ইন্দিৰা গান্ধী জীৱনী | Indira Gandhi Biography

ইন্দিৰা গান্ধী | Indira Gandhi Essay in Assamese | Biography of Indira Gandhi in Assamese | ইন্দিৰা গান্ধী বিষয়ে জীৱনী | ইন্দিৰা গান্ধী বিষয়ে ৰচনা | ইন্দিৰা গান্ধীৰ চমু পৰিচয়।

Join Telegram channel

এটা জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিকভাৱে প্ৰগতিৰ পথত আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত দুই এটা পৰিয়াল তথা কিছু ব্যক্তিৰ অৱদান অবিস্মৰণীয় হৈ থাকে। ভাৰতৰ নেহৰু পৰিয়াল হ’ল তেনে এটা স্বৰ্ণামধন্য পৰিয়াল। এই পৰিয়ালৰে এগৰাকী বিশেষ ব্যক্তি হ’ল ৰাজনীতিবিদ তথা স্বাধীন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী।

Indira Gandhi Bio

ইন্দিৰা গান্ধী জীৱনী | Indira Gandhi Biography

নামইন্দিৰা গান্ধী (Indira Gandhi)
জন্ম চন১৯ নৱেম্বৰ, ১৯১৭ চন
জন্ম স্থানআনন্দ ভৱন, এলাহাবাদ, উত্তৰ প্ৰদেশ
পিতৃৰ নামজৱাহৰলাল নেহৰু
মাতৃৰ নামকমলা নেহৰু
শিক্ষা১) মুম্বাই বিশ্ববিদ্যালয়
২) বিশ্বভাৰতী
৩) অক্সফ’ৰ্ড বিশ্ববিদ্যালয়
বঁটা সন্মান১) ভাৰত ৰত্ন বঁটা, ১৯৭১ চন
২) মেক্সিকান একাডেমী বঁটা, ১৯৭২ চন
৩) সাহিত্য ভাষাপতি (হিন্দী) বঁটা, ১৯৭৬ চন
৪) আমেৰিকাৰ মাডাৰ্ছ বঁটা, ১৯৫৩ চন
মৃত্যু৩১ অক্টোবৰ, ১৯৮৪ চন

আৰ্থ-সামাজিক উন্নয়ন আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ এক নিৰ্ণায়ক শক্তি‌ হ’ল নাৰী সকল। এক কথাত নাৰী সকল হ’ল ৰাষ্ট্ৰ এখনৰ অন্যতম সংগঠক তথা চালিকা শক্তি। সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ অংশ হিচাপেই বহু নাৰীয়ে সংসদীয় ৰাজনীতিত সক্ৰীয় অংশগ্ৰহণ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ভৱিষ্যত প্ৰজন্মৰ বাবেও এটা পথৰ নিদৰ্শন দি যোৱা এগৰাকী সবল নাৰী হ’ল ইন্দিৰা গান্ধী।

ইন্দিৰা গান্ধী হ’ল বিখ্যাত ‌নেহৰু বংশৰ জীয়াৰী। ১৯১৭ চনৰ ১৯ নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্ম হৈছিল ইন্দিৰা গান্ধীৰ। তেওঁৰ পিতৃৰ নাম হ’ল – জৱাহৰলাল নেহৰু আৰু মাতৃৰ নাম হ’ল- কমলা নেহৰু। উচ্চ বংশৰ লগতে সংগ্ৰামী ধাৰা বৰ্তাই ৰখা পৰিয়ালৰ সন্তান হিচাপে সৰুৱে পৰা ইন্দিৰা গান্ধী আছিল উচ্চ বুদ্ধি সম্পন্ন প্ৰচুৰ মেধাৱী আৰু গভীৰ আত্মপ্ৰত্যয় থকা ছোৱালী। উল্লেখ্য যে সৰুৱে পৰা মহাত্মা গান্ধী, চিত্তৰঞ্জন দাস, মদন মোহন মালব্যকে ধৰি সংগ্ৰামী ধাৰাৰ ব্যক্তিৰ সংস্পৰ্শ লাভ কৰিছিল ইন্দিৰা গান্ধীয়ে, যাৰ বাবে এইসকল ব্যক্তিৰ চিন্তা চৰ্চাই প্ৰভাৱান্বিত কৰিছিল ইন্দিৰা গান্ধীক।

