তান্টিয়া ট’পে জীৱনী | Tatya Tope Biography

তান্টিয়া ট’পে | Tatya Tope Essay in Assamese | Biography of Tatya Tope in Assamese | তান্টিয়া ট’পে বিষয়ে জীৱনী | তান্টিয়া ট’পে বিষয়ে ৰচনা | তান্টিয়া ট’পেৰ চমু পৰিচয়।

Join Telegram channel

ব্ৰিটিছে ভাৰতবৰ্ষ দখল কৰাৰ পৰৱৰ্তী সময়ত ভাৰতৰ অধিকাংশ ব্যক্তিয়ে ভাৰতবৰ্ষক ব্ৰিটিছৰ দখলৰ পৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। ইংৰাজ কবলৰ পৰা ভাৰতক মুকলি কৰিবলৈ প্ৰথমখন স্বাধীনতা সংগ্ৰামৰ সূচনা হৈছূ ১৮৫৭ চনত।

এই স্বাধীনতা সংগ্ৰামৰ সময়ত ভাৰতৰ বহুকেইখন ৰাজ্যৰ ৰজাসকলে ব্ৰিটিছৰ সৈতে সাহসেৰে মুখামুখি হৈছিল। তান্টিয়া ট’পে, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডেৰ দৰে লোকে এই স্বাধীনতা সংগ্ৰামখন সফল কৰাৰ বাবে সকলো শক্তি প্ৰয়োগ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তান্টিয়া ট’প হ’ল এটা উল্লেখযোগ্য নাম। ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ‌প্ৰথমখন স্বাধীনতা সংগ্ৰাম তথা চিপাহী বিদ্ৰোহৰ অন্যতম উল্লেখযোগ্য নেতা হ’ল তান্টিয়া ট’পে। আনুষ্ঠানিক সামৰিক প্ৰশিক্ষণৰ অভাৱৰ পিছতো তান্টিয়া ট’পেক এজন অন্যতম শ্ৰেষ্ঠ বিদ্ৰোহী জেনেৰেল হিচাপে গণ্য কৰা হয়। গুৰুত্বপূৰ্ণ কথা যে, তান্টিয়া ট’পেই যে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰালকৈ ঝাঁচীৰ ৰাণী লক্ষ্মীবাইকে ধৰি বহুজনক সবল ভাৱে ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে শক্তিশালী ভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল।

Tatya Tope

তান্টিয়া ট’পে জীৱনী | Tatya Tope Biography

নামতান্টিয়া ট’পে (Tatya Tope)
প্ৰকৃত নামৰামচন্দ্ৰ পাণ্ডুৰাং ট’পে
জন্ম চন১৪ ফ্ৰেব্ৰুৱাৰী, ১৮১৪ খ্ৰীষ্টাব্দ
জন্ম স্থানয়েভেলা গাওঁ, নাছিক, মহাৰাষ্ট্ৰ
পিতৃৰ নামপাণ্ডুৰাং ত্ৰিম্বক
মাতৃৰ নামৰুক্মিণী বাই
মৃত্যু১৮ এপ্ৰিল, ১৮৫৯ চন

মহাৰাষ্ট্ৰৰ নাছিকৰ সমীপৱৰ্তী য়েভালা নামৰ এখন গাঁৱৰ এটা মাৰাঠী ব্ৰাহ্মণ পৰিয়ালত ১৮১৪ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে জন্ম হৈছিল দেশপ্ৰেমৰ এক জলন্ত প্ৰতিভু স্বৰূপ তান্টিয়া ট’পেৰ। তেওঁৰ পিতৃৰ নাম হ’ল- পাণ্ডুৰাং ত্ৰিম্বক আৰু মাতৃৰ নাম হ’ল- ৰুক্মিণী বাই। আঠজন ভাই-ভনীৰ মাজত সকলোতকৈ জেষ্ঠ তান্টিয়া ট’পেৰ প্ৰকৃত নাম হ’ল ৰামচন্দ্ৰ পাণ্ডুৰাং ট’পে।

