মার্ক্সবাদ কি?- নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ  অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি

মার্ক্সবাদ কি? – নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ  অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি | What is Marxism? – Principles, Meaning and Scope of the Marxist Perspective, and Marxist Perspective and Indian Politics.

Join Telegram channel

মার্ক্সবাদ কি?

মার্ক্সবাদ উনৈশ শতিকাৰ মাজভাগত পুঁজিবাদী শোষণৰ প্ৰতিবাদ হিচাপে গঢ়ি উঠা এটা দাৰ্শনিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক মতবাদ। এই মতবাদৰ মূল ভিত্তি জাৰ্মান দাৰ্শনিক কাৰ্ল মার্ক্স আৰু ফ্ৰিড্ৰিখ এঞ্জেলচৰ চিন্তাধাৰাত প্ৰতিফলিত হয়। যদিও মূল মার্ক্সবাদী তত্ত্ব মার্ক্স আৰু এঞ্জেলচৰ দ্বাৰা গঢ়ি তোলা হৈছিল, ইয়াৰ পৰম্পৰা লেনিন, ৰজা লাক্সেমবার্গ, মাও জে ডুং, আন্তোনিও গ্ৰামচি আদি চিন্তাবিদৰ দৰ্শনতো দেখা যায়। কাৰ্ল মাৰ্ক্সক আধুনিক সাম্যবাদৰ পিতৃ বোলা হয়। কাৰ্ল মাৰ্ক্সে আগবঢ়োৱা মতবাদক মার্ক্সবাদ বা বৈজ্ঞানিক সাম্যবাদ বুলিও কোৱা হয়। সাম্যবাদৰ বিষয়ে কার্ল মাৰ্ক্সে কমিউনিষ্ট মেনিফেষ্টোত কৈছে, “সাম্যবাদ হৈছে এক পদ্ধতিৰ তত্ত্ব।

কার্ল মার্ক্স - মার্ক্সবাদ

মার্ক্সবাদৰ মূল নীতিসমূহ (Main Principle of Marxist)

Table of Contents

মার্ক্সবাদৰ মূল নীতিসমূহ হ’ল-

১। উদ্বৃত্ত মূল্য: বজাৰত এটা সামগ্ৰীৰ উৎপাদিত মূল্য আৰু বিক্ৰী মূল্যৰ মাজত পাৰ্থক্য হয়। বজাৰ মূল্যৰ বা বিক্ৰী মূল্যৰ পৰা উৎপাদনৰ মূল্য বিয়োগ কৰিলে যি মূল্য থাকে সিয়েই উদ্বৃত্ত মূল্য। এই মূল্য প্রকৃততে শ্রমিকসকলে লাভ নকৰে; পুঁজিপতিসকলেহে এই লাভ হস্তগত কৰে। ইয়াৰ ফলস্বৰূপে পুঁজিপতিসকলে অধিক লাভ কৰে আৰু সমাজত দুটা শ্ৰেণীৰ লোকৰ সৃষ্টি হয়।

২। ঐতিহাসিক বস্তুবাদ: ইতিহাস আৰু বস্তুবাদ- এই দুটাৰ সমন্বয়ত সৃষ্টি হৈছে ঐতিহাসিক বস্তুবাদ। ইতিহাস গঢ়ি উঠে উৎপাদনী ব্যৱস্থা বা সামাজিক গাঁথনি নিৰূপণ ওপৰত। সমাজৰ যিটো শ্ৰেণীয়ে উপাৰ্জন, বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে সেই শ্ৰেণীটোৱেই সমাজ নিয়ন্ত্ৰণ কৰে। এনেদৰে ইতিহাসৰ বিকাশ ঘটে।

৩। দ্বন্দ্বাত্মক বস্তুবাদ: বস্তুবাদ হ’ল উৎপাদনী ব্যৱস্থা (Mode of Production)। উৎপাদনী ব্যৱস্থাই ইতিহাস গঢ় দিয়ে। দ্বন্দ্ববাদ এক পদ্ধতি। এই পদ্ধতিৰ যোগেদি ইতিহাস ব্যাখ্যা কৰিব পাৰি আৰু উৎপাদন পদ্ধতি বিশ্লেষণ কৰিব পাৰি।

৪। শ্রেণী সংগ্রাম: উৎপাদনী ব্যৱস্থাই সমাজত দুটা পৰস্পৰ বিৰোধী শ্ৰেণীৰ সৃষ্টি কৰে- এটা হ’ল শোষক পুঁজিপতি শ্রেণী; আনটো হ’ল শোষিত শ্রেণী। এই দুটা শ্ৰেণীৰ মাজত শ্ৰেণী সংগ্রাম সৃষ্টি হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৫। সৰ্বহাৰাৰ একনায়কত্ববাদ: এইটো হ’ল ইতিহাসৰ শেষ পর্যায়। শ্রেণী সংগ্ৰামৰ পাছতেই পুঁজিপতি শ্রেণী ধ্বংস হয় আৰু সৰ্বহাৰা শ্ৰেণী বা শ্রমিক শ্ৰেণীৰ হাতলৈ ক্ষমতা হস্তান্তৰ হয়। এই পৰ্যায়ত এক শোষণহীন, শ্ৰেণীহীন সমাজৰ সৃষ্টি হয়।

মার্ক্সৰ উদ্বৃত্ত মূল্যৰ তত্ত্ব (Surplus Value)

মাৰ্ক্সৰ উদ্বৃত্ত মূল্যৰ তত্ত্ব হৈছে এটা কেন্দ্ৰীয় অৰ্থনৈতিক সূত্ৰ। তেওঁ ডেভিদ ৰিকাৰ্ডোৰ মূল্য তত্ত্বৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু বিশ্বাস কৰিছিল যে শ্ৰম হ’ল মূল্যৰ প্ৰধান উৎস। যদিও বজাৰ মূল্য চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰশীল, অৱশেষত যিকোনো দ্ৰব্যৰ মূল্য মূলত শ্ৰম আৰু উৎপাদনত নিযুক্ত সময়ৰ ওপৰত নিৰ্ভৰ কৰে।

উনৈশ শতিকাত কল-কাৰখানাৰ উৎপাদন ব্যৱস্থা বিকশিত হোৱাত, মালিকশ্ৰেণীৰ প্ৰধান লক্ষ্য হ’ল কম খৰচত অধিক উৎপাদন। শ্রমিকসকলে বিকল্প উপাৰ্জনৰ সুযোগ নথকাত, নিম্ন মজুৰিত কাম কৰিবলৈ বাধ্য হয়। উৎপাদিত দ্রব্যৰ বজাৰ মূল্য আৰু উৎপাদন ব্যয়ৰ মাজৰ এই পাৰ্থক্যকেই মার্ক্সে “উদ্বৃত্ত মূল্য” বুলি অভিহিত কৰিছে।

উদাহৰণস্বৰূপে, যদি বজাৰ মূল্য ১০০ টকা হয়, উৎপাদনৰ খৰচ ২৫ টকা আৰু শ্ৰমিকৰ মজুৰি ৫০ টকা হয়, তেন্তে উদ্বৃত্ত মূল্য = ১০০ – (২৫ + ৫০) = ২৫ টকা।

