AHSEC Class 12 Education Question Paper Solved 2024 Assamese Medium | দ্বাদশ শ্ৰেণীৰ শিক্ষা পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Education Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ শিক্ষা 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2024 Education Previous Years Question Paper Solved can be of great value to excel in the examination.
AHSEC Class 12 Education Question Paper Solved 2024 Assamese Medium
AHSEC Class 12 Education Question Paper Solved 2024 Assamese Medium provided is as per the 2024 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Education Solved Question Paper 2024 Assamese Medium. Access the detailed Class 12 Education 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2024 Education Old Question Paper Solved, AHSEC Class 12 Education Solved Question Paper 2024 of Assamese in Page Format. Make use of them during your practice and score well in the exams.
EDUCATION
2024
EDUCATION OLD QUESTION PAPER SOLVED
1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া: (যিকোনো বাৰটা)
খালী ঠাই পূৰ কৰা:
(a) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ________।
উত্তৰঃ ড° লক্ষ্মনস্বামী মুডালিয়া।
(b) ________ চনৰ পৰা ১৯৪৮ চনলৈকে অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্রহণ কৰিছিল।
উত্তৰঃ ১৯০১ চনৰ।
(c) _________ ত ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।
উত্তৰঃ অন্দ্ৰা প্ৰদেশ।
(d) শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি ________ শিক্ষাৰ এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য।
উত্তৰঃ দূৰত্ব।
(e) ১৮৬৯ চনতেই ________ নামৰ এজন জার্মান জীৱবিজ্ঞানীয়ে ‘পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল।
উত্তৰঃ আৰ্নষ্ট হেকেল।
(f) ‘জনসংখ্যা শিক্ষা’ৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদ _________ য়ে দাঙি ধৰিছিল।
উত্তৰঃ কিংছলি ডেভিছ।
(g) ‘গেস্টাল্ট’ এটা জার্মান শব্দ যাৰ অৰ্থ হৈছে _________ ‘ বা ‘সম্পূর্ণ আকাৰ’।
উত্তৰঃ একেলগ কৰা।
(h) বহুভুজ অংকন কৰোঁতে বাৰংবাৰতাৰ মানসমূহ শ্রেণী অন্তৰালৰ ___________ ৰ ওপৰত সংস্থাপন কৰা হয়।
উত্তৰঃ মধ্য বিন্দু।
এটা বাক্যত উত্তৰ দিয়া:
(i) কোন চনত অসমৰ কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?
উত্তৰঃ ২০০৫ চনত।
(j) ‘কোন চনৰ পৰা অসমৰ ১২-বছৰীয়া স্কুলীয়া শিক্ষা ব্যৱস্থা প্রৱর্তন কৰা হৈছে?
উত্তৰঃ ১৯৭৭ চনৰ।
(k) কোন চনত ভাৰতবৰ্ষত মহিলাৰ সৱলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ২০০১ চনত।
(l) “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কার্য।” এই উক্তিষাৰ কোনে কৈছিল?
উত্তৰঃ এডউইন বি. হোল্ট।
(m) শিক্ষণৰ সংযোগবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিল?
উত্তৰঃ এডৱাৰ্ড এল থৰ্ণডাইক।
(n) শিক্ষণৰ ফলাফলৰ বা পৰিণামৰ নীতি কাক বোলে?
উত্তৰঃ শিক্ষার্থীসকলৰ শিক্ষাৰ ফলাফলত এই নীতিৰ বিশেষ গুৰুত্ব আছে। ছাত্র-ছাত্রীয়ে যদিহে ভাল কাম কৰে তেতিয়া শিক্ষকে পুৰস্কাৰ প্ৰদান কৰিব বা প্রশংসা কৰিব। তেনে কৰিলে ছাত্র-ছাত্রীয়ে উৎসাহ পাব আৰু আগলৈ ভাল কাম কৰাৰ স্পৃহা বাঢ়িব।
(o) “আগ্রহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্রিয় অৱস্থা মাথোন।” এই উক্তিটো কাৰ?
উত্তৰঃ উইলিয়াম মেকডুগল।
(p) ‘অনুমিত গড়’ পদ্ধতিকে গড় নির্ণয় কৰা সূত্রটো লিখা।
উত্তৰঃ
2. তলত দিয়া যিকোনো বাৰটা প্রশ্নৰ উত্তৰ দিয়া:
(a) অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ দুটা উল্লেখযোগ্য প্রভাৱ উল্লেখ কৰা।
উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ দুটা উল্লেখযোগ্য প্রভাৱ হ’ল-
(i) ১৯৮৬ চনৰ ভিতৰত ২০% নিম্ন মাধ্যমিক স্তৰৰ আৰু ৫০% দশম শ্ৰেণীৰ ওপৰৰ শিক্ষার্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূর্ণকালীন পাঠ্যক্রমত অন্তর্ভুক্ত কৰিব লাগে।
(ii) বিদ্যালয়সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্রম চলাব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত মেধা ছাত্র-ছাত্রীসকলে উচ্চ পৰ্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে।
(b) অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব বা প্রয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব হ’ল-
