বিনায়ক দামোদৰ সাভাকাৰ জীৱনী | Vinayak Damodar Savarkar Biography

বিনায়ক দামোদৰ সাভাকাৰ | Vinayak Damodar Savarkar Essay in Assamese | Biography of Vinayak Damodar Savarkar in Assamese | বিনায়ক দামোদৰ সাভাকাৰ বিষয়ে জীৱনী | বিনায়ক দামোদৰ সাভাকাৰ বিষয়ে ৰচনা | বিনায়ক দামোদৰ সাভাকাৰৰ চমু পৰিচয়।

Join Telegram channel

বিনায়ক দামোদৰ সাভাকাৰ – বিনায়ক দামোদৰ সাভাৰকাৰ ওৰফে স্বতন্ত্ৰবীৰ সাভাৰকাৰ ওৰফে বিনায়ক সাভাৰকাৰ,মাৰাঠীত  বীৰ সাভাৰকাৰ হিচাপে জনাজাত বিনায়ক দামোদৰ সাভাৰকাৰ হ’ল – এজন স্বাধীনতা সংগ্ৰামী আৰু এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এজন শক্তিশালী  নেতা আৰু ৰাজনীতিবিদ, হিন্দু জাতীয়তাবাদী আদৰ্শ প্ৰস্তুত কৰা এজন উল্লেখযোগ্য ব্যক্তি।

Vinayak Damodar Savarkar

বিনায়ক দামোদৰ সাভাকাৰ জীৱনী | Vinayak Damodar Savarkar Biography

নামবিনায়ক দামোদৰ সাভাকাৰ (Vinayak Damodar Savarkar)
জন্ম চন২৮ মে’, ১৮৮৩ চন
জন্ম স্থাননাছিক, মহাৰাষ্ট্ৰ
পিতৃৰ নামদামোদৰ সাভাকাৰ
মাতৃৰ নামৰাধাবাই সাভাকাৰ
শিক্ষা১/ Fergusson College’
২/ Gray’s Inn Law College’
মৃত্যু২৬ ফ্ৰেব্ৰুৱাৰী, ১৯৬৬ চন

ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন উল্লেখযোগ্য নেতা, ৰাজনীতিবিদ, হিন্দু মহাসভাৰ এজন বিশিষ্ট ব্যক্তি বিনায়ক দামোদৰ সাভাকাৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ নাছিকৰ ওচৰৰ ভাগুৰ গাঁৱৰ এটা মাৰাঠী চিত্ৰপৱন ব্ৰাহ্মণ পৰিয়ালত ১৮৮৩ চনৰ ২৮ মে তাৰিখে। বিনায়ক দামোদৰ সাভাকাৰৰ পিতৃৰ নাম হ’ল- দামোদৰ সাভাকাৰ আৰু মাতৃৰ নাম হ’ল- ৰাধাবাই সাভাকাৰ।

সাভাৰকাৰৰ প্ৰায় ১০/১২ বছৰ মান বয়সত ১৮৯৩ চনত বোম্বাইত সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাত হৈছিল হৈছিল। হিন্দু আৰু মুছলিম সকলৰ মাজত সংঘৰ্ষৰ পৰিণতিত হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। এই ঘটনাই সাভাৰকাৰৰ শিশুসুলভ মনত প্ৰভাৱ বিস্তাৰ কৰি তেওঁক প্ৰতিশোধ পৰায়ন কৰি তুলিছিল। ইয়াৰ ফলত সাভাৰকাৰে তেওঁৰ সতীৰ্থৰ সহযোগত এটা মছজিদৰ খিৰিকী আৰু টাইলচবোৰ ভাঙি পেলাইছিল।