শ্রমিকসকলৰ শ্ৰমৰ পৰা উৎপাদনকাৰীয়ে এই মূল্য লাভ কৰে যদিও শ্রমিকসকলে ইয়াৰ অংশ নাপায়। এলেহুৱা নিয়োগকাৰী শ্রেণীয়ে এই ওপৰঞ্চি লাভআত্মসাৎ কৰে। প্রকৃততে শ্রমিকসকলেহে ইয়াৰ অংশ পোৱা উচিত। সেইবাবে উদ্বৃত্ত মূল্যক মজুৰিবিহীন শ্ৰমিকৰ উৎপাদন বুলিব পাৰি। পুঁজিবাদী সমাজত উদ্বৃত্ত মূল শোষণৰ এক আহিলা। এনে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ কেইটামান প্রভঙ্গ পৰিলক্ষিত হয়।

১। ধনী শ্রেণী বেছি ধনী হয় আৰু দুখীয়া শ্রেণী বেছি দুখীয়া হয়।

২। প্রতিদ্বন্দ্বিতাৰ বাবে পুঁজিবাদী শ্রেণী কমি যায় আৰু শ্রমিক শ্রেণী বাড়ি যায়।

৩। ই শ্রেণী সচেতনতা বৃদ্ধি কৰে।

৪। ফলস্বৰূপে অর্থনৈতিক মন্দা অৱস্থাৰ সৃষ্টি হয়।

৫। ইয়াৰ ফলত শ্ৰেণী সংগ্রাম তীব্ৰতৰ হয়।

মার্ক্সে মতে, পুঁজিপতিসকলে উদ্বৃত্ত মূল্য আত্মসাৎ কৰা এক অন্যায়। দাস প্রথাৰ সময়ছোৱাত শ্রমিকে বাধ্যত পৰি বা আদেশৰদ্বাৰা শ্ৰম কৰি উদ্বৃত্ত মূলা উৎপাদন কৰিছিল। কিন্তু আধুনিক শ্রমিকসকলে মুক্তভাৱে চুক্তি সম্পাদন করি স্বেচ্ছাকৃতভাৱে উদ্বৃত্ত মূল্য উৎপাদন কৰে। শ্রমিকসকলৰ কোনো বিকল্প ব্যৱস্থা নথকাত ন্যূনতম মজুৰিৰ কাম কৰি শ্ৰম বিক্ৰী কৰিব লগা হয়।

কার্ল মার্ক্সৰ ঐতিহাসিক বস্তুবাদৰ তত্ত্ব (Karl Marx’s theory of materialistics interpretation of history or historical materialism)

মানুহৰ প্ৰথম ঐতিহাসিক কাম হ’ল জীৱিকা নিৰ্বাহৰ বাবে উৎপাদন আৰু শ্রম কৰা। জীৱিকাৰ বাবে শ্রম আৰু উৎপাদন অপৰিহাৰ্য। উৎপাদনৰ পদ্ধতিৰ ওপৰত শ্রম নিৰ্ভৰ কৰে। প্রাচীন উৎপাদনী ব্যৱস্থা সৰল আছিল বাবে সমাজ ব্যৱস্থাও সৰল আছিল। সামন্ত প্রথা প্রাচীন প্রথাতকৈ উন্নত আছিল। সেইবাবে সমাজ ব্যৱস্থাও কিছু জটিল হ’ল। পুঁজিবাদী উৎপাদনী ব্যৱস্থা বিকাশৰ লগে লগে ৰাজনীতি, সমাজনীতি, সংস্কৃতিৰ পৰিৱৰ্তন হ’ল। শোষণ বৃদ্ধি পালে, মালিক আৰু শ্রমিক শ্ৰেণীৰ সম্পৰ্ক অৱনতি ঘটিল আৰু সংঘাত বৃদ্ধি পালে। এনেদৰে সামাজিক সম্পৰ্ক আৰু মূল্যবোধৰ পৰিৱৰ্তন হ’ল। নতুন উৎপাদনী ব্যৱস্থা আৱিৰ্ভাৱৰ লগে লগে মানুহৰ পুৰণি সম্পর্কও নাইকিয়া হয়। নতুন সম্পর্কই গঢ় লয়। উৎপাদনী ব্যৱস্থা পৰিৱৰ্তনৰ লগে লগে মানৱীয় সম্পর্ক আৰু সামাজিক ব্যৱস্থাৰ আগৰ উৎপাদনী ব্যৱস্থাৰ দৰে অপ্রয়োজনীয় হৈ পৰে। পুৰণি উৎপাদনী ব্যৱস্থাই নতুন উৎপাদনী ব্যৱস্থাৰ লগত খাপ খাব নোৱাৰে। সেইবাবে পুৰণি ব্যৱস্থাটোও ভাগি পৰে। লগে লগে পুৰণি সামাজিক ব্যৱস্থাটোও ভাগি পৰে। পুঁজিবাদী উৎপাদনী ব্যৱস্থাৰ আগমনৰ লগে লগে সামন্তযুগীয়া উৎপাদনী ব্যৱস্থাই বাট এৰি দিলে। সামন্তযুগীয়া ধ্যান-ধাৰণাৰো অপ্রয়োজনীয় হৈ পৰিল। বেৰণচাৰ্যৰ সম্পৰ্ক প্ৰভূ-ভূতাৰ সম্পর্কই মালিক-শ্রমিকৰ সম্পর্কলৈ পৰিৱৰ্তিত হ’ল। এনেদৰে মার্ক্সে উৎপাদনৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসক ৫টা পর্যায়ত ভাগ কৰিছে। যেনে-

(ক) প্রাচীন সাম্যবাদ।

(খ) দাস প্রথা।

(গ) সামন্তবাদ।

(ঘ) পুঁজিবাদ।

(ঙ) সাম্যবাদ।

প্রত্যেক পর্যায়তে অর্থনৈতিক বা উৎপাদন ব্যৱস্থাই সমাজৰ অন্যান্য দিশসমূহত প্রভাৱ পেলায়। প্রতি পর্যায়তে এক প্রভুত্ববাদী শ্ৰেণীৰ সৃষ্টি হয় আৰু সমাজৰ বৌদ্ধিক আৰু নৈতিক জীৱন নিয়ন্ত্রণ কৰে। সেইবাবেই মার্ক্সে, “বিবেকৰ দ্বাৰা অর্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, বৰং অর্থনৈতিক ব্যৱস্থাইহে বিবেকৰ পৰিৱৰ্তন ঘটায় বুলি কৈছিল।”