(i) জ্ঞানৰ বিস্ফোৰণ: একবিংশ শতিকাৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত বিকাশে আন আন দিশবোৰৰ লগতে শিক্ষাক্ষেত্ৰতো আমূল পৰিৱৰ্তন আনিছে। পৰম্পৰাগতভাৱে চলি অহা সকলোবোৰ বিষয়বস্তুতে বর্তমান যুক্তি, পৰীক্ষা, নিৰীক্ষণ আদিয়ে প্রাধান্য লাভ কৰিছে।
(ii) দীঘলীয়া জীৱন আৰু অধিক আজৰি সময়: বর্তমান সময়ত এইটো পর্যবেক্ষণ কৰা যায় যে মানুহৰ জীৱনকাল ক্রমান্বয়ে দীঘলীয়া হৈছে আৰু সেয়েহে ব্যক্তিসকলে উপভোগ কৰিবৰ বাবে অধিক আজৰি সময় পায়।
(c) আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা দুটা পার্থক্য হ’ল-
আনুষ্ঠানিক শিক্ষা | অগতানুগতিক শিক্ষা |
আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এনে এক শিক্ষা ব্যৱস্থা যত আনুষ্ঠানিক শিক্ষাৰ দৰে বাধ্যবাধকতা নাথাকে। | স্কুলৰ বাহিৰৰ ল’ৰা-ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। |
অনানুষ্ঠানিক এনে একপ্রকাৰ শিক্ষা ব্যৱস্থা যত সম্পূর্ণ অগতানুগতিক প্ৰথাৰে নির্দিষ্ট সময়, বয়স, স্থান, শিক্ষক আদি সকলােতে শিথিলতা অৱলম্বন কৰি আনুষ্ঠানিক শিক্ষা গ্রহণৰ পৰা বঞ্চিত হােৱা ল’ৰা–ছােৱালীক শিক্ষা দিব পৰা হয়। | অগতানুগতিক শিক্ষা এনে এক শিক্ষা ব্যৱস্থা, যাক আনুষ্ঠানিক শিক্ষা গণ্ডীৰ বাহিৰত নিৰ্বাচিত কেতবোৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত কম সময়ৰ ভিতৰত দিয়া হয়। |
(d) জনসংখ্যা শিক্ষাৰ দুটা প্রয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ জনসংখ্যা শিক্ষাৰ দুটা প্রয়োজনীয়তা হ’ল-
(i) জনসংখ্যা বিস্ফোৰণ: বর্তমান সময়ত প্রতি ১২ বছৰত পৃথিৱীৰ জনসংখ্যা ৭ বিলিয়ন বৃদ্ধি হোৱা দেখা গৈছে। জনসংখ্যা বিস্ফোৰণৰ এই ভয়াৱহ সমস্যা প্ৰতিৰোধ কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা আছে। সকলো দিশৰ পৰা এই সমস্যা সমাধানৰ প্ৰয়োজনীয়তা বর্তমান আহি পৰিছে।
(ii) জনগাঁঠনি সম্বন্ধে জ্ঞান: জনসংখ্যা শিক্ষাৰ সহায়ত এখন দেশৰ জনসংখ্যাৰ গাঁঠনি সম্বন্ধে আমি জ্ঞান লাভ কৰিব পাৰোঁ। জনসংখ্যা শিক্ষাই দেশ এখনৰ বিভিন্ন সম্প্রদায়ৰ, ভাষিক, ধর্মীয়, জাতিগত দিশৰ সংখ্যা আৰু তেওঁলোকৰ জনগাঁঠনিৰ স্বৰূপ আৰু আর্থ-সামাজিক পৰিস্থিতি আৰু প্রয়োজন জানি উঠাত সহায় কৰে।
(e) শাৰীৰিক শিক্ষাৰ দুটা প্রয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰা।
উত্তৰঃ শাৰীৰিক শিক্ষাৰ দুটা প্রয়োজনীয়তা আৰু গুৰুত্ব হ’ল-
(i) শাৰীৰিক সুস্থতা বজাই ৰখা: সুস্থ জীৱন-যাপনৰ এক গুৰুত্বপূৰ্ণ উপাদান হ’ল শাৰীৰিক সুস্থতা। শাৰীৰিক শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সুস্থতা বজাই ৰখা, মাংসপেশীৰ শক্তি বৃদ্ধি কৰা, ধৈর্য শক্তিৰ বিকাশ আদিৰ ক্ষেত্ৰত সহায় কৰে। শাৰীৰিক সুস্থতাই হজম শক্তি তথা আন আন মনোবৈজ্ঞানিক প্রক্ৰিয়াবোৰ বিকশাই তোলে আৰু সৰ্বতোমুখী বিকাশ সাধনত সহায় কৰে।
(ii) আত্মবিশ্বাস বৃদ্ধি কৰা: খেলা-ধুলা আদিৰ দৰে শাৰীৰিক কাৰ্যবোৰে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মবিশ্বাস আৰু সদর্থক মনোভাৱ বিকশাই তোলে। খেল-ধেমালি, সমৰ-কলা, নৃত্য আদিত কৰা অংশ- গ্রহণে স্বাভাৱিকতেই ব্যক্তি এজনৰ সামগ্রিক ব্যক্তিত্ব বিকশাই তোলে।
(f) পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা সম্বন্ধ উল্লেখ কৰা।
উত্তৰঃ পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা সম্বন্ধ দুটা হ’ল-
(i) পৰিপক্কতা এক প্ৰাকৃতিক বিকাশৰ প্ৰক্ৰিয়া, যি শাৰীৰিক আৰু মানসিক দিশৰ পৰিৱৰ্তন কৰে। শাৰীজাত পৰিপক্কতাৰ সঠিক সময়ত যদিহে শিক্ষণৰ ব্যৱস্থা কৰা নাযায়, তেন্তে সেয়া ফলদায়ক নহব পাৰে। শিশুৰ শাৰীৰিক আৰু মানসিক পৰিপক্কতাৰ পৰিসীমাৰ ভিতৰত থকা শিকনৰ সম্ভাৱনা সৰ্বাধিক থাকে। একে সময়ত, শিকনাও সেই পৰিপক্কতাৰ পৰিসীমাৰ ভিতৰত উপযুক্ত ফল দিব পাৰে।
(ii) পৰিপক্কতা আৰু শিক্ষণ একে সময়ত একে ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তনত প্ৰভাৱ পেলায়। জৈৱিক পৰিপক্কতাৰ ফলত শিশুটি শাৰীৰিক বা মানসিক দিশত প্ৰাকৃতিকভাৱে বিকাশ লাভ কৰে, আৰু সেই পৰিপক্কতাৰ সৈতে মিলিত হৈ শিকনাৰ পৰা অভিজ্ঞতা আৰু জ্ঞান আহৰণ কৰে।
(g) শিক্ষণৰ দুটা অভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ চৰ্ত্ত উল্লেখ কৰা।
উত্তৰঃ (i) প্ৰেৰণা: আভ্যন্তৰীণ ড্ৰাইভ বা শিকিবলৈ ইচ্ছাই এজন শিক্ষাৰ্থীয়ে সামগ্ৰীৰ সৈতে কিমান সক্ৰিয় আৰু অটলভাৱে জড়িত হয় সেইটো নিৰ্ণয় কৰাত মূল ভূমিকা পালন কৰে।
(ii) মনোযোগ: তথ্যৰ ফলপ্ৰসূ বুজাবুজি আৰু ধৰি ৰখাৰ বাবে শিক্ষণ সামগ্ৰীৰ ওপৰত মনোনিৱেশ আৰু মনোনিৱেশ কৰাৰ ক্ষমতা অতি গুৰুত্বপূৰ্ণ।
(h) অভ্যাস স্মৃতি কাক বোলে?