উল্লেখ্য যে, পুনেৰ Fergusson College ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল বিনায়ক দামোদৰ সাভাকাৰে। ইয়াৰ পৰৱৰ্তী সময়ত সাভাৰকাৰক লণ্ডনত অধ্যয়ন কৰাৰ বাবে বৃত্তি লাভ কৰাৰ ক্ষেত্ৰত শ্যামজী কৃষ্ণ বৰ্মাই যথেষ্ট সহায় কৰাত Gray’s Inn Law College ত নাম ভৰ্তি কৰে। লণ্ডনত অধ্যয়ন কৰাৰ সময়ত তেওঁ ইণ্ডিয়া হাউচ’ত আশ্ৰয় লৈছিল। গুৰুত্বপূৰ্ণ কথা যে, বীৰ সাভাৰকাৰে লণ্ডনত থকা সময়ত ভাৰতীয় শিক্ষাৰ্থী সহপাঠী সকলক লৈ ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ ‘ফ্ৰী ইণ্ডিয়া চছাইটি’ গঠন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে Fergusson College ত অধ্যয়ন কৰি থকাৰ সময়ত Secret Society গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ Aryan Weekly নামেৰে এখন হাতেলিখা সাপ্তাহিক আলোচনী প্ৰকাশ কৰিছিল য’ত দেশপ্ৰেমমূলক বিভিন্ন ৰচনাৰ লগতে সাহিত্য, ইতিহাস, বিজ্ঞান আদি বিভিন্ন দিশৰ ওপৰত প্ৰৱন্ধ প্ৰকাশ কৰিছিল। 

সমাজ সচেতন সাভাৰকাৰে প্ৰায়ে বিশ্ব ইতিহাস, ইটালী, নেডাৰলেণ্ড আৰু আমেৰিকাৰ বিপ্লৱৰ ওপৰত শৈক্ষিক আলোচনা আৰু বিতৰ্কত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতৰ হেৰুওৱা স্বাধীনতা পুনৰুদ্ধাৰ কৰিবৰ কাৰণে সাভাৰকাৰে তেওঁৰ সতীৰ্থ সকলক পৰাধীন দেশবোৰে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা স্বাধীনতাৰ বাবে কিদৰে তেওঁলোকে বিপ্লৱ কৰিছে সেই বিষয়ে বিভিন্ন মতামত আগবঢ়াইছিল। এই সমূহৰ ওপৰিও সাভাৰকাৰে ইংৰাজ সকলৰ বিৰুদ্ধে সমগ্ৰ দেশবাসীক এটা ঐক‌্যমতত উপনীত হ’বৰ কাৰণে আহ্বান জনোৱাৰ সমান্তৰালকৈ বিদেশী সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। গুৰুত্বপূৰ্ণ কথা যে, ১৯ শ শতিকাৰ আৰম্ভণিতে তেওঁ নিৰ্বাচিত কিছু যুৱক-যুৱতীক লৈ Mitra Mela নামেৰে এটা সাংগঠনিক শক্তি গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত এই Mitra Mela ১৯০৪ চনত Abhinav Bharat Society লৈ ৰূপান্তৰিত হৈছিল। উল্লেখ্য যে Abhinav Bharat Society ৰ শাখা সমগ্ৰ পশ্চিম আৰু মধ্য ভাৰতত বিয়পি পৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯০৯ চনত মাৰ্লি-মিণ্টো সংস্কাৰৰ বিৰোধিতা কৰি গণেশ সাভাৰকাৰ নামৰ এজন ভাৰতীয় লোকে এক সশস্ত্ৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল।  এই  সশস্ত্ৰ বিদ্ৰোহৰ পৰিকল্পনা কৰাৰ অভিযোগত বিনায়ক দামোদৰ সাভাকাৰকো অভিযুক্ত হিচাপে ব্ৰিটিছ চৰকাৰে গণ্য কৰিছিল। যাৰ বাবে বিনায়ক দামোদৰ সাভাকাৰে Madame Cama ৰ বাসগৃহত আশ্ৰয় লৈছিল। তৎস্বতেও ১৯১০ চনৰ ১৩ মাৰ্চত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল বিনায়ক দামোদৰ সাভাকাৰক। উল্লেখ্য যে কাৰাবাস খাটি থকাৰ সময়ছোৱাত কাৰাগাৰৰ পৰা পলাই যোৱাৰ পৰিকল্পনা কৰিছিল বিনায়ক দামোদৰ সাভাকাৰে। অৱশ্যে এই পৰিকল্পনাত সফল হোৱা নাছিল তেওঁ, পলাই যোৱাৰ সময়ত পুনৰ ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল দামোদৰ সাভাকাৰক। তাৎপৰ্যপূৰ্ণ কথা যে, বিনায়ক দামোদৰ সাভাকাৰৰ এই ঘটনাটোৱে আন্তঃৰাষ্ট্ৰীয় মহলতো চৰ্চা লাভ কৰিছিল। আদালতে ৫০ বছৰৰ বাবে দণ্ডিত কৰা বিনায়ক দামোদৰ সাভাকাৰক বহু কেইখন দয়া আৱেদনৰ পিছত ১৯২৪ চনত মুক্তি দিয়া হয় যদিও  তেওঁক বহু সীমাবদ্ধতাৰ মাজত ৰত্নগিৰি জিলাৰ সীমাৰ থাকিবলৈ কিছু চৰ্ত নিৰ্ধাৰণ কৰি দিয়ে আদালতে। 

