চন্দ্ৰ শেখৰ জীৱনী | Chandra Shekhar Biology

চন্দ্ৰ শেখৰ | Chandra Shekhar Essay in Assamese | Biography of Chandra Shekhar in Assamese | চন্দ্ৰ শেখৰ বিষয়ে জীৱনী | চন্দ্ৰ শেখৰ বিষয়ে ৰচনা | চন্দ্ৰ শেখৰৰ চমু পৰিচয়।

Join Telegram channel

অতি কম সময়ৰ বাবে ভাৰতৰ অষ্টম সংখ্যক প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা চন্দ্ৰ শেখৰ আছিল এজন সৌজন্যশীল নেতা। স্পষ্টবাদী, আদৰ্শৰ ক্ষেত্ৰত আপোচবিহীন, সমাজবাদী নেতা চন্দ্ৰ শেখৰ আছিল ব্যক্তি পূজা ৰাজনীতিৰ বিপৰীতে গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সামাজিক ৰূপান্তৰ তথা প্ৰগতিশীলতাৰ সমৰ্থক। লোকসভাৰ খুব কমসংখ্যক সাংসদৰ সমৰ্থনত কোনো ধৰণৰ চৰকাৰী অফিচ নোহোৱাকৈ প্ৰধানমন্ত্ৰীত্বৰ পদ অলংকৃত কৰা চন্দ্ৰ শেখৰ আছিল প্ৰথমগৰাকী ব্যক্তি। প্ৰায় সাত মাহ দিন প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা চন্দ্ৰ শেখৰৰ শাসিত চৰকাৰখনক “পুতলা” অথবা “দুৰ্ভগীয়া” বুলি অভিহিত কৰা হয়। 

Chandra Shekhar

চন্দ্ৰ শেখৰ জীৱনী | Chandra Shekhar Biology

নামশ্ৰী চন্দ্ৰ শেখৰ (Chandra Shekhar)
জন্ম চন১ জুলাই, ১৯২৭ চন
জন্ম স্থানইব্ৰাহিমপট্টি, বাল্লিয়া জিলা, উত্তৰ প্ৰদেশ
শিক্ষা১) ছতীশ চন্দ্ৰ কলেজ, বাল্লিয়া
২) এলাহাবাদ বিশ্ববিদ্যালয়
মৃত্যু৮ জুলাই, ২০০৭ চন

এক দীৰ্ঘ সময় ধৰি ভাৰতীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা শ্ৰী চন্দ্ৰ শেখৰৰ জন্ম হৈছিল ১৯২৭ চনৰ ১৭ এপ্ৰিল তাৰিখে উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাৰ ইব্ৰাহিমপট্টি নামৰ এটা অঞ্চলৰ এটা মধ্যবিত্ত কৃষক পৰিয়ালত।

ক’লা শাখাত বাল্লিয়া অঞ্চলত অৱস্থিত ছতীশ চন্দ্ৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শ্ৰী চন্দ্ৰ শেখৰে  ১৯৫০ চনত ৰাজনীতি বিজ্ঞান বিষয়ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে চন্দ্ৰ শেখৰ শেখৰ দুৰ্জা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুই পুত্ৰ সন্তানৰ নাম হ’ল পংকজ শেখৰ সিং (জ্যেষ্ঠ) আৰু নীৰজ শেখৰ (কনিষ্ঠ)। নীৰজ শেখৰ হ’ল ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰীয় সদস্য।

ছাত্ৰ জীৱনৰ পৰাই ড° ৰাম মোহন লোহিয়াৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা চন্দ্ৰ শেখৰ সেই সময়ত নিজৰ অত্যুৎসাহী আৰু বিপ্লৱী মতাদৰ্শৰ বাবে সকলোৰে মাজত ফায়াৰব্ৰেণ্ড হিচাপে জনপ্ৰিয় হৈ পৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত সমাজবাদী আন্দোলনত অংশগ্ৰহণ কৰি বাল্লিয়া জিলাৰ Praja Socialist Party (PSP) সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৫৫-৫৬ চনত সমাজবাদী পাৰ্টীৰ উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহন কৰে।