AS Per UGC Syllabus Notes

Sl. No.Syllabus
1ৰাষ্ট্ৰ কি? সংজ্ঞা, উপাদান, বৈশিষ্ট্য, বিৱৰ্তন, ৰাষ্ট্ৰৰ উৎপত্তি আৰু সামাজিক চুক্তিসমূহ (What is a State? Definition, Elements, Features, Evolution, Origin of the State, and Social Contract Theories)
2উত্তৰ আধুনিকতাবাদ কি? সংজ্ঞা, বিকাশ, সমালোচনা (What is Postmodernism? Definition, Development, Criticism)
3ৰাজনৈতিক তত্ত্ব কি? ৰাজনীতিৰ অৰ্থ, উৎপতি, প্ৰকাৰ, বৈশিষ্ট্য, বিকাশ, পৰিসৰ, প্ৰকৃতি (What is Political Theory? – Meaning of Politics, Origin, Types, Features, Development, Scope, and Nature)
4বহুসংস্কৃতিবাদ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, উত্থান, তত্ত্ব, বৰ্ণসংকৰতা, সাংবিধানিক বিচিত্রতা (Definition, Features, Evolution, Emergence, Theories, Racial Hybridity, and Constitutional Diversity)
5মার্ক্সবাদ কি?- নীতি, মার্ক্সবাদী দৃষ্টিভংগীৰ  অৰ্থ আৰু পৰিসৰ, মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি (What is Marxism? – Principles, Meaning and Scope of the Marxist Perspective, and Marxist Perspective and Indian Politics)
6গণতন্ত্ৰ কি? সংজ্ঞা, বৈশিষ্ট্য, বিকাশ, প্ৰকাৰ, ধাৰণা, চৰ্তসমূহ (What is Democracy? Features, Evolution, Types, Concepts, Conditions)
7নাগৰিকত্ব কি? ইয়াৰ সংজ্ঞা, বৈশিষ্ট্য, প্ৰকাৰ, বিকাশ, উদাৰবাদী, পদ্ধতিসমূহ, কাৰণ, বৈশিষ্ট্যসমূহ আৰু উপাদানসমূহ (What is Citizenship? Its Definition, Features, Types, Development, Liberal Views, Methods, Causes, Characteristics, and Elements)

ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কিঃ তাত্ত্বিক ৰাজনৈতিক
Unit – 2ৰাজনৈতিক তত্ত্বৰ ঐতিহ্য, মার্ক্সবাদী ঐতিহ্য, বহুসংস্কৃতিবাদ
Unit – 3ৰাজনৈতিক তত্ত্বৰ সমালোচনা আৰু সমকালীন দৃষ্টিভঙ্গী
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – I
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু অনুশীলন – II

AS Per UGC Old Syllabus ৰাজনীতি তত্ত্বৰ বোধগম্যতা

Sl. No.CONTENTS
Unit – 1ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ
Unit – 2ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ
Unit – 3ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি
Unit – 4ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ১
Unit – 5ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

মার্ক্সৰ দ্বন্দ্বমূলক বস্তুবাদৰ তত্ত্ব (Marx on dialectical materialism)

মার্ক্সবাদৰ এটা প্রধান মতবাদ হৈছে দ্বন্দ্বমূলক ব্যৱহাৰ কৰিছিল। ইয়াৰ অসমীয়া প্রতিশব্দ দ্বন্দ্ববাদ। দ্বন্দ্ববাদে ভাবধাৰাৰ মাজত সংঘাত বুজায়। বিভিন্ন ভাবধাৰাৰ মাজত দ্বন্দ্ব বা সংঘাতৰ ফলস্বৰূপে সত্য উদ্‌ঘাটন হয়। হেগেলৰ মতে (Hegel) দ্বন্দ্ববাদ হ’ল এটা পদ্ধতি যাৰ যোগেদি মানব ইতিহাসৰ সত্য উদ্‌ঘাটন হয়। হেগেলে সত্যত উপনীত হ’বলৈ যাওঁতে সংঘটিত হোৱা প্রক্রিয়াটোক Thesis, Antithesis আৰু Synthesis নামেৰে অভিহিত কৰিছে। ইতিহাসৰ প্রতিটো পর্যায় এটা Thesis, ইয়াত দ্বন্দ্বৰ সৃষ্টি হয় আৰু ইয়াক Antithesis নামেৰে আখ্যা দিয়া হৈছে। দ্বন্দ্ব বা সংঘাতৰ ফলস্বৰূপে Thesis আৰু Antithesis-ৰ মাজত নতুন এক ধাৰণাৰ সৃষ্টি হয়। তাকে Hegel-এ Synthesis আখ্যা দিছে। এনেদৰে দ্বন্দ্বৰ বা সংঘাতৰ ফলস্বৰূপে ইতিহাসত নতুন ধাৰণাৰ সৃষ্টি হয়। এই প্রক্রিয়া চলি থাকে আৰু ইতিহাস ইয়াৰ পৰিণতিস্বৰূপে গঢ় লয়। এই বিষয়ত ধাৰণাই প্রধান স্থান অধিকাৰ কৰে। সেইবাবে যি আদর্শ বা ধাৰণাৰ পৰিৱৰ্তন হয় তাৰ ফলত ইতিহাসে গঢ় লয়।

কার্ল মার্ক্স হেগেলৰ এই ধাৰণাৰ দ্বাৰা অনুপ্রাণিত হৈছিল। কিন্তু এটা কথাত পার্থক্য ৰাখিছিল যে বস্তুৱেহে মানুহৰ জীৱনত পৰিৱৰ্তন আনে। বস্তুৰ অৰ্থ হ’ল অর্থনৈতিক অৱস্থা। এই অর্থনৈতিক অৱস্থাইহে ইতিহাসত পৰিৱৰ্তনৰ সূচনা কৰে। মার্ক্সৰ মতে অর্থনৈতিক ব্যৱস্থাইহে ইতিহাসৰ চালিকা শক্তি, চিন্তা বা ধাৰণা নহয়। মার্ক্সে এই পদ্ধতিটোক দ্বন্দ্বমূলক বস্তুবাদ আখ্যা দিছে।

মার্ক্সে কৈছে ইতিহাস এক দ্বান্দ্বিক গতিত অহৰহ বিকশিত হ’ব লাগিছে। এখন সমাজৰ ঐতিহাসিক বিৱৰ্তন বুজিবলৈ হ’লে সমাজখনৰ কেৱল ৰাজনৈতিক দিশটো মন কৰিলে নহ’ব। বস্তু বা উৎপাদন পদ্ধতিলৈ চকু দিব লাগিব। উৎপাদন পদ্ধতিয়েই ইতিহাসৰ আধাৰ স্বৰূপ। মার্ক্সৰ মতে যিকোনো ঐতিহাসিক বাস্তৱৰে দুটা স্তৰ থাকে- এটা হৈছে আধাৰ (structure) আৰু আনটো হৈছে উপৰি সৌধ (superstructure)। উপাদানৰ উপাদান বা উপায়সমূহ কোনে কেনেকৈ অধিকাৰ কৰে তাৰ ওপৰত ভিত্তি কৰি এক সামাজিক সম্পর্ক গঢ় লয় এই সম্পর্কক উৎপাদন সম্পর্ক বোলে।

এই উৎপাদন সম্পর্কই এখন সমাজৰ অৰ্থনৈতিক গাঁথনিটো নির্ধাৰণ কৰে। এই মূল গাঁথনিটোৰ ওপৰত নিৰ্ভৰ কৰি সমাজত ৰাজনৈতিক, আইনগত, নৈতিক, ধর্মীয় আৰু দার্শনিক ধাৰণাসমূহৰ জন্ম হয়। এই ধাৰণাসমূহক উপৰিসৌধ বোলা হয়। যিসকল লোকে উৎপাদনৰ উপাদান নিয়ন্ত্রণ কৰে তেওঁলোকেই সমাজৰ আনবোৰ দিশ নিয়ন্ত্ৰণ কৰে। ইতিহাসৰ এই ব্যাখ্যাটোক মার্ক্সে ঐতিহাসিক বস্তুবাদ বুলি কৈছে। গতিকে দ্বন্দ্বমূলক বস্তুবাদ ইতিহাস অধ্যয়নৰ এটা প্রধান পদ্ধতি।

