পি ভি নৰসিংহ ৰাও জীৱনী | P. V. Narasimha Rao Biography

পি ভি নৰসিংহ ৰাও | P. V. Narasimha Rao Essay in Assamese | Biography of P. V. Narasimha Rao in Assamese | পি ভি নৰসিংহ ৰাও বিষয়ে জীৱনী | পি ভি নৰসিংহ ৰাও বিষয়ে ৰচনা | পি ভি নৰসিংহ ৰাওৰ চমু পৰিচয়।

Join Telegram channel

ভাৰত গণৰাজ্যৰ দশম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও হ’ল এজন দক্ষ ৰাজনীতিজ্ঞ। ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশক উন্নতিৰ শিখৰত প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল নৰসিংহ ৰাওৱে। তেওঁ জনসাধাৰণৰ মাজত পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাওৰ পৰিৱৰ্তে পি ভি নৰসিংহ ৰাও হিচাপে পৰিচিত আছিল। ভাৰতত এক বৃহৎ অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ হাতত লৈছিল পি ভি নৰসিংহ ৰাওৱে। 

P. V. Narasimha Rao

পি ভি নৰসিংহ ৰাও জীৱনী | P. V. Narasimha Rao Biography

নামপি ভি নৰসিংহ ৰাও (P. V. Narasimha Rao)
প্ৰকৃত নামপামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও
জন্ম চন২৮ জুন, ১৯২১ চন
জন্ম স্থানভাংগাৰা গাওঁ, ভীমদেৱৰপল্লে মহকুমা, কৰিমনগৰ জিলা, অন্ধ্ৰ প্ৰদেশ
পিতৃৰ নামপি ভি ৰংগা ৰাও
মাতৃৰ নামপামুলাপাৰ্তি ৰুক্মিণী
শিক্ষা১) ওচমানিয়া বিশ্ববিদ্যালয়, 
২) বোম্বে বিশ্ববিদ্যালয়
৩) নাগপুৰ বিশ্ববিদ্যালয়ত
মৃত্যু২৩ ডিচেম্বৰ, ২০০৪ চন

ভাৰতৰ দৰে এখন উন্নয়নশীল দেশত নতুন দিগন্ত সূচনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা

পি ভি নৰসিংহ ৰাওৰ জন্ম হৈছিল ১৯২১ চনৰ ২৮ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ ভাংগাৰা গাঁৱত। এটা‌ তেলেগু ব্ৰাক্ষ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা পি ভি নৰসিংহ ৰাওৰ পিতৃৰ নাম হ’ল – পি ভি ৰংগা ৰাও আৰু মাতৃৰ নাম হ’ল – পামুলাপাৰ্তি ৰুক্মিণী। 

পি ভি নৰসিংহ ৰাওৱে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল কৰিমনগৰ জিলাৰ অন্তৰ্গত ভীমদেৱৰপল্লে মহকুমাৰ কাটকুৰু গাঁৱত এজন আত্মীয়ৰ তত্বাৱধানত। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ হায়দৰাবাদত অৱস্থিত ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত বোম্বে বিশ্ববিদ্যালয় আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।

সৰুৱে পৰা তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰ পি ভি নৰসিংহ ৰাওৰ ভাষিক দক্ষতা আছিল অসাধাৰণ। মাতৃভাষা তেলেগু হ’লেও তেওঁ দহটা ভাৰতীয় ভাষাৰ সমান্তৰালকৈ ছটা বিদেশী ভাষা আয়ত্ত কৰিছিল। উল্লেখ্য যে তেওঁ উৰ্দু, মাৰাঠী, কানাড়া, হিন্দী, তামিল, সংস্কৃত, উড়িয়া ইত্যাদি ভাষাত আছিল প্ৰচুৰ দখল। ইয়াৰ ওপৰিও বিদেশী ভাষা ফাৰ্চী, স্পেনিছ, জাৰ্মান, ফৰাচী, ইংৰাজী আৰু আৰবী ভাষাৰ ওপৰতো আছিল অধিক দখল। বিভিন্ন ভাষাৰ ওপৰত অধিক দখল থকাৰ কাৰণে বিভিন্ন অঞ্চলৰ ভিন্ন ভাষাৰ জনসাধাৰণৰ লগত অতি সহজে সম্পৰ্ক স্থাপন কৰিব পাৰিছিল পি ভি নৰসিংহ ৰাওৱে। ইয়াৰ বাবে জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল তেওঁ। উল্লেখ্য যে, পি ভি নৰসিংহ ৰাওৱে তেওঁৰ সম্পৰ্কীয় পামুলাপাৰ্তি সদাশিৱ ৰাওৰ ১৯৪৮ চনৰ পৰা ১৯৫৫ চনলৈ Kakatiya Patrika নামৰ এখন তেলেগু সাপ্তাহিক আলোচনী সম্পাদনা কৰিছিল।

সমাজৰ বাবে দায়বদ্ধ পি ভি নৰসিংহ ৰাওৱে ১৯৩০ চনৰ প্ৰাৰম্ভণিতে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। 