১৯৬২ চনত শ্ৰী চন্দ্ৰ শেখৰ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল নিৰ্দলীয় ভাৱে। এইদৰেই সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল চন্দ্ৰ শেখৰে। ১৯৬৫ চনত চন্দ্ৰ শেখৰে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ১৯৬৮ চনত চন্দ্ৰ শেখৰ পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ পৰা উত্তৰ প্ৰদেশৰ ৰাজ্যসভালৈ সংসদ হিচাপে নিৰ্বাচিত হৈছিল।  

১৯৬৯ চনত চন্দ্ৰ ‌শেখৰে দিল্লীৰ পৰা Young Indian নামৰ এখন সাপ্তাহিক কাকত প্ৰকাশ কৰাৰ লগতে সম্পাদনাৰ দায়িত্ব বহন কৰিছিল। চন্দ্ৰ শেখৰ সিং আছিল Young Indian ৰ সম্পাদনা সমিতিৰ অধ্যক্ষ। উল্লেখ্য যে জৰুৰীকালীন অৱস্থাৰ সময়ত Young Indian ৰ প্ৰকাশ বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮৯ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত পৰা পুনৰ প্ৰকাশ হৈছিল Young Indian.

১৯৭৭ চনৰ ২ মাৰ্চত বাল্লিয়াৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল চন্দ্ৰ শেখৰে। গুৰুত্বপূৰ্ণ কথা যে, মাত্ৰ এটা লোকসভা নিৰ্বাচনৰ বাহিৰে অৰ্থাৎ ১৯৮৪ চনৰ নিৰ্বাচনৰ বাহিৰে ১৯৭৭ চনৰ পৰা ২০০৪ চনলৈকে প্ৰতিদ্বন্দিতা কৰা প্ৰতিটো লোকসভা নিৰ্বাচনতে জয়ী হৈছিল চন্দ্ৰ শেখৰ। উল্লেখ্য যে মুঠ আঠ বাৰ লোকসভা নিৰ্বাচনত জয়ী হৈ সংসদ হিচাপে দায়িত্ব পালন কৰিছিল চন্দ্ৰ শেখৰে।

১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে কংগ্ৰেছ দলৰ শাসন চলি থকাৰ সময়ত কংগ্ৰেছ দলৰ এজন সক্ৰীয় ৰাজনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে Maintenance of Internal Security Act অধীনত গ্ৰেপ্তাৰ কৰি পাতিয়ালা জেললৈ প্ৰেৰণ কৰিছিল ১৯৭৫ চনৰ ২৫ জুন তাৰিখে। উল্লেখ্য যে জৰুৰীকালীন অৱস্থাৰ সময়ত শাসকীয় দলৰ সদস্য হৈও কাৰাবাস খাটিব লগা হোৱা কম সংখ্যক নেতাৰ ভিতৰত অন্যতম আছিল চন্দ্ৰ শেখৰ। তোষামোদৰ ৰাজনীতিৰ পৰিৱৰ্তে ব্যক্তি পূজা নকৰি কেৱল নীতি আদৰ্শক গুৰুত্ব দিয়া চন্দ্ৰ শেখৰে তেওঁৰ কাৰাবন্দীত্বৰ সময়ত হিন্দী ভাষাত দিনলিপী লিখিছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই দিনলিপী খন Meri Jail Diary নামেৰে সংকলিত ৰূপত প্ৰকাশিত হয়।

