দাদাভাই নৌৰাজী জীৱনী | Dada Bhai Naoroji Biography

দাদাভাই নৌৰাজী | Dada Bhai Naoroji Essay in Assamese | Biography of Dada Bhai Naoroji in Assamese | দাদাভাই নৌৰাজী বিষয়ে জীৱনী | দাদাভাই নৌৰাজী বিষয়ে ৰচনা | দাদাভাই নৌৰাজীৰ চমু পৰিচয়।

Join Telegram channel

গ্ৰেট ব্ৰিটেইনৰ সংসদত মনোনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি হ’ল দাদাভাই নৌৰাজী। ব্ৰিটেইন সাংসদত নিজৰ স্থান সুনিশ্চিত কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ১৮৯২ চনত তেওঁ ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ অংশ হয়। মহাত্মা গান্ধীৰ আগমনৰ পূৰ্বে দেশৰ প্ৰমুখ নেতাৰ ভিতৰত অন্যতম আছিল দাদাভাই নৌৰাজী। গুৰুত্বপূৰ্ণ কথা যে, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, গোপালকৃষ্ণ গোথলে আদি নেতাসকলে ৰাজনীতিৰ আদিপাঠ গ্ৰহণ কৰিছিল দাদাভাই নৌৰাজীৰ পৰা। 

Dada Bhai Naoroji

দাদাভাই নৌৰাজী জীৱনী | Dada Bhai Naoroji Biography

নামদাদাভাই নৌৰাজী (Dada Bhai Naoroji)
জন্ম চন৪ চেপ্তেম্বৰ, ১৮২৫ চন
জন্ম স্থানবোম্বাই, মহাৰাষ্ট্ৰ
পিতৃৰ নামনৌৰাজী পালাঞ্জী দৰ্দি
মাতৃৰ নামমানেকবাই
শিক্ষা১) নেটিভ এডুকেশ্বন চচাইটি
২) এলফিনষ্টোন ইনষ্টিটিউশ্যন
মৃত্যু৩০ জুনত, ১৯১৭ চন

জাতিবাদ তথা ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সৰৱ দাদাভাই নৌৰাজীৰ জন্ম হৈছিল মোম্বাইত ১৮২৫ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে। এটা দৰিদ্ৰ পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰা দাদা ভাই‌ নৌৰাজী প্ৰগতীশীল চিন্তাৰ অধিকাৰী আছিল। তেওঁৰ পিতৃৰ নাম হ’ল-নৌৰাজী পালাঞ্জী দৰ্দি আৰু মাতৃৰ নাম হ’ল- মানেকবাই। উল্লেখ্য যে দাদাভাই নৌৰাজীৰ চাৰি বছৰ বয়সতে তেওঁৰ পিতৃয়ে ইহলীলা সম্বৰণ কৰিছিল। পিতৃৰ অকাল মৃত্যুৰ ফলত ঘৰৰ সকলো দায়িত্ব দাদাভাই নৌৰাজীৰ মাতৃয়ে সাহসেৰে কান্ধপাতি লৈছিল। শৈশৱতে প্ৰচুৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লেও সকলো সমস্যাৰ লগত সাহসেৰে মুখামুখি হৈছিল দাদাভাই নৌৰাজী। গুৰুত্বপূৰ্ণ কথা যে এইখিনি সময়ত সমাজত বাল্যবিবাহৰ প্ৰচলন আছিল বাবে ১১ বছৰ বয়সতে গুলবাইৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল দাদাভাই নৌৰাজী।

দাদাভাই নৌৰাজীয়ে প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল এলফিনষ্টোন ইনষ্টিটিউট স্কুলত। উল্লেখ্য যে সৰুৱে পৰা বিদ্যায়তনিক ক্ষেত্ৰত যথেষ্ট মেধাৱী আছিল নৌৰাজী।