উত্তৰঃ দৈহিক ক্রিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰোঁ তাকেই অভ্যাস স্মৃতি বোলে। দৈহিকভাৱে কৰা ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলস্বৰূপে মনত এক স্মৃতি চাপৰ সৃষ্টি হয়। ইয়াত ব্যক্তিৰ বুদ্ধি, চিন্তা, যুক্তি আদি মানসিক ক্ষমতাসমূহৰ প্ৰয়োজন নহয়। ব্যক্তিয়ে সম্পূর্ণ যান্ত্রিকভাৱে শিক্ষা আহৰণ কৰি কোনো বিষয়ৰ স্মৃতি লাভ কৰিব পাৰে।
(i) বিস্মৃতিৰ দুটা মানসিক কাৰণ উল্লেখ কৰা।
উত্তৰঃ বিস্মৃতিৰ দুটা মানসিক কাৰণ হ’ল-
(i) মস্তিষ্কৰ আঘাত: মস্তিষ্কৰ যি অংশই স্মৃতি সম্পর্কীয় কার্য সম্পাদিত কৰে সেই অংশ কোনো কাৰণত আঘাতপ্রাপ্ত হ’লে স্মৃতি স্থায়ী বা অস্থায়ীভাৱে বিলোপ হ’ব পাৰে।
(ii) অৱসাদ বা ক্লান্তি: অত্যধিক দৈহিক আৰু মানসিক শ্রমে দেহ-মনত এক অবসাদ আনে। এনে অৱস্থাত দেহৰ পেশী আৰু স্নায়ুসমূহৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰে আৰু প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা হ্রাস পায়। ফলত বিস্মৃতি বাড়ে।
(j) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে?
উত্তৰঃ এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্রহ, উদ্দেশ্য, কর্তব্যনিষ্ঠা তথা মানসিক সচেতনতা আদিৰদ্বাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কাৰ্য সম্পাদনৰ ইচ্ছা থাকিলে প্রতিকূল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে।
(k) আগ্ৰহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ আগ্ৰহৰ দুটা বৈশিষ্ট্য হ’ল —
(i) আগ্রহ হৈছে ব্যক্তিৰ সুপ্ত আৰু অন্তর্নিহিত মানসিক অৱস্থা।
(ii) ই মনৰ ব্যক্তিনিষ্ঠ আনুভূমিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয়।
(l) মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ মানসিক স্বাস্থ্যৰ দুটা উদ্দেশ্য হ’ল—
(i) ব্যক্তিৰ মানসিক সমস্যাসমূহৰ লগত সমাযোজনত সহায় কৰা।
(ii) মানসিক স্বাস্থ্য সুস্থভাৱে ৰখাৰ উপায়সমূহ বুজি পোৱাত সহায়।
(m) মানসিক স্বাস্থ্যবিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা লক্ষ্য হ’ল-
(i) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।
(ii) পৰিৱেশৰ লগত সুন্দৰভাৱে সমযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।
(n) কেন্দ্রীয় প্ৰৱণতাৰ জোখ বুলিলে কি বুজা?
উত্তৰঃ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখসমূহ বিভিন্ন বিষয়ত বেলেগ বেলেগ ধৰণে প্ৰয়োগ কৰা হয়। কেন্দ্ৰীয় প্ৰৱণতাৰ ভিতৰত আটাইতকৈ সুস্থিৰ জোখ হৈছে গাণিতিক গড়। গড় নিৰ্ণয়ৰ বাবে সময়ৰ অভাৱ হ’লে মধ্যমা নির্ণয় কৰিবলগীয়া হয়। গড় আৰু মধ্যমাৰ তুলনাত ম’ড বা বহুলক অতি সোনকালে আৰু সহজে গণনা কৰিব পাৰি।
(o) তলত দিয়া তথ্যৰাশিৰ পৰা গড় আৰু বহুলক নিৰ্ণয় কৰা:
30, 48, 56, 64, 78, 82, 60, 50, 56 and 46
উত্তৰঃ গড় = সকলো মানৰ যোগফল/ মানৰ সংখ্যা
মানৰ যোগফল = ৩০ + ৪৮ + ৫৬ + ৬৪ + ৭৮ + ৮২ + ৬০ + ৫০ + ৫৬ + ৪৬ = ৫৯০
মানৰ সংখ্যা = ১০
গড় = ৫৯০/১০ = ৫৯
মোড হৈছে ডাটা ছেটত সঘনাই দেখা দিয়া সংখ্যা। এই ক্ষেত্ৰত ৫৬ নম্বৰটো দুবাৰকৈ ওলায়, যিটো হ’ল
আন যিকোনো সংখ্যাতকৈ বেছি।
গড় = ৫৯
মোড = ৫৬
3. তলত দিয়া যিকোনো দহটা প্রশ্নৰ উত্তৰ দিয়া:
(a) মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা চাৰিটা পৰামৰ্শ আলোচনা কৰা।
উত্তৰঃ মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা চাৰিটা পৰামৰ্শ হ’ল-
(i) বর্তমান দেশৰ সামাজিক আৰু অর্থনৈতিক দিশত জাতীয় বিকাশৰ বাবে বিজ্ঞান আৰু কাৰিকৰী দিশৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে ।
(ii) বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্রগতি পাশ্চাত্যমুখী কৰি তােলাৰ পৰিৱর্তে ভাৰতীয় আধ্যাত্মিক আৰু নৈতিক দিশত বিকাশমুখী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।
(iii) আয়ােগে আমাৰ শিক্ষাত উৎপাদনমুখিতাৰ ধাৰণা প্রদান কৰি অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক স্থিৰতা আৰু প্ৰগতিৰ এক নিশ্চিত পথ ৰচনা কৰিছে।
(iv) ভাৰতীয় সংবিধানৰ সমতা, ভ্রাতৃত্ব আৰু সামাজিক ন্যায়ৰ গণতান্ত্রিক আদর্শ শিক্ষাৰ লক্ষ্য আদর্শত আৰু ইয়াৰ কাৰ্যব্যৱস্থাতে প্রতিষ্ঠা কৰি তােলাৰ প্ৰয়াস কৰা হৈছে।