সেইবাবে উৎপাদন পদ্ধতিয়েই সমাজত বিৱৰ্তন ঘটাইছে। এই পদ্ধতিৰ বাবেই পুৰণি ব্যৱস্থা ভাগি নতুন সমাজ ব্যৱস্থা গঢ়ি উঠিছে। এনেদৰে দ্বন্দ্ব আৰু সংঘাত প্রতিটো উৎপাদনী ব্যৱস্থাতে থাকে। এনে দ্বন্দ্বৰ বাবেই এটা পুৰণি ব্যৱস্থা ভাগি নতুন ব্যৱস্থাৰ সৃষ্টি হয়। প্রতিটো উৎপাদন ব্যৱস্থাতে থকা আৰু নথকাৰ (haves and haves not) মাজত দ্বন্দ্ব থাকে। পুঁজিবাদী উৎপাদন ব্যৱস্থাত দ্বন্দ্ব অপৰিহাৰ্য আৰু এই দ্বন্দ্বৰ ফলতেই মার্ক্সৰ মতে শ্রেণীহীন শোষণহীন সৰ্বহাৰাৰ একনায়কত্ববাদৰ প্রতিষ্ঠা হ’ব।

মার্ক্সৰ এই দ্বন্দ্বাত্মক বস্তুবাদৰ ধাৰণা সমালোচনাৰ ঊর্ধ্বত নহয়। সমালোচকসকলে এই তত্ত্বক একদিকদর্শী বুলি আখ্যা দিছে। মার্ক্সে উৎপাদন পদ্ধতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। সমাজ বিৱৰ্তনত ধর্মীয়, সামাজিক, সাংস্কৃতিক দিশসমূহৰ অৱদান অনস্বীকার্য।

দ্বন্দ্ব বা সংঘাত কেৱল উৎপাদনী ব্যৱস্থাৰ বাবেই সৃষ্টি নহয়। ব্যক্তিগত, ধার্মিক, জাতিগত কাৰণেও দ্বন্দ্ব বা সংঘাত হয়। এটা মাত্র উপাদানৰ মাধ্যমেদি পৰিৱৰ্তন অধ্যয়ন কৰা শুদ্ধ নহয়।

কার্ল মার্ক্সৰ শ্রেণী সংগ্রাম তত্ত্ব (Marx theory of class struggle)

মার্ক্সৰ শ্ৰেণী সংগ্রাম তত্ত্ব উদ্বৃত্ত মূল্য আৰু ইতিহাসৰ বস্তুবাদী ব্যাখ্যাৰ লগত জড়িত। মার্ক্সে ‘Communist Manifesto’ নামৰ গ্ৰন্থত শ্ৰেণীসংগ্ৰামৰ বিশদ আলোচনা আগবঢ়াইছে। তেওঁ কৈছে “The history of all hitherto existing society is the history of class struggle.” বর্তমানলৈকে প্রচলিত সমাজ ব্যৱস্থাৰ ইতিহাস শ্রেণী সংগ্রামৰেই ইতিহাস। নাগৰিক আৰু দাস, মাটিৰ মালিক আৰু কৰ্মী, জমিদাৰ আৰু কৃষক,মালিক আৰু শ্রমিক, আনকথাত শোষক আৰু শোষিত, থকা আৰু নথকা শ্ৰেণীৰ মাজত বিৰোধ গোপন বা প্রকাশ্যভাবে থাকে। এই সংঘাতে বিপ্লৱৰ ৰূপ লৈ সমাজৰ পৰিৱৰ্তন সাধন কৰে।

শ্ৰেণী সংঘাত সমাজৰ অপৰিহাৰ্য অংশ, য’ত শোষক আৰু শোষিত শ্ৰেণীৰ মাজত দ্বন্দ্ব থাকে। ইতিহাসৰ বিভিন্ন পৰ্যায়ত ব্যক্তিগত মালিকীস্বত্বৰ ফলত এক শ্ৰেণীয়ে বিশেষ সুবিধা উপভোগ কৰে, আন শ্ৰেণী শোষিত হয়। মার্ক্সৰ মতে, জীৱিকা নির্বাহৰ পদ্ধতিয়ে মানুহক বিভক্ত কৰি শ্ৰেণী সচেতনতা বৃদ্ধি কৰে, যাৰ ফলত শ্ৰেণী সংঘাত জন্মে। ইতিহাস মূলত এই সংঘাতৰ ইতিহাস, যি বৈপ্লৱিক পৰিবৰ্তন নহয় তেন্তে দুয়ো শ্ৰেণীৰ ধ্বংসৰ দ্বাৰা অন্ত হয়।

আদিম অৱস্থাত সম্পত্তি ৰাজহুৱা আছিল, শ্রেণী বিভাজন নাছিল। ব্যক্তিগত সম্পত্তিৰ আবিৰ্ভাৱৰ পিছত মালিক-দাস শ্রেণীৰ সৃষ্টি হয় আৰু শ্ৰেণী সংঘৰ্ষৰ সূত্রপাত ঘটে। কৃষি যুগত জমিদাৰ আৰু মাটিহীন কৃষকৰ মাজত সংঘাত তীব্ৰ হয়।

মার্ক্সৰ মতে, উৎপাদন ব্যৱস্থাই সম্পত্তি থকা আৰু নথকা দুটা বিপৰীত শ্রেণী সৃষ্টি কৰে। প্রাচীন যুগত দাস-মালিক, জমিদাৰ-কৃষক, আধুনিক যুগত পুঁজিপতি-বনুৱাৰ সংঘাত দেখা যায়। সমাজৰ প্ৰতিটো পৰ্যায়তে এই সংঘাত অনিবার্য আৰু ইতিহাসৰ চালিকা শক্তি।

মার্ক্সে দ্বন্দ্বমূলক বস্তুবাদৰ কিছুমান ধাৰণা হেগেলৰ পৰা গ্ৰহণ কৰিছিল। হেগেলে ইতিহাসক এক দ্বন্দ্বাত্মক প্ৰক্রিয়া হিচাপে ব্যাখ্যা কৰিছিল, য’ত থিসিস (Thesis), এন্টিথিসিস (Antithesis), আৰু ছিন্থেছিস (Synthesis)-এ একেটা সামাজিক ধাৰণাৰ বিকাশ গঠনত ভূমিকা ৰাখে। সমাজত এটা প্ৰভাৱশালী ধাৰণাই থিসিস, তাৰ প্ৰতিকূল ধাৰণাই এন্টিথিসিস, আৰু এই দুটাৰ সংঘাতৰ ফলত উৎপন্ন নতুন ধাৰণাটোক ছিন্থেছিস বুলিব পাৰি।

উদাহৰণস্বৰূপে, আধুনিক যুগৰ পুঁজিবাদ যদি Thesis, তেন্তে শ্রমিকশ্ৰেণীৰ প্ৰতিবাদ Antithesis, আৰু ইয়াৰ ফলত সৃষ্টি হোৱা শ্ৰেণী সংগ্রাম Synthesis হিচাপে গণ্য হ’ব। মার্ক্সৰ মতে, সমাজত এইধৰণৰ সংঘাত অৱশ্যম্ভাৱী, যাৰ ফলত নতুন সমাজ ব্যৱস্থা জন্মে।