ইন্দিৰা গান্ধীৰ নিচেই কম বয়সতে ১৯২১ চনৰ ৬ তাৰিখে ইন্দিৰা গান্ধীৰ দেউতাক জৱাহৰলাল নেহৰু আৰু ককাক মতিলাল নেহৰুক দুয়োকে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। কম বয়সতে বিভিন্ন সংঘাতৰ সন্মুখীনে সবল কৰি তুলিছিল ইন্দিৰা গান্ধীক। এটা সংগ্ৰামী পৰিয়ালত জন্ম গ্ৰহণ কৰা হেতুকে বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল ইন্দিৰা গান্ধী। এই সমূহ সমস্যাৰ বাবে ঘৰুৱা শিক্ষকৰ জৰিয়তেহে শিক্ষা আৰম্ভ কৰিছিল ইন্দিৰা গান্ধীয়ে। ইন্দিৰা গান্ধীৰ শৈক্ষিক জীৱন আছিল অতি বৈচিত্ৰ্যপূৰ্ণ। তেওঁ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল দিল্লীৰ কিণ্ডাৰ গাৰ্ডেন স্কুলত। ইয়াৰ পৰৱৰ্তী সময়ত এলাহাবাদৰ চেন্ট চেচিল কনভেণ্টত অধ্যয়ন কৰি ইন্দিৰা গান্ধীয়ে Pupils Own School  ত অধ্যয়ন কৰে। ১৯৩৪ চনত বোম্বাই বিশ্ববিদ্যালয় পৰা মেট্ৰিকুলেচন পাচ কৰে। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শান্তিনিকেতনত নামভৰ্তি কৰে।   শান্তিনিকেতনত কেৱল পুথিগত শিক্ষাতে আৱদ্ধ নাথাকি নৃত্য-গীত, চিত্ৰ বিদ্যাতো মনোনিৱেশ কৰিছিল ইন্দিৰা গান্ধীয়ে। উল্লেখ্য যে মাতৃ কমলা নেহৰুৰ চিকিৎসা সংক্ৰান্তত বিদেশত চিকিৎসাৰ বাবে যাওতে ইন্দিৰা গান্ধীয়ে জেনেভাৰ আন্তঃৰাষ্ট্ৰীয় স্কুলতো অধ্যয়ন কৰাৰ ওপৰিও বেক্সৰ নিউ স্কুলত অধ্যয়ন কৰিছিল। ১৯৩৬ চনত মাতৃ কমলা নেহৰুৰ মৃত্যু হোৱাৰ পিছত অক্সফৰ্ডৰ চামাৰ ভিলা স্কুলতো কিছুদিন অধ্যয়ন কৰিছিল  ইন্দিৰা গান্ধীয়ে। উল্লেখ্য যে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ কোনো উপাধি লাভ নকৰিলেও ইন্দিৰা গান্ধীয়ে বাস্তৱ জীৱনৰ অভিজ্ঞতা তথা পিতৃৰ সান্নিধ্যত পুথিগত শিক্ষাতকৈ অধিক জ্ঞান অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। গুৰুত্বপূৰ্ণ কথা যে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰি ইন্দিৰা গান্ধীৰ পিতৃ জৱাহৰলাল নেহৰুৱে কাৰাবাস খটাৰ সময়ত বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি আদি বিভিন্ন বিষয় সন্নিৱিষ্ট কৰি চিঠি প্ৰেৰণ কৰিছিল ইন্দিৰা গান্ধীলৈ। উল্লেখ্য যে এই সমূহ চিঠি পাঠ্য পুথিত অন্তৰ্গত হৈ থকা বিষয়বস্তুকৈ কম নাছিল। পিতৃৰ চিঠিৰ পৰাই বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান লাভ কৰিছিল ইন্দিৰা গান্ধীয়ে। পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীলৈ পিতৃ জৱাহৰলাল নেহৰুৱে দিয়া এই চিঠিসমূহ কিতাপ আকাৰেও প্ৰকাশ হৈছিল।

