অটল বিহাৰী বাজপেয়ী জীৱনী | Atal Bihari Vajpayee Biography

অটল বিহাৰী বাজপেয়ী | Atal Bihari Vajpayee Essay in Assamese | Biography of Atal Bihari Vajpayee in Assamese | অটল বিহাৰী বাজপেয়ী বিষয়ে জীৱনী | অটল বিহাৰী বাজপেয়ী বিষয়ে ৰচনা | দাদাভাই নৌৰাজীৰ চমু পৰিচয়।

Join Telegram channel

প্ৰায় ৫ দশক ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অটল বিহাৰী বাজপেয়ী আছিল ভাৰতীয় ৰাজনৈতিক তথা ৰাজনৈতিক জীৱনৰ এটা ভোটা তৰা। ৰাজনৈতিক ভাৱে ক্ষমতাশালী এজন শক্তিশালী নেতা হিচাপে নহয় নিজৰ শক্তিশালী ব্যক্তিত্বৰ বাবে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল অটল বিহাৰী বাজপেয়ী। নৱভাৰতৰ যুগদ্ৰষ্টা হিচাপেও অভিহিত কৰা অটল বিহাৰী বাজপেয়ী ব্যক্তিত্ব আছিল ৰাজনৈতিক মতাদৰ্শগত ভিন্নতাৰ বহু উৰ্ধত। যাৰ বাবে তেওঁক প্ৰকৃত মূল্যবোধৰ ৰাজনীতিৰ নায়ক তথা বাটকটীয়া হিচাপে গণ্য কৰা হয়। স্বাধীন ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰা অটল বিহাৰী বাজপেয়ী একেধাৰে সাংবাদিক-কবি-গীতিকাৰ-আন্দোলনকাৰী- সমাজ সংস্কাৰক- ৰাজনীতিজ্ঞ আদি বহুমুখী ব্যক্তিত্ব তথা গুণৰ অধিকাৰী আছিল।

Atal Bihari Vajpayee

অটল বিহাৰী বাজপেয়ী জীৱনী | Atal Bihari Vajpayee Biography

নামঅটল বিহাৰী বাজপেয়ী (Atal Bihari Vajpayee)
জন্ম চন২৫ ডিচেম্বৰ, ১৯২৪ চন
জন্ম স্থানগোৱালিয়ৰ, মধ্যপ্ৰদেশ
পিতৃৰ নামকৃষ্ণ বিহাৰী বাজপেয়ী
মাতৃৰ নামকৃষ্ণা বিহাৰী বাজপেয়ী
শিক্ষা১) সৰস্বতী শিশু মন্দিৰ, গোৱালিয়ৰ
২) ভিক্টোৰিয়া কলেজ, গোৱালিয়ৰ (বৰ্তমান মহাৰাণী লক্ষ্মীবাই চৰকাৰী মহাবিদ্যালয়)
৩) ডি এ ভি কলেজ, কানপুৰ
বঁটা সন্মান১) পদ্ম বিভূষন, ১৯৯২ চন
২) ডি লিট, ১৯৯৬ চন (কানপুৰ বিশ্ববিদ্যালয়)
৩) লোকমান্য তিলক পুৰষ্কাৰ, ১৯৯৪ চন
৪) শ্ৰেষ্ঠ সাংসদ, ১৯৯৪ চন
৫) ভাৰতৰত্ন, ২০১৪ চন,
৬) ডি লিট, ২০১৫ চন (মধ্য প্ৰদেশ মুক্ত বিশ্ববিদ্যালয়)
মৃত্যু১৬ আগষ্ট, ২০১৮ চন

ভাৰতৰ বিশাল ৰাজনৈতিক ক্ষেত্ৰখনৰ এজোপা বটবৃক্ষ স্বৰূপ স্বপ্নদ্ৰষ্টা, যুগদ্ৰষ্টা, নিৰ্ভীক, নিষ্ঠাৱান আৰু মানৱদৰদী জননেতা অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৫ ডিচেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত। তেওঁৰ পিতৃৰ নাম- কৃষ্ণ বিহাৰী বাজপেয়ী আৰু মাতৃৰ নাম হ’ল- কৃষ্ণা বিহাৰী বাজপেয়ী। কৃষ্ণ বিহাৰী বাজপেয়ী আছিল কৰ্মসূত্ৰে আছিল এজন শিক্ষক। 

