ফখৰুদ্দিন আলি আহমেদ জীৱনী | Fakhruddin Ali Ahmed Biography

ফখৰুদ্দিন আলি আহমেদ | Fakhruddin Ali Ahmed Essay in Assamese | Biography of Fakhruddin Ali Ahmed in Assamese | ফখৰুদ্দিন আলি আহমেদ বিষয়ে জীৱনী | ফখৰুদ্দিন আলি আহমেদ বিষয়ে ৰচনা | ফখৰুদ্দিন আলি আহমেদৰ চমু পৰিচয়।

Join Telegram channel

দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱা তথা ৰাজনৈতিক ক্ষেত্ৰখনত এজন সফল তথা আৰ্দশ ব্যক্তি হিচাপে বিবেচিত হোৱা এজন পুৰোধা ব্যক্তি হ’ল অসম সন্তান ফখৰুদ্দিন আলি আহমেদ। অসমৰ দৰে ৰাজ্যৰ পৰা গৈ দেশৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰা বিচক্ষণ ৰাজনীতিবিদ, স্বপ্নদ্ৰষ্টা ফখৰুদ্দিন আলী আহমেদে বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন হৈও ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। ইয়াৰ ওপৰিও অসমক এখন শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰতো ফখৰুদ্দিন আলি আহমেদৰ অৱদান আছিল অনস্বীকাৰ্য।

Fakhruddin Ali Ahmed

ফখৰুদ্দিন আলি আহমেদ জীৱনী | Fakhruddin Ali Ahmed Biography

নামফখৰুদ্দিন আলি আহমেদ (Fakhruddin Ali Ahmed)
জন্ম চন১৩ মে’, ১৯০৫ চন
জন্ম স্থানহাউজ কাজী, দিল্লী
পিতৃৰ নামকৰ্ণেল জালনুৰ আলি আহমেদ
মাতৃৰ নামচাহিবজাদি ৰুকাইয়া চুলতান
শিক্ষা১) চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, গ’ণ্ডা জিলা, উত্তৰ প্ৰদেশ
২) ছেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী
৩) ছেইণ্ট কেথেৰিনছ কলেজ, কেম্ব্ৰিজ
বঁটা সন্মানডক্টৰেট উপাধি লাভ যুগোশ্লাভিয়াৰ প্ৰিষ্টিনা বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত
মৃত্যু১১ ফেব্ৰুৱাৰী, ১৯৭৭ চন

দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথমজন অসম সন্তান হ’ল ফখৰুদ্দিন আলি আহমেদ। ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী সফল ব্যক্তি হিচাপে বিবেচিত হোৱা ফখৰুদ্দিন আলি আহমেদৰ জন্ম হৈছিল ১৯০৫ চনৰ ১৩ মে’ত দিল্লীৰ হাউজ কাজী নামৰ এটা অঞ্চলত।

তেখেতৰ পিতৃৰ নাম আছিল কৰ্ণেল জালনুৰ আলি আহমেদ আৰু মাতৃৰ নাম আছিল চাহিবজাদি ৰুকাইয়া চুলতান।  গোলাঘাটৰ ওচৰৰ কছাৰীহাটত ফখৰুদ্দিন আলি আহমেদৰ পিতৃ কৰ্ণেল জালনুৰ আলি আহমেদৰ পৈতৃক ঘৰ আছিল। গুৰুত্বপূৰ্ণ কথা যে কৰ্ণেল জালনুৰ আলি আহমেদ আছিল M D (Doctor of Medicine) ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি। ফখৰুদ্দিন আলি আহমেদৰ মাতৃ চাহিবজাদি ৰুকাইয়া চুলতান আছিল লাহোৰৰ নবাবৰ কন্যা। অসমৰ সামাজিক ইতিহাসত ফখৰুদ্দিন আলি আহমেদৰ পৰিয়ালটোক পাৰ্চী-পৰীয়া পৰীয়াল হিচাপে জনা যায়। কাৰণ, তেওঁলোকৰ পুৰ্বজ সকলে মধ্যযুগত দিল্লীৰ শাসকসকললৈ মোগলসকলে দিয়া পাৰ্চী ভাষাত লিখা চিঠিৰ অনুবাদৰ কাম কৰিছিল।