১৯৩০ চনত হায়দৰাবাদত সূচনা হোৱা বন্দে মাতৰম আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সবল ভাৱে মাত মতাৰ বাবে ব্ৰিটিছ চৰকাৰে বহু কেইবাৰ গ্ৰেপ্তাৰ কৰিছিল নৰসিংহ ৰাওক। উল্লেখ্য যে বিভিন্ন ভাষাৰ ওপৰত দখল থকাৰ বাবে ভি পি নৰসিংহ ৰাওৱে ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তোলাত বিশেষ ভাৱে সফলতা লাভ কৰিছিল।

ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত পি ভি নৰসিংহ ৰাওৱে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ পৰিছিল। উল্লেখ্য যে ১৯৫৭ চনৰ পৰা ১৯৭৭ চনলৈকে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক বিধানসভাত নিৰ্বাচিত প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে ১৯৭১ চনত তেওঁ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰি ১৯৭৩ চনলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। গুৰুত্বপূৰ্ণ কথা যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ আগতে ৰাজ্যখনৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল পি ভি নৰসিংহ ৰাওৱে। পি ভি নৰসিংহ ৰাওৱে ১৯৬২চনৰ পৰা ১৯৬৪ চনলৈকে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ আইন আৰু তথ্য মন্ত্ৰী, ১৯৬৪ চনৰ পৰা পৰা ১৯৬৭ চনলৈকে আইন মন্ত্ৰী, স্বাস্থ্য আৰু চিকিৎসা মন্ত্ৰী হিচাপে ১৯৬৭ চনত আৰু শিক্ষা মন্ত্ৰী হিচাপে ১৯৬৮ চনৰ পৰা ১৯৭১চনলৈকে শিক্ষা মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

ইয়াৰ ওপৰিও পি ভি নৰসিংহ ৰাওৱে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সচিব হিচাপে ১৯৭৫ চনৰ পৰা ১৯৭৬ চনলৈকে, অন্ধ্ৰ প্ৰদেশৰ তেলেগু একাডেমীৰ অধ্যক্ষ হিচাপে ১৯৬৮ চনৰ পৰা ১৯৭৪ চনলৈকে দায়িত্ব পালন কৰাৰ লগতে মাদ্ৰাছৰ দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰিছিল ১৯৭২ চনৰ পৰা।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে হিচাপে তেওঁ ভূমি সংস্কাৰ আৰু ভূমি চিলিং আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ ওপৰিও তেওঁৰ কাৰ্যকালত নিম্ন বৰ্ণৰ লোকসকলেও যাতে ৰাজনীতিত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবেও পদক্ষেপ হাতত লৈছিল নৰসিংহ ৰাওৱে। গুৰুত্বপূৰ্ণ কথা পি ভি নৰসিংহ ৰাওৰ মুখ্যমন্ত্ৰীত্বৰ সময়চোৱাত “জয় অন্ধ্ৰ” আন্দোলনত প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব লগীয়া হৈছিল।

১৯৭৫ চনৰ পৰা ১৯৭৭ চনৰ জৰুৰীকালীন সময়তো প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতি আনুগত্যশীল হৈ আছিল পি ভি নৰসিংহ ৰাও। উল্লেখ্য যে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত নৰসিংহ ৰাওৱে কেবিনেটত বহু কেইটা গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৯১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনত জনতা কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যভাৰ হাতত লয় পি ভি নৰসিংহ ৰাওৱে। নেহৰু পৰিয়ালৰ সদস্যৰ পৰিৱৰ্তে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰা নৰসিংহ ৰাও আছিল প্ৰথম জন কংগ্ৰেছী ব্যক্তি। উল্লেখ্য যে তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে পি ভি নৰসিংহ ৰাওৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল এজন অৰাজনৈতিক প্ৰাৰ্থীক বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়া।  যাৰ বাবে নৰসিংহ ৰাওৱে প্ৰখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে দায়িত্ব দিছিল। 

গুৰুত্বপূৰ্ণ কথা যে, মনমোহন সিঙে প্ৰধান মন্ত্ৰী নৰসিংহ ৰাওৰ সহযোগত ভাৰতৰ নতুন অৰ্থনৈতিক নীতিক এক নতুন মাত্ৰা প্ৰদান কৰিছিল, ইয়াৰ জৰিয়তে বৃত্তীয় সংকটৰ পৰা বহু পৰিমাণে মুক্তি লাভ কৰিছিল ভাৰতে। উল্লেখ্য যে ১৯৯২ চনত তিৰুপতিত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ অধ্যক্ষতা কৰিছিল পি ভি নৰসিংহ ৰাওৱে।

