মহম্মদ হিদায়তুল্লাহ জীৱনী | Mohammad Hidayatullah Biography

মহম্মদ হিদায়তুল্লাহ | Mohammad Hidayatullah Essay in Assamese | Biography of Mohammad Hidayatullah in Assamese | মহম্মদ হিদায়তুল্লাহ বিষয়ে জীৱনী | মহম্মদ হিদায়তুল্লাহ বিষয়ে ৰচনা | মহম্মদ হিদায়তুল্লাহৰ চমু পৰিচয়।

Join Telegram channel

একেধাৰে ন‌্যায়াধীশ, ৰাজনীতিবিদ, শিক্ষাবিদ, লিখক, ভাষাবিদ মহম্মদ হিদায়তুল্লাহ হ’ল ভাৰতৰ সমাজ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ সত্বা। সমগ্ৰ জীৱন সমাজৰ বাবে দায়বদ্ধতা পালন কৰা মহম্মদ হিদায়তুল্লাহে ন্যায়ৰ ক্ষেত্ৰত বহু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল।

Mohammad Hidayatullah

মহম্মদ হিদায়তুল্লাহ জীৱনী | Mohammad Hidayatullah Biography

নামমহম্মদ হিদায়তুল্লাহ (Mohammad Hidayatullah)
জন্ম চন১৭ ডিচেম্বৰ, ১৯০৫ চন
জন্ম স্থানবেতুল, মধ্যপ্ৰদেশ
পিতৃৰ নামখান বাহাদুৰ হাফিজ মহম্মদ উইলায়াতুল্লাহ
মাতৃৰ নামমহম্মদী বেগম
শিক্ষা১) চৰকাৰী হাই স্কুল, ৰায়পুৰ
২) মৰিছ কলেজ, নাগপুৰ
৩) ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ বিশ্ববিদ্যালয়
বঁটা সন্মান১) অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (OBE), ১৯৪৬ চন
২) নাইট অৱ মাৰ্ক টুইন, ১৯৭১ চন
৩) এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা Proud Past Alumni সন্মান
৪) শিৰোমণি বঁটা, ১৯৮৬ চন
৫) আৰ্কিটেক অৱ ইণ্ডিয়া এৱাৰ্ড, ১৯৮৭ চন
মৃত্যু১৮ চেপ্তেম্বৰ, ১৯৯২ চন

ভাৰতৰ ১১ সংখ্যক মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা মহম্মদ হিদায়তুল্লাহৰ জন্ম হৈছিল ১৯০৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ বেতুলত। 

মহম্মদ হিদায়তুল্লাহ আছিল ভাৰতৰ ইতিহাসত বহু কেইটা উচ্চ পদবীত অধিষ্ঠিত হোৱাৰ সুবিধা লাভ কৰা একমাত্ৰ ভাৰতীয়। উল্লেখ্য যে তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি, ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ এক অনন্য গৌৰৱ বহন কৰিছিল।

এটা উচ্চ শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰা মহম্মদ হিদায়তুল্লাহৰ পিতৃৰ নাম হ’ল খান বাহাদুৰ হাফিজ মহম্মদ উইলায়াতুল্লাহ আৰু মাতৃৰ নাম হ’ল – মহম্মদী বেগম। 

মহম্মদ হিদায়তুল্লাহৰ পিতৃ খান বাহাদুৰ হাফিজ মহম্মদ উইলায়াতুল্লাহ আছিল এজন প্ৰখ্যাত উৰ্দু কবি। যাৰ বাবে ঘৰতে সাহিত্য চৰ্চাৰ এটা পৰিৱেশ লাভ কৰিছিল মহম্মদ হিদায়তুল্লাহে। উল্লেখ্য যে, মহম্মদ হিদায়তুল্লাহৰ পিতৃয়ে ১৮৯৭ চনত আলিগড় বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত সোণৰ পদক লাভ কৰি উত্তীৰ্ণ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯২৮ চনত ICS হিচাপেও দায়িত্ব পালন কৰিছিল মহম্মদ হিদায়তুল্লাহৰ পিতৃয়ে। উল্লেখ্য যে তেওঁৰ পিতৃয়ে ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈকে বিধানসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এক সামাজিক ৰাজনৈতিক শৈক্ষিক আৰু সাহিত্য-সংস্কৃতিৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা মহম্মদ হিদায়তুল্লাহ স্বভাৱগত ভাৱেই এজন মেধাৱী ছাত্ৰ আছিল।