গোৱালিয়ৰত অৱস্থিত সৰস্বতী শিশু মন্দিৰত আনুষ্ঠানিক শিক্ষা পাতনি মেলা অটল বিহাৰী বাজপেয়ীয়ে ১৯৩৪ চনত তেওঁৰ পিতৃয়ে প্ৰধান শিক্ষক হিচাপে যোগদান কৰা Ujjain জিলাত অৱস্থিত Anglo-Vernacular Middle (AVM) School নামভৰ্তি কৰে।  পৰৱৰ্তী সময়ত তেওঁ গোৱালিয়ৰৰ ভিক্টোৰিয়া কলেজৰ(বৰ্তমান মহাৰাণী লক্ষ্মী বাই গভৰ্ণমেণ্ট কলেজ) পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ডি এ ভি কলেজৰ পৰা।

সমাজৰ সৰ্বস্তৰৰ মংগলৰ বাবে প্ৰতিটো মুহুৰ্তত নিজক উৰ্চগা কৰা অটল বিহাৰী বাজপেয়ীৰ সামাজিক জীৱন যাত্ৰা আৰম্ভ হৈছিল এজন স্বাধীনতা সংগ্ৰামী হিচাপে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল বাজপেয়ীয়ে। অৱশ্যে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মতাদৰ্শৰ প্ৰতিহে অধিক আকৰ্ষিত হৈছিল অটল বিহাৰী বাজপেয়ী। যাৰ বাবে তেওঁ আৰ এছ এছত এজন স্বেচ্ছাসেৱক হিচাপে যোগদান কৰে। 

উল্লেখ্য যে ১৯৪৭ চনত বাজপেয়ীয়ে দীনদয়াল উপাধ্যায়ৰ সম্পাদিত ৰাষ্ট্ৰধৰ্ম (হিন্দী ভাষাত প্ৰকাশিত মাহেকীয়া আলোচনী), পাঞ্চজন্য ( হিন্দী ভাষাত প্ৰকাশিত সাপ্তাহিক কাকত) আৰু দৈনিক কাকত স্বদেশ আৰু বীৰ অৰ্জুনত সাংবাদিক হিচাপে দায়িত্ব গ্ৰহন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ বাজপেয়ীয়ে ১৯৫১ চনত ভাৰতীয় জনসংঘত যোগদান কৰে।

১৯৫৭ চনত প্ৰথমবাৰৰ বাবে সংসদীয় ৰাজনীতিত যাত্ৰা আৰম্ভ কৰা অটল বিহাৰী বাজপেয়ীয়ে তিনিখন আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি উত্তৰ প্ৰদেশৰ বলৰামপুৰ সমষ্টিৰ পৰা সংসদ হিচাপে নিৰ্বাচিত হৈছিল। লোকসভাৰ সংসদ হিচাপে নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰি বাজপেয়ীয়ে প্ৰদান কৰা তত্বগধূৰ বক্তব্যই সংসদৰ সকলো সদস্যৰ লগতে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক বিশেষ ভাৱে আপ্লুত কৰিছিল।বাজপেয়ীৰ ব্যক্তব্যত আকৰ্ষিত হৈ নেহৰুৱে ভৱিষ্যদ্বাণী কৰিছিল বাজপেয়ীয়ে এদিন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অংলকৃত কৰিব।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৬৮ চনত দীনদয়াল উপাধ্যায়ৰ মৃত্যুৰ পিছত জনসংঘৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ লাল কৃষ্ণ আদৱানী, নানাজী দেশমুখ আদিৰ সৈতে সংঘবদ্ধ ভাৱে কাম কৰি ভাৰতীয় ৰাজনীতিত জনসংঘৰ ভেঁটি শক্তিশালী কৰি তুলিছিল।

উল্লেখ্য যে ১৯৭৫ চনৰ জুন মাহত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত অটল বিহাৰী বাজপেয়ীয়ে কেইবামাহো কাৰাবন্দীত্বৰ জীৱন কটাব লগীয়া হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮০ চনত লাল কৃষ্ণ আদৱানীকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তিৰ সৈতে সংঘবদ্ধ হৈ ভাৰতীয় জনতা পাৰ্টী (বিজেপি) প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু জনতা পাৰ্টীৰ প্ৰথমগৰাকী সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰে।