গুৰুত্বপূৰ্ণ কথা যে, কাৰাগাৰত থকাৰ সময়তে বিনায়ক দামোদৰ সাভাকাৰে ১৯২২ চনত “Essentials of Hindutva” নামৰ এখন কিতাপ ৰচনা কৰিছিল। উল্লেখ্য যে, ১৯৩৭ চনলৈকে ৰত্নগিৰি জিলাৰ মাজতে সীমাবদ্ধ থকা সাভাৰকাৰক সেই সময়ত বোম্বাইৰ নৱ নিৰ্বাচিত চৰকাৰে তেওঁক চৰ্তহীনভাৱে মুক্তি দিয়ে। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত সক্ৰীয় ভাৱে সাভাৰকাৰে হিন্দু সংস্কৃতি, দৰ্শনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল।

১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিন্দু মহাসভাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰা বিনায়ক দামোদৰ সাভাকাৰে Hinduism all Politics and Militarize Hinduism শ্লোগান প্ৰচাৰ কৰি হিন্দু লোকসকলক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে  ব্ৰিটিছসকলহে সমৰ্থন আগবঢ়াইছিল। ১৯৪২ চনত কংগ্ৰেছৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা  ভাৰত ত্যাগ আন্দোলনক তীব্ৰ সমালোচনা কৰিছিল। উল্লেখ্য যে বিনায়ক দামোদৰ সাভাকাৰৰ নেতৃত্বতে হিন্দু মহাসভাইও ভাৰত ত্যাগ আন্দোলনৰ নীতি আদৰ্শক বিৰোধিতা কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী সমূহ বৰ্জন কৰিছিল। সাভাৰকাৰে তেওঁৰ অনুগামীসকল তথা হিন্দু মহাসভাৰ সদস্য সকলক নিদেৰ্শ দিছিল যে, কোনো কাৰণতে যাতে তেওঁলোকে আন্দোলনত অংশ গ্ৰহণ নকৰে।

১৯৩৭ চনৰ ভাৰতীয় প্ৰাদেশিক নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে মুছলিম লীগ আৰু হিন্দু মহাসভাক বৃহৎ ব্যৱধানত পৰাস্ত কৰে যদিও ১৯৪০ চনত ভাৰতৰ সন্মতি অবিহনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ ভাইচৰয়ৰ সিদ্ধান্তৰ প্ৰতিবাদত কংগ্ৰেছ মন্ত্ৰীসকলে পদত্যাগ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত সাভাৰকাৰৰ সভাপতিত্বত, হিন্দু মহাসভাই মুছলিম লীগ আৰু অন্যান্য দলৰ সৈতে মিলি বহু কেইখন প্ৰদেশত চৰকাৰ গঠন কৰে। 

