ৰাজীৱ গান্ধী জীৱনী | Rajiv Gandhi Biography

ৰাজীৱ গান্ধী | Rajiv Gandhi Essay in Assamese | Biography of Rajiv Gandhi in Assamese | ৰাজীৱ গান্ধী বিষয়ে জীৱনী | ৰাজীৱ গান্ধী বিষয়ে ৰচনা | ৰাজীৱ গান্ধীৰ চমু পৰিচয়।

Join Telegram channel

বিংশ শতিকাৰ শেষৰ ফালে ভাৰতৰ ৰাজনীতিত নিজৰ স্থিতি সবল ৰূপে পৰিগণিত কৰা এজন শক্তিশালী ৰাজনীতিবিদ হ’ল ৰাজীৱ গান্ধী। ৪২ বছৰ বয়সত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা ৰাজীৱ গান্ধীয়ে ভাৰতীয় ৰাজনীতিৰ লগতে বিশ্বৰ ৰাজনীতিতো প্ৰভাৱ বিস্তাৰ কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ ভাৰতক এক নতুন ৰূপ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে ৰাজীৱ গান্ধীক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰা হয়।

Rajiv Gandhi

ৰাজীৱ গান্ধী জীৱনী | Rajiv Gandhi Biography

নামৰাজীৱ গান্ধী (Rajiv Gandhi)
জন্ম চন২০ আগষ্ট, ১৯৪৪ চন
জন্ম স্থানমুম্বাই
পিতৃৰ নামফিৰোজ গান্ধী
মাতৃৰ নামইন্দিৰা গান্ধী
শিক্ষা১/ ৱেলহাম বয়ছ স্কুল, ডেৰাডুন
২/ ডুন স্কুল
৩/ ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ
৪/ ইম্পেৰিয়েল কলেজ, লণ্ডন
মৃত্যু২১ মে’, ১৯৯১ চন

স্বাধীনতাৰ আগৰে পৰা ভাৰতৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গান্ধী‌ পৰিয়াল তথা নেহৰুৰ পৰিয়ালে। উল্লেখ্য যে গান্ধী পৰিয়ালৰ পৰা তিনিজনকৈ ব্যক্তিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী আসনতো অধিষ্ঠিত হৈছে। এই পৰিয়ালৰে এগৰাকী বিশেষ ব্যক্তি হ’ল ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা ভাৰতৰ আটাইতকৈ কনিষ্ঠ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী।

১৯৪৪ চনৰ ২০ আগষ্টত মোম্বাইত জন্ম হৈছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা জৱাহৰলাল নেহৰুৰ জী-নাতি হ’ল ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ পিতৃৰ নাম হ’ল ফিৰোজ গান্ধী আৰু মাতৃৰ নাম হ’ল ইন্দিৰা গান্ধী। শৈশৱতে লাজকুৰীয়া আৰু অন্তৰ্মুখী স্বভাৱৰ হ’লেও ৰাজীৱ গান্ধী ডাঙৰ দীঘল হৈছিল এক ৰাজকীয় পৰিৱেশৰ মাজত।

শিৱ নিকেতনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ হ’লেও ৰাজীৱ গান্ধীয়ে দহ বছৰ বয়সৰৰ পৰা বডিং স্কুলতহে অধ্যয়ন কৰিছিল। ডেৰাডুন স্থিত ৱেলহাম বয়ছ স্কুলত অধ্যয়ন কৰা ৰাজীৱ গান্ধীয়ে পৰৱৰ্তী সময়ত ডুন স্কুলতো অধ্যয়ন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ৰাজীৱ গান্ধীয়ে কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ১৯৬২ চনৰ পৰা ১৯৬৫ চনলৈকে অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰে। কিন্তু এই শিক্ষা অন্ত নকৰাকৈয়ে ১৯৬৬ চনত লণ্ডনৰ ইম্পেৰিয়েল কলেজত মেকানিকেল বিভাগত অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰিছিল যদিও এই পাঠ্যক্ৰমো সমাপ্তি নকৰিলে।