১৯২২ চনত ৰায়পুৰৰ চৰকাৰী হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত নাগপুৰৰ মৰিছ মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। এই মহাবিদ্যালয়ৰ পৰাই ১৯২৬ চনত Phillips Scholar‌ নিৰ্বাচিত হয় মহম্মদ হিদায়তুল্লাহ। উল্লেখ্য যে এইসময়চোৱাত বহু ভাৰতীয় লোকে আইনৰ শিক্ষা গ্ৰহণ কৰিবলৈ বিদেশলৈ যাত্ৰা কৰিছিল। ইয়াৰ ব্যতিক্ৰম নাছিল মহম্মদ হিদায়াতুল্লা। তেওঁ আইন বিষয়ত শিক্ষা গ্ৰহণ কৰিবলৈ ব্ৰিটেইনলৈ গৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ১৯২৭ চনত নাম ভৰ্তি কৰিছিল। উল্লেখ্য যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ট্ৰিনিটি কলেজৰ পৰা ১৯৩০ চনত আইনৰ বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি সোণৰ পদক লাভ কৰিছিল মহম্মদ হিদায়াতুল্লাই। ইয়াৰ পৰৱৰ্তী সময়ত মাত্ৰ ২৫ বছৰ বয়সত বিখ্যাত Lincoln’s Inn আদালতত উকালতি কৰিবলৈ মতা হৈছিল মহম্মদ হিদায়াতুল্লাক।

গুৰুত্বপূৰ্ণ কথা যে, ১৯২৯ চনত মহম্মদ হিদায়াতুল্লাই কেম্ব্ৰিজত Indian Majlis ত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

ব্ৰিটেইনত আইনৰ শিক্ষা গ্ৰহণ কৰি ভাৰতলৈ উভতি অহাৰ পাছত মহম্মদ হিদায়তুল্লাহে ১৯৩০ চনত নাগপুৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে যোগদান কৰি ১৯৪৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও ১৯৪২ চনৰ ডিচেম্বৰ মাহত আদালতত Government Pleader হিচাপে নিযুক্তি লাভ কৰি এই পদতে ১৯৪৩ চনৰ আগষ্ট মাহলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪৩ চনৰ আগষ্ট মাহৰ ২ তাৰিখৰ পৰা ১৯৪৬ চনলৈকে মধ্যপ্ৰদেশ আৰু বেৰাৰ উচ্চ ন্যায়ালয়ত এডভকেট জেনেৰেল হিচাপে দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে, ৩৭ বছৰ বয়সত মধ্যপ্ৰদেশত এডভকেট জেনেৰেল হিচাপে দায়িত্ব পালন কৰা কম বয়সীয়া ব্যক্তি আছিল মহম্মদ হিদায়তুল্লাহ।

১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈকে নাগপুৰ বাৰ কাউন্সিলৰ‌ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা মহম্মদ হিদায়তুল্লাহে ১৯৪৬ চনৰ ২৪ জুনত মধ্য প্ৰদেশ আৰু বেৰাৰৰ উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে মহম্মদ হিদায়তুল্লাহে।

গুৰুত্বপূৰ্ণ কথা যে , ১৯৪৬ চনত মহম্মদ হিদায়তুল্লাহক জৰ্জে (৬) অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (OBE) হিচাপে সন্মানিত কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে মহম্মদ হিদায়তুল্লাহই নাগপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়। উল্লেখ্য যে সেই সময়ত মহম্মদ হিদায়ুল্লাহ আছিল আটাইতকৈ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা সকলোতকৈ কম বয়সীয়া ব্যক্তি। ইয়াৰ পৰৱৰ্তী সময়ত  ১৯৫৬ চনৰ ১ নৱেম্বৰৰ পৰা ১৯৫৮ চনৰ ২৯ নৱেম্বৰৰ ভিতৰত মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মহম্মদ হিদায়ুল্লাহ।

