ভগত সিং জীৱনী | Bhagat Singh Biography

ভগত সিং | Bhagat Singh Essay in Assamese | Biography of Bhagat Singh in Assamese | ভগত সিং বিষয়ে জীৱনী | ভগত সিং বিষয়ে ৰচনা | ভগত সিংৰ চমু পৰিচয়।

Join Telegram channel

ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত সূচনা হোৱা স্বাধীনতা সংগ্ৰামত ভাৰতে হেৰুৱাইছিল অগণন ভাৰত সন্তান। ইয়াৰে ভিতৰত ভগত সিং হ’ল সৰ্বকালৰ এজন প্ৰশংসিত আৰু স্মৰণীয় মুক্তিযুদ্ধা। প্ৰকৃত অৰ্থত এজন মহান দেশপ্ৰেমিক ভগত সিঙে দেশৰ স্বাধীনতাৰ বাবে সন্মুখৰ পৰাই যুঁজ দি প্ৰাণ বিসৰ্জন দিবলৈও কুন্ঠাবোধ কৰা নাছিল। ২৩ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া ভগত সিঙৰ মৃত্যুৱে সমগ্ৰ দেশতে সেই সময়ত স্বদেশ প্ৰেমৰ জোৱাৰ তুলিছিল।

Bhagat Singh

ভগত সিং জীৱনী | Bhagat Singh Biography

নামভগত সিং (Bhagat Singh)
জন্ম চন২৮ ছেপ্তেম্বৰ, ১৯০৭ চন
জন্ম স্থানকালান গাঁও, লায়ালপুৰ জিলা, পঞ্জাৱ (বৰ্তমান পাকিস্তান)
পিতৃৰ নামকিষাণ সিং
মাতৃৰ নামবিদ্যাৱতী
শিক্ষা১) বাঙ্গা গাওঁস্থিত প্ৰাথমিক বিদ্যালয়
২) এংলো বৈদিক বিদ্যালয়
৩) নেচনেল কলেজ, লাহোৰ
মৃত্যু২৩ মাৰ্চ, ১৯৩১ চন

ব্ৰিটিছৰ আধিপত্য ৰাজৰ পৰা ভাৰতৰ মুক্তিৰ বাবে প্ৰাণ ত্যাগ কৰা এজন সাহসী যোদ্ধা আৰু বিদ্ৰোহী হ’ল ভগত সিং । পঞ্জাবৰ  লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁৱৰ (বৰ্তমান পাকিস্তানৰ অন্তৰ্ভূক্ত) এক সান্ধু জাট পৰিয়ালত ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰিছিল এক ব্যতিক্ৰমী আৰু অপ্ৰতিদ্বন্দ্বী বিপ্লৱীৰ সত্বা ভগত সিঙে। ভগত সিঙৰ পিতৃ নাম হ’ল কিষাণ সিং আৰু মাতৃৰ নাম হ’ল বিদ্যাৱতী। পিতৃ মাতৃৰ দ্বিতীয় সন্তান ভগত সিঙে এক জাতীয়তাবাদী চিন্তাৰ ভাৱধাৰাৰ মাজতে ডাঙৰ দীঘল হৈছিল। প্ৰৱল জাতীয়তাবাদী চিন্তাৰ এই পৰিয়ালটো স্বাধীনতা আন্দোলনৰ লগতো জড়িত আছিল। প্ৰগতিশীল ৰাজনৈতিক ভাৱধাৰাত বিশ্বাসী ভগত সিঙৰ পিতৃ আৰু খুৰাক অজিত সিঙে ১৯০৭ চনত Canal Colonization Bill ৰ বিৰুদ্ধে সূচনা হোৱা আন্দোলনত অংশগ্ৰহণ কৰাৰ লগতে ১৯১৪-১৯১৫ চনত Ghadar আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য কথা যে, ভগত সিঙৰ জন্মৰ সময়ত Canal Colonization Bill ৰ বিৰুদ্ধে সূচনা হোৱা আন্দোলনত অংশগ্ৰহন কৰি ভগত সিঙৰ পিতৃ কিষাণ সিং কাৰাগাৰতহে আছিল। পৰিয়ালৰ জৰিয়তে এক সংগ্ৰামী ৰাজনীতিৰ ধাৰা বহন কৰা অহা আদৰ্শৰ প্ৰতি ভগত সিঙ সৰুৱে পৰা স্বাভাবিকতে আকৃষ্ট হৈছিল।

