বাল গংগাধৰ তিলক জীৱনী | Bal Gangadhar Tilak Biography

বাল গংগাধৰ তিলক | Bal Gangadhar Tilak Essay in Assamese | Biography of Bal Gangadhar Tilak in Assamese | বাল গংগাধৰ তিলক বিষয়ে জীৱনী | বাল গংগাধৰ তিলক বিষয়ে ৰচনা | বাল গংগাধৰ তিলকৰ চমু পৰিচয়।

Join Telegram channel

যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল বাল গঙ্গাধৰ তিলক। 

বৃটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনজাগৰণ সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বাল গঙ্গাধৰ তিলকে। প্ৰৱল জাতীয়তাবাদী ভাৱাসম্পন্ন নেতা বাল গঙ্গাধৰ তিলকে স্বৰাজৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল। তেওঁ ব্যক্ত কৰিছিল যে স্বৰাজ ভাৰতীয় সকলৰ জন্মগত অধিকাৰ। গতিকে ব্ৰিটিছৰ সকলৰ পৰাধীনতাৰ হাতোৰাৰ পৰা ভাৰতীয় সকলৰ স্বাধীনতাক আঁজুৰি আনিবৰ বাবে বদ্ধপৰিকৰ আছিল বাল গঙ্গাধৰ তিলক।

Bal Gangadhar Tilak

বাল গংগাধৰ তিলক জীৱনী | Bal Gangadhar Tilak Biography

নামবাল গঙ্গাধৰ তিলক (Bal Gangadhar Tilak)
প্ৰকৃত নামকেশৱ গঙ্গাধৰ তিলক
জন্ম চন২৩ জুলাই, ১৮৫৬ চন
জন্ম স্থানৰত্নগিৰী, মহাৰাষ্ট্ৰ, ভাৰত
পিতৃৰ নামগংগাধৰ শাস্ত্ৰী
মাতৃৰ নামপাৰ্বতী বাই গংগাধৰ
শিক্ষা১) ডেক্কান মহাবিদ্যালয়ৰ
২) চৰকাৰী আইন মহাবিদ্যালয়
মৃত্যু১ আগষ্ট, ১৯২০ চন

বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী বাল গঙ্গাধৰ তিলকৰ জন্ম হৈছিল ১৮৫৬ চনৰ ২৩ জুলাই তাৰিখে দক্ষিণ-পশ্চিম মহাৰাষ্ট্ৰৰ এখন সৰু উপকূলীয় চহৰ ৰত্নাগিৰীৰ এটা মধ্যবিত্ত চিতপৱন ব্ৰাহ্মণ পৰিয়ালত। বাল গঙ্গাধৰ তিলকৰ পিতৃৰ নাম হ’ল গংগাধৰ শাস্ত্ৰী আৰু মাতৃৰ নাম হ’ল- পাৰ্বতী বাই গংগাধৰ। বাল গংগাধৰ তিলকৰ পিতৃ ‌এজন সংস্কৃত পণ্ডিত হোৱাৰ সমান্তৰালকৈ এজন শিক্ষক আছিল। উল্লেখ্য যে পিতৃৰ কৰ্মসূত্ৰে পৰৱৰ্তী সময়ত পুনেলৈ স্থানান্তৰিত হয় তেওঁলোকৰ পৰিয়াল।

শৈশৱৰ পৰা অত্যন্ত ‌মেধাৱী বাল গংগাধৰ তিলক আছিল সত্যবাদী আৰু পোনপটীয়া স্বভাৱৰ। অন্যায়ৰ প্ৰতি শৈশৱৰ পৰাই অসহিষ্ণু মনোভাৱ প্ৰকাশ কৰা বাল গংগাধৰ তিলকে নিজৰ স্বতন্ত্ৰ মতামত ব্যক্ত কৰিছিল। পুনেৰ ডেক্কান মহাবিদ্যালয়ৰ পৰা ১৮৭৭ চনত সংস্কৃত আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তিলকে বোম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ (বৰ্তমান মুম্বাই) পৰা ১৮৭৯ চনত তেওঁ আইনৰ ডিগ্ৰী লাভ কৰে। আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছত পুনেৰ এখন ব্যক্তিগত বিদ্যালয়ত ইংৰাজী আৰু গণিতৰ শিক্ষক হিচাপে বৃত্তিগত জীৱন শুভাৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে। অৱশ্যে পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে মতানৈক্যৰ পৰিণতিত ত্যাগ কৰে বিদ্যালয়।

