ৰংবং তেৰাং জীৱনী | Rongbong Terang Biography

ৰংবং তেৰাং | Rongbong Terang Essay in Assamese | Biography of Rongbong Terang in Assamese | ৰংবং তেৰাং বিষয়ে জীৱনী | ৰংবং তেৰাং বিষয়ে ৰচনা | ৰংবং তেৰাংৰ চমু পৰিচয়।

Join Telegram channel

ভাষা হ’ল এটা জাতিৰ পৰিচয়ৰ বাহক। এটা ভাষাক বিকশিত কৰি ৰাখে, উজ্জীৱিত কৰি ৰাখে সেই ভাষাৰ সাহিত্যৰাজিয়ে। সেয়েহে সাহিত্যক এটা জাতিৰ দাপোন বুলিও অভিহিত কৰা হয়। সাহিত্যই এটা জাতিক প্ৰতিনিধিত্ব কৰি জাতীয় সত্বা, ভাষা-সংস্কৃতিক উজ্জ্বলাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাষা আৰু জাতিক যিয়ে নিজৰ অনবদ্য সৃষ্টিৰে মহিয়ান কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে নিজৰ অনন্য সাহিত্য সৃষ্টিৰ জৰিয়তে জাতিক বিশ্বদৰবাৰত চিনাকি কৰি দিব পাৰে ‌তেঁও হ’ল জাতিৰ মহিৰূহ তথা বাটকটীয়া স্বৰূপ। তেনে এগৰাকী অসমৰ ভাষা সাহিত্যৰ নিৰলস সাধক, বিশাল ব্যক্তিত্বৰ অধিকাৰী, নিৰহংকাৰি, মৃদুভাষী, পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাধক হ’ল পদ্মশ্ৰী ৰংবং তেৰাং। 

Rongbong Terang

ৰংবং তেৰাং জীৱনী | Rongbong Terang Biography

নামৰংবং তেৰাং (Rongbong Terang)
জন্ম চন১৩ জানুৱাৰী, ১৯৩৭ চন
জন্ম স্থানলাংবুদিংপি, বকলীয়াঘাট, কাৰ্বি আংলং, অসম
পিতৃৰ নামৰূপছিং তেৰাং
মাতৃৰ নামবাইক তেৰাং
শিক্ষা১) কাকি লালুং গাওঁ প্ৰাথমিক বিদ্যালয়
২) নগাঁও জিলাৰ লংকা লোকেল বোৰ্ড স্কুল
৩) নগাঁও মহাবিদ্যালয়
৪) গুৱাহাটী বিশ্ববিদ্যালয়
বঁটা সন্মান১) পদ্মশ্ৰী বঁটা (১৯৮৯ চন)
২) বিষ্ণুৰাভা বঁটা (১৯৮২ চন)
৩) অসম প্ৰকাশন পৰিষদ বঁটা (১৯৮৩ চন)
৪) মাধৱদেৱ বঁটা (২০০৮ চন)
৫) বাসুদেৱ জালান বঁটা (২০০৮ চন)
৬) চ্যু-কা-ফা বঁটা (২০০৯ চন)
৭) লুম্মেৰ দাই বঁটা (সাহিত্য সূর্য, ২০১৯ চন)

প্ৰাৰম্ভিক জীৱন

১৯৩৭ চনৰ ১৩ জানুৱাৰীত মিকিৰ পাহাৰ তথা বৰ্তমান কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ নিকটৱৰ্তী গাওঁ লাংবুদিংপিত জন্ম গ্ৰহণ কৰিছিল ৰংবং তেৰাঙে।  তেখেতৰ পিতৃ নাম আছিল ৰূপছিং তেৰাং আৰু মাতৃৰ নাম আছিল বা-ইক তেৰাং। কাকি লালুং গাওঁ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা ৰংবং তেৰাঙে প্ৰথম দুটা বছৰ এই বিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত নগাঁও জিলাৰ লংকা লোকেল বোৰ্ড স্কুলত নাম ভৰ্তি কৰে আৰু এই বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত লংকা হাইস্কুলত অধ্যয়ন কৰে।  লংকা হাইস্কুলৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৮ চনত নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৬২ চনত এই মহাবিদ্যালয়ৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম বাৰৰ বাবে অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ সন্মান অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৰংবং তেৰাঙৰ লগতে আন এজন শিক্ষাৰ্থীয়ে। ইয়াৰ পৰৱৰ্তী সময়ত ৰংবং তেৰাঙে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৬ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী হিচাপেও স্বীকৃতি লাভ কৰিছিল ৰংবং তেৰাঙে।

কৰ্মজীৱন

অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ৰংবং তেৰাঙে লংকা হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও কাকী হাইস্কুল, ডিফু বালিকা বিদ্যালয়তো সহকাৰী শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰংবং তেৰাঙে ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ২০০২ চনৰ ৩০ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছিল।