উল্লেখ্য যে দাদাভাই‌ নৌৰাজীয়ে বৰোদাৰ মহাৰাজা তৃতীয় Sayajirao Gaekwad ৰ পৃষ্ঠপোষক হিচাপে কাম কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৭৪ চনত দাদাভাই নৌৰাজীয়ে Sayajirao Gaekwad ৰ দেৱান হিচাপে কাম আৰম্ভ কৰে। গুৰুত্বপূৰ্ণ কথা যে, Zoroastrian ধৰ্মৰ পুনৰোদ্ধাৰৰ বাবে দাদাভাই নৌৰাজীয়ে ১৮৫১ চনৰ ১ আগষ্ট তাৰিখে Rahnumae Mazdayasne Sabha প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ পষেকীয়াকৈ the Rast Goftar (or The Truth Teller) প্ৰকাশৰ কাম আৰম্ভ কৰে। উল্লেখ্য যে এই পষেকীয়া পত্ৰখনে ভাৰতীয় পাৰ্চী সকলৰ মাজত পাৰ্চী সমাজ সংস্কাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৯৫৫ চনত দাদাভাই নৌৰাজীয়ে বোম্বাইস্থিত এলফিনষ্টোন মহিবিদ্যালয়ত গণিত আৰু প্ৰাকৃতিক দৰ্শনৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। উল্লেখ্য যে ইয়াৰ লগে লগে অধ্যাপকৰ দৰে খ্যাতিসম্পন্ন শৈক্ষিক পদবীত সেৱা আগবঢ়োৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় দাদাভাই নৌৰাজী। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৫ চনতে দাদাভাই নৌৰাজীয়ে লণ্ডনলৈ যাত্ৰা কৰে। লণ্ডনত গৈ নৌৰাজীয়ে অংশীদাৰীত্ব হিচাপত Cama & Co কোম্পানী প্ৰতিষ্ঠা কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপন কৰা প্ৰথমটো ভাৰতীয় কোম্পানী।

অৱশ্যে যোগদানৰ প্ৰায় তিনিবছৰ মান পিছতেই বিভিন্ন মতাদৰ্শগত পাৰ্থক্যৰ বাবে Cama & Co ৰ পৰা পদত্যাগ কৰে দাদাভাই নৌৰাজীয়ে।

ইয়াৰ পৰৱৰ্তী সময়ত ১৮৫৯ চনত দাদাভাই নৌৰাজীয়ে Dadabhai Naoroji & Company নামেৰে এটা কপাহ কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনত গুজৰাটী ভাষাৰ অধ্যাপক হিচাপে কিছুদিন সেৱা আগবঢ়ায়। উল্লেখ্য যে, ১৮৬১ চনৰ ৩১ অক্টোবৰত দাদাভাই নৌৰাজীয়ে Muncherjee Hormusji Cama সৈতে একত্ৰিত হৈ Zoroastrian সকলৰ বাবে ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক সংগঠন The Zoroastrian Trust Funds of Europe’ (ZTFE)  প্ৰতিষ্ঠা কৰে।

ভাৰতীয় ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ সৈতে জড়িত বিষয়সমূহত অৰিহণা যোগাবলৈ দাদাভাই নাওৰোজীয়ে ১৮৬৫ চনত লণ্ডন ইণ্ডিয়ান ছ’চাইটি প্ৰতিষ্ঠা কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৬৬ চনত ভাৰতৰ বাবে স্বাধীনতা সংগ্ৰামৰ গতিপথ সলনি কৰাৰ উদ্দেশ্যে ইষ্ট ইণ্ডিয়া এছ’চিয়েশ্যন গঠন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইষ্ট ইণ্ডিয়া এছ’চিয়েশ্যন হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ পূৰ্বৰ সংগঠন সমূহৰ ভিতৰত এক অন্যতম সংগঠন। এই সংগঠনটোৰ জৰিয়তে নৌৰাজীয়ে বগা ব্ৰিটিছসকলৰ বৰ্ণগত আধিপত্য তথা ব্ৰিটিছৰ শোষণক ভাৰতীয় সকলৰ মাজত দাঙি ধৰিছিল।

উল্লেখ্য যে দাদাভাই নৌৰাজী ১৮৮৫ চনৰ পৰা ১৮৮৮ চনলৈকে বোম্বাইৰ বিধান পৰিষদৰ অন্যতম সদস্য হোৱাৰ লগতে ১৮৭৪ চনত বৰোদাৰ প্ৰধানমন্ত্ৰী পদতো অধিষ্ঠিত হয়। ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ পিছত ১৮৮৬ চনত তেওঁ ৰাষ্ট্ৰপতি হিচাপে ভোট লাভ কৰে।পৰৱৰ্তী সময়ত তেওঁ পুনৰ ১৮৯৩ চন আৰু ১৯০৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰে।