Read Also: ৰাজীৱ গান্ধী জীৱনী | Rajiv Gandhi Biography

গুৰুত্বপূৰ্ণ কথা যে, ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক হত্যা কৰাৰ পৰৱৰ্তী সময়ত হত্যাকাৰী নাথুৰাম গডছে আৰু তেওঁৰ সহযোগী আৰু ষড়যন্ত্ৰকাৰীসকলক আৰক্ষীয়ে আটক কৰে। গুৰুত্বপূৰ্ণ কথা যে, গান্ধীক হত্যা কৰাৰ পৰৱৰ্তী সময়ত ক্ষোভিত জনতাই বোম্বাইৰ দাদৰত থকা সাভাৰকাৰৰ ঘৰত শিলগুটি দলিয়াইছিল।ড়আৰক্ষীয়ে বিনায়ক দামোদৰ সাভাকাৰকো ১৯৪৮ চনৰ ৫ ফেব্ৰুৱাৰীত  শিৱাজী পাৰ্কৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি বোম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। বিনায়ক দামোদৰ সাভাকাৰৰ বিৰুদ্ধে হত্যা, হত্যাৰ ষড়যন্ত্ৰ আৰু হত্যাৰ অভিযোগ আৰোপ কৰা হৈছিল। উল্লেখ্য যে বিনায়ক দামোদৰ সাভাকাৰে বোম্বাইৰ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক ৰাজহুৱা লিখিত বিবৃতিত সাভাৰকাৰে গান্ধীৰ হত্যাক এক ভ্ৰাতৃঘাতী অপৰাধ বুলি অভিহিত কৰিছিল। পৰৱৰ্তী সময়ত, বিনায়ক দামোদৰ সাভাকাৰৰ ঘৰৰ পৰা জব্দ কৰা বৃহৎ পৰিমাণৰ কাগজপত্ৰত গান্ধীৰ হত্যাৰ সৈতে সাভাৰকাৰৰ একো সম্পৰ্ক দেখা পোৱা নাছিল নাছিল। তথ্যৰ অভাৱৰ বাবেহে সাভাৰকাৰক প্ৰতিৰোধমূলক আটক আইনৰ অধীনত আটক কৰা হৈছিল।

গান্ধীৰ হত্যাৰ সৈতে জড়িত অভিযোগৰ পৰা মুক্ত হৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত সাভাৰকাৰক চৰকাৰে ৰাজনৈতিক কাৰ্যকলাপ সম্পূৰ্ণ ভাৱে এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে  মুক্তি দিছিল। তেতিয়াৰ পৰা সাভাৰকাৰে হিন্দুত্বৰ সামাজিক আৰু সাংস্কৃতিক দিশবোৰ আলোচনা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক কাৰ্যকলাপৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত, পুনৰ সাভাৰকাৰ ৰাজনৈতিক কাৰ্যকলাপৰ লগত জড়িত হৈ পৰিছিল।

কাৰাগাৰৰ পৰা মুক্তি পোৱা দুবছৰ পিছত চিত্ৰগুপ্ত নামৰ এজন ব্যক্তি Life of Barrister Savarkar জীৱনী ৰচনা কৰিছিল। হিন্দু মহাসভাৰ ইন্দ্ৰ প্ৰকাশে ১৯৩৯ চনত জীৱনী খনৰ সংশোধিত সংস্কৰণত প্ৰকাশ কৰিছিল। ১৯৮৭ চনত বীৰ সাভাৰকাৰ প্ৰকাশনে কিতাপ খনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল। উল্লেখ্য যে ৰবীন্দ্ৰ বমন ৰামদাসে কিতাপখনৰ প্ৰস্তাৱনাত উল্লেখ কৰিছিল যে “চিত্ৰগুপ্ত বীৰ দামোদৰ সাভাৰকাৰৰ বাহিৰে আন কোনো নহয়”।