সাহিত্যৰাজি

হাইস্কুলত সপ্তম অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ত বিদ্যালয়ৰ পৰা ৰংবং তেৰাঙৰ লগতে আন কেইবাজনো শিক্ষক আৰু শিক্ষাৰ্থীৰ প্ৰচেষ্টাত জ্ঞান দায়িনীৰ উদ্যোগত ‘ৰেঙনী’ নামৰ হাতে লিখা আলোচনীত ‘গুৰি পৰুৱা’ শীৰ্ষক এটা লেখাৰ জৰিয়তে সাহিত্যৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল ৰংবং তেৰাঙে। গুৰুত্বপূৰ্ণ কথা যে হাইস্কুলত অধ্যয়ন কৰা সময়চোৱাত সাহিত্য চৰ্চাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ লগতো জড়িত আছিল ৰংবং তেৰাং। ফুটবল, ভলিবল, বেডমিন্টন খেলিছিল ৰংবং তেৰাঙে। গুৰুত্বপূৰ্ণ কথা যে বিশ্ববিদ্যালয়ত অধ্যায়ন কৰাৰ সময়তো ভলিবল খেলিছিল তেওঁ। বৰ্তমান সময়ত সাহিত্যক হিচাপে পৰিচিত হ’লেও ৰংবং তেৰাঙৰ আছিল এটা ক্ৰীড়া সুলভ আৰু সাংস্কৃতিক সুলভ মন।

গুৰুত্বপূৰ্ণ কথা যে গুৰি পৰুৱা শীৰ্ষক লেখাৰ পিছত ছপা আখৰত প্ৰকাশ পোৱা ৰংবং তেৰাঙৰ প্ৰথমটো লিখনি আছিল ‘প্ৰেতান্মা’ শীৰ্ষক এটা গল্প। কাৰ্বি আংলং জিলাত অৱস্থিত এটা জলপ্ৰপাতক কেন্দ্ৰ কৰি ৰংবং তেৰাঙে  ৰচনা কৰিছিল ‘প্ৰেতান্মা’ নামৰ এই গল্পটি। গল্পটি  ছপা আকাৰে প্ৰকাশিত হৈছিল অসমীয়া ভাষাৰ প্ৰথমখন সাদিনীয়া আলোচনী ড° বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদিত সাদিনীয়া নৱযুগত।

গুৰুত্বপূৰ্ণ কথা যে নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তেই ৰংবং তেৰাঙে পাইছিল সাহিত্য চৰ্চাৰ পৰিৱেশ। নৱকান্ত বৰুৱা, ৰত্নকান্ত বৰকাকতি, চৈয়দ আব্দুল মালিকৰো সান্নিধ্য লাভ কৰিছিল তেওঁ। কাকী, লংকা, লাংবুদিংপি আদি অঞ্চলৰ‌ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সান্নিধ্যই সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল ৰংবং তেৰাঙক। অন্যহাতে গুৱাহাটী বিশ্ববিদ্যালয়ত ৰংবং তেৰাঙে সান্নিধ্য লাভ কৰিছিল মহেশ্বৰ নেওগ, ৰূপ গোস্বামী, সত্যেন শৰ্মা আদিৰ দৰে প্ৰথিতযশা ব্যক্তিৰ। এইসকল ব্যক্তিৰ সান্নিধ্যত জীৱনত আগবাঢ়ি যাবলৈ তথা সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত বিশেষ অনুপ্ৰেৰণা লাভ কৰিছিল তেওঁ।

গুৰুত্বপূৰ্ণ কথা যে অসমীয়া আৰু কাৰ্বি ভাষাত বিভিন্ন গ্ৰন্থ প্ৰণয়ন কৰা ৰংবং তেৰাঙৰ প্ৰকাশিত পুথি একুৰিৰো অধিক। ৰংবং তেৰাঙৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘কাৰ্বি ভাষালৈ অনুবাদ কৰা মহাত্মা গান্ধী’, ইয়াৰ উপৰিও কাৰ্বি সকলৰ পৰম্পৰাগত গল্প সংকলনো তেৰাঙে প্ৰণয়ন কৰিছিল। কাৰ্বি পৰিচয় মূলক ব্যায়াকৰণ, কাৰ্বি অসমীয়া ভাষাৰ অভিধান, কাৰ্বি গণনা পুথি আদি বিচিত্ৰ বিষয়ৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচনা কৰি কাৰ্বি ভাষা সাহিত্যৰ বিকাশ আৰু সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰংবং তেৰাঙে।