আধুনিক পুঁজিবাদী সমাজ সামন্তবাদৰ পতনৰ ফলস্বৰূপ উদ্ভৱ হৈছিল। সামন্ত প্ৰভুৰ স্থান অধিকাৰ কৰিলে বুৰ্জোৱা (বিত্তশালী) শ্রেণীয়ে, যাৰ হাতত উৎপাদনৰ মাধ্যম আহি পৰিল। ইপিনে, নতুন শ্রমিকশ্ৰেণী বা প্ৰলেতাৰিয়েত-ৰ সৃষ্টি হ’ল, যিয়ে নিজৰ শ্ৰম শক্তি বিক্ৰী কৰি জীৱিকা নির্বাহ কৰে।

বৈজ্ঞানিক আৱিষ্কাৰ, ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ, উদ্যোগ প্রতিষ্ঠা, আৰু যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নতিসকলে সামন্ত সমাজক নিস্তেজ কৰিলে। পৰিণামে, নতুন শ্ৰেণী-বিভাজন, নতুন শোষণ কৌশল, আৰু নতুন সংঘৰ্ষৰ ক্ষেত্ৰ সৃষ্টি হ’ল। এই সংঘৰ্ষই সমাজৰ পৰিবর্তন সাধন কৰে।

পুঁজিবাদী উৎপাদন ব্যৱস্থাত পুঁজিপতিয়ে লাভ বৃদ্ধিৰ উদ্দেশ্যে কম খৰচত অধিক উৎপাদনৰ চেষ্টা কৰে, আনহাতে শ্রমিকে নিজৰ শ্রম অধিক মূল্যত বিক্ৰী কৰিবলৈ চেষ্টা কৰে। কিন্তু সংসাৰৰ দায়-দায়িত্বত বন্দী হৈ শ্রমিক কম মজুৰিত কাম কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত শোষণ বৃদ্ধি পায়, শ্ৰেণী-সচেতনতাও বৃদ্ধি পায়, আৰু শ্ৰেণী সংগ্রাম তীব্ৰ হয়।

শ্ৰেণী সচেতনতা বৃদ্ধি হোৱাৰ বিশেষ কিছুমান কাৰণ হ’ল—

১। সম্পত্তিৰ কেন্দ্রীকৰণ: অবাধ প্ৰতিযোগিতাৰ ফলত দেশৰ সম্পদ কিছুমান ধনী পুঁজিপতিৰ হাতত কেন্দ্রীভূত হয়। ক্ষুদ্ৰ পুঁজিপতিসকলে প্ৰতিযোগিতাত পৰাস্ত হৈ বনুৱা (proletariat) শ্রেণীত পৰিণত হয়।

২। উদ্যোগীকৰণ আৰু নগৰায়ণ:  শিল্পস্থাপন আৰু উদ্যোগীকৰণৰ ফলত গাঁও এলেকাৰ বনুৱাসকল একেলগে নগৰাঞ্চলত বসবাস কৰিবলৈ বাধ্য হয়। ইহঁতৰ মাজত অভাৱ-অভিযোগৰ আলোচনা কৰিবলৈ এক অনুকূল পৰিৱেশ সৃষ্টি কৰে, যি শ্ৰেণী-সচেতনতা বৃদ্ধি কৰে।

এইদৰে, মাৰ্ক্সবাদী দৃষ্টিকোণত শ্ৰেণী সংগ্রাম ইতিহাসৰ এক অৱশ্যম্ভাৱী গতি, যিয়ে সমাজক পৰিৱর্তনৰ দিশে আগবঢ়ায়।

সমালোচনা (Criticism)

১। লেনকেষ্টাৰৰ মতে, প্ৰচাৰ হিচাপে এই তত্ত্ব সুন্দৰ হ’লেও, বিজ্ঞান হিচাপে ই মুঠেই সন্তোষজনক নহয়। মাৰ্ক্স স্পষ্টভাৱে শ্ৰেণীৰ সংজ্ঞা দিব নোৱাৰিলে।

২। বুৰ্জোৱা আৰু সৰ্বহাৰাৰ সংজ্ঞা স্পষ্টভাৱে নিৰ্ধাৰণ কৰা কঠিন। বৰ্তমান বহুতো শ্রমিকে বিভিন্ন কোম্পানীৰ অংশ ক্রয় কৰি নিজেই মালিক শ্ৰেণীৰ অন্তর্ভুক্ত হয় আৰু উদ্বৃত্ত মূল্য উপভোগ কৰে। ফৰাচী ছিণ্ডিকেটবাদৰ প্রবক্তা ছৰেলে (Sorel) মাৰ্ক্সৰ শ্ৰেণী তত্ত্বক মাথোঁ বিমূর্ত ধাৰণা বুলি অভিহিত কৰিছে। ছেবাইনে (Sabine) মত প্রকাশ কৰিছে যে মাৰ্ক্সৰ শ্ৰেণী ধাৰণাই তেওঁৰ ভৱিষ্যৎবাণীক ভুল পথে পৰিচালিত কৰিছে।

৩। শ্ৰেণীসংগ্রামৰ ধাৰণাটো একপক্ষীয়। ইতিহাসত কৃষক আৰু শ্ৰমিকৰ মাজত প্ৰাকৃতিক ঐক্যৰ দৃষ্টান্ত বিশেষকৈ দেখা নাযায়। পুৰুষ আৰু মহিলা শ্রমিকৰ মাজত, দক্ষ শ্রমিক আৰু সাধাৰণ শ্রমিকৰ মাজত, আৰু বিভিন্ন শ্ৰেণীৰ শ্রমিকৰ মাজতো স্বাৰ্থগত সংঘাত বিদ্যমান।

৪। শ্ৰেণী সংঘাতেই সকলো সংঘাতৰ মূল নহয়। সংঘাতৰ প্ৰধান উৎস হৈছে ব্যক্তিগত স্বাৰ্থ আৰু সমাজৰ স্বাৰ্থৰ মাজৰ দ্বন্দ্ব, কেৱল শ্ৰেণী সংঘৰ্ষ নহয়।

৫। শ্ৰেণী সংগ্রামৰ তত্ত্বটোত আত্মবিৰোধিতা আছে। একেদিকে, এই তত্ত্ব অনুসৰি উৎপাদন পদ্ধতিয়ে সমাজত একাধিক শ্ৰেণী সৃষ্টি কৰে; আনহাতে, মাৰ্ক্সৰ মতে কেৱল দুটা শ্ৰেণী (বুৰ্জুৱা আৰু সৰ্বহাৰা) হে থাকে। বৰ্তমান যুগত মালিক-শ্রমিকৰ যৌথ পৰিচালিত উদ্যোগ, ৰাষ্ট্ৰ নিয়ন্ত্রিত আঁচনি আদিয়ে শ্ৰেণী সংঘাত হ্ৰাস কৰি নতুন ধৰণৰ শ্ৰেণী সম্পর্ক সৃষ্টি কৰিছে।

৬। মাৰ্ক্সৰ মতে চিন্তাধাৰাৰ বৈপৰীত্য শ্ৰেণী চৰিত্ৰৰ পৰা উৎপন্ন হয়, আৰু সাম্যবাদ প্রতিষ্ঠা হ’লে এই বৈপৰীত্য শেষ হ’ব। কিন্তু এই ধাৰণা ভুল, কাৰণ পৰিৱেশ, পৰিস্থিতি আৰু সমাজৰ জটিলতাৰ বাবে মানুহৰ চিন্তাধাৰাত বৈচিত্র থাকিবই। স্বাৰ্থ আৰু ভাৱনাৰ সম্পূৰ্ণ ঐক্য এক বিভ্ৰান্তি। ধৰ্ম, বৰ্ণ, জাতীয়তাবাদ, আৰু সাম্প্ৰদায়িকতাৰ নামত হোৱা বিভেদসমূহ সমাজ পৰিৱৰ্তনৰ মুখ্য শক্তিসমূহৰ অন্তৰ্গত।