গুৰুত্বপূৰ্ণ কথা যে, তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত ১৯৮৪ চনত বি জে পি দলে মাত্ৰ দুখন আসন লাভ কৰিবলৈহে সক্ষম হয়। এই পৰাজয়ে অটল বিহাৰী বাজপেয়ীক মানসিক ভাৱে বিধ্বস্ত কৰি তুলিছিল। কাৰণ তেওঁ ভাৰতীয় জনতা পাৰ্টীক সৰ্বস্তৰৰ জনতাৰ মাজত প্ৰতিষ্ঠা কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল। অৱশ্যে ইয়াৰ 

পৰৱৰ্তী সংসদীয় নিৰ্বাচনত ১৯৮৯ চনত বিজেপিয়ে ৮৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

পাঁচ দশকৰো অধিক সময় সংসদৰ সদস্য আছিল অটল বিহাৰী বাজপেয়ী। উল্লেখ্য যে তেওঁ দহবাৰ লোকসভালৈ আৰু দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত সংসদ হিচাপে নিৰ্বাচিত হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে, ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীয়ে তিনিটা কাৰ্যকাল  কাৰ্যনিৰ্বাহ কৰিছিল।  ১৯৯৬ চনত তেওঁৰ প্ৰথম কাৰ্যকাল আছিল মাত্ৰ ১৩ দিন।  ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে ১৩ মাহ সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  অৱশেষত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ তেওঁ সফলতাৰে পাঁচ বছৰ সম্পূৰ্ণ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।  তেওঁ পূৰ্ণাংগ পাঁচ বছৰৰ কাৰ্যকাল পাৰ কৰা প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী।

গুৰুত্বপূৰ্ণ কথা যে, কাৰ্গিল যুদ্ধৰ সময়ত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ) কেন্দ্ৰত ক্ষমতাত আছিল।  এই যুদ্ধত ভাৰতৰ বিজয়ে বাজপেয়ীৰ ভাবমূৰ্তিত ইতিবাচক প্ৰভাৱ পেলাইছিল। কাৰ্গিল যুদ্ধই ৰাষ্ট্ৰীৰ স্বাৰ্থত সকলো স্তৰৰ প্ৰত্যাহ্বান জনাবলৈ যে বাজপেয়ী সাজু থাকে সেই কথাক সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰতিপন্ন কৰি তুলিছিল। ১৯৯৮ চনৰ ১১ মে’ত ভাৰতে ৰাজস্থানৰ পোখৰাণত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে পাৰমাণৱিক পৰীক্ষণ কৰাৰ সময়ত ই দেশৰ বৈজ্ঞানিক সামৰ্থ্য প্ৰদৰ্শন কৰাই নহয়, বাজপেয়ীৰ নেতৃত্বৰ সাহসকো প্ৰতিফলিত কৰি তুলিছিল।

মানৱদৰদী,সবল ব্যক্তিত্বৰ অধিকাৰী ৰাষ্ট্ৰনেতা অটল বিহাৰী বাজপেয়ীক ১৯৯২ চনত দেশলৈ আগবঢ়োৱা অৱদানৰ বাবে  পদ্ম বিভূষণ প্ৰদান কৰা হৈছিল। ইয়াৰ ওপৰিও ১৯৯৪ চনত শ্ৰেষ্ঠ সংসদ সদস্য হিচাপে স্বীকৃতি লাভ কৰিছিল বাজপেয়ীয়ে। 

২০১৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল অটল বিহাৰী বাজপেয়ীক।

কেইবা দশক জুৰি ভাৰতীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা কৰা অটল বিহাৰী বাজপেয়ীয়ে ২০০৫ চনৰ শেষৰ ফালে ভাৰতীয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। নিঃসন্দেহে অটল বিহাৰী বাজপেয়ী আছিল এজন বহুমুখী ব্যক্তিত্বৰ অধিকাৰী এজন ৰাষ্ট্ৰনেতা, কবি, লেখক। নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ অটল বিহাৰী বাজপেয়ীয়ে কৰ্মৰ লগতে নিজৰ বাগ্মিতাৰ জৰিয়তেও জনসাধাৰণৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰিব পাৰিছিল। স্থিতপ্ৰজ্ঞ অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰখনত এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। শাসক, বিৰোধী সকলোকে সন্মান কৰা বাজপেয়ীয়ে যেতিয়া সংসদত ব্যক্তব্য প্ৰদান কৰিছিল তেতিয়া সংসদ ভৱনত এক অনন্য পৰিৱেশৰ সৃষ্টি হৈছিল। এক সন্মোহনী শক্তিৰ জৰিয়তে শাসক-বিৰোধী সকলোৰে হৃদয় জয় কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। ভাৰতীয় ৰাজনীতিত কেইবাটাও সন্মানীয় পদবীত অধিষ্ঠিত অটল বিহাৰী বাজপেয়ীক ড০ মনমোহন সিঙে তেওঁক ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পিতামহ হিচাপে আখ্যা দিছিল।

