বিশ্বনাথ প্ৰতাপ সিং জীৱনী | Vishwanath Pratap Singh Biography

বিশ্বনাথ প্ৰতাপ সিং | Vishwanath Pratap Singh Essay in Assamese | Biography of Vishwanath Pratap Singh in Assamese | বিশ্বনাথ প্ৰতাপ সিং বিষয়ে জীৱনী | বিশ্বনাথ প্ৰতাপ সিং বিষয়ে ৰচনা | বিশ্বনাথ প্ৰতাপ সিংৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল বিশ্বনাথ প্ৰতাপ সিং। বিংশ শতিকাৰ শেষৰ ফালে ভাৰতৰ ৰাজনীতিত নিজৰ স্থিতি সবল ৰূপে পৰিগণিত কৰা এজন শক্তিশালী ৰাজনীতিবিদ হ’ল এই বিশ্বনাথ প্ৰতাপ সিং। মাণ্ডাৰ ৪১ তম ৰাজা বাহাদুৰ হিচাপে দায়িত্ব লোৱা বিশ্বনাথ প্ৰতাপ সিং আছিল ভাৰতৰ অষ্টম সংখ্যক প্ৰধানমন্ত্ৰী।

Vishwanath Pratap Singh

বিশ্বনাথ প্ৰতাপ সিং জীৱনী | Vishwanath Pratap Singh Biography

নামবিশ্বনাথ প্ৰতাপ সিং (Vishwanath Pratap Singh)
জন্ম চন২৫ জুন, ১৯৩১ চন
জন্ম স্থানএলাহাবাদ
পিতৃৰ নামৰাজা বাহাদুৰ ৰাম গোপাল সিং
মাতৃৰ নামৰাণী ৰাজ কোঁৱৰ
শিক্ষা১/ কৰ্ণেল ব্ৰাউন কেম্ব্ৰিজ স্কুল, ডেৰাডুন
২/ উদয় প্ৰতাপ কলেজ, বাৰাণসী
৩/ এলাহাবাদ বিশ্ববিদ্যালয়
৪/ পুনে বিশ্ববিদ্যালয়
মৃত্যু২৭ নৱেম্বৰ, ২০০৮ চন

হিন্দু ৰাজপুত জমিদাৰ পৰিয়ালৰ সন্তান বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল ১৯৩১ চনৰ ২৫ জুন তাৰিখে। বিশ্বনাথ প্ৰতাপ সিঙৰ পিতৃৰ নাম হ’ল ৰাজা বাহাদুৰ ৰাম গোপাল সিং। উল্লেখ্য যে বিশ্বনাথ প্ৰতাপ সিংহৰ পূৰ্বপুৰুষসকল আছিল মানিকপুৰৰ পূৰ্বসূৰী ৰাজ্যৰ শাসক।

ডেৰাডুনৰ কৰ্ণেল ব্ৰাউন কেমব্ৰিজ স্কুলৰ পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা বিশ্বনাথ প্ৰতাপ সিঙে পৰৱৰ্তী সময়ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা কলা আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ ওপৰিও ভি পি সিঙে পুনে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ফাৰ্গুছন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 

ছাত্ৰ অৱস্থাৰ পৰাই সমাজৰ বাবে কাম কৰিব বিচৰা বিশ্বনাথ প্ৰতাপ সিং এলাহাবাদৰ গোপাল বিদ্যালয় প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও ১৯৫৭ চনৰ বিনোৱা ভাবেৰ নেতৃত্বত আৰম্ভ হোৱা ভূ-দান আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে বিশ্বনাথ প্ৰতাপ সিঙে এলাহাবাদৰ পাচনা গাওঁত এখন ফাৰ্ম প্ৰতিষ্ঠা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

১৯৬৯ চনত বিশ্বনাথ প্ৰতাপ সিঙে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি উত্তৰ প্ৰদেশ বিধান সভালৈ কংগ্ৰেছ দলৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ লগতে বিধান সভাৰ মুখ্য হুইপ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯৭১ চনত লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হয় আৰু ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাত ১৯৭৬ চনৰ পৰা ১৯৭৭ চনলৈকে বাণিজ্য বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

১৯৮০ চনত বিশ্বনাথ প্ৰতাপ সিঙে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। উল্লেখ্য মুখ্যমন্ত্ৰী হিচাপে বিশ্বনাথ প্ৰতাপ সিঙে উত্তৰ প্ৰদেশত বিভিন্ন সময়ত সন্ত্ৰাস সৃষ্টি কৰা ডকাইটৰ সমস্যা নি:শেষ কৰিবলৈ যত্নপৰ হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৮১ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ কুখ্যাত ডকাইত ফুলন দেৱীয়ে তেওঁৰ সহযোগীসকলৰ সৈতে উত্তৰ প্ৰদেশৰ বেহমাই গাঁওত ২০ জন লোকক হত্যা কৰিছিল। উল্লেখ্য যে বেহমাই গাঁওত সংঘটিত হোৱা এই গণহত্যাই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত ভি পি সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পৰৱৰ্তী সময়ত ভি পি সিং ১৯৮৪ চনত ৰাজ্যসভাৰ নেতা হিচাপে নিযুক্ত হোৱাৰ লগতে ৰাজীৱ গান্ধী মন্ত্ৰালয়ত ভি পি সিঙে বিত্ত মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি কেবিনেট গুৰুত্বপূৰ্ণ পদত দায়িত্ব পালন কৰিছিল। 

কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত, বিশ্বনাথ প্ৰতাপ সিঙৰ ৰাজনৈতিক কেৰিয়াৰৰ পট পৰিৱৰ্তন হৈ এক নতুন ৰূপ লয় কাৰণ তেওঁ বোফৰ্ছ কেলেংকাৰীক লৈ ৰাজীৱ গান্ধীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে আৰু ১৯৮৭ চনৰ ১৭ জুলাই  তাৰিখে প্ৰতিৰক্ষা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। অৱশ্যে প্ৰতিৰক্ষা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতো ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল।

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছত ভি পি সিঙে জনতা দল গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে তেওঁ ১৯৮৮ চনৰ জুন মাহত জনতা দলৰ পৰা উপনিৰ্বাচনত এলাহাবাদৰ পৰা লোকসভালৈ নিৰ্বাচিত হয় ভি পি সিং। উল্লেখ্য যে এই সময়ছোৱাত অমিতাভ বচ্চনৰ পদত্যাগৰ বাবে আসনখন খালী হৈ গৈছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৯ চনত লোকসভা নিৰ্বাচনত ভি পি সিঙে সবল আৰু সক্ৰীয় ভাৱে ৰাজীৱ গান্ধীক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ জনতা দলৰ নেতৃত্ব বহন কৰিছিল। “Raja nahin faqir hai, desh ki taqdeer hai” শ্লোগানেৰে কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক ভাৱে প্ৰচাৰ কৰিছিল ভি পি সিঙে। উল্লেখ্য যে , ১৯৮৯ চনৰ এই লোকসভা নিৰ্বাচনত ফাতেহপুৰৰ পৰা জয়লাভ কৰিছিল ভি পি সিঙে।

১৯৮৯ চনৰ ২ ডিচেম্বৰ তাৰিখে ভি পি সিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। উল্লেখ্য যে প্ৰধানমন্ত্ৰী হিচাপে ভি পি সিঙে চৰকাৰী চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) বাবে ২৭ শতাংশ সংৰক্ষণ প্ৰদান কৰাৰ বাবে বি পি মণ্ডল আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ভি পি সিঙৰ এই পদক্ষেপ সমগ্ৰ দেশতে অ’বিচিসকলৰ সামাজিক আৰু ৰাজনৈতিক সৱলীকৰণ নিশ্চিত কৰাৰ ক্ষেত্ৰত এক নিৰ্ণায়ক পদক্ষেপ হিচাপে বিবেচনা কৰা হয়। আনকি বহুতে ইয়াক “স্বাধীনতাৰ পিছত অ’বিচিসকলৰ স্বাৰ্থত আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ” হিচাপেও অভিহিত কৰিছে।

গুৰুত্বপূৰ্ণ কথা যে ভি পি সিঙে তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত বহু কেইটা প্ৰত্যাহ্বানৰো সন্মুখীন হ’ব লগা হৈছিল। ১৯৮৯ চনৰ শেষৰ ফালে আৰু ১৯৯০ চনৰ আৰম্ভণিতে JKLF আৰু ইছলামবাদী বিদ্ৰোহীসকলে কাশ্মীৰৰ হিন্দু সকলৰ ওপৰত আক্ৰমণ কৰিছিল। যাৰ ফলত কাশ্মীৰৰ পৰা হিন্দু সকলে পলাব লগীয়া এটা পৰিৱেশৰ সূচনা হৈছিল। ইয়াৰ ‌ওপৰিও ভি পি সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত গৃহমন্ত্ৰী মুফতি মহম্মদ চৈয়দৰ (তেতিয়াৰ মুখ্যমন্ত্ৰী) কন্যাক কাশ্মীৰি উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল। মুফতি মহম্মদ চৈয়দৰ কন্যাক উগ্ৰপন্থী হাতৰ পৰা মুকলি কৰি অনাৰ বিনিময়ত উগ্ৰপন্থী সকলক মুক্তি দিবলগীয়া হৈছিল। ইয়াৰ বাবে ভি পি সিঙৰ চৰকাৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হৈছিল।