এক সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ফখৰুদ্দিন আলি আহমেদে আনুষ্ঠানিক শিক্ষা জীৱন আৰম্ভ কৰিছিল উত্তৰ প্ৰদেশৰ গ’ণ্ডা জিলাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত। এই বিদ্যালয়ৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পঞ্জাব বিশ্ববিদ্যালয়ৰ অধীনত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ গ্ৰহণ কৰাৰ মানসেৰে তথা ভাৰতীয়  প্ৰশাসনিক সেৱাৰ নিয়োগ হোৱাৰ এটা সপোন বুকুত বান্ধি ১৯২৩ চনত ইংলেণ্ডৰ  কেম্ব্ৰিজৰ ছেইণ্ট কেথেৰিনছ কলেজত শিক্ষাগ্ৰহণ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ কিছু শাৰীৰিক অসুবিধাৰ বাবে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে যদিও ইংলেণ্ডত তেওঁ আইন শিক্ষা সুখ্যাতিৰে সমাপ্ত কৰে। গুৰুত্বপূৰ্ণ কথা যে, ইংলেণ্ডত থকাৰ সময়তেই লৰ্ড বাটলাৰৰ দৰে বিদগ্ধ লোকৰ সান্নিধ্যত ফখৰুদ্দিন আলি আহমেদে নিজৰ নিজৰ মানসিক তথা বৌদ্ধিক চিন্তাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ওপৰিও ইংলেণ্ডত থকাৰ সময়তে ১৯২৫ চনত ফখৰুদ্দিন আলি আহমেদে জৱাহৰলাল নেহৰুৰ সান্নিধ্য লাভ কৰিছিল। নেহৰুৰ সান্নিধ্যই আহমেদক ৰাজনৈতিক ভাৱে নিজস্ব এক আদৰ্শ অনুসৰণ কৰাত শক্তিশালী ভূমিকা পালন কৰিছিল কাৰণ, নেহৰুৰ ৰাজনৈতিক ভাৱাদৰ্শই ফখৰুদ্দিন আলি আহমেদক প্ৰভাৱান্বিত কৰিছিল।

১৯২৮ চনত আইন শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি অহা ফখৰুদ্দিন আলি আহমেদে পাঞ্জাব  (লাহোৰ) উচ্চ ন্যায়ালয়ত সেই সময়ৰ প্ৰখ্যাত আইনজীৱী মহম্মদ শফী উল্লাৰ সহযোগী হিচাপে ওকালতি আৰম্ভ কৰি নিজৰ বৃত্তিগত জীৱনৰ পাতনি মেলিছিল। উল্লেখ্য যে আইনৰ লগত জড়িত এজন ব্যক্তি হিচাপে ফখৰুদ্দিন আলি আহমেদে পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধীকে আদি কৰি বিভিন্ন জন কংগ্ৰেছ নেতৃবৃন্দৰ লগত যোগাযোগ অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতৰ স্বাধীনতা আন্দোলন সূচনা হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৰা কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতিও আকৃষ্ট হৈছিল, যাৰ বাবে আহমেদে ১৯৩১ চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ কৰিছিল।

ফখৰুদ্দিন আলি আহমেদৰ পিতৃ কৰ্ণেল জালনুৰ আলি আহমেদ ১৯৩২ চনত কৰ্মসূত্ৰে অসমলৈ আহিছিল। এই সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো স্বাধীনতা আন্দোলন শক্তিশালী ৰূপত সংগঠিত হৈছিল। দেউতাকৰ লগতে অসমলৈ অহা ফখৰুদ্দিন আলি আহমেদেও এই স্বাধীনতা সংগ্ৰামত সবল তথা শক্তিশালী ৰূপত অংশগ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়তে ১৯৩৯ চনত তেওঁ জাতীয়তাবাদী কাৰ্যকলাপৰ বাবে এবছৰ কাল কাৰাবাসো খাটিব লগা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ ঐতিহাসিক বোম্বাই অধিবেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পিছত ১৯৪২ চনত পুনৰ ব্ৰিটিছে ফখৰুদ্দিন আলি আহমেদক গ্ৰেপ্তাৰ কৰি প্ৰায় তিনি বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

প্ৰচুৰ মেধা আৰু নেতৃত্ব গুণৰ অধিকাৰী ফখৰুদ্দিন আলি আহমেদ ১৯৩৫ চনত প্ৰথম বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত ১৯৩৮ চনত বিত্ত, ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

মন্ত্ৰীত্ব লাভৰ পিছত ফখৰুদ্দিন আলি আহমেদে প্ৰথম কাৰ্যকালতে নিজৰ প্ৰশাসনিক তথা ৰাজনৈতিক দক্ষতা প্ৰমাণ কৰি দেখুৱাইছিল। তেওঁ বিধানসভাত Assam Agricultural income tax bill  উত্থাপন কৰিছিল। উল্লেখ্য যে এইখন বিল আছিল সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথম খন বিধানসভাত উত্থাপন হোৱা বিল যাৰ জৰিয়তে  অসমৰ চাহ বাগানৰ ওপৰত প্ৰত্যক্ষ ভাৱে কৰ আৰোপ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। 

