প্ৰতিভা দেৱী সিং পাটিল জীৱনী | Pratibha Devi Singh Patil Biography

প্ৰতিভা দেৱী সিং পাটিল | Pratibha Devi Singh Patil Essay in Assamese | Biography of Pratibha Devi Singh Patil in Assamese | প্ৰতিভা দেৱী সিং পাটিল বিষয়ে জীৱনী | প্ৰতিভা দেৱী সিং পাটিল বিষয়ে ৰচনা | প্ৰতিভা দেৱী সিং পাটিলৰ চমু পৰিচয়।

Join Telegram channel

ৰাষ্ট্ৰ এখনৰ অন্যতম সংগঠক তথা চালিকা শক্তি হ’ল নাৰী সকল। নাৰী সকল হ’ল আৰ্থ-সামাজিক উন্নয়ন আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰো এক নিৰ্ণায়ক শক্তি। বৰ্তমান সময়ৰ এটা প্ৰাসংগিক বিষয় হৈছে সংসদীয় ৰাজনীতিত মহিলা সকলৰ অংশগ্ৰহণ। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ অংশ হিচাপেই বহু নাৰীয়ে সংসদীয় ৰাজনীতিত সক্ৰীয় অংশগ্ৰহণ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভাৱে প্ৰভাৱ বিস্তাৰ কৰা এগৰাকী সবল নাৰী হ’ল প্ৰতিভা দেৱী সিং পাটিল।

গুৰুত্বপূৰ্ণ কথা যে, প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম গৰাকী বৰ্তমানলৈকে নিৰ্বাচিত হোৱা ভাৰতৰ একমাত্ৰ মহিলা ৰাষ্ট্ৰপতি। ২০০৭ চনৰ ২৫ জুলাইত ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল প্ৰতিভা পাটিলে। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকালত নাগৰিকসকলৰ কল্যাণৰ বাবে কৰ্ম সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ওপৰিও মহিলাৰ সৱলীকৰণ, আধুনিক শিক্ষা আৰু ৰাষ্ট্ৰৰ সামগ্ৰিক বিকাশৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰি কাম কৰাৰ প্ৰয়াস কৰিছিল প্ৰতিভা দেৱী সিং পাটিলে। ভাৰতৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰতিভা দেৱী সিং পাটিল ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা কথাটো আছিল মহিলা সবলীকৰণৰ ক্ষেত্ৰত ইতিবাচক বাৰ্তা।

Pratibha Devi Singh Patil

প্ৰতিভা দেৱী সিং পাটিল জীৱনী | Pratibha Devi Singh Patil Biography

নামপ্ৰতিভা দেৱী সিং পাটিল (Pratibha Devi Singh Patil)
জন্ম চন১৯ ডিচেম্বৰ, ১৯৩৪ চন
জন্ম স্থাননাদগাওঁ, জলগাওঁ জিলা, মহাৰাষ্ট্ৰ
পিতৃৰ নামনাৰায়ণ পাটিল
শিক্ষা১) আৰ আৰ বিদ্যালয়, জলগাওঁ জিলা
২) মুলজি জেঠা মহাবিদ্যালয় (পুনে বিশ্ববিদ্যালয় অন্তৰ্গত)
৩) চৰকাৰী আইন মহাবিদ্যালয়( মুম্বাই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত)

ৰাষ্ট্ৰীয় ৰাজনীতিত এক সুকীয়া স্থান দখল কৰা প্ৰতিভা দেৱী সিং পাটিলৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১৯ ডিচেম্বৰ তাৰিখে মহাৰাষ্ট্ৰৰ জলগাওঁ জিলাৰ নাদগাওঁত। তেওঁৰ পিতৃৰ নাম হ’ল- নাৰায়ণ পাটিল। উল্লেখ্য যে নাৰায়ণ পাটিল আছিল এজন ৰাজনৈতিক ভাৱে সক্ৰীয় ব্যক্তি। তেওঁ আঞ্চলিক ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