আন এক গুৰুত্বপূৰ্ণ কথা যে, ১৯৯০ চনৰ ২৫ ছেপ্টেম্বৰত গুজৰাটৰ সোমনাথ মন্দিৰত পূজা আগবঢ়োৱাৰ পিছত বিজেপিৰ  এল কে আদৱানীয়ে তেওঁৰ বিশ্বাসী প্ৰমোদ মহাজনৰ সৈতে ৰথ যাত্ৰা আৰম্ভ কৰিছিল। পৰিকল্পনাটো এনেদৰে প্ৰস্তুত কৰা হৈছিল উত্তৰ প্ৰদেশৰ অযোধ্যাত সমাপ্ত হ’ব য’ত আদৱানীয়ে এটা ৰাজকীয় ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। কিন্তু এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ভি পি সিঙে। উল্লেখ্য যে, আদৱানীৰ  ৰাম ৰথ যাত্ৰাৰ বিৰোধিতাৰ পিছত, বিজেপিয়ে নেচনেল ফ্ৰণ্টৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত ভি পি সিঙে ১৯৯০ চনৰ ৭ নৱেম্বৰত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আছিল মাত্ৰ ৩৪৩ দিন।

Read Also: বিনায়ক দামোদৰ সাভাকাৰ জীৱনী | Vinayak Damodar Savarkar Biography

ভি পি সিঙে ১৯৯১ চনত পুনৰ লোকসভা নিৰ্বাচনত ফাতেহপুৰৰ পৰা জয়লাভ কৰিছিল, কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯৯৬ চনত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লয়। অৱশ্যে সক্ৰীয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও ভি পি সিঙে দলিত আৰু দুৰ্বল লোকসকলৰ সৈতে সম্পৰ্কিত বিষয়বোৰক লৈ প্ৰতিনিয়ত সক্ৰিয় হৈ আছিল। ইয়াৰ ওপৰিও ভি পি সিং এই সময়ত বহু কেইখন দেশ ভ্ৰমণ কৰাৰ ওপৰিও সামাজিক ন্যায় আৰু বিভিন্ন শৈল্পিক কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল। বিশেষকৈ তেওঁ বিভিন্ন চিত্ৰ অংকন কৰিছিল। উল্লেখ্য যে বিভিন্ন স্থানত তেওঁৰ শিল্প প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। ফটোগ্ৰাফীতো আগ্ৰহ আছিল ভি পি সিঙৰ।

উল্লেখ্য যে, এক দশক ধৰি কৰ্কট ৰোগ আৰু বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত  বিশ্বনাথ প্ৰতাপ সিঙে ২০০৮ চনৰ ২৭ নৱেম্বৰত নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল চিকিৎসালয়ত ৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

FAQ

১) বিশ্বনাথ প্ৰতাপ সিঙে প্ৰধানমন্ত্ৰী হিচাপে কিমান দিন কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰ- বিশ্বনাথ প্ৰতাপ সিঙে ৰাষ্ট্ৰপতি হিচাপে ১৯৮৯ চনৰ ২ ডিচেম্বৰ তাৰিখৰ পৰা ১৯৯০ চনৰ ১০ নৱেম্বৰ তাৰিখলৈকে ভাৰতৰ সপ্তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কাৰ্যকাল আছিল ৩৪৩ দিন।

২) ৰাহুল গান্ধীৰ মন্ত্ৰীসভাৰ প্ৰতিৰক্ষা মন্ত্ৰী পদৰ পৰা কিয় পদত্যাগ কৰিছিল বিশ্বনাথ প্ৰতাপ সিঙে?

উত্তৰ- বোফৰ্ছ কেলেংকাৰীক লৈ ৰাজীৱ গান্ধীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ১৯৮৭ চনৰ ১৭ জুলাই  তাৰিখে প্ৰতিৰক্ষা মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বিশ্বনাথ প্ৰতাপ সিঙে।

৩) বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ- হিন্দু ৰাজপুত জমিদাৰ পৰিয়ালত ১৯৩১ চনৰ ২৫ জুন তাৰিখে বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল।

৪) উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা কিয় পদত্যাগ কৰিছিল?

উত্তৰ- ১৯৮১ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ কুখ্যাত ডকাইত ফুলন দেৱীয়ে তেওঁৰ সহযোগীসকলৰ সৈতে উত্তৰ প্ৰদেশৰ বেহমাই গাঁওত ২০ জন লোকক হত্যা কৰিছিল। উল্লেখ্য যে বেহমাই গাঁওত সংঘটিত হোৱা এই গণহত্যাই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত ভি পি সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

৫) ভি পি সিঙৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ- এক দশক ধৰি কৰ্কট ৰোগ আৰু বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত  বিশ্বনাথ প্ৰতাপ সিঙে ২০০৮ চনৰ ২৭ নৱেম্বৰত নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল চিকিৎসালয়ত ৭৭ বছৰ বয়সত মৃত্যুক সাৱটি লৈছিল ভি পি সিঙে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top