(b) মুক্ত শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ মুক্ত শিক্ষাৰ চাৰিটা উদ্দেশ্য হ’ল-
(i) জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেৰে সমাজৰ লোকসকলক সুবিধা প্রদান কৰা।
(ii) উপযুক্ত সময়ত শিক্ষাৰ পৰা বঞ্চিত হোৱা, আধাতে শিক্ষা এৰিব লগা হোৱা, কৰ্মৰত প্ৰাপ্তবয়স্ক লোকসকলক অবিৰত শিক্ষাৰ সুবিধা দিয়া।
(iii) আর্থিক দূৰৱস্থাৰ বাবে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা, পিচপৰা শ্ৰেণীৰ লোক আৰু মহিলাসকলক শিক্ষাৰ সুবিধা প্রদান কৰা।
(iv) বিশ্বৰ নতুন নতুন জ্ঞান-ধাৰণাবোৰৰ লগত নিজকে পৰিচিত কৰিবৰ বাবে প্রয়োজনভিত্তিক জ্ঞান লাভ কৰা।
(c) মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ চাৰিটা বৈশিষ্ট্য হ’ল–
(i) মুক্ত বিশ্ববিদ্যালয় মাধ্যমেৰে কর্মক্ষেত্ৰত নিয়ােজিত হৈ থকা আগ্রহী ব্যক্তিসকক উচ্চ শিক্ষা অংশকালীনভাৱে লােৱাৰ সুবিধা কৰি দিয়া হয়।
(ii) মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভর্তিকৰণ ব্যৱস্থা মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয়।
(iii) মুক্ত বিশ্ববিদ্যালয়ত নির্ধাৰিত বয়সৰ যিকোনাে ব্যক্তিয়ে নিজকে শিকাৰু হিচাপে। পৰিগণিত কৰাব পাৰে।
(iv) মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোক অধিকভাৱে ফলপ্রসূ কৰি তােলাৰ বাবে বিস্তৃত সান্নিধ্য আঁচনি প্রয়ােগ কৰা হয়।
(d) পৰিৱেশ শিক্ষাৰ চাৰিটা নীতি আলোচনা কৰা।
উত্তৰঃ পৰিৱেশ শিক্ষাৰ চাৰিটা নীতি হ’ল-
(i) সামগ্রিক দৃষ্টিভংগীৰে পৰিৱেশৰ বিচাৰ-বিবেচনা কৰা। অর্থাৎ অর্থনৈতিক, ৰাজনৈতিক সাংস্কৃতিক, ঐতিহাসিক, নৈতিক আৰু সৌন্দৰ্য্যবোধেৰে পৰিৱেশৰ গুৰুত্ব বিচাৰ কৰা।
(ii) পৰিৱেশ শিক্ষা ধাৰাবাহিক বিধৰ হোৱা উচিত।
(iii) পৰিৱেশ শিক্ষা জীৱনৰ আৰম্ভণি পৰ্য্যায়ত আৰম্ভ আৰু মৃত্যু পর্যন্ত ইয়াৰ স্থিতি বাহাল থাকিব লাগিব।
(iv) ছাত্র-ছাত্রীক পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ প্ৰকৃত কাৰণ নিৰ্ণয় আৰু বিশ্লেষণত সহায় কৰে।
(e) প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ চাৰিটা বৈশিষ্ট্য হ’ল-
(i) প্রচেষ্টা আৰু ভুল পদ্ধতি এক ক্রমাগত আৰু যান্ত্রিক পদ্ধতি।
(ii) অনুশীলন নীতিৰ ব্যাপকভাৱে প্ৰয়োগ কৰা হয়।
(iii) জীৱ জন্তু আৰু মানুহ-দুয়োটা শ্রেণীয়ে অন্ধভাৱে যান্ত্ৰিক ক্ৰিয়াৰ দ্বাৰা শিক্ষণ লাভ কৰে।
(iv) এই পদ্ধতিত ভুল প্রচেষ্টাবোৰ ক্ৰমান্বয়ে বিলুপ্ত হয় আৰু শুদ্ধ পথ প্রদান কৰে।
(f) অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ চাৰিটা শৈক্ষিক বা শিক্ষাগত তাৎপর্য আলোচনা কৰা।
উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত অনুবন্ধনবাদৰ কাৰ্য্য পৰিসৰ অতি ব্যাপক আৰু বিস্তৃত বুলি ক’ব পাৰি। বহুত ক্ষেত্ৰত আমাৰ অজ্ঞাতেই লাভ কৰোঁ। ঘৰখন বা স্কুল গৃহতেই হওক বিভিন্ন কাৰ্য্য সমাধানত আমি অনুবন্ধনৰ দ্বাৰা প্ৰভাৱিত হওঁ। ব্যক্তিৰ ব্যক্তিত্বৰ গুণ, নিয়মিত খোৱা-বোৱা, খেলা-ধূলা, সৎ আচৰণ আয়ত্তকৰণ, আত্মসংযম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সহযোগিতা আদি বিভিন্ন কাৰ্য্য অনুবন্ধনৰ ফলতেই হোৱা বুলি ক’ব পাৰি। আনহাতে আমাৰ গ্ৰহণযোগ্য মনোভাৱ, মূল্যবোধ, বিশ্বাস, আদি বিকাশতো অনুবন্ধনৰ ভূমিকা উল্লেখযোগ্য।
তেনেকৈ শিশুৰ শিক্ষা আহৰণৰ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে। ভাষা শিক্ষণ, প্রাথমিক সাংখ্যিক বা গাণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্রদান কৰিব পাৰি। শিক্ষণীয় ব্যৱস্থাত শ্রবণ-দর্শন সঁজুলি প্রয়োগ কালত এই পদ্ধতিৰ সহায় ল’ব পাৰি। উদাহৰণস্বৰূপে, ‘গৰু’ শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে ‘গৰুৰ এখন ছবি’ আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে। কিছুসময় তেনে কৰাৰ পিছত কেৱল ‘গৰু’ শব্দটো উচ্চাৰণ কৰিলে (‘ছবিখন’ নেদেখুৱাই) ছাত্র-ছাত্রীসকলে স্বাভাৱিকতেই চিঞৰি প্রতিক্রিয়া প্রকাশ কৰিব আৰু ‘গৰু’ শব্দটো উচ্চাৰণ কৰিব। গতিকে ছাত্ৰ-ছাত্ৰীয়ে অনুষঙ্গ স্থাপন কৰি প্রত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল।
(g) ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা।
উত্তৰঃ ভাল স্মৃতিৰ লক্ষণসমূহ হ’ল-
