বিপিন চন্দ্ৰ পাল জীৱনী | Bipin Chandra Pal Biography

বিপিন চন্দ্ৰ পাল | Bipin Chandra Pal Essay in Assamese | Biography of Bipin Chandra Pal in Assamese | বিপিন চন্দ্ৰ পাল বিষয়ে জীৱনী | বিপিন চন্দ্ৰ পাল বিষয়ে ৰচনা | বিপিন চন্দ্ৰ পালৰ চমু পৰিচয়।

Join Telegram channel

বৃটিছৰ বিৰুদ্ধে  দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক যুৱতী। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল বিপিন চন্দ্ৰ পাল।

Bipin Chandra Pal

বিপিন চন্দ্ৰ পাল জীৱনী | Bipin Chandra Pal Biography

নামবিপিন চন্দ্ৰ পাল (Bipin Chandra Pal)
জন্ম চন৭ নৱেম্বৰ, ১৮৫৮ চন
জন্ম স্থানঅবিভক্ত ভাৰত (বৰ্তমানৰ বাংলাদেশৰ হাবিগঞ্জ জিলাৰ পইল গাওঁ)
পিতৃৰ নামৰামচন্দ্ৰ পাল
মাতৃৰ নামনাৰায়ণী দেৱী
শিক্ষা১) কলিকতাৰ প্ৰেছিডেন্সি কলেজ
২) চাৰ্চ মিছনেৰী চচাইটি
৩) মানচেষ্টা কলেজ, অক্সফৰ্ড
মৃত্যু২০ নৱেম্বৰ, ১৯৩২ চন

ব্ৰিটিছৰ সকলৰ বিৰুদ্ধে যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে প্ৰতিৰোধ সংগ্ৰাম গঢ় লৈ উঠি চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল সেই সমসাময়িক সময়তেই ১৮৫৮ চনৰ ৭ নৱেম্বৰত অবিভক্ত ভাৰত তথা এতিয়াৰ বাংলাদেশৰ হাবিগঞ্জ জিলাৰ পইল গাওঁত জন্ম গ্ৰহণ কৰিছিল বিপিন চন্দ্ৰ পালে। বিপিন চন্দ্ৰ পালৰ পিতৃৰ নাম হ’ল- ৰামচন্দ্ৰ পাল আৰু মাতৃৰ নাম হ’ল- নাৰায়ণী দেৱী। বৃত্তিগত ভাৱে বিপিন চন্দ্ৰ পালৰ পিতৃ ৰামচন্দ্ৰ পাল আছিল এজন জমিদাৰ। অন্যহাতে তেওঁৰ মাতৃ আছিল উদাৰ আৰু মানৱীয় গুণৰ অধিকাৰী। যাৰ বাবে সৰুৱে পৰা বিপিন চন্দ্ৰ পালে সমতা আৰু মানৱতাৰ দৃষ্টিভংগীৰে সকলো ক্ষেত্ৰ প্ৰত্যক্ষ কৰিবলৈ লৈছিল।