উল্লেখ্য যে সদায় দলিত নিপিড়িত সকলৰ বাবেই সৰৱ হৈ থকা সমতাৰ হকে মাত মাতি অহা চন্দ্ৰ শেখৰে কংগ্ৰেছ নেতৃবৃন্দৰ সৈতে বহুবাৰ মতাদৰ্শগত বিতৰ্কতো লিপ্ত হৈছিল। বিভিন্ন আদৰ্শগত পাৰ্থক্যৰ কাৰণেই চন্দ্ৰ শেখৰে ১৯৭৭ চনত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত চন্দ্ৰ শেখৰ মোৰাৰজী দেশাইৰ নেতৃত্বত চৰকাৰ গঠন কৰা ভাৰতীয় জনতা দলত যোগদান কৰে। উল্লেখ্য যে চন্দ্ৰ শেখৰে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল। কিন্তু ১৯৭৭ চনৰ পাছত ১৯৮০ চন আৰু ১৯৮৪ চনত সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। যাৰ বাবে ১৯৮৪ চনত জনতা পাৰ্টীয়ে ভি পি সিঙৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল। কিন্তু মিত্ৰজোঁটৰ চৰকাৰৰ সৈতে চন্দ্ৰ শেখৰ সম্পৰ্ক আছিল অতিশয় তিক্ততাপূৰ্ণ। যাৰ বাবে তেওঁ জনতা পাৰ্টী ত্যাগ কৰি Janata Dal socialist faction গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে চন্দ্ৰ শেখৰে জনতাৰ লগত জনসম্পৰ্ক স্থাপন কৰি বৃহত্তৰ সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে জ্ঞাত হৈ সেইসমূহ চিনাক্তকৰণ কৰি সমাধানৰ পথ নিৰূপণ কৰিবলৈ ১৯৮৩ চনৰ ৬ জানুৱাৰীত দক্ষিণে থকা কন্যাকুমাৰীৰ পৰা এক পদযাত্ৰা আৰম্ভ কৰিছিল। প্ৰায় ৪২৬০ কি: মি পদযাত্ৰা কৰি ১৯৮৩ চনৰ ২৫ জুন তাৰিখে পদযাত্ৰাৰ অন্ত পেলাইছিল দিল্লীত থকা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ ৰাজঘাটত। 

Read Also: বিপিন চন্দ্ৰ পাল জীৱনী | Bipin Chandra Pal Biography

উল্লেখ্য যে, ১৯৯০ চনৰ ১০ নৱেম্বৰ তাৰিখে ৬৪ জন সাংসদ আৰু বিৰোধী নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী নেতা ৰাজীৱ গান্ধীৰ সমৰ্থনত আস্থা প্ৰস্তাৱত জয়ী হৈ সেই সময়ৰ প্ৰধানমন্ত্ৰী মন্ত্ৰী ভি পি সিঙক ক্ষমতাচ্যুত কৰি চন্দ্ৰ শেখৰে প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ১৯৯০ চনৰ ১০ নৱেম্বৰৰ পৰা ১৯৯১ চনৰ ২১ জুনলৈকে  ভাৰতৰ অষ্টম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কৰা চন্দ্ৰ শেখৰ আছিল চৌধাৰী চৰণ সিঙৰ পিচত কম সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী। গুৰুত্বপূৰ্ণ কথা যে, কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সুব্ৰমণিয়াম স্বামীৰ পৰাও সহযোগীতা লাভ কৰিছিল চন্দ্ৰ শেখৰে। 

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকাৰ সময়ত প্ৰতিৰক্ষা আৰু গৃহ পৰিক্ৰমাৰ বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল চন্দ্ৰ শেখৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা যে, চন্দ্ৰ শেখৰৰ প্ৰধানমন্ত্ৰীত্বৰ সময়চোৱাত ভাৰতীয় অৰ্থনীতি অধিক নিম্নগামী হৈছিল। মনমোহন সিং আছিল ‌চন্দ্ৰ শেখৰ আমোলৰ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা। সেই সময়ত মনমোহন সিং আৰু Montek Singh Ahluwalia সৈতে সুব্ৰমণিয়ন স্বামীয়ে অৰ্থনৈতিক উদাৰীকৰণৰ ওপৰত ধাৰাবাহিক নথি প্ৰস্তুত কৰিছিল চৰকাৰে সম্পূৰ্ণ বাজেট প্ৰৱৰ্তন কৰিব নোৱাৰিলে কাৰণ ১৯৯১ চনৰ ৬ মাৰ্চত কংগ্ৰেছে ইয়াৰ প্ৰণয়নৰ সময়তে চন্দ্ৰ শেখৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। যাৰ বাবে চন্দ্ৰ শেখৰে তৎকালীন ভাৱে প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হয়।