(i) সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ: উচ্চ স্মৃতিসম্পন্ন লোকে শিক্ষণীয় বিষয় সহজে আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে। দুৰ্বল স্মৃতিৰ লোকক শিক্ষাগ্ৰহণ কাৰ্যত অধিক সময়ৰ প্ৰয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়।
(ii) সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব: আমি সহজতে শিকা কথা সহজতে পাহৰিও যাওঁ। অভিজ্ঞতাৰ দৃঢ় সংৰক্ষণ উচ্চ স্মৃতিসম্পন্ন লোকৰ এটা লক্ষণ। উচ্চ বা প্ৰখৰ স্মৃতিসম্পন্ন লোকে বিষয়বস্তু সহজে আয়ত্ত কৰাৰ লগতে দীৰ্ঘকাল সংৰক্ষণ কৰি ৰাখিব পাৰে। দুৰ্বল স্মৃতিৰ লোকৰ বাবে এই কার্য সম্ভৱ নহয়।
(iii) দ্ৰুত আৰু যথাৰ্থ পুনৰাভিব্যক্তি: সংৰক্ষণ কৰি ৰখা অভিজ্ঞতাৰ প্ৰতিৰূপ প্ৰয়োজন সাপেক্ষে দ্ৰুতভাৱে মনলৈ ঘূৰাই আনিব পৰাটো স্মৃতি প্ৰখৰতাৰ লক্ষণ। এনে লোকে পূৰ্ব অভিজ্ঞতাক সম্পূৰ্ণ অক্ষতভাৱে যথাৰ্থ ৰূপত পুনৰুখাপন কৰিব পাৰে।
(iv) ক্ৰিয়া উপযোগিতা: কোনো কোনো সময়ত দেখা যায় যে সংৰক্ষিত অভিজ্ঞতা প্ৰয়োজনৰ মুহূৰ্তত চেতন মনলৈ পুনৰ উদ্ধাৰ কৰি অনাত আমি ব্যৰ্থ হওঁ। কিন্তু প্ৰখৰ স্মৃতিসম্পন্ন লোকে অচেতন মনত সংৰক্ষণ হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্ৰয়োজনীয় অংশ দ্ৰুতভাৱে চিনাক্ত কৰি সঠিক সময়ত সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে।
(h) বিস্মৃতিৰ যিকোনো চাৰিটা বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ বিস্মৃতিৰ যিকোনো চাৰিটা বৈশিষ্ট্য হ’ল-
(i) বিস্মৃতি এক সহজ মানসিক প্রক্রিয়া।
(ii) বিস্মৃতি সদায় পৰিমাণগত হয়।
(iii) ইন্দ্রিয় অভিজ্ঞতাক চেতন মনলৈ পুনৰুদ্ধাৰ কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি।
(iv) বিস্মৃতিয়ে সচেতন মনত এক প্ৰতিৰক্ষা ব্যৱস্থা হিচাপে কাৰ্য কৰে।
(i) মনোযোগৰ যিকোনো চাৰিটা বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আলোচনা কৰা।
উত্তৰঃ মনোযোগৰ যিকোনো চাৰিটা বাহ্যিক বা বস্তুনিষ্ঠ কাৰণসমূহ তলত আলোচনা কৰা হ’ল-
পৰিৱেশৰ অৱস্থা: পৰিৱেশৰ অৱস্থাই শ্ৰমিকৰ ওচৰত থকা বিভিন্ন স্পষ্ট বা কংক্ৰিটৰ বিপদ বা অসুবিধাক বুজায় আৰু শ্ৰমিকসকলে জটিল কাম সম্পন্ন কৰাৰ সময়ত অনুভৱ কৰা চৌপাশ বা পৰিস্থিতিৰ বৰ্ণনা কৰে।
সামাজিক পৰিৱেশ: আনৰ উপস্থিতিয়ে, আৰু এজন ব্যক্তিয়ে অন্তৰ্ভুক্ত বা বৰ্জন অনুভৱ কৰে নেকি, ইয়ে মনোযোগত প্ৰভাৱ পেলাব পাৰে।
বিক্ষিপ্ততা: ছ’চিয়েল মিডিয়াৰ বিক্ষিপ্ততাই সেই প্ৰক্ৰিয়াক বুজায় যাৰ দ্বাৰা ছ’চিয়েল মিডিয়াৰ ইংগিতে ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰে যিটো কাম তেওঁলোকে প্ৰথমে অনুসৰণ কৰিছিল। যিবোৰ উদ্দীপকে প্ৰাথমিক কামৰ সৈতে সম্পৰ্কহীন কিন্তু মনোযোগৰ বাবে প্ৰতিযোগিতা কৰে, সেইবোৰে কৰ্মক্ষমতা হেৰুৱাব পাৰে।
উদ্দীপকৰ আৱেগিক মূল্য: শব্দ, পোহৰ, উষ্ণতা, আৰু ভিৰ আদি কাৰকে একাগ্ৰতাত প্ৰভাৱ পেলাব পাৰে।
(j) শিক্ষাক্ষেত্রত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত সকলো ছাত্ৰ-ছাত্ৰীৰ বিকাশ ঘটোৱাটোৱেই হৈছে শিক্ষাৰ উদ্দেশ্য। এই উদ্দেশ্য সাধনৰ বাবে বিভিন্ন বিষয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকর্ষণ কৰোৱাব পাৰিব লাগিব। কিন্তু আগ্ৰহৰ অবিহনে মনোযোগ সম্ভৱ নহয় আৰু মনোযোগৰ অবিহনে কোনো কথা শিকা সম্ভৱ নহয়। সেইবাবে শিক্ষাৰ আচল মৌলিক কথা হ’ল ছাত্ৰ-ছাত্ৰীৰ মনত বিভিন্ন বিষয়ৰ প্ৰতি আগ্রহ জন্মোৱা।
ছাত্ৰ-ছাত্ৰীৰ মনবিলাক যদি কিছুমান খালী আৰু খোলা বটলৰ দৰে হ’লহেঁতেন তেন্তে সেইবিলাকক ইচ্ছানুযায়ী বিভিন্ন জ্ঞানেৰে ভৰপূৰ কৰিব পৰা হ’লহেঁতেন। কিন্তু দুর্ভাগ্যক্রমে শিক্ষা দান আৰু শিক্ষা আহৰণ কাৰ্য বটলত পানী ভৰোৱাৰ দৰে কেৱল এক যান্ত্রিক প্রক্রিয়া নহয়। এই প্রক্রিয়াত শিক্ষার্থী আৰু শিক্ষক দুয়োৰে সক্রিয় সহযোগিতাৰ নিতান্ত আৱশ্যক। এনে সহযোগিতাৰ বাবে প্রয়োজন শিক্ষার্থীৰ ক্ষেত্ৰত বিভিন্ন বিষয়ত থকা উপযুক্ত পৰিমাণৰ আগ্ৰহ আৰু শিক্ষকৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পৰা ক্ষমতা আৰু কৌশল। এই দুটাৰ সংমিশ্ৰণতহে শিক্ষাৰ দান-আহৰণ প্ৰক্ৰিয়া কাৰ্যকৰী হ’ব পাৰে।