প্ৰধানমন্ত্ৰী হিচাপে পি ভি নৰসিংহ ৰাওৱে ভাৰতৰ উন্নয়নৰ বাবে বহু কেইটা পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ নৰসিংহ ৰাওৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত তেওঁ ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ অৰ্থনৈতিক উদাৰীকৰণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বিত্তমন্ত্ৰী ড° মনমোহন সিঙৰ সৈতে নৰসিংহ ৰাওৱে ১৯৯১ চনৰ নতুন অৰ্থনৈতিক নীতি প্ৰণয়ন কৰিছিল য’ত প্ৰত্যক্ষ বিদেশী বিনিয়োগক উৎসাহিত কৰা, স্থানীয় ব্যৱসায় সমূহ নিয়ন্ত্ৰণমুক্ত কৰা, মূলধনী বজাৰৰ সংস্কাৰ কৰাৰ লগতে দেশৰ বিত্তীয় ঘাটি হ্ৰাস কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছিল। এই অৰ্থনৈতিক নীতিয়ে দেশত ভগ্ন অৰ্থনীতিক প্ৰগতিৰ পথত নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। তেওঁলোকে গ্ৰহণ কৰা উদাৰীকৰণ (Liberalization), ব্যক্তিগতকৰণ (privatization) আৰু গোলকীকৰণ (globalisation)  অৰ্থাৎ LPG নীতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে নিজকে বিশ্বৰ অন্যতম বিকাশশীল অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এইসমূহ কথাৰ বাবেই পি ভি নৰসিংহ ৰাওক ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ পিতৃ হিচাপে অভিহিত কৰা হয়।

Read Also: মহম্মদ হিদায়তুল্লাহ জীৱনী | Mohammad Hidayatullah Biography

অৰ্থনৈতিক সংস্কাৰৰ ওপৰিও পি ভি নৰসিংহ ৰাওৱে ৰাষ্ট্ৰীয় পাৰমাণৱিক সুৰক্ষা আৰু বেলিষ্টিক মিছাইল কাৰ্যসূচীক শক্তিশালী কৰি তুলিছিল, যাৰ ফলত  ১৯৯৮ চনত পোখৰান-২’ পাৰমাণৱিক পৰীক্ষণ সফল ভাৱে সমাপ্ত হৈছিল। ইয়াৰ ওপৰিও তেওঁ ভাৰতৰ  সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতীয় সেনাক সাজু কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে পি ভি নৰসিংহ ৰাওৱে পশ্চিম ইউৰোপ, আমেৰিকা আৰু চীনলৈ কূটনৈতিক প্ৰস্তাৱ আগবঢ়াইছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত  কংগ্ৰেছ দল  পৰাজিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে পি ভি নৰসিংহ ৰাওৱে। কিছু লোকৰ মতে ৰাওৱে দল আৰু তেওঁৰ চৰকাৰ দুয়োটাতে স্বৈৰাচাৰী স্থিতি বৰ্তাই ৰাখিছিল, যাৰ ফলত নেতৃত্বাধীন সময়ছোৱাত বহু কংগ্ৰেছী নেতাই দলত্যাগ কৰিছিল।‌ 

কেইবা দশক জুৰি ভাৰতীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পি ভি নৰসিংহ ৰাওৱে  ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পিছত The Insider  (ISBN 0-670-87850-2)  নামৰ এখন উপন্যাস প্ৰকাশ কৰিছিল। অৱশ্যে ভাৰতীয় ৰাজনীতিৰ বহু কথা বৰ্ণিত হোৱা উপন্যাসৰ বিষয়বস্তুৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছিল পি ভি নৰসিংহ ৰাওৱে।

আধুনিক ভাৰতবৰ্ষ অন্যতম বাটকটীয়া পি ভি নৰসিংহ ৰাওৱে ২০০৪ চনৰ ২৩ ডিচেম্বয় তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ ৮৩ বছৰ বয়সত মৃত্যুক আকোঁৱালি লয়। 

ভাৰতীয় ৰাজনীতিৰ এজন উল্লেখযোগ্য ৰাজনীতিবিদ পি ভি নৰসিংহ ৰাওৱে ৰাজনৈতিক জীৱনত বিভিন্ন বিতৰ্কৰ লগত সাঙোৰ খাই পৰিলেও নিজৰ দক্ষতা, মেধাসম্পন্ন গুণ, বাগ্নিতা, সবল ব্যক্তিত্বৰ বাবে সদায় নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব।

FAQ

১) ভাৰতত সূচনা হোৱা অৰ্থনৈতিক সংস্কাৰৰ পিতৃ হিচাপে কাক অভিহিত কৰা হয়?

উত্তৰ- নৰসিংহ ৰাওক ভাৰতত সূচনা হোৱা অৰ্থনৈতিক সংস্কাৰৰ পিতৃ হিচাপে কৰা হয়।

২) পি ভি নৰসিংহ ৰাওৰ সম্পূৰ্ণ নাম কি?

উত্তৰ- পি ভি নৰসিংহ ৰাওৰ সম্পূৰ্ণ নাম পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও।

৩) পি ভি নৰসিংহ ৰাওৰ জন্ম ক’ত হৈছিল?

উত্তৰ- পি ভি নৰসিংহ ৰাওৰ জন্ম হৈছিল ১৯২১ চনৰ ২৮ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top