প্ৰতিভা দেৱী সিং পাটিলে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল মহাৰাষ্ট্ৰৰ জলগাওঁ জিলাৰ আৰ আৰ বিদ্যালয়ত। ইয়াৰ পৰৱৰ্তী সময়ত সেই সময়ত পুনে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত জলগাঁওস্থিত মুলজি জেঠা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে প্ৰতিভা দেৱী সিং পাটিলে। উল্লেখ্য যে ১৯৬২ চনত মুলজি জেঠা মহাবিদ্যালয়ৰ পৰা ‘কলেজ কুইন’ৰ খিতাপ দখল কৰিছিল প্ৰতিভা দেৱী সিং পাটিলে।

স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰাৰ পিছত বোম্বাই বিশ্ববিদ্যালয় তথা বৰ্তমান মুম্বাই বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী আইন মহাবিদ্যালয়, মুম্বাইৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে প্ৰতিভা দেৱী সিং পাটিলে। গুৰুত্বপূৰ্ণ কথা যে, মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত প্ৰতিভা পাটিলে অধ্যয়নৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰখনতো নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। টেবুল টেনিছত ভাল প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ইন্টাৰ কলেজ টুৰ্নামেন্টতো জয় লাভ কৰিছিল তেওঁ।  

আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত প্ৰতিভা দেৱী সিং পাটিলে জলগাওঁ জিলা আদালতত অনুশীলনৰ জৰিয়তে বৃত্তিগত জীৱনৰ পাতনি মেলে। গুৰুত্বপূৰ্ণ কথা যে অধিবক্তা হিচাপে বৃত্তিগত জীৱন আৰম্ভ কৰাৰ পৰাই প্ৰতিভা দেৱী সিং পাটিলে সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰাৰ সমান্তৰালকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈ দৰিদ্ৰ মহিলা সকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক তথা আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈছিল তেওঁ।

সমাজ প্ৰিয় মনৰ অধিকাৰী প্ৰতিভা দেৱী সিং পাটিলে খুব কম বয়সত অৰ্থাৎ ২৭ বছৰ বয়সতে সক্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৬২ চনত জলগাওঁ বিধানসভা সমষ্টিৰ পৰা বিধানসভাৰ কনিষ্ঠতম সদস্য হিচাপে মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰতিভা দেৱী সিং পাটিল। সীমিত অভিজ্ঞতাৰে সমষ্টিৰ প্ৰতিটো সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰাৰ বাবে প্ৰতিভা দেৱী সিং পাটিল তেওঁ সমষ্টিবাসী তথা গৃহ ৰাজ্যত “Tai” হিচাপে পৰিচিত হৈছিল। মাৰাঠী ভাষাত “Tai” শব্দৰ অৰ্থ হ’ল ডাঙৰ ভগ্নী।

প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত ১৯৬৭ চনৰ পৰা ১৯৮৫ চনলৈকে  একেৰাহে চাৰিবাৰ মুক্তায় নগৰ (পূৰ্বতে এডলাবাদ) সমষ্টিত জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰতিভা দেৱী সিং পাটিল। গুৰুত্বপূৰ্ণ কথা যে এই সময়ছোৱাত প্ৰতিভা দেৱী সিং পাটিলে মহাৰাষ্ট্ৰ চৰকাৰৰ বিভিন্ন দপ্তৰৰ দায়িত্ব পালন কৰিছিল। 

১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ বিধায়ক হিচাপে তেওঁৰ দ্বিতীয় কাৰ্যকালত প্ৰতিভা দেৱী সিং পাটিলক জনস্বাস্থ্য, পৰ্যটন, গৃহ, সংসদীয় পৰিক্ৰমা আৰু সমাজ কল্যাণ বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছিল।