১৯৪৬ চনত ফখৰুদ্দিন আলী আহমেদ অসমৰ এডভোকেট জেনেৰেল পদত অধিষ্ঠিত হৈ ১৯৫২ চনলৈকে এই দায়িত্ব সুকলমে পালন কৰিছিল। ইয়াৰ ওপৰিও ১৯৩৬ চনৰ পৰা  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য হিচাপে নিজৰ পালন কৰাৰ পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ পৰা ১৯৭৪ চনলৈকে সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সদস্য হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত ১৯৫৩ চনত ৰাজ্যসভাৰ সদস্য পদ লাভ কৰে ফখৰুদ্দিন আলি আহমেদে। ৰাজ্যসভাৰ সদস্য হিচাপে দায়িত্ব পালন কৰি থকাৰ সময়তে ফখৰুদ্দিন আলি আহমেদে জাতিপুঞ্জত অনুষ্ঠিত হোৱা সাধাৰণ সন্মিলনত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ উত্তৰ কামৰূপ আৰু বৰপেটাৰ জনীয়া সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ ১৯৫৭-৬২ চন, ১৯৬২-৬৫ চনত মন্ত্ৰীসভাত পদো অলংকৃত কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে বৰপেটা সমষ্টিৰ পৰা ফখৰুদ্দিন আলি আহমেদ ১৯৬৭ আৰু ১৯৭১ চনত দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ফখৰুদ্দিন আলি আহমেদে সমগ্ৰ ভাৰতৰ সমান্তৰালকৈ অসমত উন্নয়ন তথা বিকাশৰ স্বাৰ্থত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছিল।

১৯৭৪ চনৰ ২৪ আগষ্টত ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ পঞ্চমজন তথা মুছলমান সম্প্ৰদায়ৰ দ্বিতীয়জন প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। কিন্তু পৰিতাপৰ কথা যে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰি থকাৰ সময়তেই হৃদৰোগত আক্ৰান্ত হৈ ৭১ বছৰ বয়সত ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে ফখৰুদ্দিন আলি আহমেদে।

গুৰুত্বপূৰ্ণ কথা যে এজন দক্ষ তথা বিচক্ষণ ৰাজনীতিবিদ হোৱাৰ সমান্তৰালকৈ ফখৰুদ্দিন আলি আহমেদে টেনিছ তথা গল্ফ খেলুৱৈ হিচাপে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল। ইয়াৰ ওপৰিও তেওঁ অসম ক্ৰিকেট এছ’চিয়েচন আৰু অসম ফুটবল সংস্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে অসম ক্ৰীড়া পৰিষদৰ উপ-সভাপতি হিচাপেও নিৰ্বাচিত হৈছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ সদৌ ভাৰত ক্ৰিকেট সন্থাৰ সভাপতি হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল আৰু দিল্লী গ’ল্ফ ক্লাব আৰু দিল্লী জিমখানা ক্লাবৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

Read Also: দাদাভাই নৌৰাজী জীৱনী | Dada Bhai Naoroji Biography

কায়িক ভাৱে ফখৰুদ্দিন আলি আহমেদ নাথাকিলেও তেওঁৰ নিকা তথা স্বচ্ছ ৰাজনৈতিক আদৰ্শ তথা দৃষ্টিভংগী, ধৰ্মনিৰপেক্ষ মনোভাৱে আজিও সকলোকে প্ৰভাৱান্বিত কৰি আহিছে। উল্লেখ্য যে তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেই বৰপেটাত স্থাপন হোৱা অসমৰ পঞ্চম খন চিকিৎসা মহাবিদ্যালয় ফখৰুদ্দিন আলি আহমেদৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে।

ফখৰুদ্দিন আলি আহমেদৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব। অধিবক্তা, ৰাজনীতিবিদ হিচাপে অৱদান আগবঢ়োৱাৰ সমান্তৰালকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত ফখৰুদ্দিন আলি আহমেদৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো তেওঁ চিন্তা-দৰ্শনৰ সদায় প্ৰাসংগিক।

FAQ

1. ভাৰতৰ স্বাধীনতা সংগ্ৰামত ফখৰুদ্দিন আলি আহমেদৰ অৱদান কি??

উত্তৰ – জৱাহৰলাল নেহৰুৰ ৰাজনৈতিক ভাৱাদৰ্শই প্ৰভাৱান্বিত কৰা ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৩৯ চনত তেওঁ স্বাধীনতা আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰ এবছৰ কাল কাৰাবাসো খাটিব লগা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত সক্ৰীয় অংশগ্ৰহণ কৰা বাবে ১৯৪২ চনত প্ৰায় তিনি বছৰৰ বাবে কাৰাগাৰত কটাইছিল। ইয়াৰ ওপৰিও তেওঁ সাধাৰণ জনতাক সংঘবদ্ধ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল

2. ১৯৭৫ চনত তৃতীয়বাৰৰ বাবে ভাৰতত জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল??

উত্তৰ – ফখৰুদ্দিন আলি আহমেদ

3. দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰা প্ৰথমজন সুযোগ্য অসম সন্তানৰ নাম কি??

উত্তৰ – ফখৰুদ্দিন আলি আহমেদ

4. ১৯৩৮ চনত অসম চৰকাৰত মন্ত্ৰী হোৱাৰ সময়ত ফখৰুদ্দিন আলী আহমেদৰ দপ্তৰ কি আছিল??

উত্তৰ – বিত্ত, ৰাজহ আৰু শ্ৰম

5. কেতিয়া ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল?

উত্তৰ – ১৯৭৪ চনৰ ২৪ আগষ্টত ফখৰুদ্দিন আলি আহমেদে ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top