সৰুৱে পৰা এক ৰাজনৈতিক বাতাবৰণৰ মাজত ডাঙৰ দীঘল হ’লেও প্ৰত্যক্ষ ৰাজনীতিৰ প্ৰতি আকৃষ্ট নাছিল ৰাজীৱ গান্ধী। যাৰ বাবে বিদেশত শিক্ষা গ্ৰহণ কৰি ১৯৬৬ চনত ভাৰতলৈ উভতি অহাৰ পিছৰ দিল্লীত পাইলটৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ১৯৭০ চনত ইণ্ডিয়ান এয়াৰলাইঞ্চত পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

উল্লেখ্য যে কেমব্ৰিজত অধ্যয়ন কৰি থকাৰ সময়তেই ৰাজীৱ গান্ধীৰ ইটালীৰ নিবাসী এণ্ট’নিয়া এলবিনা মাইন’ৰ লগত এটা আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। যাৰ পৰিপ্ৰেক্ষিতত ১৯৬৮ চনত এণ্ট’নিয়া এলবিনা মাইন’ৰ লগত ৰাজীৱ গান্ধী বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত এণ্ট’নিয়া এলবিনা মাইনে ভাৰতীয় নাগৰিকত্ব লোৱাৰ লগতে নিজৰ নাম সলনি কৰি ছোনীয়া গান্ধী কৰিছিল। তেওঁলোকৰ দুটা সন্তান আছে। পুত্ৰ সন্তানৰ নাম হ’ল ৰাহুল গান্ধী আৰু কন্যা সন্তানৰ নাম হ’ল প্ৰিয়ংকা গান্ধী।

ৰাজীৱ গান্ধী প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশৰ কথাটো এক আকস্মিক পৰিঘটনা আছিল। ১৯৮০ চনৰ ২৩ জুন তাৰিখে এক বিমান দুৰ্ঘটনাত ৰাজীৱ গান্ধীৰ ভাতৃ সঞ্জয় গান্ধীয়ে অপ্ৰত্যাশিত ভাৱে মৃত্যুক আকোঁৱালি লৈছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰাজীৱ গান্ধীয়ে কংগ্ৰেছ দলৰ বহু কেইজন সদস্যৰ প্ৰস্তাৱক সন্মান প্ৰদান কৰি ইন্দিৰা গান্ধীক সহায় কৰাৰ মানসিকতাৰে ৰাজনীতিত প্ৰৱেশ কৰিছিল। উল্লেখ্য যে ১৯৮১ চনৰ ৪ মে’ তাৰিখে ইন্দিৰা গান্ধীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ এখন বৈঠকত বসন্তদাদা পাটিলে ৰাজীৱ গান্ধীক আমেঠি সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ দিছিল। দলৰ আন সদস্যসকলেও পাটিলৰ এই প্ৰস্তাৱক সমৰ্থন জনোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজীৱ গান্ধীয়ে আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই লোক দলৰ প্ৰাৰ্থী শৰত যাদৱক পৰাস্ত কৰি লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে, ১৯৮১ চনৰ শেষৰ ফালে ৰাজীৱ গান্ধীয়ে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰিছিল।

অপাৰেচন ব্লু ষ্টাৰৰ পিছত ১৯৮৪ চনৰ ৩৯ অক্টোবৰ তাৰিখে ৰাজীৱ গান্ধীৰ মাতৃ তথা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আততায়ীৰ হাতত মৃত্যুক সাৱটি ল’ব লগীয়া হৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাসকলে ইন্দিৰা গান্ধীৰ যোগ্য উত্তৰসুৰী হিচাপে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ১৯৮৪ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনত সৰ্বাধিক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল কৰিছিল। উল্লেখ্য যে কংগ্ৰেছ দলে ৫৪২ খন আসনৰ ভিতৰত ৪১১ খন আসন লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৪ চনৰ ৩১ ডিচেম্বৰত ৪০ বছৰ বয়সত ভাৰতৰ আটাইতকৈ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ৰাজনীতিত একেবাৰে নতুন মুখ আছিল ৰাজীৱ গান্ধী। মাত্ৰ তিনিটা বছৰ সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল ৰাজীৱ গান্ধীয়ে।