বিপিন চন্দ্ৰ পালে ১৮৭৪ চনত তৃতীয় বিভাগত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত জলপানিও লাভ কৰে। প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱা পিছত কলিকতাৰ প্ৰেচিডেন্সি কলেজত আৰু ইয়াৰ পৰৱৰ্তী সময়ত কলিকতাৰ চাৰ্চ মিছনেৰী চছাইটিত এবছৰ অধ্যয়ন কৰে। উল্লেখ্য যে কলিকতাৰ প্ৰেছিডেন্সি কলেজত কাৰণবশতঃ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে বিপিন চন্দ্ৰ পালে। শিক্ষা সমাপ্ত কৰাৰ পিছত প্ৰধান শিক্ষক হিচাপে বৃত্তিগত জীৱন শুভাৰম্ভ কৰে বিপিন চন্দ্ৰ পালে। ইয়াৰ পৰৱৰ্তী সময়ত পুথিভঁৰালত লাইব্ৰেৰিয়ান হিচাপে কাম কৰিছিল বিপিন চন্দ্ৰ পালে। লাইব্ৰেৰিয়ান হিচাপে কাম কৰি থকাৰ সময়ত সুৰেন্দ্ৰনাথ বেনাৰ্জী, শিৱনাথ শাস্ত্ৰী, বি কে গোস্বামীৰ সংগ লাভ কৰি সক্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিল বিপিন চন্দ্ৰ পাল। এইখিনি সময়তেই বিপিন চন্দ্ৰ পাল লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু অৰবিন্দ ঘোষৰ ভাৱধাৰাৰ প্ৰতিও অনুপ্ৰাণিত হৈছিল। পাৰিবাৰিক জীৱন আৰম্ভ কৰাৰ আগতেই বিপিন চন্দ্ৰ পাল ৰাজনৈতিক ক্ষেত্ৰ খনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল। উল্লেখ্য যে বিপিন চন্দ্ৰ পাল প্ৰভাৱান্বিত হৈছিল সেই সময়ৰ উদাৰবাদী সমাজ সংস্কাৰক তথা দাৰ্শনিক শিৱনাথ শাস্ত্ৰীৰ চিন্তা তথা দৰ্শনৰ প্ৰতি। যাৰ বাবে শিৱনাথ শাস্ত্ৰীৰ আদৰ্শেৰে তেওঁ নিজৰ দেশ আৰু নিজৰ জনসাধাৰণৰ মুক্তিৰ বাবে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে এক ৰাজনৈতিক আন্দোলন গঢ়ি তোলাত সম্পূৰ্ণ ৰূপে আত্মনিয়োগ কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে ব্ৰিটিছৰ বিৰুদ্ধে এখন সবল, শক্তিশালী সংগ্ৰাম গঢ়ি তোলাৰ উদ্দেশ্য ভাৰতীয় ৰাজনৈতিক নেতাসকলে জনসাধাৰণৰ মাজত ৰাজনৈতিক চেতনা আৰু জাতীয়তাবাদ জাগ্ৰত কৰা উদ্দেশ্য চিলেটত এক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপন কৰিছিল। কিন্তু চিলেটৰ শ্ৰীহাট চহৰত স্থাপিত হোৱা এটা প্ৰতিষ্ঠানটো ১৮৭৯ চনত পৰিচালনাৰ অভাৱত বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। যাৰ বাবে বিপিন চন্দ্ৰ পাল, ৰাজেন্দ্ৰ চৌধুৰীৰ নেতৃত্বত এই প্ৰতিষ্ঠানটো ১৮৮০ চনত শ্ৰীহাট জাতীয় বিদ্যালয়’লৈ ৰূপান্তৰিত হৈছিল।

১৮৫৫ চনত বোম্বে সন্মিলনৰ জৰিয়তে সৰ্বভাৰতীয় ৰাজনৈতিক দল নেচনেল কংগ্ৰেছৰ জন্ম হোৱাৰ পৰৱৰ্তী সময়ত “ভাৰতীয় জাতীয় আন্দোলনৰ ইতিহাসৰ এক নতুন অধ্যায় সূচনা হৈছিল। ১৮৮৬ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল বিপিন চন্দ্ৰ পালে। কংগ্ৰেছত যোগদান কৰা পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হোৱা স্বদেশী আন্দোলন আৰু অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল তেওঁ। ইয়াৰ ওপৰিও ১৯০৫ চনত বংগ বিভাজনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছিল বিপিন চন্দ্ৰ পালে। 

বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষৰ দৰে নেতাই জনসাধাৰণৰ মাজত আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সমান্তৰালকৈ আত্মত্যাগৰ মহান আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সংগ্ৰামত যোগদান কৰিবলৈ সকলোকে আহ্বান জনাইছিল। উল্লেখ্য যে এই সময়ছোৱাত কম সময়ৰ ভিতৰতে বিপিন চন্দ্ৰ পাল সকলো ভাৰতীয় স্তৰৰ নেতা হিচাপে পৰিচিত হৈ পৰিছিল। তেওঁৰ আকৰ্ষণীয় কথন শৈলীয়ে সৰ্বস্তৰৰ জনতাক আকৰ্ষিত কৰিছিল। যাৰ বাবে বিপিন চন্দ্ৰ পালে ভাৰতৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰি বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি সাধাৰণতে জনতাক সজাগ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল।  

