Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Solutions can be of great value to excel in the examination.

Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks Solutions. Assam Board Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Notes provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Chapter – 4

প্রথম ভাগ: ভূগোল
অনুশীলনী

১। সম্পদ হিচাপে গণ্য কৰিবলৈ হ’লে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্রয়োজন?

(ক) কার্যকাৰিতা।

(খ) উপযোগিতা।

(গ) গতিশীলতা।

(ঘ) ক , খ আৰু গ তিনিওটা।

উত্তৰঃ (ঘ) ক, খ আৰু গ তিনিওটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। অসমৰ কোন স্থানত প্ৰথমতে কয়লা (ক’লা হীৰা) আৱিস্কাৰ হৈছিল?

(ক) নাহৰকটীয়া।

(খ) মাৰ্ঘেৰিটা।

(গ) লিডু।

(ঘ) মাকুম।

উত্তৰঃ (ঘ) মাকুম।

৩। অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা যায়?

(ক) ১৮২২ চনত।

(খ) ১৮৮৪ চনত।

(গ) ১৯০১ চনত।

(ঘ) ১৯৮৯ চনত।

উত্তৰঃ (ক) ১৮২২ চনত।

৪। ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয়?

(ক) ২৭ শতাংশ।

(খ) ৩৪ শতাংশ।

(গ) ২২ শতাংশ।

(ঘ) ১৭ শতাংশ।

উত্তৰঃ (ঘ) ১৭ শতাংশ।

৫। তলৰ কোনটো শোধানাগাৰলৈ অসমত উৎপাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই—

(ক) নুনমাটি।

(খ) হালদিয়া।

(গ) মথুৰা।

(ঘ) বাৰাউনী।

উত্তৰঃ (গ) মথুৰা।

৬। প্রাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে?

(ক) ৮৯ শতাংশ।

(খ) ১-১.৭ শতাংশ।

(গ) ২-২.৪ শতাংশ।

(ঘ) ৮০-৯০ শতাংশ।

উত্তৰঃ (ক) ৮০-৯০ শতাংশ।

৭। উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বনাবৃত?

(ক) ১৭ শতাংশ।

(খ) ২১ শতাংশ।

(গ) ২৭ শতাংশ।

(ঘ) ৩৭ শতাংশ।

উত্তৰঃ (খ) ২১ শতাংশ।

৮। অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোন কেইটা প্রধান প্রকল্পই ব্যৱহাৰ কৰে?

উত্তৰঃ অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ OIL, ONGC, BRPL আদি প্রধান প্রকল্পই ব্যৱহাৰ কৰে।

৯। অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম লিখা।

উত্তৰঃ অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম হ’ল—

(i) ডিলাই।

(ii) কইলাজান।

(iii) শিলভেটা।

(iv) ছৈনিলাংছ।

(v) উমৰাংছ।

১০। ১৯৯৩ চনত “বিশ্ব শীর্ষ সম্মিলন” কোন চহৰত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ১৯৯৩ চনৰ “বিশ্ব শীর্ষ সন্মিলন” “ৰিও ডি-জেনিৰিও” চহৰত অনুষ্ঠিত হৈছিল।

১১। একমাত্র অসমত উপলব্ধ দুষ্প্রাপ্য আৰু লুপ্তপ্রায় কোন দুবিধ প্ৰাণীক ৰাষ্ট্ৰসংঘই ‘দুষ্প্রাপ্য আৰু বিপদাপন্ন প্রাণী’ হিচাপে ৰঙা তথ্য তালিকাত অন্তৰ্ভূক্ত কৰিছে?

উত্তৰঃ একমাত্র অসমত উপলব্ধ দুষ্প্রাপ্য আৰু লুপ্তপ্রায় নল গাহৰি আৰু সুগৰি এই দুবিধ প্ৰাণীক ৰাষ্ট্ৰসংঘই ‘দুষ্প্রাপ্য আৰু বিপদাপন্ন প্রাণী’ হিচাপে ৰঙা তথ্য তালিকাত অন্তর্ভূক্ত কৰিছে। 

১২। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? 

উত্তৰঃ অসমত বৰ্তমান পাঁচখন খন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। 

১৩। চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ চলন্ত শিল্পৰ এটা উদাহৰণ হ’ল- ‘ডায়মণ্ড’ শিল্প। 

১৪। মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা কি কি? 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা হ’ল— 

(i) সমতা।

(ii) উৎপাদন।

(iii) স্থায়িত্ব।

(iv) অধিকাৰ।

১৫। অসমত গ্ৰীষ্মকালৰ তিনিটা মাহত ৰাস্তা আৰু ৰে’লপথ ক্ষতিগ্রস্ত কৰা খনন দুবিধৰ নাম লিখা।

উত্তৰঃ অসমত গ্ৰীষ্মকালৰ তিনিটা মাহত ৰাস্তা আৰু ৰে’লপথ ক্ষতিগ্রস্ত কৰা খনন দুবিধৰ নাম হ’ল― লোৰ খনন আৰু পৃষ্ঠীয় খনন।

১৬। ৰছীপথ পৰিবহন অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত?