ইয়াৰ ওপৰিও বিনায়ক দামোদৰ সাভাকাৰে ইংৰাজী আৰু মাৰাঠী ভাষাত ৩৮ খন কিতাপ ৰচনা কৰিছিল। Moplah Rebellion and the Transportation নামৰ দুখন উপন্যাস ৰচনা কৰাৰ লগতে বহুকেইটা কবিতা আৰু নাটক ৰচনা কৰিছিল  সাভাৰকাৰে। সাভাৰকাৰৰ বিভিন্ন ৰচনাৰ ওপৰত সৰ্বাধিক জনপ্ৰিয় কিতাপখন হৈছে ঐতিহাসিক অধ্যয়নৰ পটভূমিত ৰচনা কৰা The Indian war of independence আৰু Hindutva: Who Is a Hindu?

হিন্দুত্ববাদৰ প্ৰৱক্তা বিনায়ক দামোদৰ সাভাকাৰৰ মৃত্যু হয় ১৯৬৬ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰী তাৰিখে।

FAQ

১) বিনায়ক দামোদৰ সাভাকাৰৰ জন্ম ক’ত হৈছিল?

উত্তৰ- বিনায়ক দামোদৰ সাভাকাৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ নাছিকৰ ওচৰৰ ভাগুৰ গাঁৱৰ এটা মাৰাঠী চিত্ৰপৱন ব্ৰাহ্মণ পৰিয়ালত ১৮৮৩ চনৰ ২৮ মে তাৰিখে। 

২) বিনায়ক দামোদৰ সাভাকাৰৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- বিনায়ক দামোদৰ সাভাকাৰৰ পিতৃৰ নাম হ’ল- দামোদৰ সাভাকাৰ আৰু মাতৃৰ নাম হ’ল- ৰাধাবাই সাভাকাৰ।

৩) বিনায়ক দামোদৰ সাভাকাৰৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ- বিনায়ক দামোদৰ সাভাকাৰৰ মৃত্যু হৈছিল ১৯৬৬ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰী তাৰিখে।

৪) বিনায়ক দামোদৰ সাভাকাৰক আন কি কি নামাৰে জনাজাত আছিল?

উত্তৰ- বিনায়ক দামোদৰ সাভাৰকাৰক স্বতন্ত্ৰবীৰ সাভাৰকাৰ ওৰফে বিনায়ক সাভাৰকাৰ,মাৰাঠীত  বীৰ সাভাৰকাৰ হিচাপে জনাজাত আছিল।

৫) কিদৰে বিনায়ক দামোদৰ সাভাকাৰৰ মনত হিন্দুত্ববাদী চিন্তাই গঢ় লৈছিল?

উত্তৰ- বিনায়ক দামোদৰ সাভাকাৰৰ প্ৰায় ১০/১২ বছৰ মান বয়সত ১৮৯৩ চনত বোম্বাইত সাম্প্ৰদায়িক সংঘৰ্ষ সূত্ৰপাত হৈছিল হৈছিল। হিন্দু আৰু মুছলিম সকলৰ মাজত সংঘৰ্ষৰ পৰিণতিত হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। এই ঘটনাই সাভাৰকাৰৰ শিশুসুলভ মনত প্ৰভাৱ বিস্তাৰ কৰি তেওঁক প্ৰতিশোধ পৰায়ন কৰি তুলিছিল। ইয়াৰ ফলত সাভাৰকাৰে তেওঁৰ সতীৰ্থৰ সহযোগত এটা মছজিদৰ খিৰিকী আৰু টাইলচবোৰ ভাঙি পেলাইছিল। এইদৰেই তেওঁৰ মনত হিন্দুত্ববাদী চিন্তা চেতনাই গঢ় লৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top