(k) মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ: সাধাৰণ অৰ্থত, মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনৰ শাস্ত্ৰকেই মানসিক বিজ্ঞান বোলে। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনত সহায় কৰা। অৰ্থাৎ মানসিক স্বাস্থ্যবিজ্ঞান হ’ল এনেকুৱা এটা বিষয় যাৰ দ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি-নিয়ম বা চৰ্তৰ কথা অনুকৰণ কৰি ব্যক্তিত্ব বিকাশ ঘটাই সমাজত সংগতিপূৰ্ণভাৱে সমাযোজন কৰিব পাৰে।
(l) এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰভা কৰা ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অসীম। বিদ্যালয় হ’ল বৃহত্তৰ সমাজক প্রতিনিধিত্ব কৰা এক ক্ষুদ্র সমাজ যত পৰিকল্পিতভাৱে ছাত্র-ছাত্রীসকলক প্রয়োজন জ্ঞান প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ বিদ্যালয়সমূহে কিছুমান বিশেষ দিশত গুৰুত্ব দিব লাগিব, সেই দিশসমূহ হ’ল-
(i) দৈহিক স্বাস্থ্য ৰক্ষাৰ বাবে শিক্ষা প্রদান: সুস্থ দেহতহে সুস্থ মনৰ জন্ম হ’ব পাৰে সেয়েহে বিদ্যালয়ত ছাত্র–ছাত্রীৰ দৈহিক বিকাশৰ বাবে ব্যৱস্থা ল’ব লাগে।
(ii) আবেগ–অনুভূতিৰ নিয়ন্ত্রণমূলক শিক্ষা প্রদান: ছাত্ৰ–ছাত্ৰীসকলৰ মাজত নৃত্য–গীত, আবৃত্তি, সাহিত্য চর্চা, চিত্রকলা, ভাস্কর্য, শিল্প আদি প্রয়ােজনীয় বিষয়সমূহৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।
(iii) ক্রিয়াভিত্তিক পাঠ্যক্ৰমত অগ্রাধিকাৰ: ক্রিয়াভিত্তিক আৰু গতিশীল নীতিৰ ওপৰত প্রতিষ্ঠিত পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা প্রদানৰ জৰিয়তে ছাত্র–ছাত্রীৰ দেহ–মানসিক প্রয়ােজনসমূহ পূৰণ কৰি তেওঁলােকক পৰিৱেশৰ লগাত সুসমাযােজন কৰাত সহায় কৰিব লাগে।
(iv) হস্ত শিল্পৰ শিক্ষা প্রদান: মাটিৰ কাম, বাঁহ–বেতৰ কাম, কাগজৰ কাম, চিলাইৰ কাম, বাগান পৰিচালনা আদি কামৰ প্রশিক্ষণ দিব লাগে যাতে ছাত্র–ছাত্রী সকল প্রায়ােগিক জ্ঞান বৃদ্ধি পায়।
(m) আয়তচিত্র কাক বোলে? তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়তচিত্র অংকন কৰা। (লেখ কাগজ ব্যৱহাৰ কৰিবা)
শ্ৰেণী অন্তৰাল | বাৰংবাৰতা |
90-99 | 2 |
80-89 | 4 |
70-79 | 6 |
60-69 | 8 |
50-59 | 12 |
40-49 | 7 |
30-39 | 5 |
20-29 | 4 |
10-19 | 2 |
N=50 |
উত্তৰঃ তথ্যৰ লেখচিত্ৰীয় উপস্থাপনৰ এক জনপ্রিয় পদ্ধতি হ’ল আয়তচিত্র। এই চিত্ৰত প্রাপ্ত তথ্য বা ৰাশিবোৰ আয়ত আকাৰে লেখ কাগজত অংকন কৰা হয়। বিভিন্ন আয়তক্ষেত্র এই লেখ চিত্রত ব্যৱহাৰ হোৱাৰ বাবে এই চিত্রক আয়তচিত্র বোলে।
(n) দণ্ড বা স্তম্ভ চিত্র কাক বোলে। স্তম্ভ চিত্রৰ বিভিন্ন প্রকাৰসমূহ উদাহৰণৰ সৈতে আলোচনা কৰা।
উত্তৰঃ দণ্ড বা স্তম্ভ চিত্র হৈছে এক প্ৰকাৰৰ চিত্র য’ত তথ্যৰ বিভিন্ন মানৰ তুলনা কৰিবলৈ সোজা বা সৰল দণ্ড ব্যৱহাৰ কৰা হয়। এই দণ্ডবোৰ প্ৰতিটি ভিন্ন তথ্যৰ মানক প্ৰত্যেকটা বিভাগৰ অধীনত প্ৰতিনিধিত্ব কৰে। স্তম্ভ চিত্ৰত দণ্ডৰ উচ্চতা বা দৈৰ্ঘ্য তথ্যৰ মানক দেখুৱায়।
(i) সৰল দণ্ড চিত্র: সৰল দণ্ড চিত্ৰৰ দ্বাৰা কেৱল এটা চলকৰ এক প্ৰকাৰৰ তথ্য উপস্থাপন কৰিব পৰা যায়। যেনে- কোনো এখন ঠাইৰ সাক্ষৰতাৰ হাৰ, জনসংখ্যা, এবছৰৰ মাহিলী বৰষুণৰ পৰিমাণ ইত্যাদি।
(ii) বহু দণ্ড চিত্র: যেতিয়া এনে সময়তে দুবিধ বা ততোধিক পৰম্পৰ সম্পর্কিত তথ্য তুলনা কৰিব লগা হয় তেতিয়া সেইবোৰক বহু দণ্ড চিত্র বোলা হয়। উদাহৰণস্বৰূপে বিভিন্ন বছৰৰ আৱ আৰু ব্যয়, আমদানি আৰু ৰপ্তানি আৰু অসাক্ষৰতাৰ হাৰ আদি৷
(iii) খণ্ড দণ্ড চিত: খণ্ডিত দণ্ড চিত্ৰত এটা চলকৰ মুঠ মান একে সময়তে দণ্ড চিত্রটোত খণ্ড খণ্ড কৰি উপস্থাপন কৰা হয়। চিত্ৰটোৰ দণ্ডত দুই বা ততোধিক খণ্ড থাকে।
4. তলত দিয়া যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া:
(a) ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলী হ’ল-
হাইস্কুল পর্য্যায়ত:
(i) ৭ বা ৮ বছৰ প্রাথমিক পর্যায় আৰু ২ বা ৩ বছৰ নিম্ন প্রাথমিক পর্যায়কে ধৰি প্ৰথম ১০ বছৰৰ স্কুলীয়া শিক্ষাই কোনো পৃথকীকৰণ নকৰাকৈ সাধাৰণ শিক্ষাৰ পাঠ্যক্ৰম প্ৰদান কৰিব।
(ii) ১ বছৰৰ পৰা ৩ বছৰলৈকে সম্ভৱ স্থানত প্রাথমিক শিক্ষাৰ আগতে প্রাক-প্রাথমিক শিক্ষা দিয়া হ’ব।
(iii) প্রাথমিক স্কুলৰ প্রথম শ্রেণীত নাম ভর্তিৰ বয়স সাধাৰণতে ৬ বছৰৰ কম হ’ব নোৱাৰিব।
(iv) ১০ বছৰীয়া শিক্ষাৰ শেষত বহিঃ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।