তান্টিয়া ট’পেৰ পিতৃ ‌পাণ্ডুৰাং ত্ৰিম্বক‌ কৰ্মসূত্ৰে আছিল বাজিৰাও (দ্বিতীয়) গৃহকৰ্মীসকলৰ ভিতৰত অন্যতম আছিল। পাণ্ডুৰাং ত্ৰিম্বক‌ আছিল বাজিৰাওৰ প্ৰতি এজন আনুগত্যশীল কৰ্মী। যাৰ বাবে বাজিৰাওক ১৯১৮ চনত ইংৰাজে কানপুৰৰ ওচৰৰ বিথুৰলৈ নিৰ্বাসন দিয়াত পাণ্ডুৰাং ত্ৰিম্বকো বিথুৰলৈ যাত্ৰা কৰে। এই সময়ত তান্টিয়া ট’পেৰ বয়স আছিল মাত্ৰ চাৰি বছৰ। বিথুৰত তান্টিয়া ট’পে নানা চাহেবৰ সৈতে ডাঙৰ দীঘল হৈছিল। শৈশৱটো একেলগে অতিবাহিত কৰাৰ বাবেই তান্টিয়া ট’পে আৰু নানা চাহেবৰ মাজত আছিল অকৃত্ৰিম আন্তৰিকতা। এক কথাত তান্টিয়া ট’পে আছিল নানা চাহেবৰ সোঁ হাত স্বৰূপ।

গুৰুত্বপূৰ্ণ কথা যে, তান্টিয়া ট’পেই ইণ্ডিয়া কোম্পানীৰ অধীনত বংগ সেনাৰ আৰ্টিলাৰী ৰেজিমেণ্টতো সেৱা আগবঢ়াইছিল যদিও স্বাধীন আৰু স্বাভিমানী তান্টিয়া বাবে ব্ৰিটিছৰ অধীনত কাম অসহ্যকৰ আৰু অস্বস্তিকৰ আছিল। যাৰ বাবে ব্ৰিটিছৰ অধীনত কৰি থকা কামৰ পৰা পদত্যাগ কৰিছিল তেওঁ। 

বাজিৰাও (দ্বিতীয়) অকাল মৃত্যুৰ পিছত গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিৰ নেতৃত্বত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভৱিষ্যতৰ শাসক তোলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই স্বত্ব বিলোপ নীতিৰ জৰিয়তে নানা চাহেবৰ পৰিয়ালক পেঞ্চন দিয়া বন্ধ কৰি দিলে আৰু তেওঁৰ শাসন কাঢ়ি লৈ গ’ল। এই সময়তেই ব্ৰিটিছৰ এই সিদ্ধান্তত নানা চাহেব আৰু তান্টিয়া ট’পেই অতিশয় ক্ষুব্ধ হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধৰ কৌশল ৰচনা কৰিবলৈ ধৰিলে। গুৰুত্বপূৰ্ণ কথা যে, সৰুৱে পৰা বন্দুক আৰু তৰোৱাল ব্যৱহাৰ শিকাৰ সমান্তৰালকৈ এজন পাকৈত ঘোঁৰা চালক তান্টিয়া ট’পেই নানা চাহেবৰ লগত ১৮৫৭ চনত যেতিয়া দেশত প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল তাত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে, তান্টিয়া ট’পেই ১৮৫৭ চনৰ মে’ মাহত  ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতীয় সৈন্যৰ মুখ্য সেনাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল। আকৰ্ষণীয় গেৰিলা যোদ্ধা কৃতিত্বৰে সামৰিক সংঘৰ্ষত বিজয় লাভ কৰিছিল তেওঁ।

পৰৱৰ্তী সময়ত তেওঁ নিজৰ মুখ্য কাৰ্যালয় Kalpi লৈ স্থানান্তৰিত কৰি ৰাণী লক্ষ্মী বাইৰ সহযোগত গোৱালিয়ৰ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু নিজৰ স্থান সুৰক্ষিত কৰাৰ আগতেই General Ros হাতত পৰাস্ত হয় তেওঁলোক আৰু ১৮৫৮ চনৰ ১৮ জুনত গোৱালিয়ৰৰ Kotah-ki-Serai শ্বহীদ হয় স্বাভীমানী‌‌ দেশপ্ৰেমিক ৰাণী লক্ষ্মীবাই। ৰাণী লক্ষ্মীবাই শ্বহীদ বৰণ কৰা উক্ত সময়খিনিয়েই আছিল তান্টিয়া ট’পেৰ জীৱনৰ অতিকে দূৰ্ভাগ্যজনক সময়। ইয়াৰ পৰৱৰ্তী সময়ত তান্টিয়া ট’পেই  নিজৰ কুখ্যাত গেৰিলা কৌশলেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল। গেৰিলা যোদ্ধা হিচাপে তেওঁৰ সফলতাই তেওঁক বিশ্বৰ অন্যতম উল্লেখযোগ্য সামৰিক নেতা হিচাপে পৰিগণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংগঠিত শক্তি আৰু দক্ষ গেৰিলা যুঁজাৰু হিচাপে গণ্য কৰা তান্টিয়া ট’পেক ব্ৰিটিছসকলে অহৰহ খেদি ফুৰিছিল। তান্টিয়া ট’পেৰ গেৰিলা কৌশলে  ব্ৰিটিছ জেনেৰেল আৰু সেনাপতিসকলক বিমোৰত পেলোৱাই নহয়, বোকা পানী খুৱাইছিল।