৭। এই তত্ত্ব হিংসাত্মক পদ্ধতিত বিশ্বাসী। শ্রমিক শ্ৰেণীয়ে বিপ্লৱৰ মাধ্যমেৰে সাম্যবাদ স্থায়ী কৰিব বুলি মাৰ্ক্স কৈছিল, কিন্তু সমাজ পৰিৱর্তনৰ অন্য পথসমূহ, যেনে সহযোগিতা, আলোচনাৰ মাধ্যমেৰে অধিক স্থায়ী পৰিৱৰ্তন সম্ভৱ।

৮। সৰ্বহাৰাৰ বিপ্লৱ বিশ্বৰ বৃহৎ অঞ্চলত সংঘটিত হ’ব বুলি মাৰ্ক্সৰ ভৱিষ্যৎবাণী ব্যৰ্থ হ’ল। আনহাতে, কৃষিপ্রধান দেশসমূহতেই বিপ্লৱৰ সূচনা হ’ল, যাৰ উদাহৰণ ৰাছিয়া আৰু চীন।

৯। সমাজ পৰিৱৰ্তন ক্ৰমবিকাশৰ মাধ্যমেৰে সম্ভৱ। সংঘাতৰ লগতে সহযোগিতাৰ ফলতহে সমাজ পৰিৱর্তন হয়, কেৱল হিংসাত্মক বিপ্লৱৰ দ্বাৰা নহয়।

১০। পুঁজিবাদী সমাজত শ্ৰমিকসকলৰ অৱস্থা ক্রমান্বয়ে উন্নত হৈছে। ইংলেণ্ডৰ দৰে দেশত শ্ৰমিকসকলৰ জীৱনযাত্রাৰ মান উন্নত হোৱাৰ প্ৰমাণ দেখা যায়, যি মাৰ্ক্সৰ শোষণ তত্ত্বৰ সৈতে অমিল।

কার্ল মার্ক্সৰ সৰ্বহাৰাৰ একনায়কত্ববাদ তত্ত্ব (Karl Marx’s theory of dictatorship of the proletariat)

মাৰ্ক্সৰ মতে, সমাজত পৰস্পৰ বিৰোধী শোষক আৰু শোষিত শ্ৰেণীৰ মাজত শ্ৰেণী সংগ্রাম অনিবার্য। পুঁজিবাদী ব্যৱস্থাৰ অন্তৰ্নিহিত দুৰ্বলতাৰ ফলত ই একদিন ধ্বংস হ’ব। ইতিহাসৰ প্রতিটো পৰ্যায়ত, আদিম সাম্যবাদী সমাজৰ পৰা দাস প্রথা, সামন্তবাদ আৰু পুঁজিবাদলৈকে, প্ৰতিটো ব্যৱস্থাই নিজৰ অভ্যন্তৰীণ স্ববিৰোধিতাৰ বাবেই পতন হৈছে। সামন্তবাদী ব্যৱস্থাই পুঁজিবাদী উৎপাদন পদ্ধতিৰ সৈতে খাপ খুৱাব নোৱাৰাৰ বাবে সামন্ত প্ৰভুসকলে পুঁজিপতিসকলক বাট এৰি দিব লগা হৈছিল। সেই অনুসৰি, উৎপাদনৰ মালিকীস্বত্ব সামন্ত প্ৰভুৰ পৰা পুঁজিপতিৰ হাতলৈ গ’ল, আৰু সামন্তবাদৰ ধ্বংস ঘটিল। পুঁজিবাদী ব্যৱস্থাত, পুঁজিপতিসকলে মুক্তভাৱে শ্রমিকশ্ৰেণীক শোষণ কৰিবলৈ সক্ষম হয়। শ্রমিকসকলে নিজৰ শ্ৰম কম মজুৰিত বিক্ৰী কৰিবলৈ বাধ্য হয়, যাৰ ফলত শ্ৰেণী বৈষম্য বৃদ্ধি পায়। মালিক আৰু শ্ৰমিকৰ মাজত শ্ৰেণী-সচেতনতা বৃদ্ধি পায়, আৰু শ্রমিকসকলে পুঁজিপতিসকলৰ শোষণৰ বিৰুদ্ধে সংগঠিত হয়। শ্রমিকসকলৰ হেৰুৱাবলগীয়া একো নথকাৰ বাবে, শেষত তেওঁলোকে অস্ত্ৰ ধাৰণ কৰি পুঁজিবাদৰ বিৰুদ্ধে বিপ্লৱ ঘটাব। এই প্ৰক্ৰিয়াৰ জৰিয়তে, সৰ্বহাৰাৰ একনায়কত্ব প্ৰতিষ্ঠা হ’ব।

সৰ্বহাৰাৰ একনায়কত্ব মার্ক্সৰ এক গুৰুত্বপূর্ণ তত্ত্ব। “সৰ্বহাৰা” শব্দৰ অৰ্থ “সকলো হেৰুওৱা”, যি ভূমিহীন, সম্পত্তিহীন সাধাৰণ জনসাধাৰণক বুজায়। মার্ক্সৰ মতে, সৰ্বহাৰা শ্ৰেণী হ’ল সমাজৰ সেই অংশ, যিসকলে সম্পূৰ্ণৰূপে নিজৰ শ্ৰম বিক্ৰী কৰাৰ ওপৰত নিৰ্ভৰ কৰে; মূলধনৰ পৰা পোৱা লাভৰ ওপৰত নহয়। লেনকেষ্টাৰে (Lancaster) সৰ্বহাৰা শ্ৰেণীৰ বিষয়ে এনেদৰে ব্যাখ্যা কৰিছে— “সৰ্বহাৰাসকল হ’ল সমাজৰ সেই শ্ৰেণীৰ লোক, যিসকলে নিজৰ জীৱন-ধাৰণৰ উপায় হিচাপে সম্পূৰ্ণকৈ কেৱল শ্ৰম বিক্ৰী কৰে; মূলধনৰ পৰা লাভ কৰা আয়ে তেওঁলোকৰ জীৱন নিৰ্ভৰশীল নহয়। তেওঁলোকৰ ভাল-বেয়া, আনন্দ-বেদনা, জীৱন-মৰণ সকলো শ্ৰমৰ চাহিদাৰ ওপৰত নিৰ্ভৰশীল। আৰু এই শ্ৰমৰ চাহিদা পুঁজিবাদৰ সীমাহীন প্রতিযোগিতাৰ ফলত সৃষ্টি হোৱা উত্থান-পতনৰ ওপৰত নিৰ্ভৰ কৰে।”

মার্ক্সবাদৰ সপক্ষে যুক্তি (Arguments in favour Marxism)

১। অর্থনৈতিক সমতা: সকলো লোকক সমান অধিকাৰ আৰু সুযোগ প্ৰদান কৰে, ধনী-দুখীয়াৰ বৈষম্য দূৰ কৰে।

২। দ্বন্দ্বমূলক বস্তুবাদ: সমাজৰ গঠন আৰু পৰিৱৰ্তনৰ মূল কাৰণ হৈছে অৰ্থনৈতিক পৰিস্থিতি।