(v) ১০ বছৰ শিক্ষাৰ শেষত শিক্ষাৰ মানদণ্ড সৰ্বভাৰতীয় পৰ্য্যায়ৰ কৰি তোলা হ’ব।
উচ্চতৰ মাধ্যমিক স্তৰত:
(i) স্কুলীয়া শিক্ষাৰ শেষ পৰ্য্যায়ত দুবছৰীয়া উচ্চতৰ মাধ্যমিক বা এবছৰৰপৰা তিনিবছৰীয়া বৃত্তি- মূলক আৰু ব্যৱসায়িক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব।
(ii) আয়োগৰ মতে উচ্চতৰ মাধ্যমিক স্তৰত এতিয়া থকাৰ দৰে বিভিন্ন শাখা নাথাকিব।
(iii) প্রত্যেক মাধ্যমিক বিদ্যালয়কে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ চেষ্টা পৰিহাৰ কৰিব লাগিব।
(iv) কেৱল ডাঙৰ, সু-পৰিচালিত আৰু সু-সংগঠিত মাধ্যমিক বিদ্যালয় সমূহকহে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব লাগে।
(v) কাদশ আৰু দ্বাদশ শ্রেণীত বিভিন্ন বিষয়ৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(b) মাধ্যমিক শিক্ষা সম্পৰ্কে ‘১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত’ উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা।
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)ত প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজত সেতুবন্ধন কৰিবলৈ মাধ্যমিক শিক্ষা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়াত অঞ্চল-নিৰ্দিষ্ট বিষয়বস্তুৰ বাবে নমনীয়তাৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় জীৱন দক্ষতা, মূল্যবোধ আৰু ৰাষ্ট্ৰীয় সংহতিৰে সমৃদ্ধ এক উমৈহতীয়া মূল পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছিল। নীতিটোৱে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ ফলত লিংগ, আৰ্থ-সামাজিক গোট, আৰু অঞ্চলসমূহৰ মাজত বৈষম্য হ্ৰাস কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীক কৰ্মসংস্থাপনৰ বাবে প্ৰস্তুত কৰিবলৈ বৃত্তিমূলক শিক্ষাক উৎসাহিত কৰা হৈছিল। গুণগত উন্নতি এটা মূল লক্ষ্য আছিল, শিক্ষক প্ৰশিক্ষণ, আধুনিক আন্তঃগাঁথনি, আৰু শ্ৰেণীকোঠাত প্ৰযুক্তিৰ সংহতিৰ সৈতে। ১৯৮৬ চনত এন ই পিয়ে মুখস্থ শিক্ষণতকৈ বুজাবুজি আৰু বিশ্লেষণাত্মক দক্ষতাক প্ৰসাৰিত কৰিবলৈ পৰীক্ষাত সংস্কাৰৰ পোষকতা কৰিছিল। ডি অ’ ই টেক্সটে এইটোও পৰামৰ্শ দিছিল যে কম্পিউটাৰ সাক্ষৰতাৰ সাৰ্বজনীন প্ৰৱেশৰ দিশত ব্যৱস্থা গ্ৰহণ কৰা উচিত, আৰু মাধ্যমিক শিক্ষা ব’ৰ্ডসমূহক পৰীক্ষা সংস্কাৰ গ্ৰহণ কৰাত সহায়ক হোৱাকৈ নিৰ্দেশনাৰ গোট হিচাপে কাম কৰিব পৰাকৈ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্কাৰ কাঠামো প্ৰস্তুত কৰা উচিত।
(c) মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা? বর্তমান সামাজিক পৰিস্থিতিত মূল্যবোধ শিক্ষাৰ প্রয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ মূল্যবোধ শিক্ষা মূলতেই হৈছে এক শিক্ষা ব্যৱস্থা, যি মানুহৰ মূল আৱেগ অনুভূতিবোৰ প্ৰশিক্ষণ দি তাৰ উন্নত মানৱীয় অৱস্থালৈ ৰূপান্তৰিত কৰে। ইয়াৰ যোগেদি সুস্থ আৰু সৱল ব্যক্তিত্ব গঠন কৰা হয়।
বৰ্তমান সামাজিক পৰিস্থিতিত মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব হ’ল-
(i) ব্যক্তিত্বৰ বিকাশ সাধন: সাধাৰণভাৱে মানৱ জীৱনৰ পুৰুষার্থ আৰু বিশেষকৈ ব্যক্তিত্ব বিকাশৰ বাবে মূল্যবোধ শিক্ষা অতি প্রয়োজনীয়। মূল্যবোধ শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্র-ছাত্রীসকলক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলা।
(ii) নৈতিক গুণৰ: বর্তমান সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় যে বর্তমান সমাজত বহু পৰিমাণে নৈতিকতাৰ স্খলন ঘটিছে। গতিকে সমাজৰ এনে নৈতিকতাৰ স্খলন নোহোৱা কৰি ছাত্ৰ-ছাত্ৰীৰ মনত নৈতিকতাৰ গুণসমূহ বিকাশৰ বাবে মূল্যবোধ শিক্ষা প্রয়োজনীয়। মূল্যবোধ শিক্ষাৰ যোগে ছাত্র-ছাত্রীয়ে সততা, সাধুতা, আত্ম নিয়ন্ত্রণ, দায়িত্বশীল, আত্ম নির্ভৰশীল, অনুশাসন আদি নৈতিক গুণসমূহ বিকশাই তুলিব পাৰে।
(iii) ছাত্ৰক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা: কেৱল জ্ঞান আহৰণ কৰাটোৱে শিক্ষাৰ একমাত্র লক্ষ্য হ’ব নোৱাৰে। শিক্ষাৰ মূল লক্ষ্য হ’ব লাগে জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা। সমাজৰ ভাল অভিভাৱক আৰু সুনাগৰিক স্বৰূপে নিজক গঢ়ি তুলিবৰ বাবে মূল্যবোধ শিক্ষাৰ প্ৰয়োজন।