Read Also: ভগত সিং জীৱনী | Bhagat Singh Biography

লালা লাজ ৰায়, বাল গংগাধৰ তিলকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত তিনিও একত্ৰিত হৈ শুই থকা জাতিটোক জগাই তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ তিনিজন দিকপাল হিচাপে গণ্য কৰা হয়। লালা লাজপত ৰায় আৰু বাল গংগাধৰ তিলকৰ সৈতে বিপিন চন্দ্ৰ পালে ব্ৰিটিছ সামগ্ৰী আৰু দোকান বৰ্জন কৰা, পশ্চিমীয়া কাপোৰ জ্বলোৱা, ব্ৰিটিছ কাৰখানাসমূহ ধৰ্মঘট আৰু লকআউটৰ পোষকতা কৰা আদি বিপ্লৱী কাৰ্যকলাপৰ প্ৰতি সমৰ্থন আগবঢ়ায় উগ্ৰ জাতীয়তাবাদৰ প্ৰচাৰ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল সেই সময়ত লাল-পাল-বাল হিচাপে জনপ্ৰিয় হৈ পৰিছিল। উল্লেখ্য যে উগ্ৰ জাতীয়তাবাদৰ নেতৃত্ব বহন কৰিছিল অৰবিন্দ ঘোষে। সেই সময়ত তেওঁলোকে বন্দে মাতৰম নামেৰে এখন আলোচনী প্ৰকাশ কৰিছিল আৰু আলোচনী খনৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছিল বিপিন চন্দ্ৰ পালে। তীক্ষ্ণ দৃষ্টি ৰখা অৰবিন্দ ঘোষক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে। গুৰুত্বপূৰ্ণ কথা যে, ৰাষ্ট্ৰদ্ৰোহ গোচৰত অৰবিন্দ ঘোষৰ বিৰুদ্ধে প্ৰমাণ দিবলৈ অস্বীকাৰ কৰাৰ বাবে বিপিন চন্দ্ৰ পালেও ৬ মাহৰ কাৰাবাসো খাটিব লগা হৈছিল।  

গুৰুত্বপূৰ্ণ কথা যে, ১৮৯৮ চনত বিপিন চন্দ্ৰ পাল ইংলেণ্ডৰ অক্সফৰ্ড কলেজৰ অন্তৰ্গত নতুন Manchester college ত comparative theology ওপৰত অধ্যয়ন কৰিবলৈ যাত্ৰা কৰিছিল। ১৯০১ চনত ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহি New India নামৰ এখন ইংৰাজী পত্ৰিকাৰ সম্পাদনাৰ কাম হাতত লৈছিল। 

ইয়াৰ ওপৰিও তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰীয় অংশগ্ৰহণ কৰে। উল্লেখ্য যে বিপিন চন্দ্ৰ পালে ভাৰতীয় সকলৰ মাজত “স্বৰাজ” ধাৰণাটো জনপ্ৰিয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে, বিপিন চন্দ্ৰ পালে আছিল মহাত্মা গান্ধী আৰু তেওঁৰ অহিংসা নীতিৰ তীব্ৰ সমালোচক।১৯২০ চনত গান্ধীৰ অসহযোগিতা সম্পৰ্কীয় প্ৰস্তাৱৰ বিৰোধিতা কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত পালও আছিল অন্যতম।

এজন স্বাধীনতা সংগ্ৰামী হোৱাৰ ওপৰিও বিপিন চন্দ্ৰ পাল আছিল নাৰী মুক্তি সংগ্ৰাম খনৰ এজন স্বপ্নদ্ৰষ্টা। ছাত্ৰ অৱস্থাতে ব্ৰক্ষ্ম সমাজত যোগদান কৰাৰ বাবে নিচেই কম বয়সৰ পৰাই তেওঁ আছিল বিধৱা বিবাহৰ সপক্ষে।

বাল্য বিবাহ আৰু বহুবিবাহ ৰোধ কৰা,  নাৰী শিক্ষাৰ প্ৰৱৰ্তনৰ বিষয়ে ভাৰতীয় সমাজত ব্যাপক সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিপিন চন্দ্ৰ পালৰ ভূমিকা আছিল অনবদ্য। উল্লেখ্য যে অন্ধবিশ্বাসৰ বিৰুদ্ধে বিপিন চন্দ্ৰ পালে মৃত্যু পৰ্যন্ত যুঁজিছিল। ৰাজা ৰাম মোহন ৰায়ে আৰম্ভ কৰা বিধৱা বিবাহক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰিছিল বিপিন চন্দ্ৰ পালে। গুৰুত্বপূৰ্ণ কথা যে, নাৰী স্বাধীনতা সপক্ষে থকা বিপিন চন্দ্ৰ পালে নিজেও বিধৱা বিবাহ কৰি সমাজত এটা উদাহৰণ দাঙি ধৰিছিল। উল্লেখ্য যে তেওঁ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত এগৰাকী বিধৱাক বিয়া কৰাইছিল।

