ প্রবাহৰ আকাৰ বিবেচনা কৰিব লাগে ৷ কিয়নো নগদ প্রবাহে স্থিৰ নগদ পৰিশোধৰ দায়িত্ব বহন কৰাৰ উপৰিও অতিৰিক্ত ধন থকাৰ প্ৰয়োজন ৷

(খ) সুদ অন্তর্ভুক্ত অনুপাত: এটা কোম্পানীৰ সুদ আৰু কৰ পৰিশোধৰ পূৰ্বে কিমানবাৰ সুদ বা দেনাৰ দায়িত্ব সামৰি লয়, এই অনুপাতে তাকেই সূচায় । ইয়াক তলত দিয়া ধৰণে গণনা কৰিব পাৰি – ICR = EBIT/ Interest.

(গ) ঋণ সেৱা অন্তৰ্ভুক্ত অনুপাত: সুদ অন্তর্ভুক্ত অনুপাতত উল্লেখিত দোষসমূহৰ প্ৰতিপালন কৰে ঋণ সেৱা অন্তৰ্ভুক্ত অনুপাতে। কাম-কাজৰ পৰা উদ্ভৱ হোৱা নগদ লাভৰ ঋণৰ সেৱাৰ বাবে প্ৰয়োজনীয় মুঠ নগদ আৰু অগ্ৰাধিকাৰ অংশ মূলধনৰ সৈতে তুলনা কৰা হয় ৷ ইয়াক তলত দিয়া ধৰণে নিৰ্ণয় কৰা হয়। 

Profit after tax + Depreciation + Interest- Non Cash expenses / Preference Dividend +Interest + Repayment obligation.

(ঘ) বিনিয়োগৰ ওপৰত প্ৰত্যাৰ্পন: যদি কোম্পানীৰ বিনিয়োগৰ ওপৰত প্ৰত্যাপর্ণ উচ্চ হয়, প্ৰতিটো অংশ উপাৰ্জন বৃদ্ধি কৰিবলৈ কোম্পানীয়ে সমাংশৰ ব্যৱসায় প্রয়োগ কৰিবলৈ বাছি ৰ বাবে ইয়াৰ সামৰ্থ অধিক।

অথবা

21. লভ্যাংশ সিদ্ধান্তৰ বিভিন্ন দিশসমূহ কি কি? লভ্যাংশ সিদ্ধান্তক প্ৰভাৱান্বিত কৰা ছটা উপাদান ব্যাখ্যা কৰা।

উত্তৰঃ নিজে কৰা।

22. SEBI কি? ইয়াৰ কাৰ্যাৱলী আলোচনা কৰা I

উত্তৰঃ SEBI হল ভাৰত চৰকাৰৰ মালিকাধিন দেশৰ নিৰাপত্তা আৰু পণ্য বজাৰৰ নিয়ন্ত্ৰক। 

SEBI ৰ কাৰ্যাৱলী:

ক) ষ্টক বিনিময় কেন্দ্র বা আন কোনো প্ৰতিভূতি বজাৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰা।

(খ) ব্যক্তি আৰু অনুষ্ঠানৰ কাম-কাজ পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ কৰা ৷

(গ) পাৰস্পৰিক নিধিকে ধৰি সমুহীয়া বিনিয়োগ আচনিৰ কাম কাজ পঞ্জীয়ন আৰু নিয়ন্ত্রণ কৰা।

(ঘ) প্ৰতিভূতি বজাৰত স্ব নিয়ন্ত্রিত সংগঠনৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্ৰণ কৰা।

(ঙ) প্ৰতিভূতি বজাৰৰ লগত সম্পর্কিত প্ৰৱঞ্চনামূলক আৰু অশুভ বেচা-কিনাৰ অনুশীলন নিষেধ কৰা।

অথবা

22. মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পাৰ্থক্য দেখুওৱা। মুদ্রা বজাৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

মুদ্ৰা বজাৰমূলধন বজাৰ
(ক) মুদ্ৰা বজাৰে যোগান ধৰা পূঁজিৰ ম্যাদ হ্রস্বম্যাদী হয় অথবা এই বজাৰে হ্ৰস্বম্যাদীপূঁজি যোগানৰ লগত জড়িত লেন- দেন সংঘটিত কৰে।(ক) মূলধন বজাৰে যোগান ধৰা দীর্ঘম্যাদী পূঁজিৰ যোগানৰ লগত জড়িত নিৰাপত্তাপত্ৰৰ লেন-দেন কৰে।
(খ) তলবী মুদ্ৰাবজাৰ, অতিৰিক্ত জামিনৰবজাৰ, বিল বজাৰ, স্বীকৃতি, বিভাগ বা সংস্থাৰ ওপৰি খিলঞ্জীয়া বেংক, মহাজন আদিও ইয়াৰ উপাদান হয়।খ) নতুন বিলিবজাৰ, প্ৰতিভৃতি বিনিময় কেন্দ্র, বিত্তীয় অনুষ্ঠান, বিনিয়োগ ন্যাস, বিলিসংস্থা আদি মূলধন বজাৰৰ মৌলিক উপাদান।
(গ) অৱলেখনে এই বজাৰত গুৰুত্বপূৰ্ণ স্থান দখল নকৰে।(গ) মূলধন বজাৰৰ উপাদান বিত্তীয় অনুষ্ঠানবোবৰ অবলেখন কাৰ্যই বিশেষগুৰুত্ব লাভ কৰে।

মুদ্রা বজাৰৰ বৈশিষ্ট্যসমূহ: 

(ক) অনুন্নত পূঁজি বজাৰঃ দেশৰ জনমুফি আয় কম হোৱা বাবে সঞ্চয়ৰ পৰিমাণো কম হয়৷ সেয়ে পূঁজি অভাৱত পূঁজি বজাৰ অনুন্নত হৈয়ে আছে।

(খ) সজাগত অভাৱঃ দেশৰ শিক্ষিত হাৰ কম হোৱা হেতু বেছিভাগ লোক পুঁজিবজাৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয়। তেওঁলোকৰ হাতত কিছু সঞ্চিত ধন থাকিলেও লোকচান হোৱাৰ ভয়ত পূজি বজাৰৰ প্ৰতিভূতিত বিনিয়োগ কৰিবলৈ ইচ্ছুক নহয়।

(গ) দুর্বল নিয়ন্ত্রণ: পূঁজি বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাও দুৰ্বল ধৰণৰ কিয়নো প্ৰতিভূতি আৰু বিনিময় নিয়ন্ত্রণ কর্তৃপক্ষ গঠন হোৱাৰ পাছতো ইয়াত খেলি-মেলি হোৱা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top