বিধায়ক হিচাপে তৃতীয় কাৰ্যকালত ১৯৭২ চনৰ পৰা ১৯৭৬ চনলৈকে প্ৰতিভা পাটিলে কেবিনেট মন্ত্ৰীৰ দায়িত্ব লৈ  সমাজ কল্যাণ, জনস্বাস্থ্য, পুনৰ্সংস্থাপন আৰু সাংস্কৃতিক পৰিক্ৰমা, শিক্ষাৰ দপ্তৰৰ মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে এই সময়ছোৱাত তেওঁ বিত্তীয় স্বাধীনতা আৰু শিক্ষাৰ জৰিয়তে মহিলাৰ উন্নতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯৭৮ চনত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে মহাৰাষ্ট্ৰত পৰাজয় বৰণ কৰিছিল। এই সময়চোৱাত কংগ্ৰেছ দলে বিৰোধী দলৰ দায়িত্ব পালন কৰিছিল আৰু প্ৰতিভা দেৱী সিং পাটিলে বিৰোধী দলৰ নেতৃত্ব বহন কৰিছিল। বিৰোধী দলৰ নেত্ৰী হিচাপে প্ৰতিভা পাটিলে চৰকাৰৰ নীতিসমূহ পৰ্যাপ্তভাৱে পৰীক্ষা, মূল্যাংকন আৰু সমালোচনা কৰাৰ লগতে বিধানসভাৰ বিভিন্ন বিতৰ্কটো অংশগ্ৰহণ কৰিছিল তেওঁ।

১৯৮০ চনত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে পুনৰ ক্ষমতালৈ আহিছিল। আৰু প্ৰতিভা দেৱী সিং পাটিলে ১৯৮৫ চনলৈকে নগৰ উন্নয়ন, অসামৰিক আৰু যোগান বিভাগৰ মন্ত্ৰী হিচাপে ১৯৮৫ চনলৈকে দায়িত্ব পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে ১৯৮৫ চনত প্ৰতিভা দেৱী সিং পাটিলে ৰাজ্যৰ ৰাজনীতিৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি থৈছিল। তেওঁ ১৯৮৬ চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ১৯৮৬ চনৰ পৰা ১৯৮৮ চনৰ এই সময়চোৱাত ৰাজ্যসভাৰ উপাধ্যক্ষ আৰু বিশেষাধিকাৰ সমিতিৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ ব্যৱসায় উপদেষ্টা সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে মহাৰাষ্ট্ৰৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। 

দশম লোকসভা নিৰ্বাচনত ১৯৯১ চনত প্ৰতিভা দেৱী সিং পাটিল অমৰাৱতী সমষ্টিৰ পৰা লোকসভাৰ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ লগতে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে লোকসভাৰ গৃহ সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। এক দীঘলীয়া সময় ৰাজ্য তথা ৰাষ্ট্ৰীয় ৰাজনীতিত  সক্ৰীয় অংশগ্ৰহণ কৰা প্ৰতিভা দেৱী সিং পাটিলে কিছু সাময়িক সময় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ২০০৪ চনৰ ৮ নৱেম্বৰত প্ৰথম মহিলা ৰাজ্যপাল হিচাপে তথা ২৪ তম ৰাজস্থানৰ ৰাজ্যপাল হিচাপে মনোনীত হয় আৰু ২০০৭ চনলৈকে দায়িত্ব পালন কৰে।

Read Also: পি ভি নৰসিংহ ৰাও জীৱনী | P. V. Narasimha Rao Biography

এক সুদীৰ্ঘ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ পিছত ২০০৭ চনৰ ২৫ জুলাইত প্ৰতিভা দেৱী সিং পাটিলে তেওঁৰ প্ৰতিদ্বন্দী ভৈৰোঁ সিং শ্বেখাৱতক ৩,০০,০০০ তকৈও অধিক ভোটত পৰাস্ত কৰি দ্বাদশ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ কথা মহিলা তৃণমূল পৰ্য্যায়ৰ পৰা সমাজৰ গাঁথনি সবল কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা পাটিলে অৰ্থনৈতিক বিকাশৰ বাবে  সমাজৰ প্ৰতিটো শ্ৰেণী – বিশেষকৈ দুৰ্বল আৰু সুবিধাবঞ্চিত – উন্নয়ন প্ৰক্ৰিয়াৰ সমান অংশীদাৰ আৰু হিতাধিকাৰী বনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ ওপৰিও আধুনিক শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল প্ৰতিভা দেৱী সিং পাটিলে। মহিলা সবলীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা প্ৰতিভা পাটিলে বিশ্বাস কৰিছিল ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে মহিলা সবলীকৰণ এটা অতি গুৰুত্বপূৰ্ণ বিষয়।