বিপিন চন্দ্ৰ পালৰ উদ্যোগ আৰু প্ৰচেষ্টা কেৱল বিধৱা বিবাহৰ প্ৰৱৰ্তনতে সীমাবদ্ধ নাছিল। বহুবিবাহ আদিৰ পক্ষপাতিত্বৰ বিৰুদ্ধে লিখাৰ উপৰিও সভা-সমিতিত ভাষণ দি তেওঁ জনমত গঠন কৰিছিল। নাৰী শিক্ষাৰ প্ৰসাৰত তেওঁ যথেষ্ট সহায় কৰিছিল। লিংগ সমতাৰ উগ্ৰ সমৰ্থক বিপিন চন্দ্ৰ পাল আছিল জাতি ব্যৱস্থাৰো বিৰোধী।

এজন মেধাৱী বক্তা আৰু লেখক হিচাপে জনপ্ৰিয় বিপিন চন্দ্ৰ পালে সাংবাদিক হিচাপেও দায়িত্ব পালন কৰিছিল। ‘The Democrat’ আৰু ‘The Independent’ নামৰ দুখন জাৰ্ণেল সম্পাদনা কৰিছিল বিপিন চন্দ্ৰ পালে। ইয়াৰ ওপৰিও তেওঁ Paridarsak’, ‘Bande Mataram’, ‘New India’ ‘Swaraj’ নামেৰে কাকত আলোচনীৰ কামো আৰম্ভ কৰিছিল। বিপিন চন্দ্ৰ পালে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- Indian Nationalism’, ‘Swaraj and the Present Situation, ‘Nationality and Empire’, ‘The Basis of Social Reform’, ‘The New Spirit and Studies in Hinduism’, আৰু ‘The Soul of India’.

বিপিন চন্দ্ৰ পালে এখন স্বাধীন-সুন্দৰ-মুক্ত সমাজৰ সপোন দেখিছিল। এই কাৰণেই তেওঁ ধৈৰ্য্য, সাহস আৰু দৃঢ়তাৰে দীৰ্ঘজীৱনৰ ৰাজনৈতিক সংগ্ৰামত এক অতুলনীয় আদৰ্শ দাঙি ধৰিছে, যিটো অবিস্মৰণীয়।  জীৱনৰ শেষৰ পিনে ৰাজনৈতিক জীৱনৰ পৰা ফালৰি কাটিলেও সাহিত্য সৃষ্টিৰ বাবে নিজকে নিয়োজিত কৰিছিল। ১৯৩২ চনৰ ২০ মে’ত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।

FAQ

১) বিপিন চন্দ্ৰ পালৰ জন্ম ক’ত হৈছিল?

উত্তৰ- ১৮৫৮ চনৰ ৭ নৱেম্বৰত অবিভক্ত ভাৰত তথা এতিয়াৰ বাংলাদেশৰ হাবিগঞ্জ জিলাৰ পইল গাওঁত জন্ম গ্ৰহণ কৰিছিল বিপিন চন্দ্ৰ পালে।

২) বিপিন চন্দ্ৰ পালৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- বিপিন চন্দ্ৰ পালৰ পিতৃৰ নাম হ’ল- ৰামচন্দ্ৰ পাল আৰু মাতৃৰ নাম হ’ল- নাৰায়ণী দেৱী

৩) সমাজত লিংগ সমতা স্থাপন কৰিবলৈ বিপিন চন্দ্ৰ পালে কি পদক্ষেপ গ্ৰহণ কৰিছিল?

উত্তৰ- লিংগ সমতাৰ উগ্ৰ সমৰ্থক বিপিন চন্দ্ৰ পালে বাল্য বিবাহ আৰু বহুবিবাহ ৰোধ কৰা,  নাৰী শিক্ষাৰ প্ৰৱৰ্তনৰ বিষয়ে ভাৰতীয় সমাজত ব্যাপক সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিজেও বিধৱা বিবাহ কৰি সমাজত এটা উদাহৰণ দাঙি ধৰিছিল। তেওঁ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত এগৰাকী বিধৱাক বিয়া কৰাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top