মূল্যবোধৰ ৰাজনীতিৰ অন‌্যতম ধ্বজাবাহক অটল বিহাৰী বাজপেয়ীয়ে কবিতা পুথি, প্ৰৱন্ধকে আদি কৰি বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছিল। সেইসমূহ হ’ল-

প্ৰৱন্ধ পুথি সমূহ হ’ল- National Integration (1961), New Dimensions of India’s Foreign Policy (1979), Gathbandhan Ki Rajneeti, Kucha Lekha, Kucha Bhashana (1996), Bindu-Bindu Vicara (1997), Decisive Days (1999), Sankalp-Kaal (1999), Vicara-Bindu, India’s Perspectives on ASEAN and the Asia-Pacific Region (2003), Na Dainyam Na Palayanam, Nayi Chunouti : Naya Avasar,

কবিতা পুথি সমূহ হ’ল- Kaidi Kaviraj Ki Kundalian, Amar Aag Hai (1994), Meri Ikyaavan Kavitaen (1995), Kya Khoya Kya Paya: Atal Bihari Vajapeyi, Vyaktitva Aur Kavitaem (1999), Values, Vision & Verses of 

India’s Man of Destiny (2001), Twenty-one Poems (2003), Chuni Hui Kavitayein (2012). 

উল্লেখ্য যে আজীৱন অবিবাহিত হৈ থকা অটল বিহাৰী বাজপেয়ীয়ে তেওঁ মহাবিদ্যালয়ৰ বন্ধু ৰাজকুমাৰী কৌলৰ কন্যা নমিতা কৌল ভট্টাচাৰ্যক তোলনীয় ছোৱালী (adopted child) হিচাবে মৰ্যদা প্ৰদান কৰিছিল। ২০১৮ চনৰ ১৬ আগষ্ট তাৰিখে ৰোগাক্ৰান্ত হৈ ৯৩ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। উল্লেখ্য যে অটল বিহাৰী বাজপেয়ীক মুখাগ্নী কৰিছিল তেওঁৰ পালিতা কন্যা নমিতা কৌল ভট্টাচাৰ্যই। 

Read Also: ৰংবং তেৰাং জীৱনী | Rongbong Terang Biography

বটবৃক্ষৰ দৰে সবল ব্যক্তিত্বৰ অধিকাৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব।  ৰাজনীতিবিদ আৰু ও সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত বাজপেয়ীৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো অটল বিহাৰী বাজপেয়ীৰ চিন্তাৰ প্ৰাসংগিকতা আছে। 

FAQ

১) অটল বিহাৰী বাজপেয়ীৰ জন্ম ক’ত হৈছিল?

উত্তৰ- অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল ১৯২৪ চনৰ ২৫ ডিচেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত।

২) অটল বিহাৰী বাজপেয়ীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰ- অটল বিহাৰী বাজপেয়ীৰ পিতৃৰ নাম হ’ল- কৃষ্ণ বিহাৰী বাজপেয়ী আৰু মাতৃৰ নাম হ’ল- কৃষ্ণা বিহাৰী বাজপেয়ী।

৩) কেতিয়া প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল অটল বিহাৰী বাজপেয়ী?

উত্তৰ- অটল বিহাৰী বাজপেয়ীয়ে তিনিটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৬ চনত তেওঁৰ প্ৰথম কাৰ্যকাল আছিল মাত্ৰ ১৩ দিন।  ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈকে ১৩ মাহ সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  অৱশেষত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ তেওঁ সফলতাৰে পাঁচ বছৰ সম্পূৰ্ণ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top