উল্লেখ্য যে, বাল গঙ্গাধৰ তিলক আছিল আধুনিক শিক্ষা লাভ কৰা ভাৰতৰ প্ৰথম প্ৰজন্মৰ যুৱকসকলৰ ভিতৰত অন্যতম। প্ৰচুৰ জাতীয়তাবাদী মনোভাৱৰ ব্যক্তি বাল গঙ্গাধৰ তিলকে ভাৰতত ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাক তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ ওপৰিও ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক ব্ৰিটিছ সকলে কৰা অসমতাপূৰ্ণ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ইয়াৰ ওপৰিও ভাৰতীয় শিক্ষা ব্যৱস্থাত ভাৰতীয় সাহিত্য-সংস্কৃতিৰ বিষয় অন্তৰ্ভুক্ত নোহোৱাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰিছিল বাল গঙ্গাধৰ তিলকে। তেওঁৰ মতে, নিজৰ অঞ্চলটোৰ বিষয়েই যদি শিক্ষা ব্যৱস্থাৰ পৰা জ্ঞান আহৰণ কৰিব নোৱাৰে তেন্তে এই শিক্ষা পৰ্যাপ্ত নহয়। শিক্ষা ব্যৱস্থাৰ এই সমূহ সীমাবদ্ধতা দূৰ কৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয়তাবাদী চিন্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে Vishnu Shastry Chiplunkar আৰু Gopal Ganesh Agarka সহযোগত ১৮৮৪ চনত ডেক্কান এডুকেচনেল ছ’চাইটি আৰম্ভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই ছ’চাইটিৰ নেতৃত্বতে ১৮৮৫ চনত post-secondary অধ্যয়নৰ বাবে Fergusson College প্ৰতিষ্ঠা কৰিছিল। উল্লেখ্য যে Fergusson College ত গণিত বিষয়ৰ শিক্ষা প্ৰদান কৰিছিল বাল গঙ্গাধৰ তিলকে। উল্লেখ্য যে ১৮৯০ চনত সক্ৰীয় ৰাজনীতিত অংশগ্ৰহণ কৰিবৰ কাৰণে ডেক্কান এডুকেচনেল ছ’চাইটি ত্যাগ কৰিছিল বাল গঙ্গাধৰ তিলকে। শৈক্ষিক ক্ষেত্ৰখন ত্যাগ কৰিয়েই পৰাধীনতাৰ হাতোৰাৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্য গণ আন্দোলনৰ সূচনা কৰিছিল বাল গঙ্গাধৰ তিলকে।

Read Also: তান্টিয়া ট’পে জীৱনী | Tatya Tope Biography

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা ভাৰতীয় স্বায়ত্তশাসনৰ বাবে জনজাগৰণ সৃষ্টি কৰি গণ আন্দোলনৰ সূচনা কৰা বাল গংগাধৰ তিলক আছিল মহাত্মা গান্ধীৰ আগৰ সময়ছোৱাত সৰ্বাধিক পৰিচিত ভাৰতীয় ৰাজনৈতিক নেতা। অতি উগ্ৰ জাতীয়তাবাদী মনোভাৱ সম্পন্ন বাল গংগাধৰ তিলকক ব্ৰিটিছ লেখক Sir Valentine Chirol ৱে The father of Indian Unrest বুলি অভিহিত কৰিছিল।