গুৰুত্বপূৰ্ণ কথা যে মহিলা শিশু সকলৰ প্ৰগতিৰ বাবে বিভিন্ন প্ৰতিষ্ঠান স্থাপন কৰিছিল প্ৰতিভা পাটিলে। তেওঁ মুম্বাই আৰু দিল্লীত কৰ্মৰত মহিলাসকলৰ বাবে হোষ্টেল স্থাপন কৰিছিল, গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে জলগাঁৱত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, ইয়াৰ ওপৰিও তেওঁ শ্ৰম সাধনা ট্ৰাষ্ট গঠন কৰাৰ ওপৰিও মহিলাসকলৰ উন্নতিৰ বাবে কেইবাটাও কল্যাণমূলক কাৰ্যকলাপত জড়িত আছিল।

গুৰুত্বপূৰ্ণ কথা যে প্ৰতিভা দেৱী সিং পাটিলে প্ৰতিভা মহিলা সহকাৰী বেংক নামৰে এটা সমবায় বেংক প্ৰতিষ্ঠা কৰিছিল, অৱশ্যে পৰৱৰ্তী সময়ত বিভিন্ন কাৰণবশতঃ ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এই বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। ইয়াৰ ওপৰিও প্ৰতিভা পাটিলে মুক্তায়নগৰত চান্ট মুক্তাবাই সহকাৰী শাখাৰ কাৰখানা নামেৰে এটা সযবায় শ্ৰেণী কাৰাখানাও প্ৰতিষ্ঠা কৰিছিল।

সংসদীয় পৰিক্ৰমাৰ সমান্তৰালকৈ প্ৰতিভা দেৱী সিং পাটিল বিভিন্ন সামাজিক সৈতেও জড়িত হৈ আছিল। তেওঁ ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈকে মহাৰাষ্ট্ৰ ৰাজ্যিক জল প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও প্ৰতিভা দেৱী সিং পাটিল ৰাষ্ট্ৰীয় নগৰ সমবায় বেংক আৰু ক্ৰেডিট চ’চাইটি ফেডাৰেচনৰ সঞ্চালক আৰু উপাধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ লগতে ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় সংঘৰ পৰিচালনা পৰিষদৰ সদস্য আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ২০-দফা কাৰ্যসূচী ৰূপায়ণ সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰতিভা দেৱী সিং পাটিলে মহাৰাষ্ট্ৰৰ অমৰাৱতীত দৰিদ্ৰ আৰু দৰিদ্ৰ মহিলাসকলৰ বাবে সংগীত, কম্পিউটাৰ আৰু চিলাই মেচিনৰ ওপৰত জ্ঞান দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও জলগাঁও জিলাত মহিলা গৃহৰক্ষী বাহিনী গঠন কৰিছিল তেওঁ।

প্ৰতিভা দেৱী সিং পাটিলে  আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো  ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ Nairobi আৰু at Puerto Rico অনুষ্ঠিত  আন্তৰ্জাতিক সমাজ কল্যাণ পৰিষদৰ সন্মিলনত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল।  ইয়াৰ ওপৰিও ১৯৮৫ চনত বুলগেৰিয়ালৈ যোৱা এআইচিচি(আই)ৰ প্ৰতিনিধি দলৰ সদস্য আছিল প্ৰতিভা দেৱী সিং পাটিল।  ১৯৮৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা কমনৱেলথ প্ৰিজাইডিং অফিচাৰ সন্মিলনতো অংশগ্ৰহণ কৰিছিল তেওঁ।

প্ৰতিভা দেৱী সিং পাটিল হ’ল মহিলা সবলীকৰণৰ এটা উদাহৰণ। ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্থিতি সবল কৰি তেওঁ ভৱিষ্যত প্ৰজন্ম তথা নাৰীসমাজলৈ এটা বাট কাটি থৈ গৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top