উত্তৰঃ ৰছীপথ পৰিবহন অসমৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দুখন ঠাইৰ মাজত প্ৰচলিত।

১৭। কোঁচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাঁই-কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ কোঁচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাঁই-কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম হ’ল― কোচ-বিহাৰ আৰু নাৰায়ণপুৰ (লখিমপুৰ)।

১৮। ৪০ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথে (NH40) কোন দুখন ঠাই সংলগ্ন কৰিছে? 

উত্তৰঃ ৪০ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথে (NH40) গুৱাহাটী আৰু শ্বিলং এই দুখন ঠাই সংলগ্ন কৰিছে।

১৯। অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব ৩০ টা মান শব্দৰ ভিতৰত লিখা।

উত্তৰঃ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বান নিয়ন্ত্ৰণ, ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱাৰ ক্ষেত্ৰত অসমৰ জলাশয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখযোগ্য যে এই অঞ্চলৰ জলাশয়সমূহ পৰিভ্ৰমী চৰাইৰ বাবে অতি গুৰুত্বপূৰ্ণ, যাৰ বাবে সংৰক্ষণৰ দৃষ্টিকোণৰ পৰা ইহঁত উল্লেখযোগ্য। আর্দ্রভূমিবোৰ অসংখ্য উভচৰী জীৱৰ আবাসভূমি। নদী-বিল-খালবোৰৰ অধিকাংশৰেই আবাসী আলংকাৰিক মাছৰ চাহিদা অধিক হোৱা হেতুকে ব্যৱসায়িক মূল্য যথেষ্ট।

২০। Silk Route আৰু Steel-Well-Route ৰ বিষয়ে ৫০/৬০ টা মান শব্দত বর্ণনা কৰা।

উত্তৰঃ Silk Route আছিল এছিয়া, ইউৰোপ আৰু আফ্ৰিকাক সংযোগ কৰা এক প্ৰাচীন বাণিজ্যিক নেটৱৰ্ক, যিয়ে চীন, ভাৰত, পাৰস্য, ৰোমৰ দৰে সভ্যতাৰ মাজত ৰেচম, মছলা আৰু সাংস্কৃতিক ধাৰণাসমূহৰ আদান-প্ৰদানৰ সুবিধা কৰি দিছিল।

Steel-Well-Route হৈছে বিশেষকৈ চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ত ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক আধুনিক ধাৰণা, য’ত তীখা উৎপাদন, শক্তি সম্পদ আৰু অৰ্থনৈতিক সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

২১। অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ ৫ টা কাৰকৰ বিষয়ে লিখা।

উত্তৰঃ অসমৰ ঔদ্যোগিক অনগ্ৰসৰতা পাঁচটা কৰক হ’ল―

(i) দুৰ্বল আন্তঃগাঁথনি: সঠিক পথ, ৰে’লপথ, আৰু বিদ্যুৎ যোগানৰ অভাৱে ঔদ্যোগিক বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।

(ii) বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগ: সঘনাই বানপানীয়ে উদ্যোগসমূহত ব্যাঘাত সৃষ্টি কৰে আৰু বিনিয়োগক বাধা দিয়ে।

(iii) মূলধন আৰু বিনিয়োগৰ অভাৱ: সীমিত বিত্তীয় সম্পদ আৰু বিনিয়োগকাৰীৰ কম আস্থাই ঔদ্যোগিক সম্প্ৰসাৰণত বাধা আৰোপ কৰে।

(iv) পৰিবহণ আৰু সংযোগৰ সমস্যা: অসমৰ দূৰৱৰ্তী অৱস্থান আৰু কঠিন ভূখণ্ডই বাণিজ্য আৰু কেঁচামালৰ চলাচলত বাধাৰ সৃষ্টি কৰে।

(v) ৰাজনৈতিক অস্থিৰতা: নীতিগত অনিশ্চয়তা আৰু প্ৰশাসনিক বাধাই ঔদ্যোগিক বিকাশৰ গতি লেহেমীয়া কৰে।

২২। কাঁহ আৰু পিতলৰ শিল্পৰ ৫ টা সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ কাঁহ আৰু পিতলৰ শিল্পৰ পাঁচটা সমস্যা হ’ল—

(i) কাঁহ আৰু পিতলৰ শিল্পৰ বজাৰত কেঁচামালৰ নাটনি দেখা যায়।

(ii) কাঁহ আৰু পিতল শিল্পৰ ব্যৱসায় বর্তমান স্থানীয় লোকৰ হাতত কম, বহিৰাগত ব্যৱসায়ীৰ হাতত দেখা যায়।

(iii) কিছুমান অসাধু ব্যৱসায়ী চক্রই কেঁচামালৰ মূল্য নিজৰ ইচ্ছানুযায়ী নিৰ্ধাৰণ কৰে।

(iv) অসাধু ব্যৱসায়ী চক্ৰৰ ক্ষেত্ৰত বিভাগীয় মূৰব্বী সকলো নিমাত হৈ থকা দেখা যায়।

(v) ইয়াৰ উপৰিও মেচিনে তৈয়াৰী সস্তীয়া, চিকচিকীয়া কিন্তু পাতল সামগ্ৰীয়ে মুৰাদাবাদ আদিৰ পৰা আহি অসমৰ বজাৰ ভৰি পূৰ্ণকৰি তুলিছে।

1 thought on “Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top