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তান্টিয়া টোপেৰ শৌৰ্য্য আৰু সাহসে আজিও ভাৰতীয়সকলক অনুপ্ৰাণিত কৰি আহিছে। ১৮৫৭ চনৰ ৫ জুনত Cawnpore ত বিদ্ৰোহৰ সূচনা হোৱা পিছত নানা চাহেব বিদ্ৰোহীসকলৰ নেতালৈ পৰিণত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৫৭ চনৰ ২৫ জুনত ব্ৰিটিছ বাহিনীয়ে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পন কৰাৰ পিছত Satichaura ঘাটত ব্ৰিটিছ বাহিনীক হত্যা কৰিছিল নানা চাহেবৰ বাহিনীয়ে। জুন মাহৰ ‌শেষৰ ফালে নানা চাহেবক Peshwa হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত General Havelock নানা চাহেবৰ সৈতে দুবাৰকৈ যুদ্ধত লিপ্ত হোৱাৰ পিছত তৃতীয় বাৰ পৰাজিত হৈছিল নানা চাহেব। পৰাজিত হোৱাৰ পিছত নানা চাহেবে বন্দীসকলক ব্যৱহাৰ কৰি ব্ৰিটিছৰ সৈতে আলোচনা কৰিবলৈ সন্মত হয়। কিন্তু আলোচনা বিফল হোৱাৰ পিছত ১৫ জুলাইত বিবিঘৰত কাৰাবন্দী হৈ থকা মহিলা আৰু শিশুসকলক হত্যাৰ নিৰ্দেশ দিয়া হয়। অৱশ্যে হত্যাৰ কোনে নিদেৰ্শ দিছিল এই বিষয়ে জ্ঞাত নহ’লেও তান্টিয়া টপেই এই নিৰ্দেশ দিয়া বুলি সন্দেহ কৰা হয়।

Read Also: জয় বৰুৱা জীৱনী | Joi barua Biography

ইয়াৰ পৰৱৰ্তী সময়ৰ পৰা গেৰিলা কৌশলেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছিল তান্টিয়া ট’পেই। গেৰিলা কৌশল অব্যাহত ৰখাৰ সময়তেই Narwar ৰজা মানসিংহক লগ পাইছিল তান্টিয়া ট’পেই। খুব কম সময়ৰ ভিতৰতেই মানসিংহ আৰু তান্টিয়া ট’পেৰ মাজত বন্ধুত্ব সম্পৰ্ক গঢ় লৈ উঠিছিল। গুৰুত্বপূৰ্ণ কথা যে মান সিংহ আৰু গোৱালিয়ৰ ৰজাৰ মাজত কুটনৈতিক সংঘাত আছিল। যাৰ বাবে ইংৰাজে গোৱালিয়ৰ ৰজাৰ পৰা মান সিংসক সুৰক্ষা দিয়াৰ বিনিময়ত তান্টিয়া ট’পেক গতাই দিবলৈ বাধ্য কৰাইছিল। নিকটতম বন্ধু মান সিংসৰ প্ৰতাৰণাৰ বাবেই ১৮৫৯ চনৰ ৭ এপ্ৰিলত ব্ৰিটিছ সেনাৰ ওচৰত বন্দী হয় তান্টিয়া ট’পে। ব্ৰিটিছ সেনাৰ ওচৰত বন্দী হোৱাৰ পাছত তান্টিয়া ট’পেই সাহসেৰে নিজৰ কাৰ্য স্বীকাৰ কৰাৰ লগতে আক্ষেপ বিহীন ভাৱে দাবী কৰিছিল যে কেৱলমাত্ৰ ভাৰতক ব্ৰিটিছৰ পৰা মুক্ত কৰাৰ বাবেহে এইসমূহ পদক্ষেপ গ্ৰহণ কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তান্টিয়া ট’পেক ১৮৫৯ চনৰ ১৮ এপ্ৰিলত ব্ৰিটিছে ফাঁচ দণ্ডেৰে দণ্ডিত কৰে । গুৰুত্বপূৰ্ণ কথা যে, শেষৰ সময়লৈকে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামত অৱতীৰ্ণ হৈছিল তান্টিয়া ট’পেই।