উল্লেখ্য যে, ১৯৫৮ চনৰ ১ ডিচেম্বৰত ৫২ বছৰ বয়সত তেওঁক উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ পদত অধিষ্ঠিত হয় মহম্মদ হিদায়ুল্লাহ। গুৰুত্বপূৰ্ণ কথা যে, সেই সময়ৰ আদালতৰ ইতিহাসত ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ন্যায়াধীশ হিচাপে পৰিগণিত হয় মহম্মদ হিদায়ুল্লাহ। ইয়াৰ পৰৱৰ্তী সময়ত, ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতৰ ১১ সংখ্যক মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয় মহম্মদ হিদায়তুল্লাহ। তেওঁ হ’ল মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা ভাৰতৰ প্ৰথমগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি। উল্লেখ্য যে, ১৯৭০ চনৰ ১৬ ডিচেম্বৰত মাধৱ ৰাও সিন্ধিয়া বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত লেণ্ডমাৰ্ক সংখ্যাগৰিষ্ঠতা ৰায়দান কৰাৰ পিছত মহম্মদ হিদায়তুল্লাহে অৱসৰ গ্ৰহণ কৰিছিল।

এক দীঘলীয়া সময়ত ন্যায়ালয়ৰ অধিবক্তা, ন্যায়াধীশ, মুক্ত ন্যায়াধীশ হিচাপে কৰ্তব্য সম্পাদনা কৰা সময়ৰ মহম্মদ হিদায়তুল্লাহে প্ৰায় ৪৬১ বিচাৰৰ ৰায় প্ৰদান কৰিছিল, ১২২০ খন বিচাৰপীঠত বহিছিল। হিদায়তুল্লাহে প্ৰধানতঃ  অপৰাধমূলক বিষয়, প্ৰত্যক্ষ কৰ, সাংবিধানিক আইন বিষয়ত বিচাৰ সম্পন্ন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, মহম্মদ হিদায়তুল্লাহৰ আইন বিষয়তহে মে দখল আছিল এনে নহয়, তেওঁ ভাষা বিষয়টো দখল আছিল। যাৰ পৰিপ্ৰেক্ষিতত আইনৰ বিষয়ৰ লগতে আন আন বিষয়টো বহু কেইখন গ্ৰন্থ ৰচনা কৰিছিল মহম্মদ হিদায়তুল্লাহই। তেওঁৰ আত্মজীৱনী খনৰ নাম হৈছে- My own Boswell, ইয়াৰ ওপৰিও ‌তেঁওৰ প্ৰকাশিত আন আন গ্ৰন্থ সমূহ হ’ল- Democracy in India and the Judicial Process (১৯৬৬), The South-West Africa cases (১৯৬৭), USA and India: All India Reporter (১৯৭৭), Judicial Methods (১৯৭০), Constitutional law of India: Bar Council of India Trust (১৯৮৪), Justice Hidayatullah on commercial laws (১৯৮২) ইত্যাদি।

হিদায়তুল্লাহই ন্যায়িক কেৰিয়াৰৰ সমান্তৰালকৈ ভাৰতীয় সমাজ জীৱনৰ আন আন বহু বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। উল্লেখ্য যে তেওঁ নাগপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত University College of Law ত Jurisprudence and Mahomedan law বিষয়ৰ প্ৰবক্তা হিচাপে ১৯৩৫ চনৰ পৰা ১৯৪৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত নাগপুৰ বিশ্ববিদ্যালয়ত আইনৰ ডীন হিচাপে ১৯৪৯ চনৰ পৰা ১৯৫৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৪ চনৰ পৰা ১৯৫৮ চনলৈকে Court Vikram University, Saugar University আৰু Aligarh Muslim University ত আইনৰ প্ৰৱক্তা হিচাপে দায়িত্ব পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, নাগপুৰৰ উচ্চ ন্যায়ালয়ত আইনৰ অনুশীলন কৰি থকাৰ সময়ত নাগপুৰ পৌৰসভা সমিতি (১৯৩১-৩৩) আৰু নাগপুৰ উন্নয়ন ন্যাস (১৯৪৩-৪৫) ৰো সদস্য আছিল মহম্মদ হিদায়তুল্লাহ।  ইয়াৰ ওপৰিও তেওঁ Indian Law Institute, International Law Association (Indian Branch), Indian Society of International Law ৰ বিভিন্ন দায়িত্ব পালন কৰিছিল।