বাঙ্গা গাওঁস্থিত প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা ভগত সিঙে পৰৱৰ্তী সময়ত লাহোৰত অৱস্থিত দয়ানন্দ সৰস্বতীৰ এংলো বৈদিক বিদ্যালয়ত নামভৰ্তি কৰে। গুৰুত্বপূৰ্ণ কথা যে, মহাত্মা গান্ধীৰ অনুগামী ভগত সিঙৰ পিতৃ কিষাণ সিঙে ১৯২৩ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই লালা লাজপত ৰায়ে প্ৰতিষ্ঠা কৰা নেচনেল কলেজত নামভৰ্তি কৰাই দিছিল। কাৰণ মহাত্মা গান্ধীয়ে ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক ব্ৰিটিছ চৰকাৰে ৰাজসাহাৰ্য্য প্ৰদান কৰা বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে, লাহোৰৰ নেচনেল কলেজত নামভৰ্তি কৰাৰ পিছত ভগত সিঙে ইউৰোপীয় বিপ্লৱী আন্দোলনসমূহৰ বিষয়ে অধ্যয়ন কৰে। যাৰ ফলত  তেওঁ গান্ধীৰ অহিংস দৃষ্টিভংগীৰ প্ৰতি মোহভংগ হয় আৰু সশস্ত্ৰ সংগ্ৰামতহে ৰাজনৈতিক স্বাধীনতাৰ একমাত্ৰ পথ বুলি বিশ্বাস কৰিবলৈ লয়।

নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰা ভগত সিঙে  মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তেই তেওঁক পৰিয়ালৰ মানুহে সাংসাৰিক বন্ধনৰ মাজত আৱদ্ধ কৰি দিব বিচাৰিছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে ভগত সিঙে নিজকে দেশৰ বাবে উৎসৰ্গিত কৰি পৰিয়ালৰ উপদেশ অমান্য কৰি গৃহত্যাগ কৰে আৰু কানপুৰত উপস্থিত হয়। উল্লেখ্য যে কামপুৰলৈ যোৱাৰ পাছৰ পৰাই ভগত সিঙৰ জীৱনটোৱে এটা পৃথক ৰাস্তাত গতি কৰিবলৈ লয়। কানপুৰত ভগত সিঙে গণেশশংকৰ বিদ্যাৰ্থী নামৰ ব্যক্তি এজনৰ ছপাখানাত কাম কৰি নিজৰ বৃত্তিগত জীৱনৰ পাতনি মেলিছিল। উল্লেখযোগ্য যে স্বাধীনতা সংগ্ৰামী তথা ৰাজনৈতিক কৰ্মীসকলৰ নিয়মীয়া আড্ডাস্থলী আছিল ভগত সিঙে কৰ্ম জীৱনৰ পাতনি মেলা কংগ্ৰেছৰ সদস্য গণেশশংকৰ বিদ্যাৰ্থীৰ বাসগৃহ।  গণেশশংকৰ বিদ্যাৰ্থীৰ বাসগৃহতেই Hindustan Republican Association ( পিছত Hindustan Socialist Republican Association হিচাপে জনাজাত) ৰ বহু কেইজন বিপ্লৱী নেতাৰ সাক্ষাৎ পাইছিল ভগত সিঙে। ১৯২৪ চনত তেওঁ Hindustan Republican Association ৰ সদস্য ভৰ্তি হয়। মহাত্মা গান্ধীৰ অহিংস ধাৰণাৰ বিপৰীতে Hindustan Republican Association ৰ অন্যতম উদ্দেশ্য আছিল সশস্ত্ৰ বিপ্লৱৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আজুৰি অনা আৰু ভাৰতীয় যুক্তৰাষ্ট্ৰত এক ফেডাৰেটেড প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা। কিন্তু দুৰ্ভাগ্যবশতঃ কাকোৰি ষড়যন্ত্ৰ মামলা নামৰ এটা বিশেষ গোচৰত Hindustan Republican Association অধিকাংশ নেতাই কাৰাবৰণ কৰিব লগা হোৱাৰ বিপৰীতে বহু কেইজন নেতাক ব্ৰিটিছ চৰকাৰে ফাঁচি দিয়ে। যাৰ পৰিপ্ৰেক্ষিতত ভগত সিঙকে আদি কৰি আন বহুতো নেতাই Hindustan Republican Association ৰ দায়িত্ব গ্ৰহণ কৰে কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত H R A ৰ অসমাপ্ত কাম কাজ সমূহ চলাই নিবলৈ ১৯২৬ চনত ভগত সিঙে Naujavan Bharat Sabha (Youth Society of India) প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে তেওঁ সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ভগত সিঙৰ বিচক্ষণ নেতৃত্বত ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰসাৰ লাভ কৰে নৱগঠিত সংগঠনটোৱে। গুৰুত্বপূৰ্ণ কথা যে এইখিনি সময়তেই সমগ্ৰ দেশত ভগত সিঙৰ জনপ্ৰিয় শ্লোগান বিপ্লৱ দীৰ্ঘজীৱী হওক (ইনকিলাব জিন্দাবাদ) সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে।