প্ৰধানমন্ত্ৰী হিচাপে নিজৰ ৰাষ্ট্ৰ আৰু ইয়াৰ নাগৰিক সকলৰ বাবে ৰাজীৱ গান্ধীয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ সামৰ্থ্য অনুসৰি সকলো দায়িত্ব পালন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। ৰাজীৱ গান্ধীৰ একবিংশ শতিকাৰ এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিবৰ কাৰণে সকলো নাগৰিকে যাতে জীৱনৰ নিম্নতম প্ৰয়োজনীয়তা সমূহ খাদ্য, কাপোৰ আৰু আৱাসৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো নিশ্চিত কৰিব পাৰে তাৰ বাবে যত্ন কৰিছিল।

সমাজবাদী আদৰ্শত বিশ্বাসী ৰাজীৱ গান্ধীয়ে তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতেই ভাৰতত মিশ্ৰ অৰ্থনীতি ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰিছিল। ৰাজীৱ গান্ধীয়ে সামাজিক ন্যায়, দৰিদ্ৰতা দূৰীকৰণ, মহিলা সৱলীকৰণৰ, মহিলা শিক্ষা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পুঁজিবাদী গোলকীয় ব্যৱস্থাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও ৰাজীৱ গান্ধীয়ে প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ ভাৰতত আধুনিকীকৰণ সূচনাৰ কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছিল।

গুৰুত্বপূৰ্ণ কথা যে ৰাজীৱ গান্ধীয়ে দেশৰ অৰ্থনীতি উদাৰ কৰিবলৈ চেষ্টা কৰিছিল। ব্যক্তিগত উৎপাদন লাভজনক কৰি তুলিবলৈ তেওঁ নাগৰিকক প্ৰেৰণা তথা উৎসাহিত কৰিছিল। উল্লেখ্য যে, ঔদ্যোগিক উৎপাদন বৃদ্ধি কৰিবলৈ কৰ্পৰেট কোম্পানীবোৰক ৰাজসাহায্য প্ৰদান কৰিছিল। তেওঁ আশা কৰা কৰিছিল যে ই অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব আৰু বিনিয়োগৰ মানদণ্ড উন্নত কৰিব। 

১৯৮৬ চনত ৰাজীৱ গান্ধীয়ে সমগ্ৰ ভাৰতত উচ্চ শিক্ষা কাৰ্যসূচীৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰিছিল। উল্লেখ্য যে ১৯৮৬ চনত, জৱাহৰ নৱোদয় বিদ্যালয় প্ৰণালী প্ৰতিষ্ঠা কৰে, জৱাহৰ নৱোদয় বিদ্যালয় হ’ল কেন্দ্ৰীয় চৰকাৰ-আধাৰিত শিক্ষা প্ৰতিষ্ঠান আৰু ইয়াত গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক ছয়ৰ পৰা বাৰ শ্ৰেণীৰ পৰা বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান কৰা হয়।ইয়াৰ ওপৰিও তেওঁ গ্ৰাম্য অঞ্চলত টেলিফোন নেটৱৰ্ক বিকশিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত উত্তৰ-পূব ভাৰতত বিদ্ৰোহ পৰিমাণ বৃদ্ধি হৈছিল । মিজো নেচনেল ফ্ৰণ্টে মিজোৰামৰ বাবে স্বাধীনতা দাবী কৰিছিল। ১৯৮৭ চনত, গান্ধীয়ে এই সমস্যাটো সমাধান কৰি মিজোৰামক ভাৰতবৰ্ষৰ এখন অন্যতম স্বাধীন ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল।