Read Also: ফখৰুদ্দিন আলি আহমেদ জীৱনী | Fakhruddin Ali Ahmed Biography

ইন্দিৰা গান্ধীৰ জীৱন সংগীৰ নাম আছিল ফিৰোজ গান্ধী। পাৰ্চী যুৱক ফিৰোজ গান্ধীৰ সৈতে ১৯৪২ চনত বিবাহ পাশত আবদ্ধ হৈছিল ইন্দিৰা গান্ধী। তেওঁলোকৰ দুই সন্তান হ’ল সঞ্জয় গান্ধী আৰু ৰাহুল গান্ধী।

গুৰুত্বপূৰ্ণ কথা যে, সৰুৱে পৰা বিশ্ব বৰেণ্য ৰাজনীতিজ্ঞ সকলৰ সান্নিধ্য আৰু পিতৃ জৱাহৰলাল নেহৰুৰ প্ৰভাৱে ইন্দিৰা গান্ধীৰ ৰাজনৈতিক জীৱন গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কংগ্ৰেছৰ  সদস্যা হ’ব নোৱাৰি ইন্দিৰা গান্ধীয়ে বাৰ বছৰ বয়সতে ১৯৩০ চনত বানৰসেনা নাম দি কিশোৰ কিশোৰী সকলৰ বাবে সংগঠন গঠন কৰিছিল। এই সংগঠনটোৰ সদস্যৰ সংখ্যা আছিল ছয় হাজাৰ। উল্লেখ্য যে ভাৰতৰ স্বাধীনতা আন্দোলনত বানৰ সেনায়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২১ বছৰ বয়সত অৰ্থাৎ ১৯৩৮ চনত ইন্দিৰা গান্ধীয়এ আনুষ্ঠানিক ভাৱে কংগ্ৰেছত যোগদান কৰি পাতনি মেলিছিল ৰাজনৈতিক জীৱনৰ। উল্লেখ্য যে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনতো সক্ৰীয় অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত কৰাৰ পিছত জৱাহৰলাল নেহৰুকে আদি কৰি আন বহু নেতাক কাৰাবন্দী কৰি ৰখাৰ সমান্তৰালকৈ সকলো ধৰণৰ সভা সমিতি চৰকাৰে নিষিদ্ধ কৰিছিল। কিন্তু চৰকাৰৰ নিষেধাজ্ঞা ভংগ কৰিবৰ কাৰণে ইন্দিৰা গান্ধীয়ে সভাৰ আহ্বান কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত ইন্দিৰা গান্ধী আৰু তেওঁৰ স্বামী ফিৰোজ গান্ধীক প্ৰায় ন-মাহ সময় কাৰাবন্দী কৰি ৰখা হৈছিল।

১৯৪৭ চনত ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰাৰ পিছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰিছিল ইন্দিৰা গান্ধীৰ পিতৃ জৱাহৰলাল নেহৰুৱে। জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত তেওঁৰ সোঁ-হাত স্বৰূপে ইন্দিৰা গান্ধীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে ইন্দিৰা গান্ধীয়ে সেই সময়ত পিতৃৰ লগত দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰাৰ সুবিধা আহৰণ কৰাৰ লগতে পিতৃৰ লগত বিদেশ ভ্ৰমণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ১৯৫৯ চনত কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ইন্দিৰা গান্ধী। গুৰুত্বপূৰ্ণ কথা যে ইন্দিৰা গান্ধীয়ে জাতি সংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ (UNESCO) ভাৰতীয় প্ৰতিনিধি দলত স্থান লাভ কৰাৰ লগতে কাৰ্যনিৰ্বাহক সহদ্য হিচাপে মনোনীত হৈছিল।

১৯৬৪ চনৰ মে’ মাহত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পৰৱৰ্তী সময়ত লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে আৰু গুৰুত্বপূৰ্ণ কথা যে লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাতে ইন্দিৰা গান্ধীয়ে তথ্য আৰু অনাতাঁৰ দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে। মন্ত্ৰী হিচাপে ইন্দিৰা গান্ধী আছিল সাহসী,স্পষ্টবাদী, আত্মনিৰ্ভৰশীল আৰু দুৰদৰ্শী। ইন্দিৰা গান্ধীৰ ব্যক্তিত্বৰ এটা উল্লেখযোগ্য বৈশিষ্ট আছিল লোকপ্ৰিয় আচৰণ। জনসাধাৰণৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনে কম সময়ৰ ভিতৰতে ইন্দিৰা গান্ধীক সুযোগ্যা নেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰাত সহায় কৰিছিল। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধীয়েই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। উল্লেখ্য যে ইন্দিৰা গান্ধী আছিল প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা। 