মহাত্মা গান্ধীৰ আদৰ্শৰ পৰা এক সম্পূৰ্ণ বিপৰীত চিন্তাধাৰাৰে ভগত সিঙে ১৯২৫-১৯২৮ চনৰ  সময়ছোৱাত স্বাধীনতা সংগ্ৰাম আৰু সমাজতান্ত্ৰিক বিপ্লৱক জনমুখী কৰাৰ চিন্তা চৰ্চা কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ ৰাজনৈতিক কৰ্মসূচীখন কিছু সাল-সলনি কৰি স্বাধীনতাৰ সমান্তৰালকৈ সমাজবাদী চিন্তা চেতনা সকলোৰে মাজত বিয়পাই দিয়াৰ উদ্দেশ্য ভাৰতৰ সকলো বিপ্লৱী দল-সংগঠনক একত্ৰিত কৰি সকলোকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছিল। তেওঁ এই প্ৰচেষ্টা সাকাৰ হোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত ৰাখিয়েই ১৯২৮ চনৰ ৮ আৰু ৯ ছেপ্টেম্বৰত ভগত সিঙৰ নেতৃত্বতে এখন গোপন সভা অনুষ্ঠিত হৈছিল। উল্লেখ্য যে এই সভাতেই Hindustan Republican Association ৰ নাম  Hindustan Socialist Republican Association হিচাপে নামাকৰণ কৰা হয়। উল্লেখ্য যে এইখন সভাতেই Hindustan Socialist Republican Association ক ছাইমন কমিছনক বয়কট কৰা আন্দোলনত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১৯২৮ চনত ব্ৰিটিছ চৰকাৰে সাংবিধানিক সংস্কাৰৰ পৰৱৰ্তী ঢাপ সম্পৰ্কে চুপাৰিচ ছাইমন কমিছনক ভাৰতলৈ প্ৰেৰণ কৰিছিল যদিও ইয়াত কোনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা নাছিল। ব্ৰিটিছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত দল,মত নিৰ্বিশেষে ঐক্যবদ্ধ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ব্যতিক্ৰম নাছিল লাহোৰো। কমিচনৰ বিৰুদ্ধাচৰণ কৰি লাহোৰত অনুষ্ঠিত হৈছিল একাধিক সভা-সমাৱেশ। ১৯২৮ চনৰ ৩০ অক্টোবৰৰ দিনা ছাইমন কমিছন লাহোৰত উপস্থিত হোৱাৰ সময়ত লাহোৰ ষ্টেচনৰ সমীপত কাটাতাঁৰৰ বেৰৰ বাহিৰত বহু ব্যক্তিয়ে শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদ আছিল শান্তিপূৰ্ণ আৰু সুশৃংখল। অথচ শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলৰ ওপৰত পুলিচ ছুপাৰিন্টেন্ডেন্ট স্কটৰ নেতৃত্বত চৰকাৰী পুলিচ বাহিনীয়ে  লাঠীচালনা কৰে ইয়াৰ পৰিণতিত বহুসংখ্যক প্ৰতিবাদকাৰী আহত হয় আৰু পুলিচৰ লাঠিৰ আঘাতত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত লালা ৰাজপত ৰায়ে পৰৱৰ্তী সময়ত মৃত্যুক সাৱটি লয়।