৩। শ্রম আৰু শোষণ: মালিক শ্রেণীয়ে লাভৰ বাবে শ্রমিকক শোষণ কৰে, যি মার্ক্সবাদী ন্যায়ত অস্বীকাৰ কৰা হয়।

৪। শ্ৰেণীসংগ্ৰাম: সমাজত ধনী আৰু দুখীয়াৰ সংঘাতই নতুন সমাজ গঠনৰ বাবে প্ৰধান চালিকা শক্তি।

৫। ৰাজহুৱা নিয়ন্ত্ৰণ: সম্পদৰ ব্যক্তিগত মালিকানা নাথাকে, সকলো সম্পদৰ ব্যৱস্থাপনা চৰকাৰ বা সমাজৰ দ্বাৰা হয়।

মার্ক্সবাদী দৃষ্টিভংগীৰ অৰ্থ আৰু পৰিসৰ( Meaning and Scope of Marxist Approach)

ভাৰতৰ ৰাজনীতি অধ্যয়নৰ ক্ষেত্ৰত মার্ক্সবাদী দৃষ্টিভংগী এক গুৰুত্বপূর্ণ পৰিৱর্তনশীল চিন্তাধাৰা হিচাপে বিবেচিত। এই দৃষ্টিভংগী মূলত কার্ল মার্ক্সৰ মৌলিক মতবাদৰ ওপৰত ভিত্তি কৰি গঢ় লয়। মার্ক্সবাদৰ কিছুমান মুখ্য মৌলিক ধাৰণাসমূহ হল— উদ্বৃত্তমূলধন, ঐতিহাসিক বস্তুবাদ, শ্রেণীসংগ্ৰাম, দ্বন্দ্বমূলক বস্তুবাদ, আৰু সৰ্বহাৰৰ একনায়কত্ব। এই মৌলিক তত্ত্বসমূহৰ ভিত্তিত সমাজ আৰু ৰাজনীতিৰ গঠন, বিকাশ, আৰু পৰিবর্তনৰ প্ৰকৃতি ব্যাখ্যা কৰা হয়।

মার্ক্সবাদৰ মতে, সমাজত সদায় উৎপাদক শ্রেণী আৰু শ্রমিক শ্রেণীৰ মাজত সংঘাত বিদ্যমান থাকে। এই সংঘাতৰ পৰিণতিত কালক্ৰমত সমাজৰ গঠন পৰিবর্তিত হয়, যাৰ ফলশ্ৰুতিত নতুন সমাজব্যৱস্থা প্ৰতিষ্ঠিত হয়। এক কথাত, মার্ক্সবাদী দৃষ্টিভংগীৰ অৰ্থ হৈছে দ্বন্দ্বমূলক বস্তুবাদ আৰু ঐতিহাসিক বস্তুবাদৰ মাধ্যমেৰে সমাজৰ শ্ৰেণীসংগ্ৰাম আৰু শোষণপ্ৰথা বিশ্লেষণ কৰি এক শোষণমুক্ত সমাজৰ দিশ নিৰ্দেশ কৰা।

দ্বন্দ্বমূলক বস্তুবাদৰ মতে, সমাজত বিভিন্ন শ্রেণীৰ অস্তিত্ব থাকে, যাৰ ভিতৰত উৎপাদনৰ মালিক (সম্পত্তিশালী শ্রেণী) আৰু শ্রমজীৱী শ্রেণীৰ মাজত শক্তিৰ অসম বিভাজন ঘটে। মালিক শ্রেণীয়ে শ্রমিক শ্রেণীৰ ওপৰত নিৰ্ভৰ কৰি লাভ অর্জন কৰে, যাৰ ফলত ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতা তেওঁলোকৰ হাতত কেন্দ্ৰীভূত হয়। ইফালে, শ্রমিক-কৃষক শ্রেণী শোষণ আৰু দমনৰ সন্মুখীন হয়। সমাজৰ গঠন পৰিবর্তন আনিবলৈ শ্রমিক শ্রেণীৰ সংগঠিত প্ৰচেষ্টা আৰু শ্ৰেণীসংগ্ৰামৰ এক বিশেষ ভূমিকা থাকে।

মার্ক্সবাদী দৃষ্টিভংগীয়ে সমাজত মালিক আৰু শ্রমিকৰ মাজত সম্পৰ্কক বিশ্লেষণ কৰাৰ উপৰি, ৰাষ্ট্ৰ, সংস্কৃতি, ৰাজনীতি, আৰু ধৰ্মৰ লগত শ্ৰেণীৰ সম্পৰ্ক অধ্যয়ন কৰে। মার্ক্সবাদ অনুসৰি, সমাজৰ মুখ্য গাঁথনি (যেনে- অৰ্থনৈতিক সম্পদৰ নিয়ন্ত্ৰণ) ৰাজনৈতিক, সামাজিক, আৰু সাংস্কৃতিক উপগাঁথনি নিৰ্ধাৰণ কৰে। এই ক্ষেত্ৰত দুটা পৃথক দৃষ্টিভংগী গঢ় লৈ উঠে—

1. ধ্রুপদী মার্ক্সবাদী দৃষ্টিভংগী: এই দৃষ্টিভংগীৰ মতে, শ্ৰেণীগঠনৰ ওপৰত নিৰ্ভৰ কৰি ৰাজনৈতিক আৰু সাংস্কৃতিক কাঠামো গঠিত হয়। সমাজৰ যি শ্ৰেণীৰ হাতত অৰ্থনৈতিক শক্তি থাকে, সেই শ্ৰেণীয়ে ৰাজনীতি, সংস্কৃতি, আৰু ধৰ্মত প্ৰভাৱ পেলায়।

2. নব্য-মার্ক্সবাদী দৃষ্টিভংগী: এই দৃষ্টিভংগীৰ মতে, সামাজিক উপগাঁথনিবোৰ (ৰাষ্ট্ৰ, সংস্কৃতি, ধৰ্ম, ৰাজনীতি) সম্পূৰ্ণৰূপে শ্ৰেণী দ্বাৰা নিয়ন্ত্রিত নহয়; ইহঁতৰ নিজস্ব বিকাশৰ গতিধাৰা থাকে। এই চিন্তাধাৰাত আন্তোনিও গ্রামশ্বি, লুই এলথুছেৰ, আৰু প’লানটাছৰ আদি চিন্তাবিদ সকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

আন্তর্জাতিক পৰ্যায়তও মার্ক্সবাদী দৃষ্টিভংগীৰ প্ৰাসংগিকতা আছে। এই দৃষ্টিভংগীয়ে জাতীয় ৰাজনীতিৰ লগত সাম্রাজ্যবাদ, বিশ্ব অৰ্থনীতি, আৰু বিশ্ব বেংক বা IMF ৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সম্পৰ্ক অধ্যয়ন কৰে। সেয়েহে, মার্ক্সবাদী দৃষ্টিভংগী কেৱল আভ্যন্তৰীণ ৰাজনীতি পৰ্যালোচনাতেই সীমাবদ্ধ নহয়, ই বিশ্বব্যৱস্থাৰ বিস্তৃত দিশ বিশ্লেষণ কৰিবলৈ সক্ষম।

মার্ক্সবাদী দৃষ্টিভংগী আৰু ভাৰতৰ ৰাজনীতি (Marxist Approach and Politics in India)