স্বদেশৰ প্ৰতি দায়বদ্ধ বাল গংগাধৰ তিলকে ১৮৯০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি সক্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰি স্ব-শাসন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মত পোষণ কৰা বাল গংগাধৰ তিলকৰ চিন্তা ধাৰা আছিল উগ্ৰ জাতীয়তাবাদী মনোভাৱ সম্পন্ন। যাৰ বাবে দলৰ মধ্যপন্থী মতামতৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁ। তেওঁ মতপোষন কৰিছিল যে ব্ৰিটিছৰ বিৰুদ্ধে অহিংস ভাৱে নৰম পন্থাৰে ভাৱে আন্দোলন কৰি থাকিলে স্বাধীনতা আঁজুৰি আনিব নোৱাৰি। যাৰ বাবে তেওঁ সেই সময়ত বিশিষ্ট কংগ্ৰেছ নেতা গোপাল কৃষ্ণ গোখলেৰ বিৰুদ্ধেও থিয় দিছিল। বাল গংগাধৰ তিলকে সশস্ত্ৰ বিদ্ৰোহ কৰি ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতা আঁজুৰি আনিব বিচাৰিছিল। লৰ্ড কাৰ্জনৰ দ্বাৰা বংগ বিভাজনৰ পিছত তিলকে  ব্ৰিটিছ সামগ্ৰী বৰ্জনক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰিছিল যদিও তেওঁ উগ্ৰ জাতীয়তাবাদী চিন্তাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰত বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। উল্লেখ্য যে দৃষ্টিভংগীৰ মৌলিক পাৰ্থক্যৰ বাবেই বাল গংগাধৰ তিলক আৰু তেওঁৰ সমৰ্থকসকল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ উগ্ৰবাদী শাখা হিচাপে পৰিচিত হৈ পৰিছিল। বাল গংগাধৰ তিলকৰ এই চিন্তাধাৰাক সমৰ্থন জনাইছিল বংগৰ বিপিন চন্দ্ৰ পাল আৰু পঞ্জাৱৰ লালা লাজপট ৰায়ে। যাৰ বাবে ভাৰতৰ ৰাজনীতিত এই তিনিজন ব্যক্তিক লাল-বল-পাল বুলি অভিহিত কৰা হয়। গুৰুত্বপূৰ্ণ কথা যে ১৯০৭ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জাতীয় অধিবেশনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মধ্যপন্থী আৰু উগ্ৰপন্থী শ্ৰেণীৰ মাজত এক ব্যাপক মতাদৰ্শগত পাৰ্থক্যই গা কৰি উঠে। যাৰ ফলত কংগ্ৰেছ দুটা ফৈদত বিভক্ত হয়।

গুৰুত্বপূৰ্ণ কথা যে ১৮৯৭ চনৰ ২২ জুনত Commissioner Rand আৰু আন এজন ব্ৰিটিছ বিষয়াক Chapekar ৰ ভাতৃদ্বয় আৰু তেওঁলোকৰ আন আন সহযোগী সকলে গুলীয়াই হত্যা কৰিছিল। হয় Barbara আৰু Thomas R. Metcalf ৰ মতে জ্ঞাত হোৱাৰ পিছতো অপৰাধীৰ পৰিচয় লুকুৱাই ৰখাত সহায় কৰিছিল বাল গঙ্গাধৰ তিলকে। যাৰ বাবে তেখেতক হত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত ১৮ মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ব্ৰিটিছ চৰকাৰে। উল্লেখ্য যে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত জনসাধাৰণে বাল গংগাধৰ তিলকক লোকমান্য উপাধি ৰাইজৰ ‌নেতা হিচাপে অভিহিত কৰিছিল। 

এইসমূহৰ ওপৰিও বাল গংগাধৰ তিলকক মহা মানৱ মহাত্মা গান্ধীয়ে আধুনিক ভাৰতৰ পিতৃ হিচাপে অভিহিত কৰাৰ বিপৰীতে পণ্ডিত জৱাহৰলাল নেহৰুৱে Father of Indian Revolution হিচাপে অভিহিত কৰিছিল।

বাল গংগাধৰ তিলকে ১৮৮০–১৮৮১ চনত Gopal Ganesh Agarkar ক প্ৰথম সম্পাদক হিচাপে লৈ মাৰাঠী ভাষাত Kesari আৰু ইংৰাজী ভাষাত Mahratta নামেৰে দুখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল। কাকতৰ মাধ্যমেৰে জনজাগৰণ কৰিবলৈ চেষ্টা কৰা কৰিছিল বাল গঙ্গাধৰ তিলকে। উল্লেখ্য যে  তিলকৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা মাৰাঠী ভাষাৰ  Kesari নামৰ কাকত খন পৰৱৰ্তী সময়ত দৈনিক কাকতলৈ ৰূপান্তৰিত হৈছিল। একেধাৰে ৰাজনীতিবিদ, শিক্ষাবিদ বাল গংগাধৰ তিলকে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থ হ’ল Shrimadh Bhagvad Gita Rahasya আৰু Arctic Home of the Vedas.