উল্লেখ্য যে, প্ৰৱল ৰাষ্ট্ৰবাদী নেতা দাদাভাই নৌৰাজী হ’ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক। ইয়াৰ ওপৰিও ব্ৰিটিছ প্ৰশাসনৰ বিৰূদ্ধে স্বদেশ আৰু বিদেশত মাত মতা অন্যতম নেতা আছিল দাদাভাই নৌৰাজী। ১৯০৬ চনত কলিকতাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিবেশনত প্ৰথমবাৰৰ বাবে স্বৰাজৰ কথা উল্লেখ কৰিছিল দাদাভাই নৌৰাজীয়ে। স্বশাসনৰ নীতি নিৰ্ধাৰণ কৰি নৌৰজীয়ে কংগ্ৰেছৰ নীতি নিৰ্ধাৰণ কৰিছিল। উল্লেখ্য যে, ইংৰাজৰ অপ-শাসনৰ বিৰুদ্ধে মাত মাতি অহা নৌৰাজীয়ে লেখা-মেলাৰ জৰিয়তে সকলো ভাৰতীয়ক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। 

গুৰুত্বপূৰ্ণ কথা যে, ১৮৯২ চনত দাদাভাই নৌৰাজীয়ে প্ৰথমগৰাকী ভাৰতীয় হিচাপে ব্ৰিটিছ পাৰ্লিয়ামেন্টত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে ১৮৯২ চনৰ পৰা ১৮৯৫ চনলৈকে এই পদত অধিষ্ঠিত হৈ আছিল।

নাৰী সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দাদাভাই নৌৰাজীয়ে নাৰী শিক্ষাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ ১৮৪০ চনতেই নাৰী শিক্ষাৰ বাবে বিদ্যালয় প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে, বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পৰম্পৰাগত চিন্তাধাৰাৰ ব্যক্তিসকলৰ পৰা যথেষ্ট বাধা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছিল যদিও নিজৰ চিন্তা তথা কামত  অটল আছিল দাদাভাই নৌৰাজী। নৌৰাজীৰ অটল মনোবৃত্তিৰ বাবেই পৰৱৰ্তী সময়ত বোম্বেত প্ৰতিষ্ঠা কৰা ছোৱালী বিদ্যালয়খনত নামভৰ্তিৰ হাৰ বৃদ্ধি পাবলৈ ধৰে। সম-অধিকাৰ তথা নাৰী-পুৰুষৰ মাজত প্ৰভেদ নমনা, প্ৰতিনিয়ত সমাজত সমতাৰ হকে মাত মাতি আহিছিল দাদাভাই‌ নৌৰাজীয়ে। 

Read Also: অটল বিহাৰী বাজপেয়ী জীৱনী | Atal Bihari Vajpayee Biography

গুৰুত্বপূৰ্ণ কথা যে, ইংৰাজে কৰা অন্যায়ৰ সম্পৰ্কত গৱেষণামূলক কিতাপ ৰচনা কৰিছিল দাদাভাই নৌৰাজীয়ে। নৌৰাজীয়ে ১৯০১ চনত Poverty and Un-British Rule in India নামৰ গ্ৰন্থৰ জৰিয়তে কিদৰে ব্ৰিটিছে ভাৰতক শোষণ কৰিছিল সেই সম্পৰ্কে পুংখানুপুংখ ভাৱে বৰ্ণনা কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটত এই গ্ৰন্থখন হ’ল এখন অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ।

উল্লেখ্য যে, দাদাভাই নৌৰাজীক দেশৰ সকলোৱে Grand Old Man of India হিচাপে অভিহিত কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত দাদাভাই নৌৰাজীয়ে আগবঢ়োৱা অৱদানৰ কথা মহাত্মা গান্ধীয়ে ১৮৯৪ চনত চিঠিৰ মাধ্যমেৰে বৰ্ণনা কৰিছিল যে, “ভাৰতীয়সকলে এটি শিশুৰ দৰে পিতৃৰ ফালে চোৱাৰ দৰে আপোনালৈ চায়! আপোনাৰ সন্দৰ্ভত এয়াই হৈছে প্ৰকৃত ভাৰতীয়ৰ মনোভাৱ।” তিনিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰা দাদাভাই নৌৰাজী হ’ল  এজন প্ৰগতিশীল সমাজ সংস্কাৰক। তেওঁ  ৰাজনৈতিক গতিশীলতাৰ ওপৰতো জ্ঞান প্ৰদান কৰিছিল। প্ৰচুৰ বুদ্ধিমত্তাৰ গৰাকী দাদাভাই নৌৰাজীয়ে Drain of Wealth থিয়ৰীৰ জৰিয়তে ব্ৰিটিছ শাসনৰ প্ৰকৃত স্বৰূপ উদঙাই দিছিল।