Read Also: ইন্দিৰা গান্ধী জীৱনী | Indira Gandhi Biography

১৯৮২ চনত তেওঁ Indian Red Cross Society ৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ ওপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ Hunger Project, জেনেভা স্থিত World Association of Orphans and Abandoned Children, আন্তজাৰ্তিক মানৱীয় সমস্যাৰ স্বতন্ত্ৰ আয়োগৰ লগতো জড়িত হৈ আছিল।

মহম্মদ হিদায়তুল্লাহে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি‌ থকাৰ সময়তে তেতিয়াৰ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনে আকস্মিক ভাৱে ১৯৬৯ চনৰ ৩ মে’ তাৰিখে মৃত্যুক সাৱটি লয়। অন্যহাতে ভি ভি গিৰিয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বৰ কাৰণে ভাৰপ্ৰাপ্ত সভাপতি আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে দুয়োটা পদৰ পৰা পদত্যাগ কৰে। যাৰ বাবে মহম্মদ হিদায়তুল্লাহে ১৯৬৯ চনৰ ২০ জুলাইৰ পৰা ১৯৬৯ চনৰ ২৪ আগষ্ট তাৰিখলৈকে অতি কম সময়ৰ বাবে ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যকালত Richard Nixon ভাৰত ভ্ৰমণে তেওঁৰ কাৰ্যকাল অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছিল।

ভাৰতৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল মহম্মদ হিদায়তুল্লাহ। উল্লেখ্য যে উপৰাষ্ট্ৰপতি হিচাপে তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৪ চনৰ আগষ্ট মাহলৈকে সুখ্যাতিৰে দায়িত্ব পালন কৰিছিল।  

গুৰুত্বপূৰ্ণ কথা যে, মহম্মদ হিদায়তুল্লাহ উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰাৰ সময়ত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল জেইল সিং। উল্লেখ্য যে ১৯৮২ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি জেইল সিং চিকিৎসা সংক্ৰান্ত কামত আমেৰিকালৈ গৈছিল। যাৰ বাবে উপৰাষ্ট্ৰপতি মহম্মদ হিদায়তুল্লাহে ১৯৮২ চনৰ ৬ অক্টোবৰৰ পৰা ১৯৮২ চনৰ ৩১ অক্টোবৰলৈকে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এনেদৰে তেওঁ দুবাৰকৈ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰিছিল।

ভাৰতৰ সংবিধানৰ বহু কেইটা উচ্চ পদত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰা মহম্মদ হিদায়তুল্লাহে ইহলীলা সম্বৰণ কৰিছিল ৮৬ বছৰ বয়সত ১৯৯২ চনৰ ১৮ চেপ্তেম্বৰ তাৰিখে। কায়িক ভাৱে নাথাকিলেও নিজৰ দক্ষতা, ব্যক্তিত্ব, বাগ্মিতা, প্ৰতিভাৰ কাৰণে মহম্মদ হিদায়তুল্লাহে বাবে সদায় নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত থাকিব।

FAQ

  1. মহম্মদ হিদায়তুল্লাহৰ জন্ম কেতিয়া হৈছিল?

Ans. মহম্মদ হিদায়তুল্লাহৰ জন্ম ১৭ ডিচেম্বৰ, ১৯০৫ চনত হৈছিল।

2. মহম্মদ হিদায়তুল্লাহৰ মৃত্যু কেতিয়া হৈছিল?

Ans. মহম্মদ হিদায়তুল্লাহৰ মৃত্যু ১৮ চেপ্তেম্বৰ, ১৯৯২ চনত হৈছিল।

3. মহম্মদ হিদায়তুল্লাহৰ পিতৃৰ নাম কি আছিল?

Ans. মহম্মদ হিদায়তুল্লাহৰ পিতৃৰ নাম খান বাহাদুৰ হাফিজ মহম্মদ উইলায়াতুল্লাহ আছিল।

4. মহম্মদ হিদায়তুল্লাহৰ মাতৃৰ নাম কি আছিল?

Ans. মহম্মদ হিদায়তুল্লাহৰ মাতৃৰ নাম মহম্মদী বেগম আছিল।

5. মহম্মদ হিদায়তুল্লাহ কত জন্ম গ্ৰহন কৰিছিল?

Ans. মহম্মদ হিদায়তুল্লাহ বেতুল, মধ্যপ্ৰদেশত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top