গুৰুত্বপূৰ্ণ কথা যে, লালা ৰাজপত ৰায়ৰ সৈতে ভগত সিঙৰ ৰাজনৈতিক আদৰ্শৰ সৈতে স্পষ্ট মত পাৰ্থক্য থকাৰ পিছতো তেওঁ আৰু তেওঁৰ সংগ্ৰামী সতীৰ্থ সকলে লালা ৰাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধ ল’বৰ বাবে ৰাজপত ৰায়ৰ মৃত্যুৰ প্ৰায় এমাহ পিছত ১৯২৮ চনৰ ১৭ ডিচেম্বৰ তাৰিখে পুলিচ ছুপাৰিন্টেন্ট স্কটক চন্দ্ৰশেখৰ আজাদ আৰু ৰাজগুৰুৱে মিলি হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ভুলতে স্কটৰ পৰিৱৰ্তে তেওঁলোকে আৰক্ষী বিষয়া জন পি চণ্ডাৰছকহে গুলীয়াই হত্যা কৰিছিল। উল্লেখ্য যে ব্ৰিটিছে জন পি চণ্ডাৰছকৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ বাবে ব্যাপক তালাচী চলোৱাৰ পিছতো গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় আইন সভাত ১৯২৯ চনৰ ৮ এপ্ৰিল তাৰিখে ট্ৰেডছ ডিছপিউটছ বিল’ গৃহীত কৰে ব্ৰিটিছ চৰকাৰে। যাৰ বাবে আইন সভাত পাব্লিক ছেফটি বিল’উত্থাপনৰ পূৰ্বে দৰ্শকৰ গ্যালাৰিৰ পৰা ভগৎ সিং আৰু বটুকেশ্বৰ দত্তই দুটি বোমা আইনসভা কক্ষত পেলাই দিছিল। অৱশ্যে বোমাৰ জৰিয়তে মানুহক হত্যা কৰাৰ পৰিৱৰ্তে শ্ৰমিক বিৰোধী ট্ৰেডছ ডিছপিউটছ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাটোহে তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল। ইতিবাচক উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই কাম হাতত লৈছিল বাবেই তেওঁলোক পলোৱা নাছিল যাৰ বাবে সহজে পুলিচে গ্ৰেপ্তাৰ কৰি ভগৎ সিং আৰু বটুকেশ্বৰ দত্তক যাৱজ্জীৱন কাৰাণ্ডৰে দণ্ডিত কৰিছিল। উল্লেখ্য যে, বোমা বিস্ফোৰণৰ এই বিচাৰ চলি থকাৰ সময়তেই পুলিচৰ হাতত ছাউণ্ডাৰ্চ হত্যাৰ লগত ভগত সিঙ জড়িত বুলি প্ৰমাণ পাই ব্ৰিটিছ চৰকাৰে। যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ লগতে লগতে সুখদেৱ,ৰাজগুৰুকে প্ৰমুখ্যে কৰি হিন্দুস্তান এছোচিয়েছনৰ আন আন সদস্যকো গ্ৰেপ্তাৰ কৰে ব্ৰিটিছ চৰকাৰে। গুৰুত্বপূৰ্ণ কথা যে স এই বিচাৰ প্ৰক্ৰিয়া সমাপন হোৱাৰ পিছত ভগত সিঙক ফাঁচী দণ্ডেৰে দণ্ডিত কৰাৰ আদেশ দিয়ে চৰকাৰে।