অত্যন্ত মেধাসম্পন্ন ব‌্যক্তি, ৰাজনীতিবিদ, শিক্ষাবিদ হিচাপে পৰিচিত দাদাভাই নৌৰাজীয়ে কেইবাখনো গ্ৰন্থও প্ৰণয়ন কৰিছিল। তেওঁৰ অধিকাংশ গ্ৰন্থত ব্ৰিটিছ ৰাজৰ অধীনত ভাৰতৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ বিষয়ে উল্লেখ কৰিছে।  ইয়াৰ ওপৰিও তেওঁ পাৰ্চীসকলৰ ওপৰতো গ্ৰন্থ প্ৰণয়ন কৰিছিল। তেওঁৰ উল্লেখ্যযোগ্য গ্ৰন্থ সমূহ হ’ল- ১৮৬৪ চনত প্ৰকাশিত The Manners and Customs of the Parsees , ১৮৬৬ চনত প্ৰকাশিত The European and Asiatic races , ১৮৬৮ চনত প্ৰকাশিত Admission of Educated Natives into the Indian Civil Service , ১৮৭৬ চনত প্ৰকাশিত The Wants and Means of India, ১৮৮২ চনত প্ৰকাশিত Condition of India , ১৮৭৬ চনত প্ৰকাশিত Poverty of India , ১৮৮৯ চনত প্ৰকাশিত Lord Salisbury’s Blackman, ১৮৬১ চনত প্ৰকাশিত The Parsee Religion , ১৯০২ চনত প্ৰকাশিত Poverty and Un-British Rule in India.

নিজৰ দেশ আৰু দেশবাসীৰ প্ৰতি অপৰিসীম অৱদান আগবঢ়োৱা দাদাভাই নৌৰাজীয়ে ১৯১৭ চনৰ ৩০ জুনত শেষ নিশ্বাস ত্যাগ কৰে। দাদাভাই নৌৰাজীয়ে নিজৰ গৃহভূমিতে স্বাধীনতাৰ যুঁজখনেই যুঁজ দিয়াই নহয়, ব্ৰিটিছ কৰ্তৃপক্ষৰ মাজত বিশেষকৈ ব্ৰিটিছ সংসদত চৰকাৰী সংসদ সদস্য হিচাপেও ভাৰতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইজনা মনিষীৰ সন্মান ৰক্ষাৰ্থে তথা তেওঁৰ স্মৃতি যোগমীয়া কৰি ৰাখিবলৈ মোম্বাইত দাদাভাই নৌৰাজী ৰোড, পাকিস্তানৰ কচাৰীত দাদাভাই নৌৰাজী ৰোড, The Central Government Servants’ Residential Colony, দক্ষিণ দিল্লীৰ নৌৰাজী নগৰ, লণ্ডনৰ ৰ’জবেৰী এভিনিউৰ ফিন্সবেৰী টাউন হলৰ প্ৰৱেশদ্বাৰত দাদাভাই নৌৰাজীৰ সন্মানত এখন ফলক পোৱা যায়। বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ, অৰ্থনীতিবিদ দাদাভাই নৌৰাজী হ’ল প্ৰজন্মৰ আদৰ্শ।

FAQ

১) গ্ৰেট ব্ৰিটেইনৰ সংসদত মনোনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি কোন?

উত্তৰ- গ্ৰেট ব্ৰিটেইনৰ সংসদত মনোনীত হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি হ’ল ‌দাদাভাই নৌৰাজী।

২) দাদাভাই নৌৰাজীৰ জন্ম ক’ত হৈছিল?

উত্তৰ- দাদাভাই নৌৰাজীৰ জন্ম হৈছিল মোম্বাইত ১৮২৫ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে।

৩) দাদাভাই নৌৰাজীৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- দাদাভাই নৌৰাজীৰ পিতৃৰ নাম হ’ল- নৌৰাজী পালাঞ্জী দৰ্দি আৰু মাতৃৰ নাম হ’ল- মানেকবাই।

৪) দাদাভাই নৌৰাজীক দেশৰ সকলোৱে কি বুলি অভিহিত কৰিছিল?

উত্তৰ- দাদাভাই নৌৰাজীক দেশৰ সকলোৱে Grand Old Man of India হিচাপে অভিহিত কৰিছিল।

৫) দাদাভাই নৌৰাজীয়ে কেতিয়া শেষ নিশ্বাস ত্যাগ কৰে?

উত্তৰ- দাদাভাই নৌৰাজীয়ে ১৯১৭ চনৰ ৩০ জুনত শেষ নিশ্বাস ত্যাগ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top