১৮৯৪ চনত বাল গংগাধৰ তিলকে গণেশ পূজাক ৰাজহুৱা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮৯৫ চনত মাৰাঠী সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ জন্ম জয়ন্তী “শিৱ জয়ন্তী” উদযাপনৰ বাবে শ্ৰী শিৱাজী পুঁজি সমিতি গঠন কৰিছিল তেওঁ। ঔপনিৱেশিক শাসনৰ বিৰোধী শিক্ষিত অভিজাত শ্ৰেণীৰ বৃত্তৰ বাহিৰত জাতীয় মনোভাৱ গঢ়ি তুলিবলৈ গণপতি উৎসৱ, শিৱাজী জয়ন্তীৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰিছিল বাল গঙ্গাধৰ তিলকে। কিন্তু ই হিন্দু-মুছলমানৰ মাজতো মতানৈক্য আৰু অধিক ভয়াৱহ কৰি তুলিছিল। 

গুৰুত্বপূৰ্ণ কথা যে, বাল গংগাধৰ তিলক জাতীয় জাগৰণৰ বৃহত্তৰ কামত নিজকে নিয়োজিত বাল গংগাধৰ তিলক আছিল এজন সমাজ সংস্কাৰকো।  নাৰী শিক্ষা আৰু নাৰী সবলীকৰণৰ কাৰণে পোষকতা কৰা বাল গংগাধৰ তিলকে   কন্যাক পঢ়া-শুনা সুবিধা কৰি দিয়াৰ ওপৰিও উপযুক্ত বয়সতে বিয়া দিছিল।

আধুনিক ভাৰতবৰ্ষ গঠন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাল গংগাধৰ তিলক আছিল এজন দাৰ্শনিক-ৰাজনীতিবিদ।  ব্ৰিটিছৰ অপমান আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিজন ভাৰতীয়ক সচেতন কৰি তুলি স্বৰাজ আৰু স্বদেশী ধাৰণা জনতাৰ মাজত বিয়পাই দিবলৈ যত্ন কৰিছিল তেওঁ। স্বৰাজৰ প্ৰবল অনুগামী বাল গংগাধৰ তিলকৰ মৃত্যু হয় ১৯২০ চনৰ ১ আগষ্ট তাৰিখে।

FAQ

১) বাল গংগাধৰ তিলকৰ প্ৰকৃত নাম কি?

উত্তৰ- বাল গংগাধৰ তিলকৰ প্ৰকৃত নাম হ’ল-কেশৱ গঙ্গাধৰ তিলক।

২) বাল গংগাধৰ তিলকক ‘The Father of Indian Unrest’ বুলি কিয় কোৱা হয়?

উত্তৰ- অতি উগ্ৰ জাতীয়তাবাদী মনোভাৱ সম্পন্ন  ব্ৰিটিছ লেখক Sir Valentine Chirol ৱে বাল গংগাধৰ তিলকক The father of Indian Unrest বুলি অভিহিত কৰিছিল। বাল গংগাধৰ তিলকে মতপোষন কৰিছিল যে ব্ৰিটিছৰ বিৰুদ্ধে অহিংস ভাৱে নৰম পন্থাৰে ভাৱে আন্দোলন কৰি থাকিলে স্বাধীনতা আঁজুৰি আনিব নোৱাৰি।

৩) বাল গংগাধৰ তিলকৰ জন্ম ক’ত হৈছিল?

উত্তৰ- গঙ্গাধৰ তিলকৰ জন্ম হৈছিল ১৮৫৬ চনৰ ২৩ জুলাই তাৰিখে দক্ষিণ-পশ্চিম মহাৰাষ্ট্ৰৰ এখন সৰু উপকূলীয় চহৰ ৰত্নাগিৰীৰ এটা মধ্যবিত্ত চিতপৱন ব্ৰাহ্মণ পৰিয়ালত।

৪) বাল গংগাধৰ তিলকৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- বাল গঙ্গাধৰ তিলকৰ পিতৃৰ নাম হ’ল গংগাধৰ শাস্ত্ৰী আৰু মাতৃৰ নাম হ’ল- পাৰ্বতী বাই গংগাধৰ। 

৫) বাল গংগাধৰ তিলকে কেতিয়া ইহলীলা সম্বৰণ কৰে?

উত্তৰ- বাল গংগাধৰ তিলকে ইহলীলা সম্বৰণ কৰে ১৯২০ চনৰ ১ আগষ্ট তাৰিখে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top