ইন্দিৰা গান্ধীৰ ৰাজনৈতিক আদৰ্শ আছিল সমাজবাদী গণতন্ত্ৰ। উল্লেখ্য যে ১৯৬৭ চনত সাধাৰণ নিৰ্বাচনত জয়ী হৈ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে ইন্দিৰা গান্ধীয়ে। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰাৰ পৰৱৰ্তী সময়ত তেওঁ হাতত লোৱা উল্লেখ্যযোগ্য কাম হ’ল- বেংক ৰাষ্ট্ৰীয়কৰণ। ইয়াৰ ওপৰিও অৰ্থনৈতিক বিকাশৰ জৰিয়তে এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তুলিবৰ বাবে তেওঁ বিশেষ পদক্ষেপ হাতত লৈছিল। দেশৰ পৰা দাৰিদ্ৰ্যতা সমস্যা নাইকিয়া কৰিবৰ কাৰণে ইন্দিৰা গান্ধীয়ে গৰীৱি হতাও শ্লোগান দি ইয়াক কাৰ্যকৰী কৰিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিছিল। ভাৰতৰ দৰে তৃতীয় বিশ্বৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰত সেউজ বিপ্লৱৰ জৰিয়তে কৃষিক্ষেত্ৰত ব্যাপক পৰিৱৰ্তনৰ‌ সূচনা কৰিছিল তেওঁ। 

প্ৰধানমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধীয়ে শিক্ষা ক্ষেত্ৰখনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কাৰিকৰী শিক্ষাৰ দিশত ইন্দিৰা গান্ধীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ ওপৰিও তেওঁ দুৰদৰ্শন ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বিশেষ পদক্ষেপ হাতত লৈছিল। ক্ৰীড়া তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিও আগ্ৰহী আছিল ইন্দিৰা গান্ধী। 

বৈদিশীক নীতিৰ ক্ষেত্ৰত ইন্দিৰা গান্ধী আছিল অতিশয় কৌশলী। তেওঁ বিভিন্ন দেশৰ লগত সু-সম্পৰ্ক স্থাপন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো ইন্দিৰা গান্ধীৰ বিশ্বব্যাপী খ্যাতি আছিল। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতেই ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পৰিছিল আৰু ১৯৭২ চনত ঐতিহাসিক চিমলা চুক্তি স্বাক্ষৰিত কৰা হৈছিল। উল্লেখ্য যে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত দেশত নানা অস্থিৰতাই দেখা দিছিল যাৰ পৰিপ্ৰেক্ষিতত দেশত আইন শৃংখলা অটুট ৰাখিবলৈ জৰুৰী অৱস্থা ঘোষণা কৰিছিল। 

এখন সমাজবাদী ভাৰত গঢ়াৰ সপোন বুকুত বান্ধি সুদীৰ্ঘ ১৫ বছৰতকৈও অধিক সময় ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা ইন্দিৰা গান্ধীয়ে ১৯৮৪ চনৰ ৩০ অক্টোবৰ তাৰিখে আততায়ীৰ হাতত মৃত্যুবৰণ কৰে।

FAQ

১) স্বাধীন ভাৰতত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰা প্ৰথমগৰাকী মহিলা কোন আছিল?

উত্তৰ- স্বাধীন ভাৰতত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰা প্ৰথমগৰাকী মহিলা হ’ল ইন্দিৰা গান্ধী।

২) ইন্দিৰা গান্ধীৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- ইন্দিৰা গান্ধীৰ পিতৃৰ নাম হ’ল জৱাহৰলাল নেহৰু আৰু মাতৃৰ নাম হ’ল কমলা নেহৰু।

৩) ইন্দিৰা গান্ধীয়ে কিদৰে মৃত্যুক সাৱটি লৈছিল?

উত্তৰ- ১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনত দেহ-ৰক্ষীৰ গুলীৰ আঘাতত ইন্দিৰা গান্ধীয়ে মৃত্যুক সাৱটি লৈছিল।

৪) কাৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ১৪টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰ- ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ১৯৬৯ চনত ১৪ টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top