ৰংবং তেৰাঙৰ প্ৰথম প্ৰকাশিত কিতাপ হ’ল ‘কাৰ্বি লামকুৰ’ (১৯৬৭)। অন্যহাতে ৰংবং তেৰাঙৰ প্ৰকাশিত প্ৰথম খন গল্প সংকলন হ’ল ‘বন ফৰিঙৰ গীত’ (১৯৯০) । ১৯৮১ চনত প্ৰকাশিত ৰংমিলিৰ হাঁহি হ’ল ৰংবং তেৰাঙৰ প্ৰকাশিত প্ৰথমখন উপন্যাস। এইখন উপন্যাসৰ বাবেই ৰংবং তেৰাঙে লাভ কৰিছিল ১৯৮৩ চনত অসম প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৮২ চনত সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা । গুৰুত্বপূৰ্ণ কথা যে তেৰাঙৰ ৰংমিলি হাঁহি এই উপন্যাসখন হিন্দী ভাষালৈও অনুদিত হৈছে। ১৯৫৭ চনত ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন নেশ্যনেল বুক ট্ৰাষ্টে ‘ৰংমিলি কী মুস্কান’ নামেৰে হিন্দী ভাষালৈ অনুবাদ কৰিছে। এই হিন্দী সংস্কৰণৰ অনুবাদক হ’ল নবাৰুণ শৰ্মা। ইয়াৰ উপৰিও গোৰেশ্বৰৰ আৰ. কে. ডি. ফিল্ম প্ৰডাকশ্যনে ৰংবং তেৰাঙৰ ৰংমিলিৰ হাঁহি উপন্যাস খনৰ কাহিনী ভাগক ১৩টা খণ্ডত সামৰি গুৱাহাটী দূৰদৰ্শনত ধাৰাবাহিক এখন প্ৰস্তুত কৰি সম্প্ৰচাৰণো কৰে ২০০০ চনত। এক কথাত বহু সমাদৃত ৰংমিলি হাঁহি উপন্যাস খন হ’ল বিংশ শতিকাৰ নৱম দশকৰ অসমীয়া ভাষাৰ এটি উল্লেখযোগ্য সাহিত্য-কৃতি।

Read Also: চন্দ্ৰ শেখৰ জীৱনী | Chandra Shekhar Biology

ইয়াৰ উপৰিও ৰংবং তেৰাঙৰ উল্লেখযোগ্য গ্ৰন্থ সমূহ হ’ল- কাৰ্বি লামতাছাম (কাৰ্বি-অসমীয়া অভিধান ১৯৭৪ চন), সমন্বয় প্ৰবাহ (প্ৰৱন্ধ সংকলন, ১৯৮৯ চন), ক্ৰান্তিকালৰ অশ্ৰু (২০০৫), জাক হেৰোৱা পক্ষী (২০০৫), নীলা আৰ্কিড(২০০১), মিৰবিন (২০০৯), লাংছলিয়েটৰ ক্ৰাক্ৰুং (২০০৭), স্মৃতিৰ পাপৰি (১৯৯৮)  ইত্যাদি। গুৰুত্বপূৰ্ণ কথা যে ৰংবং তেৰাঙে ‘শ্ৰীমদ্ভাগৱতগীতা’ক কাৰ্বি ভাষালৈ অনুবাদ কৰিছিল।

ইয়াৰ উপৰিও ৰংবং তেৰাঙৰ অপ্ৰকাশিত গল্প সংকলন সমূহ হ’ল- বকুলৰ ডায়েৰী, ধুনীয়া খামৰ চিঠিখন, বিস্ফোৰণ।

ৰংবং তেৰাঙে ২০০৯-১০ বৰ্ষত ধেমাজিত অনুষ্ঠিত হোৱা ৭০ তম অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে ২০১১-১২ চনত গোলাঘাট জিলাৰ দেৰগাঁওত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৭১-তম অধিৱেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও ৰংবং তেৰাঙে কাৰ্বি সাহিত্য সভাৰ সম্পাদক হিচাপে ১৯৬৬ চনৰ পৰা ১৯৮৩ চনলৈ এই সুদীৰ্ঘ সময়লৈ সম্পাদকৰ দায়িত্ব বহন কৰিছিল।

সংহতি দেউলৰ একনিষ্ঠ সাধক ৰংবং তেৰাঙ হ’ল ভাষা সংস্কৃতি সাহিত্যৰ সমন্বয়ৰ সাধক। ৰংবং তেৰাঙৰ জীৱনৰ মূল মন্ত্ৰ হৈছে সংহতি আৰু সমন্বয়। অসম খনক একগোট কৰি ৰাখিবলৈ আৰু জাতি জনজাতি একগোট কৰি এটা বলিষ্ঠ জাতি হিচাপে অসমীয়াক প্ৰতিষ্ঠা কৰিবলৈ ৰংবং তেৰাঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 