(iv) সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰ: যুব প্ৰজন্মৰ এনে বহুতো আদৰ্শৰ ব্যক্তি আছে যিসকলে সমাজত বহুতো বেয়া কার্য যেনে- যৌন অপৰাধ, নাৰীৰ মৰ্যাদা হানি, ৰাগিয়াল দ্রব্য সেৱন আদি কৰা দেখা যায়। এইবোৰৰ প্ৰভাৱে যুৱ সমাজকো বিপথে পৰিচালিত কৰে। এই বেয়া প্রভাৱ নোহোৱা কৰিবৰ বাবে মূল্যবোধ ভিত্তিক শিক্ষাৰ প্রয়োজন অনস্বীকার্য।
(v) পৰিৱেশৰ লগত সুস্থ সমাযোজন: ছাত্র-ছাত্রীসকলে যিকোনো সামাজিক পৰিৱেশৰ লগত নিজক সুস্থভাৱে সমাযোজিত কৰিবৰ বাবেও মূল্যবোধ শিক্ষাৰ প্ৰয়োজন। মূল্যবোধ শিক্ষাৰ যোগে বিভিন্ন সামাজিক গুণ যেনে- সহযোগিতা, বন্ধুত্ব, স্বাধীনতা, ধৈর্য, ধৰ্মনিৰপেক্ষতা আদি আয়ত্ত কৰি বাস্তৱ সামাজিক জীৱনত প্ৰয়োগ কৰিব পাৰে।
(d) মহিলা সৱলীকৰণ বুলিলে কি বুজা? মহিলা সৱলীকৰণত শিক্ষাৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ যিবোৰ ধাৰণা, মনোভাৱ আৰু পৰম্পৰাৰ বাবে আৰ্থ-সামাজিক ক্ষেত্ৰত মহিলা পুৰুষৰ অধীন তথা বশৱতী হৈ থাকিবলগা হৈছে সেইবোৰক প্ৰত্যাহ্বান জনোৱা আৰু পৰিৱৰ্তন কৰাৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱাৰ প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বোলে।
মহিলা সৱলীকৰণ কৰি তুলিব পৰা এক শক্তিশালী উপায় বা মাধ্যম হৈছে শিক্ষা। শিক্ষাইহে মহিলাসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দেহ মানসিকভাৱে সক্ষম কৰি তুলিব পাৰে।
এই ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল-
(i) প্ৰতিগৰাকী ছোৱালীয়েই যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।
(ii) মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰোৱাৰ বাবে চেষ্টা কৰিব লাগিব।
(iii) ছাত্ৰীসকলৰ আগ্রহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
(iv) লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাকস্নাতক পৰ্যায়ৰ পৰা অন্তর্ভুক্ত কৰিব লাগিব।
(v) মহিলাসকলক তেওঁলোকৰ জ্ঞাত পছন্দৰ ক্ষেত্ৰসমূহ যেনে- শিক্ষা, স্বাস্থ্য নিয়োগ সম্পর্কে জানিবলৈ যোগ্যবান কৰি তুলিব লাগিব।
(e) শিক্ষণৰ অন্তদৰ্শন পদ্ধতি বুলিলে তুমি কি বুজা? শিক্ষণৰ অন্তদৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ শিক্ষণৰ অন্তদৰ্শন পদ্ধতি হৈছে এক মনোবিদ্যা ভিত্তিক পদ্ধতি, যাৰ অধীনত শিক্ষার্থীয়ে সমস্যাৰ পৃথক অংশৰ পৰিৱৰ্তে সামগ্রিক দৃষ্টিত সমগ্ৰ সমস্যাটোৰ সম্বন্ধ উপলব্ধি কৰে। এই পদ্ধতিত অন্তঃদৃষ্টি বা “গেষ্টাল্ট”ৰ মাৰ্গদৰ্শন কৰা হয়, যাৰ মানে হৈছে, শিক্ষাৰ্থীয়ে আচমকা কোনো সমস্যাৰ সমাধানৰ বাবে উপযুক্ত উপলব্ধি লাভ কৰে।
শিক্ষণৰ অন্তদৰ্শন পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য্য হ’ল-
(i) এই পদ্ধতিয়ে ছাত্র-ছাত্ৰীৰ চিন্তা, যুক্তি, নিৰীক্ষণ ক্ষমতা, সুপ্ত আৰু অন্তর্নিহিত শক্তি আৰু ক্ষমতা বিকাশ সাধনত গুৰুত্ব আৰোপ কৰে।
(ii) এই পদ্ধতিৰ জৰিয়তে চিন্তা আৰু ক্ৰিয়াৰ সমন্বয় সাধন কৰি যুক্তিসংগত কৰি তুলিব পৰা যায়।
(iii) অন্ধ অনুকৰণ, যন্ত্রচালিত বিধৰ পুনৰাবৃত্তিয়ে শিক্ষার্থীৰ সৃষ্টি প্রতিভা বিকাশ কৰিব নোৱাৰে। গতিকে এই পদ্ধতিৰ দ্বাৰা বিষয়বস্তুৰ মাজত থকা সম্বন্ধবিলাক নিৰীক্ষণ কৰি সমস্যা সমাধান কৰিলে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জ্ঞান, বুদ্ধি আৰু চিন্তাশক্তি প্রয়োগ কৰিব পাৰে।
(iv) শিক্ষাদান ক্ষেত্রতো শিক্ষকে ছাত্র-ছাত্রীক বিষয়বস্তুৰ সকলো বিষয় বিস্তৃতভাৱে বুজাই দিয়াৰ পৰিৱৰ্তে বিভিন্ন অংশসমূহৰ লগত পৰিচয় কৰি দিব লাগে। তেতিয়াহে ছাত্র-ছাত্রীয়ে শিক্ষাগ্রহণত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব।
(v) ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৃজনাত্মক আৰু গঠনাত্মক ক্ষমতাৰ বিকাশ সম্ভৱ হৈ উঠিব পাৰে।
(f) মধ্যমা কাক বোলে? তলত দিয়া বিভাজন তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা:
শ্ৰেণী অন্তৰাল | বাৰংবাৰতা |
80-84 | 2 |
75-79 | 4 |
65-69 | 5 |
60-64 | 7 |
55-59 | 10 |
50-54 | 12 |
45–49 | 8 |
40-49 | 5 |
40-44 | 3 |
35-39 | 2 |
30-34 | 2 |
N = 60 |
উত্তৰঃ মধ্যমা হৈছে প্ৰদত্ত ৰাশিসমূহৰ মধ্যমান। প্রদত্ত ৰাশিসমূহ যদি ঊর্ধ্বক্রম অথবা অধঃক্ৰমত সজোৱা হয় তেতিয়া সেই ক্রম অনুযায়ী থকা ৰাশিসমূহৰ ঠিক মাজৰ ৰাশিটোৱে হৈছে মধ্যমা।