Read Also: বাল গংগাধৰ তিলক জীৱনী | Bal Gangadhar Tilak Biography

ফাঁচি নিদেৰ্শ পোৱাৰ পিছতো ভগত সিং আৰু সহযোগীসকলে অলপো বিচলিত নহৈ সবল মনোভাৱেৰে জেইলৰ পৰাই জনজাগৰণৰ চেষ্টা কৰিছিল। আনকি কাৰাবন্দী হৈ থকাৰ সময়তেই ভগত সিঙে ভৱিষ্যতৰ সংগ্ৰামৰ স্বাৰ্থত বিপ্লৱী কাৰ্যসূচীৰ এখন খচৰাও প্ৰস্তুত কৰি থৈ গৈছিল। পৰৱৰ্তী সময়ত ভগত সিঙক সুখদেৱ আৰু ৰাজগুৰু সহিতে ১৯৩১ চনৰ  ২৩ মাৰ্চ তাৰিখে ফাঁচী কাঠত ওলমোৱা হয়।

গুৰুত্বপূৰ্ণ কথা যে সংগ্ৰামী মনোভাৱৰ ভগত সিঙ আছিল এজন প্ৰচুৰ অধ্যয়নশীল ব্যক্তি। তেওঁ আছিল বহু কেইখন গ্ৰন্থৰ প্ৰণেতা। ভগত সিঙৰ উল্লেখযোগ্য গ্ৰন্থ সমূহ হ’ল- Why I Am an Atheist, Ideas on freedom, liberty and revolution : Jail notes of a revolutionary, Jail Diary and Other Writings, Ideas of a Nation, No Hanging ইত্যাদি।

অহিংস নীতিৰ বিপৰীতে আক্ৰোশমূলক ভাৱে ভাৰতৰ স্বাধীনতা আঁজুৰি আনিবলৈ প্ৰয়াস কৰাৰ বাবে মহাত্মা গান্ধীৰ সমৰ্থক সকলে ভগত সিঙক সমৰ্থন নকৰিলেও ভগত সিঙৰ অনুগামী সকলে তেওঁক শ্বহীদ আখ্যা দিছিল। ২৩ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়া ভগত সিঙক আদৰ্শ তথা দৃষ্টিভংগীক সমৰ্থন নকৰিলেও তেওঁৰ স্বদেশ প্ৰেমক স্বীকাৰ কৰাটো বাঞ্ছনীয়।

FAQ

  1. ভগত সিঙৰ জন্ম কেতিয়া হৈছিল?

Ans. ভগত সিঙৰ জন্ম ২৮ ছেপ্তেম্বৰ, ১৯০৭ চনত হৈছিল।

2. ভগত সিঙৰ মৃত্যু কেতিয়া হৈছিল?

Ans. ভগত সিঙৰ মৃত্যু ২৩ মাৰ্চ, ১৯৩১ চনত হৈছিল।

3. ভগত সিঙৰ পিতৃৰ নাম কি আছিল?

Ans. ভগত সিঙৰ পিতৃৰ নাম কিষাণ সিং আছিল।

4. ভগত সিঙৰ মাতৃৰ নাম কি আছিল?

Ans. ভগত সিঙৰ মাতৃৰ নাম বিদ্যাৱতী আছিল।

5. ভগত সিং কত জন্ম গ্ৰহন কৰিছিল?

Ans. ভগত সিং কালান গাঁও, লায়ালপুৰ জিলা, পঞ্জাৱ (বৰ্তমান পাকিস্তান) ত জন্ম গ্ৰহন কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top