Read Also: প্ৰতিভা দেৱী সিং পাটিল জীৱনী | Pratibha Devi Singh Patil Biography

ইয়াৰ ওপৰিও ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত অসমত বাংলাদেশী মুছলমানসকলৰ অবৈধ প্ৰব্ৰজনৰ‌ বাবে ছাত্ৰ সমাজৰ উদ্যোগত এক বৃহৎ ছাত্ৰ আন্দোলনৰ  আৰম্ভণি হৈছিল। কিন্তু ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তিত স্বাক্ষৰ কৰি এই আন্দোলনৰ পৰিসমাপ্তি ঘটাইছিল।

কিন্তু এইজন প্ৰভাৱশালী নেতাক ১৯৯১ চনৰ ২১ মে’ তাৰিখে আত্মঘাতী বোমা আক্ৰমণৰ দ্বাৰা হত্যা কৰে আততায়ীয়ে। উল্লেখ্য যে এই আত্মঘাতী বোমা আক্ৰমণৰ দ্বাৰা সংঘটিত কৰা এই হত্যাকাণ্ডত ৰাজীৱ গান্ধীৰ ওপৰিও আন ১৪ জন ব্যক্তিয়েও মৃত্যুক সাৱটি লয়। লোকসভা নিৰ্বাচনৰ বাবে তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা অৱস্থাত সংঘটিত হৈছিল এই হত্যাকাণ্ড। দৃঢ় মনৰ, শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী ৰাজীৱ গান্ধীৰ এনে দুখজনক মৃত্যু ভাৰতৰ জনসাধাৰণৰ বাবে দুৰ্ভাগ্যজনক। সমাজতান্ত্ৰিক ভাবধাৰাৰে ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ প্ৰতি আস্থা ৰাখি ৰাজীৱ গান্ধীয়ে ‌ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FAQ

১) ৰাজীৱ গান্ধীৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- ৰাজীৱ গান্ধীৰ পিতৃৰ নাম হ’ল ফিৰোজ গান্ধী আৰু মাতৃৰ নাম হ’ল ইন্দিৰা গান্ধী।

২) ৰাজীৱ গান্ধীয়ে কিদৰে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল?

উত্তৰ- ১৯৮০ চনৰ ২৩ জুন তাৰিখে এক বিমান দুৰ্ঘটনাত ৰাজীৱ গান্ধীৰ ভাতৃ সঞ্জয় গান্ধীয়ে অপ্ৰত্যাশিত ভাৱে মৃত্যুক আকোঁৱালি লোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজীৱ গান্ধীয়ে কংগ্ৰেছ দলৰ বহু কেইজন সদস্যৰ প্ৰস্তাৱক সন্মান প্ৰদান কৰি ইন্দিৰা গান্ধীক সহায় কৰাৰ মানসিকতাৰে ৰাজনীতিত প্ৰৱেশ কৰিছিল।আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

৩) প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভাৰতৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী কোন?

উত্তৰ- ১৯৮৪ চনৰ ৩১ ডিচেম্বৰত ৪০ বছৰ বয়সত ৰাজীৱ গান্ধীয়ে ভাৰতৰ আটাইতকৈ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

৪) ৰাজীৱ গান্ধীয়ে কিদৰে মৃত্যুক সাৱটি লৈছিল?

উত্তৰ- ১৯৯১ চনৰ ২১ মে’ তাৰিখে লোকসভা নিৰ্বাচনৰ বাবে তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা অৱস্থাত আত্মঘাতী বোমা আক্ৰমণত মৃত্যুক সাৱটি লৈছিল ৰাজীৱ গান্ধীয়ে।

৫) অসমত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ সমস্যাক কিদৰে অন্ত পেলাইছিল ৰাজীৱ গান্ধীয়ে?

উত্তৰ- ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত অসমত বাংলাদেশী মুছলমানসকলৰ অবৈধ প্ৰব্ৰজনৰ‌ বাবে ছাত্ৰ সমাজৰ উদ্যোগত এক বৃহৎ ছাত্ৰ আন্দোলনৰ  আৰম্ভণি হৈছিল আৰু ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তিত স্বাক্ষৰ কৰি এই আন্দোলনৰ পৰিসমাপ্তি ঘটাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top