উল্লেখ্য যে কানপুৰৰ এখন উদ্যান নানা ৰাও পাৰ্কত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰীয় অংশগ্ৰহণ কৰা বিখ্যাত নমস্য ব্যক্তিসকলৰ লগতে তান্টিয়া ট’পেৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। ইয়াৰ ওপৰিও তান্টিয়া ট’পেৰ সন্মান ৰক্ষাৰ্থে তেওঁৰ আন এক প্ৰতি মূৰ্তি মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ য়েভেলাত স্থাপন কৰা হৈছে। 

ইয়াৰ ওপৰিও তান্টিয়া ট’পেৰ সন্মান ৰক্ষাৰ্থে  তদানীন্তন কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী মহেশ শৰ্মাই  ২০১৬ চনত ২০০ টকা মূল্যৰ এটা স্মৃতি মুদ্ৰা আৰু ১০ টকা মুদ্ৰা প্ৰচলন কৰিছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তান্টিয়া ট’পেৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা প্ৰথম স্বাধীনতা সংগ্ৰামৰ এজন শক্তিশালী এজন যোদ্ধা আছিল তান্টিয়া ট’পে।  ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি যোৱা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তান্টিয়া ট’পেৰ সাহস সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকি যাব। এক কথাত তান্টিয়া ট’পে হ’ল দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক গৌৰৱময় উদাহৰণ। তেওঁ হ’ল সমগ্ৰ দেশৰ জনতাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ নাম  ভাৰতৰ ইতিহাসত সোণালী আখৰত সদায় লিপিবদ্ধ হৈ থকাৰ লগতে  প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত সজীৱ হৈ থাকিব।

FAQ

১) তান্টিয়া ট’পেৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ- ১৮১৪ খ্ৰীষ্টাব্দৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ য়েভেলা গাওঁত জন্ম হৈছিল তান্টিয়া ট’পেৰ।

২) তান্টিয়া ট’পেৰ প্ৰকৃত নাম কি?

উত্তৰ- তান্টিয়া ট’পেৰ প্ৰকৃত নাম-  ৰামচন্দ্ৰ পাণ্ডুৰাং ট’পে।

৩) ভাৰতৰ স্বাধীনতা সংগ্ৰামত তান্টিয়া ট’পেৰ অৱদান কি?

উত্তৰ- বিট্ৰিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ ক্ষেত্ৰত তান্টিয়া ট’পেৰ অৱদান আছিল অনস্বীকাৰ্য। তান্টিয়া ট’পেই  নিজৰ কুখ্যাত গেৰিলা কৌশলেৰে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল।  সংগঠিত শক্তি আৰু দক্ষ গেৰিলা যুঁজাৰু হিচাপে গণ্য কৰা তান্টিয়া ট’পেক ব্ৰিটিছসকলে অহৰহ খেদি ফুৰিলেও নিজৰ কৌশলৰ জৰিয়তে ৰাইজক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ।

৪) তান্টিয়া ট’পেক কোনে বিশ্বাসঘাটকতা কৰিছিল?

উত্তৰ- তান্টিয়া ট’পেৰ নিকটতম বন্ধু মান সিংহই তেওঁক বিশ্বাসঘাটকতা কৰিছিল। কাৰণ মান সিংহ আৰু গোৱালিয়ৰ ৰজাৰ মাজত কুটনৈতিক সংঘাত আছিল। যাৰ বাবে ইংৰাজে গোৱালিয়ৰ ৰজাৰ পৰা মান সিংসক সুৰক্ষা দিয়াৰ বিনিময়ত তান্টিয়া ট’পেক গতাই দিবলৈ বাধ্য কৰাইছিল। নিকটতম বন্ধু মান সিংসৰ প্ৰতাৰণাৰ বাবেই ১৮৫৯ চনৰ ৭ এপ্ৰিলত ব্ৰিটিছ সেনাৰ ওচৰত বন্দী হয় তান্টিয়া ট’পে আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক ১৮৫৯ চনৰ ১৮ এপ্ৰিলত ব্ৰিটিছে ফাঁচ দণ্ডেৰে দণ্ডিত কৰে।

৫) তান্টিয়া ট’পেৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ- তান্টিয়া ট’পেৰ পিতৃৰ নাম হ’ল- পাণ্ডুৰাং ত্ৰিম্বক আৰু মাতৃৰ নাম হ’ল- ৰুক্মিণী বাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top