মার্ক্সবাদী দৃষ্টিভংগী মূলতঃ দুই প্ৰকাৰৰ—ধ্রুপদী আৰু নব্য মার্ক্সবাদী দৃষ্টিভংগী। ভাৰতৰ ৰাজনীতি অধ্যয়নত এই দৃষ্টিভংগী প্ৰয়োগ কৰি শিক্ষাবিদ আৰু ৰাজনৈতিক বিশ্লেষকসকলে সমাজৰ শ্ৰেণীসম্পর্ক আৰু ৰাষ্ট্ৰৰ ভূমিকা ব্যাখ্যা কৰে। যদিও উদাৰবাদী দৃষ্টিভংগী অধিক প্ৰয়োগ হয়, মার্ক্সবাদী দৃষ্টিভংগীয়ে বিশেষকৈ সমাজত পৰিৱর্তিত শ্ৰেণীসম্পর্ক, শ্রমিক আৰু কৃষক আন্দোলন, আৰু ৰাষ্ট্ৰৰ প্ৰকৃতি বিশ্লেষণ কৰে।

১৯৮০ চনৰ পাছত ইতিহাসবিদ ৰাণাজিৎ গুহে নব্য-মার্ক্সবাদী দৃষ্টিভংগী যুক্ত কৰে, যি Antonio Gramsci-ৰ চিন্তাধাৰাৰে প্ৰভাৱিত আছিল। গুহৰ “Subaltern Studies” আন্দোলনে নিম্নবৰ্গৰ লোকসকলৰ অধ্যয়নক গুৰুত্ব দিয়ে, যিয়ে পৰম্পৰাগত মার্ক্সবাদৰ তুলনাত সমাজৰ তলত থকা শ্ৰেণীসমূহৰ সচেতনতা আৰু নিজা চিন্তা-চেতনাৰ বিকাশৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰে।

মার্ক্সবাদী দৃষ্টিভংগীৰ মূল কেন্দ্ৰবিন্দু হৈছে শ্ৰেণীসম্পর্ক। উৎপাদনৰ লগত জড়িত মালিক, শ্রমিক, কৃষক আদি বিভিন্ন শ্ৰেণীৰ মাজৰ সহযোগিতা আৰু সংঘাতক এই দৃষ্টিভংগীয়ে ব্যাখ্যা কৰে। উৎপাদনৰ উপাদান—ভূমি, উদ্যোগ, মূলধন, আৰু শ্রমিক—কেনেকৈ বিতৰণ হয়, সেইটোও ইয়াৰ অধ্যয়নৰ অংশ।

উৎপাদনৰ উপাদানৰ মালিকীস্বত্ব যদি ধনীশ্ৰেণীৰ হাতত থাকে, তেন্তে উৎপাদনৰ বিতৰণত ধনীশ্ৰেণী অধিক লাভৱান হয়, আৰু শ্রমিক-কৃষকসকল শোষিত হয়। মার্ক্সবাদী দৃষ্টিভংগীয়ে এনে বিভক্ত সমাজৰ স্বৰূপ উদ্‌ঘাটন কৰি, শোষণৰ পৰা পৰিত্ৰাণ পাবলৈ এক বিকল্প পথ প্ৰস্তাৱ কৰে।

ভাৰতৰ গ্ৰামাঞ্চলত শ্ৰেণীবিভাজন গৱেষণা কৰিবলৈ উৎচা পাটনায়কে “Peasant Class Differentiation” (1986) গ্ৰন্থত হাৰিয়ানাৰ কৃষিক্ষেত্ৰত শ্ৰেণীসমূহ চিনাক্ত কৰিছিল:

(ক) গ্রাম্য ধনী ভূ-স্বামী: তেওঁলোকে বৃহৎ পৰিমাণৰ ভূমিৰ গৰাকী আৰু কৃষিকাৰ্যৰ বাবে বেতনভোগী শ্রমিক ৰখে।

(খ) ধনী কৃষক: নিজা ভূমিত কৃষিকাৰ্য কৰে, কিন্তু আনৰ ভূমিত কাম নকৰে।

(গ) মধ্যবিত্ত কৃষক: নিজা ভূমিত পৰিয়ালৰ সদস্যসকলৰ সহায়ত খেতি কৰে।

(ঘ) দৰিদ্ৰ কৃষক: অতি কম সংখ্যক ভূমিৰ গৰাকী অথবা ভূমিহীন, আনৰ ভূমিত কাম কৰিব লগা হয়।

(ঙ) ভূমিহীন সৰ্বহাৰা: মাটিৰ সম্পূর্ণ অভাৱত অন্য ঠাইত কৃষিকাজ কৰে।

ভাৰতীয় কৃষি আৰু উদ্যোগত মার্ক্সবাদী দৃষ্টিভংগী

পাটনায়কে বিশেষকৈ সেউজ বিপ্লৱৰ পৰিপ্ৰেক্ষিতত কৃষিক্ষেত্ৰৰ শ্ৰেণীবিভাজন বিশ্লেষণ কৰিছিল। আধুনিক পুঁজিবাদৰ বিকাশৰ লগত গ্ৰাম্য কৃষিব্যৱস্থাতো পুঁজিবাদী উপাদানবোৰ বৃদ্ধি পাইছে, যিয়ে ধনী কৃষকসকলৰ প্ৰভাৱ বৃদ্ধি কৰিছে। যদিও পৰম্পৰাগত মার্ক্সবাদী দৃষ্টিভংগী বিশেষভাৱে অৰ্থনৈতিক দিশত কেন্দ্ৰিত আছিল, আধুনিক নব্য-মার্ক্সবাদী বিশ্লেষকসকলে সামাজিক আৰু সাংস্কৃতিক দিশবোৰকো অন্তর্ভুক্ত কৰিছে।

ভাৰতৰ ৰাজনীতি আৰু সমাজৰ অধ্যয়নত মার্ক্সবাদী দৃষ্টিভংগীয়ে শ্ৰেণীসম্পর্ক, শোষণ, আৰু শ্ৰেণীসংঘাতৰ মূল ভিত্তি বিশ্লেষণ কৰে, যিয়ে ভাৰতীয় ৰাজনীতিৰ গভীৰ উপলব্ধি লাভ কৰাত সহায় কৰে।

সামৰণি (Conclusion)

মার্ক্সবাদ হৈছে এক সমাজ, অৰ্থনীতি আৰু ৰাজনীতিক দর্শন, যি সমতা, শ্ৰমিকৰ অধিকাৰ আৰু শ্ৰেণীহীন সমাজৰ প্ৰতিশ্ৰুতি দিয়ে। এই মতবাদ মতে, সমাজত বিদ্যমান বৈষম্যৰ মূল কাৰণ হৈছে ব্যক্তিগত সম্পত্তি আৰু পুঁজিবাদী শোষণ। দ্বন্দ্বমূলক বস্তুবাদ আৰু ঐতিহাসিক বস্তুবাদৰ ভিত্তিত, মার্ক্সবাদে এক শোষণমুক্ত সমাজৰ পৰিকল্পনা আগবঢ়ায়, য’ত উৎপাদনৰ উপায় সকলোৰে হ’ব আৰু সমানভাৱে বিতৰণ হ’ব। যদিও বাস্তৱ জীৱনত ইয়াৰ প্ৰয়োগত বিভিন্ন প্ৰত্যাহ্বান আছে, তথাপিও ই বহু দেশত ৰাজনৈতিক আৰু অৰ্থনৈতিক নীতি নিৰ্ধাৰণত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top