প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পিছত সক্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনত চন্দ্ৰ শেখৰৰ গুৰুত্বতা কিছু পৰিমাণে হ্ৰাস পালেও লোকসভাত নিজৰ আসন ধৰি ৰাখিবলৈ সক্ষম হৈছিল চন্দ্ৰ শেখৰে। উল্লেখ্য যে চন্দ্ৰ শেখৰে কেৰেলা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় পোন্ধৰটা ভাৰত যাত্ৰা কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ জৰিয়তে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ কল্যাণকামী পদক্ষেপ সমূহ কিদৰে ল’ব পাৰি সেই বিষয়ে গুৰুত্ব আৰোপ কৰিছিল।

দীৰ্ঘসময় ধৰি ভাৰতীয় ৰাজনীতি তথা সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চন্দ্ৰ শেখৰে ২০০৭ চনৰ ৮ জুলাই তাৰিখে ৮০ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত দিল্লীৰ এপ’ল হস্পিটেলত মৃত্যুবৰণ কৰে।

FAQ

১) চন্দ্ৰ শেখৰৰ জন্ম ক’ত হৈছিল?

উত্তৰ- শ্ৰী চন্দ্ৰ শেখৰৰ জন্ম হৈছিল ১৯২৭ চনৰ ১৭ এপ্ৰিল তাৰিখে উত্তৰ প্ৰদেশৰ বাল্লিয়া জিলাৰ ইব্ৰাহিমপট্টি নামৰ এটা অঞ্চলৰ এটা মধ্যবিত্ত কৃষক পৰিয়ালত।

২) কিয় প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হ’ব লগা হৈছিল চন্দ্ৰ শেখৰ?

উত্তৰ- ১৯৯০ চনৰ ১০ নৱেম্বৰ কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰা চন্দ্ৰ শেখৰৰ নেতৃত্বাধীন চৰকাৰ খনৰ প্ৰতি পৰৱৰ্তী সময়ত কংগ্ৰেছে সমৰ্থন প্ৰত্যাহাৰ কৰে। যাৰ বাবে সেই সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হ’লেও বাজেট দাখিল কৰিব পৰা নাছিল চন্দ্ৰ শেখৰৰ চৰকাৰে। যাৰ বাবে তেওঁ তৎকালীন ভাৱে প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত হয়।

৩) কিহৰ বাবে পদযাত্ৰা কৰিছিল চন্দ্ৰ শেখৰে?

উত্তৰ- ১৯৮৩ চনৰ ৬ জানুৱাৰীত দক্ষিণে থকা কন্যাকুমাৰীৰ পৰা দিল্লীত থকা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ ৰাজঘাটত ১৯৮৩ চনৰ ২৫ জুন তাৰিখলৈকে প্ৰায় ৪২৬০ কি: মি পদযাত্ৰা কৰিছিল চন্দ্ৰ শেখৰে। উদ্দেশ্য আছিল জনতাৰ লগত জনসম্পৰ্ক স্থাপন কৰি বৃহত্তৰ সমাজৰ বিভিন্ন সম্প্ৰচাৰ বিষয়ে জ্ঞাত হৈ সেইসমূহ চিনাক্তকৰণ কৰি সমাধানৰ পথ নিৰূপণ কৰা।

৪) শাসকীয় দলৰ সদস্য হৈও জৰুৰীকালীন অৱস্থাৰ সময়ত কিয় কাৰাবৰণ কৰিছিল চন্দ্ৰ শেখৰে?

উত্তৰ- শাসকীয় দলৰ সদস্য হোৱাৰ পিছতো চন্দ্ৰ শেখৰক সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে Maintenance of Internal Security Act অধীনত গ্ৰেপ্তাৰ কৰি পাতিয়ালা জেললৈ প্ৰেৰণ কৰিছিল ১৯৭৫ চনৰ ২৫ জুন তাৰিখে। 

৫) চন্দ্ৰ শেখৰে কেতিয়া ইহলীলা সম্বৰণ কৰিছিল?

উত্তৰ- ২০০৭ চনৰ ৮ জুলাই তাৰিখে ৮০ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত দিল্লীৰ এপ’ল হস্পিটেলত মৃত্যুবৰণ কৰিছিল চন্দ্ৰ শেখৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top