ৰংবং তেৰাং বুলিলেই কাৰ্বি আংলঙৰ মহিৰূহ, পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাধক, এক মাইলৰ স্তম্ভ দিখৌ ডিয়ুং লুইত কলং সামৰি একত্ৰিত কৰা শান্ত সৈম্য শিক্ষাবিদ গৱেষক জাতি জনগোষ্ঠীৰ মাজত জনপ্ৰিয় ‘ৰংমিলিৰ হাঁহি’ খ্যাত গল্পকাৰ উপন্যাসিক তথা স্বনামধন্য সাহিত্যিক জনৰ কথাই মনলৈ আহে। সাহিত্যই মানুহৰ প্ৰতি মানুহৰ প্ৰেম বিশ্বাস জগাই তোলে। সাহিত্য সংস্কৃতিয়েহে মানুহক ঐক্যবদ্ধ কৰিব পাৰে। পাহাৰ ভৈয়াম জাতি জনজাতি ধৰ্ম বৰ্ণ একাকাৰ কৰি সাহিত্যই ভাতৃত্ব আৰু একতাৰ ডোলেৰে একত্ৰিত কৰে জনগণক। ভাষা সাহিত্যলৈ ৰংবং তেৰাঙৰ অৱদান অনস্বীকাৰ্য্য। তেখেতৰ সাহিত্য চৰ্চাৰ অন্তৰালত থকা মূল মন্ত্ৰটো হ’ল মানুহ মানুহৰ বাবে। 

সামৰণি

গুৰুত্বপূৰ্ণ কথা যে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে বিভূষিত ৰংবং তেৰাঙ আৰ্থিক ভাৱে স্বচ্ছল নোহোৱাৰ বাবে বহু ঘাট প্ৰতিঘাট সমস্যাৰ মাজেৰে জীৱন বাটত বাট বুলিছিল। অধ্যয়নৰ প্ৰতি আগ্ৰহী ৰংবং তেৰাঙে আৰ্থিক দুৰাৱস্থাৰ বাবে কাঠৰ কাম কৰি উপাৰ্জন কৰা টকা মহাবিদ্যালয়ত পঢ়িবলৈ খৰচ কৰিছিল। তেখেতৰ মাতৃ আছিল নিৰক্ষৰা মহিলা। অসমীয়া ভাষা সংস্কৃতিৰ লগতে কাৰ্বি ভাষা সংস্কৃতিৰো ঐতিহ্য ৰক্ষাৰ বাবে সচেতনভাৱে দায়বদ্ধ ৰংবং তেৰাঙে সোণৰ চামুচ মুখত লৈ জন্ম নহ’লেও ব্যক্তিগত জীৱনত কঠোৰ প্ৰত্যাহ্বানৰ মাজতো শক্তিশালী ব্যক্তিত্বৰ নিৰহংকাৰী মনোভাৱৰে সততা আৰু সাহসেৰে সমাজ জীৱনত নিজকে প্ৰতিষ্ঠিত কৰিছিল। যাৰ বাবে ৰংবং তেৰাঙৰ সহজ সৰল জীৱন আৰু  জীৱন-দৰ্শন অসমৰ বাবে এক নজিৰবিহীন দৃষ্টান্ত আৰু অনুজ সকল তথা উত্তৰ প্ৰজন্মৰ বাবেও তেওঁ এক আৰ্হি স্বৰূপ।

বাস্তৱ জীৱনৰ ভিত্তিত, চাক্ষুষ অভিজ্ঞতাত লাভ কৰা বহু ঘটনা সাহিত্য ৰচনাত জীৱন্ত কৰি তুলি বিশাল সাহিত্য কৰ্মেৰে অসমীয়া সাহিত্য ভঁৰাল চহকী কৰা ৰংবং তেৰাং অসম তথা অসমীয়াৰ বাবে গৌৰৱ।

FAQ

  1. ৰংবং তেৰাঙৰ জন্ম কেতিয়া হৈছিল?

Ans. ৰংবং তেৰাঙৰ জন্ম ১৩ জানুৱাৰী, ১৯৩৭ চনত হৈছিল।

2. ৰংবং তেৰাঙৰ পিতৃৰ নাম কি আছিল?

Ans. ৰংবং তেৰাঙৰ পিতৃৰ নাম ৰূপছিং তেৰাং আছিল।

3. ৰংবং তেৰাঙৰ মাতৃৰ নাম কি আছিল?

Ans. ৰংবং তেৰাঙৰ মাতৃৰ নাম বাইক তেৰাং আছিল।

4. ৰংবং তেৰাং কত জন্ম গ্ৰহন কৰিছিল?

Ans. ৰংবং তেৰাং লাংবুদিংপি, বকলীয়াঘাট, কাৰ্বি আংলং, অসমত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top